মহৎ মৃগী- (ডাঃ দীপজ্যোতি বৰা)
গাঁৱলীয়া সমাজত মৃগীৰোগক এতিয়াও অভিশাপ হিচাপে গণ্য কৰা হয়, যিটো এটা সম্পূৰ্ণ ভুল ধাৰণা। মৃগীৰোগ বা এপিলেপ্চি হৈছে আমাৰ মগজুৰ কিছুমান স্নায়ুকোষৰ তাৎক্ষণিক বৈদ্যুতিক অতি-সক্ৰিয়তাৰ বাবে হোৱা এক স্নায়ৱিক ৰোগ। মৃগীৰোগ যে কোনো ভূত-প্ৰেতৰ দ্বাৰা সৃষ্ট নহয় তাৰ সপক্ষে যুক্তি আগবঢ়াইছিল ভাৰতবৰ্ষৰ আত্ৰেয় (Atreya) আৰু গ্ৰীচ দেশৰ হিপ্পোক্ৰেটিছে(Heppocrates)।
মৃগীৰোগ যদিওবা সকলো মানুহৰ ক্ষেত্রতে হ’ব পাৰে তথাপিও কিছু কিছু মহৎ আৰু বিখ্যাত ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ পৰা পৰোক্ষভাৱে এই প্ৰশ্নৰ অৱতাৰণা হয় যে এইসকল লোকৰ মহত্বৰ ক্ষেত্ৰত মৃগী ৰোগৰ কিবা অৱদান বা প্ৰভাৱ আছে নেকি? মৃগীৰোগীসকলৰ বহুতেই সৃষ্টিশীল হয়। তেওঁলোক একো একোজন সবল নেতা, অভিনেতা, বিখ্যাত খেলুৱৈ, দাৰ্শনিক হোৱাৰ উদাহৰণো অলেখ।
গ্ৰীক দাৰ্শনিক এৰিষ্টটলে এনে ধাৰণাক নাম দিছিল মহৎ মৃগী (great epilepsies)। তেওঁৰ পূৰ্বৱৰ্তী প্ৰখ্যাত চক্ৰেটিছৰ মৃগীৰোগ (temporal lobe epilepsies) হোৱাটো চায়েই হয়তো এৰিষ্টটলে এই সমীক্ষাত্মক ধাৰণাৰ পোষকতা কৰিছিল।
লাহে লাহে মৃগীৰোগীসকলৰ স্বভাৱ, চৰিত্ৰ আৰু আচাৰ-আচৰণৰ ক্ষেত্ৰত বহু চিন্তা-চৰ্চা তথা সমীক্ষা কৰা হ’ল। এইসকল ৰোগীৰ কিছুমানে সৰু বিষয় এটাকে পৰোক্ষভাৱে বেছি গভীৰতালৈ গৈ ডাঙৰকৈ ভবা বা ব্যক্ত কৰা দেখা যায়। ইয়াক বহুবল্কী বক্তব্য (Circumferential speech) বুলি কোৱা হয়। ৰাজনৈতিক নেতা বা অন্যান্য বিভাগৰ মুৰব্বীসকলৰ বাবে এনে ধৰণৰ বাকপটুতা অত্যন্ত প্ৰয়োজনীয়। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা লেখক থিয়ড’ৰ ৰুজভেল্ট (Theodore Roosevelt) এই ৰোগত আক্ৰান্ত আছিল আৰু তেওঁৰ ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিক সফলতাৰ কথা ন কৈ কোৱাৰ প্ৰয়োজন নাই।
ক্ৰীড়া, সংগীত আৰু নৃত্যৰ ক্ষেত্ৰতো আমি এনে কিছু ব্যক্তিৰ মাজত মৃগী ৰোগৰ উপস্থিতি দেখা পাওঁ যিসকলৰ ক্ষেত্ৰত মৃগী ৰোগ তেওঁলোকৰ বাবে আশীৰ্বাদ বুলিহে ক’ব পৰা যায়। “Britain got talent” ৰ সুকণ্ঠী গায়িকা চুচান বয়ল (Susan Boyle), জাৰ্মানীৰ প্ৰিন্স (Prince), চিত্ৰশিল্পী ভিনচেণ্ট ভেন গগ্ (Vincent van Gogh), ঔপন্যাসিক চাৰ্লছ ডিকেন্স (Charles Dickens), ক্ৰিকেট খেলুৱৈ জন্টি ৰ’ডছ আদি বহুতো প্ৰখ্যাত ব্যক্তি মৃগীৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল বা হৈছে।
পৃথিৱীৰ সবাটোতকৈ চৰ্চিত তথা প্ৰখ্যাত পাঁচজন সম্ৰাট বা বীৰ যোদ্ধাৰ নাম ক’বলৈ ক’লে তাৰ মাজতে গ্ৰীক ৰজা মহামতি আলেকজেণ্ডাৰ আৰু ফ্ৰান্সৰ মহানায়ক নেপোলিয়নৰ নাম আমি ক’বই লাগিব। ইতিহাসে কয় এই কেইগৰাকী মহাযোদ্ধাও মৃগীৰোগৰ চিকাৰ হৈছিল। এনে উদাহৰণৰ সংখ্যা হিচাপ কৰিব নোৱৰা। কথা হ’ল এনে কি এক বিৰল প্ৰতিভা বা বুদ্ধিমত্তা প্ৰদান কৰিব পাৰে মৃগীৰোগে? অৱশ্যে এই কথা ইয়াতে কৈ থোৱা দৰকাৰ যে মৃগীৰোগ অতি নিম্ন বুদ্ধিমত্তাৰ লোকৰ ক্ষেত্ৰতো যথেষ্ট হোৱা দেখা যায়।
সীমিত বিদ্যুতৰ পৰা মৃগী বা Seizure উৎপন্ন কৰি আমি বিভিন্ন ধৰণৰ মানসিক ৰোগো চিকিৎসা কৰোঁ যাক Electro Convulsive Therapy বা ECT বুলি কওঁ। গতিকে এই কথা ঠিক যে মগজুৰ ভিতৰত উৎপত্তি হোৱা বা কৰোৱা কিছু কিছু বৈদ্যুতিক তৰংগই আমাৰ মগজুৰ কাৰ্যক্ষমতা বা কাৰ্যদক্ষতা বঢ়ায়। মৃগীৰোগৰ উপস্থিতিয়ে এটা সাধাৰণ মগজুক অসাধাৰণ কৰি তুলিবও পাৰে বা একেবাৰে ৰোগাক্ৰান্ত বা পঙ্গুও কৰি তুলিব পাৰে।
গতিকে, আমি ধনাত্মক দিশবোৰ চকুৰ আগত ৰাখি মৃগীৰোগৰ বিজ্ঞান-সন্মত চিকিৎসা কৰোৱাটো অতি দৰকাৰী।