বিবিধ চিন্তা

জ্ঞানৰ পণ্যায়ন আৰু বিকাশ‌।‌। পংকজ জ্যোতি মহন্ত

বিজ্ঞান বুলি ক’লে, আমি প্ৰকৃতিৰ নিখুঁত সত্যৰ কথা বুজোঁ। কিন্তু বিজ্ঞানৰ বিকাশৰ ইতিহাস কেৱল প্ৰাকৃতিক সত্যৰ দ্বাৰাই পৰিচালিত হৈ অহা নাই। বিজ্ঞানৰ বিকাশত বিভিন্ন কাৰকে প্ৰভাৱ পেলাই আহিছে। অৰ্থাৎ বিজ্ঞানৰ যি ইতিহাস, সেই ইতিহাস প্ৰকৃততে যেনেকুৱা হ’ব লাগিছিল, সি প্ৰাকৃতিকভাৱেই সম্পূৰ্ণ তেনেকুৱা হৈয়েই অহা নাই। সময়ে সময়ে বিজ্ঞানৰ ইতিহাস সম্পূৰ্ণ বেলেগ বাটেৰে বেলেগ দিশলৈ গতি কৰিছে। উদাহৰণস্বৰূপে, যদি বিশ্বযুদ্ধ দুখন নহ’লহেঁতেন, দেশবোৰৰ মাজত ৰাজনৈতিক কন্দল নচলিলহেঁতেন, তেন্তে যুগাৱতাৰ বিজ্ঞানীসকলে মেনহেট্টান প্ৰকল্পত খাটি নাথাকিলহেঁতেন, আৰু তাৰ ফলত আজি জগতে চলাই থকা বিজ্ঞান-চৰ্চা সম্পূৰ্ণ সুকীয়া হ’লহেঁতেন। আকৌ, যেতিয়া বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰা হ’ল, তাৰ পাছতে যেতিয়া মহাকাশত মানুহে প্ৰথমবাৰ বিচৰণ কৰিলে, লগে লগে গোটেই বিশ্বৰ ৰাজনীতিত একপ্ৰকাৰৰ আতংকই বিৰাজ কৰিলে। কাৰণ, তাৰ দ্বাৰা পৃথিৱীৰ আকাশখনৰ যিকোনো স্থানলৈ যাব পৰাকৈ কেইজনমান মানুহৰ হাতলৈ নিয়ন্ত্ৰণ আহি গ’ল, আৰু তাৰ অৰ্থ হ’ল এইটোৱেই যে পৃথিৱীৰ যিকোনো স্থানত বোমা পেলাব পৰাৰ নিয়ন্ত্ৰণো তেওঁলোকে হাতৰ মুঠিত পাই গ’ল। ফলত গোটেই বিশ্বত এক অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি হ’ল। এই প্ৰতিযোগিতাই কিমান কি সৃষ্টি কৰিলে সেয়া কুৰি শতিকাৰ বিজ্ঞান ইতিহাসে সদম্ভে ঘোষণা কৰে। যদিহে মহাকাশক হাতৰ মুঠিলৈ অনা সেই কাম দুটা বেলেগ এখন দেশৰ পৰা হ’লহেঁতেন, আজি আমি যোগাযোগৰ বাবে ব্যৱহাৰ কৰা মোবাইলৰ ব্যৱস্থাও একে হৈ নাথাকিলহেঁতেন। সেইদৰে, ৱল্ড ৱাইড ৱেবৰ স্ৰষ্টা টীম বাৰ্ণাছ-লীয়ে যদি চাৰ্ণত চাকৰি নকৰিলেহেঁতেন, তেন্তে আজি আন নালাগে ফে’চবুকৰ ৰূপো সলনি হ’লহেঁতেন।

বৰ্তমান বিশ্বৰ বিজ্ঞানৰ বিকাশৰ ইতিহাস নিৰ্মাণত সাংঘাতিক প্ৰভাৱ পেলোৱা এটা বিষয় হৈছে— গৱেষণা-কৰ্মসমূহৰ দাম। অৰ্থাৎ, গৱেষণা-পত্ৰসমূহ পঢ়িবলৈ বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া কাৰবাৰটো। শিক্ষা-প্ৰতিষ্ঠানসমূহে জাৰ্নেলসমূহ ক্ৰয় কৰিবলৈ কল্পনা কৰিব নোৱৰা পৰিমাণৰ ধন ভৰিবলগীয়া হয়। ফলত দুখীয়া দেশবোৰৰ প্ৰায়ভাগ প্ৰতিষ্ঠানে বহুতো জাৰ্নেল ক্ৰয় কৰিব নোৱাৰে। তাৰ ফলত বিশ্বৰ বিজ্ঞান যেনেদৰে আগবাঢ়িব লাগে তেনেদৰে আগবঢ়া নাই। কিন্তু এই গোটেই ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰি আছে মাত্ৰ এমুঠিমান লুভীয়া মানুহে। তেওঁলোকে ইয়াৰ সমস্ত ধন আৰামত লুণ্ঠন কৰি আছে। ইয়াৰ বিৰুদ্ধে বিশ্বত অহৰহ একোখন যুঁজো চলি আছে। বহুতো বিজ্ঞানীয়ে নিজা উদ্যোগত বিনামূলীয়া জাৰ্নেল প্ৰতিষ্ঠাৰ চেষ্টা চলাই আছে। Sci-Hub ৰ দৰে ব্যৱস্থাও এই যুঁজৰে এক অংশ। কিন্তু তেওঁলোক একপ্ৰকাৰে হাৰি গৈছে।

গৱেষকসকলে নিজৰ গৱেষণা-পত্ৰসমূহ আনে বিনামূল্য পঢ়িব পৰাকৈ আপলোড কৰিবলৈ arXiv আদিৰ দৰে ব্যৱস্থাও আছে। কিন্তু সেই ব্যৱস্থা সকলো গৱেষকে কিবা কাৰণত (হয়তো অনীহাত) গুৰুত্ব সহকাৰে নলয়। ফলত প্ৰয়োজনীয় আৰু উন্নত বহুতো গৱেষণা-পত্ৰ আন গৱেষকসকলে পঢ়িবলৈ নাপায়। গতিকে, এয়া স্বাভাৱিকভাৱেই বুজিব পৰা কথা যে, সেই বিজ্ঞানী বা গৱেষকসকলে বিজ্ঞানক পিছুৱাই যোৱাতহে নিজৰ অগোচৰে হ’লেও সহায় কৰি আছে। ইয়াৰ দ্বাৰা কেৱল বিজ্ঞানৰে অনিষ্ট হোৱা নাই, তেওঁলোকৰ ব্যক্তিগত অনিষ্টও হৈছে।

এবছৰমান আগতে কোনোবা এখন বিখ্যাত পত্ৰিকাত এটা বৃহৎ পৰিমাণ তথ্যৰ বিশ্লেষণ পঢ়িছিলোঁ। তাত কৈছে যে, যিসমূহ গৱেষণা-পত্ৰ arXiv আদিত বিনামূল্য দিয়া হৈছে, সেইসমূহৰ ভিত্তিত আনসকলে কৰা কামৰ পৰিমাণ বেছি। অৰ্থাৎ, যিসমূহ গৱেষণা-পত্ৰ বিনামূল্য পোৱাৰ সকলো বাট বন্ধ কৰি ৰখা হৈছে, সেইসমূহৰ ভিত্তিত আগবঢ়া কামৰ পৰিমাণ কম। গতিকে, বিজ্ঞানৰ বিকাশৰ ধাৰাটো আন এক ধৰণেও সলনি ঘটিল নে! ই স্বাভাৱিক গতিতকৈ সুকীয়া নহ’ল নে!

এইধৰণৰ কথাই কেৱল বিজ্ঞান বা বিজ্ঞান-সভ্যতাতে নহয়, ভাষা-সাহিত্য বা সামগ্ৰিক সভ্যতাৰ বিকাশতো প্ৰবল প্ৰভাৱ পেলায়। জ্ঞানৰ সহজলভ্যতা সভ্যতা বিকাশৰ এটা প্ৰধান আহিলা। আজিৰ দ্ৰুত পৰিৱৰ্তনশীল যুগত জ্ঞান বা সৃষ্টি সহজলভ্য কৰাত গুৰুত্ব নিদিলে কেৱল সভ্যতাতে কু-প্ৰভাৱ পৰিব এনে নহয়, লেখকসকলৰ নিজৰো একো কাম নাহিব। তেওঁলোকৰ সৃষ্টি মানুহে নপঢ়িবই। সেয়েহে মই ভাবোঁ, লেখকসকলে নিজৰ লেখা বা কিতাপসমূহ নিজেই পিডিএফ বা আন যিকোনো ডিজিটেল ৰূপত বিনামূল্যে মুকলি কৰি দিব লাগে। লোকৰ কিতাপ লোকে অনীতি কৰি মুকলি কৰাৰ কথা মই কোৱা নাই। লেখকে নিজে সেইটো কৰাৰ দিশে আগবঢ়াৰ প্ৰয়োজন। যিকেইখন কিতাপ যথেষ্ট চলে, সেইকেইখন তেনেকৈয়ে থাকক, তাৰ দ্বাৰা একো প্ৰভাৱ নপৰে। প্ৰকাশকসমূহেও তাৰ দ্বাৰাই উপাৰ্জন কৰিব পাৰিব। আন বহুতো কিতাপ এটা ঢৌত অলপদিন চলি যোৱাৰ পাছত আৰু চলি নাথাকে। বিভিন্ন লেখকৰ কথাৰ ভিত্তিত ধাৰণা হয় যে, প্ৰতি বছৰে ওলোৱা বহু সংখ্যক ভাল ভাল কিতাপৰ বিক্ৰী পঞ্চাছ ক’পিতে থমকি ৰৈ যায়। সেইবোৰ আৰু কোনেও নিকিনে। কেৱল এটা ভুৱা সন্তুষ্টিত লেখকসকল আবদ্ধ থাকে। তেওঁলোকৰ চিন্তা-চৰ্চা বন্দী হৈ ৰয় কেৱল এটা ক্ষুদ্ৰ থুপৰ মাজত। কিন্তু সেইসমূহকেই বিনামূল্য পালে কিছু সংখ্যক লোকে নতুনকৈ পঢ়িব। লেখকসকলে ক’ব বিচৰা কথাখিনি বা তেওঁলোকৰ সৃষ্টিৰ সোৱাদ তেতিয়াহে মানুহৰ মাজলৈ যাব। সেইসমূহক কিতাপৰ নাম লৈ চিৰদিনলৈ বা বহু বছৰলৈ জপাই বিমূৰ্ত ৰূপত পেলাই থৈ দিয়াৰ কোনো প্ৰয়োজন নাই। সেইবোৰৰ সহজলভ্যতাইহে এটা জাতিৰ বিকাশত সহায় কৰিব।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *