গ্ৰন্থাগাৰ :: লিজা মাইৎনাৰ, ৰীতা লেভি মনটালচিনি আৰু অট’ মেথ-ক’নৰ কথাৰে (পূৰৱী দেৱী)
এজন মানুহৰ জীৱন এটা গ্ৰন্থাগাৰ। এনে গ্ৰন্থাগাৰে আমাক যোগাব পাৰে তথ্য, জ্ঞান, শিক্ষা, অনুপ্ৰেৰণা আৰু উৎসাহ। সেয়েহে তিনিগৰাকী বিজ্ঞানী, লিজা মাইৎনাৰ, ৰীতা লেভি মনটালচিনি আৰু অট’ মেথ-ক’নৰ জীৱন সম্বন্ধে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সাধাৰণ পাঠকৰ মাজত বৰ বিশেষ পৰিচিত নহ’লেও নিজস্ব ক্ষেত্ৰত এখেতসকল বিশ্ব-প্ৰসিদ্ধ। এই তিনিজন ব্যক্তিৰ জীৱনৰ অভিজ্ঞতাই জীৱন আৰু জগতক ভিন্ন দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিবলৈ আমাক উৎসাহিত কৰিছে আৰু পাঠককো উৎসাহিত কৰিব বুলি আমাৰ বিশ্বাস।
এলবাৰ্ট আইনষ্টাইনৰ ভাষাত ‘জাৰ্মানীৰ মেৰী কিউৰী’ লিজা মাইৎনাৰ-ৰ জন্ম হৈছিল ১৮৭৮ চনত অষ্ট্ৰিয়াৰ ভিয়েনা নগৰত (সেই সময়ৰ অষ্ট্ৰীয়া-হাঙ্গেৰী সাম্ৰাজ্যৰ ৰাজধানী) এক ইহুদী পৰিয়ালত। আঠজন সন্তানৰ পিতৃ ফিলিপ মাইৎনাৰ আছিল অষ্ট্ৰিয়াৰ প্ৰথম ইহুদী আইনজীৱীসকলৰ মাজৰ এজন সফল আইনজীৱী। সন্দেহবাদী, মুক্ত মনৰ চিন্তাবিদ ফিলিপৰ ঘৰত আইনজীৱী, লিখক, ৰাজনীতিবিদ আৰু বৌদ্ধিক চিন্তাৰ অধিকাৰী বহুতো লোকৰ সমাৱেশ হৈছিল। এনে এক বাতাবৰণত লিজা ডাঙৰ দীঘল হয়। মাতৃ আছিল সফল পিয়ানোবাদিকা। মাতৃৰ পৰা লিজায়ে আহৰণ কৰিছিল সংগীতপ্ৰেম। ‘মা-দেউতাৰ কথা শুনিবা, কিন্তু চিন্তা আৰু কাম কৰিবা নিজ অভিমতে’ এয়াই আছিল মাতৃৰ শিক্ষা।
সৰু কালৰে পৰা লিজা আছিল কু-সংস্কাৰ বিৰোধী। এদিন শনিবাৰে (শনিবাৰ ইহুদীসকলৰ পৱিত্ৰ বিশ্ৰামৰ দিন) লিজাই চোলা এটা চিলাবলৈ ধৰাত ধৰ্মভীৰু আইতাকে ক’লে ‘আজি চিলাই নকৰিবি আই, মূৰত সৰগ ভাগি পৰিব’। অলপ সময় চিলাই কৰাৰ পিচত লিজা নিশ্চিত হ’ল যে হঠাৎ মূৰত সৰগ ভাগি পৰাৰ একো আশংকা নাই। এয়াই আছিল লিজা।
সৰু কালৰে পৰা শিক্ষাৰ প্ৰতি লিজাৰ আছিল অসীম ধাউতি। অৱশ্যে সেই সময়ৰ অষ্ট্ৰিয়াত নাৰীশিক্ষা চৈধ্য বছৰতে অন্ত পৰিছিল, কাৰণ বিশ্ববিদ্যালয়ত নাৰীৰ প্ৰৱেশ আছিল নিষেধ। মাথো সু-গৃহিণী হ’বলৈকে নাৰীক শিক্ষা দিয়া হৈছিল। লিজাও ইয়াৰ ব্যতিক্ৰম নাছিল। কিন্তু মেধাবী লিজাই পদাৰ্থবিদ হোৱাৰ সপোন দেখি যিমান মাৰে সিমান অংক শিকিবলৈ চেষ্টা কৰিছিল। ১৮৯২-১৯০১ চন পৰ্যন্ত লিজাৰ আছিল ‘হেৰুৱা সময়’। ১৯০১ চনতহে লিজাই বাইছ বছৰ বয়সত মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (আমাৰ দেশৰ মেট্ৰিক পৰীক্ষা) বহিবলৈ সুবিধা লাভ কৰে। আঠ বছৰৰ পাঠ লিজাই আঠ মাহতে শেষ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়। পিতৃ-মাতৃৰ উৎসাহে লিজাক বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত বহিবলৈ সাহস দিয়ে। ভিয়েনা বিশ্ববিদ্যালয়ৰ পদাৰ্থ-বিজ্ঞান শাখাৰ প্ৰথম নাৰী লিজাই অতি আগ্ৰহেৰে পাঠ গ্ৰহণ কৰে ল’ডউইগ বল্টজমেনৰ পৰা।
কুৰি শতিকাৰ আৰম্ভণি আছিল পদাৰ্থ-বিজ্ঞানৰ সোণালী যুগ। এই যুগ আছিল মেৰী কিউৰী, ৰাডাৰফ’ৰ্ড, মেক্স প্লাংক, আইনষ্টাইনৰ যুগ। লিজাৰ দৰে মেধাবী ছাত্ৰী এগৰাকীক পদাৰ্থ-বিজ্ঞানে আকৰ্ষণ কৰা একো আচৰিত নহয়। ১৯০৫ চনত বিশ্ববিদ্যালয়ত ডিগ্ৰী লাভ কৰাৰ পিচত ভিয়েনা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ-বিজ্ঞানত লিজাই ডক্টৰেট উপাধি লাভ কৰি স্কুলত শিক্ষকতা কৰিছিল। লগতে, সেই সময়ত তেওঁ ষ্টিফেন মেয়ৰৰ তলত আলফা কণিকাৰ বিষয়ে গৱেষণা কৰি আছিল। এই গৱেষণাই তেওঁক আণৱিক বিজ্ঞানৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল। মেক্স প্লাংক, আইনষ্টাইনকে ধৰি বহু বিশিষ্ট পদাৰ্থবিদৰ বাসভূমি, সেই সময়ৰ বিজ্ঞানৰ এক প্ৰধান কেন্দ্ৰ জাৰ্মানীৰ বাৰ্লিনলৈ কেইমাহমানৰ কাৰণে যাবলৈ তেওঁ পিতৃ-মাতৃৰ পৰা অনুমতি বিচাৰে। সেই সময়তে ভিয়েনালৈ আহিছিল মেক্স প্লাংক। তেখেতে লিজাক বাৰ্লিনলৈ লৈ যায় বুলিব পাৰি। তেখেত হৈ পৰে লিজাৰ বন্ধু আৰু পৰামৰ্শদাতা। অৱশ্যে বিশেষ অনুমতি ক্ৰমেহে লিজাৰ প্লাংকৰ বক্তৃতা শুনাৰ সৌভাগ্য হয়, কাৰণ তেওঁ আছিল একমাত্ৰ মহিলা ছাত্ৰী।
বাৰ্লিনলৈ অহাৰ কেইদিনমানৰ পিচতে লিজাৰ লগত অট’ হানৰ পৰিচয় ঘটে আৰু বন্ধুত্ব স্থাপন হয়। এফালৰ পৰা চাবলৈ গ’লে এজন ৰসায়নবিদ (অট’ হান) আৰু এগৰাকী পদাৰ্থবিদৰ (লিজা) মাজৰ এই বন্ধুত্বই যুগ পৰিৱৰ্তন কৰে। একেলগে তেওঁলোকে ত্ৰিশ বছৰধৰি গৱেষণা কৰিছিল।
অট’ৰ লগত কাম কৰিবলৈ লিজা “Emil Fischer’s Institute of Chemistry” লৈ আহে। ই অৱশ্যে সহজ নাছিল। প্ৰতিষ্ঠানৰ মুৰব্বীয়ে নাৰীক গৱেষণাগাৰত প্ৰৱেশ কৰাৰ পৰা বিৰত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল, কাৰণ চুলিত জুই লাগিব পাৰে! অৱশেষত এটা সুকীয়া কোঠাত লিজাই অকলে কাম কৰিছিল (মৰিলে অকলেই মৰক! মন্তব্য আমাৰ)। অলপ দিনৰ ভিতৰতে লিজাৰ নিষ্ঠা, কৰ্ম আৰু মেধাবী শক্তিয়ে সহকৰ্মীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়, লিজা হৈ পৰে এগৰাকী শ্ৰদ্ধাভাজন ব্যক্তি।
লিজাই বিনা বেতনে কাম কৰিছিল ১৯১২ চন পৰ্যন্ত। আৰ্থিক সাহায্যৰ যোগান ধৰিছিল পিতৃয়ে। ১৯১২ চনত বাৰ্লিনত প্ৰতিষ্ঠিত “The Kaiser Wilhelm Institute of Chemistry” নামৰ প্ৰতিষ্ঠানত লিজা আৰু অট’ৱে কৰ্ম সংস্থান লাভ কৰে। জাৰ্মানীলৈ অহাৰ পাঁচ বছৰৰ পিচত লিজা হৈ পৰে মেক্স প্লাংকৰ তলত কাম কৰা প্ৰথম মহিলা বিজ্ঞানী।
প্ৰথম বিশ্বযুদ্ধৰ সময়ত অট’ যুদ্ধত যোগ দিবলৈ বাধ্য হয় আৰু এক্স-ৰে মেচিন চলাব জনা হেতুকে নাৰ্ছ হিচাপে কাম কৰিবলৈ ধৰে। যুদ্ধৰ পিচত দুয়ো একেলগে কাম কৰি ১৯১৮ চনত প্ৰটাক্টিনিয়াম নামৰ মৌল আৱিষ্কাৰ কৰে। ১৯২২ চনত লিজাই লাভ কৰে প্ৰফেচাৰ পদ। ১৯২৬ চনৰ পৰা নিউক্লীয় পদাৰ্থ-বিজ্ঞানত লিজাই কৰা গৱেষণা আছিল অত্যন্ত উচ্চস্তৰৰ। আলফা কণিকাৰ দাৰা পৰমাণুৰ কেন্দ্ৰক আঘাত কৰি ইতিমধ্যে বহু তথ্য সংগ্ৰহ কৰা হৈছিল। এইখন ক্ষেত্ৰত লিজাইও কাম কৰিছিল। ১৯৩২ চনত জেমছ চেডউইকে নিউট্ৰন আৱিষ্কাৰ কৰে। এই আৱিষ্কাৰে অট’, লিজাকে আদি কৰি সকলো আগশাৰীৰ বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰে। অট’ আৰু লিজাই চিন্তা কৰে– পৰমাণুক নিউট্ৰনেৰে আঘাত কৰিলে কি হ’ব? কাৰণ নিউট্ৰন আধানহীন কণিকা। অতি মনোযোগেৰে তেওঁলোকে এই পৰীক্ষা কৰিবলৈ ধৰে। কিন্তু ১৯৩৩ চনত হিটলাৰে জাৰ্মানীৰ ৰাজনৈতিক পৰিৱেশ সম্পূৰ্ণ ৰূপে সলনি কৰি পেলায়। লিজা অষ্ট্ৰিয়াবাসী হোৱা হেতুকে কিছুদিন পৰ্যন্ত অট’ৰ লগত কাম কৰি থাকিল। ইতিমধ্যে ফাৰ্মিয়ে লক্ষ্য কৰিছিল যে ইউৰেনিয়ামক নিউট্ৰনেৰে আঘাত কৰিলে আন মৌললৈ ৰূপান্তৰিত হয়, কিন্তু ইউৰেনিয়াম স্বাভাৱিক ভাৱে ৰূপান্তৰিত হোৱা মৌলৰ পৰা এই মৌলসমূহৰ ধৰ্ম পৃথক। ইয়াৰ একো ব্যাখ্যা তেখেতে দিব পৰা নাছিল। এই পৰীক্ষাই লিজাক আকৰ্ষণ কৰে আৰু অট’ ৰ লগত তেওঁ এই পৰীক্ষা দোহাৰিবলৈ ধৰে।
১৯৩৮ চনত জাৰ্মানীয়ে অষ্ট্ৰিয়া অধিকাৰ কৰাৰ পিচত লিজাৰ বিপদ চমু চাপি আহে। কাৰণ সকলো ইহুদী কৰ্মীক কামৰ পৰা বৰখাস্ত কৰাৰ সিদ্ধান্ত হিটলাৰে লৈছিল। অট’ হানৰ ওপৰত চাপ পৰাত তেখেতে লিজাক পদত্যাগ পত্ৰ দাখিল কৰিবলৈ কয়। আহত লিজাই উপলব্ধি কৰে যে জাৰ্মানী ত্যাগ কৰাৰ বাহিৰে গত্যন্তৰ নাই। বন্ধুবৰ্গৰ সহায়ত লিজাই ষ্টকহ’মৰ “Manne Siegbahn’s Nobel Institute of Physics” নামৰ প্ৰতিষ্ঠানত কৰ্ম সংস্থান লাভ কৰে। তেখেতৰ সহকৰ্মী ডাৰ্ক কোচটাৰে তেওঁৰ লগত একেলগে ভ্ৰমণ কৰাৰ দায়িত্ব গা পাতি লয়। এইজন মানৱপ্ৰেমী লোকে বহু ইহুদী বিজ্ঞানীক জাৰ্মানী ত্যাগ কৰাত সহায় কৰিছিল। অট’ হানে আৱশ্যক হ’লে সীমান্তৰক্ষাবাহিনীক ভেঁটি দিবলৈকে মাকৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা এটা হীৰাৰ আঙুঠি লিজাক উপহাৰ দিছিল। সৌভাগ্যক্ৰমে আঙুঠি লাভ কৰে লিজাৰ ভতিজা বোৱাৰী উলা ফ্ৰিচে।
চুইডেনত কাম কৰি থাকোতেও লিজাৰ অট’ৰ লগত গোপনে পত্ৰ বিনিময় হৈছিল। প্ৰকৃততে দুয়ো তেতিয়াও একেলগে গৱেষণা কৰিছিল বুলিব পাৰি। নিউক্লীয় বিযোজনৰ পৰা আহৰণ কৰা পৰীক্ষাৰ ফলৰ একো ব্যাখ্যা আগবঢ়াব নোৱাৰি অট’য়ে লিজাক ইয়াৰ ওপৰত মনোনিৱেশ কৰিবলৈ অনুৰোধ কৰে। বহু চিন্তা আৰু গণনা কৰাৰ পিচত লিজা এই সিদ্ধান্তত উপনীত হয় যে নিউট্ৰনৰ আঘাতে ইউৰেনিয়ামক বেৰিয়াম আৰু ক্ৰিপটনলৈ ৰূপান্তৰিত কৰিছে। ফলত কিছু ভৰ হেৰুৱা যেন অনুমান হয় যদিও প্ৰকৃততে আইনষ্টাইনৰ সূত্ৰ অনুসৰি এই ভৰ শক্তিলৈ ৰূপান্তৰিত হৈছে। ইয়েই আণৱিক বোমাৰ প্ৰধান ৰহস্য।
পৰীক্ষামূলক সকলো কাম কৰিছিল অট’ হানে-। কিন্তু ব্যাখ্যা আগবঢ়াইছিল লিজা মাইৎনাৰে। দুয়োৰে মাজত হোৱা আলোচনা আছিল গোপন। ১৯৩৯ চনত অট’ হানে লিজাৰ নাম উল্লেখ নকৰাকৈ এই পৰীক্ষাৰ ওপৰত ভিত্তি কৰি এখন গৱেষণাপত্ৰ প্ৰকাশ কৰে। অট’ হানে এই কাম কিয় কৰিলে ক’ব নোৱাৰি। বহুতে ক’ব খোজে যে ব্যক্তিগত পাণ্ডিত্য জাহিৰ কৰিবলৈকে তেওঁ লিজাৰ নাম উল্লেখ নকৰিলে। সম্ভৱত সকলো গোপনীয়তা প্ৰকাশ হোৱাৰ সম্ভৱনা দেখিয়েই তেখেতে এই পথ গ্ৰহণ কৰিছিল।
সি যি নহওক আহত লিজাই একেখিনি কামকে ৰসায়নবিদ ভতিজাক অট’ ফ্ৰিচৰ হতুৱাই কৰাই দুখন গৱেষণাপত্ৰ ইংৰাজী “Nature” আলোচনীত প্ৰকাশ কৰে। তেওঁলোকেই প্ৰথম “nuclear fission” শব্দটো ব্যৱহাৰ কৰে।
ব্ৰিটেইন আৰু আমেৰিকাৰ বিজ্ঞানী এই সম্বন্ধে জ্ঞাত আছিল যদিও অস্ত্ৰ হিচাপে ইয়াক ব্যৱহাৰ কৰাৰ কথা তেওঁলোকে চিন্তা কৰা নাছিল। ১৯৩৯ চনত Leo Szilard আৰু Eugene Wigner নামৰ আমেৰিকা প্ৰৱাসী দুজন ইহুদী পদাৰ্থবিদে আইনষ্টাইনক লগ ধৰি সাৱধান কৰি দিয়ে যে জাৰ্মান অধিকৃত চেকোশ্লোভেকিয়াত জাৰ্মান সৈন্যই ইউৰেনিয়াম আমদানি কৰা সকলো বন্দৰ বন্ধ কৰি দিছে। ইয়াৰ কাৰণ মাথো এটাই হ’ব পাৰে। জাৰ্মানীয়ে অতি শীঘ্ৰে আণৱিক বোমা প্ৰস্তুত কৰিব। আমেৰিকা আৰু ব্ৰিটেইনে এনে আঁচনি গ্ৰহণ নকৰিলে বিপদ চমু চাপিবলৈ সৰহ দিন নাই। লিও চিলাৰ্দে আমেৰিকা চৰকাৰৰ অৰ্থনৈতিক পৰামৰ্শদাতা Alexander Sachs-ৰ লগতো এই বিষয়ে কথা পাতে। আইনষ্টাইনে প্ৰেছিডেন্ট ৰুছভেল্টলৈ এখন সাৱধানী চিঠি লিখিলে নিজ হাতে দিয়াৰ দায়িত্ব পৰামৰ্শদাতাজনে গা পাতি লয়। আইনষ্টাইনে লিখা চিঠি ততালিকে আহি ৰাষ্ট্ৰপতিৰ হাতত পৰে আৰু মানহাটন আঁচনি আৰম্ভ হয়। ১৯৪২ চন পৰ্যন্ত নিউক্লীয় বিযোজন সম্পৰ্কীয় সকলো গৱেষণাপত্ৰ প্ৰকাশ হৈছিল। ইয়াৰ পিচৰে পৰা এনে গৱেষণাপত্ৰ আমেৰিকাৰ আলোচনীৰ পৰা অন্তৰ্ধান হয়।
লিজাই অকলশৰে চুইডেনত কাম কৰি আছিল। ১৯৪২ চনত কেইজনমান ব্ৰিটিছ বিজ্ঞানীয়ে তেখেতসকলৰ লগত মানহাটন আঁচনিত লিজাক কাম কৰিবলৈ অনুৰোধ কৰাত লিজাই উত্তৰ দিছিল – “I will have nothing to do with a bomb!”
১৯৪৫ চনত হিৰোচিমাত আণৱিক বোমা বৰ্ষণ কৰি ৮০,০০০ মানুহক হত্যা কৰাত লিজা মৰ্মাহত হৈছিল। অট’হানে আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তথাপিও ক’ব পাৰি যে এই কামৰ বাবে ন’বেল বঁটা লাভ কৰে অকলে অট’ হানে।
অৱশ্যে লিজাই ১৯৪৭ চনত চুইডেনত “Vienna Prize for Science and Art” লাভ কৰে আৰু চুইডেনৰ “Royal Institute of Technology”-ত এক সন্মানিত পদ লাভ কৰে। ১৯৫৪ চনত তেখেতে প্ৰথম “Nuclear reactor” সাজিবলৈ চুইডেনক সহায় কৰে।
লিজাৰ সমাধি স্তম্ভত লিখা আছে –“A physicist who never lost her humanity”। বাক্যশাৰী নিৰ্বাচন কৰিছিল অট’ হানে।
ৰীতা লেভি মনটালচিনি আছিল আন এগৰাকী অসাধাৰণ ইহুদী বিজ্ঞানী।
প্ৰথমে আমি তেখেতৰ বৈজ্ঞানিক গৱেষণাৰ বিষয়ে কিছু আলোচনা কৰিব খোজো। তেখেতে প্ৰশ্ন কৰিছিল– স্নায়ুকোষৰ বিকাশ হয় কেনেকৈ? জীৱকোষৰ বিকাশত কেনেবোৰ কাৰকে ভূমিকা গ্ৰহণ কৰে? আমি মনত ৰখা উচিত যে সেই সময়ত প্ৰ’টিন বা নিউক্লীয় এচিদৰ জ্ঞান আছিল অতি সামান্য। সেয়েহে ৰীতাৰ কাম সহজসাধ্য নাছিল। কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য্য সহকাৰে বিশ বছৰ কাম কৰি তেওঁ “Nerve Growth Factor” (NGF) আৱিষ্কাৰ কৰিছিল। এই আৱিষ্কাৰৰ বাবে তেখেতক ন’বেল পুৰস্কাৰেৰে সন্মানিত কৰা হয়। ৰীতাৰ কামে বিজ্ঞানৰ এখন বহল দুৱাৰ মুকলি কৰি জীৱবিজ্ঞান, ভ্ৰূণতত্ত্ববিজ্ঞান, মগজু বিজ্ঞান আৰু জীৱকোষ বিকাশ বিজ্ঞানৰ প্ৰভূত উন্নতি সাধন কৰে। তেখেতৰ গৱেষণাই জীৱ বিজ্ঞানত বিপ্লৱ সাধন কৰে বুলিব পাৰি।
১৯০৯ চনত ইটালীৰ টুৰিণ চহৰত এক ইহুদী পৰিয়ালত ৰীতাই জন্ম গ্ৰহণ কৰিছিল। পিতৃ আদামো লেভি আছিল ব্যক্তিত্বসম্পন্ন, দমনশীল, খঙাল এজন সফল অভিযন্তা। ইহুদী আছিল যদিও তেখেত আছিল এজন মুক্ত মনৰ চিন্তাবিদ আৰু তেওঁলোকৰ বহু কেথলিক বন্ধু আছিল। মাতৃ এডেনা আছিল অতি মৰমিয়াল, দয়ালু নাৰী। ঘৰ সংসাৰ চলিছিল পিতৃৰ কথা মতে। মাকৰ মুখৰ মাতেই নাছিল। ৰীতাই নিজ আত্মজীৱনীত (In Praise of Imperfection) লিখিছে যে চাৰিজন ভাই-ভনীৰ আছিল প্ৰচুৰ প্ৰাণ-শক্তি, পৰিশ্ৰম ক্ষমতা আৰু আছিল ধৈৰ্য্য, নিষ্ঠা আৰু মনোবল। ভগ্নী পাউলা আছিল ৰীতাৰ অন্তৰংগ বান্ধৱী।
সেই যুগত ইটালীত নাৰীক সুমাতৃ আৰু সু-গৃহিণী কৰিবলৈকে শিক্ষা দিয়া হৈছিল। বালিকা বিদ্যালয়ত অংক বা বিজ্ঞান বিষয়ৰ শিক্ষাৰ অস্তিত্ব নাছিলেই বুলিব পাৰি। ৰীতাই বিজ্ঞানৰ ছাত্ৰী হোৱাৰ কথা চিন্তা কৰা নাছিল। কিন্তু মাকৰ দৰে ঘৰৰ চুকত সোমাই সন্তান পালন কৰি জীৱন কটোৱাৰ কথাও চিন্তা কৰা নাছিল। পিচলৈ তেখেতে কৈছিল—“ল’ৰালি কালতেই মই উপলব্ধি কৰিছিলোঁ যে পৃথিৱীত জানিব আৰু শিকিবলগীয়া কথা বহুত আছে”।
১৯২০ চনত, প্ৰথম মহাযুদ্ধৰ পিচৰ অৰ্থনৈতিক সংকটৰ সময়ত ইটালীত বিদ্ৰোহ আৰু ধৰ্মঘটৰ সংখ্যা দিনক দিনে চৰে। এক দমনশীল, সোঁ-পন্থী, কৰ্তৃত্ববাদী, চৰকাৰ স্থাপন কৰিব পৰা উত্তম পৰিৱেশৰ সৃষ্টি হয় আৰু এখন একনায়কত্ববাদী চৰকাৰ মুছ’লিনীৰ নেতৃত্বত স্থাপন হয়। ৰীতাৰ নিজৰ ভাষাত–“এই সময়ত আমাৰ পৰিয়ালে ছালে-বেৰে খেপিয়াই ফুৰিছিল”। কিন্তু তথাপিও ৰীতাই ডাক্তৰী পঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। বাধা আহিছিল বহু দিশৰ পৰা। প্ৰথম বাধা দিছিল পিতৃয়ে। তেখেতৰ দুগৰাকী ভনীয়েকৰ বিবাহিত জীৱন অসুখী হোৱাৰ মূলতে উচ্চশিক্ষা বুলি মত পোষণ কৰা হেতুকে ৰীতাক সেই পথৰ পৰা আঁতৰি ৰাখিবলৈ তেওঁ যিমান পাৰে সিমান চেষ্টা কৰিছিল। অৱশেষত যেনিবা মাকৰ কাকুতি-মিনতিয়ে কাম দিলে। আঠ মাহ ধৰি ৰীতাই পৰীক্ষাত বহিবলৈ কঠোৰ পৰিশ্ৰম কৰে। দুজন প্ৰফেচাৰে তেওঁক অংক, বিজ্ঞান আৰু লেটিনৰ পাঠ দিয়ে। ইতিহাস, সাহিত্য আৰু দৰ্শন তেওঁ নিজেই পঢ়ে। ১৯৩০ চনত ৰীতা চিকিৎসাবিদ্যাৰ পাঠ গ্ৰহণ কৰিবলৈ টুৰিণ বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। তিনিশ ছাত্ৰ-ছাত্ৰীৰ মাজত ছাত্ৰীৰ সংখ্যা আছিল মাথো আঠ গৰাকী। এই বিশ্ববিদ্যালয়তে Giuseppe Levi নামৰ প্ৰফেচাৰৰ লগত ৰীতাৰ পৰিচয় ঘটে। কোষৰ ওপৰত, বিশেষকৈ স্নায়ুকোষৰ বিষয়ে গৱেষণা কৰা লেভি আছিল এজন সুশিক্ষক। ৰীতাৰ মেধাবী শক্তিৰ পৰিচয় পাবলৈ তেখেতৰ বেচি সময়ৰ প্ৰয়োজন হোৱা নাছিল আৰু সেয়েহে তেখেতে ৰীতাক গৱেষণা কৰিবলৈ উৎসাহ দিবলৈ ধৰে। ১৯৩২ চনত পিতৃৰ মৃত্যুৰ পিচত পৰিয়ালত আৰ্থিক সংকটে দেখা দিছিল যদিও ইতিমধ্যে এক জলপানি লাভ কৰা হেতুকে অধ্যয়ন অব্যাহত ৰাখিবলৈ ৰীতা সক্ষম হৈছিল। ১৯৩৩ চনত জাৰ্মানীত নাৎসী পাৰ্টিয়ে ক্ষমতা দখল কৰাত ইটালীৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল। কিন্তু ৰোগী চিকিৎসা কৰা আৰু লেভিৰ লগত গৱেষণা কৰা হেতুকে ৰীতাৰ বৰ অসুবিধা হোৱা নাছিল। ১৯৩৬ চনত তেওঁ ডক্টৰেট উপাধি লাভ কৰে। ১৯৩৮ চনত ইটালীত “The Manifesto of Race” প্ৰকাশ হোৱাৰ পিচত ইহুদী বিদ্বেষী প্ৰচাৰ আওকাণ কৰাৰ উপায় নাইকিয়া হয়। টুৰিণ বিশ্ববিদ্যালয় আছিল ফেচীবাদ বিৰোধী। সেয়েহে ৰীতাৰ বৰ বিশেষ অসুবিধা হোৱা নাছিল। অৱশেষত সকলো ইহুদীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰাত ৰীতাই বিশ্ববিদ্যালয়ত শিক্ষকতা আৰু গৱেষণা কৰাৰ সকলো সুবিধা হেৰুৱাব লগত পৰে। তেওঁ গোপনে ৰোগী চিকিৎসা কৰি অৰ্থ অৰ্জন কৰিছিল। নিদান লিখিছিল বন্ধুবৰ্গই। কেইদিনমানৰ পিচত তাৰো মুদা মৰে। ঘৰত সোমাই থকাৰ বাহিৰে কৰিবলৈ একো কাম নথকাত ৰীতাই গৱেষণাপত্ৰ পঢ়ি সময় কটাইছিল। ১৯৪০ চনত Rodolfo Amprino নামৰ তেওঁৰ ছাত্ৰীজীৱনৰ এজন বন্ধুয়ে ৰীতাই একো নকৰি বহি থকা দেখি মৰ্মাহত হৈ তেওঁক “কিবা এটা কৰিবলৈ” কয়। আমেৰিকালৈ প্ৰৱাসী হোৱা ইহুদী জীৱবিদ ভিক্টৰ হেমবাৰ্গে প্ৰকাশ কৰা এখন গৱেষণা পত্ৰই ৰীতাক অনুপ্ৰাণিত কৰিছিল। হেমবাৰ্গ আছিল স্নায়ুতত্ত্ববিজ্ঞানৰ প্ৰতিষ্ঠাতাসকলৰ মাজৰ এজন। ৰীতাই এটা অনুবীক্ষণ যন্ত্ৰ আৰু জোৰা-তাপলি মৰা কেইটামান সা-সৰঞ্জাম গোটাই নিজৰ ঘৰতে কুকুৰা কণীৰ ভ্ৰূণৰ ওপৰত গৱেষণা কৰিবলৈ ধৰে। তেওঁ হেমবাৰ্গৰ কামবোৰকে দোহাৰিছিল। কিন্তু দুয়োৰে নিৰীক্ষণ ব্যাখ্যাৰ মাজত প্ৰভেদ আছিল। ৰীতাই বেলজিয়ামৰ পৰা প্ৰকাশিত “Archives de Biologie” নামৰ এখন আলোচনীত নিজৰ কাম প্ৰকাশ কৰে। কাৰণ ইটালীত ইহুদী বিজ্ঞানীৰ কাম প্ৰকাশ আছিল নিষেধ। পিচলৈ এই কামৰ ভিত্তিতে তেওঁ অবিকশিত কোষক বিকাশ কৰিবলৈ আৱশ্যকীয় অণু (growth factor) আৱিষ্কাৰ কৰিছিল। আমি মনত ৰখা উচিত যে এই সময়ত ইউৰোপত সংঘটিত হৈছিল দ্বিতীয় মহাযু্দ্ধ। অহৰহ যুদ্ধৰ মাজতে ৰীতাই অকলশৰে শোৱনী কোঠাত কাম কৰিছিল। ১৯৪২ চনত টুৰিণ চহৰত ব্ৰিটিছে বোমা বৰ্ষণ কৰাত ৰীতাৰ ঘৰ ভাঙি চূৰ্ণ-বিচূৰ্ণ হয়। কোনো মতেহে ৰীতাই কাগজ-পত্ৰ আৰু অনুবীক্ষণ যন্ত্ৰ ৰক্ষা কৰে। উপায়হীন পৰিয়াল ওচৰৰ এচটি নামৰ এখন সৰু চহৰলৈ বাট বুলিবলৈ বাধ্য হয়। এটা অত্যন্ত সৰু ঘৰত গৱেষণাঘৰ পাতি ৰীতাই পুনৰ গৱেষণা কৰিবলৈ ধৰে। ইয়াতো অৱস্থা আছিল তথৈবচ। যুদ্ধৰ সময়ত কুকুৰা কণীও পাবলৈ নোহোৱা হৈছিল। তথাপি ৰীতা থমকি ৰোৱা নাছিল। পিচলৈ ৰীতাই কৈছিল যে যুদ্ধৰ বিভীষিকা আৰু ইহুদী সম্প্ৰদায়ৰ ওপৰত নামিব পৰা ত্ৰাসৰ চিন্তাৰ পৰা ৰক্ষা পৰাৰ একমাত্ৰ উপায় আছিল এই গৱেষণা।
১৯৪৩ চনত মুছ’লিনীৰ পতন হয়। কিন্তু জাৰ্মানীয়ে ইটালী অধিকাৰ কৰাত জাৰ্মান সৈন্য ইটালীত প্ৰৱেশ কৰাৰ লগে-লগে প্ৰতিজন ইহুদী প্ৰাণ হাতত লৈ পলাবলৈ বাধ্য হয়। বন্ধুবৰ্গৰ সহায়ত ভুৱা চিনাক্ত পত্ৰ লৈ, কেথলিক বুলি চিনাকি দি ফ্লোৰেন্সলৈ পলাই গৈ কোনোমতেহে তেওঁলোক হিটলাৰৰ অসামৰিক বন্দী শিবিৰৰ পৰা ৰক্ষা পৰে। কাগজ-পত্ৰ ৰীতাই লগত একো নিব নোৱাৰিলে। প্ৰায় দুবছৰ ধৰি তেওঁলোকে ত্ৰাসত জীৱন কটাইছিল। ১৯৪৪ চনত মিত্ৰপক্ষই ফ্লোৰেন্স অধিকাৰ কৰে। ৰীতাই দিনে-ৰাতিয়ে ৰোগী শুশ্ৰূষা কৰিছিল। বেমাৰ-আজাৰ আৰু অনাহাৰতে শ-শ শিশুৰ মৃত্যুত মৰ্মাহত ৰীতাই জীয়াই থকায়েই ডাঙৰ সৌভাগ্য বুলি গণ্য কৰিবলৈ শিকিছিল। ১৯৪৬ চনত টুৰিণলৈ ঘূৰি আহি ৰীতাই নতুনকৈ জীৱন গঢ়িবলৈ চেষ্টা কৰে। সেই সময়তে ভিক্টৰ হেমবাৰ্গে ৰীতাক গৱেষণা কৰিবলৈ আমেৰিকালৈ আমন্ত্ৰণ কৰে। প্ৰথমে তিনি মাহৰ কাৰণে যোৱা সাতত্ৰিশ বছৰীয়া ৰীতাই আমেৰিকাত বাস কৰে ত্ৰিশ বছৰ। আমেৰিকাৰ ৱাচিংটন বিশ্ববিশ্ব-বিদ্যালয়ত ভিক্টৰ হেমবাৰ্গৰ লগত কৰা গৱেষণাৰে পৰা তেখেতে লাহে-ধীৰে স্নায়ু-কোষ বিকাশৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সমৰ্থ হয়। ৰীতাৰ কৰ্ম-ৰাশিৰ গভীৰ আলোচনা আমি আমাৰ চমু পৰিসৰত কৰিব নোৱাৰো। ৰীতা আৰু সহকৰ্মী ষ্টেনলি কোহেনে ১৯৮২ চনত ন’বেল বঁটা লাভ কৰে।
জীৱনৰ শেষ ভাগলৈ ৰীতাই ভগ্নী পাউলাৰ সহযোগত নিজৰ সাঁচতীয়া ধনেৰে গঢ়ি তোলা দাতব্য প্ৰতিষ্ঠানত শ-শ নাৰীক শিক্ষাৰ সুযোগ উলিয়াই দিছিল। নাৰীশিক্ষাৰ হ’কে তেওঁ দেহে-কেহে খাটিছিল। সমাজবিজ্ঞানী ইলেনোৰা মাচিনিৰ লগত একেলগে ১৯৯৫ চনত “Women’s International Network, Emergency and Solidarity” (WIN) স্থাপন কৰি বহু নাৰীক দৰিদ্ৰতা, বেশ্যাবৃত্তিৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাৰ উপৰিও ধৰ্মীয় সংঘাত আৰু নিচাযুক্ত দ্ৰৱ্যৰ বলিক তেওঁলোকে সহায় কৰিছিল। ২০০২ চনত ৰীতাই ৰোমত “European Brain Research Institute” স্থাপন কৰে। এনেকি এশ বছৰ বয়সতো তেওঁ গৱেষণাৰ বিষয় বিচাৰি উলিয়াইছিল। এই অসাধাৰণ নাৰীগৰাকীৰ জীৱনে আমাক বহু চিন্তাৰ খোৰাক যোগাব পাৰে।
অট’ মেথ-ক’ন নামৰ ৰসায়নবিদজন আমাৰ চিনাকি, কাৰণ তেখেত জ’ন বৌলটনৰ এজন ভাল বন্ধু। আগশাৰীৰ জৈৱৰসায়নবিদজনৰ এইখন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আছে। আমাৰ চমু পৰিসৰত আমি মাথো তেখেতৰ জীৱন সম্বন্ধেহে আলোচনা কৰিম। অৱশ্যে এই নম্ৰ, স্বল্প-ভাষী, দয়ালু, মানৱপ্ৰেমী মানুহজনৰ জীৱন সম্বন্ধে আমি তেখেতে লিখা “The nearly man” নামৰ আত্মজীৱনীৰ যোগেহে জানিবলৈ পাইছো। তেখেতৰ মুখত কেতিয়াও শুনা নাছিলো।
পিতৃ পৰিচয়হীন অট’ৰ মাতৃ ডৰ’থিয়া মেথৰ জন্ম হৈছিল দক্ষিণ-পশ্চিম জাৰ্মানীৰ ছ’ৱেভিছ গুমিন্দ (Schwaebisch Gumuend) নামৰ স্থানত এক ইহুদী পৰিয়ালত। পিতৃ আলফ্ৰেড মেথ আছিল এজন সফল ব্যৱসায়ী। প্ৰথম মহাযুদ্ধৰ পিচৰ আৰ্থিক সংকটকালীন সময়ত তেওঁ ওচৰ-চুবুৰীয়াক যিমান পাৰে সিমান সহায় কৰিছিল। সন্মানিত আৰু জনপ্ৰিয় এই মানুহজন আছিল সমাজৰ এজন আগশাৰীৰ মুৰব্বী মানুহ। আৰ্থিক সংকটৰ সময়ত তেওঁ অংশীদাৰৰ লগত যুটীয়াকৈ বস্তু কিনি স্থিৰ মূল্যত বিক্ৰী কৰিবলৈ ধৰাত ব্যৱসায়ৰ প্ৰভূত উন্নতি সাধন হয়। ১৯৩২ চনত তেখেতে প্ৰায় ৫০জন লোকক নিয়োগ কৰিছিল। তেখেতৰ ব্যৱস্থাই খুচুৰা ব্যৱসায় ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ ধৰাত আন খুচুৰা ব্যৱসায়ীয়ে লোকচান ভৰিব লগাত পৰে। ইহুদী বিদ্বেষী নাৎসী পাৰ্টিয়ে ইয়াৰ সম্পূৰ্ণ সুযোগ লৈ স্থানীয় ব্যৱসায়ীক তেওঁৰ বিৰুদ্ধে উচটাবলৈ ধৰে।
হেমবাৰ্গৰ এক ইহুদী অনাথ আশ্ৰমত সমাজ-সেৱিকা হিচাপে প্ৰশিক্ষণ প্ৰাপ্ত ডৰ’থিয়া এটা গ্ৰীষ্মকালীন বন্ধত বদেনচি নামৰ এখন সৰু চহৰলৈ বন্ধ কটাবলৈ গৈছিল। এই চহৰতেই এজন নাৎসী ছাত্ৰৰ তেওঁ প্ৰেমত পৰে আৰু গৰ্ভৱতী হৈ ঘৰলৈ ঘুৰি আহে। বিয়া কৰোৱাৰ তেওঁৰ উপায় নাছিল। কাৰণ ১৯৩৫ চনত প্ৰণয়ন কৰা নিউৰেমবাৰ্গ আইন অনুসৰি জাৰ্মান আৰু ইহুদীৰ মাজৰ বিবাহ আছিল নিষেধ। কোনোপধ্যে প্ৰেমিকৰ নাম প্ৰকাশ কৰিবলৈ অমান্তি হৈ তেওঁ বায়েক হেৰটেলৰ সহায়ত Hague লৈ যায় আৰু ১৯৩৫ চনৰ ১২ এপ্ৰিলত Emmaklinik-ত অট’ৰ জন্ম হয়। এগৰাকী অবৈধ সন্তানৰ জননীৰ সকলো বিপদ-আপদ, ব্যংগ-বিদ্ৰূপ মূৰ পাতি লৈ জাৰ্মানীৰ বিভিন্ন চহৰত কাম কৰি ডৰ’থিয়াই অট’ক ডাঙৰ-দীঘল কৰিবলৈ ধৰে। জেনা নামৰ চহৰত দহোটা সন্তানৰ মাতৃ মুটি বক নামৰ এগৰাকী মুচিয়াৰৰ পত্নীৰ লগত ডৰ’থিয়াৰ বন্ধুত্ব হয়। এইগৰাকী দয়ালু মাতৃয়ে ডৰ’থিয়াক লগত এবছৰ ধৰি ৰাখিছিল। বহু দিনৰ পাছত, ১৯৭৩ চনত অট’ আহি যেতিয়া এই ঘৰত আলহী হৈছিল তেতিয়া মুটিয়ে হেৰুৱা সন্তানক ঘূৰাই পালোঁ বুলি অট’ক মৰম কৰিছিল। ধৰিব পাৰি যে ডৰ’থিয়া এই সময়ত আছিল সুখী। যি কি নহওঁক, ক্ৰমান্বয়ে আলফ্ৰেডৰ জীৱন অসহনীয় হ’বলৈ ধৰে। কাৰণ প্ৰচাৰ চলিছিল—“ইহুদী ব্যৱসায়ীৰ পৰা বস্তু নিকিনিব”। সেয়েহে আৰ্থিক সহায় দিয়াৰ অভিপ্ৰায়ে ডৰ’থিয়াই মাকৰ ঘৰৰ ওচৰতে থকা উল্ম চহৰৰ এটা শিশু কেন্দ্ৰত চাকৰি বিচাৰি লয়। ১৯৩৬ চনত পৰিয়ালত ভাঙোন ধৰে। নাৎসীৰ কবলত পৰা পৰিয়ালৰ সকলো ব্যক্তি বিভিন্ন স্থানলৈ পলাবলৈ বাধ্য হয়। অবৈধ সন্তানৰ মাতৃ ডৰ’থিয়াই জানিছিল যে পলাবলৈ গ’লে বিপদ চপাই লোৱাহে হ’ব। তেওঁ স্থানীয় চিনাগগৰ পুৰোহিত ড০ জুলিয়াচ ক’ণৰ ৰুগীয়া পত্নীক শুশ্ৰূষা কৰাৰ ভাৰ লৈ তেওঁৰ লগতে থাকিবলৈ ধৰে। জুলিয়াচৰ স্ত্ৰীৰ মৃত্যুৰ পিচত ডৰ’থিয়াই পুনৰ এখন শিশু কল্যাণ কেন্দ্ৰত কাম কৰিবলৈ ধৰে। ১৯৩৮ চনত উল্ম চহৰত নাৎসী বাহিনীৰ তাণ্ডৱ নৃত্য আৰম্ভ হয়। ইহুদীসকলৰ ঘৰ-দূৱাৰ, দোকান-পোহাৰ ভাঙি তেওঁলোকে ইহুদী চিনাগগত অগ্নি সংযোগ কৰে আৰু পুৰোহিত জুলিয়াচক এনেদৰে প্ৰহাৰ কৰে যে কোনো মতেহে তেওঁ মৃত্যু মুখৰ পৰা ৰক্ষা পৰে। এই সময়ত সমগ্ৰ জাৰ্মানীত সংঘটিত হোৱা ইহুদী নিধন যজ্ঞত প্ৰায় ৩০,০০০ ইহুদীক হত্যা কৰা হৈছিল।
এই হত্যাকাণ্ডৰ বাতৰি সমগ্ৰ বিশ্বত বিয়পি পৰাত ব্ৰিটেইনৰ এমুঠি ইহুদী, কোৱেকাৰ আৰু মানৱপ্ৰেমী লোকে ইহুদী সৰু ল’ৰা-ছোৱালীক ব্ৰিটেইনলৈ শৰণাৰ্থী ৰূপে আনিবলৈ চৰকাৰৰ ওপৰত হেঁচা দিবলৈ ধৰে। ব্ৰিটেইনে দহ হাজাৰ শিশুক অনাৰ ব্যৱস্থা কৰে।
অৱশেষত ডৰ’থিয়া আৰু জুলিয়াচে দেশ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি খা-খবৰ কৰি স্কটলেণ্ডলৈ প্ৰৱাসী হ’বলৈ যা-যোগাৰ কৰাত জুলিয়াচে গম পালে যে ডৰ’থিয়া তেখেতৰ স্ত্ৰী হিচাপেহে যাব পাৰিব। ডৰ’থিয়া জুলিয়াচৰ লগত বিবাহ পাশত আৱদ্ধ হয়। কিন্তু চৰকাৰী নথি-পত্ৰত ডৰ’থিয়াৰ নাম নথকাত তেওঁক পিচত আনিব পাৰিব বুলি ভাবি জুলিয়াচ অকলে স্কটলেণ্ড পাইহি। চৰকাৰী ৰঙা-ফিতাৰ কবলত পৰি ডৰ’থিয়া জাৰ্মানীত বন্দী হৈ ৰয়। অট’ক ব্ৰিটেইনলৈ পঠিয়াব পাৰিলে ৰক্ষা পৰিব বুলি চিন্তা কৰিয়েই উপায়হীনা মাকে ১৯৩৯ চনত কণমানি অট’ৰ হাতত এটা সৰু টোপোলা দি উল্মৰ ৰেল ষ্টেচনত থৈ আহে। মাকৰ লগত অট’ৰ সেয়েই আছিল শেষ দেখা। কাৰণ ১৯৪৪ চন পৰ্যন্ত বহু লোকৰ সহায় লৈ চেষ্টা কৰিও ডৰ’থিয়া জাৰ্মানীৰ পৰা ওলাব নোৱাৰিলে। ১৯৪৪ চনৰ আউচভিটজ (Auschwitz) নামৰ অসামৰিক বন্দী কেন্দ্ৰত হাজাৰ-হাজাৰ ইহুদীক গেচ প্ৰয়োগ কৰি হত্যা কৰা হৈছিল। ইয়াৰ মাজত ডৰ’থিয়া ও আছিল।
অট’ আহি স্কটলেণ্ড পাইহি। এডিনবাৰাৰ আৰমিনি আৰু হেৰীৱেৰে তেওঁক তোলনীয়া পুত্ৰ ৰূপে গ্ৰহণ কৰে। দুটা সন্তানৰ মাতৃ আৰমিনি আছিল ধৈৰ্য্যশীল, স্বাৰ্থহীন, চিন্তাশীল, মৰমিয়াল মাতৃ। দুয়ো আছিল মানৱ আৰু প্ৰকৃতিপ্ৰেমী শিল্পী। আৰ্থিক স্বচ্ছলতা নাছিল যদিও ঘৰত আছিল সুখ-শান্তিৰ এক সুন্দৰ পৰিৱেশ। এইখন ঘৰতেই অট’ৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। এইখন ঘৰত অট’ আছিল সুখী। কিন্তু লাহে-লাহে যুদ্ধৰ বতাহে এই পৰিয়ালক থকা-সৰকা কৰে। নিজ সন্তানক পোহ-পাল দিবলৈকে কঠিন হোৱাত অনিচ্ছা স্বত্ত্বেও তেওঁলোকে অট’ক ১৯৪০ চনত বাৰমিংহামৰ “Princess Alice Orphanage” নামৰ অনাথ আশ্ৰমত ভৰ্ত্তি কৰাই দিয়ে। স্বাভাৱিকতেই প্ৰথমতে ইয়াত জীৱন বৰ সুখৰ নাছিল। কিন্তু “Green Lane Junior School”-ত পাঠ ল’বলৈ ধৰাৰ লগে-লগে অট’ৰ মেধাবী শক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। আনহাতে ইয়াত আন এক অভাৱনীয় সমস্যাই দেখা দিয়ে। স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আছিল খ্ৰীষ্টধৰ্মী, আনহাতে অট’ আছিল ইহুদী। সেয়েহে তেওঁক ইহুদী ধৰ্মৰ শিক্ষা দিবলৈ প্ৰধান শিক্ষকৰ ওপৰত হেঁচা পৰাত নিৰাশ্ৰয় গৃহৰ মিষ্টাৰ ৰয়ক্ৰফ্ট নামৰ মুৰব্বীজনে পঢ়া-শুনাৰ প্ৰতি অসীম ধাউতি থকা, সুন্দৰ আচাৰ-ব্যৱহাৰৰ এই দহ বছৰীয়া ল’ৰাজনক অতি দুখেৰে এক ইহুদী শৰণাৰ্থী হোষ্টেললৈ পঠিয়াবলৈ বাধ্য হয়। ১৯৪৫ চনত অট’ “Jewish Refugees Hostel, 9, Withington, Manchester” ভৰ্ত্তি হয়। হোষ্টেলত বিভিন্ন বয়সৰ ল’ৰা-ছোৱালী আছিল। অট’ৰ বয়স আছিল সকলোতকৈ ক’ম। ঘৰ চাফা কৰা, কাপোৰ ধোৱা আদি সকলো কাম তেওঁলোকে পাল পাতি কৰিছিল। ওচৰৰ “Old Moat School”-ত তেখেতে শিক্ষা গ্ৰহণ কৰিবলৈ ধৰে। তেখেতৰ নিজ ভাষাত– “School was a tough and unpleasant place with bullying the norm”। হোষ্টেলৰ মুৰব্বীসকলে পঢ়া-শুনাৰ ওপৰত বৰ বেচি গুৰুত্ব আৰোপ কৰা নাছিল। কিন্তু আচৰিত যে ডাঙৰ ল’ৰাৰ পৰা (এজনৰ নাম আছিল আইভান ডেনিচিচ) তেওঁ অংক আৰু বিজ্ঞানৰ পাঠ গ্ৰহণ কৰিবলৈ ধৰে। প্ৰকৃততে আইভানে তেখেতক বিজ্ঞান শিক্ষাৰে শিক্ষিত কৰাৰ দায়িত্ব গা-পাতি লৈছিল যেন মনে ধৰে। ওচৰৰ পুথিভঁৰালত নাম ভৰ্ত্তি কৰি দিছিল, বিজ্ঞানৰ আৱিষ্কাৰ সম্পৰ্কীয় কিতাপ, “Nature” আদি আলোচনী দুয়ো পঢ়িছিল আৰু নুবুজাখিনি বুজাত সহায় কৰিছিল। এঘাৰ বছৰীয়া শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিচত তেওঁ “Didsbury Central School for Boys” নামৰ বিদ্যালয়ত ভৰ্ত্তি হয়। স্কুলত অংক আৰু পদাৰ্থবিদ্যাৰ পাঠ দিয়া হৈছিল যদিও ৰসায়ন বা জীৱ বিদ্যাৰ বিষয়ে তেওঁ একো শিক্ষা গ্ৰহণ কৰা নাছিল। স্ব-উৎসাহতে কেইজনমান বিজ্ঞান অনুৰাগী ছাত্ৰই “Mystery and Science Club” খুলিছিল, কিতাপ-পত্ৰ পঢ়িছিল, পৰীক্ষা-নিৰীক্ষা কৰিছিল আৰু আলাপ-আলোচনা কৰিছিল। এইদৰে বন্ধুবৰ্গৰ যোগেদিয়েই বিজ্ঞান-জগতৰ লগত তেওঁৰ পৰিচয় ঘটে।
এই সময়তে তেখেতৰ নিজ পৰিয়ালৰ লগত যোগাযোগ হয়। লণ্ডনত নিগাজীকৈ বাস কৰা মাহীয়েক ডোৰায়ে তেওঁক প্ৰথমে নিজ ঘৰলৈ আমন্ত্ৰণ কৰে। জীৱনত প্ৰথম বাৰৰ বাবে তেওঁ আত্মীয় স্বজনৰ লগত পৰিচিত হয়। জৰ্জ ষ্ট্ৰীট নামৰ এজন দূৰ সম্পৰ্কীয় খুৰাকে তেওঁক বহু ধৰণে সহায় কৰিছিল। সকলো যোগাযোগ সম্ভৱপৰ কৰি তুলিছিল প্ৰকৃততে তেখেতৰ ককাদেউতাকে। আলফ্ৰেড আৰু ফ্লোৰা কোনোমতে ৰক্ষা পৰি আমেৰিকালৈ ঢাপলি মেলিছিল। দুয়োৰে বয়স আছিল ষাঠিৰ ওপৰত। তথাপি আলফ্ৰেডে ঘৰে-ঘৰে বস্তু বিক্ৰী কৰি আৰু ফ্লোৰাই মানুহৰ ঘৰ চাফা কৰি অৰ্থ অৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰিছিল। যুদ্ধ শেষৰ পিচত আলফ্ৰেডে ক্ষতিপূৰণ দাবি কৰি জাৰ্মান চৰকাৰৰ ওচৰত আৱেদন পত্ৰ দাখিল কৰি নেৰা-নেপেৰা চেষ্টাৰ পিচত সফল হৈ ফ্লৰিডাত অৱসৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। অট’ৰ বাবেও ক্ষতি পূৰণ দাবি কৰি তেওঁ সফল হোৱাত অট’য়ে কিছু আৰ্থিক সাহায্য লাভ কৰিছিল।
ইতিমধ্যে অট’ৰ স্কুলীয়া শিক্ষাৰ অন্ত পৰিবলৈ আৰম্ভ কৰিছিল। স্কুলৰ শিক্ষকে কি কৰিব খোজে সোধাত তেখেতে উত্তৰ দিছিল– “I would like to become an archaeologist”। উত্তৰ আছিল–“Don’t be stupid boy, that’s a rich man’s hobby”। ৰসায়নবিদ হোৱাৰ প্ৰশ্নই নুঠে। কিন্তু ৰসায়নবিজ্ঞানী হোৱাৰ সপোন দেখিছোঁ বুলি খুৰাক জৰ্জক কোৱাত কৈছিল–“চাওঁচোন কি কৰিব পাৰো”। সেই সময়ত একলেচত এজন ইহুদী শৰণাৰ্থীয়ে স্ব-চেষ্টাতে “Lankro Chemicals” নামৰ এটা কোম্পানী খুলিছিল। তেখেতৰ নাম আছিল Dr Faulk Heinz Kroch। তেখেতে অট’ক এটা চাকৰি দিয়ে। কিন্তু তেওঁক “The Royal Technical college of Salford”-ত সপ্তাহত এদিন আৰু বাকী কেইদিন নৈশ বিদ্যালয়ত পাঠ গ্ৰহণ কৰি “National Certificate of Chemistry” পৰ্যন্ত যোগ্যতা লাভ কৰিবলৈ কোৱা হয়। ৰসায়নৰ প্ৰাথমিক জ্ঞান নথকা অট’ৱে গৱেষণাগাৰত কাম কৰিবলৈ ধৰে, প্ৰতিদিনে চৈধ্য মাইল চাইকেল চলাই অহা-যোৱা কৰি কাম কৰি আৰু নৈশ বিদ্যালয়ত পাঠলৈ তিনি বছৰৰ পিচত তেওঁ চাৰ্টিফিকেট লাভ কৰে। ইয়াৰ পিচত অট’ কেতিয়াও থমকি নৰয়। ইটোৰ পিচত সিটোকৈ ডিগ্ৰী লাভ কৰি তেওঁ হৈ পৰে এজন আগশাৰীৰ জৈৱ ৰসায়নবিদ।
১৯৫৪ চনত জাৰ্মানীৰ মিউনিখ চহৰত অট’ৰ সকলো আত্মীয়-স্বজন গোট খাইছিল। তেতিয়াই অট’ৰ লগত ককাকৰ প্ৰথম আৰু শেষ বাৰৰ বাবে দেখা হৈছিল।
এই তিনিজন লোকে আক্ষৰিক অৰ্থত অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লগাত পৰিছিল। সংগ্ৰামত জয়ী হ’বলৈ তেওঁলোকক সহায় কৰিছিল জ্ঞান আৰু শিক্ষা-প্ৰেম, অদম্য মনোবল, অফুৰন্ত পৰিশ্ৰমী ক্ষমতা, ধৈৰ্য্য, নিষ্ঠা, একাগ্ৰতা আৰু মানৱ-প্ৰেমে। এওঁলোকৰ প্ৰতিজনে তেওঁলোকক সহায় কৰা ইহুদী, অ-ইহুদী সকলোকে শ্ৰদ্ধাৰে স্মৰণ কৰিছে।
শেষত আমি এটা প্ৰশ্ন কৰিব খোজোঁ। হিটলাৰে প্ৰচাৰ কৰা উগ্ৰ জাতীয়তাবাদী ৰাজনীতিৰ বলি হ’ল কোন? লিজা, ৰীতা, অট’, নে সেই যুগৰ জাৰ্মানীৰ উগ্ৰ জাতীয়তাবাদী স্বদেশ প্ৰেমিক?
সহায় লোৱা হৈছে:-
- 10 Women Who Changed Science And The World, Catherine Whitlock and Rhodri Evans.
- The nearly man, Otto Meth-Cohn.
- Atom, Piers Bizony