অনুবাদপ্ৰবন্ধ

গীটাৰ নহয়, দুহাতেৰে যেন তেওঁ কালৰ ৰাজহাড়তহে ঝংকাৰ তোলে— (মূল: সুবোধ সরকার :: অনুবাদ: নৱজ্যোতি বৰগোহাঁই)

আগকথা :
(যোৱা ১৬ মাৰ্চ তাৰিখে, আধুনিক বাংলা সংগীতৰ নতুন ধাৰা সৃষ্টি কৰা জনগণৰ শিল্পী কবীৰ সুমনে ৭৫ বছৰ বয়সত ভৰি দিলে। আধুনিক ভাৰতীয় সংগীতৰ জগতখনত এক নতুন ধাৰাৰে সময়ৰ আৱাজ হৈ উঠা সংগীত শিল্পী কবিৰ সুমনৰ গীতে যিকোনো সচেতন নাগৰিকৰ মন মগজু আলোড়িত কৰে। সেই স্বনামধন্য মানৱ দৰদী সঁচা অৰ্থত আধুনিক শিল্পী কবিৰ সুমনৰ ৭৫তম জন্মদিনৰ প্ৰাকক্ষণত মুক্ত চিন্তাৰ মঞ্চৰ পৰা হিয়াভৰা শুভেচ্ছা জনাইছোঁ। সেই উদ্দেশ্য আগত ৰাখি প্ৰখ্যাত প্ৰগতিশীল কবি সুবোধ সৰকাৰৰ সদ্য প্ৰকাশিত লেখা “তাঁর দু’হাতে গিটার নয়, যেন সময়ের শিরদাঁড়া”ৰ অসমীয়া অনুবাদ ‘মুক্ত চিন্তা’ৰ পাঠকলৈ আগবঢ়ালোঁ। এই প্ৰবন্ধটোত কবিৰ সুমনৰ শিল্পী সত্তাৰ বিশেষ তাৎপৰ্য সুন্দৰকৈ প্ৰকাশ পাইছে। উক্ত প্ৰবন্ধটো বাংলা দৈনিক কাকত “সংবাদ প্ৰতিদিন”ত যোৱা ১৭ মাৰ্চত প্ৰকাশ পাইছিল। এই প্ৰৱন্ধটোৰ প্ৰচ্ছদ চিত্ৰৰ শিল্পী— অর্ঘ্য চৌধুৰী।)

মোৰ জীৱনত দেখা বহুকেইজাক ধুমুহাৰ ভিতৰত কবীৰ সুমনৰ গীতো এজাক ধুমুহা। শিক্ষিত বঙালী মধ্যবিত্তই গছৰ তলত থিয় হৈ এই ধুমুহাৰ বাবে অপেক্ষা কৰি আছিল। মই গছৰ মৰা ডালবোৰৰ ওপৰত থিয় হৈ ধুমুহাৰ আগমনৰ কথা ভাবিছিলোঁ। এনে এজাক ধুমুহা আহক যি ঘৰ-বাৰী উৰুৱাই নিব আৰু আমাৰ স্নায়ুতন্ত্ৰত এক নতুন প্ৰলয়ৰ সৃষ্টি কৰিব!

ধ্বংসৰ অবিহনে এটি নতুন গানৰ জন্ম নহয়। এটি নতুন কবিতাৰ সৃষ্টি নহয়। প্ৰেমৰ উন্মেষ নঘটে। কিন্তু সেইটো সংঘটিত হ’ল। আমি এটি গীত পালোঁ। সংগীতৰ এটা নতুন ভাষা বিচাৰি পালোঁ। গানে নতুন নাগৰিকত্ব পালে। গীত লিখি সমাজখন সলনি কৰিব নোৱাৰি। কিন্তু কবীৰ সুমনে গীত লিখি সংগীতৰ সংবিধান সলনি কৰি দিলে। যেনেকৈ লিখিলে, তেনেকৈ সুৰ সৃষ্টিৰে যৌথভাৱে নতুন গীতৰ এটা ফৰ্ম গঢ়ি তুলিলে। যিজনে ক’ব পাৰে, ‘মোৰ কেৱল আন্ধাৰত সংগীত বনোৱাৰ দায়িত্ব’, ধুমুহাৰো দায়িত্ব আছে, সেই দায়িত্ব ধুমুহাই ল’ব লাগিব। যিটো তিনিটা দশক ধৰি দেখি আহিছোঁ। বহুজনেই গীত সৃষ্টি কৰিছে, কিন্তু কিমানে ইতিহাস গঢ়িব পাৰে? বহুতজনৰ দৰে সুমনে কিংবদন্তি হৈ ক’মালৈ যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ এক বহমান ইতিহাস এক জীৱন্ত কিংবদন্তি। তেওঁ সলিল চৌধুৰীৰ দৰে নহয়, তেওঁ বব ডিলান নহয়, হেমন্ত মান্না নহয়, লালন নহয়।’

তেওঁ ‘কারার ওই লৌহকপাট’ৰ পৰা, ‘ঢেউ উঠছে, কারা টুটছে’, ‘কোনও এক গাঁয়ের বঁধু’ৰ পৰা বহু দূৰ আগবাঢ়ি আহি এখন দুৱাৰ খুলি দিলে; আৰু তেওঁ গাবলৈ আৰম্ভ কৰিলে ‘প্রথমোত আমি তোমাকে চাই’৷ কি কাণ্ড গীতত কোনোবাই ‘প্রথমোত’ লিখে? লিখিব পাৰি। তেওঁ লিখি দেখুৱাই দিলে, যি শব্দ প্ৰবন্ধত ব্যবহাৰ হয়, সেই শব্দও গীতলৈ ৰূপান্তৰিত কৰিব পাৰি। ইমানতে তেওঁ থমকি নৰ’ল। ‘দ্বিতীয়ত’ও লিখিলে। ‘তৃতীয়ত’ও লিখিলে। ডিনেমাইটৰ দৰে বিস্ফোৰণ ঘটি জন্ম হ’ল এটি অসাধাৰণ প্ৰেমৰ গীত। এটা নতুন সময় জাগি উঠিল। এটা প্ৰজন্ম— গীতৰ উন্মেষ ঘটিল। এটা নতুন প্ৰজন্মৰ আগমন হ’ল। গান শুনা এটা প্ৰজন্ম। গান গোৱা এটা প্ৰজন্ম। তাৰপাছত সুমনে কিয় নাম সলনি কৰিলে? কাৰণ হিচাবে তেওঁ লিখিছে সিহঁতে গ্ৰাহাম ষ্টেইনছক কিয় জ্বলাই হত্যা কৰিলে? সেই অসাধাৰণ গান শুনি শুনি এনে লাগিছিল যেন সংগীতে সময়ক খামুচি ধৰিব পাৰে, সময় নিজেও সেই গানৰ হাড়-মজ্জাত সোমাই পৰে। এনে সময়তে সেই দুটা অমোঘ শাৰী মনলৈ আহে: ‘সময়টোক খামুচি ধৰা / বাঘে যেনেকৈ চিকাৰ ধৰে৷”

সুমনৰ গীতৰ নায়ক হ’ল সুমন। গীটাৰ নহয়, দুহাতেৰে যেন তেওঁ কালৰ ৰাজহাড়তহে ঝংকাৰ তোলে। যি আঙুলিৰে তেওঁ লিখে সেই আঙুলিৰেই তেওঁ সুৰো জন্ম দিয়ে। মোৰ মাজে মাজে ভাব হয় তেওঁ যিদৰে গীত লিখে তেনেকৈ তেওঁ সুৰো লিখে। মোৰ ধাৰণা গীটাৰতে তেওঁ সুৰ লিখি যায়।

২.

‘চৈ লা ৰিভলীউচন’— কোনে জানো কথাষাৰ কৈছিল? নিকাৰাগুয়াৰ ৰাজপথত সেই চকাটো চলাই থকা দুখীয়া কিশোৰজনে কৈছিল ‘ময়েই বিপ্লৱ’৷ সুভাষ মুখোপাধ্যায় বা শংখ ঘোষ বা সুনীল গংগোপাধ্যায়ে গদ্যত এনে উপাখ্যানৰ জন্ম দিব পাৰিলেহেঁতেন। গীতৰ সমন্বিতে কিদৰে গদ্য লিখিব পাৰি সেইটো সুমনৰ বাহিৰে আন কোনো ‘গায়ক’ৰ বাবে সম্ভৱ হৈ উঠা নাছিল। অথবা নন্দিগ্ৰামৰ সেই কৃষকজনে সেই অশান্ত সময়ত নামাজ পঢ়িবলৈ যোৱাৰ আগতে কৈছিল, ‘মই জীয়াই থাকিলে তুমি অন্ন পাবা।’ এনে বহু প্ৰত্যক্ষ অভিজ্ঞতাৰে কবি মহম্মদ দাৰউইছে পেলেষ্টাইনৰ বিষয়ে লিখিছে সেইদৰে কবি আৰ্নেষ্টো কাৰ্ডিনালে নিকাৰাগুয়াৰ বিষয়ে লিখিছে।

হাইনৰিখ ব্যুল, বাৰ্বাৰা ৰবীন্দ্ৰনাথ, মিৰোস্লাভ হলুব, গাৰ্চিয়া মাৰ্কেজৰ ওপৰত সুমনে যি হীৰাখচিত গদ্য লিখিছে সেইবোৰ বাংলা সাহিত্যৰ অন্যতম শিলাস্তম্ভ। কিয় বা তেওঁ গদ্য লিখা বাদ দিলে ভাবিলে দুখ লাগে। ‘দেশ’ কাকতৰ সম্পাদক সাগৰময় ঘোষে তেওঁৰ যোগেদি ‘দুৰেৰ জনলা’ নামেৰে এখন ধাৰাবাহিক ৰচনা লেখাইছিল। আমাৰ দেশত কোনো গায়কে মিৰোস্লাভ হলুবৰ কবিতা পঢ়ে বুলি নাজানো। সুমনে পঢ়ে। হলুব পঢ়িছে যিহেতু ভাস্কো পপাও পঢ়িছে, টাডেউছ ৰুজেভিচও পঢ়িছে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ধ্বংসাৱশেষৰ মাজৰ পৰা আধুনিক কবিতা গঢ়ি তোলাসকলৰ সম্পৰ্কে চিন্তা- ভাৱনা, তেওঁলোকৰ বিষয়ে আলোচনা, লেখা আদিৰ মাজেৰে, সুমনে নিজৰ গীতৰ মাজত নিমজ্জিত হৈছে। পৰম্পৰা আৰু আধুনিকতা– এই দুই স্তম্ভৰ ওপৰত থিয় হৈ তেওঁৰ গীতে বন্দী কৰিছে এখন ধুমুহাময় আকাশ, সেই আকাশৰ নাম উত্তৰ আধুনিক আকাশ। সুমনৰ গদ্য পঢ়িলেই বুজিব পাৰি যে তেওঁৰ মন ক’ত ক’ত বিচৰণ কৰিছিল। মই সুমনৰ গদ্যৰ অনুৰাগী আছিলোঁ। আজিও। আগলৈও থাকিম।

এটি ব্যক্তিগত টোকাৰে লেখাটো শেষ কৰোঁ। মোৰ ল’ৰা ৰ’ৰোৰ বয়স যেতিয়া তিনি বছৰ, মল্লিকাই তাক খুৱাব পৰা নাছিল। সুমনৰ মাত শুনি সি খাইছিল। মই যদি সুমনৰ গানটো বন্ধ কৰি আন কোনো গায়কৰ গান বজাই দিওঁ সি খোৱা বন্ধ কৰি হাত-ভৰি আছাৰি দিছিল। ৰোৰো এতিয়া তেনে সমস্যাৰ বিষয় হৈ থকা নাই, দেউতাকক এৰি বহু দূৰত পঢ়িবলৈ গুচি গৈছে। আজি তাৰ লগত আমাৰ পৰিয়ালৰ কোনো নাই। কিন্তু সি সুমনৰ গান লৈ গৈছে। পৰিয়ালৰ গান তাৰ লগত থাকি গ’ল। এইদৰেই সুমনৰ গীত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, মাটিৰ পৰা মাটিলৈ, বাসস্থানৰ পৰা বাসগৃহলৈ, বিলাপৰ পৰা উল্লাসলৈ, আন্দোলনৰ পৰা নিসংগতালৈ বিয়পি পৰিছে। সুমনৰ গান বন্ধ হ’লেহে আমি হাত ভৰি আছাৰি খোৱা-বোৱা বন্ধ কৰি দিম।

৩.

মই, মোৰ দৰে বহুতেই সুমনৰ গীতৰ বাবে বাচি থাকিলোঁ।

দুটিমান লিংক

১) Glorious Musical journey of Kabir Suman

২)তোমাকে চাই

৩) A tribute to the maestro on his 75th birth anniversary

৪)বিৰোধী-কবিৰ সুমন- সৌমিক ৰয়

Leave a Reply

Your email address will not be published. Required fields are marked *