চিনেমাশিল্প-কলা-সংস্কৃতি

গোমা আকাশৰ সিপাৰে কি আছে‌‌? ।। কিশোৰ শৰ্মা

অর্থবহ চলচ্চিত্ৰৰ দৰ্শকসকলক মাজিদ মাজিদিৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। তথাপি এই সুযোগতে আমি তেওঁৰ পৰিচালনা কৰা Children of heaven, The Song of Sparrow, Buran, The Willow Tree আদিৰ নাম স্মৰণ কৰিবলৈ ভাল পাম। সমান্তৰাল চিনেমাৰ আদব-কায়দাৰে চলচ্চিত্ৰ সমূহক অৰ্থবহ কৰাত কাজি, ইৰাণৰ পৰিচালক মাজিদ মাজিদিয়ে ভাৰতৰ পটভূমিত নিৰ্মাণ কৰা অন্যতম চলচ্চিত্ৰ Beyond The cloud ৰ কিছু দিশ ইয়াত সামৰি লোৱাৰ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে।

Beyond The Clouds ভাৰতৰ মুম্বাইৰ পটভূমিত ৰচনা কৰা মাজিদ মাজিদিৰ এখন অনবদ্য চিনেমা। ইয়াৰ কাহিনী মূলত এজন সাধাৰণ ড্ৰাগছ সৰবৰাহকাৰী আমিৰৰ (ইশান খট্টৰ)। আমিৰৰ জীৱনটো চলাই নিয়াৰ তাগিদাত যি যি পৰিস্থিতি উদ্ভৱ হৈছে তাক মোকাবিলা কৰিবলৈ যাওঁতে তাৰ বিভিন্ন আশা আকাঙ্খা, আশা নিৰাশা, ঘাট প্ৰতিঘাট, ক্ৰূৰ অক্ৰূৰ মানুহৰ গাত থাকিব পৰা সকলোবোৰ গুণ দোষৰ মাজেৰে কাহিনী আগবঢ়াই নি আমিৰক মানবীয় গুণেৰে উদ্ভাসিত কৰিছে। অকল আমিৰে নহয় তেওঁৰ বায়েক তাৰা (মালবিকা মোহানন), তাৰাৰ সহকৰ্মী অক্ষি (গৌতম ঘোষ), তাৰাই জেলত লগ পোৱা এজনী মাতৃ (তনিষ্ঠা চেটাৰ্জী) সকলোৱে বিভিন্ন পৰিস্থিতিত ভুল কৰিছে বা অপৰাধ কৰিছে, কেৱল শিশু চৰিত্ৰ কেইটাক বাদ দি, যেনে অক্ষিৰ দুই কন্যা, জেলত তাৰাই লগ পোৱা চট্টু। কিন্তু পৰিস্থিতিৰ দাসত সৃষ্টি হোৱা এই অপৰাধী সকলৰ ভিতৰত থকা মানবীয় জগতখনক Beyond the clouds ত পোহৰ পেলোৱা হৈছে। তদুপৰি এই অপৰাধী সৃষ্টিৰ কাৰখানাটো যে এই সমাজ ব্যৱস্থাটোৱে তাৰো এই চলচ্চিত্ৰখনত ইংগিত আছে৷ মাজিদিয়ে এই চলচ্চিত্ৰখনৰ যোগেদি ডাৱৰে আবৰা অথচ সম্ভাৱনা লুকাই থকা আকাশখনকে আমাক পৰিচয় কৰি দিবলৈ ওলাইছে। যিখন আকাশে আমাৰ মন প্ৰাণ সজীৱ কৰে৷ লগতে সামাজিক পৰিস্থিতিয়ে দেৱ শিশুসকল কিদৰে এখন অপৰাধৰ জগতলৈ নিক্ষেপ কৰে তাক ইয়াত অতি প্ৰাঞ্জলতাৰে প্ৰকাশ কৰিছে৷

চলচ্চিত্ৰখনৰ আৰম্ভ হৈছে Static, Long Shot এটাৰে।এই শ্বটটোত ব্যক্তিগত চাৰিচকীয়া গাড়ীবোৰ অবিৰামভাৱে অহা যোৱা কৰি থকা ব্ৰীজৰ ওপৰৰ ৰাস্তাটোৰ সিপাৰে JIO ৰ এখন প্ৰকাণ্ড হৰ্ডিং দেখা গৈছে। সাধাৰণতে টকা সংগ্ৰহৰ বাবে কিছুমান চলচ্চিত্ৰত কৌশলেৰে কিছুমান সামগ্ৰীৰ এনে ধৰণৰ সস্তীয়া বিজ্ঞাপন দেখা যায়। কিন্তু মাজিদিয়ে এই ধৰণৰ সস্তীয়া কাম কৰিব কৰিব বুলি পতিয়ন যোৱা নাযায়। কাৰণ মাজিদি সমান্তৰাল চলচ্চিত্ৰ বুলি যিটো ধাৰাৰ সৈতে জড়িত সেই ধাৰাই কেতিয়াও এই ধৰণৰ কলাৰ বিপৰীতে যোৱা কামক প্ৰশ্ৰয় নিদিয়ে।

তেন্তে ইয়াৰ কাৰণ কি হব পাৰে!

এই শ্বটটোত আমি দেখো ঠিক JIO ৰ হৰ্ডিংখনৰ তলতে আমিৰে বিলাসী গাড়ী এখনৰ পৰা কিবা এপদ সামগ্ৰীলৈ দৌৰি দৌৰি ব্ৰীজৰ তললৈ নামি আহিছে। এইবাৰৰ শ্বটত ব্ৰীজৰ তলৰ জগতখন। কিছুমান মানুহে ব্ৰীজখনক মূৰৰ ওপৰৰ চালি কৰি জীৱন যাপন কৰিছে। ব্ৰীজখনৰ তলৰ ৰাস্তাটোৰ দুয়োফালে দুডাল প্ৰকাণ্ড পাইপ৷ এই ৰাস্তাটো মূল চহৰখনলৈ গুচি গৈছে৷ আমিৰে আহি আগৰে পৰা ৰাস্তাটোত বাইকত ৰৈ থকা তেওঁৰ ডেকা বন্ধু অনিলৰ লগত চহৰৰ ফালে যাত্ৰা আৰম্ভ কৰিছে। আমিৰক উল্লাসিত দেখা গৈছে৷

এই এষ্টাব্লিচিং শ্বটটোৰ দ্বাৰা মাজিদ মাজিদিয়ে কৈ দিব বিচাৰিছে যে চলচ্চিত্ৰখনৰ কাহিনী মুম্বাইৰ এটা প্ৰান্তীয় অঞ্চলৰ, যি অঞ্চল মূল চহৰৰ পৰা বহু দূৰত, মুম্বাই বুলি ক’লে যিখন চহৰৰ কথা সততে মনলৈ আহে সেইখন চহৰ ইয়াত অনুপস্থিত৷ ইয়াৰ পিছৰ দৃশ্যাংশত আমি গম পাওঁ যে আমিৰে বিলাসী গাড়ীৰ পৰা সংগ্ৰহ কৰা সামগ্ৰীখিনি হ’ল ড্ৰাগ্ছ৷

এইখিনিতে JIO ৰ হডিংৰ প্ৰসংগটোত এবাৰ ভুমুকিয়াই চোৱা হওঁক৷ JIO ৰ মানে হ’ল Joint Implementation of Opportunities। কিন্তু এই প্ৰান্তীয় সমাজখনলৈ Opportunities কি আহে। তথাকথিত অসামাজিক কাম কৰাৰ সুযোগ। এইবোৰ কাম এওঁলোকৰ হাতত অৰ্পণ কৰি অভিজাত শ্ৰেণী আৰু মধ্যভোগী সকলে নিৰাপদ আড়ম্বৰ জীৱন যাপন কৰে। যত মান অথন্তৰ ঘটি হাৰাশাস্তিৰ সন্মুখীন হয় এই প্ৰান্তীয় শ্ৰেণীটো আৰু অপৰাধীৰ ছাপ মাৰি এওঁলোকক লাঞ্চনা কৰা হয়, পোতাশালত নিক্ষেপ কৰা হয়৷ মুম্বাইক JIO Movement Join কৰাৰ যি আহ্বান দিয়া হৈছে তাত যেন মুম্বাইৰ বৃহৎ প্ৰান্তীয় গোটটো নাই,যাক এটা প্ৰকৃততে সুযোগৰ প্ৰয়োজন৷ এই শ্বটয্যটো এই কথাবোৰৰ দ্যোতনা।

পৰৱৰ্তী সময়ত দেখা গ’ল আমিৰে অনিলৰ সৈতে বিভিন্ন ঠাইত ড্ৰাগ্ছ বিলি কৰি আছে৷ এই কাৰ্য নিশ্চিতভাৱে অনৈতিক আৰু অপৰাধ৷ কিন্তু এইখন এখন বৃহৎ বজাৰ৷ এই বজাৰ যিয়ে চলাই আছে, যাৰ দ্বাৰা এইবোৰ নিয়ন্ত্ৰণ হৈ আছে, কোটি কোটি টকা ঘটি আছে তেওঁলোক অদৃশ্যমান৷ দৃশ্যমান কেৱল আমিৰ, অনিলহঁতৰ দৰে কেইটামান সৰবৰাহকাৰী৷ এওঁলোককে মূল অপৰাধী বুলি চিনাক্ত কৰি “এনকাউণ্টাৰ” কৰা হয়, গুলীয়াই ঘূণীয়া কৰা হয়, যন্ত্ৰণা দিবলৈ পোতাশাল আছেই৷

থূলমূলকৈ কাহিনীটোত আলোকপাত কৰা যাওঁক-

আগতে কৈ অহা হৈছে আমিৰ ড্ৰাগ্ছ সৰবৰাহকাৰী৷ আমিৰে ড্ৰাগ্ছ সৰবৰাহ কৰি পাবলগীয়া টকা আদায় পোৱা নাই৷ টকাৰ কাৰণে কথাৰ কটাকটি হোৱাৰ বাবে আমিৰহঁতক পুলিচৰ দ্বাৰা হাৰাশাস্তি কৰোৱাৰ কাৰণে আমিৰৰ আন এজন বন্ধু চানিৰ দ্বাৰা পুলিচক খবৰ দিয়াইছে৷ পুলিচৰ পৰা হাত সাৰিবলৈ আমিৰ পলাই গৈ উপস্থিত হয় এটা “ধোবী ঘাট”ত৷ য’ত আমিৰৰ বায়েক তাৰাই কাম কৰে৷ পুলিচৰ পৰা হাত সাৰিবলৈ তাৰ হাতত থকা ড্ৰাগ্ছখিনি বায়েকক দি দিয়ে আৰু বায়েকৰ সহকৰ্মী অক্ষিৰ উপস্থিত বুদ্ধিৰ বাবে পুলিচৰ পৰা হাত সাৰে৷ ধুবলৈ অনা কাপোৰেৰে আমিৰক অক্ষিয়ে ঢাকি দিয়ে৷ তাৰাই আমিৰক তাইৰ ঘৰলৈ লৈ যায়৷ তাৰাই অতি কষ্টৰে এটা ঘৰ কিনিছে৷ তাৰাৰ ঘৰত আমিৰৰ ঘৰৰ লগত হোৱা তাৰাৰ কথোপকথনৰ পৰা গম পোৱা যায় যে তাৰাই এজন মদাহীৰ লগত বিয়া হৈছিল৷ মদাহীজনে অকল তাৰাকে নহয় আমিৰকো শাৰীৰিক অত্যাচাৰ কৰিছিল৷ যাৰ বাবে আমিৰ আৰু তাৰা বিচ্ছিন্ন হৈছিল৷

তাৰাই আগদিনা এৰি অহা আমিৰৰ ড্ৰাগ্ছখিনি আনিবলৈ ধোবী ঘাটলৈ গৈ কোনোবা এজনৰ লগত শাৰীৰিক সম্পৰ্ক কৰোতে অক্ষিয়ে দেখা পায়৷ অক্ষিয়ে সেইটো সহ্য কৰিব নোৱাৰে৷ অক্ষিয়ে তাৰাক ভাল পায়৷ ড্ৰাগ্ছৰ পেকেটটো উভতাই দিয়াৰ অচিলাত অক্ষিয়ে তাৰাক প্ৰেম নিবেদন কৰে, কিন্তু তাৰাই সেই প্ৰস্তাৱৰ সঠিক উত্তৰ নিদিয়ে, ফলত অক্ষিয়ে জবৰদস্তি কৰে৷ তাৰাই নিজক বচাবলৈ অক্ষিৰ মূৰত প্ৰহাৰ কৰে৷ অক্ষি হাস্পতাল আৰু তাৰা জেললৈ যাব লগা হয়৷

অক্ষিৰ অস্ত্ৰোপচাৰৰ পাছত হাস্পতালত থাকিব লগা হয়৷ অক্ষিৰ কণ্ঠ হেৰাই যায়৷ আনফালে তাৰাৰ মুক্তিৰ বাবে অক্ষিৰ কণ্ঠৰ প্ৰয়োজন৷ গোটেই ঘটনাটোত তাৰাৰ একো ভুল নাই বুলি অক্ষিয়ে কব লাগিব তাৰ পাছতহে তাৰাৰ মুক্তি সম্ভৱ৷ এই পৰিস্থিতিত অক্ষি বাচি থকাটো আমিৰ আৰু তাৰাৰ বাবে অত্যন্ত প্ৰয়োজন৷ আমিৰে অক্ষিৰ প্ৰতি তীব্ৰ ঘৃণালৈও অক্ষিক পৰিচৰ্যা কৰিব লগাত পৰিছে৷

জেলত তাৰাৰ মানসিক স্বাস্থ্য ভাঙি পৰে৷ বিশেষকৈ চট্টুৰ মাকৰ জেলৰ ভিতৰত অবস্থা দেখি তাৰা মানসিকভাবে ভাঙি পৰে৷ আমিৰে সেই অৱস্থাতো দেখিলে তাৰ অক্ষিৰ প্ৰতি ক্ষোভ বাঢ়ি যায়৷ তাৰাৰ মুক্তিৰ হেঁপাহ আৰু আমিৰৰ অসহায় অৱস্থাটোৰ টনা-আঁজোৰাৰ মাজেৰে কাহিনী আগবাঢ়ে৷

এইখিনিতে কাহিনীটোৱে নতুন মোৰ লয়৷ হাস্পতালত উপস্থিত হয় অক্ষিৰ পৰিয়াল৷ পৰিয়াল মানে অক্ষিৰ মাক আৰু অক্ষিৰ ছোৱালী দুজনী৷ যিহেতু আমিৰে হ’ল অক্ষিৰ আলপৈচান ধৰোঁতা গতিকে অক্ষিৰ পৰিয়ালটো আমিৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে৷ প্ৰথম অৱস্থাত স্বভাৱতে আমিৰে পৰিয়ালটোৰ প্ৰতি কোনো সহানুভূতি দেখোৱা নাই৷ কিন্তু লাহে লাহে তেওঁলোকৰ অসহায় অৱস্থাটোৰ বাবে আমিৰে তেওঁলোকক আশ্ৰয় দিবলৈ বাধ্য হৈছে৷ অক্ষিৰ পৰিয়ালটোৱে তেতিয়ালৈ নাজানে যে অক্ষিৰ দোষ কি৷

চট্টুৰ মাকৰ মৃত্যুৰ পিছত মানসিক ভাবে ভাঙি পৰা অৱস্থাত তাৰাক দেখি আমিৰে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, ঘৰলৈ উভতি আহি অসভ্যালি আৰাম্ভ কৰে৷ একো তৎ ধৰিব নোৱাৰি আমিৰক শান্ত কৰিবলৈ যত্ন কৰা অক্ষিৰ পৰিয়ালটোক অক্ষিৰ কুকৰ্মৰ কাহিনীটো আমিৰে বিৰাগেৰে কৈ দিয়ে৷ তেওঁলোকক আমিৰৰ ঘৰৰ পৰা ওলাই যাবলৈ দিয়ে৷

ইয়াৰ পাছত আমি দেখোঁ অক্ষিৰ মাকে এটা সাক্ষ্য তৈয়াৰ কৰিছে যে অক্ষিৰ ঘটনাটোত তাৰাৰ কোনো দোষ নাই৷ তাৰ পিছত অক্ষিৰ হাস্পতালত মৃত্যু হৈছে৷ আমিৰে পুনৰ অক্ষিৰ পৰিয়ালটোক উভতাই নিছে৷ মুক্তি নহ’লেও তাৰাই ‘চট্টু’ৰ প্ৰতি জাগ্ৰত হোৱা গভীৰ মমতাৰ মাজেৰে এখন নতুন পৃথিৱীৰ সন্ধান কৰিছে৷
কাহিনীটো থুলমুলকৈ ইমানেই।

এতিয়া চৰিত্ৰসমূহৰ মাজেদি চলচ্চিত্ৰখনৰ বিভিন্ন দিশৰ বিষয়ে ইয়াত ক’বলৈ প্ৰয়াস কৰিম৷ অৱশ্যে এই কথাখিনি চূড়ান্ত নহয়৷ ইয়াত বিভিন্ন যোগ-বিয়োগৰ থল অৱশ্যেই থাকিব পাৰে৷

ইয়াত মূল চৰিত্ৰটো হৈছে আমিৰ৷ কাহিনীৰ অগ্ৰগতিত আমিৰৰ সান্নিধ্যলৈ অহা বিভিন্ন চৰিত্ৰৰ মাজেদি মূল বিষয়বস্তুক দৰ্শকৰ আগত তুলি ধৰিছে৷

আমিৰ অতি বেপৰোৱা। ‘আমিৰ’ হোৱাৰ বাবে সি জীৱনৰ যিকোনো বিপদাশংকা মূৰ পাতি ল’ব পাৰে। ড্ৰাগছ সৰবৰাহৰ দৰে পদে পদে বিপদৰ সম্ভাৱনা থকা কামও নাচি বাগি কৰি থাকে। পুলিচৰ পৰা বচাই তাৰাই যেতিয়া তাক ঘৰলৈ লৈ গৈ আছে তেতিয়াও ড্ৰাগছৰ পেকেটটোৰ কথা তাৰাক সুধিছে। ইফালে তাৰ হাত কাটি তেজ ওলাই আছে। অট’খনৰ পৰা নামি যাব বিচাৰিছে। তাৰাই ড্ৰাগছখিনি সুৰক্ষিত কৰি ৰাখিছে আৰু পিছদিনা আনি দিব বুলি কোৱাতহে আমিৰ ক্ষান্ত হৈছে। তাৰ প্ৰতি হৈ অহা অন্যায় আৰু সামাজিক অসমতাই তাৰ ভিতৰত ইমানেই ক্ষোভ পঞ্জীভূত কৰিছে যে সিহঁতৰ ড্ৰাগছৰ আড্ডাৰ কথা পুলিচক জনোৱাৰ বাবে বন্ধু চানিৰ হাতত ছুৰী সোমাই দিছে। বায়েকৰ লগত অন্যায় কৰাৰ কাৰণে হাস্পতালত পৰি থকা অক্ষিৰ মুখৰ পৰা অক্সিজেনৰ মুখা খুলি দি ৰং চাইছে। লগ কৰিবলৈ গৈ তাৰাক যিমানবাৰ জেলত যন্ত্ৰণাৰ মাজত দেখিছে সিমান বাৰ উভতি আহি অক্ষিৰ ওপৰত অত্যাচাৰ কৰিছে। কেতিয়াবা চকুৰ আগত চুৰি দাঙি ধৰিছে। কেতিয়াবা শিতানৰ গাৰু উলিয়াই আনি আৰামত নিজে টোপনি মাৰিছে। টকাৰ বাবে জেলৰ পৰা তাৰাক মুকলি কৰিব নোৱাৰি অক্ষিৰ ডাঙৰ জীয়েকক দেহ ব্যৱসায়ীৰ হাতত বেছি দিব ওলাইছে।

মুঠতে আমিৰে নিজৰ জীৱনটো সুন্দৰ কৰিব লাগে, তাৰ বাবে বাছ বিচাৰ নকৰাকৈয়ে সকলো কৰিবলৈ প্ৰস্তুত। ল’ৰালি যিদৰে অতিবাহিত হ’বলৈ সুযোগ পাব লাগে সেইদৰে পোৱা হ’লে আমিৰক আমি অন্য ৰূপত পোৱাৰ সম্ভাৱনা আছিল। সেইটোৱে আমিৰৰ জীৱনৰ ‘ট্ৰেজেদী’। অৱশ্যে কিছু ব্যতিক্ৰমো এই সমাজত দেখিবলৈ পোৱা যায়, কিন্তু সেইখন সামগ্ৰিক ছবি নহয়।

পৰ্বান্তৰত দেখা যায় আমিৰ সলনি হয়। সিও ‘মমতা’ৰ পৃথিৱীত ভৰি ৰাখে। সেয়াই নেকি ডাৱৰৰ আঁৰৰ এখন ফৰকাল আকাশ!

তাৰা আমিৰৰ বায়েক। তাইৰ। জীৱনৰ লগৰী যাক নিৰ্বাচিত কৰিলে সি ওলায় মদাহী। তাৰাক মাৰধৰ কৰে। মাৰি মাৰি ‘বেহাল’ কৰি দিয়ে। আনকি আমিৰকো মাৰধৰ কৰে। যাৰ বাবে সি বায়েকৰ ঘৰৰ পৰা ওলাই যায়। তাৰাৰ জীৱন লগৰীৰ মৃত্যুৰ পাছত তাৰা নিঠৰুৱা হৈ পৰে। ৰাস্তাত দিন অতিবাহিত কৰে। জীৱনটো উন্নত কৰাৰ বাবে, থাকিবলৈ এটা ঘৰৰ বাবে বিভিন্ন কাম কৰাৰ উপৰিও শৰীৰ বিক্ৰীও কৰে। বলপূৰ্বক তাইৰ প্ৰেম ‘হাচিল’ কৰাৰ বাবে চেষ্টা কৰোঁতে ইটাৰ দৰে বস্তু এচপৰাৰে মাৰি অক্ষিক মুমূৰ্ষুু অবস্থা কৰি দিয়া বাবে তাৰা ‘attempt to murder’ ৰে অভিযুক্ত হয়। পোতাশাললৈ নিক্ষেপিত হয়। জেলৰ ভিতৰত তাৰাৰ মানসিক অবস্থা ভাঙি পৰে। বিশেষকৈ চট্টুৰ মাকৰ অৱস্থাটোৱে অতি বিচলিত কৰে। বাহিৰলৈ ওলাই অহাৰ কোনো পথ নেদেখি তাৰা ভাঙি পৰে। পথ মাত্ৰ এটাই অক্ষিৰ সাক্ষী। অক্ষিয়ে যদি কয় যে তাইৰ দোষ নাছিল তেতিয়াহে তাইৰ মুক্তি সম্ভৱ। অথচ আত্মৰক্ষাৰ বাবেহে তাই অক্ষিক আঘাত কৰিছে। সেই মৰ্মে তাই মুক্তি পাব লাগে। তাৰ বাবে মোকৰ্দমা কৰাৰ বাবে তাৰা অক্ষম। ন্যায় পাবলৈ অক্ষম। তাৰ বাবে ক্ৰমে স্বাভাৱিক হ’বলৈ ধৰা তাৰাৰ জীৱনটো পুনৰ নৰক যাতনালৈ গতি কৰিছে৷ এইটোৱেই তাৰাৰ ‘ট্ৰেজেদী’।

চট্টুৱে একো অপৰাধ কৰা নাই। তাৰ মাকে তেওঁৰ অত্যাচাৰী বাপেকক হত্যা কৰিছে আৰু সেই মৰ্মেই মাকৰ লগতে সিও আহি জেলৰ ভিতৰত বন্দী হৈ আছে। জেলৰ ভিতৰতে মাকৰ শ্বাস-প্ৰশ্বাসজনিত বেমাৰত কলপ-ঢলপকৈ বাচি থাকি অৱশেষত মৃত্যু হৈছে। এইদৰে চট্টুৱে অনিশ্চিত শৈশৱ পাৰ কৰিছে। এয়াই চট্টুৰ ট্ৰেজেদী। ভাৰতত একাংশ ‘দেৱ শিশু’ৰ এয়াই বাস্তৱ। এয়াই এই শিশুবোৰৰ ট্ৰেজেদী।

ইমানৰ পিচত তাৰাই মাতৃহাৰা চট্টুক গভীৰ মমতাৰে আবৰি ৰাখিছে। চট্টুৰ মাজত এখন মমতাৰ পৃথিৱীত খোজ ৰাখিছে। তাৰ আশ্ৰয়দাতা হিচাপে ঠিয় দিছে। তাৰ মনৰ ভিতৰৰ শিশুসুলভ প্ৰশ্ন সমূহৰ সমাধান দিয়াৰ চেষ্টা কৰিছে। সমাজ আৰু ন্যায় ব্যৱস্থাই অপৰাধী বুলি গণ্য কৰা এজন ব্যক্তিৰ অন্য এটা দৃষ্টিকোণ আমাৰ আগত দাঙি ধৰিছে।

অক্ষি তাৰাৰ সহকৰ্মী। আমিৰক পুলিচৰ হাতৰ পৰা কৌশলেৰে ৰক্ষা কৰিছে অক্ষিয়ে। তাৰাক ‘হাচিল’ কৰাৰ বাবে জবৰদস্তি কৰিছে আৰু তাৰাৰ মাৰত হাস্পতালত মুখৰ মাতবোল নোহোৱাকৈ পৰি আছে। এই ঘটনাটোৱে গোটেই কাহিনীটোৰ প্ৰাণ। তাৰাৰ লগত জবৰদস্তি কৰিছে মানে এইটো ‘ৰেপ’। ধৰ্ষণকাৰীক অন্য দৃষ্টিকোণেৰে চোৱাৰ ইচ্ছা নাথাকে। তেওঁ ঘৃণাৰ পাত্ৰ। অক্ষিৰ ক্ষেত্ৰত সেইটো পৰিস্থিতি‌ নিৰ্ভৰ কথাহে। অক্ষিয়ে তাৰাক অনবৰতে আমনি কৰি থকা দেখুওৱা হোৱা নাই। অক্ষিৰ যদি দৈহিক ক্ষুধা নিবাৰণৰ একমাত্ৰ উদ্দেশ্য হ’লহেঁতেন তেন্তে টকাৰ বিনিময়ত সেই কাম কৰিব পাৰিলেহেঁতেন। কাৰণ টকাৰ বাবে তাৰাই সেই কাম কৰে। আনহাতে আমিৰৰ ড্ৰাগছৰ টোপোলাটো অক্ষিৰ হাতলৈ আহিছিল৷ অক্ষি ধুৰন্ধৰ হোৱা হ’লে তাৰাক ব্লেকমেইল কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ তাইক দূৰলৈ মাতি নি বাৰে বাৰে ‘তুমি মোৰ, তুমি মোৰ’ ধৰণে কৈ থাকিলে। কিন্তু পৰিস্থিতি এনে এটা পৰ্যায়লৈ গ’ল অক্ষিয়ে তেওঁৰ আবেগটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তাৰাৰ লগত অক্ষিৰ দবৰা দবৰি লাগিল আৰু ঘটনাটো ঘটি গ’ল। অৱশ্যেই অক্ষিৰ প্ৰতি তাৰাৰ কোনো ভালপোৱা নাই। একপক্ষীয়ভাবে তাৰাৰ মন পাবলৈ অক্ষিয়ে কৰা গোটেই চেষ্টাটোৱে ভুল। সেইটো বুজিবলৈ অক্ষি অপাৰগ। সেইটোৱে অক্ষিৰ ট্ৰেজেদী।

চলচ্চিত্ৰখনৰ কাহিনী বিন্যাসটো পৰিস্থিতি নিৰ্ভৰ। পৰিস্থিতিয়ে এনেদৰে নিয়ন্ত্ৰণ কৰিছে যে ইয়াত শত্ৰু মিত্ৰ ইজন সিজনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে। অক্ষি আমিৰৰ শত্ৰু কিন্তু আমিৰে অক্ষিৰ পৰিচৰ্যা কৰিবলৈ বাধ্য। কাৰণ অক্ষিৰ জীয়াই থকাৰ লগত তাৰাৰ মুক্তিৰ প্ৰশ্নটো জড়িত আছে। অক্ষিৰ পৰিয়ালটোক আমিৰে আশ্ৰয় দিবলৈ বাধ্য‌ হৈছে। আমিৰৰ নলে গলে লগা বন্ধু অনিলে আমিৰক টকাৰ বিনিময়ত দেহ ব্যৱসায়ীৰ হাতত তুলি দিছে। অৱশ্যে পিছত আমিৰক অনিলেই বচোৱাৰ চেষ্টা কৰিছে। এই ঘটনাত বেয়াকৈ আঘাত প্ৰাপ্ত হোৱা আমিৰক অক্ষিৰ মাক আৰু জীয়েক তানিছাই শুশ্ৰূষা কৰিছে।

চলচ্চিত্ৰখনত নান্দনিকভাবে মটিফ ব্যৱহাৰ হৈছে। তাৰাৰ লগত অক্ষিৰ দবৰা দবৰিৰ দৃশ্যটো এখন ধুই মেলি দিয়া কাপোৰৰ সিপাৰে ক’লা বগা ৰূপত দেখুওৱা হৈছে। দৰ্শকৰ এনে বোধ হয় যে এইটো এটা projector আৰু তাত এটা ঘটনা project কৰা হৈছে। ঘটনাটো চলি থকাৰ সময়ত কাপোৰখন কঁপি আছে। তাৰাই অক্ষিক আঘাত কৰাত তেজ চিটিকি আহি কাপোৰ খনত পৰিছে। ৰঙা তেজৰ দাগ কাপোৰ খনত লাগিছে। লগে লগে কাপোৰখন স্থিৰ হৈছে। ইয়াৰ পিছত চলচ্চিত্ৰখনৰ নাটকীয় পৰিৱৰ্তন আহিছে। কাপোৰৰ আঁৰৰ কাহিনীটোৰ প্ৰকৃত পৰিস্থিতি আমাৰ বোধগম্য নহয়।কাপোৰ এখন আগত ৰাখি যি দেখিছোঁ সেয়াই সত্য। যি ধৰণে project কৰা হয় সেইটো আমাৰ ধাৰণা। সেই ধাৰণাৰ আঁৰতো আন কিছুমান সত্য থাকি যায়। কাপোৰত তেজৰ দাগটো যেন তাৰাৰ জীৱনত লগা অপৰাধীৰ দাগটোৰে ইংগিত।

সেইদৰে কাপোৰ মটিফ চলচ্চিত্ৰ খনত আৰু কেবাবাৰো দেখুওৱা হৈছে। প্ৰতি বাৰতে অন্য এটা ধাৰণা দৰ্শকক দেখুওৱা হৈছে৷ যেনে তানিছাক যেতিয়া ৰাতি কাপোৰৰ আঁৰত নিজকে সাজোন কাচোন কৰা দেখুৱাইছে তেতিয়া তাইৰ অলংকাৰখিনি আমিৰে উভতাই দিয়া দেখা গৈছে। তাৰ আভ্যন্তৰীণ পৰিৱৰ্তন এইখিনিতে মন কৰিবলগীয়া।

কিছুমান প্ৰতীকাত্মক শ্বটৰ সফল প্ৰয়োগে চলচ্চিত্ৰখনক অন্য এটা মাত্ৰা দিছে। চলচ্চিত্ৰখনৰ শেষৰ ফালে চট্টুৱে মৃত মাক ক’ত থাকে তাক জনাৰ ইচ্ছা কৰিছে। তাৰাই শিশু মনটোক বুজনি দিবলৈ তাৰ মাক আকাশত তৰা হৈ আছে বুলি কৈছে। সি এবাৰ বিশেষ তৰাটো চোৱাৰ বাবে জিদ ধৰিছে। তাৰাই হাতৰ আঙঠি পুলিচ কৰ্মী এজনক ঘোচ দি তাৰ ব্যৱস্থা কৰিছে। বাহিৰত প্ৰচণ্ড বতাহ বৰষুণ। তৰা ওলোৱাৰ বাবে দুয়োটাই বাট চাইছে। বাহিৰৰ মুক্ত পৃথিৱীখনৰ বাবে দুয়ো হাত দুখন বাহিৰলৈ উলিয়াই দিছে। ফ্ৰেমটোত দুখন হাতৰ ছায়া ছবি, সৰু হাতখন চঞ্চলভাৱে মুক্ত পৃথিৱীখনৰ স্পৰ্শ কৰিব বিচাৰিছে, ডাঙৰ হাতখনে সৰু হাতখনৰ লগত একেলগে খেলি খেলি এটা সময়ত সৰু হাতখনক আশ্ৰয় দিছে। নিৰাপত্তা হ’ব বিচাৰিছে। এই দৃশ্যটোৱে যেনেদৰে দেৱশিশুবোৰৰ প্ৰতি আমাৰ দায়িত্বৰ ইংগিত বহন কৰিছে একে সময়তে অপৰাধী বুলি গণ্য কৰা সকলৰ ভিতৰতো যে অন্য ধৰণে মমতাৰ এখন পৃথিৱী থাকিব পাৰে তাৰ ইংগিত বহন কৰিছে।

আমিৰ আৰু অক্ষিৰ ছোৱালী দুজনীৰ সৈতে দেৱালত ছবি অঁকাৰ দৃশ্যটোত দেখা যায় এজনে এবাৰ সিজনে এবাৰ আঁকি আঁকি গোটেই দেৱালেই ভৰাই তুলিছে। ই এক সামূহিক প্ৰেচেষ্টা বা পৰিয়াল এটাৰ সদস্য সমূহৰ মাজত থাকিবলগীয়া মমতাৰ মেটাফ’ৰ।

তাৰাক অস্থিৰ অবস্থাত দেখি আহি অসহায় আমিৰে ঘৰলৈ উভতি আহি তাৰ ক্ষোভৰ উদ্গীৰণ ঘটাইছে। অক্ষিৰ পৰিয়ালটোক গালি শপনি পাৰিছে। পোহনীয়া পাৰ চৰাইবোৰক আমিৰে এটা এটাকৈ খিৰিকিৰে বাহিৰলৈ উলিয়াই দিছে। সেইদৰে অক্ষিৰ পৰিয়ালটোক ওলাই যাবলৈ নিৰ্দেশ দিছে। কাৰণ তাৰা আৰু আমিৰৰ দুৰ্ভাগ্যৰ মূল কাৰণ অক্ষি। অক্ষি তাৰাৰ ধৰ্ষণকাৰী। লণ্ড ভণ্ড কৰা ঘৰটোত শুই থকা আমিৰে যেতিয়া ৰাতিপুৱা সাৰ পাইছে আগদিনা বাহিৰলৈ উলিয়াই দিয়া পাৰ চৰাইবোৰে তাক আবৰি ৰুণ দিছে। এই শ্বটটোৱে আমিৰৰ মনঃজগতৰ পৰিবৰ্তনৰ ইংগিত দিছে। আমিৰে পুনৰ অক্ষিৰ পৰিয়ালটোক বিচাৰি গৈছে।

আমিৰে অক্ষিৰ ছোৱালী তানিছাক দেহ ব্যৱসায়ীৰ অৰ্পণ কৰাৰ বাবে লৈ যাওঁতে এটা দৃশ্যত দেখা যায় নাওৰ ভিৰৰ মাজত তাই ওলাব নোৱাৰি আমিৰৰ বগা চোলাটোত খামুচি ধৰিছে। অলপ আগতে সিহঁতে খোৱা জুচেৰে লেতেৰ পেতেৰ হোৱা হাতৰ দাগ আমিৰৰ চোলাটোত স্পষ্ট হৈ উঠিছে। তানিছাৰ সৰলতা আৰু আমিৰক কৰা বিশ্বাসে তাৰ মনত যে সাঁচ পেলাই গৈছে তাকেই যেন এই দৃশ্যটোত প্ৰকাশ কৰা হৈছে।

অক্ষিৰ মৃত্যু ইয়াত ৰহস্যজনক। অক্ষিৰ মাকে অক্ষিৰ সাক্ষ্য টাইপ কৰাৰ পিছতে অক্ষিৰ মৃত্যু হৈছে। কলা কাপোৰ পৰিহিত অক্ষিৰ মাকক কলা কাপোৰ এখনৰ বেকগ্ৰাউণ্ডত যি ধৰণৰ মুখৰ অভিব্যক্তিৰে দেখুওৱা হৈছে দৰ্শকৰ এনে লাগি যায় যেন অক্ষিৰ কুকৰ্মৰ কথা আমিৰৰ মুখত শুনি হয়তো মাকে সেই চৰম সিদ্ধান্ত লৈছে। অক্ষিক হত্যা কৰিছে। এই দৃশ্যটোত ৰঙৰ ব্যৱহাৰে দৰ্শকৰ মনলৈ এই ধাৰণা বিয়পাবলৈ সক্ষম হৈছে।

চৰিত্ৰসমূহৰ মনঃজগতত ঘটা দ্বন্দৰ মাজেৰে এটা সিদ্ধান্তৰ ফালে গতি কৰাৰ ইংগিত কিছুমান শ্বটৰে দিয়া হৈছে।

শ্ৰেণীবিভক্ত সমাজখনত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় আৰ্থিক দৈন্যৰ পৰিয়ালৰ শিশুসকল৷ শিশুসকলৰ মানসিক আৰু স্বাস্থ্যৰ বিকাশৰ কাৰণে যি আবহাৱাৰ প্ৰয়োজন তাকে এই সমাজখনে কেতিয়াও দিব নোৱাৰে৷ ইয়াৰ ফলতে আমাৰ মাজৰ পৰা দেৱশিশুসকল গতি কৰে এখন অন্ধকাৰ জগতলৈ৷ হয়তো মাজিদ মাজিদিয়ে “Children of heaven”-ৰ পাছত ভাৰতৰ পটভূমিত তাকে কলাত্মক ৰূপত দাঙি ধৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *