হতভগীয়া ভগনীয়াৰ কথাৰে (চিৰঞ্জিৎ দত্ত)
(১) ৰিচাৰ্ড এটেনব’ৰৰ ‘গান্ধী’
আমাৰ সৰু কালৰ কথা। স্বাধীনতা দিৱস অথৱা গণতন্ত্ৰ দিৱসৰ দিনা দূৰদৰ্শন যোগে ৰিচাৰ্ড এটেনব’ৰৰ ‘গান্ধী’ নামৰ চলচ্চিত্ৰ খন সম্প্ৰচাৰিত হোৱাটো এটা যেন নিয়মীয়া পৰিঘটনা আছিল। বেন কিংছলে নামৰ অভিনেতা গৰাকীয়ে ‘মহাত্মা’ৰ চৰিত্ৰটো ইমান জীৱন্ত ভাৱে ফুটাই তুলিছিল যে আজিও মহাত্মা গান্ধী বুলিলে বেন কিংছলেৰ অবৱবটোহে প্ৰথম মনলৈ আহে। সেয়া যি কি নহওক, তেনেই কোমল বয়সতে চাইছিলোঁ বাবেই হয়তো তেতিয়া চলচ্চিত্ৰ খনত দেখুওৱা গান্ধীৰ জীৱন-দৰ্শন, অহিংস নীতি তথা দেশ বিভাজন আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ লাভালাভৰ অংক আদিৰ অন্তৰালৰ বহুতো কথাই ভালকৈ বুজিব পৰা হোৱা নাছিলোঁ আৰু চলচ্চিত্ৰ খনত দেখুওৱা অন্য বহুতো কথাও ইতিমধ্যে পাহৰি গৈছোঁ। কিন্তু চলচ্চিত্ৰ খনৰ এটা কৰুণ দৃশ্যই আমাৰ শিশুমনটোত তেতিয়াই ইমান দকৈ দাগ কাটি গৈছিল যে সেই দৃশ্য আজিও পাহৰিব পৰা নাই। সেয়া আছিল দেশ বিভাজনৰ সিদ্ধান্তৰ ফলত লাখ লাখ মানুহ ৰাতিটোৰ ভিতৰতে নিজৰ জন্মস্থান তথা চিনাকি ঠাইখন এৰি, নিজৰ শিপা এৰি গৃহহীন আৰু সম্বলহীন হৈ কিদৰে ঢাপলি মেলিব লগীয়া হৈছিল অন্য এখন অচিনাকি ঠাইলৈ। কাৰণ কোন মানুহ ক’ত থাকিব সেয়া নিৰ্ধাৰণ কৰা হৈছিল ব্যক্তিবিশেষৰ ধৰ্মৰ ভিত্তিত। শৰণাৰ্থী সকলৰ সীমাহীন দুখ-দুৰ্দশাৰ কি যে কৰুণ ছৱি আছিল সেয়া! পৃথিৱীৰ মানুহৰ ইতিহাসতে সেয়া আছিল অন্যতম বৃহৎ গণ-প্ৰব্ৰজন। ইফালে সমান্তৰালভাৱে চৌদিশে সাম্প্ৰদায়িকতাৰ বিষবাষ্প। নিজৰেই চুবুৰিৰ ককাই-ভাইৰ লগত কটাকটি, ৰক্তপাত । হাজাৰ হাজাৰ মানুহৰ মৃত্যু। এক অবৰ্ণনীয় অমানাৱীয় পৰিৱেশ।
(২) গুগলৰ RE-UNION শীৰ্ষক বিজ্ঞাপণ আৰু কৃষণ কুমাৰ খান্নাৰ পাকিস্তান ভ্ৰমণ
দেশৰ স্বাধীনতা আৰু বিভাজনৰ ইতিমধ্যে সত্তৰ বছৰ পাৰ হ’ল। চুবুৰীয়া দুয়োখন দেশৰ মাজৰ ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্কও বিভিন্ন উত্থান-পতনৰ মাজেৰে চলি থাকিল বিগত বছৰবোৰত। এই সত্তৰ বছৰত তিনিখন মানকৈ যুদ্ধ পাৰ হ’ল। মাজে মাজে দ্বিপাক্ষিক বুজাপৰাৰ প্ৰয়াসো দেখা গ’ল। সেয়া অন্য এক বিষয়। কিন্তু দেশ বিতাড়ণৰ ফলশ্ৰুতিত নিজৰ আপোন ঠাইখন, ওপজা ঠাইখন এৰি অহা চিন্নমূল মানুহ খিনিৰ যি মৰ্মবেদনা সেয়া জানো ভুক্তভোগীৰ বাদে আনে উপলব্ধি কৰিব পাৰে! আনকি তেজৰ সম্পৰ্কীয় আপোনজনৰ সৈতে চিৰ-বিচ্ছেদৰ অলেখ জীয়া কাহিনীও ইতিহাসৰ পাতত ৰৈ গ’ল। বোধকৰোঁ শৈশৱতে চোৱা ‘গান্ধী’ত দৃশ্যায়িত হোৱা দেশ বিতাড়ণৰ নিদাৰুণ ছৱি খন মনৰ পৰা কোনোদিন মছিব নোৱাৰিলো বাবেই আজিও সেই হতভগীয়া ভগনীয়া পৰিয়াল বোৰৰ বিষয়ে য’তেই যেনেকৈ পাওঁ থাপ মাৰি পঢ়িবলৈ, জানিবলৈ চেষ্টা কৰোঁ। এনেকুৱা অলেখ পৰিয়াল এতিয়াও আছে সীমান্তৰ দুয়োপাৰে য’ত কোনোবাজনৰ নিজ সহোদৰ ভাতৃ বা ভগ্নী নাইবা অন্য আত্মীয় থাকি যাব লগীয়া হ’ল সীমাৰ সিপাৰৰ দেশখনত চিৰ-বিচ্ছেদিত হৈ আপোনজনৰ পৰা। পৰৱৰ্তী সময় বোৰত বহুতো বিচ্ছেদিত পৰিয়ালৰ সন্ধান পোৱা গ’ল যদিও দুই দেশৰ মাজৰ তিক্ততাপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ বাবেই তেওঁলোকৰ পুনৰ্মিলনো দুৰূহ হৈ পৰিল। তাৰ উপৰি প্ৰব্ৰজনে বিচ্ছেদিত কৰা পৰিয়াল সমূহৰ প্ৰথম প্ৰজন্মৰ অধিকাংশই এতিয়া জীৱিত অৱস্থাত নাই।
আজি কিছুবছৰ আগত RE-UNION শীৰ্ষক ‘গুগল-সন্ধান’ৰ এক বিজ্ঞাপণ প্ৰচাৰিত হৈছিল। এগৰাকী অশীতিপৰ ভাৰতীয় হিন্দু নাগৰিকে দেশ-বিভাজনৰ সময়ত সীমাৰ সিপাৰে এৰি অহা নিজৰ জন্মস্থানখন আৰু তেওঁৰ মুছলমান বাল্যবন্ধু এজনক স্মৰণ কৰিছিল নিজৰ নাতিনীয়েকৰ আগত। নাতিনীয়েকে গুগল-সন্ধানৰ সহায়ত ককাকৰ বাল্য-বন্ধুৰ সৱিশেষ উলিয়াই যোগাযোগ কৰিবলৈ সক্ষম হৈছিল আৰু সুদীৰ্ঘ সত্তৰ বছৰৰ অন্তত দুই বাল্য-বন্ধুৰ পুণৰ্মিলন সম্ভৱ হৈছিল। ধৰ্ম আৰু ৰাজনীতিৰ উৰ্দ্ধতো যে সাধাৰণ মানুহৰ মন মানৱতাবাদ আৰু ভাতৃত্ববোধৰ আৱেগে সহজে স্পৰ্শ কৰিব পাৰে গুগলৰ সেই বিজ্ঞাপনটো তাৰেই প্ৰমাণ। কিয়নো অতি কম সময়ৰ ভিতৰেই বিজ্ঞাপনটোৱে অভূতপূৰ্ৱ জনপ্ৰিয়তাৰে বিশ্বৰ কৌটি কৌটি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ইউটিউৱতো অতি ক্ষিপ্ৰতাৰে লাখ লাখ দৰ্শকৰ সংখ্যা তথা ভাল পোৱা মানুহৰ সংখ্যাৰ মাপকাঠিৰে জনপ্ৰিয়তাৰ অভিলেখ গঢ়িছিল।
গুগলৰ বিজ্ঞাপনটো আছিল কাল্পনিক চৰিত্ৰৰে নিৰ্মাণ কৰা মানুহৰ সঁচা হৃদয়ৰ কাহিনী। কিন্তু তাৰ দুবছৰ মানৰ পাছতেই (২০১৭ চন) উত্তৰ প্ৰদেশৰ মীৰাট চহৰৰ কৃষণ কুমাৰ খান্না নামৰ নব্বৈ বছৰীয়া ব্যক্তি এজনৰ বাস্তৱ কাহিনী এটিয়ে পুণৰ সৰ্ৱত্ৰ তোলপাৰ লগালে। দেশজুৰি, পৃথিৱীজুৰি সংৱাদ শিৰোনাম দখল কৰিলে। সত্তৰ বছৰৰ অগতে দেশ বিভাজনৰ সময়ত এৰি থৈ অহা তেওঁৰ ওপজা গাওঁ খন মৃত্যুৰ আগতে পুণৰ এবাৰ চোৱাটো তেওঁৰ আছিল জীৱনৰ অন্তিম ইচ্ছা। কিন্তু সন্মুখত আছিল হাজাৰটা প্ৰত্যাহ্বান। দুই দেশৰ মজৰ তিক্ততাপূৰ্ণ ৰাজনৈতিক সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত খান্না ডাঙৰীয়াই নিজৰ ওপজা গাঁৱলৈ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আহি পৰিছিল বহুতো বাধা। সেই দেশৰ চৰকাৰে ‘ভিচা’ প্ৰদান কৰিব বিচৰা নাছিল। ইপিনে নিজৰ পৰিয়াল তথা আত্মীয় সকলেও তেওঁৰ জীৱনৰ অন্তিম ইচ্ছাৰ প্ৰতি কোনো সমৰ্থন জনোৱা নাছিল। তথাপি দহ বছৰৰ প্ৰচেষ্টাৰ অন্তত এদিন নিজৰ লক্ষ্যত অবিচল বৃদ্ধ কৃষণ খান্নাৰ জীৱনলৈ আশাৰ বতৰা আহিল। পাকিস্তান চৰকাৰে ৯০ বছৰীয়া ভাৰতীয় বৃদ্ধ গৰাকীৰ জীৱনৰ অন্তিম ইচ্ছা পূৰণত সঁহাৰি জনালে। তেওঁক ভিচা প্ৰদান কৰা হ’ল। এজন ভাতৃৰ সৈতে তেওঁ সীমান্তৰ সিপাৰলৈ গ’ল নিজৰ শিপা বিচাৰি, ওপজা মাটিৰ পৰশ বিচাৰি। কালৰ আঁচোৰত সকলো সলনি হৈছিল যদিও তেওঁ ঠিকেই বিচাৰি পালে নিজৰ পুৰণি ঘৰখন। পুৰণি ৰাস্তা-ঘাট, অলি-গলি, শিক্ষা লোৱা পাঠশালাখন বিচাৰি উলিয়াওতে তেওঁৰ অকণো অসুবিধা হোৱা নাছিল। সেই দেশৰ নাগৰিকৰ পৰাও তেওঁ লাভ কৰিছিল উষ্ম আদৰণি। তেওঁৰেই পুৰণি বিদ্যালয়খনত শিক্ষাৰ্থীসকলৰ সৈতে মনৰ ভাৱো বিনিময় কৰিছিল। তাৰেই মাজৰ কোনোবাই সুধিছিল তেওঁক, আপোনালোকৰ মানুহে আমাক কিয় ইমান বেয়া পায় প্ৰতুত্তৰত খান্না ডাঙৰীয়াই কৈছিল, প্ৰকৃততে আমাৰ দুয়োখন দেশৰ চৰকাৰেহে চাগৈ পৰস্পৰক বেয়া পায়, কিন্তু ক’তা সাধাৰণ মানুহেতো কেতিয়াও কাৰো প্ৰতি বেয়া ভাৱ পোষণ কৰি থকা নাই! ইয়াতো ,তাতো।
(৩) হুছেইনীৱালাৰ কথা
একান্তই ব্যক্তিগত ভ্ৰমণ অভিজ্ঞতা এটা ভগাই ল’বলৈ মন গ’ল। তিনি বছৰমানৰ আগতে বিভাগীয় প্ৰশিক্ষণ এটাৰ বাবে তিনি মাহ কাল নতুন দিল্লীত আছিলোগৈ। প্ৰশিক্ষণ কালত দেশৰ ভিন্ন প্ৰান্তৰ বহুতো সতীৰ্থ লগ পাইছিলোঁ। তাৰ ভিতৰত পাঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ হুছেইনীৱালা নামৰ ঠাইখনৰ নিৱাসী এজনো সতীৰ্থ হিচাপে পালোঁ যাৰ সৈতে প্ৰশিক্ষণৰ সময়চোৱাত আমাৰ যথেষ্ট অন্তৰংগতা গঢ়ি উঠিছিল। তেওঁৰেই নিমন্ত্ৰণ ক্ৰমে এদিন আমি হুছেইনীৱালাত তেওঁৰ ঘৰৰ অতিথি হোৱাৰ সৌভাগ্য হৈছিল। হুছেইনীৱালা হ’ল অমৃতসৰ চহৰৰ পৰা প্ৰায় এশ কিলোমিটাৰ নিলগৰ ভাৰত-পাকিস্তানৰ সীমামুৰীয়া পাঞ্জাৱ ৰাজ্যৰ এখন গাওঁ। মফচল চহৰ বুলিও ক’ব পাৰি। এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে মনোৰঞ্জনধৰ্মী হিন্দী চিনেমা বোৰত সততে দেখুওৱা পাঞ্জাৱৰ গাঁৱৰ যিখন প্ৰতিচ্ছবি, ধনে-ধানে উভৈনদী, নদন বদন শস্য-পথাৰ, আলহী-অতিথিৰ প্ৰতি গাওঁবাসীৰ যি অত্যুৎসাহী আদৰ-স্নেহ সেয়া ইমান দিনে চিনেমাৰ খাতিৰত সামান্য হ’লেও অতিৰঞ্জিত কৰি দেখুওৱায় বুলি ভাৱি আছিলোঁ। কিন্তু হুছেইনীৱালা নামৰ গাওঁ খনৰ অতিথি হৈহে গম পালোঁ পাঞ্জাৱী মানুহৰ আতিথ্য কেনেকুৱা ৰকমৰ। সুদুৰ ৰাজ্যৰ কোনোবা আমাৰ গাওঁ ফুৰিব আহিছে বুলি তেওঁলোকৰ যিহে উচাহ! সকলো আমাক লৈ ইমানেই ব্যতিব্যস্ত হৈ পৰিল যে সঁচাকৈ অভিভূত নহৈ নোৱাৰিলোঁ। উল্লেখযোগ্য যে স্বাধীনতা যুঁজাৰু শ্বহীদ ভগৎ সিঙৰ সমাধিও এই হুছেইনীৱালা নামৰ গাওঁখনতে আছে।
আমাৰ পাঞ্জাৱী সতীৰ্থ জনৰ মুখৰ পৰা দেশ বিভাজনৰ ভুক্তভোগী তেওঁলোকৰ গাঁৱৰে ভগনীয়া কিছু লোকৰ বহুতো অলিখিত কাহিনী শুনাৰ সৌভাগ্যও হ’ল। দেশৰ সীমামূৰীয়া সেই গাওঁখনৰ কোনো কোনো পৰিয়ালৰ আপোন কোনোবা বিচ্ছেদিত হৈ সীমাৰ সিপাৰে থাকি যোৱাৰ কৰুণ কাহিনীও শুনিৱলৈ পালোঁ। ইয়াৰ মাজতে ২০০০ চন মানত দুই দেশৰ চৰকাৰৰ সদিচ্ছাত নতুন দিল্লী আৰু লাহোৰৰ মাজত বাচ-সেৱাৰ প্ৰৱৰ্তন কৰা হৈছিল। তেতিয়া বিচ্ছেদিত কোনো কোনো পৰিয়ালৰ মাজত পুণৰ যোগাযোগো হেনো সম্ভৱ হৈছিল। ১৯৪৭ চনতে চিৰদিনৰ বাবে বন্ধ হৈ যোৱা ফিৰোজপুৰৰ পৰা লাহোৰমুখী ৰেলৰ আলিৰ অৱশেষ হুছেইনীৱালাত এতিয়াও স্মৃতিচিহ্ন হিছাপে সংৰক্ষিত হৈ আছে।