শিল্প-কলা-সংস্কৃতি

গণনাট্যৰ আদর্শৰে অনুপ্ৰাণিত শিল্পী ভূপেন হাজৰিকা:দৃষ্টি আৰু সৃষ্টি-(ৰঞ্জিত ভূঞা)

ভূপেন হাজৰিকা আৰু গণনাট্য সংঘৰ মাজৰ সম্পর্কৰ বিষয়ে ক’বলৈ গৈ গণ শিল্পী হেমাংগ বিশ্বাসে এনেদৰে কৈছিল, “অসমৰ কৃতী সন্তান ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজি, শ্ৰেষ্ঠতম কামখিনি মই ভাবোঁ গণনাট্যৰ সান্নিধ্য আৰু গণনাট্যৰ কালছোৱাত হৈছিল। তেওঁৰ অমৰ সৃষ্টি ‘এৰা বাটৰ সুৰ’, ‘মাহুত বন্ধুৰে’ আদি অসমীয়া মাটিৰ কৃষ্টি, জনজীৱনৰ সঁচা ছবি। ভূপেন হাজৰিকাৰ সেই কালছোৱাৰ গীতত কেৱল যে কমিউনিজমৰ গোন্ধ পোৱা কৃষক-বনুৱা, খাটিখোৱা সৰু সৰু মানুহৰ কথাই আছিল তেনে নহয়। তাত অসমৰ কেঁচা মাটিৰ গোন্ধ, অসমীয়া মানুহৰ প্ৰাণস্পন্দন আছিল আৰু আজিও আছে।”

কমিউনিষ্টৰ সংগঠন বুলি কংগ্ৰেছী জাতীয় চৰকাৰে কৰ-কাটল লগোৱা, টিনপাত-টিৰপাল বন্ধ কৰা এই গণনাট্য সংঘত অসমৰ কোনজন শিল্পী নাছিল? বিহগী কবি ৰঘুনাথ চৌধাৰী, বনকোঁৱৰ আনন্দিৰাম দাস, ভোৰতালৰ ওজা নৰহৰি বুঢ়াভকত, মঘাই ওজা, ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, কেশৱ মহন্ত, খগেন মহন্ত, আব্দুল মালিকৰ পৰা ফণী শৰ্মা, বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ, ভূপেন হাজৰিকালৈকে শত-সহস্ৰ নামী-অনামী সৰু-বৰ শিল্পীৰ নাম এইক্ষেত্ৰত ল’ব পাৰি।

আৰু বহুতো কথাই কৈছিল হেমাংগ বিশ্বাসদেৱে। সেইখিনিৰ মাজেৰে ফুটি উঠিছে অসমত গণনাট্য সংঘৰ গৌৰৱোজ্জল ইতিহাস আৰু গণনাট্যৰ সান্নিধ্যলৈ অহাৰ পৰাই ভূপেন দাৰ সৃষ্টিত আমৃত্যু গণনাট্যৰ প্ৰভাৱৰ কথা।কেৱল মানুহৰ গান গোৱা সেই সোণালী দিনবোৰৰ কথা আজিৰ পৰিৱেশত মনত পেলোৱা, চৰ্চালৈ অনা বৰ প্ৰয়োজন হৈ পৰিছে। তেওঁ লিখা গীতৰ মাজেৰেও ভূপেন দা মানুহজন আৰু তেওঁৰ সৃষ্টিৰ উদ্দেশ্য আৰু সাধনাৰ কথা আলোচনা কৰিব খুজিছোঁ।

                            (এক) 

“যিসময়ত অসমৰ তথাকথিত বুৰ্জোৱা শিল্পী-সাহিত্যিকসকল জাত-পাত, ধৰ্ম-সম্প্ৰদায়ৰ সামন্তীয় ধ্যান-ধাৰণাৰ মাজত মজি আছিল, বা আজিও তেওঁলোকৰ চিন্তাৰ পৰিৱৰ্তন ঘটা নাই, সেই সময়তে গণনাট্যৰ মঞ্চৰ পৰা অসমৰ সৰু-বৰ প্ৰতিটো জাতি-সত্তাৰ সামাজিক, সাংস্কৃতিক সম বিকাশৰ কথা ঘোষণা কৰা হৈছিল। বড়ো, কোঁচ, চুতীয়া, কছাৰী আহোমৰ ভেদাভেদৰ প্ৰাচীৰ ভাঙি নতুন অসম গঢ়াৰ সংকল্প গণনাট্যৰ মঞ্চৰ পৰাই লোৱা হৈছিল। শংকৰদেৱ, জ্যোতিপ্ৰসাদৰ সোঁৱৰণী দিৱস মৃত্যু দিনতে হওক বা জন্ম দিনতেই হওক প্ৰতিটো শাখাই প্ৰতিটো অঞ্চলত বছৰি উদযাপন কৰাৰ সিদ্ধান্তও গণনাট্য সংঘই লৈছিল। ১৯৬০ চনত ভাষাৰ নামত, জাতিৰ নামত ভ্ৰাতৃঘাতী সংঘাতৰ লেলিহান শিখাই সমগ্ৰ অসম ছানি ধৰিছিল, সেই লেলিহান শিখা নিৰ্বাপিত কৰাৰ গধুৰ দায়িত্বও গণনাট্যৰ শিল্পীসকলেই কান্ধ পাতি ল’বলগীয়া হৈছিল। তেতিয়াও বুৰ্জোৱা অকমিউনিষ্ট শিল্পী-সাহিত্যিকসকলে ঘৰৰ ভিতৰৰ পৰাই ‘কমিউনিষ্টে মুনাফা লুটিব’ বুলি কোৱাৰ বাহিৰে আন একো কৰিব পৰা নাছিল।”

অসমত গণনাট্য সংঘই গ্ৰহণ কৰা নীতি আৰু পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে সেইখিনি আছিল গণশিল্পী হেমাংগ বিশ্বাসৰ কথা। ভূপেন হাজৰিকাইও গণনাট্য সংঘৰ বিষয়ে তেওঁৰ অনুলিখিত আত্মজীৱনী ‘মই এটি যাযাবৰ’ত এনেদৰে কৈছে, “ৰাজনীতি কৰাটো ইয়াৰ উদ্দেশ্য নাছিল- উদ্দেশ্য আছিল অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা। আমাৰ কলা-সংস্কৃতিৰ উপাদানবোৰ যি দুৰ্গন্ধত পচিবলৈ ধৰিছিল, সেইবোৰক সেই দুৰ্গন্ধৰ পৰা ৰক্ষা কৰাটোৱেই আছিল ‘গণনাট্য সংঘ’ৰ অন্যতম উদ্দেশ্য। পুৰণিখিনিক আনি যথাযোগ্য স্থানত ৰাখিব লাগে আৰু নতুন সৃষ্টিখিনিকো পুৰণিৰ সৈতে ধাৰাবাহিকতা ৰক্ষা কৰি আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগে।”

গণনাট্যৰ এক বলিষ্ঠ দৃষ্টিভংগী আছিল। সংঘই কেতিয়াও ভাষিক সংকীৰ্ণতা প্ৰকাশ কৰা নাছিল, জাতিগত-ধৰ্মগত বিদ্বেষকো কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। তৃতীয় প্ৰাদেশিক সন্মিলন(১৯৫৫)ৰ এটা প্ৰস্তাৱত উল্লেখ কৰা হৈছিল, “আমি সকলো জাতিৰ সমতাৰ হকে দৃঢ়তাৰে থিয় দিওঁ। আমি জাতীয় শ্ৰেয়মন্যতা আৰু জাতীয় আছুতীয়া মনোভাৱ বৰ্জন কৰোঁ। অসমে অগণন জাতি-উপজাতিৰ মিলনভূমি হ’বলৈ পাই গৌৰৱ অনুভৱ কৰে। এই জাতি-উপজাতি প্ৰত্যেকেই ঐশ্বৰ্য্যশালী সুকীয়া সংস্কৃতিৰ অধিকাৰী, অথচ পাৰস্পৰিক আদান-প্ৰদানৰ দ্বাৰা অসমত এক মিলিত সংস্কৃতি গঢ়ি উঠিছে। আমাৰ দেশৰ এই বিভিন্ন জাতি-উপজাতিৰ প্ৰত্যেকটো সুকীয়া সংস্কৃতিৰ মুক্ত বিকাশক সাহসেৰে তুলি আনিব লাগিব। লগে লগে সাংস্কৃতিক আদান-প্ৰদান, সহযোগিতা আৰু সমন্বয়ৰ যোগেদি সকলোকে সামৰি ল’ব পৰা এটা একতা গঢ়ি তুলিব লাগিব।”

১৯৪৭ত ডিব্ৰুগড়ৰ খোৱাঙত অনুষ্ঠিত হোৱা ট্ৰাইবেল ছাত্ৰ সন্মিলনৰ কৃষ্টি শাখাৰ সভাপতি হৈ বিষ্ণুপ্ৰসাদ ৰাভাই গণনাট্য আন্দোলনক আদৰণি জনাই কৈছিল, “গণনাট্য সংঘ অতি প্ৰয়োজনীয় অনুষ্ঠান। সকলো জনজাতীয় মানুহেই এই অনুষ্ঠানলৈ পূৰ্ণ সহযোগিতা আগবঢ়াই ট্ৰাইবেলৰ মাজত থকা কৃষ্টিক পুনৰ উদ্ধাৰ কৰা দৰকাৰ।’ তেওঁ লগতে কৈছিল- ‘এই অনুষ্ঠানক ৰাজনৈতিক পাৰ্টিৰ প্লেটফৰ্ম বোলা কথা মিছা। জনসাধাৰণৰ বাস্তৱ জীৱনৰ ঘাত-প্ৰতিঘাত, সুখ-দুখ, অভাৱ-অভিযোগক ৰূপ দিয়াই গণনাট্যৰ আদৰ্শ।”

গণনাট্য সংঘৰ অসম প্ৰাদেশিকৰ প্ৰথম গৰাকী সভাপতি জ্যোতিপ্ৰসাদ আগৰৱালাৰ অকাল মৃত্যুত সভাপতিৰ দায়িত্ব লৈছিল বিষ্ণুৰাভাই। সম্পাদকৰ দায়িত্ব পালন কৰিছিল হেমাংগ বিশ্বাসে। ভূপেন হাজৰিকা আছিল তৃতীয় প্ৰাদেশিক সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক। গণনাট্য সংঘৰ স’তে জড়িত হৈয়েই ভূপেনদাই ৰচনা কৰি গৈছিল এটাৰ পাছত আন এটা যুগজয়ী গীত। তেওঁৰ গীতৰ প্ৰথম সংকলন “জিলিকাব লুইতৰে পাৰ” প্ৰকাশ কৰিছিল হেমাংগ বিশ্বাসৰ উদ্যোগত গণনাট্যৰ সংঘই ১৯৫৫চনত।


(দুই)

ভূপেন হাজৰিকাই তেওঁ লিখা গীতবোৰ কিতাপ আকাৰে প্ৰকাশ হ’ব বুলি ভবা নাছিল, কিন্তু তেওঁৰ গীতবোৰ গোটাই প্ৰকাশ কৰি উলিয়ালে গণনাট্য সংঘই ১৯৫৫ চনত। সেই গীতৰ পুথিখন মানুহে ইমানেই ভাল পালে যে প্ৰকাশ পোৱাৰ তিনিমাহৰ ভিতৰতে শেষ হৈ গৈছিল। সেই কথা উল্লেখ কৰি ভূপেন দাই তেওঁৰ অনুলিখিত আত্মজীৱনীত এনেদৰে লিখিছে, “ৰাইজৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখিয়েই গণনাট্য সংঘৰ অসম শাখাই দ্বিতীয় তাঙৰণ প্ৰকাশ কৰিলে ১৯৫৬ চনৰ মাৰ্চ মাহত। ‘দ্বিতীয় তাঙৰণৰ কথা’ শিৰোনাম দি অতি ধুনীয়াকৈ আগকথাত গণশিল্পী হেমাংগ বিশ্বাসে লিখিলে- “বৰ্তমান অসমীয়া গীতৰ যুগটোক ভূপেন হাজৰিকাৰ যুগ বুলি আখ্যা দিব পাৰি। অসমৰ সীমা চেৰাই ইতিমধ্যে ভাৰতৰ আন আন প্ৰদেশতো স্বীকৃতি লভিছে। অসমীয়া সুৰত পাশ্চাত্য সংগীতৰ সমন্বয় ঘটাই জ্যোতিপ্ৰসাদে অসমীয়া গীত-মাতক এক নতুন বাটলৈ লৈ গ’ল। সেই বাটেৰেই তেখেতৰেই দীক্ষিত ডঃ হাজৰিকাই অসমীয়া গীতকেইটি আৰু এক নতুন স্তৰলৈ উন্নীত কৰিলে। জ্যোতিপ্ৰসাদৰ ‘ৰোমাণ্টিক’ স্বদেশিকতা ভূপেন হাজৰিকাই সমাজতান্ত্ৰিক বাস্তৱতাৰ দুৱাৰদলিলৈ তুলি আনিলে। চাহ-মজুৰ জগনু, মাছমৰীয়া ৰংমন, ৰে’ল-মজুৰ, দোলাভাৰী আদি, মহাচীনৰ প্ৰতিধ্বনি আৰু প্ৰশান্ত সাগৰৰ অশান্ত ঢৌৰ ছন্দ অসমৰ সুৰৰ দেশত প্ৰতিষ্ঠিত হ’ল। সেই সুৰৰ দেউলৰ অসমীয়া স্থাপত্য অক্ষুন্ন ৰাখিও ডঃ হাজৰিকাই ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু লোকগীতি আৰু পাশ্চাত্য সুৰৰ ৰহণেৰে তাৰ জেউতি চৰালে। আজিৰ প্ৰতিভাই কেৱল গণ-মানসৰ ৰূপকাৰ হৈয়ে যুগ প্ৰৱৰ্তনকাৰী হ’ব পাৰে। গণনাট্য সংঘ সেই গণ-মানসৰ বাহন। সেয়ে ভূপেন হাজৰিকা আজি গণনাট্য সংঘৰ গুৰিধৰোঁতাসকলৰ এজন।”

গণনাট্য সংঘ স্থাপন হোৱাৰ আগেয়ে অসমীয়া সংগীত জগতৰ ৰূপ কেনে আছিল? হেমাংগ বিশ্বাসে এনেদৰে লিখিছে, “আধুনিক অসমীয়া গীত-মাতত এফালেদি এটা সস্তীয়া প্ৰেমৰ সুৰ বাজি আহিছিল আৰু আনফালেদি পুৰণি ঐতিহ্যৰ নামত জীৱনবিমুখী এক অসাৰ সংসাৰৰ মনোভাৱে অসমীয়া গীতৰ ভালেমান অংশ চুই গৈছিল।আধুনিকতাৰ নামত এফালেদি সুৰ জগতত অসুৰৰ উৎপাত চলিছিল- বিজতৰীয়া ভেজাল সুৰে পৰিৱেশ বিকৃত কৰি তুলিছিল, আনহাতেদি পুৰণি কৃষ্টি ৰক্ষাৰ নামত নতুন প্ৰগতিশীল সৃষ্টিধাৰাক উপলুঙা কৰা হৈছিল। এই দুই সমাজৰ প্ৰগতিবিৰোধী ধাৰাক সলনি কৰি অসমৰ সুৰ জগতলৈ নতুন প্ৰাণ প্ৰবাহ আনে গণনাট্য সংঘই। বিশেষকৈ ডঃ ভূপেন হাজৰিকাৰ গীতে আজিৰ অসমৰ জনজীৱনৰ বিভিন্ন স্তৰত প্ৰকৃত সামাজিক বাস্তৱতা আনি দিলে। …গণনাট্য সংঘৰ অসংখ্য গীতে খেতিয়ক, নাৱৰীয়া, চাহ-বনুৱা, ড্ৰাইভাৰ, লাইনচমেন আদি অগণন জনজীৱনৰ পৰা আৰম্ভ কৰি নগৰৰ বিদগ্ধসকলৰ মাজ পৰ্য্যন্ত জাতীয় জীৱনৰ সকলো স্তৰতে বিয়পি পৰি এক সামগ্ৰিক জাতীয় ঐতিহ্যৰ সৃষ্টি কৰিছে।”

ভূপেনদাৰ গানে ইমানেই আলোড়ণৰ সৃষ্টি কৰিছিল যে এবাৰ (১৯৫৩ চন) লতাশিল বিহুতলীত সেই সময়ৰ চৰকাৰৰ উচতনিত পৰি বিহুৰ কৰ্ম-কৰ্তাসকলে তেওঁক মঞ্চত গান গাবলৈ দিয়া নাছিল। তাত চৰকাৰ বিৰোধী কথা আছিল বুলি! সেই ঘটনাটোৰ কথা হেমাংগ বিশ্বাসৰ ভাষাত এনেধৰণৰ আছিল, “এটা সময়ত ভূপেনৰ গানৰ চোক ইমান আছিল যে লতাশিল বিহুতলীত এবাৰ তেওঁক ‘কমিউনিষ্ট’ বুলি গান গাবলৈকে নিদিলে। তাৰ কাৰণে তেওঁ কিন্তু কম্প্ৰ’মাইজ নকৰিলে। গান নাগালে। ভূপেনে গাবলৈ বিচৰা গানকেইটা মই ৰাতিয়েই খাৰঘুলিৰ প্ৰেছ এটাত নিজহাতে কম্প’জ কৰি পিছদিনা ৰাইজৰ মাজত বিলাই দিয়াইছিলোঁ। গানকেইটা আছিল বোধহয় ‘বৰ বৰ মানুহৰ দোলা, ‘এন্ধাৰ ৰাতিৰ কাতিতে’, ‘লুইতত ভুটুঙাই ওলাল শিহু’, ‘অতীতৰ বুৰঞ্জী লিখকে লিখিছিল’ ইত্যাদি। আচলতে গণনাট্যৰ মাজত ভূপেনে confidence বিচাৰি পাইছিল। আৰু সেই confidence লৈয়েই তেওঁ ষাঠি চনৰ ভাষা আন্দোলনৰ সময়ত যেতিয়া অসমীয়া-বাঙালী মানুহৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, আমাৰ সৈতে একেলগে শান্তি অভিযান কৰিবলৈ নিজে আগবাঢ়ি আহিছিল। ভূপেনক গণনাট্যৰ মঞ্চত পাই আমিও বেলেগ এটা confidence পাইছিলোঁ।”

                         (তিনি) 

মাত্ৰ তেৰ বছৰ বয়সতে ভূপেন দাই লিখিছিল ‘অগ্নিযুগৰ ফিৰিঙতি মই’। এই গীতটো পাছত বিষ্ণুৰাভাই তেওঁৰ ‘মুক্তি দেউল’ নামৰ বিপ্লৱী গীতৰ গ্ৰন্থত সন্নিবিষ্ট কৰিছিল আৰু ১৯৪৮ চনত নটসূৰ্য ফণী শৰ্মাৰ স’তে যুটীয়া ভাৱে পৰিচালনা কৰা চিৰাজ বোলছবিত লৈছিল। ভূপেন দা আৰু শিৱ ভট্টাচাৰ্যই চিৰাজত সহকাৰী সংগীত পৰিচালক হিচাপে কাম কৰিছিল বিষ্ণু ৰাভাৰ তত্বাৱধানত। সেই মাত্ৰ তেৰ বছৰ বয়সতে ইমান ছিৰিয়াছ বিষয়বস্তু, প্ৰচণ্ড সাহস আৰু দৃঢ়তা ভৰা, সুস্পষ্ট শ্ৰেণী সংগ্ৰামৰ এটি গীত লিখিবলৈ ভূপেন দাই প্ৰেৰণা পালে কেনেকৈ? অনুমান কৰাত অকণো কঠিন নহয় যে সেই সাহস আৰু প্ৰেৰণা ভূপেন দাক দুজন মনীষীৰ সান্নিধ্যই আনি দিছিল। ১৯৩৯ চনৰ এটা দিনৰ কথা ভূপেনদাই স্মৰণ কৰিছিল এনেকৈ- ভূপেন দাৰ বয়স তেতিয়া তেৰ বছৰ। কথাখিনি এদিন অন্তৰংগ আলাপত ভূপেনদাই কৈছিল অসমৰ বিশিষ্ট শিল্পী লোকনাথ গোস্বামীৰ আগত। এদিন জ্যোতি প্ৰসাদ আৰু বিষ্ণু ৰাভা একেলগে আহি ভূপেন দাৰ আঙুলিত ধৰি বাণ থিয়েটাৰলৈ লৈ গৈছিল। গান শিকাইছিল তাত। অৰ্গেনত আঙুলি বুলাই জ্যোতি প্ৰসাদে প্ৰথম দুটামান শাৰী গাই থকাৰ মাজতে এবাৰ কৈ উঠিল- ‘ভাৰত স্বাধীন হ’বই আৰু গান্ধীয়েই এই স্বাধীনতা আনিব। গান্ধীৰ অহিংস নীতিৰেই ভাৰতবৰ্ষলৈ স্বাধীনতা আহিব। ‘বিষ্ণু ৰাভাই জ্যোতিৰ কথা শুনি অৰ্গেনৰ ওপৰতে এহাতেৰে থাপকৈ মাৰিলে। অৰ্গেনৰ ‘ৰিড্’ এটা ওলাই ক’ৰবাত পৰিলগৈ। তাৰ লগে লগে যথেষ্ট উষ্মাৰে জ্যোতিলৈ চাই ক’লে-‘অসম্ভৱ, গান্ধীয়ে স্বাধীনতা আনিব নোৱাৰে। আনিলেও সেই স্বাধীনতা শোষণকাৰী মানুহৰ বাবেহে হ’ব। ভাৰতবৰ্ষৰ কোটি কোটি কৃষক-বনুৱা, সাধাৰণ নিপীড়িত ৰাইজৰ বাবে সেই স্বাধীনতা নহ’ব। ভাৰতৰ প্ৰকৃত স্বাধীনতা কমিউনিষ্টসকলেহে আনিব। অৰ্থাৎ আমি আনিম। জ্যোতি প্ৰসাদ আৰু ৰাভাৰ মাজৰ তৰ্কযুদ্ধ দেখি ভূপেন দা সেইদিনা পেঁপুৱা লাগিছিল। পিছে মনত দকৈ সাঁচ বহুৱালে কথাখিনিয়ে। তাৰ প্ৰভাৱতেই হয়তো এদিন কলমৰ আগেদি প্ৰকাশ পালে অগ্নিযুগৰ ফিৰিঙতি হোৱাৰ সংকল্পৰ কথা!

‘অগ্নিযুগৰ ফিৰিঙতি মই
নতুন ভাৰত গঢ়িম
সৰ্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম
নতুন ভাৰত গঢ়িম।

পাছত যেনিবা চিৰাজ চিনেমাত গীতটো লৈ বিষ্ণু ৰাভাদেউৱে ‘নতুন ভাৰত গঢ়িম’ৰ ‘ভাৰত’ৰ ঠাইত ‘অসম’ কৰি গাবলৈ ক’লে আৰু ভূপেন দাইও সেইমতে কৰিলে।
কি প্ৰচণ্ড সাহস, সংকল্প আৰু দৃঢ়তা প্ৰকাশ পাইছে এটি তেৰ বছৰীয়া কিশোৰৰ ৰচনাত!

“নৰকংকালৰ অস্ত্ৰ সাজি
শোষণকাৰীক বধিম
সৰ্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম।

ধৰ্মৰ নামত কৰা ব্যৱসায় আৰু সেই ব্যৱসায়ীহঁতক কোনো সুবিধা নিদিয়া, জাতিৰ নামত অহংকাৰ কৰাবোৰৰ অহংকাৰ মাটিৰ লগত মিলাই দিয়াৰ আৰু অস্পৃশ্যতাৰ দৰে ‘মহাদানৱ’ক নিজ হাতেৰে বধ কৰাৰ সংকল্প লৈছিল সেই তেৰ বছৰীয়া কিশোৰটোৱে! লগতে হৰিজন, পাহাৰী, হিন্দু মুছলিমৰ; বড়ো, কোঁচ, চুতীয়া, কছাৰী, আহোমৰ অন্তৰ ভেদি মৌ বোৱাবলৈ আৰু ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিবলৈ পণ লৈছিল জ্যোতি-বিষ্ণুৰ সান্নিধ্যৰে ধন্য সেই অপাৰ প্ৰতিভা আৰু প্ৰতিশ্ৰুতিসম্পন্ন কিশোৰটোৱে, যি পাছলৈ ভৃপেন হাজৰিকা হৈ গোটেই বিশ্ব জুৰি অগণন মানুহৰ হৃদয় জিনিলে। অকুণ্ঠচিত্তে নিজে স্বীকাৰ কৰিছিল তেওঁৰ জীৱন গঢ়াত জ্যোতি-বিষ্ণুৰ অৰিহণাৰ কথা। তেওঁ কৈছিল, “জ্যোতিৰ জ্যোতি আৰু ৰাভাৰ আভাৰে মই ভূপেন।” সৰুতেই এইদৰে প্ৰগতিশীল চিন্তা-চেতনাৰে সমৃদ্ধ এগৰাকী ব্যক্তি ‘গণনাট্য সংঘ’ৰ দৰে প্ৰগতিশীল, বৈপ্লৱিক সাংস্কৃতিক সংগঠনৰ প্ৰতি আকৃষ্ট হোৱাটো আছিল তেনেই স্বাভাৱিক ঘটনা। গণনাট্য সংঘ আৰু ভূপেন দাৰ এই সংযোগ অকল অসমৰে নহয়, সমগ্ৰ ভাৰতৰ সংগীত জগতখনৰ বাবে যেন আছিল এক ‘মণি-কাঞ্চন’ সংযোগ।


(চাৰি)

কৈশোৰতে জ্যোতি-বিষ্ণুৰ সান্নিধ্যৰে মনত প্ৰগতিশীল চিন্তা-চেতনাৰ উন্মেষ ঘটাৰ পাছত তৰুণ ভূপেনৰ শিল্পীসত্তাক সাধাৰণ জনতাৰ দুখ-কষ্টৰ প্ৰতি সততে দৰদী, জনমুখী, সংগ্ৰামী মানসিকতাৰ গৰাকী কৰি গঢ়ি তোলা গণনাট্য সংঘৰ জন্ম হৈছিল ১৯৪৩ চনত। অসমত প্ৰথম শাখা গঠন হৈছিল ১৯৪৪ত গুৱাহাটীত। প্ৰথম প্ৰাদেশিক সন্মিলন অনুষ্ঠিত হৈছিল শিলচৰত। সভাপতি আৰু সম্পাদক নিৰ্বাচিত হৈছিল ক্ৰমে জ্যোতি প্ৰসাদ আগৰৱালা আৰু হেমাংগ বিশ্বাস। ভূপেন হাজৰিকা প্ৰথম গণনাট্যৰ সংস্পৰ্শলৈ আহিছিল ১৯৪৬-৪৭ত। ১৯৪৯ত উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যোৱাৰ পাছত কিছুদিনৰ বাবে সংঘৰ পৰা আঁতৰত থাকিব লগা হৈছিল। ১৯৫২ৰ শেষত ডক্টৰেট ডিগ্ৰী লৈ স্বদেশলৈ ঘূৰি অহাৰ পাছতে গণনাট্যৰ সৈতে ভূপেনদা একাত্ম হৈ পৰিল। সৃষ্টি কৰি গ’ল এটাৰ পাছত আন এটা যুগজয়ী গীত। সেই গীতবোৰে প্ৰচণ্ড আলোড়ণৰ সৃষ্টি কৰিলে সাংস্কৃতিক জগতত, মানুহৰ মনত। কঁপাই তুলিলে চৰকাৰ বাহাদুৰক। ভূপেন দাক লতাশিলৰ বিহুতলীত গীত গাবলৈ নিদিয়া আৰু তাৰ বাবে ভূপেন দাৰ গীতবোৰ হেমাংগ বিশ্বাসে এটা ৰাতিৰ ভিতৰতে ছপাই আনি ৰাইজৰ হাতে হাতে বিলোৱাৰ ব্যৱস্থা কৰাৰ কথা আমি ইতিমধ্যে উনুকিয়াই আহিছোঁ। সেই বিহুতলীত কিছু সংখ্যক ডেকা-গাভৰুক লগত লৈ ভূপেন দাই গাবলৈ ৰচিছিল এটি দীঘলীয়া বিহুগীত। সেই বিহুগীতৰে দুটামান কলিলৈ লক্ষ্য কৰক-

এহিমানৰ কথাখিনি এহিমানে থওঁ
হালোৱা-হজুৱাৰ কথাখিনি কওঁ।
ইফালেদি লথিয়ায় তোক নাজিতৰা
সিফালেদি লথিয়ায় তোক।
ৰঙালী বিহুটিক কঙালী কৰিলে
পেটৰে নুগুচে ভোক
নাজিতৰা, পেটৰে নুগুচে ভোক।
দুদিন বিহু কৰি এবছৰ কান্দিবি
গিলিবি দুখৰে ঢোক।
গাঁৱৰে এইগাল লোক,
হ’ল মহাজনৰ ঢোপ।
বোলো ধেমালি চাই যা ধেমালি চা।..

এইদৰে বিহুগীতৰ মাজত সচৰাচৰ থকাৰ দৰে ডেকা-গাভৰুৰ প্ৰেম-পিৰিতি, বিৰহৰ কথাকে প্ৰাধান্য নিদি ভূপেন দাই বিহুগীতৰ মাজেৰে মানুহৰ সমাজৰ আচল ৰূপ, দুখীয়া-নিচলাৰ দুৰাৱস্থাৰ ৰূপ, শোষণ-নিষ্পেষণৰ ছবি প্ৰকাশ কৰি ডেকা-গাভৰুক ৰূঢ় বাস্তৱৰ পিনে মূৰ তুলি চাবলৈ শিকাইছিল, সজাগ কৰি তোলাৰ প্ৰয়াস কৰিছিল।


‘পাহাৰে-ভৈয়ামে টঙালি বান্ধি লৈ
ৰাইজে ক’লেহি মোক,
জীৱনটো পণ কৰি নিজে হেনো খেদিব
সমাজৰ তেজ শোহা জোক
অ’ দেশৰে ৰাইজখন চা।
শুদা শুদা মাকোটি খট খট চলে
বোৱনীয়ে হেঁপাহেৰে চানেকি ল’লে
ক’লা ক’লা বজাৰত সূতাৰ দাম দেখি দুখুনীয়ে পাইছে শোক,
ৰাইজৰ এইগাল লোক, হ’ল কাৰোবাৰ ঢোপ;
বোলো ভদীয়া চাই যা, চাই যা, চাই যা ঐ..

এইদৰে এই দীঘল বিহুগীতৰ প্ৰতিটো কলিৰ মাজতে প্ৰকাশ পাইছে ৰূঢ় বাস্তৱ, সমাজৰ প্ৰকৃত চেহেৰা। ১৯৫৩ চনতে লিখা গীতটোৰ কথাখিনি জানো আজিও মিলি থকা নাই? ছলনা-বঞ্চনাৰ ছবিখন জানো একেই হৈ থকা নাই? ভূপেন দাই কিন্তু সেই অৱস্থাৰ অৱসান বিচাৰি মানুহক তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ, সাহসৰে থিয় দিবলৈ উদ্বুদ্ধহে কৰিছিল গীতৰ মাজেৰে। চকুলো টুকি, ভাগ্যক ধিয়াই মানি ল’বলৈ কোৱা নাছিল।

“কাঢ়ি নিয়া মাটিখিনি, বন্ধকৰ মাটিখিনি
ৰাইজে পালেহে গুচিব পিয়াহ-ভোক।
বিহুতলী তেতিয়া ৰজনজনাব
নাচিব দেশৰে লোক।
বোলোঁ দেখিবি ন-ন ৰূপ।

বোৱঁতী সুঁতিটোক ভেটিব নোৱাৰি
ভেটা ভাঙে ঘনে ঘনে,
বিদ্ৰোহী ৰাইজে কঢ়িয়াই লৈ যোৱা
সংগ্ৰামক ভেটিব কোনে?

বোলোঁ দেশৰে ৰাইজখন আগুৱাই যা
বুকু পাতি যা
দলদোপ দলদোপ
হেন্দোলদোপ
ধেমালি চাই চাই যা..

এনেবোৰ কথা থকা গীতক চৰকাৰ বাহাদুৰে ভয় নকৰি পাৰে নে? কেনেবাকৈ যদি ৰাইজখনে কথাখিনি ভালকৈ বুজিবলৈ আৰম্ভ কৰে, আচল চেহেৰা ওলাই নপৰিব জানো? এইদৰে সেই সময়ছোৱাত ৰচিত ভূপেন দাৰ প্ৰতিটো গীততে ফুটি উঠিছিল সমাজৰ আচল ৰূপ। আছিল সাধাৰণ জনতাক সজাগ কৰাৰ প্ৰয়াস।

(পাঁচ)

১৯৫৩ চনতে লিখা ‘দোলা, হে দোলা’ গীতটোৰ বিষয়ে ভূপেনদাই এনেদৰে লিখিছে, “দোলাভাৰীসকলৰ জীৱনৰ বিষয়ে লিখিছিলোঁ- ‘দোলা দোলা’ গীতটো। পিছে সেই দোলাভাৰী আজিকালি নাই। এই দোলাক সামন্ত যুগৰ শোষণৰ প্ৰতীক কৰি লৈ গীতটো মই লিখিছিলোঁ। আজি সামন্ত যুগো নাই, দোলাও নাই; কিন্তু শোষকৰ সংখ্যা জানো কমিছে? সেই কাৰণেই আজিৰ শোষকসকলৰ সুখ-সম্ভোগৰ দোলাখন যেন শোষিতসকলৰ কান্ধৰ ওপৰতে আছে- সেই কথা সোঁৱৰাই দি কৈছোঁ-

ওখকৈ পাহাৰৰ টিংটোত উঠিছোঁ
ভালকৈ খোজটি মিলা
আমাৰ কান্ধৰ পৰা পিছলিব লাগিলে
বাগৰি পৰিব দোলা।

গীতটোত শোষকসকলক সকীয়াই দিয়াৰ লগতে শ্ৰমজীৱি মানুহৰ সংগ্ৰামৰ বিষয়েও উল্লেখ কৰিছিলোঁ এনেকৈ-

দোলাৰ ভিতৰত তিৰবিৰ কৰিছে
চহকী পাটৰে পাগ
ঘনে ঘনে দেখিছোঁ লৰচৰ কৰিছে
শুকুলা চোঁৱৰৰ আগ।
মোৰ হে ল’ৰাটিক এইবাৰ বিহুতে
নিদিলোঁ সূতাৰে চোলা।
চকুলো ওলালেও মনটি নেভাঙো
কঢ়িয়াই লৈ যাওঁ দোলা।
যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি
কান্ধ ভাঙো ভাঙো কৰে, (হে’ কৰে)
বৰ বৰ মানুহে দোলাত টোপনিয়ায়
আমাৰ হে ঘামবোৰ পৰে অ’ সৰে।
… …. …
সেইদৰে ‘ভাঙ শিল ভাঙ’ গীতটোৰে ভূপেনদাই ক’ব বিচাৰিছিল যে সমাজ-অৰণ্যৰ অহংকাৰী শিলবোৰ ভঙাৰ এয়ে সময়। কিন্তু ভাঙিব কোনে? ভাঙিব লাগিব সমাজৰ শ্ৰমজীৱি সৰু সৰু অৱহেলিত মানুহবোৰে। গীতটোত শোষিত সৰু সৰু মানুহৰ অমানুষিক শ্ৰমৰ বিনিময়তে যুগে যুগে সভ্যতা গঢ় লৈ উঠিছে, সেই কথা প্ৰকাশ কৰি ভূপেনদাই লিখিছে,

নিজ হাতেৰে শুকান মাটি খান্দ, সৰু শিলেৰে সেন্দুৰী আলি বান্ধ
অ’ তই নিজ হাতে গঢ় দিয়া আলিটোৰে অহা যুগৰ সভ্যতাই আগবাঢ়ে
তই শিলেৰে ইতিহাস ৰচোঁতা
তই সাম্যৰ সৰগ ৰচোঁতা..

“সেইখিনি সময়ত মই ৰচনা কৰা গীতৰ মূল উদ্দেশ্য আছিল-শোষণ আৰু বন্ধন মুক্তিৰ বাবে প্ৰকৃত পথৰ সন্ধান কৰা। সঁচা সৰু মানুহৰ প্ৰতি থকা মোৰ নিভাঁজ প্ৰেমেই মোক অনুপ্ৰাণিত কৰিছিল এই শ্ৰেণীৰ গীত ৰচিবলৈ।” ভূপেন দাই লিখি থৈ গৈছে। সেইখিনি সময় মানে ভূপেনদাৰ গণনাট্য সংঘৰ সৈতে থকা সময়। সৰু সৰু মানুহৰ বুকুত সাহস আৰু আশাৰ সঞ্চাৰ কৰিবলৈ “ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি” গীতটোত ভূপেনদাই লিখিছে,

“ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি
য’ত জ্যোতিয়ে নিতৌ নাচে।
তাত কণ্ঠেৰে মোৰ দিম অঞ্জলি
সুৰে মোৰ সাজোন কাচে..

…..
মুক্ত বায়ু মোৰ প্ৰাপ্য
য’ত সামুহিক জীৱনৰ উৎস আছে
পৰাজয় নিৰাশাৰ সমাধি ভেটিত
আশাই কবিতা ৰচে।

সেই সময়ছোৱাৰ ভিতৰতে ভূপেনদাই ৰচনা কৰা এটি মৰ্মস্পৰ্শী গীত আছিল “এন্ধাৰ কাতিৰ নিশাতে”। এই গীতটোৰ বিষয়ে ভূপেনদাই এনেদৰে লিখিছে, “এন্ধাৰ কাতিৰ নিশা এগৰাকী দুখুনী মাতৃৰ ফুলকুমলীয়া সন্তানে খাবলৈ নেপাই মৃত্যুবৰণ কৰাৰ কৰুণ কাহিনীৰে ৰচনা কৰা ‘এন্ধাৰ কাতিৰ নিশাতে” বোলা গীতটোত মই অকল সন্তানহাৰা মাতৃয়ে বুকু ঢকিয়াই কন্দাৰ কথাকে কোৱা নাই- পানেই নামৰ হাজাৰ হাজাৰ দুখুনী মাতৃয়ে অকল নিচুকণী গীত গাই চকুপানী নুটুকি এখন নতুন সমাজ গঢ়াৰ সংকল্প লৈ, কিদৰে বিদ্ৰোহী হৈ উঠিব পাৰে, তাকো কৈছোঁ গীতটোৰ মাজেৰে।”

ভগ্নী কুইন হাজৰিকা (সুদক্ষিণা শৰ্মা)ৰ সৈতে গোৱা এই গীতটোৱে (পাছত অঞ্জু দেৱীৰ সৈতেও গাইছে ভূপেনদাই) আজিও সংবেদনশীল শ্ৰোতাৰ হৃদয়ত এক বাখ্যাতীত কৰুণতাৰ ঢৌ তোলে।

(ছয়)

অসমীয়া গীতি-সাহিত্যত ‘এন্ধাৰ কাতিৰ নিশাতে’ ৰ দৰে হৃদয়স্পৰ্শী কৰুণ আবেদন অতি বিৰল। আটাইতকৈ মন কৰিবলগীয়া কথাটো হ’ল জীৱনৰ অতি নিষ্ঠুৰ বাস্তৱৰ মুখামুখি হৈয়ো পানেইৰ দৰে তেনেই নিশকতীয়া, সম্বলহীন এগৰাকী দুখুনী নাৰীৰ বুকুতো যে বিদ্ৰোহৰ জুই জ্বলিব পাৰে, সেই আশা আৰু সম্ভাৱনাকো ভূপেনদাই গীতৰ মাজেদি প্ৰকাশ কৰিছে। মাছমৰীয়া জীৱনৰ অতি কঠোৰ বাস্তৱ আৰু জীৱন সংগ্ৰামৰ ৰূপ ফুটাই তুলিছে “পৰহি পুৱাতে টুলুঙা নাৱতে ৰংমন মাছলৈ গ’ল” গীতটোৰ মাজেৰে। গীতটোৰ কৰুণতাই শ্ৰোতাৰ হৃদয় চুই যায়।

“ভূপেন হাজৰিকা আৰু গণনাট্য যুগৰ চেতনা” শীৰ্ষক নিবন্ধটোত বিশিষ্ট সাহিত্যিক ডঃ পৰমানন্দ মজুমদাৰে ভূপেন দাৰ গীতবোৰৰ সঠিক ভাৱেই মূল্যায়ন কৰিছে এইদৰে, “এই সময়ৰ বেছিভাগ গীততে শ্ৰেণী সংগ্ৰামৰ সুৰ স্পষ্ট। সাম্যবাদী সমাজ গঢ়াৰ লক্ষ্যৰ পিনে গীতিকাৰে জনজীৱনক উদ্বুদ্ধ কৰিব খুজিছে কোনো দ্বিধা নোহোৱাকৈ।”

১৯৪৯ চনত চিকাগোৰ ৰে’ল ষ্টেচনত ৰৈ থাকোঁতে ভূপেন দাই ৰচনা কৰিছিল আন এটি বিখ্যাত গীত “ঝক ঝক ৰে’ল চলে”। শ্ৰমিকক মে’ দিৱসৰ অভিনন্দন জনোৱাৰ বাবে ৰচনা কৰা গীতটো ১৯৫৩ চনত ভাৰতৰ পৰা চীনলৈ যোৱা সাংস্কৃতিক দলৰ সদস্য দিলীপ শৰ্মাক চীনত গাবলৈ ভূপেনদাই সুৰ কৰিছিল। গীতটোৰ মাজেৰে তেওঁ দৃঢ়তা আৰু সম্ভাৱনা ব্যক্ত কৰিছে এনেদৰে,

“ঝক ঝক ৰে’ল
চলে মোৰ
ৰে’ল চলে মোৰ ৰে’ল চলে
সাম্য ৰিঙিয়াই,
শান্তি উকিয়াই ৰে’ল চলে।।
… … …
… … ….
যন্ত্ৰ যুগৰ সু-মহান কৃষ্টিৰে
মানুহৰ মুক্তিৰ গঢ়িম সোপান
নতুনৰ গতি খেদি বাহুৱে বাহুৱে বন্ধা,
আকাশ পৰশি যোৱা
একতাৰ বান্ধোনক
ৰুধিব কোনে?
সাম্যৰ ধুমুহাই ঠেলে ঠেলে।

গীতটোত ফায়াৰ মেন, ছিগনেল মেন, ড্ৰাইভাৰ, লাইনচমেন, বনুৱা, কেৰাণী সকলোৰে জীৱন সংগ্ৰামৰ কথা আছে; সকলো যদি ঐক্যবদ্ধ হয়, সেই ‘একতাৰ বান্ধোনৰ’ শক্তিক কোনোৱে যে ৰুধিব নোৱাৰে, সেই সম্ভাৱনাৰে সকলোকে উজ্জীৱিত কৰাৰ প্ৰয়াস আছে।

আমেৰিকাত পঢ়ি থকা সময়তে কৰা আফ্ৰিকা ভ্ৰমণৰ সময়ত কাইৰোৰ নীল নদীৰ পাৰত ১৯৫২ চনৰ কোনোবা এটি দিনত ভূপেন দাৰ কাপেৰে ওলাই আহিছিল “অতীতৰ বুৰঞ্জী লিখকে লিখিছিল” এই যুগজয়ী গীতটি।

“অতীতৰ বুৰঞ্জী লিখকে লিখিছিল
ৰজা মহাৰজাৰ কথা-
আজিৰ বুৰঞ্জী
লিখকে লিখিছে
মানুহৰ মুকুতিৰ কথা-”

ভূপেনদাৰ সৃষ্টিত মিছৰ দেশৰ ‘ফাল্লাহীন’ (দুখীয়া কৃষক), মিছিছিপিৰ পাৰৰ কপাহৰ খেতিৰ ‘নিগ্ৰো কৃষক ‘জন’ আৰু লুইতৰ পাৰৰ মাছমৰীয়া ৰংমনৰ জীৱন সংগ্ৰাম একাকাৰ হৈ পৰিছে, সকলোৰে বিননি একে, বুকুৰ বেথা একে..
এই গীতটোৰ শেষৰ ফালে ভূপেনদাই গভীৰ প্ৰত্যয়ৰে লিখিছে,

“পাহৰি পেলালোঁ
বুৰঞ্জীয়ে গোৱা
সামন্ত যুগৰে কথা-

সময়ৰ সাহেৰে
লিখি যাম আজি মই
মানুহৰ মুকুতিৰ কথা-”

(সাত)

সেইখিনি সময়তে (১৯৫৩) ভূপেন দাই ৰচা আন এটি গীত আছিল “নামি আহা সুন্দৰৰে সেনা শিল্পী দল”। এই গীতটোৰ মাজেৰে ভূপেন দাই সমাজৰ ‘পিশাচী এন্ধাৰ’ৰূপী শোষণ-নিষ্পেষণ, অসমতা, দুৰ্বলীৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে থিয় দিবলৈ শিল্পী সমাজলৈ আহ্বান জনাইছিল। নহ’লে অশান্তি নামি আহিব সমাজলৈ, ‘ধৰা হ’ব ৰণেৰে ৰাঙলী’৷

“নামি আহা সুন্দৰৰে সেনা শিল্পী দল
এৰা সপোন ধেমালি
বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
ধৰা হ’ব ৰণেৰে ৰাঙলী।

শিল্পী সমাজলৈ আহ্বান জনাইছে এনেদৰে,

“(আজি) সমাজৰ নাটঘৰ সজোৱা পৰোৱা
সাম্যৰ ৰহণ ঢালি
শান্তিৰ ৰহণ ঢালি।”
(এই গীতটো ভূপেনদাই পাছত তেওঁ সংগীত পৰিচালনা কৰা বোলছবি “অশান্ত প্ৰহৰ”(১৯৯৪)ত লৈছিল।)

আজি আমাৰ সন্মুখত ‘পিশাচী এন্ধাৰ’ ৰূপে থিয় দিছে ধৰ্মীয় মৌলবাদ, সাম্প্ৰদায়িক ৰাজনীতি। ধৰ্মৰ নামত, ভাষাৰ নামত মানুহৰ মাজত ঘৃণা আৰু বিদ্বেষ, বিভাজনৰ ৰাজনীতি। ইয়াক বাধা দিব নোৱাৰিলে সমাজ আৰু দেশ যে বিপৰ্যয়ৰ গৰাহত পৰিব, সেই কথা এশ শতাংশই সত্য। ভূপেন দাই সেই তেতিয়াই জনোৱা আহ্বান আজি শিল্পী সমাজ তথা উঠি অহা তৰুণ চামে হৃদয়ংগম কৰিব পাৰিবনে? বছৰে বছৰে ভূপেন দাৰ জন্মদিন, মৃত্যু দিন উদযাপনৰ লগতে তেওঁৰ গীতসমূহৰ মাজত নিহিত হৈ থকা সতৰ্কবাণীও আমি বুজিবলৈ চেষ্টা কৰা উচিত নহয় নে?

সেই একে আহ্বান জনাইছিল ১৯৬৪ ত ভূপেন দাই আন এটি গীতৰ মাজেৰে। গীতটো আছিল ‘অস্ত আকাশৰে সপোন ৰহণ সানি’ সুন্দৰৰ সাধনা কৰা শিল্পীসকলক তেওঁ সপোন আৰু কল্পনাৰ জগতখনৰ বাহিৰেও বাস্তৱৰ মাজলৈ আহিবলৈ, সমাজৰ মানুহৰ জীৱন সংগ্ৰামৰ বুৰঞ্জী, আশা-নিৰাশাৰ বতৰা ল’বলৈ আহ্বান জনাইছে এনেদৰে,

“দুয়োপাৰে কত মানুহ কত যে ইতিহাস
কত যুগৰ কত আশা নিৰাশাৰে নিশ্বাস-
লক্ষ্য যদি দিগন্ত, শিল্পী হে তোমাৰ,
পদুমৰে পানচৈ চপোৱা এবাৰ
দেখিবা জীৱনৰে দিগন্ত অপাৰ”

ভূপেনদাই সকিয়াইও দিছে- এইখিনি কৰোঁতে কিন্তু দেৰি কৰিলে নচলিব। কিয়নো

“বেলি যে যায়, বেলি যে যায়, বেলি যে যায়..

অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়, বৈ যায়, বৈ যায়..”

( আঠ)

১৯৫৪ ত ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা আৰম্ভ কৰে। গণনাট্য সংঘৰ অনুষ্ঠানবোৰতো সক্ৰিয় অংশ লয়। সেই বছৰতে ঢোলৰ যাদুকৰ মঘাই ওজাৰ (যি গৰাকীৰ প্ৰতিভা বাহিৰলৈ উলিয়াই আনি সকলোকে চমক খুৱাইছিল হেমাংগ বিশ্বাসে) সৈতে গণনাট্য সংঘৰ নিমন্ত্ৰণত কলিকতাৰ ‘ৱেলিংট’ন স্কোৱাৰ’ত হোৱা অনুষ্ঠানত অংশ লৈছিল। মঘাই ওজা ঢোলবাদনে যেনেকৈ অগণন শ্ৰোতা-দৰ্শকক মুহি পেলাইছিল, তেনেকৈ ভূপেন হাজৰিকাৰ গীতেও সকলোৰে মন মুহিছিল। বংগত ভূপেন হাজৰিকাৰ জনপ্ৰিয়তাৰ সেয়াই আৰম্ভণি আছিল।

১৯৫৫ চনত গুৱাহাটীত হোৱা গণনাট্য সংঘৰ তৃতীয় প্ৰাদেশিক সন্মিলনৰ গণশিল্পী হেমাংগ বিশ্বাসৰ সৈতে যুটীয়া সম্পাদকৰ দায়িত্ব পালন কৰিছিল সেই সময়তে অত্যন্ত জনপ্ৰিয় শিল্পী ভূপেন হাজৰিকাই। চৰকাৰৰ বিভিন্ন বিধি-পথালি স্বত্ত্বেও অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ মাজত এই সন্মিলনে অভূতপূৰ্ব সফলতা লাভ কৰিছিল সংঘৰ আদৰ্শবান কৰ্মীসকলৰ অকল্পনীয় পৰিশ্ৰম, যুটীয়া সম্পাদক হেমাংগ বিশ্বাসৰ সাংগঠনিক দক্ষতা, দৃঢ়তা আৰু ভূপেন হাজৰিকাৰ জনপ্ৰিয়তাৰ বাবেই। ভাৰতৰ বিখ্যাত শিল্পী সাহিত্যিক বলৰাজ চাহানী, ওমৰ শ্বেইখ, শম্ভু মিত্ৰ, মণ্টু ঘোষ, সলিল চৌধুৰী, হেমন্ত মুখাৰ্জী আদিয়ে অংশ লোৱা এই সন্মিলনত বিভিন্ন জনগোষ্ঠীৰ নৃত্য-গীত আৰু অংশগ্ৰহণে এক মহামিলনৰ মহাতীৰ্থত পৰিণত কৰিছিল গুৱাহাটীক। হাজাৰ-বিজাৰ সংস্কৃতিবান লোকৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহণত অভিভূত হৈ ভূপেনদাই ৰচনা কৰিছিল এই গীতটো-

“ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক?

ওলাই দেখোন আহিলে ৰহদৈৰে জাক

লগে লগে ল’ৰি আহিল সেউতীহঁতৰ মাক

পাহাৰ বগাই নামি আহিল ডালিমীৰে জাক

শুৱনীকৈ অসমীৰে একতাৰে সূতাবোৰে

মহুৰাতে ল’লেহি পাক।..

… …. ….

গাঁৱৰ আৰু গাঁওবাসীৰ সহজ-সৰল জীৱন যাত্ৰাৰ ছবিও গীতটোৰ মাজেৰে অতি সুন্দৰভাৱে ফুটি উঠিছে।

গুৱাহাটী বিশ্ববিদ্যালয়তো সংগীত চৰ্চাৰ এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছিল ভূপেনদাই। দিল্লীত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ভূপেনদাৰ পৰিচালনাতে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটোৱে। প্ৰতিভা আৰু খ্যাতিৰ জোৰতে ভূপেনদাই ১৯৫৬ চনত ৰাছিয়াৰ হেলচিংকীত অনুষ্ঠিত বিশ্ব শান্তি সন্মিলনত ভাৰতীয় দলৰ প্ৰতিনিধিৰূপে অংশগ্ৰহণৰ সুযোগ পায়। বিভিন্ন দেশৰ প্ৰতিনিধিৰ সৈতে হোৱা সাংস্কৃতিক আলোচনা, মত বিনিময় কৰি সমৃদ্ধ হোৱা ভূপেনদাই অসমত এক অবাঞ্ছনীয় পৰিস্থিতিৰ মুখামুখি হ’ল। যাত্ৰাপথৰ অসুবিধাৰ বাবে তিনিদিন পলমকৈ বিশ্ববিদ্যালয় আহি পোৱা ভূপেন হাজৰিকাৰ তিনিদিনৰ দৰমহা কৰ্তনৰ বাবে দিয়া নিৰ্দেশত ক্ষুব্ধ আৰু অপমানিত অনুভৱ কৰি ভূপেনদাই চাকৰি ইস্তফা দিলে। সেই সিদ্ধান্ত লোৱাৰ সময়ত আহি ওলাইছিল নটসূৰ্য ফণী শৰ্মা। তেওঁ ভূপেনদাক এনে এক সিদ্ধান্ত ল’বলৈ মানা কৰিছিল যদিও ভূপেনদা নিজৰ সিদ্ধান্তত অটল। নতুন কিবা কৰিবলৈহে তেওঁৰ মন। “তেতিয়া হ’লে তুমি সংগীত পৰিচালনা কৰা আমাৰ চিনেমা ‘পিয়লি ফুকন’ৰ। তোমাক তোমাৰ প্ৰাপ্য দিয়া হ’ব। এয়া আগধন এশ টকা লোৱা।” সেই এশ টকাৰ বুকুৰে খৰচ নোহোৱাকৈ ৰোৱা পয়ত্ৰিশ টকা লৈয়েই ভূপেনদা কলিকতালৈ ওলাল ভাগ্য অন্বেষণত। মতামত বিচাৰিছিল হেমাংগ বিশ্বাসৰ পৰা।তেওঁ তেতিয়া কৈছিল, “পৃথিৱীৰ মানুহে তোমাক বিচাৰে ভূপেন। তুমি অকল অসমত থাকিলেই নহ’ব। তোমাক অসমৰ মানুহে বুজি পালেও নেতাসকলে বুজি নাপাব। পৃথিৱীৰ সৈতে যুঁজি জয়ী হ’বলৈ হ’লে কলিকতা মহানগৰীলৈ গুচি আহা।” কেইবা বছৰো একেলগে কাম কৰাৰ পাছত হেমাংগ বিশ্বাসে খুব ভালকৈয়ে জানিছিল ভূপেনদাৰ প্ৰতিভা আৰু দক্ষতাৰ কথা।

কলিকতাত আৰম্ভ হ’ল ভূপেনদাৰ সুৰীয়া জীৱন। গণনাট্য সংঘৰ সৈতে যোগাযোগ আৰু আত্মীয়তা থাকিল আগৰ দৰেই। সেই আত্মীয়তা, যোগাযোগ আৰু গণ নাট্যৰ মজিয়াৰ মহান ঐতিহ্যৰ অনুগামী হোৱাৰ বাবেই ভূপেন দাই ১৯৬০ চনত অসমত অসমীয়া আৰু বাঙালীৰ মাজত হোৱা ভাষা কেন্দ্ৰিক সংঘৰ্ষৰ দাবানলৰ মাজত কলিকতাৰ পৰা দৌৰি আহি মানুহৰ ওচৰলৈ গানেৰে ওচৰ চাপি যোৱাৰ সাহস গোটাব পাৰিছিল। সেয়া আছিল অসমৰ সাংস্কৃতিক আন্দোলনৰ এক গৌৰৱময় ইতিহাস। গণশিল্পী হেমাংগ বিশ্বাসৰ সৈতে এক সাংস্কৃতিক বাহিনীৰ নেতৃত্ব দি ভূপেনদাই অসমৰ সংঘৰ্ষ জৰ্জৰিত ঠাই সমূহ ভ্ৰমণ কৰি ৰাইজৰ লগত কথা পাতি, গান গাই তেওঁলোকৰ দুখ-যন্ত্ৰণাৰ উপশম ঘটোৱাৰ আন্তৰিক চেষ্টা চলাইছিল। দুয়োজনে অন্তৰ ঢালি লিখি উলিয়াইছিল ‘হাৰাধন-ৰংমনৰ গীত’ – এই হাজাৰ হাজাৰ মানুহৰ হৃদয় জয় কৰা অমৰ গীতটি, য’ত জাতি-ভাষাৰ উৰ্ধত মানুহৰ মনৰ সুখ-দুখ আৰু মিলনৰ মনোৰম বাৰ্তা আছে। অসমীয়া আৰু বাংলা এই দুয়োটা ভাষাতে ৰচিত এই গীতটিত অসমীয়া কৃষক ৰংমনৰ ৰূপত ভূপেন হাজৰিকা আৰু বাঙালী কৃষক হাৰাধনৰ ৰূপত হেমাংগ বিশ্বাসে একেলগে কণ্ঠ মিলাই অসমীয়া আৰু বাংলাভাষীৰ মাজত মিলনৰ সেঁতু গঢ়াৰ প্ৰয়াস কৰিছিল৷ গীতটোৰ আবেদনে আজিও শ্রোতাৰ মন জোকাৰি যায়। বিহু আৰু ভাটিয়ালী সুৰেৰে গোৱা এই হৃদয় জুৰোৱা গীতটিৰ একেবাৰে শেষৰ শাৰী (দ্বৈত কণ্ঠত গোৱা) কেইটা আছিল-

“এনেনো ভাল লাগে বান্ধৈ এনেনো ভাল লাগে
এমন ভাল লাগেৰে বন্ধু এমন ভাল লাগে
তুমি নাচ বিহু নাচ আমি দিব তালি
ঐক্য টানে মিলে যাব বিহু-ভাটিয়ালী
দেশকে আবার গঢ়বো মোৰা বুকেৰ মৰম ঢালি।”

সেই সাংস্কৃতিক যাত্ৰাৰ মাজতে ভূপেন দাই ৰচিছিল “মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে” গীতটো। এইটো গীত পাছলৈ বিবিচি বাংলা (BBC Bangla)ৰ সমীক্ষাত বিশ্বৰ শ্ৰেষ্ঠ কুৰিটা গীতৰ ভিতৰত স্থান লাভ কৰিছিল।

বাওঁপন্থী শিবিৰৰ মাজত আৰম্ভ হোৱা দ্বন্দ্ব আৰু আন কেতবোৰ কাৰকৰ প্ৰভাৱত পাছলৈ গণনাট্য সংঘ দুৰ্বল হৈ পৰিছিল যদিও ভূপেনদাৰ জীৱনত গণ নাট্যৰ প্ৰভাৱ ম্লান হোৱা নাছিল। সেই বাবেই ভূপেনদাই আকৌ আশীৰ দশকৰ আগভাগতে অসম আন্দোলনৰ ভৰপক সময়ত ডিবৰু চহৰত শিল্পী-সাহিত্যিক লোকনাথ গোস্বামী আৰু আন বহুজনে গঢ়ি তোলা প্ৰগতিশীল সাংস্কৃতিক সংগঠন “সদৌ অসম জন সাংস্কৃতিক পৰিষদ”ৰ সভাপতিৰ গুৰু দায়িত্ব ল’বলৈ আগবাঢ়ি আহিছিল। জন সাংস্কৃতিক পৰিষদৰ সভাপতি ৰূপে ভূপেনদাই ১৯৬০ চনৰ দৰেই পালন কৰিছিল এক গৌৰৱময় ভূমিকা। ‘জুয়ে পোৰা তিৰাশি’ৰ সেই বিভীষিকাময় দিনবোৰত ভূপেনদাই আকৌ মানুহৰ মাজলৈ গৈছিল গানেৰে শান্তি-সম্প্ৰীতিৰ বাৰ্তা লৈ। ভূপেনদাৰ সেই যাত্ৰাও সফল হৈছিল।

গণ নাট্যই যে ভূপেনদাৰ শিল্পী জীৱনৰ ভেটি নিৰ্মাণ কৰি দিছিল, তেওঁৰ চিন্তা-চেতনাক গঢ় দিছিল, সমৃদ্ধ কৰিছিল- সেই কথা তেওঁ নিজেই একাধিক বাৰ স্বীকাৰ কৰি গৈছে। ভূপেনদাৰ জীৱন আৰু শিল্প পৰিক্ৰমাৰ বিষয়ে তেওঁক নিজেই ওচৰৰ পৰা অসমৰ বিশিষ্ট লেখক-সমালোচক ডঃ পৰমানন্দ মজুমদাৰ ডাঙৰীয়াই “ভূপেন হাজৰিকাৰ শিল্পবোধ আৰু বিশ্ববীক্ষা” গ্ৰন্থত সঠিকভাৱেই মূল্যায়ন কৰিছে। তেওঁ লিখিছে, “ভূপেন হাজৰিকাৰ শিল্প পৰিক্ৰমাৰ কেন্দ্ৰবিন্দুত আছিল মানুহ আৰু সমাজখন। তেওঁ মানুহৰ মাজত সদায় বিচৰণ কৰি থাকিব বিচাৰিছিল। সমাজখনক তেওঁ ওচৰৰ পৰা চাবলৈ যত্ন কৰিছিল। সেয়ে সমাজৰ গতিপথৰ কোনটোক চিনাক্ত কৰাত তেওঁৰ অসুবিধা হোৱা নাছিল। তেওঁ সমাজৰ বৈষম্য দেখিছিল। মনে-প্ৰাণে এই বৈষম্যৰ অৱসান কামনা কৰিছিল। জাত-পাতত বিভক্ত সমাজ এখন তেওঁৰ কাম্য নাছিল। তেনেদৰে ধৰ্মৰ নামত চলা বিদ্বেষকো তেওঁ ঘিণাইছিল। প্ৰশ্ন উঠিব- ভূপেন হাজৰিকাও নিৰ্বাচনত এটি সাম্প্ৰদায়িক দলৰ প্ৰাৰ্থী হৈছিল! সেয়া আছিল তেওঁৰ সাময়িক বিচ্যুতি। তেওঁৰ চিন্তা আৰু ৰচনা সমগ্ৰত সাম্প্ৰদায়িকতাৰ পক্ষত এটা শব্দও নাই। সেই ত্ৰুটিৰ স্বীকাৰোক্তিও তেওঁ দি গৈছে।…তেওঁ আছিল স্থিতাৱস্থাৰ বিপৰীত মেৰুত অৱস্থান কৰা এগৰাকী দিগন্ত কঁপাবলৈ বিচৰা শিল্পী।”

ভূপেনদাৰ বিভিন্ন সময়ৰ কাম-কাজক সমালোচনাৰে থকা-সৰকা কৰা অসমৰ বিশিষ্ট লেখক-সমালোচক, বুদ্ধিজীৱী ডঃ হীৰন গোহাঁই ছাৰে তেওঁৰ “ভূপেন হাজৰিকা আৰু অসমৰ জনগণ” শীৰ্ষক এটি লেখাত ভূপেনদাৰ শেষৰ জীৱন আৰু সৃষ্টিৰ বিষয়ে আলোকপাত কৰিছে। সমকালীন ৰাজনীতিত ভূপেনদাৰ অৱস্থান ‘ব্যক্তিগত সা-সুবিধা আদায় কৰাৰ সুযোগৰ ওপৰত ক্ৰমাৎ নিৰ্ভৰশীল’ হৈ পৰাৰ কথা উনুকিয়াই তেখেতে তাৰ কাৰণ হিচাবে বয়স বৃদ্ধিৰ লগে লগে স্বাভাৱিকভাৱেই কমি অহা শাৰীৰিক শক্তি, মনৰ উদ্যমৰ বাবেই আনৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পোৱা, আনেও তেওঁক প্ৰভাৱিত কৰাৰ সুযোগ পোৱা আৰু বাওঁপন্থী শিবিৰৰ লগত যোগাযোগ হ্ৰাস পোৱা- এই কেইটাই মূল কাৰক হিচাবে চিহ্নিত কৰিছে। এনে কিছু সাময়িক ত্ৰুটি-বিচ্যুতিৰ উৰ্ধত ডঃ হীৰেন গোহাঁই ছাৰে তেওঁৰ সুখপাঠ্য লেখাটোৰ শেষৰ ফালে ভূপেনদাৰ বিষয়ে কৈছে, “মনে-প্ৰাণে তেওঁ অসমৰ জনগণৰ বৈতালিক আছিল। তেওঁলোকৰ কৃষ্টি, তেওঁলোকৰ পৰম্পৰা আত্মস্থ কৰি অসাধাৰণ শিল্প প্ৰতিভাৰে তাক সংগীতৰ ৰূপত, ভৱিষ্যতেও জীৱিত হৈ থাকিবৰ উপযুক্ত ৰূপত, এক অভিনৱ অথচ অন্তৰংগ প্ৰাণময়তা দান কৰিছিল। তেওঁৰ আবেগেও পৰিণতিৰ ফালে গতি কৰিছিল। তেওঁ ‘সমালোচনাৰ অগনিৰে পুৰি’ নিভাঁজ হোৱাৰ কথা কৈছিল, আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱাৰ সংকল্প কৰিছিল। তাৰ তাৎপৰ্য অসমৰ পৰিপ্ৰেক্ষিততহে বুজা যায়। বিশ্বই তেওঁক মনত ৰাখিব, কিন্তু তেওঁ অসমীয়াৰ প্ৰাণপ্ৰবাহত বৈ থাকিব বেজবৰুৱাৰ দৰে।”

সহায়ক গ্ৰন্থ পঞ্জী:
১) মই এটি যাযাবৰ- ভূপেন হাজৰিকাৰ অনুলিখিত আত্মজীৱনী
২) ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ- ডঃ দিলীপ কুমাৰ দত্ত
৩) হেমাংগ বিশ্বাস ৰচনাৱলী- সম্পাদনা ডঃ পৰমানন্দ মজুমদাৰ
৪) মাটি আৰু মানুহৰ শিল্পী হেমাংগ বিশ্বাস- লোকনাথ গোস্বামী।
৫) বন্দিত ভূপেন দা, নিন্দিত ভূপেন হাজৰিকা- লোকনাথ গোস্বামী
৬) চেতনা প্ৰবাহ- জয়ন্তীৰ পৰা গণ নাট্য লৈ- ডঃ পৰমানন্দ মজুমদাৰ
৭) ভূপেন হাজৰিকাৰ শিল্পবোধ আৰু বিশ্ব বীক্ষা- ডঃ পৰমানন্দ মজুমদাৰ
৮) প্ৰগতিৰ সংগ্ৰাম আৰু অস্তিত্বৰ ছন্দ- ডঃ হীৰেন গোহাঁই।

Leave a Reply

Your email address will not be published. Required fields are marked *