গণতন্ত্ৰ, শ্ৰেণীচেতনা আৰু অন্যান্য চেতনাবোৰ- (ইন্দ্ৰজিৎ বৰা)
“জনগোষ্ঠীয় স্বাৰ্থ”, “ধৰ্মীয় স্বাৰ্থ”, “জাতীয় স্বাৰ্থ” আৰু আনকি “ৰাষ্ট্ৰীয় স্বাৰ্থ”ৰ দৰে কল্পনাপ্ৰসূত ৰাজনৈতিক “স্বাৰ্থ” বিলাকে মধ্যবিত্তক আধুনিকতাৰ গৰ্ভত জন্ম হোৱা দিনৰ পৰা ভালকৈয়ে বিপাঙত পেলাই আহিছে ৷ মধ্যবিত্তই নিজৰ যুক্তিশীল বিবেকেৰে যিমানেই শ্ৰেণীস্বাৰ্থৰ নিগূঢ় বাস্তৱতালৈ ঘূৰি নাহক কিয়, বাগধাৰাগত ৰাজনৈতিক প্ৰৱণতাই অন্তৰ্দ্বন্দ্বৰ পাতনি মেলে ৷ বাস্তৱধৰ্মী মধ্যবিত্ত তেতিয়া প্ৰতিক্ৰিয়াশীল বাগধাৰাবিলাকৰো প্ৰৱক্তা হৈ পৰে ৷ উল্লেখযোগ্য যে জাতীয় স্বাৰ্থৰ কাৰণ আৰু সমাধান দুয়োটাই যিকোনো জাতীয়তাবাদী ৰাজনীতিৰেই নিজস্ব বিশ্লেষণাত্মক পৰিধিৰ বাহিৰৰ বস্তু ৷ সেয়ে স্থান, পৰিস্থিতি অথবা সন্ধিক্ষণৰ ভিন্নতাই জাতীয় প্ৰৱণতাৰ অন্তৰ্নিহিত বস্তুগত ভিত্তিৰ বিশ্বজনীনতাক নাকচ কৰিব নোৱাৰে ৷ বাস্তৱধৰ্মী মধ্যবিত্তজনৰ বাবে বিশ্বজনীনতাহে আচলতে প্ৰাথমিক আৰু বাস্তৱ চিন্তা ৷ গণতান্ত্ৰিক প্ৰযুক্তিয়েও যেতিয়া গোষ্ঠীগত স্বাৰ্থৰ নামত গোষ্ঠীগত মুষ্টিমেয়কৰণ প্ৰক্ৰিয়াৰ সৈতে আপোচ কৰে, এইটো স্পষ্ট হৈ পৰে যে আচলতে শ্ৰেণী স্বাৰ্থইহে নিজৰ বাট বিচাৰি লয় ৷ কাৰণ, শ্ৰেণীচেতনা বস্তুগত আৰু কাল্পনিক আবেগ-অনুভূতিৰে ই আক্ৰান্ত নহয় । উদাহৰণস্বৰূপে, জাতীয় চেতনাৰ সৈতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ সম্পৰ্ক স্থাপন অথবা ৰাষ্ট্ৰীয়তাবাদৰ বাবে হিন্দী মাধ্যমৰ বাধ্যবাধকতাৰ মাজতো জাতীয় স্বাৰ্থ আৰু শ্ৰেণীস্বাৰ্থৰ মাজৰ এক মধ্যবিত্তীয় সংঘাত প্ৰতিফলিত হয় ৷ বাস্তৱধৰ্মী মধ্যবিত্তজনৰ বস্তুগত সিদ্ধান্তৰ মূলতে হ’ল এতিয়ালৈকে অসমীয়া অথবা হিন্দী কোনোটোৱেই পাঠ্যক্ৰমৰ মাধ্যম হিচাবে ইংৰাজীৰ সমকক্ষ নহয় ৷ গতিকে, কাৰণ এইটো নহয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ অৱস্থা শোচনীয়, প্ৰতিযোগিতাৰ দৌৰটোহে আচল কাৰণ ৷ তেনেকৈ এই পৰিচিতিকেন্দ্ৰিক ‘স্বাৰ্থ’বিলাকৰ মাজত সদায় শ্ৰেণী স্বাৰ্থই জয়ী হোৱাটো স্বাভাৱিক ৷
দৰাচলতে, বিভিন্ন পৰিচিতিকেন্দ্ৰিক স্বাৰ্থ আৰু চেতনাবিলাকৰ এক মুষ্টিমেয় উৎস অৱশ্যম্ভাৱী ৷ তাৰ বাবে এক পৰিসাংখ্যিক ভীতিগ্ৰস্ততাৰ সহায় লোৱা হয় ৷ ধৰ্ম, জনগোষ্ঠী, বৰ্ণ আদি বিভিন্ন পৰিচিতি নিৰ্বশেষে সাংস্কৃতিক ৰক্ষনশীল অথা মুষ্টিমেয়সকলে বিৱৰ্তিত সমাজত নিজৰ স্বাৰ্থৰ প্ৰতি সচেষ্ট হৈ পৰে ৷ উদাহৰণস্বৰূপে, ভাৰতবৰ্ষত আজি সঁচাকৈয়ে হিন্দু সমাজ সংকটাপন্ন নে ? অনস্বীকাৰ্য যে বৌদ্ধিক আৰু তাত্বিক স্তৰত হিন্দু জীৱন-সমাজ-দৰ্শনৰ যি বিশ্বজনীনতা সিয়েই বিৱৰ্তনৰ মাজেৰে এক প্ৰগতিশীল হিন্দু সমাজৰ প্ৰতিষ্ঠা কৰিছে ৷ যোৱা সময়ছোৱাত এই বিশ্বজনীন প্ৰমূল্যবোৰৰ ওপৰত ভিত্তি কৰিয়েই বিভিন্ন সংস্কাৰৰ মাজেদি সমাজ-সাংস্কৃতিক ক্ষেত্ৰটো আশাপদ পৰিৱৰ্তন আহিছে ৷ তেনেকৈ, ভৰতবৰ্ষৰ গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই হিন্দু ধৰ্মীয় পৰম্পৰাৰ মাজৰ পৰা এক সংখ্যাগৰিষ্ঠ সমাজ প্ৰতিষ্ঠা কৰিলে । গতিকে, এই প্ৰক্ৰিয়াত মুষ্টিমেয় ধৰ্মাত্মাসকল নিশ্চয় সংকটাপন্ন হৈছে ৷ আমাৰ সাংস্কৃতিক পৰম্পৰাৰ মাজত নিহিত থকা ইতিবাচক উপাদানবোৰক গঠনমূলকভাৱে সমাজ উত্তৰণলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াটোলৈ মূল প্ৰত্যাহ্বানেই হ’ল মুষ্টিমেয় ৰক্ষণশীলৰ স্বাৰ্থ । ইয়েই কাল্পনিকভাৱে নিৰ্মিত এক সামগ্ৰিক স্বাৰ্থৰ সমলীয়া হৈ পৰিচিতিকেন্দ্ৰিক বাগধাৰাৰ সৃষ্টি কৰে । আম্বেদকাৰৰ মূল প্ৰশ্নটোও এইটোৱেই আছিল যে বিশ্বজনীনতাৰ বৌদ্ধিক-তাত্বিক অগ্ৰগতিবোৰ সামাজিকভাৱে তৃণমূল পৰ্যায়তো যথাৰ্থভাৱে প্ৰতিফলিত হ’ব লাগিব, যি কালৰ বুকুত বৌদ্ধিক বিকাশৰ পৰা সম্পূৰ্ণকৈ বিচিন্ন হৈ পৰা প্ৰভূত্বশীল সামাজিক পৰম্পৰাক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাব । প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে মধ্যযুগৰ ধৰ্ম সংস্কাৰ আৰু আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ পৰিসীমাৰ ভিতৰত জন্ম হোৱা ধৰ্মীয় সংগঠনৰ মাজত পাৰ্থক্য স্পষ্ট । সামন্তীয় গাঁথনিৰ মাজতেই মধ্যযুগৰ ধৰ্মগুৰুসকলৰ মাজত সৃষ্টি হৈছিল একোজনকৈ সমাজ সংগঠক আৰু সংস্কাৰক ৷ আধুনিক ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠালৈকে হৈ থকা ধৰ্ম সংস্কাৰবিলাকেই আছিল আধুনিকতাৰো পথ প্ৰদৰ্শক ৷ এইখিনিতে শ্ৰীমন্ত শঙ্কৰদেৱৰ অসাধাৰণ আৰু অদ্বিতীয় ঐতিহাসিক গুৰুত্ব হ’ল যে তেখেতে অসমৰ মধ্যযুগীয়া সামন্তীয় সমাজ জীৱনৰ বান্ধোন হৈ থকা ধর্মীয় আচাৰ-ব্যৱস্থাক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাই অসমৰ সমাজ জীৱনক সংস্কাৰ-সমৃদ্ধ কৰি তোলে । ধর্মীয় আচাৰ-ব্যৱস্থাৰ সামাজিক গুৰুত্বক সাৰথি হিচাবে লৈ মধ্যযুগতেই শ্ৰীমন্ত শঙ্কৰদেৱৰ একশৰণ নামধৰ্মই এক প্ৰগতিশীল সমাজ উত্তৰণৰ ভূমিকা লৈছিল ৷ তাৰ বিপৰীতে, সাম্প্ৰতিক পৃথিৱীৰ সামাজিক-ৰাজনৈতিক জীৱনত পোষকতা কৰা ধৰ্মীয় আদৰ্শবাদ আধুনিকতাৰ পৰশত জাগি উঠা । সেয়ে ইয়াত মধ্যযুগৰ সেই ধৰ্ম সংস্কাৰৰ ইতিবাচক দিশবোৰ ঐতিহাসিকভাৱেই অসম্ভৱ আৰু ই মাত্ৰ ৰক্ষণশীলৰ পুনৰুত্থানবাদী প্ৰকল্প ৷
প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে জনসংখ্যাৰ পৰিসাংখ্যিক ভীতিগ্ৰস্ততাই এক পৰিচিতিকেন্দ্ৰিক আপেক্ষিকতাবাদ সৃষ্টি কৰাত মূখ্য ভূমিকা লয় ৷ পৰিসাংখ্যিক তথ্য বিশ্লেষণ আৰু গাণনিকভাৱে প্ৰমান্য জনসংখ্যাৰ ধাৰা নিৰ্ণয়ৰ ক্ষেত্ৰত সহজাত পৰ্যবেক্ষনিক সীমাবদ্ধতাবোৰ আছে ৷ কাৰণ জনসংখ্যাৰ ধাৰা কেৱল নৃতাত্বিক কাৰকে নিৰ্ণয় নকৰে, তাৰ লগত আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কাৰণবোৰ আছে ৷ গতিকে, ঐতিহাসিক ধাৰাৰ বিশ্লেষণ জনগোষ্ঠীগত পৰিসৰৰ ভিতৰতে আবদ্ধ কৰি পেলালে এক পৰিচিতিকেন্দ্ৰিক আপেক্ষিকতাৰ নিৰ্মাণ কৰিব পৰা যাব ৷ আৰু অতি সহজেই এই আপেক্ষিকতাৰে এক ৰাজনৈতিক বাগধাৰা বৰ্তি থাকিব ৷ এই আপেক্ষিকতাবাদে মনস্তাত্বিক জগতখন ইমানেই গ্ৰাস কৰি পেলাব যে এই বাগধাৰাৰ প্ৰৱক্তাসকল কেনেকৈ জনসংখ্যা বিস্ফোৰণৰ আৰ্থ-সামাজিক সমাধানৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে মৌণ এই গুৰুত্বপূৰ্ণ কথাটো দৃষ্টিগোচৰেই নহ’ব ৷ আমি প্ৰশ্ন কৰিবলৈ পাহৰি যাওঁ যে জনসংখ্যা বিস্ফোৰণৰ ক্ষেত্ৰত আৰ্থ-সামাজিক, প্ৰশাসনিক আৰু ৰাজনৈতিক কাৰ্যসূচী কি হোৱা উচিত ? অথবা কৰ্মমুখী সংস্কৃতি কেনেকৈ গঢ় দিয়া হ’ব ? কাৰণ, কৰ্ম সংস্কৃতি কেৱল আগ্ৰসনৰ সুৰক্ষা কবচ নহয়, ই প্ৰতিজন নাগৰিকৰ জন্মস্বত্ব অধিকাৰ আৰু কৰ্তব্য ৷অ
সংসদীয় গণতন্ত্ৰত ৰাজনৈতিক সংগঠনবোৰেই সমাজ বিৱৰ্তনৰ মাধ্যম হ’ব লাগিব । আজি কেনেকৈ কংগ্ৰেছ দল এটা জাতীয় আন্দোলনৰ পৰা কেৱল নিৰ্বাচনী অংকলৈ ৰূপান্তৰিত হ’ল? আনুষ্ঠানিকভাৱে ভাৰতবৰ্ষৰ সাংবিধানিক চেকুলাৰ পৰম্পৰাৰ অংশীদাৰ হৈয়ো সম্প্ৰতি ‘আমিও হিন্দু’ বুলি স্পষ্টীকৰণ কিয় দিব লগা হৈছে ? বিষয়টো আচলতে কোনো বিশেষ ৰাজনৈতিক দল অথবা নিৰ্বাচনী ৰাজনীতিৰ গণ্ডিৰ ভিতৰত আবদ্ধ নহয় । দৰাচলতে গণতন্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাবে এক সৰ্বাধিকাৰবাদী ৰাজনৈতিক সংকল্প ল’লেও প্ৰকৃতাৰ্থৎ সমকালিক আৰ্থ-সামাজিক শক্তি সমীকৰণৰ ফন্দীত বন্দী হৈ পৰে আৰু লগে লগে সামাজিক স্তৰত এক স্থিতাৱস্থাবাদী পৰম্পৰাৰ বুনিয়াদহে ৰচনা কৰে ৷ তেনেকৈ চেকুলাৰকৰণৰ ৰাজনৈতিক সংকল্প সমাজ-সাংস্কৃতিক স্তৰলৈ ৰূপান্তৰ নহ’ল, বৰঞ্চ মধ্যযুগীয়া শক্তি সমীকৰণৰ সৈতে আপোচ কৰাৰ লগে লগে হয়তো সাময়িক নিৰ্বাচনী ৰাজনীতি সুৰক্ষিত হৈ ৰ’ল । নিৰ্বাচনী ৰাজনীতিয়েই সৰ্বস্ব হৈ পৰাৰ লগে লগে সমাজ-সাংস্কৃতিক ক্ষেত্ৰখনত নুন্যতম কৰণীয়খিনিও আচলতে সুদূৰ পৰাহত ৰৈ গ’ল । গতিকে তেনে এটা দুৰ্ভাগ্যজনক স্পষ্টীকৰণ অহা মানেই হ’ল এতিয়াও তেওঁলোকৰ হাতত এটা ফোঁপোলা নিৰ্বাচনী অংকৰ বাদে সমাজৰ তৃণমূল পৰ্যায়লৈকে লৈ যাব পৰাকৈ কোনো বৈকল্পিক কাৰ্যসূচী নাই । তেনেকৈ, অৰ্থনৈতিক উদাৰীকৰণ আশীৰ দশকতেই আৰম্ভ হৈছিল আৰু সম্প্ৰতি নব্য-উদাৰবাদৰ প্ৰকোপত নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত কৰ্তৃত্ব বাকী থাকিলেহে সমালোচনাৰ থল থাকিব । সম্প্ৰতি তাহানিকলীয়া ৰাষ্ট্ৰব্যৱস্থাৰ দৰে একমাত্ৰ ঐশ্বৰিক শক্তিবিলাকহে যেনেকৈ সমাজৰ ন্যায়মূৰ্তি, তেনেকৈ বজাৰেই সকলো অৰ্থনৈতিক প্ৰক্ৰিয়াৰ ন্যায়ালয় । গতিকে সমলোচনাৰ ভিত্তিয়েই বা কি ?
ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ পৃষ্ঠপোষকতাতেই দেশৰ আৰ্থ-সামাজিক পৰিদৃশ্যৰ মাজত এক মুষ্টিমেয় ধাৰাৰ বিকাশ ঘটিছিল ৷ সামাজিক গতিশীলতা আৰু ইতিবাচক বৈষম্যৰ দৰে আঁচনিৰ দ্বাৰা তাৰে এক সংস্কৰণ হিচাবে নিম্নবৰ্ণৰ মাজতো এক মুষ্টিমেয় শ্ৰেণী গঢ়ি উঠিছিল ৷ যদিও বৰ্ণবাদ সম্পৰ্কীয় প্ৰশ্নটোৰ পৰিসৰ মুষ্টিমেয় ইতিবাচক বৈষম্যতকৈ যথেষ্ট বহল, সম্প্ৰতি ই ভাৰতীয় ৰাষ্ট্ৰব্যৱস্থাৰ ওপৰত সামাজিক সমুদায়ভিত্তিক বৰ্ধিত দাবী আৰু বিভিন্ন জনপ্ৰিয় বিকল্পবিলাকৰ মাজত থকাসৰকা খাই দিগভ্ৰান্ত ৷
সংৰক্ষণৰ দৰে ইতিবাচক বৈষম্যৰ আঁচনিবোৰৰ পৰ্যালোচনা আচলতে যোগ্যতাৰ প্ৰশ্নত নহয়, ৰাষ্ট্ৰৰ বৃহত্তৰ গণতান্ত্ৰিক আৰু চেকুলাৰ প্ৰমূল্যক আপোচ কৰা হৈছে নেকি, তাৰ ওপৰতহে হ’ব লাগিব । অৱশ্যে, ইতিবাচক বৈষম্যৰ আঁচনিবোৰৰ সৈতে যোগ্যতাৰ সম্পৰ্ক এক পৃথক আলোচনাৰ বিষয় । প্ৰশ্ন হ’ল গণতান্ত্ৰিক নাগৰিকত্বৰ বিশ্বজনীন সূত্ৰই বৰ্ণ পৰিচিতিক কিমানলৈকে সাঙুৰি ল’ব পাৰে ? উল্লেখযোগ্য যে ইতিবাচক বৈষম্যৰ আঁচনিবোৰৰ উদ্দেশ্য কেতিয়াও তাৎকালিক দৰিদ্ৰতা নিৰ্মূল নাছিল । ঐতিহাসিকভাৱে সামাজিক ব্যতিৰেক আৰু বৈষম্যৰ বলি হৈ নুন্যতম পুঁজিৰ পৰা বঞ্চিত জনগোষ্ঠীবিলাকৰ কিছুলোকে যাতে কিছু হ’লেও সম্পত্তি আহৰণ কৰিব পাৰে, এয়াহে হয়তো কাৰ্যকৰী উদ্দেশ্যে আছিল । এইবুলি আশা কৰা হয় যে বৰ্ণ ব্যৱস্থাৰ দৰে মধ্যযুগীয়া আৰু সামন্তীয় সামাজিক গাঁথনিৰ ওপৰত এনেদৰে পোনপটীয়াকৈ আঘাত কৰি এক সামাজিক সমতাৰ সৃষ্টি কৰা হ’ব । সেই পৰ্যায়লৈকে হয়তো ভাৰতীয় সমাজৰ অৰ্থনৈতিক বাস্তৱতাৰ সৈতে এনে আঁচনিৰ উদ্দেশ্যৰ যথেষ্ট সংগতি আছিল । কিন্তু এনে আঁচনিয়ে যেতিয়া নিজৰ অৰ্থনৈতিক ভিত্তি হেৰুৱাই পেলায়, তাৰ পুনৰীক্ষণৰ সময় আহি পৰে । কাৰণ কেৱল সামাজিক অনগ্ৰসৰতাৰ মাপকাঠি স্বতন্ত্ৰ (idiosyncratic) আৰু বস্তগতভাৱে সংজ্ঞাবদ্ধ কৰাটো কঠিন ।
গতিকে সংৰক্ষণৰ এজেণ্ডা ঐতিহাসিকভাৱে একাষৰীয়া হৈ বা সামাজিক বৈষম্যৰ বলি হৈ একেবাৰে পুঁজিহীন হৈ পৰা সকলক কিছু পুঁজি-সম্পত্তি আহৰণৰ সুবিধা দিয়ালৈকে সীমিত ৷ কিন্তু, এনে আঁচনিবোৰ এতিয়া নিজৰ গ্ৰাম্য ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পত্তিক চহৰীয়া সম্পত্তিলৈ ৰূপান্তৰ কৰাৰ মাধ্যম হৈ পৰিছে । ই কেতিয়াও সীমাহীন সম্পত্তিৰ মালিকীস্বত্ব লাভ অথবা গ্ৰাম্য সম্পত্তিক চহৰীয়া সম্পত্তিলৈ ৰূপান্তৰ কৰাৰ মাধ্যম হ’ব নোৱাৰে ৷ গুণগত শিক্ষা, স্বাস্থ্য আৰু শক্তিৰ সুবিধা সকলোৰে বাবে সুনিশ্চিত কৰাৰ দৰে মৌলিক সমস্যাবোৰহে আচল আৰু ইতিবাচক বৈষম্য এনে এক বিশাল আঁচনিৰ এক সীমিত পৰিসৰৰ ভিতৰতে আবদ্ধ হোৱা উচিত ৷ কিন্তু তাৰ বিপৰীতে সম্প্ৰতি সংৰক্ষণেহে মূখ্য আসন লৈছে ৷ তাৰমানে মুষ্টিমেয়কৰণ প্ৰক্ৰিয়া অব্যাহত আছে ৷ আমি যেনেকৈ কেইজনমান বিলিয়নিয়াৰক দেশৰ জাতীয় প্ৰতীক হিচাবে গঢ়ি তুলিছোঁ, তেনেকৈ গোষ্ঠীগত মুষ্টিমেয়ৰো সৃষ্টি কৰিছোঁ ৷ এই প্ৰক্ৰিয়াটো পৃথক নহয় ৷ এটাক বাদ দি ইটোক চাব নোৱাৰি ৷ কিন্তু এডাল সীমাৰেখা নিশ্চয় থাকিব ৷ সামাজিক অনগ্ৰসৰতাৰ ভিত্তিক আঁচনিৰ সৈতে অৰ্থনৈতিক ভিত্তিৰ সংযোগহীনতা আৰু ৰাজহুৱা খণ্ডত নিয়োগৰ সুবিধাৰ অধোগতিয়ে সংৰক্ষণক অধিক বিতৰ্কিত কৰি তুলিছে ৷
তেনেদৰে, ৰাষ্ট্ৰৰ প্ৰযুক্তি আৰু তাৰ প্ৰয়োগিক বিচ্যুতিৰ ওপৰত বিতৰ্ক হ’বই লাগিব ৷ এই প্ৰসঙ্গত মুষ্টিমেয়ৰ ন্যস্তস্বাৰ্থজনিত উপাদান সদায় প্ৰত্যাহ্বানজনক ৷ তাৰ মোকামিলা বিতৰ্ক আৰু বিকল্প নিৰূপনেৰে হ’ব ৷ বিকল্প কোনো ব্যক্তি বা ব্যক্তিত্ব নহয়, বৰঞ্চ এক বহনক্ষম বৈকল্পিক প্ৰশাসনিক আৰু সমাজ-সাংস্কৃতিক প্ৰক্ৰিয়া ৷ গণতান্ত্ৰিক ৰাষ্ট্ৰত ব্যক্তি স্বাধীনতা সুনিশ্চিত কৰিবলৈ আছে ৰাষ্ট্ৰৰ সংবিধান আৰু প্ৰশাসনিক প্ৰযুক্তি ৷ তেনেকৈ, প্ৰকৃততে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰশাসনিক প্ৰযুক্তিৰ সমান্তৰালকৈ আছে এক আৰ্থ-সামাজিক আৰু সাংস্কৃতিক গাঁথনি ৷ এই দুই সমন্তৰাল ক্ষেত্ৰৰ মাজত এক উত্তৰণশীল ভাৰসাম্যতা স্থাপন কৰাটোৱেই বোধকৰোঁ এক জটিল সমাজ বৈজ্ঞানিক প্ৰকল্প ৷ কাৰণ, তৃণমূল পৰ্যায়ৰ পৰা এই ব্যক্তি স্বাধীনতা সুনিশ্চিত কৰাটোহে আচলতে ৰাষ্ট্ৰৰ মূল দায়িত্ব আৰু প্ৰত্যাহ্বান । এই প্ৰত্যাহ্বান আওকাণ কৰি কেৱল ভৌগলিক সাৰ্বভৌমত্বই গণতান্ত্ৰিক ৰাষ্ট্ৰক ন্যায়িক যথাৰ্থতা নিদিয়ে । গতিকে, মানৱ সমাজৰ সন্মুখত সামগ্ৰিকভাৱে একৈশ শতিকাৰ প্ৰত্যাহ্বান কেতিয়াও ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব নহয় ৷ বৰঞ্চ মৌলিক অধিকাৰৰ উৰ্ধত আকাংক্ষিত ব্যক্তি স্বাধীনতাহে ৷ একৈশ শতিকাত যদি কোনো ৰাষ্ট্ৰীয়তাবাদী বাগধাৰাৰ আলমত ভৌগলিক সাৰ্বভৌমত্বই প্ৰশাসনিক প্ৰযুক্তিক আচন্ন কৰি থৈছে, ই মুষ্টিমেয় প্ৰভূত্বশীল উপাদানৰ পৰা মুক্ত নহয় ৷
এইখিনিতে, গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰযুক্তিয়ে ব্যক্তিসত্তাৰ বাহিৰে অন্য কোনো পৰিচিতিকেন্দ্ৰিক সমষ্টিগত সংগঠিত সত্তাকেই স্বীকৃতি দিব নোৱাৰে ৷ অন্যহাতেদি, আৰ্থ-সামাজিক গাঁথনিত মধ্যযুগীয়া শক্তি সমীকৰণ আৰু তাৰ ৰাজনৈতিক আত্মপ্ৰকাশ বিদ্যমান ৷ তেন্তে, কেনেকৈ এই আৰ্থ-সামাজিক গাঁথনিৰ মাজত এক অধিকাৰ ভিত্তিক প্ৰশাসনিক প্ৰযুক্তি প্ৰয়োগ কৰা হ’ব ? এই প্ৰক্ৰিয়াত মৌলিক অধিকাৰক কেনেকৈ প্ৰভূত্বশীল প্ৰৱণতাৰ পৰা মুক্ত কৰা হ’ব ? তাতে পুঁজিবাদী বিকাশেও এই মধ্যযুগীয়া সামন্তীয় উপাদানবোৰ নিঃশেষ কৰাতকৈ তাৰ লগত আপোচ কৰি মৈত্ৰীবন্ধন কৰাহে দেখা যায় ৷
গতিকে, পৰিচিতিকেন্দ্ৰিক আত্মনিয়ন্ত্ৰনৰ অধিকাৰ মানেই ব্যক্তি স্বাধীনতা সুনিশ্চিত কৰাটো নুবুজায় ৷ বৰঞ্চ বিপৰীতহে পৰিলক্ষিত হয় ৷ সাধাৰণতে যিহেতু পৰিচিতিবোৰ মধ্যযুগীয়া, আত্মনিয়ন্ত্ৰনৰ লগে লগে গোষ্ঠীগত পুৰুষতান্ত্ৰিক পৰম্পৰা অব্যাহত থাকে আৰু ই ব্যক্তি স্বাধীনতাৰ বিপক্ষে পৰিচালিত হয় ৷ জম্মু আৰু কাশ্মীৰৰ মহিলাসকলৰ অধিকাৰ, দুৰ্নীতিগ্ৰস্ত-প্ৰভূত্বশীল ৰাজ্য প্ৰশাসন আৰু ৰাজ্যৰ অন্যান্য সংখ্যালঘূসকলৰ দুৰাৱস্থা এক জলন্ত উদাহৰণ ৷ পুনৰ দোহৰাটো নিষ্প্ৰয়োজন যে যিকোনো পৰিচিতিকেন্দ্ৰিক স্বাৰ্থৰ অন্তৰালত এক প্ৰভূত্বশীল উপাদান থাকেই । অসমৰ দুৰ্নীতিগ্ৰস্ত স্বায়ত্ব শাসিত পৰিষদবোৰ একেধৰণেই প্ৰভূত্বশীল ৷ তেনেদৰে যিকোনো ধৰ্মীয় আৰু গোষ্ঠীগত পৰম্পৰাই অগণতান্ত্ৰিক হ’ব পাৰে ৷ সাবাৰিমালাৰ ৰায়দান ব্যক্তি স্বাধীনতাৰ পক্ষে হৈছিল ৷ তেনেকৈ এক গণতান্ত্ৰিকভাৱে গৃহীত সুষম নাগৰিক সংহিতাইহে মৌলিক অধিকাৰক প্ৰধান্যতা দিব, তাত কোনো দ্বিমত নাই ৷ কাৰন কোনো সাংস্কৃতিক অধিকাৰেই মৌলিক অধিকাৰৰ উৰ্ধত নহয় ৷ গতিকে সমষ্টিগত সাংস্কৃতিক অধিকাৰে মৌলিক অধিকাৰক ব্যক্তি পৰ্যায়লৈকে সম্প্ৰসাৰিত কৰাটো সুনিশ্চিত কৰিব লাগিব, নহ’লে প্ৰক্ৰিয়াটো আধৰুৱা হৈ ৰ’ব ৷ সেয়া সম্ভৱ হ’ব যেতিয়া ব্যক্তি স্বাধীনতাই কোনো পৰিচিতিকন্দ্ৰিক গোটৰ লগত চামিল হৈ থকাৰ অধিকাৰৰ লগতে গোটৰ পৰা আঁতৰি অহাৰ অধিকাৰো সুনিশ্চিত কৰিব ৷
উল্লেখযোগ্য যে ভৌতিক বিজ্ঞানৰ বিকাশ সম্ভৱ হ’লেও, সমাজ বিজ্ঞানৰ বিকাশ গণতান্ত্ৰিক প্ৰমূল্যৰ অবিহনে অসম্ভৱ । কাৰণ, গতিশীল সমাজখন অধ্যয়ন কৰিবলৈ লাগে এক পাৰ্থিৱ, স্বতন্ত্ৰ, সামগ্ৰিক আৰু বৈজ্ঞানিক পদ্ধতি । পৰ্যবেক্ষণিক সীমাৱদ্ধতাবোৰৰ প্ৰত্যাহ্বানবোৰ আছেই । আনুষ্ঠানিকভাবে গৃহীত গণতন্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ মাজতো মনস্তাত্বিক জগতখন প্ৰভূত্বশীল উপাদানেৰে ভৰপূৰ হ’ব পাৰে । আৰ্থ-সামাজিক সমীকৰণে সাজি লোৱা ন্যায়িক-প্ৰশাসনিক মেৰপাকত গণতান্ত্ৰিক প্ৰমূল্যই বাট হেৰুৱায় যাব পাৰে । উদাহৰণস্বৰূপে, সাম্প্ৰতিক ভাৰতীয় নিৰ্বাচনী ৰাজনীতিয়ে গনতান্ত্ৰিক মূল্যবোধৰ স্বৰূপ উদঙাই দিলে । এইটো স্পষ্ট হৈ পৰিল যে সংসদীয় গণতন্ত্ৰই কেৱল নিৰ্বাচনকেন্দ্ৰিক ফোঁপোলা ক্ষমতা প্ৰতিষ্ঠা কৰাৰ দৰে প্ৰক্ৰিয়া এটাৰহে শৰণাপন্ন হৈ পৰিছে । সেয়ে স্পষ্ট ৰাজনৈতিক স্থিতিৰো কোনো গুৰুত্ব নাই । কিন্তু, গণতান্ত্ৰিক প্ৰমূল্যৰ উচিত মূল্যাঙ্কন নহ’লে ৰাজনীতিয়ে নিজৰ অস্তিত্ব হেৰুৱায়, নিৰ্বাচনী গনিতত পৰিনত হয় ৷ এইটো স্পষ্ট যে দেশৰ ৰাজনীতি কেৱল নিৰ্বাচনী ৰাজনীতিলৈ অৱনমিত হোৱা মানেই এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত গণমুখী ৰাজনীতিৰ কাৰ্যক্ষমতা একেবাৰে নিম্ন স্তৰলৈ যোৱা, যেতিয়া মুষ্টিমেয় শক্তিৱন্তৰ ৰাজনীতিয়ে শীৰ্ষসীমা পায়গৈ ৷