বিবিধ চিন্তা

হাত চাফাই (ড° বসন্ত কুমাৰ বৰা)

চাৰিওফালে কৰ’নাময়; ৰজা-প্ৰজাৰ টোপনি নাই । এজনে সুধিলে,

– কোৱাচোন, ইউৰোপ-ট্ৰাম্পলেণ্ডৰ যে কৰ’নাই ইমান দুৰৱস্থা কৰিলে, আমাৰ মুলুকত বেচেৰাই ইমান অভাৱিকৈ চলিবৰ নিমিত্ত কি? 

–  সেই লৈ দেখোন নানা মুনিৰ নানা মত। খেনোৱে কয়, আমাৰ মুলুকত ডেকা-তেজ বেছি, সেয়ে কৰ’নাই গা কৰিব পৰা নাই। খেনোৰ মতে বীচীজী ছিটাই আমাৰ ৰামৰাজ্যবাসীক ৰক্ষা কৰিছে। আকৌ খেনোৰ মতে আমাৰ দেশত কৰ’নাৰ নৰমেধত উষ্ণতাই বাধা দিছে। – জনাখিনি ক’লোঁ।

– হাঃ, সেইবোৰ থোৱা। আমাৰ মুলুকত কৰ’নাৰ এই অৱস্থাৰ সম্ভেদ মইহে পাইছোঁ। দীঘলীয়া গৱেষণাৰ পাছত। তোমাক কওঁ; আনক নক’বা। এই মহান আৱিষ্কাৰে, কি ঠিক, মোলৈ বঁটা-বাহনো আনিব পাৰে। দেখিছাই, আজিকালি বঁটা-বাহন উভৈনদী! পাবলগীয়া মানুহতকৈ বঁটাৰ সংখ্যা বেছি; সেয়ে আশা এটা কৰিছোঁ দিয়াচোন।

আও; এইজনৰ দেখোন ডাঙৰ কথা। মেট্ৰিকত মোৰপৰা চাই লিখি পাছ-মাৰ্কটো গোটাইছিল বুলি নিজেই কয়; এতিয়ানো গৱেষণাত লাগিব পৰা হ’লগৈনে! ভাবিলোঁ যদিও ফুটাই নক’লোঁ। যিহে দিন-কাল! আজিকালি চোৰ গৈ পুলিছ হয়, পুলিছ হয়গৈ চোৰ; সাত-শতুৰু হয় বুকুৰ কুটুম, কুটুম বৈৰী ঘোৰ। ৰিস্ক নোলোৱাই ভাল!

– বাৰু, নকওঁ। কোৱাচোন, কিনো পালা গৱেষণাত। – মোৰ উৎসুকতা বাঢ়িল।

– কোৱাচোন, এই কৰ’না ভাইৰাছৰ পৰা সাৰিবৰ উপায় কি?

– কেলেই, এই সাধাৰণ কথাবিলাকেই। ধৰা সামাজিক দূৰত্ব, মুখা, সুস্বাস্থ্য, ব্যায়াম, হাইজিন …

–  সেইটোৱেই আচল কথা। হাইজিন। – তেওঁ মাজতে ধৰিলে।  – হাইজিন মানে কি বাৰু?

উৱা! এওঁ দেখোন একেবাৰে পুলিছে অখিল গগৈক জেৰা কৰাদি জেৰা কৰিছে। পিছে ক’বতো নোৱাৰি, ক’ত ভুল ধৰে; গৱেষক মানুহ। লাহেকৈ ক’লোঁ,

– হাইজিন মানে হাত-পাত ধুই-পখালি চাফা কৰি …

– একজেক্টলি। আকৌ মোক তেওঁ মাজতে ধৰিলে।  সেইটোৱেই মেইন। হাত চাফাই। আমি দেশীবিলাক হাত চাফা ৰখাত সকলোতকৈ আগবঢ়া নহয় জানো?

– কি কোৱাহে। বগা চাহাববিলাকে আমি হাইজিন নাজানো বুলি পেংলাই কৰে; তুমি কৈছা হাত চাফাইত আমি আগবঢ়া।

– সেইবোৰ বাদ দিয়া। তুমি নিজে ভাবাচোন, হাত চাফাইত আমাৰ লগত কোনে ফেৰ মাৰিব পাৰে? হাত চাফাই আমাৰ জন্মগত অভ্যাস নহয়নে? জন্মৰ পিছত নাৰ্ছিং হ’মৰ বিলৰপৰা মৰাৰ পাছলৈকে আমি হাত চাফাই নেৰোঁ; হয়নে নহয়?

– !!

– আচৰিত হৈছা? হাত চাফাইৰ জিনটো আমাৰ একেবাৰে গাত থাকে, জানিছানে? অলপতে তোমাৰ ল’ৰাটো হোৱা নাই জানো? এইযে তাৰ জন্মতে নাৰ্ছিং হ’মৰ গধুৰ বিলখন দিলা, কেনেকৈ দিলা? মানে চে’ক দিলা, একাউণ্ট ট্ৰান্সফাৰ কৰিলা নে কেচ?

– কেলেই, কেচ দিছিলোঁ আকৌ। কাৰ্ড পে’ কৰিব খুজিছিলোঁ; পিছে তেওঁলোকৰ মেচিনটো বেয়া আছিল যে।

– তুমি আৰু চাৰিজনক সুধিলেও একেটা উত্তৰেই পালাহেঁতেন; মেচিন বেয়া। আচলতে মেচিন সদায় বেয়াই হৈ থাকে; সেইকাৰণে কেচহে লয়। কিয় জানানে? হাত চাফাই। মানে, কেচ ল’লে কৰ ফাঁকি দিব পাৰি; নহয়নে?

মই নাজানো।

– আকৌ কি ভাবিছা। এই কাৰবাৰটো জানিবলগীয়াসকলে নাজানে নেকি? জানে, কিন্তু ব্যৱস্থা নলয়; কাৰণ? হাত চাফাই। উপযুক্ত নোটবিলাক ঘঁহি-পিহি তেওঁবিলাকেও হাত চাফা ৰাখে; বুজিছানে?

বুজিবলৈ ধৰিলোঁ লাহে লাহে ।

– ভাবি চোৱা। কেউফালে হাত চাফাই। হাত চাফাইৰ প্ৰকোপত হাতত মলি নজমেই। তুমি মৰিলেও পত্নী-সন্তানে ডে’থ চাৰ্টিফিকেটৰ বাবে কাৰোবাৰ হাত চাফা নকৰিলে নহ’ব; জানিছানে?

শিয়ৰি উঠিলোঁ – হয়নে ?

–  এই কৰ’নাৰ সময়তে ধৰা। লক-ডাউনৰ মাজতো মাছ, মাংস, দৈ, ক্ৰীম, মিঠাই, চব্‌জি – এই নাপাবলগীয়া বস্তুবিলাক পাই আছানে? ইয়াতো আছে হাত চাফাই; আছেনে নাই? 

– এয়াতো সৰু কথা। হাত চাফাইৰে ইয়াতকৈও বহুত ডাঙৰ কথা সম্ভৱ হৈছে। চুকৰ ভেকুলী হৈ থাকিলে ক’ত জানিবা? হাত চাফাইৰ উৎপাতত আমাৰ দেশত কেনেকৈ পৃথিৱীত নোহোৱা-নঘটা কাণ্ডবিলাক হৈ আছে নেদেখিছা? বিধায়ক-সাংসদৰ দল জঁপিয়াজঁপি, চাকৰি-ঘটন, চকী-ঘটন, চৰকাৰ-পতনৰ পৰা আৰম্ভ কৰি দেখা নাই যুঁজৰ বিমানৰ পৰা কফিনৰ অৰ্ডাৰলৈ, ফ’ৰ-জি স্পেকট্ৰামৰ পৰা নিবোকা বেপাৰীৰ হীৰাৰ ব্যৱসায়লৈ, আইএ’এচৰ পৰা প্ৰাক-প্ৰাথমিকৰ এড্‌মিশ্যনলৈ, ফ্লাই-অ’ভাৰৰ পৰা গংগা পৰিষ্কৰণলৈ, ভোটাৰ কিনাৰ পৰা ৰাষ্ট্ৰপতি বাছনিলৈ, গেংষ্টাৰৰ এনকাউণ্টাৰৰ পৰা সেনাবাহিনীৰ ৰুটিলৈ, নমামিৰ পৰা ঈভীএম সাল-সলনিলৈ, বৃক্ষ-ৰোপণৰ পৰা পানী যোগানলৈ, এম্বুলেঞ্চ পেইণ্টিঙৰ পৰা আনন্দৰাম লেপটপলৈ, পাইপৰ তেজৰ পৰা পীপীঈ কিটলৈ, অযোধ্যা-বিবাদৰ ৰায়ৰপৰা পশুখাদ্যলৈ – সকলোতে দেখোন হাত-চাফাই চলিয়েই থাকে!

– আকৌ চোৱা; আমাৰ প্ৰতিজনেই হাত-চাফাইৰ কৌশল আৰু লাভবিলাক তন্নতন্নকৈ জানেও আৰু সেইবোৰৰ প্ৰয়োগতো সিদ্ধহস্ত; হয়নে নহয়? ধৰা হাজিৰা কৰাজনে যেনেকৈ গৃহস্থ চাহ আনিবলৈ যাওঁতে শুই ল’ব জানে, গৃহস্থইও অফিচলৈ নোযোৱাকৈ দৰ্মহা ল’ব জানে। ক’ৰ্টৰ উকীলে যেনেকৈ মক্কেলৰ কে’চ চোঁচোৰাই চোঁচোৰাই খীৰাব জানে, ন্যায়াধীশে মন্দিৰ-মছজিৰ বিবাদত ৰায় দিব জানে। দৰৱ কোম্পানীৰ এজেণ্টে ডাক্তৰক খুচ ৰাখিব জানে, ডাক্তৰে জানে ৰোগীৰ মানিবেগ চাই টে’ষ্ট-দৰৱ লিখিবলৈ। লেব’ৰেটৰীয়ে যেনেকৈ মিলাই-মেলি টে’ষ্টৰ ৰিপ’ৰ্ট দিব জানে, নাৰ্ছিং হ’মে জানে আইচীইউৰ বিল বঢ়াবলৈ। মাষ্টৰে যেনেকৈ বিনাক্লাছে এটেণ্ডেছ ৰাখিব জানে, ছাত্ৰইও জানে ক্লাছলৈ নগৈ টিউছন কৰিয়েই প্ৰশ্ন পাব পাৰি। গ্ৰাহকে যেনেকৈ জানে শ্বপিং মলৰ বস্তু জেপত লুকুৱাব, দোকানীয়েও জানে তছৰ কাপোৰক মূগা বুলি বিকিবলৈ। তেল-ক’ম্পেনীয়ে জানে বানপানীৰ সময়ত চুপ-চাপ থাকি মূৰ্তি নিৰ্মাণত হাজাৰ কোটি দিবলৈ। বিজয় মালিয়াই যেনেকৈ জানে বেংকৰ ঋণ নমৰাকৈ কেনেকৈ বিদেশলৈ পলাব পাৰি, বেংকৰ মেনেজাৰেও জানে কেনেকৈ গ্ৰাহকৰ জমা টকা সৰকাই পলাব পাৰি। ট্ৰাকৰ ড্ৰাইভাৰে জানে ট্ৰেফিকৰ ৰঙা চকু ঢেলা কৰিবলৈ। গেংষ্টাৰে জানে ৰাজনীতিজ্ঞ হ’বলৈ।মাৰোৱাৰী বেপাৰীয়ে জানে জাতীয়তাবাদী নেতাক জেপত ভৰাই আৰামত লুটিবলৈ। স্বাধীনতাৰ সেনানীয়ে জানে চাৰেণ্ডাৰৰ পিছতো অস্ত্ৰ ৰাখিবলৈ আৰু তাৰ জোৰত কোটিপটিও হ’বলৈ‌। লিখকে জানে পকেটৰ পইচাৰে দুখন কিতাপৰ বিশ ক’পি ছপাই সাহিত্যিক পেঞ্চন ল’বলৈ‌। সম্পাদকে জানে উপযুক্ত বাতৰি প্ৰকাশ কৰি বঁটা-বাহন বুটলিবলৈ। সাহিত্য সভাৰ সম্পাদকে জানে সংবিধান সলাই হ’লেও সভাপতি হ’বলৈ। কিমান ক’ম!! এইবোৰৰ বাবে আমাক হাত চাফাইত পাৰ্গতালি নালাগে জানো? মুঠতে নিজৰেই হওক, আনৰেই হওক, হাত চাফা কৰাত আমাৰ মুলুকৰ সুনাগৰিকসকলক কোনোবাই চেৰ পেলাব পৰিবনে, কোৱাচোন।

দিবলৈ উত্তৰ নাছিল। নিগৰাই নিগৰাই সিজনৰ কণ্ঠ শুকাইছিল; পানীৰ বটলটো আগবঢ়ালোঁ। তেওঁ কোৎকোৎকৈ খালে, মুখহে বন্ধ নকৰিলে।

– আমাৰ অতিকৈ মৰমৰ-চেনেহৰ মুলুকখনততো আৰু চাৰ। দেখিছানে নাই – পুলিছৰ আগেদি চোৰ-ডকাইত-ঠগবাজ-পকেটমাৰ ঘূৰি থাকে; ধৰা নপৰে। কিয় – হাত চাফাই‌। চোৰাং কয়লা খান্দি থাকে, ভৰ্তি ট্ৰাক চলি থাকে; কিন্তু চেইক-গে’টত ধৰা নপৰে। কাৰণ? হাত চাফাই‌। বনাঞ্চলৰ গছ চোৰে উদং কৰে, বিষয়াই নেদেখে। কিয়? হাত চাফাই। ডাম্পাৰত উঠি নদীৰ বালি দিনে-নিশাই গৈ থাকে; ৰক্ষকে নেদেখে। কিয়? হাত চাফাই  নহয় জানো? বানপানী হয়, শিবিৰত খাদ্য যোগান হয়, দুৰ্দশাগ্ৰস্থইহে খাবলৈ নাপায়। কিয় – হাত চাফাই। মথাউৰিৰ ঠিকা আহে, বানে পিছৰ বছৰ মথাউৰি আকৌ ভাগে। কিয় – হাত চাফাই। সজাৰ পিছতে ৰাস্তা বখলা-বখলে এৰাই।  কিয় – হাত চাফাই। হোৰাহোৰে বিদেশী সোমাই থাকে; সীমান্তৰক্ষীৰ চকুত নপৰে। কিয় – তেওঁলোক হাত চাফাইত ব্যস্ত। খেনোৱে ক’ভিডত  কোৱাৰেণ্টাইন হৈ থাকে, কিন্তু খেনোৱে দহপ্ৰদেশ ঘূৰিও হাত চাফা কৰি আৰোগ্যজনক গামোচা পিন্ধাই, দিগদাৰ নাই। কাৰণ? হাত চাফাই। গুৱাহাটীত পানী উলিয়াব নোৱৰা বনিয়াই কাৰ হাত চাফা কৰি লুইতৰ তলেৰে সুৰংগ নিৰ্মাণৰ সুবিধা পাইছে, নেদেখিছা?

কি কৰোঁ! কিমান শুনিম। নাকটো মোহাৰি ততালিকে বুধি উলিয়ালোঁ। খপ্‌কৈ জেপৰ বিড়ি এটা উলিয়াই তেওঁলৈ আগবঢ়ালোঁ।

– বিড়ি এটা?

– দিয়া দিয়া। আগ্ৰহেৰে তেওঁ বিড়িটো জ্বলালে।  … … এয়েই সুযোগ।

– বাৰু, তুমি ৰোৱা তেন্তে; মই আগহে বাঢ়োঁ।

বিড়িটোৰেই বন্ধুৰ হাত চাফা কৰি ততাতৈয়াকৈ আঁতৰি পলালোঁ‌।

Leave a Reply

Your email address will not be published. Required fields are marked *