হীৰেন ভট্টাচাৰ্যঃ জীৱন, দৃষ্টি আৰু সৃষ্টি – (ৰঞ্জিৎ ভূঞা)
(এক)
“হীৰু হীৰুৱেই, বহুক্ষেত্ৰত একক আৰু অদ্বিতীয়। সকলো সাহিত্যিক, শিল্পীৰ জীৱনতে জীৱনৰ ধাৰণা, ৰুচি আৰু আদৰ্শৰ সলনি হয়, কিন্তু হীৰেন ভট্টাচাৰ্য একমাত্ৰ অসমীয়া মানুহ, যি নিজৰ আদৰ্শ সলনি কৰাৰ কথা কেতিয়াও ভবা নাই। অথচ দৈনন্দিন জীৱনৰ কোনো কথাতে তেওঁ শৃংখলাবদ্ধ ৰূপত লাগি থাকিব নোৱাৰে। কিন্তু সাহিত্য, সংস্কৃতি সকলো দিশতে কিবা নহয় কিবা এটা কৰিব লাগে বুলি ভাবি থাকে। তাৰ কাৰণে যথেষ্ট ত্যাগ স্বীকাৰো কৰে। গণনাট্য সংঘৰ যিকোনো এটা কামৰ বাবে তেওঁ অফিচলৈ অহা-যোৱা কৰি নাথাকে। কিন্তু প্ৰয়োজন হ’লেই সংঘৰ মানুহবোৰ তেওঁৰ ঘৰলৈ যায়। অথচ আগতে সকলো কৰিও তেওঁ যেন ক’তো ঘনিষ্ঠ ভাৱে নাথাকে, থাকিব নোৱাৰে। পদুম পাতৰ পানীৰ দৰে।”- হীৰুদাৰ বিষয়ে এইদৰে কৈছিল তেওঁৰ অন্তৰংগ বন্ধু প্ৰসিদ্ধ চিত্ৰশিল্পী বেণু মিশ্ৰই। তেওঁতকৈ ভালদৰে হীৰুদাক চিনি পোৱা, বুজি পোৱা মানুহ আন কোনোবা আছে বুলি বিশ্বাস কৰিবলৈ মন নাযায় দেখোন! আৰু হীৰুদাৰ বিষয়ে কোৱা কথাখিনি! গোটেই মানুহ জন, জীৱন আৰু চিন্তা, কাম-কাজৰ ইয়াতকৈ ভাল মূল্যায়ন হব পাৰে বুলিও ভাবিবলৈ মন নাযায়। হীৰুদাৰ কবিতাৰ কথা ক’বলৈ গৈ বেণু মিশ্ৰই কৈছে, “মই চিত্ৰকৰ হে, সমালোচক নহওঁ। হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ বাখ্যা মই দিব নোৱাৰিম, অথচ তেওঁৰ কবিতাবোৰৰ স’তে মই উশাহ-নিশাহৰ দৰে সংলগ্ন হৈ আছোঁ।” হীৰুদা মানুহ জন আৰু তেওঁৰ সৃষ্টি সম্পৰ্কে বংগৰ “প্ৰতিক্ষণ” নামৰ আলোচনীৰ শ্ৰী অৰুণ সেনে লিখিছে এনেদৰে, “ৰাজ্য এখনৰ গাঁৱে-ভূঁয়ে ইমান জনপ্ৰিয় হোৱা আন এজন অসমীয়া বা বাংলা কবিৰ কথা মই নাজানোঁ।” কবিৰ আন এগৰাকী অন্তৰংগ বন্ধু গল্পকাৰ অতুলানন্দ গোস্বামীৰো একেই মত। জীৱিত কালতে ইমান ঈৰ্ষণীয় জনপ্ৰিয়তা আন কোনো কবিৰ ভাগ্যত যে ঘটা নাই, সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে, সেই কথাও সঁচা। কিন্তু কিহৰ বাবে আছিল বা এতিয়াও আছে হীৰুদাৰ এই আকাশ লংঘী জনপ্ৰিয়তা? অসমৰ যিকোনো ঠাইৰে ডেকা গাভৰুৱে থিতাতে উদ্ধৃতি দিব পৰা কবিতা যদি আছে, তেন্তে সেয়া হীৰুদাৰে। হীৰুদাৰ কবিতা পঢ়ি, কথা কওঁতে বা চিঠি লিখোতে হীৰুদাৰ চুটি চুটি কবিতা ব্যৱহাৰ কৰা প্ৰেমিক-প্ৰেমিকাৰ সংখ্যা অগণন। মোৰ এজন বন্ধুৱে কবিতাৰ আড্ডাত এদিন বৰ উচ্ছসিত সুৰত কৈছিল “হীৰুদাৰ কবিতা অন্তৰত অনুভৱ নকৰাকৈ কোনোবাই প্ৰেম কৰিব পাৰে বুলি মই বিশ্বাস নকৰোঁ। কৰিব পাৰে, কিন্তু ,সেই প্ৰেম মজবুত হব নোৱাৰে”! বন্ধু একান্তই হীৰুদাৰ ভক্ত আছিল, আছিল দুৰ্দান্ত প্ৰেমিকো। কিন্তু তেতিয়াই মনলৈ প্ৰশ্ন আহিছিল, হীৰুদাৰ কবিতা কেৱল ডেকা-গাভৰুৰ বাবেই নে? কবিতাবোৰ কেৱল মাত্ৰ যৌৱনত প্ৰেমৰ অনুভৱৰ নিপোটল প্ৰকাশেই নে কেৱল? হীৰুদাই নিজৰ কবিতাৰ বিষয়ে কি কৈছিল? মনত পৰিছে, ১৯৮৪-৮৫ চনৰ ৰাজাজী পুৰস্কাৰ গ্ৰহণ কৰি হীৰুদাই কৈছিল, “কবিতা মোৰ বন্ধু অন্বেষণৰ যাত্ৰা; কুশল বিনিময় পত্ৰ।”…আজি ডেৰকুৰি বছৰে এশাৰী-দুশাৰীকৈ মই যি কবিতা লিখিছোঁ সেয়া হয়তো এটা কবিতাই-তুমি কেনে আছা?” কিন্তু কোন এই তুমি? কাৰ বাবে লিখিছিল হীৰুদাই?
অসম সাহিত্য সভাৰ বাৱন্নতম অধিবেশন(১৯৮৬)ৰ কবি সন্মিলনৰ সভাপতিৰ চুটি অথচ গভীৰ অৰ্থবহ অভিভাষণখনিত হীৰুদাই কৈছে, “সমাজ কবিৰ পাঠশালা, জীৱন যাৰ প্ৰধান শিক্ষক।..শব্দ কবিৰ অস্ত্ৰ। প্ৰত্যেক কবিৰেই আছে শব্দৰ নিজস্ব ভুৱন।” ১৯৯২ চনৰ সাহিত্য অকাডেমীৰ পুৰস্কাৰ গ্ৰহণ অনুষ্ঠানত কবিয়ে কৈছিল, “জীৱন লৈয়েই কবিতা। সমাজেই হৈছে জীৱনৰ বাস্তৱ পটভূমি। কবিৰ জীৱনৰ আশা-নিৰাশা লৈয়েই কবিতাৰ জীৱন। কবিৰ জীৱন-চেতনাৰ উজ্জ্বলতাই হৈছে কবিতাৰ শাণিত সময়।” ২০০১চনত অসম উপত্যকা সাহিত্য বঁটা গ্ৰহণ কৰি কবিয়ে কৈছিল, “কবিতা হৈছে মানৱ সত্য স্পৰ্শ কৰাৰ আত্মানুসন্ধান। মই সাধাৰণ কবি মাত্ৰ। জীৱনে মোক আকৰ্ষণ কৰে চাৰিওফালৰ পৰা। জীৱনে মোক প্ৰভাৱিত কৰিছে নানা ধৰণে, নানা প্ৰকাৰে। চিনাকি জীৱনৰ অচিনাকি পোহৰে বাৰে বাৰে মোৰ মনৰ মজিয়াত ছাঁ পেলাইছে কোমলে-কঠিনে নানা ধৰণে। হোৱা-নোহোৱাৰ মাজেৰেই মানুহৰ জীৱন। কবিতাই মোক দুখ আৰু আনন্দ দুয়োটাই দিছে।
কবিতা মোৰ জীৱন আৰু জীৱিকা।” কিন্তু জীৱিকা বুলি ক’লেও নিজৰ কবিতা লৈ, কবি গীতিকাৰ পৰিচয় লৈ, তাৰ পৰা কিবা অৰ্থ, বঁটা-বাহন পাম বুলি ভবা মানুহ আছিল নেকি হীৰুদা? মুঠেও নাছিল। যেতিয়াই তেতিয়াই, য’তে ত’তে কবিতা লিখি পেলাই থোৱা মানুহ আছিল হীৰুদা। সেইবোৰ গোটাই-পিটাই যতনাই ৰাখিছিল সাদৰী পত্নী পাৰুল দেৱীয়ে আৰু নগাঁৱৰ হীৰুদাৰ ভাইটি চুনী ভট্টাচাৰ্যৰ স’তে কথা পাতি কিছু কবিতা আৰু গীতৰ প্ৰকাশৰ ব্যৱস্থা কৰিছিল। তেনেদৰেই প্ৰকাশ পাইছিল হীৰু দাৰ প্ৰথম খন কাব্য গ্ৰন্থ “ৰৌদ্ৰ কামনা”(১৯৬৪)। তাৰ পাছত ক্ৰমান্বয়ে ১৪ খন কাব্য গ্ৰন্থ প্ৰকাশ পালে। মৃত্যুৰ এবছৰৰ আগেয়ে তেখেতৰ আটাইবোৰ কবিতা(১৯৫৭ ৰ পৰা ২০১০) গোটাই গুৱাহাটী ৰ ভৱানীয়ে (Bhabani Print and publications.) প্ৰকাশ কৰি উলিয়ালে “হীৰেন ভট্টাচাৰ্যৰ কবিতা: প্ৰথমৰ পৰা আটাইবোৰ ১৯৫৭-২০১০”। হীৰেন ভট্টাচাৰ্যৰ গীতৰ সংকলন দুখন- তোমাৰ গান(১৯৭৬) আৰু কেইটামান গান(২০০৭)। পিছে হীৰুদাৰ মতে তেওঁ গীত লিখাই নাই কেতিয়াও। তেওঁৰ নিজৰ ভাষাত, “গীত নিলিখোঁ মই। কবিতা লিখোঁ। সুৰ দিলে গীত..” কথাটো সঁচা। হীৰুদাৰ কবিতা জানো পুলক বেনাৰ্জী, জুবিন আৰু অনিন্দিতা পালৰ দৰে শিল্পীয়ে সুৰেৰে সজাই গোৱা নাই?
শিশুৰ উপযোগীকৈ ৰচনা কৰা হীৰুদাৰ গ্ৰন্থ কেইখন হ’ল, ‘ল’ৰা ধেমালি, আকৌ ধেমালি, ৰৈ ৰৈ ধেমালি। সম্পাদিত গ্ৰন্থ “আমাৰ মাজৰ ব্ৰজেন বৰুৱা’, “প্ৰসংগ: দধি মহন্ত’।
(দুই)
১৯৫৪ চনৰ পৰা হীৰুদা সক্ৰিয় ভাৱে গণনাট্য সংঘৰ স’তে জড়িত হৈ পৰিছিল। গণ শিল্পী হেমাংগ বিশ্বাসৰ সান্নিধ্যই আচলতে তেওঁক গণ নাট্য সংঘৰ প্ৰতি আকৃষ্ট কৰিছিল। তাত তেওঁ বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, কেশৱ মহন্ত, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, হীৰেন চৌধুৰী, জয়ন্ত বৰুৱাকে আদি কৰি বহুজন প্ৰগতিশীল চিন্তাধাৰাৰ শিল্পীৰ সান্নিধ্যলৈ আহিছিল। তেওঁ সংঘৰ গুৱাহাটী মহানগৰীৰ কাৰ্যকৰী কমিটিৰো সদস্য আছিল। ১৯৬৪-৬৫ চনৰ ভিতৰত হীৰেন ভট্টাচাৰ্য “অসম প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘ”ৰ স’তেও ওতঃপ্ৰোত ভাৱে জড়িত আছিল। ১৯৮২-৮৩ চনলৈকে এই সংঘৰ সক্ৰিয় কাম-কাজ চলিছিল। প্ৰসিদ্ধ শিল্পী-সাহিত্যিকৰ সমাবেশ হোৱা এই সংঘৰ প্ৰগতিশীল চিন্তা-চৰ্চা, কাম-কাজ বহুজনৰ বাবেই গভীৰ প্ৰেৰণা দায়ক আছিল। বিষ্ণুৰাভা অসুখত ভূগি থাকোঁতে সংঘই চিকিৎসাৰ বাবে পাঁচ হেজাৰ টকা আগবঢ়াইছিল। “লুইত” নামৰ এখন আলোচনীও ওলাইছিল সংঘৰ পৰা। এবাৰ এই আলোচনী সম্পাদনাও কৰিছিল হীৰুদাই। সম্পাদনা কৰাৰ পৰা পাণবজাৰৰ ফুটপাথত ৰৈ বিক্ৰীও কৰিছিল হীৰুদাই। ১৯৫৫ চনত তেওঁ “চিত্ৰবন” নামৰ এখন আলোচনী সম্পাদনা কৰি প্ৰকাশ কৰিছিল। তিনি বছৰ ধৰি অশেষ কষ্ট আৰু সংগ্ৰাম কৰিছিল আলোচনী খন জীয়াই ৰাখিবলৈ। ‘মনন’ নামৰ আন এখন আলোচনীও তেওঁ সম্পাদনা কৰিছিল। ডঃ হীৰেন গোহাঁইৰ স’তে বৰ অন্তৰংগ সম্পৰ্ক আছিল হীৰেন ভট্টাচাৰ্যৰ। তেওঁক লগ পোৱাৰ কেইমাহমানৰ ভিতৰতে দুয়ো যুটীয়াকৈ ‘আন্তৰিক’ নামৰ এখন আলোচনীও উলিয়াইছিল। দুটামান সংখ্যা যেনেতেনে ওলাল। অৰ্থৰ নাটনি। হীৰুদাৰতো টকা-পইচাৰ লগত নাই একো সম্পৰ্ক। বিভিন্ন লেঠাৰ মাজত পৰি গোহাঁই ছাৰেও বলে নোৱাৰা হ’ল। বৰ দুখেৰে আলোচনী প্ৰকাশ বন্ধ কৰাৰ কথা কওঁতে হীৰুদাই বোলে টপৰাই কৈছিল, “এটা উপায় আছে-বেংক অৱ কাবুল”। তেনেকুৱা বেংক আছে নে? নাই, হীৰুদাই স্বভাৱজাত কৌতুকৰে ধন ধাৰে দিয়া কাবুলীৱালাৰ কথা কৈছিল! এনেকুৱা ক’ত বুদ্ধিদীপ্ত, তাৎক্ষনিক উত্তৰ, টিপ্পনী হীৰুদাৰ মুখত আছে, সেইবোৰ কাহিনীৰ অন্ত নাই! হীৰুদাৰ বিষয়ে ডঃ হীৰেন গোহাঁই ছাৰে কৈছে এনেকৈ, “হীৰেন ভট্টাচাৰ্যৰ wit বা চমৎকাৰ বাক্পটুতাই তেওঁৰ কবিতাৰ শব্দ-চয়নো প্ৰভাৱিত কৰিছিল। শব্দৰ এনে ‘জহুৰী’ অসমত মই দ্বিতীয় জন পোৱা নাই। টিপতে গুলীৰ দৰে অভিনৱ বাক্য একোটা উলিয়াই হয় শ্ৰোতাৰ পেটৰ নাড়ী ডাল-ডাল কৰিছিল বা ৰসময় বিস্ময়ত হতবাক কৰিছিল।” ডঃ বীৰেন্দ্ৰ নাথ দত্ত আৰু ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰেও হীৰুদা সম্পৰ্কে ঠিক এনেদৰেই কৈ গৈছে। তেওঁৰ ৰসবোধ, শব্দবোধ সম্পৰ্কে কবি বিপুল জ্যোতি শইকীয়াই বৰ ধুনীয়াকৈ লিখিছে, “শব্দৰ ৰসিকতা কৰা মানুহ অলেখ আছে, কিন্তু সেই ৰসিকতাৰ বেছিভাগেই স্থূলতাৰে ভৰা, নিয়মমাফিক, ক্লিছে আৰু বহুক্ষেত্ৰত সেইবোৰ সামাজিক, ৰাজনৈতিক ভাৱে অশুদ্ধ। কিন্তু হীৰুদাৰ শব্দ-ৰসিকতা একে সময়তে তীব্ৰ, শাণিত, ইঙ্গিতময়, সদৰ্থক আৰু সদায়েই সামাজিক, ৰাজনৈতিক ভাৱে শুদ্ধ। কবিতাতো, আলাপতো, আৰু সি টোকৰ মাৰে হৃদয়তো, মগজতো।” নিৰ্মল সুখানুভূতি জগাই তুলিব পৰা এনেকুৱা ঢেৰ কথা আছে হীৰুদাৰ। কথা পাতি ভাল লগা, লিখি ভাল লগা কাহিনী।
প্ৰথম খন কাব্য গ্ৰন্থ “ৰৌদ্ৰ কামনা” ওলোৱাৰ আঠ বছৰৰ পাছত ১৯৭২ চনত হীৰুদাৰ দ্বিতীয় খন কাব্য গ্রন্থ “মোৰ দেশ আৰু মোৰ প্রেমৰ কবিতা” প্ৰকাশ পাইছিল। এদিন পবিত্ৰ ডেকাৰ ঘৰত লগ পাই ডঃ হীৰেণ গোহাঁইয়ে হীৰুদাক “আপোনাৰ কবিতা নোলায় নেকি” বুলি সুধিছিল। হীৰুদাই তপৰাই উত্তৰ দিলে, “আপুনি পাতনি লিখি দিলে ওলাব”। পাণ্ডুলিপি গোহাঁই ছাৰৰ হাতত তুলি দিলে হীৰুদাই। দুদিনতে লিখি দিলে তেওঁ। হীৰুদাৰ ডঃ গোঁহাই ছাৰৰ প্ৰতি আছিল শ্ৰদ্ধামিশ্ৰিত অনুৰাগ। “বৰ্তমানৰ শ্ৰেষ্ঠ গদ্য লেখক জনৰ বিষয়ে'” শীৰ্ষক এটি লেখাত তেওঁ লিখিছে এনেদৰে, “”গোঁহায়ে কথাবোৰ অতি সহজ-সৰলকৈ বুজাব পাৰে। তেওঁ আমাৰ প্ৰৱন্ধ ভাষাৰেহে এটা নতুন ৰূপ দিলে। অসমীয়া ভাষাত ডঃ গোঁহাই বৰ্তমান সময়ৰ শ্ৰেষ্ঠ গদ্য লেখক।..তেওঁ বেজবৰুৱাৰ দৰে ব্যক্তিত্ব সম্পন্ন মানুহ। এতিয়া তেওঁৰ দৰে আৰু কোনেও অসমীয়া ভাষাতো নাজানে।”
ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰগতিশীল শিল্পী-সাহিত্যিক সংঘৰ যোগেদি অনেক জন গুণসম্পন্ন, প্ৰগতিশীল চিন্তা ধাৰাৰ শিল্পী সাহিত্যিকৰ সান্নিধ্য হীৰুদাই প্ৰাণ ভৰি উপভোগ কৰিছিল। আছিল বেণু মিশ্ৰ, অতুলানন্দ গোস্বামী, দিবাকৰ চৌধুৰী, হীৰেন চৌধুৰী, বিদ্যুত চাকিৰ দৰে বহু জন প্ৰতিভাৱান বন্ধুৰ নিবিড় সান্নিধ্য। কিন্তু তাৰ মাজতো আছিল অস্থিৰতা কবিৰ নিত্য সহচৰ। বন্ধু মহলে তাৰ মাজতে মনে মনে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে সকলোধৰণৰ সামূহিক নাইবা সামাজিক কাৰ্যকলাপৰ ক্ষেত্ৰত “হীৰু” হ’ল Guiding Force। হীৰুদাৰ বুদ্ধিদীপ্ত কথা-বতৰা, বেণু মিশ্ৰ, অতুলানন্দ গোস্বামী, সদা শইকীয়া, দিবাকৰ চৌধুৰী আদি বহু জনৰ সান্নিধ্যৰে ভৰা ৰসাল কাহিনীৰ অন্ত নাই!
(তিনি)
হীৰুদাৰ ৰূপান্তৰৰ শিল্পী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সৈনিক শিল্পী,কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি আছিল গভীৰ শ্ৰদ্ধা। তেওঁলোক আছিল হীৰুদাৰ বাবে বিস্ময় আৰু প্ৰেৰণা। ৰোগশয্যাত জ্যোতিপ্ৰসাদক দেখি হীৰুদা অস্থিৰ হৈছিল। ১৯৫১ ত জ্যোতিপ্ৰসাদৰ মৃত্যুৰ সময়ত হীৰুদা আছিল ঊনৈশ বছৰ বয়সীয়া চফল ডেকা। জ্যোতিৰ মৃত্যু সংবাদে কাতৰ কৰা হীৰুদাই তেওঁৰ সোঁৱৰণীত শ্ৰদ্ধা জনাই লিখিছিল এই কবিতা টি-
জ্যোতি, সেই জ্যোতি
মোক এই সংকীৰ্ণতাৰ পৰা
তুলি ধৰা। তোমাৰ স’তে গাবলৈ দিয়া
ধুমুহাৰ গান,বজ্ৰৰ গান।
মৃত্যুৰ এই হীম-শীতল হাতেৰে
ঢাকি থোৱা হৃদয়ক
এচমকা আকাশৰ আশ্ৰয় দিয়া।
ঘৃণা আৰু অবিশ্বাসে ঘেৰি ধৰা
সংকীৰ্ণ জীৱনলৈ আহকঃ
সাহসৰ দোকোল-টঁকা বান।
চেতনা থৰথৰ অন্ধকাৰৰ প্ৰহৰত ভাঙি
তোমাৰ গানেৰে কৰো জ্যোতিস্মান!
বিষ্ণুৰাভা অসুস্থ হৈ থাকোঁতে হীৰুদাই লিখিছিল-
প্ৰতীক্ষা
বহু পৰ হ’ল বেলিয়ে লাহ দিয়া
ধান কাটি দাৱনিজাক
এতিয়াও
মাজ পথাৰতে ৰৈ আছেঃ
আজি গধুলি
কমৰেড ৰাভা এই বাটে
আহিব উভটি।
চিফুঙৰ সুৰে সুৰে
ই গাঁও, সি গাঁও, সাতোগাঁও
ৰজনজনাই যাবহি।
কমৰেড ৰাভা আজি গধুলি
আহিব উভটি।
সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত ৰাভাৰ জনপ্ৰিয়তাৰ ইয়াতকৈ সুন্দৰ প্ৰকাশ আৰু আন একোৱেই হ’ব নোৱাৰে।
সেই জন পৰম শ্ৰদ্ধেয় ৰাভাৰ মৃত্যুৰ খবৰ পাই শোকাহত হৈ হীৰুদাৰ কলমৰ পৰা নিগৰিছিল-
মোৰ আইৰ দুচকু (১৯৬৯)
চকুৰ পানীৰে
ভৰি উঠে মোৰ আইৰ দুচকু।
এতিয়া কি সতে
মই ঘৰলৈ ওভতো?
হৃদয়ৰ গভীৰত শুনো
এটি কৰুণ সুৰ;
দিঠকত দেখোঃ মোৰ আইৰ দুচকু
চকুলোৰে ভৰপুৰ।
এতিয়া কি সতে
মই ঘৰলৈ ওভতো?
তোমাৰ সেই গৰ্বিত বুকু
ৰঙা পতাকাৰে ঢাকি থ’লো।
সাগৰ-স্পন্দিত দেহ
কান্ধত তুলি ললোঁ
এতিয়া কি সতে
মই ঘৰলৈ ওভতো?
শ্ৰদ্ধামিশ্ৰিত কাতৰতা ৰ কি সুন্দৰ প্ৰকাশ!
তুৰ্কীৰ মহান বিপ্লৱী, ৰাষ্ট্ৰৰ অবৰ্ণনীয় নিৰ্যাতনৰ বলি, হীৰুদাৰ প্ৰিয় কবি নাজিম হিকমতলৈ শ্ৰদ্ধা জনাই হীৰুদাই লিখিছিল-
যন্ত্ৰণা( ১৯৬৪)
বিস্ফোৰণৰ পাথৰ
কঁপে থৰথৰ
নিৰ্বোধ নপুংসকৰ
শুনো আৰ্তনাদ।
কাল সমুদ্ৰত আহিছে জোৱাৰ
যেন ক্ষুব্ধ অজগৰ।
জনতাৰ প্ৰগলভ কণ্ঠত
দুৰ্মদ প্ৰতিবাদ।
অংগীকাৰৰ শাণত ধাৰণা
সেমেকা বাৰুদ শুকাল আমাৰ।
জ্বলন্ত সূৰ্য্যৰ কাঁড় পৰি অকস্মাৎ
আঁতৰক পৃথিৱীৰ ক্লীৱ অৱসাদ।
প্ৰাণৰ কবি মোৰ
দিয়া সেই আশীৰ্বাদ।
হীৰু দাৰ সান্নিধ্যলৈ আহিছিল হেনা গংগোপাধ্যায় নামৰ এজন বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সদস্য, পাছলৈ নক্সাল আন্দোলনত যোগ দিছিল তেওঁ। এদিন কলিকতাৰ এক অন্ধকাৰ গলিত বন্ধুক গুলিয়াই মৰাৰ খবৰ পালে হীৰুদাই। চটফটাই থাকি হীৰুদাৰ কলমেৰে নিগৰিলে-
চিকাৰী (১৯৬৯)
আহা!কি নিৰ্ভুল
চিকাৰী হাত!
এটা বনৰ চৰাইৰ
সাতোটা গুলীৰে
হৰিলা মাত!
আহা! কি নিৰ্দয়
চিকাৰী দাঁত!
মই কবি
বহি আছিলোঁ
বা-তিৰবিৰ ৰ’দৰ ছাঁত,
নেজানো কেনেকৈ
মোৰ কলিজাত
লাগিল তেজৰ দাগ!
আহা! কি নিৰ্ভীক
চিকাৰীজাক!
সাতোটা গুলীৰে
এটা চৰাইৰ
হৰিলে সুৱদি মাত!!
বন্ধুৰ প্ৰতি এই মৰ্মস্পৰ্শী শ্ৰদ্ধাৰ্ঘ্যৰ বাবে বামপন্থী বিৰোধী শিবিৰৰ কঠোৰ সমালোচনাৰো সন্মুখীন হ’ল হীৰুদা। কিন্তু তালৈ তিলমানো ভ্ৰূক্ষেপ কৰা নাছিল হীৰুদাই।
ৰাজেন হাজৰিকা। এজন উদীয়মান প্ৰচুৰ সম্ভাৱনাময় যুৱক। ডঃ বীৰেন্দ্ৰ নাথ দত্ত ছাৰে তেওঁৰ চিত্ৰ প্ৰদৰ্শনী চাই মুগ্ধ হৈ ‘অসমৰ এক উজ্জ্বল প্ৰতিভা’ বুলি প্ৰশংসা কৰিছিল। সেই প্ৰতিভা মাত্ৰ আঠত্ৰিশ বছৰ বয়সতে হেৰাই গ’ল! কবিতা আৰু ছবি সমানে ভাল পোৱা প্ৰিয় বন্ধুৰ এই অকাল বিয়োগত মৰ্মাহত হোৱা হীৰুদাৰ কলমৰ আগেদি নিগৰিলে-
নীলা কামিজ (১৯৮৩)
মৃত্যু যেতিয়া প্ৰাত্যহিক সংবাদ
দূৰত নিজৰ সুৰত ছটফট উশাহ তলত
সজীৱ নক্ষত্ৰৰ বীজ….
আমি বুটলি ল’লো সেই বুকুভৰা ছবি
টান নৰিয়াৰ ঘন শিতানত
বিনীত নীলা কামিজ!
তচদ্দুক ইউচুফ।এক দুৰ্বাৰ শক্তিশালী কণ্ঠ। গণনাট্য সংঘৰ সন্মিলনত হাজাৰ হাজাৰ শ্ৰোতাক মুগ্ধ কৰা,সৰ্বভাৰতীয় প্ৰসিদ্ধ শিল্পী বলৰাজ সাহানী,অমৰ শ্বেখ,সলিল চৌধুৰীৰ দৰে শিল্পীৰ প্ৰশংসা পোৱা, ভূপেনদাই যাৰ কথা ঘোষণা কৰিছিল, “দা ভয়েচ..তচদ্দুক ইউচুফ”-সেই জন শিল্পীও হঠাতে হেৰাই গ’ল! কলঙৰ পানীত উদ্ধাৰ হ’ল হীৰুদাৰো প্ৰিয় অফুৰন্ত প্ৰাণশক্তিৰ অধিকাৰী সেই যুৱ শিল্পী! মৰ্মান্তিক আঘাত পালে হীৰুদাই। শোক পাতলাবলৈ হীৰুদাই লিখিলে-
জলস্তম্ভ
উজান মেঘৰ গাত
শোকৰ
ক’লা পোচাক
কলঙৰ দহ হাত
পানীৰ তলত
বিহ্বল জোনাক
এন্ধাৰত
এন্ধাৰতো জ্বলজ্বল পটপট………..।
দুৰন্ত প্ৰতিভাক যেনেকৈ পাহৰিব নোৱাৰি,তেনেকৈ হীৰুদাৰ সৃষ্টিও! কোনটো কবিতাৰ কথা পাতিম, কোনটো নো বাদ দিম! হীৰুদাৰ কবিতা এবাৰ পঢ়িলে দেখোন মনত ৰৈ যায়! তেওঁত কৈ বয়সত বহু সৰু, বিশিষ্ট কবি নীলিম কুমাৰৰ এই কথা খিনিৰ মাজেৰে আমাৰ মনৰো সঁচা অনুভৱ প্ৰকাশ পাইছে-“হীৰুদাৰ কবিতা মানুহে মুখস্থ নকৰে। তেওঁৰ কবিতা আপোনা-আপুনি মানুহৰ কন্ঠস্থ হৈ পৰে। কাৰণ তেওঁৰ কবিতাই হৃদয় ত সৃষ্টি কৰে সংগীত।তেওঁৰ কবিতাই গুঞ্জন ময় কৰি তোলে হৃদয়।আমাৰ হৃদয়ক আলোড়িত কৰিবলৈ তেওঁৰ শব্দই সেয়েহে বিচাৰি ফুৰে গান…”
হীৰুদাৰ কোনটো কবিতাৰ কথা কওঁ.. কোনটো বাদ দিওঁ ! আটাইতকৈ প্রিয় কবিতা টোৰ কথা উল্লেখ নকৰাকৈ কেনেকৈ থাকোঁ- য’ত হীৰুদা গোটেই মানুহজন,তেওঁৰ চিন্তা,দর্শন সোমাই আছে বুলি ভাবোঁ।’ৰণুৱা বনুৱা হালোৱা’ এই সকলোৰে মাজত থকা, অনৈক্য ৰ মাজত ঐক্য হৈ ,বিৰোধ ৰ মাজত সংহতিৰ সম্ভাৱনা হৈ শত্ৰু-মিত্ৰ সকলোৰে অন্তৰ বিশ্বাসেৰে জিনা, বহু বন্ধুৰ সতে হাতে হাতে ধৰি প্ৰাণ খুলি প্ৰাণৰ কথা পাতি বহু দেশৰ অৰঙে-দৰঙে ঘুৰি ফুৰা, প্ৰাণৰো প্ৰাণৰ,গানৰো গানৰ ‘মোৰ দেশ’ ৰ সেই হীৰুদা জনক কোনে পাহৰিব পাৰে!
২০১১ চন। গুৱাহাটী গ্রন্থ মেলা,সম্ভৱতঃ সেইখনেই হীৰুদাৰ জীৱনৰ শেষ গ্ৰন্থ মেলা আছিল। উত্তৰ পূৰ্বাঞ্চলীয় কবিতা সমাৰোহত কবি বহি আছিল। কাষতে আছিল কবি-নাট্যকাৰ ৰফিকুল হুছেইন। হীৰুদাৰ গা খুবেই বেয়া। উঠিল হঠাতে, যাবলৈ ওলাল। হুছেইনে বাধা দি কলে,” হীৰুদা আপুনি ইমান সোনকালে গুচি গলে শব্দৰ সুগন্ধি পখিলাজাকো দেখোন লগতে গুচি যাব।”
শান্ত-সমাহিত হাঁহি টোৰে কবিয়ে মাথোঁ ক’লে, “মই হে কেতিয়াবা নোহোৱা হৈ যাম। পখিলা জাক কিন্তু সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব দিয়া।”
হীৰুদাই কোৱাৰ দৰেই, আশা কৰাৰ দৰেই তেওঁৰ শব্দৰ সুগন্ধি পখিলা জাক আজিও অগণন অনুৰাগী ৰ বুকুৰ মাজত জানো সোমাই থকা নাই-সযতনে, কোনোদিনেই ওলাব নোৱাৰাকৈ!
(চাৰি)
কবি নৱকান্ত বৰুৱাই হীৰুদাৰ কবিতাৰ বিষয়ে কৈছিল,”..”তেওঁৰ কবিতা খিনি মোৰ বাবে এটা মাত্ৰ দীঘল কবিতাৰ বিভিন্ন স্তৱক। হীৰুৱে যেন এই ত্ৰিশকাল জুৰি এটা কবিতাই লিখি আছে-সেই কবিতাৰ বিষয় হ’ল শস্য আৰু মানুহ!’..
সেই কবি নৱকান্ত ই হীৰুদাক লৈ এটা লিমাৰিক লিখিছিল এনেদৰে-
চুটি চুটি কবিতা লিখে দীঘল হীৰেন ভট্টই
ফিলিস্তিনক খৰ্ব কৰাত এক প্ৰকাৰে মত্তই
যমক অনুপ্ৰাসৰ জমক
বুকুত লগাই দি যায় চমক
হঠাতে কোৱা কথাবোৰো অবাক কৰা সত্যই
এই চুটি চুটি কবিতা বোৰ হীৰুদাই নো কিয় লিখে বুলি এবাৰ সুধিছিল ডঃ বীৰেন্দ্ৰ নাথ দত্ত ছাৰে। অকণো সময় নলৈ হীৰুদাই উত্তৰ দিছিল, “ভৱিষ্যতে ল’ৰা-ছোৱালীৰ অসুবিধা নহ’বৰ কাৰণে”
হীৰুদাই কবিতা পুথি এখন উপহাৰ দিছিল তেওঁৰ অতি ঘনিষ্ঠ গণশিল্পী হেমাংগ বিশ্বাস দেৱক। পঢ়ি উঠি হেমাংগ বিশ্বাসে এটি কবিতাৰে হীৰুদাৰ কবিতাৰ শলাগ লৈ সমালোচনা আগবঢ়ালে এইদৰে.
কবি হীৰেন ভট্ট লৈ
তোমাৰ নিৰ্বাচিত কবিতাৰ
উপহাৰ পালোঁ
বৰ সুৱদি হাতখন তোমাৰ
পঢ়ি পঢ়ি আমনি নালাগে,
মন টানি লৈ যায় কানিৰ ৰাগীয়ে।
নিচা কাটি গলে পিছে,
তোমাৰ কবিতা বৰ
উকা উকা লাগে,
ফটাকানিৰ গাত যেন
সূক্ষ্ম এম্ব্ৰইদাৰী
পাৰিব জানোঁ বাটৰ দাঁতিত
ঠেঁটুৱৈ লগা নঙঠা ছোৱালীৰ
লাজ ঢাকিবলে’?
নোৱাৰে যদি
কেলেই নো এই ফুলবছা?
এনেকৈয়ে কব লগা খিনি, বুজাব লগা খিনি হীৰুদাক তেনেকৈ য়ে বুজালে গণ শিল্পী গৰাকীয়ে। অকণো বেয়া পোৱা নাছিল চাগে হীৰুদাই, হেমাংগ বিশ্বাসৰ প্ৰতি তেওঁৰ ঘনিষ্ঠতা, তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা-আন্তৰিকতা কমি যোৱা নাছিল। বহুতে কব খোজে, ইয়াৰ পাছত ৰচনা কৰা হীৰুদাৰ কবিতাত এই সমালোচনাৰ প্ৰভাৱ পৰিছিল। এই কবিতাটোৰ ৰচনাৰ চন-তাৰিখ অৱশ্যে পোৱা হোৱা নাই।
কি ভাবি লিখিছিল হীৰুদাইহে জানিব-“ল’ৰা-ধেমালি”ত হীৰুদাই লিখিলে,
“সমালোচক আচলতে ছদ্মবেশী নিন্দুক
প্ৰশংসাৰ চলেৰে লেখকৰ বন্ধ কৰে মুখ”
১৯৫৪ চনত কবি গীতিকাৰ কেশৱ মহন্ত দেৱৰ দ্বাৰা সম্পাদিত “প্ৰবাহ” নামৰ আলোচনীত ‘নিমন্ত্ৰণ’ নামৰ কবিতা টোৱেই আছিল হীৰুদাৰ প্ৰথম কবিতা। তেতিয়া তেওঁৰ বয়স আছিল ২২ বছৰ। এই কথা তো হীৰুদাই কয় ভোটাধিকাৰ পোৱাৰ পাছত হে কবিতা লিখিবলৈ লোৱা বুলি!
কবিতা বাৰু বুজাব পৰা বস্তু নে বুলি এবাৰ এজন যুৱকে হীৰুদাক সুধিছিল। কবিৰ তাৎক্ষণিক উত্তৰ-“উত্তম প্ৰশ্ন কৰিছা। ধৰা শংকৰদেৱ। শংকৰদেৱক মোৰ পত্নীয়ে যিদৰে বুজিব,,মোৰ ল’ৰাটো বা ছোৱালী জনীয়ে সেইদৰে নুবুজিব পাৰে আৰু মইয়ো পৃথক ধৰণে বুজোঁ। কবিতা ও ঠিক তেনেকুৱাই।” যুৱকে ঢেৰ বুজি পোৱা যেন দেখুৱালে!
এবাৰ কবিতাৰে অনুষ্ঠান এটাত ন-পুৰণি কবি, শ্ৰোতা-দৰ্শকৰ আগত কবিতাৰ জন্ম-মৃত্যুৰ কথা কলে এই বুলি, “দহ শাৰী কবিতা যেতিয়া পাঠকৰ মনত এশ শাৰী হয়, তেতিয়াই কবিতাৰ জন্ম হয় আৰু যেতিয়া অধ্যাপকে ক্লাছত কবিতা বাখ্যা কৰে, তেতিয়াই কবিতাৰ মৃত্যু হয়!”
এনেকুৱা ৰসাল, তপৰাই কৈ মানুহক অবাক কৰাৰ লগতে নিৰ্মল হাঁহিৰ জোৱাৰ উঠোৱা কিমান যে কথা আছে হীৰুদাৰ! চুটি , মাত্র কেইটিমান শব্দ, কিমান ৰসাল আৰু গভীৰ অৰ্থবহ!
সাদিনৰ কাৰ্য্যালয়। সাংবাদিক তিলক হাজৰিকাৰ সম্বৰ্ধনা অনুষ্ঠান। বহুজনে তেখেতৰ গুণ-গৰিমা বাখ্যা কৰি বক্তৃতা দিলে। হীৰুদাৰ পাল পৰিল। তেওঁ মাত্ৰ এষাৰি বাক্যতে সম্বৰ্ধনা জনালে এই বুলি, “তিলকদাক সাংবাদিক হিচাপে মই ভাল পাওঁ; কাৰণ তেওঁ তিলকে তাল নকৰে!” মাত্ৰ কেইটা মান শব্দ, সকলো কব লগা কোৱা হৈ গল!
এবাৰ এক অন্তৰংগ আলাপত হীৰুদাক সুধিছিল কোনোবাই-“আপোনাৰ ল’ৰালিৰ কিছু অভিজ্ঞতাৰ কথা কওক চোন হীৰুদা।” অকণো নভবাকৈ হাঁহি এটা মাৰি দিয়া হীৰুদাৰ উত্তৰ- “ল’ৰালিয়ে মোৰ লগ এৰা নাই” হীৰুদাৰ বাহিৰে এনে কথা আৰু কোনে কব পাৰে?
জানেই বোধহয় সকলোৱে যে হীৰুদাই বোৰকা হাইস্কুলত (১৯৬৩-৬৪ চন মানত)শিক্ষকতা কৰিছিল। সেই সময়ৰ বহুতো ৰসাল কাহিনী আছে, তাৰে মাত্ৰ দুটামান উল্লেখ কৰিলো।-
গৰমৰ বন্ধৰ আগদিনা। আন শিক্ষকে ঢেৰ homework দিছে, অবাবত সময় নকটাই ভালকৈ পঢ়িবলৈ উপদেশ দিছে। হীৰুদাৰ উপদেশ মাত্ৰ এটাই, “ছুটী মানে ছুটি। আম খোৱা, কঁঠাল খোৱা, কুৰ্মা খোৱা। মন-মগজু পাতল কৰা”! শ্ৰেণীত ল’ৰা-ছোৱালীয়ে মনে মনে বেছি দেৰি থাকিলে হীৰুদাই বেয়া পায়। কয়, “তোমালোক ইমান মনে মনে আছা যে? চিঞৰ-বাখৰ কৰা। আমাৰ দিনতো স্কুলত আমি চিঞৰ-বাখৰ কৰিছিলোঁ”! এইজন মাষ্টৰক ল’ৰা-ছোৱালীয়ে যে একেবাৰে নোপোৱাই পোৱা দি পাইছিল! আৰু গাঁৱৰ সৰু সৰু লৰা-ছোৱালী বোৰে! গাঁৱৰ দুখীয়া খেতিয়ক, শিপিনীবোৰে! কেতিয়াবা মন যায়, হীৰুদাই এগাল মান মৰ্তন আনি বিলাই দিয়ে ল’ৰা-ছোৱালী বোৰৰ মাজত। বিপদে-আপদে সহায় কৰাৰ উপৰিও শিপিনীৰ বাবে সূতা কিনি আনে। সেই সময়ৰে ঢেৰ কথা।
“তুমি নো কি ইংৰাজী পঢ়ুৱাহে বুলি ব্যংগ কৰা ইংৰাজী কাকতৰ সম্পাদক জনক যে চুঙা চাই সোপা দিছিল, সেই কথা সকলোৱে জনা কাহিনী। শিক্ষকতা কৰা সময়তে অলপ দিন হীৰুদা অকলে আছিল। কোনোবাই সুধিছিল, “আপুনি ঘৰটোত অকলে থাকে?” – “অকলে নহয়, মোৰ লগত কেইটা মান জেঠী আৰু নিগনিও আছে।” লগে লগে উত্তৰ আহিল!
“আপুনি উপন্যাসো লিখিব চোন। বৰ ভাল হব।” বৰ আগ্ৰহেৰে এজন অনুৰাগীয়ে হীৰুদাক পৰামৰ্শ দিছিল। হীৰুদাই লগে লগে ক’লে- “সেই কাৰণেইতো লিখা নাই। বৰ বেছি ভালটো সকলোতে বেয়া”!
গ্ৰন্থমেলাত এজন অনুৰাগীয়ে লগ পাই সুধিলে হীৰুদাক। “এইবাৰ আপোনাৰ কি কিতাপ ওলাইছে হীৰুদা?”
মিহিকৈ হাঁহি এটা মাৰি হীৰুদাই তেওঁৰ মুখলৈ চাই কলে, “মই কবিতাহে লিখোঁ, পঞ্জিকা নিলিখোঁ নহয়, প্ৰতি বছৰে ওলাবলৈ!”
এবাৰ গ্ৰন্থমেলাতে এজন সাংবাদিকে সুধিলে হীৰুদাক, “হীৰুদা, আপুনি গ্ৰন্থ মেলালৈ সদায়ে কিয় আহে?”-” গ্রন্থমেলাৰ দুৱাৰ মুখতে বিনা পইচাই দিয়া লিভছেভৰ বড়ি কেইটাৰ আশাত!”
এবাৰ এগৰাকী অনুৰাগীয়ে হীৰুদাক অনুৰোধ জনালে,-“চুটি পদ্য এটা মাতক চোন হীৰুদা”
এক মুহুৰ্তৰ ভিতৰতে গাই দিলে হীৰুদাই..
“মাৰিলে গুলি, ঢেকীয়াজুলি।”
কবিয়ে কপৌ ফুল বোলে বৰ ভাল পাইছিল। কাৰণ তো নো কি বুলি সুধিছিল সাংবাদিক মনোজ ডেকাই। হীৰুদাই কাৰণ বাখ্যা কৰিলে এইবুলি, “জু ৰোড ত পানী নুঠে জানোঁ? পানী উঠিলেও কপৌ ফুলৰ একো নহয়, ওপৰত থাকে যে! সেই কাৰণে কপৌ ফুল ভাল লাগে।”
হীৰুদাৰ ঘৰ “স্নেহ-তীৰ্থ” জু ৰোডত। গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত। এজনে সুধিছিল এদিন, “আপোনাৰ ঘৰতো গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত নহয় জানোঁ?” প্ৰশ্নটো মুঠেও ভাল নাপালে হীৰুদাই। উত্তৰ দিলে এইবুলি, “নহয়,মোৰ ঘৰৰ ওচৰতহে গুৱাহাটী কমাৰ্চ কলেজ।” তাৰ পাছত কলে লাহেকৈ, “কমাৰ্চ কলেজ হোৱাৰ বহু আগৰে পৰাই মই এই ঘৰৰ বাসিন্দা।” গতিকে হীৰুদাই সেই কথা মানি লবই বা কিয়?
এনেকৈ’ কিমান যে কথা, কিমান যে বতৰা’ ৰস লগা, ভাল লগা! তাৰ মাজতো কিন্তু হঠাতে কৈ পেলোৱা গহীন কথা, চিন্তা কিছুমানো আছে। আছে ৰাজনীতিৰ কথা, মানুহৰ কথা, মাতৃভাষাৰ
(পাঁচ)
২৮ জুলাই, ১৯৩২ চন। চাকৰিৰ তাগিদাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা জেইলাৰ তীৰ্থ নাথ ভট্টাচাৰ্য আৰু স্নেহলতা ভট্টাচাৰ্যৰ দ্বিতীয় সন্তান টিৰ জন্ম হৈছিল যোৰহাটত। ঘৰৰ মৰমতে নাম থলে হীৰু, পোছাকী নাম হীৰেন। আন মনা, অস্থিৰ সৰুৰে পৰাই। পুৱতি নিশা ঘৰৰ ওপৰেৰে উৰি যোৱা চৰাই জাকৰ শব্দ শুনি বিচাৰি যোৱা সৰু ল’ৰা টো কেতিয়াবা বহু দেৰি লৈকে ঘূৰি নাহে। মাকে হুলস্থুল লগায়। আহি ওলাইহি যেনিবা, মুখ খন গম্ভীৰ, কলৈ গৈছিলি বুলি সুধিলে মাথোঁ কয়, “মেপ শিকিবলৈ গৈছিলোঁ!” চকুত ওলমি থাকে এক বিষন্ন অস্থিৰতা!
তেনেকৈয়ে থাকি গ’ল গোটেই জীৱন। তেনেই ক্ষীণ-মীন অস্থিৰ মানুহজন, বুকুত পিছে ৰসৰ ৰহঘৰা লৈ ফুৰিছিল, হঠাতে উলিয়াই বিলাইছিল। হীৰুদাৰ ৰসাল, বুদ্ধিদীপ্ত কথাৰ ভঁৰাল বৰ চহকী। তেখেতৰ বিষয়ে আগতে লিখোঁতে তেনে বহু কথা উল্লেখ কৰিছোঁ। আজি পিছে গহীন, চিৰিয়াচ হীৰুদাৰ কথা হে লিখিম বুলি ভাবিছোঁ। অকল তীক্ষ্ণ বুদ্ধি সম্পন্ন, ইংগিতময় ৰসাল কথা কৈয়ে হীৰুদাই তেখেতৰ সান্নিধ্যলৈ অহা সকলক মুগ্ধ কৰিছিল- এনে নহয়, হঠাতে, একো চিন্তা -ভাৱনা নকৰাকৈ ভাষা-সাহিত্য, সংস্কৃতি সম্পর্কীয় কথা কৈও অবাক কৰিছিল, চিন্তাৰ খোৰাক যোগাইছিল হীৰুদাই। তেনে দুটামান উদাহৰণ আছিল এনেধৰণৰ- এদিন হঠাতে কবিতাৰ ৰস-ঘন আড্ডাৰ মাজতে হীৰুদাই কৈ উঠিল, “আজি বহুদিন অসমীয়া ভাষাটোত শব্দৰ সৃষ্টি হোৱা নাই। পুনৰাবৃত্তি চলিছে। দিনে দিনে অসমীয়া ভাষাটোৰ অৱনতিহে হৈছে। শুদ্ধকৈ ভাষাটো শিকাৰ সুবিধা প্ৰায় নাইকিয়া হৈ আহিল। বাতৰি-কাকতবোৰেও ভাষাটোক বহু পৰিমাণে বিপথগামী কৰিছে।” হীৰুদা সদায়ে আছিল নতুন নতুন শব্দৰ সন্ধানত ব্ৰতী এগৰাকী সাধক, ডঃ হীৰেন গোহাঁই ছাৰে হীৰুদাৰ বিষয়ে কৈছে, “শব্দৰ এনে জহুৰী অসমত দ্বিতীয় জন মই পোৱা নাই। টিপতে গুলিৰ দৰে অভিনৱ বাক্য একোটা উলিয়াই হয় শ্রোতাৰ নাৰী ডাল ডাল কৰিছিল বা ৰসময় বিস্ময়ত হতবাক কৰিছিল।” ‘শস্যৰ পথাৰ মানুহ’, ‘মোৰ প্ৰিয় বৰ্ণমালা’, ‘ভালপোৱাৰ বোকা-মাটি’, ‘সুগন্ধি পখিলা’ সকলোতে হীৰুদাৰ নতুন নতুন শব্দৰ প্ৰয়োগ ঘটিছে, হীৰুদাৰ কবিতাত অসমৰ চহা জীৱন, বৰ্ণাঢ্য লোক সংস্কৃতি প্ৰতিফলিত হোৱাকৈ ব্যৱহাৰ কৰা শব্দ অথবা যুৰীয়া শব্দৰ প্ৰয়োগৰ কথা লিখিব লাগিলে এক সুকীয়া দীঘলীয়া লেখাৰ প্ৰয়োজন হব। এনে এগৰাকী শব্দৰ সাধকৰ অভিযোগ এনেই নাছিল, হীৰুদা খুবেই ছিৰিয়াছ আছিল কিছুমান বিষয়ত। অসম সাহিত্য সভাৰ কাম-কাজক লৈও হীৰুদা সুখী হব পৰা নাছিল। এবাৰ এগৰাকী তেতিয়াৰ তৰুণ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ আগত হীৰুদাই আক্ষেপেৰে কৈছিল, “সাহিত্য সভাই সাহিত্য কৰাই ভাল নেকি? কিছু কৰিছে, কিন্তু আমাৰ সাহিত্যত বহুত অভাৱ আছে। শিশু সাহিত্যৰ কথা যদি কওঁ, কিমান লিখা-মেলা হৈছে? পৃথিৱীৰ বিখ্যাত লেখকেও শিশু সাহিত্যত বহু অৱদান দি থৈ গৈছে। ৰবীন্দ্ৰ নাথে ও লিখিছিল। আমাৰ ইয়াত বেজবৰুৱাৰ পাছত কেইজন আছে? আমাৰ সাহিত্যত দৈন্য আছে। পৰিৱেশৰ অভাৱ। সাহিত্য সভাই পৰিবেশ গঢ়ি তুলিলে ভাল। ভাষা শুদ্ধকৈ শিকাৰ অভাৱ আছে। বহুতে প্ৰায়েই ব্যৱহাৰ কৰে যেনে “তৎকালীন কৰিবলৈ দাবী জনোৱা হৈছে”-ইয়াত তৎকালীন শব্দৰ ব্যৱহাৰ শুদ্ধ হোৱা নাই। তৎকালীন মানে আগৰ কথাহে বুজোৱা হল। খবৰ কাকততো শুদ্ধ ভাষাৰ ব্যৱহাৰ কম।” অকণমান ৰৈ দাসৰ মুখৰ ফালে নোচোৱাকৈ নিজৰ চিন্তাত আত্মবিভোৰ হৈ হীৰুদাই কৈ গল,” ..ভাষাটো থাকিব। কিন্তু বজৰুৱা হৈ থাকিব। polluted, defected হৈ থাকিব। ভাষাৰ ব্যৱহাৰ আমি নাজানোঁ। জানিবৰ চেষ্টাও নকৰোঁ। শুদ্ধকৈ লিখাৰ চেষ্টা নকৰোঁ। কেতিয়াবা এজন লেখকে তেওঁ ব্যৱহাৰ কৰা শব্দ টোৰ অৰ্থই ভালকৈ নাজানে যেন লাগে।” হীৰুদাই দুটামান উদাহৰণো দিলে এনেকৈ, “..অসমীয়া ভাষাত জুইকুৰা দাও দাও কৈ নজ্বলে। দপ দপকৈ জ্বলে। চাকি তো ঢিপ ঢিপকৈ নজ্বলে। টিপটিপকৈ জ্বলে। আমাৰ ভাষাৰ বতৰ শব্দটো আন ভাষাত নাই। আৰু এটা ‘সাক্ষাৎকাৰ’। আমি সাক্ষাৎকাৰ লব নালাগে,সাক্ষাৎ গ্ৰহণ কৰিব লাগে। যোৱাকালি, অহা কালি নহয়, কালি, কালিলৈ বুলিহে কব লাগে। আমাৰ ভাষাৰ কাণতলীয়া চৰ তো ইংৰাজীত নাই। হয়তো নোলাবও। ইংৰাজী স্কুল বোৰে কিবা ক্ষতি কৰিছে নেকি বুলি সোধোতে হীৰুদাই কলে-“অসমীয়া ভাষাক সংৰক্ষণ কৰিব নালাগে, বিকাশ কৰিব লাগে। সংস্কৃতিৰ সংৰক্ষণ নহয়, বিকাশ হয়। তাৰ বাবে লিখিব লাগিব। পঢ়িব লাগিব। যদি পোন্ধৰ জন লেখকে দিনে গড়ে দুশ শব্দ লিখে, তেন্তে তিনি হাজাৰ শব্দ লিখা নহ’বনে?” এনেকুৱা কথা অকল মনত ভবাই নহয়,তাক হাতে-কামে কৰাৰ এটা প্ৰস্তাৱ অন্তৰংগ বন্ধু বেণু মিশ্ৰ আৰু অতুলানন্দ গোস্বামীৰ স’তে মৰা আড্ডাত হীৰুদাই তুলিছিল। তেওঁ আড্ডাত হঠাতে দিয়া প্ৰস্তাৱ তো আছিল, “অসমীয়া ভাষাত এখন Nonsense Rhymes উলিয়াব লাগে, অলৌ গুটি তলৌ গুটি কঁচুগুটি ঘাই” ৰ নিচিনা।” বন্ধু মিশ্ৰ আৰু গোস্বামীয়ে সমৰ্থন জনাই কলে যে আমাৰ পুৰণি সাহিত্যৰ কিছুমান কথাও ইয়াত অন্তৰ্ভুক্ত হোৱা উচিত। মাতৃভাষাক লৈ ঢেৰ চিন্তা-চৰ্চা কৰিছিল আৰু সেইবোৰ আড্ডাৰ মাজতে কৈছিল। তাতে এদিনৰ হীৰুদাৰ প্ৰস্তাৱ তো আছিল -আমাৰ লৰা -ছোৱালী হঁতৰ মাজত পোষ্ট কাৰ্ড ত চিঠি লিখা প্ৰতিযোগিতা পাতিব পাৰি। তেওঁৰ মতে এনে ধৰণৰ প্ৰতিযোগিতা ৰ দ্বাৰা লৰা টোৱে বা ছোৱালী জনীয়ে শুদ্ধকৈ মাতৃ ভাষা আয়ত্ব কৰিছেনে নাই জানিব পৰা যাব। অকল প্ৰস্তাৱ দিয়াই নহয়,তাক কাৰ্যকৰী কৰাৰ কথাও হীৰুদাই ভাবিছিল,বিভিন্ন মানুহৰ লগত যোগাযোগ কৰিও চাইছিল,পিছে কামত নাহিল। মাতৃ ভাষা ৰ প্ৰতি হীৰুদাৰ অন্তৰৰ টান ভাৰতীয় বিদ্যা ভৱনৰ ১৯৮৪-৮৫ চন ৰ ৰাজাজী পুৰস্কাৰ গ্ৰহণ কৰি ব্যক্ত কৰিছিল এনেদৰে,”কবি মানেই মাতৃভাষা পৰায়ণ।কবিৰ এই মাতৃভাষা মানসিকতাতেই কবিতাৰ জন্ম। অসমীয়া মোৰ মাতৃভাষা। এই ভাষাৰেই মই মোৰ কবিতা লিখোঁ। নিজৰ কবিতাৰ বিষয়ে কোৱা অশোভনীয় জানিও এষাৰ কথা কোৱা প্ৰাসংগিক বোধ কৰিছোঁ- অসমীয়া ভাষাৰেই মই ভাৰতৰ, এই ভাষাৰেই মই বিশ্ব নাগৰিক- এই প্ৰত্যয় মোক মোৰ কবিতাই দিছে।” ১৯৯২ চনৰ সাহিত্য অকাডেমিৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰি দিয়া ধন্যবাদ সূচক বক্তব্যতো হীৰুদাই কৈছিল, “মই মাতৃভাষাৰ কবি। আইৰ ভাষা ঠাইৰো ভাষা। মোৰ চিৰ চেনেহী ভাষাৰে মই সমুখৰ এই মানুহ নিসৰ্গৰ হাত ধৰি পৃথিৱীৰ বাটলৈ ওলাই আহিছোঁ।” আন ভাষাৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাবলৈও পাহৰা নাই। তেওঁ কৈছে, “বহু ভাষান্বিত মোৰ দেশৰ প্ৰতিটো ভাষাৰেই সুকীয়া সৌন্দৰ্য্য, সুকীয়া সৌৰভ। মই ভাবোঁ-ভাষা মানুহৰ সৃজন স্বাধীনতাৰ দুৱাৰ।” লেখকৰ সামাজিক দায়বদ্ধতা সম্পর্কেও কবি সচেতন। সাহিত্য অকাডেমিৰ বঁটা গ্ৰহণ কৰি চমু ভাষণত তেওঁ সেয়েহে কৈছে, “লেখক সততে সমাজৰ সপক্ষে। সমাজৰ প্ৰতি লেখকৰ দায়-দায়িত্ব আছে। মই লেখকৰ এই দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধাশীল।” আন এটা কথাৰ পৰাও হীৰুদাই মাতৃভাষা সম্পৰ্কে কিমান গুৰুত্ব দি কথা কিছুমান ভাবিছিল, তাৰ উমান পোৱা যায়। এবাৰ এখন গ্ৰন্থমেলাত বোলে হীৰুদাই বাংলাদেশৰ অভিধান এখন বিচাৰি ঘূৰি ফুৰা দেখা পাই তপন চাংকাকতিয়ে আচৰিত হৈ কাৰণ সুধিলত হীৰুদাই উত্তৰ দিছিল, “বঙালী কথিত শব্দৰ প্ৰচুৰ পৰিমাণে এতিয়াও বাংলাদেশত হে ব্যৱহাৰ হয়, সিহঁতৰ ভাষাতোও বুজা দৰকাৰ, যেনেকৈ উজনিৰ ভাষা লিখিত হলেও নামনি অসমৰ ভাষাতোও অসমীয়াই, যদিও অভিধানত নোপোৱা।” উজনিত জন্ম হৈ ডাঙৰ-দীঘল হোৱা হীৰুদাৰ নামনি অসমৰ সাধাৰণ মানুহৰ মাজত প্ৰচলিত কথা-বতৰা, গীত, মুখৰ আগত আছিল। সাধাৰণ মানুহ আৰু গাঁৱৰ পৰিৱেশৰ মাজতে সকলোবোৰ আছে বুলি তেওঁ ভাবিছিল আৰু এবাৰ সেয়েহে এগৰাকী অসমৰ নামজ্বলা গায়কক আহ্বান জনাইছিল এনেদৰে, “আপুনি কেৱল সভাঘৰত, বাতৰি কাকতত বিবৃতি দিয়েই ক্ষান্ত নাথাকিব- মানুহৰ মাজলৈ যাওক-তাতেইহে প্ৰকৃত সুৰ উপচি আছে।” শিল্পী গৰাকীৰ বোলে থতমত খাই মুখৰ ৰং সলনি হৈছিল!
প্ৰতি গৰাকী কবি- সাহিত্যিক, শিল্পীৰ ৰাজনৈতিক দৰ্শন থাকে। হীৰুদাৰ ৰাজনৈতিক দৰ্শন, চিন্তাধাৰা বাৰু কেনে ধৰণৰ আছিল? হীৰুদা কেতিয়াবা কোনো ৰাজনৈতিক দলৰ সদস্য হৈছিল নে? হীৰুদাৰ মতে হোৱা নাছিল, কিন্তু সাম্যবাদী আন্দোলনৰ সৈতে সম্পৰ্ক স্থাপন হৈছিল। ১৯৭৪ চনৰ আকালৰ সময়ত অনান্য সকলৰ সতে ফাঁচী বজাৰৰ পৰা টকা-পইচা, কাপোৰ-কানি সংগ্ৰহ কৰি ফুৰিছিল আৰু তেতিয়াই হীৰুদাৰ কাপৰ পৰা ওলাইছিল
‘সংকট দিন’ ‘শিৰোনামা ৰ এই কবিতা টি..
আকালৰ চোতাল। শস্যৰ পথাৰ উদং।
কিশোৰৰ হেৰাল স্বপ্ন-স্বাধীনতা। গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত।
মূলত কি বিহ? উচন গল গাওঁ। নষ্ট নগৰ।
মৃত্যুৰ মলিন ছাঁত অশ্লীল বণিজ। পাপমুদ্ৰাৰ পয়োভৰ।
হে সময়, গৰ্জি উঠা নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা।
প্ৰগতিশীল ভাবাদর্শৰ সাংস্কৃতিক সংগঠন “গণ নাট্য সঙ্ঘ”ৰ সতে হীৰুদাৰ নিবিড় সম্পৰ্কৰ বিষয়ে আগতে কৈ আহিছোঁ।
অসমৰ আটাইতকৈ বেয়া সময় অসম আন্দোলনৰ সময় চোৱাত বাৰু হীৰুদাই কি কৰিছিল? হীৰুদাৰ কবিতা তেতিয়া আন্দোলন কাৰী নেতা-কৰ্মীৰ মুখে মুখে, অসমৰ দেৱাল দেৱালে। দেশ বুলিলে আদেশ নালাগে, মৃত্যুও তো এটা শিল্প, যাৰ তেজত তিৰ বিৰাইছিল তৰালি, ইত্যাদি ইত্যাদি। সেই কবিতা আন্দোলনৰ সময় চোৱাত হীৰুদাই লিখা কবিতা নাছিল, সেই কেইটা আছিল ১৯৬৫-৭১ ৰ ভিতৰত ৰচনা কৰা। হীৰুদাই তেওঁৰ কবিতা সকলোৰে মুখে মুখে বাগৰা দেখি, আন্দোলনটোৰ চালিকা শক্তি যেন হোৱা দেখি আনন্দিত হৈছিল নেকি? হীৰুদাৰ আন্দোলন টোলৈ সমৰ্থন আছিল নেকি? কিন্তু সেইটো মুঠেও নাছিল। চৰাইৰ মাতত অস্থিৰ হোৱা কবি, মানুহৰ মাজত হাতত হাত ধৰি গাওঁ-চহৰ ঘূৰি ফুৰা, মানুহৰ সংগ উপভোগ কৰা কবিৰ বাবে সেই সময় চোৱা আছিল যন্ত্ৰনাকাতৰ। ডেউকা ভঙা চৰাইৰ দৰে চটফটোৱা সময়! কিন্তু কবিয়ে কৰিব নো কি! আন বহুজন কবি-সাহিত্যিকৰ দৰে আন্দোলনটোৰ নেতিবাচক দিশ, অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁ সোচ্চাৰ হোৱা নাছিল বা হব পৰা নাছিল; সেই লৈ হীৰুদাক কোনোবাই সমালোচনা কৰিব পাৰে। কবিক হয়তো তেনে কিছু কথাই চুই গৈছিল। তাৰ উত্তৰ কবিয়ে কবিতা আৰু আড্ডাৰ মাজৰ কিছু কথাৰ মাজেৰে দিছে। আন্দোলনৰ সমালোচনা কৰা বহু জন শিল্পী, কবি, সাহিত্যিকৰ দৰে হীৰুদা তিৰস্কাৰ, সামাজিক বৰ্জনৰ মুখামুখি হব লগা হোৱা নাছিল। কিন্তু তেওঁৰ মতে সেয়া হৈছিল তেওঁৰ কবিতাৰ প্ৰতি থকা ভালপোৱাৰ বাবেহে, ইয়াত ব্যক্তি বিশেষৰ কথা নাহে। কবিতাৰে আড্ডা এটাত কবিতা কিয় কম লিখে বুলি সোধা প্ৰশ্ন এটাৰ উত্তৰ দিবলৈ গৈ হীৰুদাই কিছু কথা স্পৰ্শ কৰি গৈছে। তেওঁ কৈছিল, “কম লিখোঁ কিয়? লিখিব নোৱাৰো বুলিলেই ভাল। ইয়াৰ বাহিৰেও সামাজিক, ৰাজনৈতিক দিশত সকলো দেখি-শুনি নিৰুৎসাহ। একোৱেই আৰু অনুপ্ৰাণিত নকৰে। কমিউনিষ্ট পৃথিৱী খনৰ ঘটনাই আনৰ দৰে মোকো গভীৰ ভাৱে অবসন্ন কৰিছে বুলিব পাৰি। অৱশ্যে ইয়াৰ পৰা সমাজতন্ত্ৰ বা সমাজবাদ সম্পৰ্কে সংশয় জাগিছে, সেয়াও নহয়। এইটো এটা সাময়িক ব্যর্থতা। অৱশ্যে এই বিষয়ে খুব জানোঁ বা বুজোঁ, এনে নহয়। দেশৰ চাৰিও ফালে মৰামৰি, কটা-কটি চলিছে, কবিতাত তাৰ প্ৰতিফলন হয় এটা শব্দ বা ইমেজ ৰূপে। তদুপৰি মই কোনো ৰাজনৈতিক দলৰ মানুহ নহয়। এই যে অসমত এটা আন্দোলন হৈছিল, তাতো মোৰ সম্পূৰ্ণ সমৰ্থন নাছিল।এই সম্পৰ্কে কমিউনিষ্ট পাৰ্টি য়ে কি কয়, বা নকয়, সেইয়াও মই নপঢ়ো, কিন্তু প্রত্যক্ষ চকুৰে যিটো দেখিছোঁ, সেই সম্পৰ্কে মতামত ব্যক্ত কৰিছোঁ।”
কবি আছিল সকলোৰে কবি। হীৰুদাৰ মতে তেওঁৰ মতামতৰ অংশীদাৰ নহয়, বৰং বিৰোধীহে-এনে ধৰণৰ লোকেও তেওঁক হাতত ধৰি ঘৰলৈ লৈ যায়। সেই মানুহ বোৰক তেওঁৰ কবিতাত নিহিত হৈ থকা ধ্যান-ধাৰণা আৰু ৰাজনীতিয়ে যিকোনো ধৰণে স্পর্শ কৰে, হয়তো অলপ বিচলিতও কৰে, কবিতাই ইয়াতকৈ বেছি আৰু কি কৰিব? হীৰুদাৰ মতে ৰাজনৈতিক কোনো বিশ্বাসৰ সৈতে কবিতাৰ বা কবিৰ সম্পৰ্ক কেনে ধৰণৰ হব, সেই সম্পৰ্কে তেওঁৰ কোনো অলৰ-অচৰ মতামত নাই। কবিতাত ৰাজনীতিৰ প্ৰৱেশ হবই লাগিব, এনে ধৰণৰ কথা হব নোৱাৰে। কবি নিশ্চয় সচেতন, দায়বদ্ধ, কোনো ভাবেই অচেতন নহয়। কিন্তু কবিৰেই কেৱল সামাজিক দায়বদ্ধতা আছে নে? আন মানুহৰ কোনো দায়িত্ব নাই? নিজৰ কথা প্ৰকাশ কৰাই কবিতাৰ প্ৰধান দায়িত্ব। কবিতা কবিৰ ব্যক্তিত্বৰ প্ৰতিফলন। সমাজ সচেতন কবি এজনৰ নিজৰ যিকোনো কথাৰ মাজতে সেই পৰিচয় ফুটি উঠিব।”
শব্দক লৈয়েই গোটেই জীৱন কটালে হীৰুদাই। শব্দই তেওঁক দিলে দুখৰ মাজত, হতাশাৰ মাজত জীয়াই থকাৰ সাহস, অসামান্য ক্ষমতা..
“মই কবি, কৃতিত্ব ৰে পাৰ হৈ আহিছোঁ বুৰঞ্জীৰ বহু ভয়ংকৰ দিন।
শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃংখলা, নিৰ্ভুল হোৱাৰ ইচ্ছা, সেয়ে প্ৰয়োজনত পুনৰ প্ৰতিষ্ঠা কৰিছোঁ বিপৰ্যস্ত শব্দৰ নিৰ্বাসিত অৰ্থ।
শব্দ মোৰ শুভংকৰ সংগীত কিম্বা উচ্চতৰ গণিত।
থাকক অবিবেকী যুদ্ধ, মহামাৰী বসন্ত, শব্দ মোৰ চিৰাচৰিত
প্ৰতিকূলতাত আয়ত্তাধীন নিপুনতাৰ গুৰুত্বপূৰ্ণ অকপট তৰোৱাল।
মোৰ আন কোনো সত্তা নাই, শব্দৰ সতে মোৰ অভিন্ন সংসাৰ;
যাৰে খণ্ড খণ্ড কৰি তুলি ধৰোঁ ৰক্তাক্ত স্বদেশ-স্বকাল;
স্বপ্নৰ নিটোল দেহেৰে গঢ়া অসম্ভৱ ভৱিষ্যত।” (স্বদেশ স্বকাল,১৯৭৪)
কবিৰ আশা আছিল,
মোৰ শব্দৰ শোভাযাত্ৰা হওক, ক্ৰুৰ কুটিল ৰাতিৰ প্ৰহৰী হওক
তিৰ বিৰাই থাকক বিক্ষোভ ৰ চোকা তৰোৱাল,
টলমল শব্দৰ উচ্ছাসিত তেজৰ প্ৰবাহে প্ৰবাহে।” (দেশ আৰু অনান্য বিষয়ক,১৯৭১)
বুজি পায় কবিয়ে তেওঁৰ সীমিত সামৰ্থৰ কথা..হঠাতে হতাশাই আৱৰি ধৰে..
“মই কবি, সীমিত মোৰ সামৰ্থ
আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ
কৃতঘ্ন পিতলৰ সুহুৰিয়ে
বিপৰ্যস্ত কৰে মোৰ কাব্যৰ অৰ্থ।
ৰ’দ গৈ গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য।(লাঞ্ছিত সূৰ্য্য,১৯৭০)
তথাপিও কবিতা নিলিখাকে তেওঁ থাকিব নোৱাৰে। থকাৰ কথাই নুঠে। কাৰণ কবিতা তেওঁৰ বন্ধু অন্বেষণৰ যাত্ৰা, কুশল বিনিময় পত্ৰ! কবিতা পঢ়ি পাহৰিব পাৰি কিছু দুখ, আনকি গ্লানি।
কাৰণ
হীৰুদা যে নদ-নদী-পৰ্বত চিত্ৰিত বিপুল মহাদেশৰ কবি;
পৃথিৱী তেওঁৰ কবিতা।
লেখাটি প্ৰস্তুত কৰোঁতে সহায় লোৱা গ্রন্থ সমূহ-
১) ৰ’দে-বৰষুণে-দীপালি ভট্টাচাৰ্য বৰুৱা।
২) সুগন্ধি পখিলা-হীৰেন ভট্টাচাৰ্য।
৩) হীৰেন ভট্টাচাৰ্যৰ কবিতা-প্ৰথমৰ পৰা আটাইবোৰ (১৯৫৭-২০১০)
৪) ভাৱে-ৰসে হীৰুদা-সম্পাদনা অক্ষয় কুমাৰ মিশ্র।
৫) ইমান তিতা সাগৰৰ পানী-ডঃ হীৰেন গোহাঁই।
৬) ডঃ হীৰেন গোহাঁই-জীৱন আৰু কৰ্মৰ সমালোচনাত্মক অধ্যয়ন-সম্পাদক অখিল গগৈ।