অতিথি সম্পাদকৰ কলম – (মমিন বৰা)
“সৰুজনীয়ে বুলিলে বৰজনী বাই
আলহী আহিছে কিহৰেবা খায়” (১১৩)
মুক্ত চিন্তা আলোচনীৰ অতিথি সম্পাদকৰ গুৰু দায়িত্ব মূৰ পাতি লৈ প্ৰথমেই যিটো বিষয় মনলৈ আহিছিল, সেইটো হ’ল – ‘লোক-কৃষ্টি’। বিষয়টোৰ ওপৰত মোৰ পাৰদৰ্শিতা বা প্ৰতিভা নাছিল, কেৱল ‘অহৈতুকী’ আকৰ্ষণ আৰু আসক্তিৰ বাবেই মই বিষয়টো নিৰ্বাচন কৰিছিলোঁ। কিন্তু ‘লোককৃষ্টি’ৰ দৰে বিশাল বিষয় এটাক দুহাতেৰে ঢুকি পোৱাৰ আত্মপ্ৰত্যয় নাছিল। সেয়েহে পৰিধিটো সীমিত কৰি নিৰ্বাচন কৰিছিলোঁ লোককৃষ্টিৰ এক মূল উপবৰ্গ “বিষয়ঃ লোকসংগীত”।
“শুন বাপু শুন
একেডালি টোকনৰ নটি গুণ” (১০৮)
এই প্ৰসংগত এদিন বন্ধু এজনৰ লগত পাতি আছিলোঁ কিছুমান নৃত্য আৰু সেই নৃত্যৰ লগত সংযোজিত গীত-মাতৰ বিষয়ে। সেয়া আছিল ঔপনিৱেশিক পৃথিৱী বা তাৰ আগৰ সময়খিনিৰ। বিশেষকৈ আফ্ৰিকাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক নিজৰ ঠাই, নিজৰ জনগোষ্ঠীৰ পৰা বিচ্ছিন্ন কৰি ইউৰোপ আৰু আমেৰিকাত ক্ৰীতদাস হিচাপে ব্যৱহাৰ কৰিছিল। সাম্ৰাজ্যবাদ আৰু ঔপনিবেশিকতাৰ বলী হৈ বিচ্ছিন্ন হ’বলৈ বাধ্য কৰা এই শোষিত মানুহ সকলৰ মাজত লাহে লাহে মত বা আন সংবাদ বিনিময়ৰ বাবে গঢ় লৈ উঠা মাধ্যমটো আছিল লোক নৃত্য আৰু লোকগীতসমূহ। আৰু এই লোক কৃষ্টি বা লোক নৃত্য-গীতৰ মাজতে প্ৰণীত হৈছিল সেই জাতি-জনগোষ্ঠীৰ সামাজিক জীৱনৰ বিভিন্ন অধ্যায়সমূহৰ। ই কেৱল ইউৰোপ বা আফ্ৰিকাতে সীমাবদ্ধ নাছিল। ঔপনিৱেশিক পৃথিৱীৰ প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীৰ মানুহৰ জীৱনবোৰ বিস্তৃত ভাৱে প্ৰণীত কৰি ৰখা একমাত্ৰ মাধ্যম হ’ল এই লোককৃষ্টি বা লোকসংগীত সমূহ।
“চেঙেলী বাই লৰি আহ লৰি আহ
মোৰ বৰসীত ধৰহি আহ ধৰহি আহ” (১০৯)
লোকসংগীত বা লোককৃষ্টিয়ে মানুহৰ ব্যক্তি চেতনাৰ ঐতিহ্যসমূহ তথা জীৱন আৰু যাপনৰ প্ৰতিটো দশা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বহন কৰি লৈ ফুৰিছে। মানৱ জীৱনৰ সভ্যতাৰ আৰম্ভণিতে বিভিন্ন সাংকেতিক ধ্বনিৰ প্ৰণালীবদ্ধ প্ৰয়োগেৰে ভাষাৰ আৱিষ্কাৰৰ পিছৰ পৰাই মানুহে লোকসংগীত, লোকনৃত্য বা বিভিন্ন শিল্প কলা তথা ভাস্কৰ্য্যৰ মাধ্যমেৰ সেই সভ্যতাৰ ক্ৰমবিকাশ লিপিবদ্ধ কৰি গৈছে। ইয়াৰ ভিতৰত লোকসংগীত আছিল সকলো কলাৰ সূচনা তথা সঞ্চাৰণৰ এক প্ৰধান আহিলা। প্ৰথম অৱস্থাত লোকসংগীতসমূহৰ মূল বিষয়বস্তু আছিল উপাস্য দেৱ-দেৱতাসমূহ। লাহে লাহে ইয়াত মানুহৰ বাস্তৱিক জীৱনৰ হৰ্ষ-বেদনা তথা বিভিন্ন কাৰক বা উপলক্ষ্যবোৰৰ অন্তৰ্ভুক্তিৰে লোকসংগীত সমূহ সমৃদ্ধ হ’বলৈ ধৰিছিল।
এক নিৰ্দিষ্ট ভৌগলিক পৰিসীমাৰ ভিতৰত বসবাস কৰা একোটা জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীৰ ভাষাৰ মাধ্যমেৰে বিভিন্ন লোককৃষ্টি, লোকসংগীত সমূহৰ সৃষ্টি কৰে। এইবোৰৰ দ্বাৰা একো-একোটা জাতি, জনগোষ্ঠীৰ নিজস্ব সত্বা তথা পৰিচয়ো গঢ় লৈ উঠে।
“কানখৱা এ নাহিবি ৰাতি
তোৰ কান কাতি লগামে চাতি” (১২)
ঔপনিৱেশিক সময়ৰ বিভিন্ন লোক কৃষ্টি তথা কলা সমূহ কেৱল আত্ম-পৰিচয় তথা সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ স্বকীয় ঐতিহ্যৰ ধ্বজাবাহীয়েই নাছিল, ই কেতিয়াবা আছিল শোষণৰ বিৰুদ্ধে প্ৰতিবাদ তথা ক্ষোভ প্ৰকাশৰ মাধ্যমো। সাম্ৰাজ্যবাদী ব্যৱস্থাই হৰণ কৰি ৰখা বাক স্বাধীনতাৰ পৰিপূৰক হিচাপেও কেতিয়াবা ই অৱস্থান কৰিছিল।
লাহে-লাহে মানুহ তথা দেশবোৰ তথাকথিত ঔপনিবেশিক তথা সাম্ৰাজ্যবাদী শাসন ব্যৱস্থাৰ পৰা মুক্ত হ’বলৈ ধৰিলে। পৃথিৱীত প্ৰায়বোৰ দেশত গনতন্ত্ৰৰ প্ৰতিষ্ঠা হ’ল। লাহে-লাহে মানুহৰ ওচৰত মত প্ৰকাশৰ মাধ্যম তথা অধিকাৰ উপলব্ধ হ’বলৈ আৰম্ভ কৰিলে।
“সোণৰ নাঙলখনি ৰূপৰে ফাল
জনক মহাৰজাই জুৰিলে হাল” (২৭)
উত্তৰ ঔপনিৱেশিক পৃথিৱীত প্ৰৱেশ কৰাৰ লগে-লগে মানুহে স্বাধীনতাৰ সোৱাদ ল’বলৈ আৰম্ভ কৰিলে। এই সোৱাদৰ আৱহাৱাত মজি থকাৰ মাজতে কেতিয়া আন এক বাদ মুৰ দাঙি উঠি আহিল, মানুহৰ জনাৰ অৱকাশেই নহ’ল! এই নতুন বাদটোৱেই হ’ল এই সময়ত বহুল প্ৰচাৰিত আৰু প্ৰসাৰিত পুঁজিবাদ। লাহে-লাহে ঔপনিৱেশিক সময়ৰ সাম্ৰাজ্যবাদী ব্যৱস্থাৰ দৰে এইবাৰ সৰু-সৰু জাতি তথা জনগোষ্ঠীসমূহ এক নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল। এই পুঁজিবাদী শাসন যন্ত্ৰই প্ৰণালীবদ্ধ পদ্ধতিৰে কোনো বৃহৎ জাতি বা ভাষিক ব্যৱস্থাক সংখ্যাগুৰু হিচাপে চিহ্নিত কৰি সমাজলৈ আগবঢ়াই দিলে। লাহে-লাহে সৰু সৰু জাতি বা জনগোষ্ঠী সমূহৰ নিজৰ পৰিচয় তথা স্বকীয়তা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিলে। আন বিভিন্ন কাৰকৰ লগতে পুঁজিবাদে তৈয়াৰ কৰা এনে ব্যৱস্থাৰ বাবেই কেৱল ভাৰততে যোৱা পঞ্চাশ বছৰত প্ৰায় ২২০ টা ভাষা লুপ্ত হৈ পৰিল। (উৎসঃ blogs.reuters 7 September, 2013)।
” চিন্তা হে’ৰা মোৰ মন আল্লাৰ নামত
ভজা হৰা মোৰ মন গুৰুৰে পাৱত” (৯৮)
লোককৃষ্টি তথা লোকসংগীতৰ প্ৰসংগটো এইবাবেই এতিয়া অতি জৰুৰী হৈ পৰিছে। প্ৰতিটো জাতি-জনগোষ্ঠীৰ স্বকীয় পৰিচয় তথা সেই ভাষাৰ সাধাৰণ মানুহৰ জীৱন আৰু যাপনৰ পৰিক্ৰমা বহন কৰি ফুৰিছে লোককৃষ্টি আৰু এই লোকসংগীত সমূহে। গতিকে কোনো আগ্ৰাসনৰ পৰা সৰু সৰু জাতি-জনগোষ্ঠী সমুহে পৰিচয় তথা নিজস্ব সত্বা বচাবলৈ হ’লে ইয়াৰ বিভিন্ন কৃষ্টি-সংস্কৃতি তথা লোকাচাৰ সমূহৰ অধ্যয়ন তথা সংৰক্ষণ এতিয়া নিতান্তই প্ৰয়োজনীয়।
“সভাসদৰ ধূলা বন্দী শীৰ তুলি লওঁ
কামৰূপত ৰেল ওলাল তাৰে কথা কওঁ” (১৮১)
শেষত মোৰ দৰে অল্পমতি এজনক এই দায়িত্বভাৰ আগবঢ়াই দিয়াৰ বাবে মুক্ত চিন্তা গোটৰ সকলোকে কৃতজ্ঞতা জনালোঁ। এই সংখ্যাৰ লেখাৰ বাবে যোগাযোগ কৰা তথা আলোচনা কৰা প্ৰতিজন ব্যক্তিকে ধন্যবাদ জনালোঁ। লেখনিৰ মাজেৰে এই সংখ্যা সমৃদ্ধ কৰা প্ৰতিজন লেখকৰ ওচৰত কৃতজ্ঞতা আগবঢ়ালোঁ। বিভিন্ন সকাম তথা বিভিন্ন সময়ত উপদেশ, দিকনিৰ্দেশনাৰে কৰা সহায়ৰ বাবে কৌশিক দাদা, বৰ্ণালী বাইদেউ, অচ্যুত, নৱনীতা, সমুদ্ৰ দা, সূৰ্য বৰা দেৱ, টুনুজ্যোতি গগৈ দেৱ, বিতুপন, মাধুৰ্য্য, মুনমুন, চালিম এম হুছেইন, স্নেহাংকৰদা, মনোহৰদা, ৰঞ্জন দা, মিন্টু মিঞ্জুৰ, ধনপোণা, প্ৰাঞ্জল আৰু শেষত হেমন্ত, সকলোকে ধন্যবাদ জনালোঁ। লগতে অনিচ্ছাকৃত ভাৱেও কাৰোবাৰ নাম থাকি গ’লে পাবলগীয়া শাস্তিৰ বাবে প্ৰস্তুত আছোঁ বুলি ঘোষণা কৰিলোঁ।
ধন্যবাদ।
মমিন বৰা।
অতিথি সম্পাদক, ষষ্ঠ বছৰ দ্বিতীয় সংখ্যা
মুক্তচিন্তা অনলাইন আলোচনী।
২৪ ছেপ্টেম্বৰ’২০২০।
পাদটীকাঃ
১১৩ – পচলাৰ জুনা (ধেমেলীয়া গীত – পদ, উজনিৰ)
১০৮ – টোকনৰ গুণ (ধেমেলীয়া গীত – পদ, নামনিৰ)
১০৯ – বৰশী বোৱা গীত (ধেমেলীয়া গীত – পদ, নামনিৰ)
১২ – নিচুকনি গীত, নামনিৰ।
২৭ – বিয়ানাম
৯৮ – জিকিৰ
১৮১ – ওজাপালিত ৰেল বৰ্ণনা
(উল্লেখিত গীত-মাত সমূহ ‘সাহিত্য অকাদেমি’য়ে প্ৰকাশ কৰা প্ৰফুল্লদত্ত গোস্বামীৰ গ্ৰন্থ “বাৰ মাহৰ তেৰ গীত”ৰ (চতুৰ্থ মুদ্ৰণ) পৰা উদ্ধৃত। উল্লেখযোগ্য যে প্ৰতিটো গীতৰ প্ৰথম ফাকিহে প্ৰতিকী হিচাপে উপস্থাপন কৰা হৈছে। নিৰ্দেশসূচক সংখ্যাই গ্ৰন্থ খনৰ নিদিষ্ট পৃষ্ঠাক সূচাইছে।)
আটোমটোকাৰিকৈ সজোৱা এই বিশেষ শিতানটিৰ আঁৰত থকা মূল চিন্তা, কষ্ট আৰু আত্মপ্ৰত্যয় এইখিনিয়েই মূলধন। শিতানটিৰ বিষয় মানুহৰ ওচৰৰ। সম চিন্তাৰ পঢ়ুৱৈ বাঢ়ক।