বিবিধ চিন্তা

গণ-নিগ্রহ: ঐতিহাসিক আৰু মনস্তাত্বিক দৃষ্টিকোণ-(ৰক্তিম গোস্বামী)

১৮৮০ ৰ পৰা ১৯৩০ৰ সময়ছোৱাত আমেৰিকাত অলেখ আফ্ৰিকীয় মূলৰ আমেৰিকানক বগা আমেৰিকানসকলে সামান্যতম দোষতে গণ-নিগ্ৰহ কৰিছিল। বহু ক্ষেত্রত যি কাৰণত গণ-নিগ্ৰহ কৰা হৈছিল তাৰো কোনো সত্যাসত্যতা নাছিল। কৃষ্ণাংগসকলক যিমান কঠোৰতম আৰু নিৰ্দয়ভাৱে হত্যা কৰিব পাৰি সিমান কঠোৰতা আৰু নিৰ্দয়তাৰে হত্যা কৰা হৈছিল: যিমান পাৰি সিমান যন্ত্রণা দিয়া হৈছিল। সেই যন্ত্রণাবোৰ হত্যাকাৰী দলবোৰৰ বাবে আনন্দৰ উৎস আছিল। আক্ৰমণকাৰীসকলে চিন্ন-ভিন্ন কৰি পেলোৱা মৃতকৰ দেহৰ টুকুৰাবোৰ ঘৰলৈ পুৰস্কাৰৰ দৰে লৈ গৈছিল। ‘Lynching’ (গণ-নিগ্ৰহ) মূলতঃ আমেৰিকান মূলৰ শব্দ আৰু ইয়াৰ উৎপত্তি আৰু বিশ্বজুৰি বিকাশৰ শিপাডালো এসময়ত কৃষ্ণাংগসকলৰ ওপৰত হোৱা অমানৱীয় গণ-নিগ্ৰহ বা ‘Lynching’ৰ ঘটনাবোৰৰ লগতেই জড়িত। আমেৰিকা বিপ্লৱৰ সময়ত যেতিয়া ব্রেডফৰ্ড কাউণ্টি, ভাৰ্জিনিয়াৰ কৰ্ণেল চাৰ্লচ লিন্স(Lynch)য়ে সাধাৰণ দৃষ্টিত সমাজৰ আইন শৃংখলা বাহাল ৰাখিবলৈ আৰু মূলতঃ শ্বেতাংগসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঢ় লোৱা কিছুমান ওপৰঞ্চি আইনী (Extra Legal) ব্যৱস্থাৰ তদাৰক আৰু অধ্যক্ষতা কৰিবলৈ লৈছিল তেতিয়াৰ পৰা Lynching শব্দটোৰ প্রচলন হৈছিল। ১৯ শতিকাত এই শব্দটো সমগ্র আমেৰিকাত বিয়পি পৰিছিল আৰু ‘Lynching’ বুলিলে এদল তথাকথিত সজাগ লোকে কোনো সন্দেহজনক লোকক কোনো আইনী সহায় নোলোৱাকৈ শাস্তি দিয়া বা নিগ্রহ কৰা ঘটনাক বুজা গৈছিল। ১৯০৫ চনত সমাজবিজ্ঞানী E. Cutler য়ে লিখিবলৈ আৰম্ভ কৰা কিতাপ ‘Lynch-Law: An Investigation into the History of Lynching in the United States’ ৰ পাতনিটো আছিল এনেধৰণৰ: ‘It has been said that our country’s national crime is lynching . . . The practice whereby mobs capture individuals suspected of crime . . . and execute them without any process of law . . . is to be found in no other country of a high degree of civilization. Riots and mob executions take place in other countries, but there is no such frequent administration of what may be termed popular justice which can properly be compared with lynch- law procedures in the United States.” আমেৰিকাৰ গণ-নিগ্রহৰ ঘটনাবোৰে, যিবোৰৰ বাবে শ্বেতাংগ আমেৰিকানসকলে গৌৰৱ কৰিছিল, জাত্যাভিমানত ডুব গৈছিল, বিশ্বৰ চকুত সেই একেবোৰ কাৰণতে সভ্য সমাজ হিচাপে আমেৰিকাৰ গৰিমা ম্লান হৈ আহিবলৈ ধৰিছিল। আফ্রিকীয়-আমেৰিকান মানৱ অধিকাৰ কৰ্মী, সাংবাদিক আৰু National Association for the Advancement of Colored People নামৰ সংস্থাটোৰ অন্যতম প্রতিষ্ঠাপক ইদা বি. ৱেলছে আমেৰিকাৰ এই চৰিত্রক কঠোৰতাৰে সমালোচনা কৰিছিল আৰু কৈছিল, “গণ নিগ্রহৰ ঘটনাবোৰ আমেৰিকাৰ অপমান। ই শ্বেতাংগ সভ্যতাৰ ইতিহাসত বিশ্বৰ বাবে এক দাগ হৈ ৰ’ব। এইখিনিতে উল্লেখ কৰিব পৰি যে Tuskegee Institute -ৰ এক সমীক্ষা মতে ১৮৮২ ৰ পৰা ১৯৬৮ চনৰ ভিতৰত আমেৰিকাত মুঠ ৪৭৪৩ জন লোকৰ গণ নিগ্রহত মৃত্যু হৈছিল য’ত ৩৪৪৬ জন কৃষ্ণাংগ আৰু ১২৯৭ জন শ্বেতাংগ আমেৰিকান আছিল। সময় সলনি হৈছে যদিও গণ-নিগ্রহৰ ঘটনাবোৰ কম-বেছি পৰিমাণে বিশ্বৰ সকলোতে আজিও ঘটি আছে। ৱাটাৰলু বিশ্ববিদ্যালয়ৰ অধ্যাপক থমাচ হ’মাৰ ডিক্সনে এই ক্ষেত্ৰত মানুহৰ মনস্তত্বৰ বিষয়ে অধ্যয়ন কৰিবলৈ প্রস্তুত কৰা এক মডেলৰ ভিত্তিত কৈছে যে, “It’s unfortunately true that not all of us but most of us have the capacity to behave in such horrific ways if circumstances are appropriately organized”. সৰল ভাষাত ক’বলৈ গ’লে, আমাৰ মাজৰ সৰহসংখ্যক লোকৰ গাতেই সুপ্তভাৱে একো একোজন গণ-নিগ্রহকাৰী সুযোগ আৰু পৰিৱেশৰ আপেক্ষাত লুকাই থাকে। সাম্প্রতিক ভাৰততো এক নতুন অনাকাংক্ষিত পৰম্পৰা হিচাপে ক্রমবৰ্ধমান হাৰত গঢ় লৈ উঠিছে গণ-নিগ্ৰহৰ ঘটনাবোৰ। পৰিসাংখ্যিকভাৱে এইটো প্রতিষ্ঠিত যে সাম্প্রতিক ভাৰতত সংঘটিত সৰহ সংখ্যক ঘটনাৰ আঁৰতে মূল কাৰক হিচাপে প্রথমেই আছে ধৰ্ম আৰু তাৰ পিছত উৰাবাতৰি আৰু ডাইনীৰ দৰে অন্ধবিশ্বাস আৰু অন্যান্য। ধৰ্ম ভিত্তিক গণ-নিগ্রহৰ বিষয়ে বৰ্ণনা কৰোঁতে নিউ ইংলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ‘Less Than Human: Why We Demean, Enslave, and Exterminate Others’ নামৰ কিতাপখনৰ লেখক ডেভিদ লিভিংষ্ট’ন স্মিথে কৈছে যে ধৰ্ম ভিত্তিক গণ-নিগ্রহত ঘটনা সংঘটিত কৰাসকলে নিজকে সাধাৰণ মানুহতকৈ উচ্চ স্থানত ৰাখে আৰু এই মানসিক দূৰত্বই ঘটনাবোৰ সংঘটিত কৰাত সহায় কৰে। তেওঁ আৰু কৈছে যে এজাক মানুহে যেতিয়া কাৰোবাক মাৰে তেতিয়া তেওঁলোকে মৰা মানুহজনক মানুহ বুলি গণ্য নকৰে (Less than Human)। মানুহজাকে ধৰি লয় যে মাৰি থকা মানুহজন আক্ৰমণকাৰী মানুহজাকতকৈ তুচ্ছ আৰু যাৰ বাবে তেওঁৰ লগত কৰা আচৰণো কোনো তুচ্ছ জীৱৰ লগত কৰা আচৰণৰ দৰে হয়। ঐতিহাসিকভাবে ‘শান্তিপূৰ্ণ সহাৱস্থান আৰু সহনশীলতা’ যদিও ভাৰতৰ ৰাষ্ট্র আদৰ্শ হিচাপে পৰিচিত হৈ আহিছে তথাপি ২০১৫ৰ পৰা আজিলৈকে প্রায় দুশ লোকৰ গণ-নিগ্রহত মৃত্যু হোৱাৰ ঘটনাই সাম্প্রতিক ভাৰতৰ আন এক অসহনশীল মানসিকতাকহে উদঙাই দিছে। দাদৰি, উত্তৰ প্রদেশৰ মহম্মদ আখলাক (ছেপ্তেম্বৰ ২৮, ২০১৫), পশ্চিম বংগৰ কৌশিক পুৰকেইট (মে ১১, ২০১৬), কাশ্মীৰৰ ৱাচিম (অক্টোবৰ ২০, ২০১৭), কেৰেলাৰ মানসিক বিকাৰগ্রস্থ মধু চিনদাকি (ফেব্রুৱাৰী ২২, ২০১৮), ঝাৰখণ্ডৰ ফিলিপ হৰ’ (ছেপ্তেম্বৰ ২২, ২০১৯)ৰ লগতে আমাক কঁপাই তোলা অভী-নীলৰ ঘটনা, পালঘৰৰ ঘটনা, ত্ৰিপুৰাৰ চৰকাৰী বিষয়া সুকান্ত চক্ৰৱৰ্তীৰ গণ-নিগ্রহৰ ঘটনা, অলপতে ঘটা ধিঙৰ ঘটনা আৰু এতিয়া যোৰহাটৰ অনিমেষ নামৰ ডেকা ল’ৰাজনৰ নৃশংস ঘটনা আদিবোৰ সমগ্র ভাৰত ব্যাপী জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে ঘটি থকা অলেখ ঘটনাৰ মাজৰে কিছু উদাহৰণ আৰু এইদৰেই কোনোবা যদি গো-মাংসৰ নামত তেনেহ’লে কোনোবা দলিত বুলি, কোনোবা যদি সোপাধৰা বুলি তেনেহ’লে কোনোবা ডাইনী, চোৰ, দুৰ্ঘটনা সংঘটিত কৰা বুলি অথবা কেৱল উত্তৰ-পূবৰ বুলি নিৰন্তৰ গণ-নিগ্রহৰ বলি হৈ আহিছে। এই কথা ইয়াত উল্লেখ কৰাতো উচিত হ’ব যে উৰাবাতৰি আৰু অন্ধবিশ্বাস বা আন আন কাৰণতকৈ গো-ৰক্ষা আৰু ধৰ্মৰ নামত সংগঠিত হোৱা গণ-নিগ্রহৰ ঘটনা সাম্প্রতিক ভাৰতত অধিক যিটো এখন সভ্য, শান্তিকামী আৰু সংবেদনশীল সমাজৰ বাবে আৰু অধিক চিন্তনীয়। আজিৰ পৃথিৱীত নিগ্ৰহকাৰীয়ে অতীজৰ আমেৰিকাত কৰাৰ দৰে গণ-নিগ্রহেৰে হত্যা কৰাজনৰ শৰীৰৰ অংগ ঘৰলৈ নি উল্লাস নকৰে। তাৰ ঠাইত উল্লাস আৰু বিজয়ৰ সোৱাদ লয় সংঘটিত কৰা নিৰ্মম ঘটনাটোৰ ভিডিঅ’ বনাই আৰু তাক ৰাইজৰ মাজত বিয়পাই দি। সময় সলনি হৈছে যদিও প্রবৃতিৰ আদিমতা অধ্যাপক থমাচ হ’মাৰ- ডিক্সনে কোৱাৰ দৰে আজিও আমাৰ সৰহসংখ্যকৰ মাজত আছে। গণ-নিগ্রহ এক সামাজিক ব্যাধি, যি কোনো এখন সভ্য সমাজৰ কলংক। গণ-নিগ্রহৰ দৰে ঘটনাক নিৰ্মূল কৰিবলৈ মানুহৰ আত্ম পৰ্যালোচনা, অনমনীয় আইন ব্যৱস্থা, শিক্ষা, সজাগতাৰ লগতে সাম্প্রতিক কালত সবাতোকৈ জৰুৰীভাৱে লাগিব চৰকাৰী সদিচ্ছা।

Leave a Reply

Your email address will not be published. Required fields are marked *