অনুবাদকবিতা

হিমচেঁচা সন্ধিয়া হাবিডৰাত কিছুপৰ ৰৈ-(মূল: ৰবাৰ্ট ফ্ৰষ্ট, অনুবাদ: বিতোপন বৰুৱা)

কাৰনো হাবিডৰা যেন চিনি পাওঁ
ঘৰটিও চিনো তাৰ ওচৰতে গাঁও৷
দেখি ভোল যাওঁ সি নাজানে বতৰা
তুষাৰে ঢাকি ধৰা নিজৰেই হাবিডৰা৷

মোৰ ঘোঁৰাটোৱে ভাবিছে কথাটোবা কি?
নিৰ্জন অৰণ্যতনো ৰ’ল কিয় সি?
গোটমৰা হ্ৰদটি আৰু অটব্য হাবি
বছৰটিৰ সবাতোকৈ ঘন আবেলি৷

লেকাম জোকাৰি সি বুজায় ইঙ্গিতেৰে
জানোচা হৈছে কিবা ভুল অজানিতে৷
ঘোঁৰাৰ টিলিঙাৰ শব্দটিৰ বাদে
হিমচেঁচা বতাহৰ সুৰটিহে বাজে৷

হাবিখনি শুৱনি, ডাঠ আৰু দ
তাকে দেখি ভোল গৈ ৰ’লেতো নহ’ব৷
ৰাখিবলৈ আছে কিন্তু কিছু কথা মোৰ
এতিয়াও সমুখত আছে বহুদূৰ
এতিয়াও সমুখত আছে বহুদূৰ……

Leave a Reply

Your email address will not be published. Required fields are marked *