বিজ্ঞানৰ ইতিহাস (৪ম খণ্ড) : প্ৰাচীন ইজিপ্টত বিজ্ঞানৰ বিকাশ (৩য় ভাগ) — আৰহান ইনামূল
(ধাৰাবাহিকভাৱে প্ৰকাশ হৈ থকা ‘বিজ্ঞানৰ ইতিহাস’ৰ এইবাৰৰ সংখ্যাত (৫ম খণ্ড) প্ৰকাশ কৰা ‘প্ৰাচীন ইজিপ্টত বিজ্ঞানৰ বিকাশ’ লেখাটোৰ দৈৰ্ঘ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা ভাগত প্ৰকাশ কৰা হৈছে, এইটো সেই তিনিটা উপখণ্ডৰ শেষভাগ।)
প্ৰাচীন ইজিপ্টত চিকিৎসাবিদ্যা আৰু ঔষধবিদ্যাৰ বিকাশ :
প্ৰাচীন ইজিপ্টৰ ঔষধৰ বিভিন্নতা আৰু প্ৰয়োগ, লগতে চিকিৎসাবিদ্যাৰ বিকাশ তুলনামূলকভাৱে সেই সময়ৰ হিচাপত যথেষ্ট আগবঢ়া আছিল। ইজিপ্টীয় সভ্যতাৰ আৰম্ভণিৰপৰা প্ৰায় ৫২৫ B.C.ত হোৱা পাৰ্ছিয়ান আক্ৰমণৰ সময়লৈকে ইজিপ্টীয় চিকিৎসাবিদ্যাৰ স্বৰূপ প্ৰায় একেই আছিল, কিন্তু সেই সময়ৰ তুলনাত বহু পৰিমাণে আগবঢ়া আৰু উচ্চ মানৰ আছিল। ইয়াৰ ভিতৰত সৰল অস্ত্ৰোপচাৰ, হাড় জোৰা লগোৱা বা সঠিক স্থানলৈ অনা, দাঁতৰ বিভিন্ন ৰোগৰ চিকিৎসা আদি আছিল। তাৰ উপৰিও প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদসকলে “PHARMACOPOEIA”ৰ (বিভিন্ন ঔষধৰ নাম, প্ৰয়োগ, তাৰ ব্যৱহাৰৰ ফল, গঠনৰ উপাদান আদি উল্লিখিত এক প্ৰকাৰৰ লিখিত প্ৰকাশ) বিকাশ সাধন কৰিছিল।
প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদ্যাৰ বিকাশৰ বিষয়ে আমি সেই সময়ত ইজিপ্ট ভ্ৰমণ কৰিবলৈ যোৱা বিভিন্ন ভ্ৰমণকাৰীৰ লেখা আৰু টোকাৰপৰা সবিশেষ ধাৰণা ল’ব পাৰো। গ্ৰীক ইতিহাসবিদ হেৰ’ডটাছে ৪৪০ B.C.ত ইজিপ্ট ভ্ৰমণ কৰিছিল আৰু তেওঁ নিজৰ অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰপৰা ইজিপ্টীয় চিকিৎসাবিদ্যাৰ বিকাশৰ বিষয়ে বিস্তৃত ৰূপত লিখি থৈ গৈছে। প্লিনি দি এলদাৰ-য়েও বুৰঞ্জীমূলক পুনৰীক্ষণত ইজিপ্টীয় ঔষধ আৰু চিকিৎসাবিদ্যাৰ ওপৰত যথেষ্ট প্ৰশংসামূলক ব্যাখ্যা দাঙি ধৰিছে।
১৮২২ চনত “ৰ’জেট্টা ষ্ট’ন”ৰ অনুবাদ হোৱাৰ পিছত চিকিৎসাবিদ্যাৰ লগত জড়িত প্ৰাচীন ইজিপ্টীয় “HIEROGLYPHIC” (প্ৰাচীন ইজিপ্টত শিলালিপি বা পেপিৰাছত আখৰৰ সলনি চিত্ৰৰে বৰ্ণনা কৰা অংকিত ৰূপ) শিলালিপি আৰু পেপিৰাছত লিপিবদ্ধ কৰা ব্যাখ্যাসমূহো অনুবাদ কৰিবলৈ সহজ হৈ পৰিল। ১৯ শতিকাৰ সময়ছোৱাত ইজিপ্টীয় ইতিহাসৰ অধ্যয়নৰ যি উৎসাহ বৃদ্ধি হৈছিল তাৰ ফলতে প্ৰাচীন ইজিপ্টীয় সভ্যতাত হোৱা চিকিৎসাবিদ্যাৰ অভাবনীয় বিকাশৰ প্ৰমাণ দাঙি ধৰা বিভিন্ন লিখিত টোকা উদ্ধাৰ হৈছিল, যেনে – এবাৰছ পেপিৰাছ, দি এল্ডৱিন পেপিৰাছ, দ্য হাৰ্ষ্ট পেপিৰাছ, দ্য লণ্ডন মেডিকেল পেপিৰাছ আৰু প্ৰায় খ্ৰীষ্টপূৰ্ব ২৯০০ মানৰে বহু পেপিৰাছ ইয়াৰ প্ৰমাণ সাক্ষ্য।
দি এল্ডৱিন পেপিৰাছ হ’ল এখন অস্ত্ৰোপচাৰ আৰু দৈহিক গঠনৰ (ANATOMICAL) পৰ্যবেক্ষণৰ পাঠ্যপুথিৰ দৰে, ইয়াত ৰোগীৰ “পৰীক্ষা”, “ৰোগ নিৰ্ধাৰণ”, “পৰিচৰ্যা” আৰু “ৰোগীৰ অৱস্থাৰ পৰিৱৰ্তনৰ পৰ্যবেক্ষণ” আদিৰ বিষয়ে ইয়াত বিস্তৃত বৰ্ণনা আছে। এইখন সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ১৬০০ মানত লিখা হৈছিল। কিন্তু ইয়াত প্ৰায় খ্ৰীষ্টপূৰ্ব ৩০০০ মানৰপৰা সংগ্ৰহ কৰা চিকিৎসাবিদ্যাৰ বিভিন্ন তথ্যৰ ব্যাখ্যাও আছে। সেয়ে এই পুথিখনক শিকন সমল হিচাপে চিকিৎসাবিদ্যাৰ শিক্ষাত ব্যৱহাৰ কৰা হৈছিল। ইয়াত বিভিন্ন জন্তুৰ দেহ, শাক-পাচলি বা ফল-মূলৰপৰা তৈয়াৰ কৰা মলমৰ ব্যৱহাৰৰ বিষয়ে বহুল মাত্ৰাত উল্লেখ আছে। এতিয়ালৈকে আৱিষ্কাৰ হোৱা তথ্য মতে প্ৰায় খ্ৰীষ্টপূৰ্ব ২৭৫০ মানত ইজিপ্টত প্ৰথমটো অস্ত্ৰোপচাৰ কৰা হৈছিল।
এবাৰছ পেপিৰাছ প্ৰায় খ্ৰীষ্টপূৰ্ব ১৫৫০ মানত লিপিবদ্ধ কৰা হৈছিল, ইয়াত প্ৰায় ৮৭৭খন প্ৰেষ্ক্ৰিপশ্যন উল্লেখ আছে, তাৰোপৰি ইয়াত “টিউমাৰ” সন্দৰ্ভতো বিস্তৃত বৰ্ণনা আছে। “কাহুন স্ত্ৰীৰোগ বিষয়ক পেপিৰাছ”ত মহিলাৰ গৰ্ভধাৰণমূলক সমস্যা, যৌন ৰোগ, গৰ্ভপাত আদি সন্দৰ্ভত উল্লেখ আছে। ইয়াত ৩৪টা ৰোগ নিৰ্ণয় কৰা কেছৰ, পৰিচৰ্যা কৰাৰ কৌশল সন্দৰ্ভত উল্লেখ আছে। প্ৰায় খ্ৰীষ্টপূৰ্ব ১৮০০ মানত লিখা এইখনেই এতিয়ালৈকে অক্ষুণ্ণ হৈ থকা একমাত্ৰ চিকিৎসাবিদ্যা বিষয়ক নথি।
অন্য নথিবোৰ যেনে হাৰ্ষ্ট পেপিৰাছ (খ্ৰীষ্টপূৰ্ব ১৪৫০) আৰু বাৰ্লিন পেপিৰাছ (খ্ৰীষ্টপূৰ্ব ১২০০) আদিত প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদ্যাৰ বিষয়ে যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ তথ্য আছে, ইয়াৰপৰাই আমি প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদ্যাৰ বিকাশৰ বিষয়ে এক বহুল মাত্ৰাত ধাৰণা কৰিব পাৰো।
বিভিন্ন কবৰ, পিৰামিড বা মামি ৰখা স্থানবোৰত অংকিত বিভিন্ন চিত্ৰকলা আৰু তাৰ লগত উল্লেখ থকা টোকাবোৰৰ অনুবাদৰপৰা প্ৰাচীন ইজিপ্টীয় ঔষধৰ স্বৰূপ আৰু চিকিৎসাবিদ্যাৰ প্ৰয়োগ সন্দৰ্ভত ধাৰণা কৰিব পাৰি। আধুনিক চিকিৎসাবিদ্যাৰ প্ৰযুক্তি-কৌশল ব্যৱহাৰ কৰি প্ৰাচীন ইজিপ্টীয় ঔষধৰ বিষয়ে ধাৰণা কৰিব পৰা গৈছে। এক্স-ৰে’ আৰু CAT স্কেন প্ৰয়োগ কৰি মামিবোৰৰ দেহৰ হাড় আৰু অন্য অংগৰ ওপৰত গৱেষণা কৰি প্ৰায় ৪০০০ বছৰৰ আগতে ইজিপ্টত কিদৰে স্বাস্থ্য ব্যৱস্থাপনা কৰা হৈছিল তাৰ বিষয়ে জানিব পাৰি। অৰ্থাৎ প্ৰাচীন ইজিপ্টীয় লোকসকলৰ স্বাস্থ্য সম্পৰ্কত এক ধাৰণা ল’ব পৰা গৈছে। এনে গৱেষণা কৰোঁতে ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰ, মাছ স্পেক্ট্ৰ’মিট্ৰি আৰু অন্য বিভিন্নধৰণৰ ফৰেনছিক কৌশল প্ৰয়োগ কৰা হয়।
গতিকে ওপৰৰ ব্যাখ্যাৰপৰা এটা ধাৰণা কৰিব পৰা গৈছে যে প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদ্যাৰ বিকাশ সঁচাকৈয়ে এক উন্নত মানৰ আছিল আৰু ইয়াৰ বিকাশ সেই সময়ৰ তুলনাত যথেষ্ট আগবঢ়া আছিল, সেয়ে সেই সময়ত ওচৰৰ অন্য দেশত বা ৰাজ্যত কোনো ৰজা বা অভিজাত লোকৰ বেমাৰ হ’লে ইজিপ্টৰ ফাৰাওক তেওঁলোকে অনুৰোধ কৰিছিল যাতে ইজিপ্টৰপৰা এজন চিকিৎসা বিশাৰদ প্ৰেৰণ কৰে তেওঁলোকৰ আপোনজনক চিকিৎসা কৰিবলৈ। প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদসকলৰ মানৱ দেহৰ আভ্যন্তৰীণ গঠন সন্দৰ্ভত বিস্তৃত জ্ঞান আছিল, সেয়ে তেওঁলোকে মামিফিকেশ্যন কৰ্মত কিদৰে নাকৰ লঘু হাড় ভাঙি তাৰ মাজেৰে হুক পাৰ কৰাব লাগে, মূৰৰ খোলাটো বিকৃত নোহোৱাকৈ খুলি কিদৰে মগজুটো উলিয়াই নিব লাগে সেই বিষয়ত তেওঁলোক বিশাৰদ আছিল।
ইজিপ্টীয় চিকিৎসাবিদসকল মানৱ দেহৰ “পালছ” সন্দৰ্ভত জ্ঞাত আছিল, আনকি তেওঁলোকে জানিছিল যে “পালছ” আৰু হৃদযন্ত্ৰৰ মাজত কিবা প্ৰকাৰে সম্পৰ্ক আছে। যদিও তেওঁলোকে দেহত ৰক্ত সঞ্চালন বিষয়ত সিৰা, ধমনী, টেণ্ডন আৰু স্নায়ু বিষয়ত জ্ঞাত নাছিল, তথাপিও তেওঁলোকে অলপ-অচৰপ “কাৰ্ডিয়াক ব্যৱস্থা”ৰ বিষয়ে জানিছিল। তেওঁলোকে নিজস্বভাৱে “চ্ছেনেল থিয়ৰি” উদ্ভাৱন কৰিছিল, মানৱ দেহত ৰক্ত, বায়ু আৰু খাদ্যৰ পৰিবহণ কাৰ্য ব্যাখ্যা কৰোঁতে “নীল নদী”ৰ গতিৰ লগত তুলনা কৰিছিল এনেদৰে – যদিহে নীল নদীৰ গতিপথ বন্ধ হৈ যায় তেন্তে শস্য পথাৰলৈ পানী নাযাব, তেতিয়া শস্যৰ অৱস্থা নিশকতীয়া হৈ পৰিব, ঠিক তেনেকৈ মানৱ দেহতো যদি প্ৰয়োজনীয় উপাদানবোৰ নিৰ্ধাৰিত চ্ছেনেলবোৰেদি নাযায় মানুহৰ স্বাস্থ্যও নিশকতীয়া হ’ব।
চকাৰ ব্যৱহাৰ আৰু বিকাশ :
ইতিমধ্যে আৱিষ্কাৰ হোৱা বিভিন্নধৰণৰ প্ৰমাণ আৰু টোকাৰপৰা এই কথা জানিব পৰা গৈছে যে প্ৰাচীন ইজিপ্টীয় “কুমাৰ”সকলে মাটিৰ পাত্ৰ তৈয়াৰ কৰোঁতে চকাৰ ব্যৱহাৰ কৰিছিল। এনে চকাৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ প্ৰায় ৪ৰ্থ ৰাজশাসনৰ সময়ৰপৰা পোৱা গৈছে। অৱশ্যে ৰথ বা জন্তুৱে টানি নিয়া গাড়ীৰ চকাৰ ব্যৱহাৰ ২য় মধ্যযুগৰ সময়ত হাইকছ’য়ে আক্ৰমণ কৰাৰ পিছৰেপৰা কৰাৰ প্ৰমাণ পোৱা গৈছে। নব্য ৰাজত্বৰ সময়ত কিন্তু ৰথ ইজিপ্টীয় সেনাৰ বাবে শিৰোমণিস্বৰূপ আছিল।
অন্যান্য ক্ষেত্ৰত হোৱা বিকাশ :
প্ৰাচীন ইজিপ্টীয়সকল বিভিন্নধৰণৰ কাঠৰ সামগ্ৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দক্ষ আছিল। প্ৰাচীন ইজিপ্টত বহুত উন্নত মানৰ কাৰুকাৰ্যখচিত টুল, বিছনা আৰু টেবুল ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। হেটেফেৰছ-১, ফেবছ আৰু তাৰখান’ৰ কবৰত তেনেধৰণৰ বিভিন্ন কাঠৰ সামগ্ৰী উদ্ধাৰ হৈছে।
অন্যধৰণৰ প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত অদ্যপি প্ৰমাণিত নোহোৱা বহুতো ধাৰণা বিশেষজ্ঞসকলে আলোচনা কৰিছে, যেনে, ইলেক্ট্ৰিচিটিৰ বিষয়ে প্ৰাচীন ইজিপ্টীয়সকলৰ জ্ঞান সন্দৰ্ভত। কোনো কোনোৱে দাবী কৰে যে বিজুলী, বজ্ৰপাত, বিদ্যুত সঞ্চাৰ কৰিব পৰা মাছ আদি পৰ্যবেক্ষণ কৰি প্ৰাচীন ইজিপ্টীয়সকলে বিদ্যুত সন্দৰ্ভত বিস্তৃত ধাৰণা ল’ব পাৰিছিল । আনকি কোনো কোনো ইতিহাসবিদে আৰু দুখোপ আগুৱাই এই পৰ্যন্ত দাবী কৰিছে যে প্ৰাচীন ইজিপ্টত বিজুলীচাকিৰ ব্যৱহাৰো কৰা হৈছিল, অৱশ্যে এতিয়ালৈকে উদ্ধাৰ হোৱা নথি-পত্ৰ, স্থাপত্য প্ৰমাণ বা আন কোনো সাক্ষ্যই ইয়াক সঁচা বুলি প্ৰমাণ নকৰে।
যি কি নহওক, এইটো আমি নুই কৰিব নোৱাৰো যে প্ৰাচীন ইজিপ্টত সেই সময়ৰ অনুপাতে অভাবনীয় আৰু অবিশ্বাস্য ৰূপত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ হৈছিল যাৰ বাবে মানৱীয় সভ্যতাৰ গতি ত্বৰান্বিত হোৱাত সহায়ক হৈছিল।