অনুবাদপ্ৰবন্ধ

হিউৱেন চাঙৰ দৃষ্টিত কিআ-মো-লু-পো- (মূল বাংলা:প্ৰেমময় দাসগুপ্ত, অনুবাদ: খগেশ সেন ডেকা)

[বৌদ্ধভিক্ষু হিউৱেন চাঙৰ জন্ম হৈছিল চীন দেশৰ হো-নান প্ৰদেশৰ চিন-লিউত, ৬০৩ খ্ৰীষ্টাব্দত ৷ চাৰিগৰাকী ভায়েকৰ ভিতৰত তেওঁ আছিল সবাতো কণিষ্ঠ ৷ নিচেই কম বয়সতে তেওঁ মাজুজনা ককায়েকৰ লগত পূব চীনৰ ৰাজধানী লো-আঙলৈ আহে ৷ ককায়েক আছিল ৎচিং-তু বৌদ্ধস্তূপৰ ভিক্ষু ৷ তেৰ বছৰ বয়সত হিউৱেন চাং এই বৌদ্ধ মন্দিৰৰ উপাসকৰূপে দীক্ষিত হয় ৷ চীনত চুই ৰাজবংশৰ পতনৰ পাছত পৰিস্থিতি অনুকূল নেদেখি দুয়ো ভায়েক ঝেচেৱান প্ৰদেশৰ ৰাজধানী চিং-তুলৈ গুচি আহে ৷ ইয়াতে তেওঁ বিশ বছৰ বয়সত পূৰ্ণাংগ ভিক্ষুৰূপে দীক্ষিত হয় ৷ তাৰ পাছত তেওঁ চীনৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি সেইবোৰ ঠাইৰ বৌদ্ধাচাৰ্যসকলৰ পৰা প্ৰয়োজনীয় শিক্ষা আহৰণ কৰে ৷ পৰিশেষত ফা-হিয়েন আৰু ও চি-য়েনৰ স্মৃতিকথা অধ্যয়ন কৰি ২৬ বছৰ বয়সত তেওঁৰ অন্তৰত ভাৰত-ভ্ৰমণৰ এক দুৰ্বাৰ স্পৃহা জাগ্ৰত হয় ৷

৬২৯ খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহত এইজনা চীনা পৰিব্ৰাজক চিং-চাৰ পৰা ভাৰত অভিমুখে ৰাওনা হয় ৷ সেই সময়ত উত্তৰ ভাৰতত কনৌজৰাজ হৰ্ষবৰ্ধন বা শিলাদিত্যই ৰাজত্ব কৰিছিল ৷ ৬৪৩ খ্ৰীষ্টাব্দৰ প্ৰাৰম্ভণত কামৰূপাধিপতি ভাস্কৰবৰ্মা ওৰফে কুমাৰ ৰজাৰ অনুৰোধ মৰ্মে আৰু নালন্দা বিহাৰৰ আচাৰ্য শীলভদ্ৰৰ পৰামৰ্শ মতে তেওঁ “কিআ-মো-লু-পো” বা কামৰূপ ৰাজ্যলৈ আহে ৷ তাৰে পৰা তেওঁ হৰ্ষবৰ্ধন ওৰফে শিলাদিত্যৰ আমন্ত্ৰণ ক্ৰমে কুমাৰ ৰজাৰ সৈতে কজূঘীৰলৈ গমন কৰে ৷ তাতে হৰ্ষবৰ্ধনৰ সৈতে তেওঁৰ দেখা-শুনা হয় ৷ কজূঘীৰৰ পৰা তেওঁলোক আটাইকেইজন ধৰ্ম-সম্মিলনত যোগ দিয়াৰ উদ্দেশ্যে কনৌজলৈ যায় ৷ তাৰে পৰা তেওঁ শিলাদিত্যৰ অনুৰোধ ৰক্ষা কৰি প্ৰয়াগলৈ যায় আৰু তাত মহামোক্ষ পৰিষদত যোগদান কৰে ৷ তাৰে পৰা তেওঁ ভ্ৰমণ সামৰি স্বদেশ অভিমুখে ৰাওনা হয় ৷ বাটত তেওঁ কৌশাম্বী, বীৰসেন, জালন্ধৰ, সিংহপুৰ, তক্ষশীলা, গান্ধাৰ, লম্পক আৰু পৰিশেষত “ফ-ন-ল” বা বৰণ হৈ ভাৰত সীমান্ত ত্যাগ কৰে ৷ ৬৪৫ খ্ৰীষ্টাব্দত তেওঁ পশ্চিম চীনৰ ৰাজধানী চিং-ফুত উপস্থিত হয় ৷ ভ্ৰমণৰ অন্তত তেওঁ এই দেশৰ পৰা বুদ্ধৰ দেহাস্থিকে ধৰি ভালেমান সামগ্ৰী লগত লৈ যায় ৷ সেইবোৰৰ ভিতৰত ২২টা ঘোঁৰাৰ পিঠিত বোজাই দি নিয়া ৫২০ মোনা বৌদ্ধশাস্ত্ৰ অন্যতম ৷

হিউৱেন চাঙে এই যাত্ৰাত সিংহলকে (শ্ৰীলংকা) ধৰি মুঠ ৮২খন ৰাজ্য পৰিভ্ৰমণ কৰে ৷ এই ৰাজ্যবোৰৰ প্ৰতিখনৰে একোটিকৈ চাক্ষুষ বিৱৰণ তেওঁৰ ভ্ৰমণ-বিৱৰণীত সন্নৱিষ্ট হৈছে ৷ তাৰ ভিতৰত কিআ-মো-লু-পো বা কামৰূপৰ বিৱৰণ অন্যতম ৷]

“কিআ-মো-লু-পো” বা কামৰূপৰ বিৱৰণ

পুণ্ড্ৰৱৰ্ধন এৰি পূব দিশলৈ গমন কৰিলোঁ ৷ প্ৰায় ৯০০ লি পথ অতিক্ৰম কৰাৰ পাছত এখন নদী পাৰ হৈ ‘কিআ-মো-লু-পো’ বা কামৰূপ ৰাজ্যত উপস্থিত হ’লোঁ ৷ (আচলতে তেওঁ মগধৰ পৰাহে কামৰূপলৈ আহিছিল—দাসগুপ্ত) ৷

এই ৰাজ্যখনৰ আয়তন দহ হাজাৰ লি-ৰ ওচৰা-উচৰি ৷ ৰাজধানীৰ পৰিধি প্ৰায় ত্ৰিশ লি (প্ৰায় এদিনৰ বাট—অনুবাদক) ৷ ইয়াৰ ভূমিভাগ কিছু দ; কিন্তু জীপাল আৰু উৰ্বৰা ৷ ইয়াত নিয়মিতভাৱে খেতি-বাতি কৰা হয় ৷ ইয়াত কঁঠাল আৰু নাৰিকলৰ খেতি হয় ৷ সেই দুবিধ ফলৰ গছ ইয়াত প্ৰচুৰ পৰিমাণে পোৱা গ’লেও, সেইফলবোৰক বিশেষ মূল্য বা মৰ্যাদা দিয়া নহয় ৷ নদী বা পাৰ বন্ধা সৰোবৰৰ পৰা খাল খান্দি বোৱাই নিয়া পানীৰে চহৰবোৰ ঘেৰি ৰখা হৈছে ৷ ইয়াৰ জলবায়ু নাতিশীতোষ্ণ; জাৰ বা জহ কোনোটোৱেই বেছি অনুভূত নহয় ৷ মানুহবোৰৰ চাল-চলন ধীৰ-গম্ভীৰ, সৎ প্ৰকৃতিৰ ৷ এওঁলোকৰ চেহেৰা সৰু ফুটীয়া, চুটি-চাপৰ ৷ গাৰ ৰং হালধীয়া ৷ এওঁলোকৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ লৰ (মধ্য ভাৰত মানে তেতিয়াৰ মগধ অঞ্চল—অনুবাদক) ৷ স্বভাৱৰ দিশত এওঁলোক গোঁৱাৰ, একাচেকা, বন্য ধৰণৰ ৷ জ্ঞান-চৰ্চাৰ প্ৰতি এওঁলোক অতিশয় আগ্ৰহী ৷

ইয়াৰ মানুহে দেৱতাৰ পূজা কৰে আৰু সিবোৰৰ ওচৰত বলি দিয়ে ৷ বৌদ্ধধৰ্মৰ প্ৰতি এওঁলোকৰ কোনো অনুৰাগ নাই ৷ এনে কাৰণতে বুদ্ধৰ জন্মৰে পৰা আজিকোপতি ইয়াত এটাও সংঘাৰাম (বৌদ্ধ বিহাৰ বা বৌদ্ধ সংঘ) স্থাপন হোৱা নাই ৷ ইয়াত দেৱতাৰ মন্দিৰ এশটামান আছে ৷ বিভিন্ন সম্প্ৰদায়ৰ অসংখ্য অনুগামী ইয়ালৈ আহে ৷ বৰ্তমানৰ ৰজাগৰাকী প্ৰাচীন বিষ্ণু দেৱতাৰ পন্থী ৷ জাতিত তেওঁ ব্ৰাহ্মণ ৷ তেওঁৰ নাম ভাস্কৰবৰ্মন, উপাধি কুমাৰ ৷ এই বংশই ইয়াত ৰাজত্ব আৰম্ভ কৰাৰে পৰা এতিয়াৰ ৰজাজনালৈ মুঠ এহেজাৰ প্ৰজন্ম পাৰ হৈছে ৷ বৰ্তমানৰ ৰজা জ্ঞান-চৰ্চাৰ প্ৰতি অতিশয় আগ্ৰহী ৷ তেওঁক দেখি তেওঁৰ প্ৰজাসকলো সেই দিশৰ প্ৰতি আগ্ৰহী হৈ উঠিছে ৷ বিভিন্ন ৰাজ্যৰ পৰা প্ৰতিভাৱান লোকসকল কামৰ আশাত তেওঁৰ ওচৰলৈ আহে ৷ তেওঁ বুদ্ধদেৱৰ অনুগামী নহ’লেও, বিদ্বান-শ্ৰমণসকলক তেওঁ যথেষ্ট শ্ৰদ্ধা কৰে ৷ বুদ্ধৰ মহান ধৰ্মমত অধ্যয়ন কৰিবৰ বাবে চীনৰ দৰে দূৰৱৰ্তী দেশৰ পৰা এগৰাকী শ্ৰমণ মগধৰ নালন্দা বিশ্ববিদ্যালয়লৈ আহিছে আৰু কঠোৰ পৰিশ্ৰম কৰি অধ্যয়নত ৰত হৈ আছে—এই কথা শুনা মাত্ৰকে এইছোৱা সময়ৰ ভিতৰতে তেওঁ মোলৈ তিনিবাৰকৈ আমন্ত্ৰণ পঠিয়াইছে ৷ মই কিন্তু অহা নাছিলোঁ ৷ তেতিয়া আচাৰ্য শীলভদ্ৰই মোক ক’লে— “বুদ্ধদেৱৰ প্ৰতি অন্তৰৰ কৃতজ্ঞতা প্ৰকাশৰ ইচ্ছা থাকিলে তেওঁৰ সত্যধৰ্ম প্ৰচাৰৰ প্ৰতি তোমালোকে মনোনিৱেশ কৰা উচিত ৷ এয়া তোমাৰ কৰ্তব্য ৷ পথৰ দূৰত্বক তুমি ভয় কৰা অনুচিত ৷ কুমাৰ ৰজা আৰু তেওঁৰ জ্ঞাতি-বংশ অন্য ধৰ্মৰ অনুগামী ৷ অথচ তেওঁ এগৰাকী বৌদ্ধ শ্ৰমণলৈ আমন্ত্ৰণ পঠিয়াইছে—তেওঁৰ সৈতে দেখা কৰিবলৈ ৷ ই এক শুভ লক্ষণ ৷ ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে তেওঁৰ মতৰ পৰিৱৰ্তন ঘটিছে আৰু সঁচাকৈয়ে তেওঁ পুণ্যকৰ্মৰ জৰিয়তে দহৰ মংগল সাধন কৰিবলৈ আগ্ৰহান্বিত হৈ উঠিছে ৷ সৰ্বজনৰ উপকাৰ সাধনৰ নিমিত্তে তুমি ইয়াৰ পূৰ্বে জীৱনৰ প্ৰতি পৰোৱা নকৰি অকলে অকলে ইয়ালৈ অহাৰ শপথ লৈছিলা ৷” … এনেদৰে তেওঁ মোক উদ্বুদ্ধ কৰাত মই আৰু বিশেষ কোনো অজুহাত নেদেখুৱাই অলপো বিলম্ব নকৰি কুমাৰ ৰজাৰ দূতৰ সৈতে তেওঁৰ ৰাজ্য অভিমুখে গমন কৰিলোঁ ৷

মই অহাত কুমাৰ ৰজাই ক’লে : “যদিও মোৰ নিজৰ কোনো ধৰণৰ প্ৰতিভা নাই, তথাপি মই সকলো সময়তে বিশেষ প্ৰতিভাসম্পন্ন জ্ঞানী লোকসকলৰ মংগল কামনা কৰোঁ ৷ আপোনাৰ খ্যাতি তথা গুণৰ কথা শুনাৰ পাছৰে পৰা মই আপোনাক মোৰ ৰাজ্যলৈ আমন্ত্ৰণ জনোৱাৰ সাহস কৰিছোঁ ৷”

মই উত্তৰ দিলোঁ : মোৰ বিদ্যা-বুদ্ধি নিচেই কম ৷ মোৰতো ধাৰণা হয়, আপুনি মোৰ খ্যাতি নহয়, বৰং অখ্যাতিৰ কথাই শুনিব ৷”

এনেদৰে নানান কথাৰ বিনিময়ৰ পাছত তেওঁ আমাৰ চীনা সাম্ৰাজ্যৰ কথা শুনি তালৈ যোৱাৰ গভীৰ ইচ্ছা প্ৰকাশ কৰিলে ৷ শেষত ক’লে : “মহাৰাজ শিলাদিত্য এতিয়া কজূঘীৰত আছে ৷ জ্ঞান আৰু পুণ্যৰ শিপা গভীৰৰ পৰা গভীৰতৰলৈ প্ৰসাৰিত কৰাৰ বাবে তেওঁ অচিৰেই দান-ধ্যানৰ বিৰাট আয়োজন কৰিব ৷ পঞ্চ ভাৰতৰ সকলো শ্ৰমণ আৰু ব্ৰাহ্মণ তাত উপস্থিত থকাটো অত্যন্ত জৰুৰী ৷ তেওঁ মোলৈ আমন্ত্ৰণ পঠিয়াইছে ৷ মোৰ অনুৰোধ আপুনিও মোৰ সংগী হওক ৷”

(হৰ্ষবৰ্ধনে ভাস্কৰবৰ্মাক এনেদৰে নিৰ্দেশ দিয়া বুলি টোকাটোৰ আন এঠাইত এনেদৰে উল্লেখ আছে :
“তুমি তোমাৰ অতিথি বিদেশী শ্ৰমণজনক (হিউৱেন চাং) লৈ এতিয়াই নালন্দা বিহাৰলৈ আহা— এয়াই মোৰ ইচ্ছা ৷” তেওঁৰ কথা মতে কুমাৰ ৰজা আৰু মই অধিৱেশনত যোগ দিলোঁ ৷)

ইয়াৰ পাছত আমি দুয়ো একেলগে যাত্ৰা কৰিলোঁ ৷

এই ৰাজ্যখনৰ (কামৰূপ) পূব দিশটো চাৰিখনকৈ পাহাৰে ঘেৰি ৰাখিছে ৷ সেইবাবে সেইফালে কোনো ডাঙৰ চহৰ নাই ৷ ৰাজ্যৰ সীমান্ত দক্ষিণ-পশ্চিম চীনৰ অসভ্য উপজাতি এলেকাৰ সৈতে সংলগ্ন ৷ ৰীতি-নীতি, চাল-চলনৰ ফালৰ পৰা এই উপজাতিৰ মানুহবোৰ প্ৰকৃততে “মন” গোষ্ঠীৰ লোকসকলৰ সমগোত্ৰীয় ৷ খা-খবৰ লৈ যি জানিলোঁ তাৰ পৰা মোৰ ধাৰণা হ’ল— এই ফালেৰে (পূব দিশেৰে) দুমাহ ধৰি খোজ কাঢ়ি গ’লে আমি ঝেচুৱেন (শুহু) প্ৰদেশৰ দক্ষিণ-পশ্চিম সীমান্তত উপস্থিত হ’ব পাৰিম ৷ কিন্তু পৰ্বত আৰু নদী এই যাত্ৰাপথত বিশেষ প্ৰতিবন্ধক হৈ পৰিব ৷ তদুপৰি দূষিত বায়ু, ভয়ংকৰ সাপ আৰু বিষাক্ত গছ-লতিকাৰ বাবে পদে পদে মৰণৰ ভয় ৷

ৰাজ্যখনক দক্ষিণ পূবত পালে পালে বনৰীয়া হাতী ঘূৰি ফুৰে ৷ সেইবাবে ইয়াত এই হাতীবোৰক যুদ্ধত বিশেষভাৱে ব্যৱহাৰ কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *