অনুবাদনিবন্ধ

এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ; অনুবাদ: অৰুণ কুমাৰ শৰ্মা

ষষ্ঠ অধ্যায় (খ : প্রথম অংশ)

নিৰাশাৰ গান

কিছু বছৰ পাছত এলবেৰ্টিনাই তেওঁলোকৰ ছাণ্টিয়াগোৰ দিনবোৰৰ কথা সুঁৱৰি কৈছিল, “যেতিয়া আমি দুয়ো এপাক ওলাই গৈছিলোঁ, তেওঁ ওৰে বাটে এটাও কথা নোকোৱাকৈ সম্পূৰ্ণ নীৰৱে গৈ থকা বাবে ময়ো মূক মৌন হৈ থাকিবলগীয়া হৈছিল।”

“কুৰিটা প্ৰেমৰ কবিতা” পুথিখন প্ৰকাশিত হোৱাৰ পাছৰ বছৰবোৰত সকলোৱে একমুখে স্বীকাৰ কৰিছিল যে নেৰুডাৰ   পঞ্চদশ কবিতাটো (Poem XV), বিংশতিতম (PoemXX) কবিতাটোৰ (আজি ৰাতি মই মোৰ বিষণ্ণতম কবিতাটো লিখিব পাৰোঁ) দৰে এটি জনপ্ৰিয় কবিতা। এলবেৰ্টিনাই নিজ মুখে কৈছিল যে, তাইৰ হেনো “তুমি শান্ত থাকিলেই মই তোমাক ভাল পাওঁ” নামৰ কবিতাটো বৰ প্ৰিয় আছিল। এই কবিতাটোৰ জৰিয়তে কবিয়ে তেওঁৰ প্ৰেমিকাৰ অবৰ্তমানক মহিমান্বিত কৰি সকলোৰে সম্মুখত দাঙি ধৰিছিল আৰু কবিতাৰ বক্তাজনে যেন বহু কষ্ট কৰি ব্যক্ত কৰিবলগীয়া হৈছিল যে তেওঁ আৰু তেওঁৰ প্ৰেমিকা আজি আৰু একেলগ হৈ থকা নাই। “কুৰিটা প্ৰেমৰ কবিতা”-ত, কেবাগৰাকী প্ৰেমৰ অধিষ্ঠাত্ৰী দেৱী থাকিলেও, এলবেৰ্টিনা আৰু টেৰিজা আছিল এইসকলৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী। পুথিখনৰ কবিতাবোৰত প্ৰেমিকাৰ কোনো অৱস্থিতি নাছিল যদিও, প্ৰতিটো কবিতাৰ স্তৱকে স্তৱকে কবিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰি প্ৰেমিকাক মাথোঁ আহ্বান জনোৱাহে পৰিলক্ষিত হৈছিল। টেৰিজাক সম্বোধন কৰি লেখাবোৰত মূৰ্ত হৈছিল গভীৰ বেদনাবোধ আৰু দিন যোৱাৰ লগে লগে টেৰিজাক হেৰুওৱাৰ তীব্ৰ বেদনাই কবি-হৃদয় মুচৰি দিছিল। ১৯২৩ চনৰ শেষৰ ফালে টেৰিজাৰ মাক-বাপেকে তাইৰ আশাত চেঁচাপানী ঢালিলত নেৰুডা-টেৰিজাৰে সম্পৰ্কৰ সিমানতে যতি পৰিছিল। উপায়ন্তৰ হৈ নেৰুডাই অন্তিমবাৰৰ বাবে তলত উল্লেখিত চিঠিখনেৰে তাইৰ মনৰ পৰিৱৰ্তন সাধিবলৈ চেষ্টা কৰিছিল :

“যদিহে ঈশ্বৰ আছে, মই ভবাৰ দৰে তোমাৰ জীৱনটো সুন্দৰ আৰু মধুময় হওক। আৰু মোৰ কথা ভাবিব নালাগে৷ সেইবোৰ বাদ দিয়া৷ এই পৃথিৱীত, হাজাৰ-বিজাৰ ৰাস্তাৰ মাজৰ কোনো এটি ৰাস্তাৰ ভাঁজত মই হেৰাই যাম। তেতিয়া তুমি যি পথেৰে গৈ থাকিবা, সেই পথ আৰু মোৰ হৈ নাথাকিব। মই বিচাৰিলেই তুমি আহি মোক নাপাবা, আৰু যদি মই কেতিয়াবা কাচিৎ আনন্দ লভোঁও, সেই আনন্দৰ ভাগ দি তোমাৰ মুখ উজলাবও নোৱাৰিম, কিন্তু কি ক’ম, কিমানেই যে ভাল পোৱা নাছিলোঁ তোমাক! ক’ব নোৱাৰোঁ, কিয়ইবা এই মহৎ প্ৰেমে আমাৰ এই বিচ্ছেদৰ শূন্যতাক পূৰাব পৰা নাই?

মই আৰু লিখিব নোৱৰা হৈছোঁ। শোকে মোৰ ডিঙি আৰু কলিজা মুচৰি দিছে। সকলো যেন শেষ! ক’বলৈ গ’লে, এতিয়া আৰু একো নাই, একো নাই, একো নাই” ~পাবলো।

“এয়া সঁচা, মই আৰু তাইক ভাল নাপাওঁ, কিন্তু কিমানেই যে ভাল পোৱা নাছিলোঁ তাইক”—এইদৰে তেওঁ তেওঁৰ বিংশতিতম কবিতাৰ (Poem XX) শেষৰ ফালে লিখি নিজৰ দৃঢ় প্ৰত্যয় ব্যক্ত কৰিছিল, ই যেন তেওঁৰ টেৰিজালৈ লিখা চিঠিখনৰ ভাষাৰেই অনুৰূপ। এনে মহাজাগতিক হতাশাই ছানি ধৰা মুহূৰ্তকে, তেওঁ ৰাতিৰ ভূদৃশ্য এটি বৰ্ণনা কৰাৰ জৰিয়তে তুলি ধৰিছিল তেওঁৰ   “বিষণ্ণতম কবিতা”-টোত (য’ত তেওঁ এই বুলিও লিখিছিল, “প্ৰেম খন্তেকীয়া, কিন্তু বিস্মৃতি অতিকে দীঘলীয়া।”) হয়তো তেওঁ তাইক তেতিয়াও ভাল পাই আছিল, যাক তেওঁ তেওঁৰ কবিতাটোৰ শেষৰ ফালে স্বীকাৰ কৰি লৈও, তাইক সমুলঞ্চে মনৰ পৰা পৰিহাৰ কৰাটোকে থিৰাং কৰিছিল :

“কাৰণ, এনে ৰাতিবোৰতেই
মই তাইক মোৰ দুবাহুৰে
সাৱটি ধৰিছিলোঁ,
তাইক হেৰুৱাই মোৰ
আত্মায়ো শান্তি পোৱা নাই
যদিও এয়া শেষবাৰৰ বাবে
তাই মোক যন্ত্ৰণাত ভুগাইছে,
তাইলৈ লিখা এইটোৱে মোৰ
অন্তিম কবিতা

তেওঁ তাইক হেৰুৱাব পাৰে, কিন্তু কবিতাই তেওঁৰ লগ এৰা নাই, যিয়েই নহওক কিয়, তেওঁৰ এতিয়াও শক্তি আছে, বিষণ্ণতম কবিতাটো লিখাৰ বাবে।

ইপিনে, নেৰুডাই এলবেৰ্টিনাকো এৰি দিয়া নাছিল। তাইৰ অবৰ্তমানত তেওঁ বিহ্বল হৈ পৰিছিল, কাৰণ, এলবেৰ্টিনায়ো হা না একোকে কোৱা নাছিল। গতিকে, তেওঁ বৰ বিমোৰত পৰিছিল। তেওঁ সেই সময়ত এলবেৰ্টিনালৈ লিখা চিঠিবোৰতেই তেওঁৰ ভাঙিচিঙি থানবান হোৱা মানসিকতা আৰু হতাশগ্ৰস্ত যন্ত্ৰণা পৰিস্ফুট হোৱা দেখা গৈছিল :

“যি কোনো এজন ব্যক্তিকে, কাঠচিতীয়া অন্তৰ এখনে গভীৰ হতাশাৰে দগ্ধ কৰিব পাৰে। তোমাৰ মাজত মই তাকেই (কাঠচিতীয়া অন্তৰ) আৱিষ্কাৰ কৰিছোঁ, কেৱল তোমাৰে মাজত, যি তুমি মোৰেই অঙ্গীভূত। হায়, মই মোৰ মূৰটো বেৰত খুন্দিয়াই নমৰো কিয়! তুমি ক’বা, এয়া অন্যায়, এয়া পাপ। নহয়, মুঠেও নহয়, এয়া হতাশগ্ৰস্ততা। তুমিয়েই মোৰ অন্তিম আশা। তুমি বুজা উচিত আৰু মোক ক্ষমাৰ চকুৰে চোৱা উচিত। তোমাৰ প্ৰতি আদিম বনৰীয়া প্ৰেমত মত্ত মই, তোমাৰ সুবিবেচনাৰ বাবেই বাট চাই আছোঁ। হে মোৰ দূৰাচাৰী নটীজনী, মই কি ভুল কৈছোঁ? তুমি যে দোষী, সেয়া কি  সঁচা নহয়? ভেকুলী, সাপ, মকৰা ক’ৰবাৰ, জহনীত যোৱাজনী! মই তোৰ নাক খামুচি চিৰাচিৰ কৰিম।”

তেওঁ তেওঁৰ স্বভাৱজাত বিনয়মিহলি আন্তৰিকতাৰে চিঠিখন সামৰিছিল এইদৰে : “হে মোৰ কুৰূপা নাককাটিজনী, মই যাচিছোঁ তোমাক মোৰ অবিৰত চুমা” ~পাবলো।

নেৰুডাৰ গভীৰ আসক্তিয়ে যে তেওঁৰ মনত নিষ্ঠুৰতাৰ উন্মেষ ঘটাইছিল, তাক তেওঁ লিখা প্ৰেমপত্ৰবোৰৰ পৰাই প্ৰতিপন্ন হৈছিল। একৈশ বছৰত ভৰি দিব ওলোৱা নেৰুডাৰ মনত সেই সময়ত এপিনে প্ৰেম আৰু ঘৃণা, আনপিনে প্ৰেমাস্পদক নিজৰ কৰি ল’ব নোৱৰাৰ হা-হুতাশে আশাভংগৰ বেদনাক তীব্ৰ কৰি তুলিছিল। এনে অৱস্থাত তেওঁ এটা আক্ৰোশী মন লৈ ১৯২৫ চনৰ এপ্ৰিলত প্ৰেয়সীলৈ লিখিছিল, “মই তোমাক উপৰ্যুপৰি চুমাৰে কুটি কুটি খাম।” অৱশ্যে সেই সময়ত তেওঁৰ এনে কঠিন অভিব্যক্তিৰ আন এটি কাৰণ আছিল সৰগৰ পৰীৰ দৰে মাহীমাকক হেৰুৱাই তেনেই নিঠৰুৱা হোৱাৰ যন্ত্ৰণা, যাৰ মূৰ্ত প্ৰকাশ ঘটিছিল তেওঁৰ প্ৰথমাৱস্থাত লিখা কবিতাবোৰত। নোপোৱাৰ বেদনাত আহত এক অস্থিৰ মনোভাবে তেওঁক সততে জুৰুলা কৰি ৰাখিছিল। সম্ভৱত এই ক্ষেত্ৰত তেওঁৰ আধাপেটি দুৰ্বল ৰুগীয়া শৰীৰ আৰু শিশুকালৰ পৰাই লগত লৈ অনা মেজাজী মনটোৰ অৰিহণাও কম নাছিল। সেয়েহে, কোনোবাই তেওঁৰ দেউতাকৰ দৰে কৰ্তৃত্বপৰায়ণ হৈ বিধিপথালিৰ সৃষ্টি কৰিলে তেওঁ খঙত অগ্নিশৰ্মা হৈছিল আৰু সেই বাবেই তেওঁৰ পূৰ্বৰ প্ৰেমিকা আৰু তেওঁলোকৰ মাকদেউতাকৰ বিৰুদ্ধে জাঙুৰ খাই উঠাৰ দৰে এলবেৰ্টিনাৰ দেউতাকৰ বিৰুদ্ধেও সোচ্চাৰ হৈছিল আৰু তেওঁৰ এনে অতিচাৰিতাৰ বাবে এলবেৰ্টিনাকে জগৰীয়া কৰিছিল।

এলবেৰ্টিনাই পাছত কৈছিল যে, ঘটনাই আনপিনে মোৰ নোলোৱা হ’লে আৰু সুদীৰ্ঘ দিন ধৰি আমি ইজনে সিজনৰ পৰা আঁতৰি থকাৰ পৰিস্থিতিৰ উদ্ভৱ নোহোৱাহেঁতেন, তেওঁ নেৰুডাকেই বিয়া কৰালেহেঁতেন। ইপিনে নেৰুডায়ো ছাণ্টিয়াগো এৰি কঞ্চেপচিওনলৈ গৈ যে এলবেৰ্টিনাক দেখা কৰিব, তাকো কৰা নাছিল। আনহাতে এলবেৰ্টিনাৰ ভায়েক তথা পাবলোৰ পৰম উপকাৰী বন্ধু ৰুবেনো সেই সময়ত কঞ্চেপচিয়নত নাছিল আৰু থকা হ’লে তেওঁ নিশ্চয় পাবলোক কঞ্চেপচিয়নত তেওঁৰ কোনো বন্ধুৰ সৈতে ৰখাৰ ব্যৱস্থা কৰিলেহেঁতেন, যাৰ ফলত, ভনীয়েকৰ স’তে পাবলোৰ মিলামিছাৰ পথ সুচল হ’ললেহেঁতেন। কিন্তু নেৰুডাই লৈছিল অন্য সিদ্ধান্ত। তেওঁ অন্তৰত ভকভককৈ জ্বলি থকা জুইকুৰা লৈয়েই তেওঁৰ “আনমনাজনীৰ“ মুখামুখি হোৱাৰ সলনি নিবিষ্টচিত্তে কবিতাৰ মাজত বুৰ গৈ নিজকে সাৰ্থক ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ সংকল্প লৈছিল। আৰু সেই মনোভংগীকেই তেওঁ ব্যক্ত কৰিছিল তেওঁৰ দ্বাৰা ৰচিত পঞ্চদশ কবিতাটোৰ পাতনিত এইদৰে : “তুমি শান্ত থাকিলেই মই তোমাক ভাল পাওঁ। এনে লাগে যেন তুমি এতিয়া ইয়াত নাছিলা”, কবিতাটো আৰু অগ্ৰসৰ হৈছে এইদৰে :

তুমি শান্ত থাকিলেই মই
তোমাক ভাল পাওঁ।
এনে লাগে যেন তুমি এতিয়া
গুচি গৈছা।
আৰু তুমি হৈ পৰিছিলা
ধাৰাল আৰু পখিলাৰ দৰে জেদী।
আৰু মোৰ মাতকথাই তোমাক
স্পৰ্শ নকৰিলেও
তুমি দূৰৈৰ পৰাই শুনিছিলা তাক।
আৰু সেয়েই মই
বিচাৰিছিলোঁ
শান্ত হৈ থাকিবলৈ
তোমাৰ নীৰৱতাৰ মাজত।

নেৰুডাৰ বিৰূপ প্ৰতিক্ৰিয়া আৰু উদ্বেগজনক আচৰণ সত্ত্বেও এলবেৰ্টিনাৰ কিন্তু তেওঁৰ প্ৰতি আকৰ্ষণ কমা নাছিল। ইপিনে নেৰুডাইও পূৰ্বৰ বদমেজাজ এৰি ক্ৰমান্বয়ে এক ৰসিক ব্যক্তিলৈ পৰিণত হৈছিল আৰু চমৎকাৰ চিন্তাৰ গৰাকী হৈ প্ৰতিভাৰ চমকেৰে যশ আৰু খ্যাতিৰ উচ্চ শিখৰত আৰোহণ কৰিব লৈ তেওঁৰ প্ৰজন্মৰ বাবে এক প্ৰহেলিকাময় কন্ঠস্বৰত পৰিণত হ’বলৈ ধৰিছিল। আনকি, ১৯২৫ চন মানত তেওঁ তেওঁৰ আপচু চেহেৰাটো হেৰুৱাই দেখনিয়াৰ এজন যুৱকত পৰিণত হৈছিল আৰু দেউতাকৰ দিনৰ পুৰণি ৰেলশ্ৰমিকৰ জেকেট আৰু বহল বাও থকা টুপীটো পৰিহাৰ কৰি এযোৰ সুন্দৰ ছুট পিন্ধি অমায়িক কথাবতৰাৰে এগৰাকী সুৰুচিসম্পন্ন ব্যক্তিলৈ ৰূপান্তৰিত হৈছিল।

ঘটনাক্ৰমে নেৰুডাই, মুক্তপ্ৰেমৰ পোষকতা নকৰা সেই সময়ৰ ৰক্ষণশীল সমাজ এখনৰ বিপৰীতে বাট বুলিবলগীয়া হৈছিল। আৰু তেওঁৰ এই সংগ্ৰামৰ সংগীনি হিচাবে পাইছিল লোৰা আৰিক, যিজনী তেওঁৰ “কুৰিটা প্ৰেমৰ কবিতা”-ৰ অন্যতম অধিষ্ঠাত্ৰী দেৱী হিচাবে প্ৰতিষ্ঠিত হৈছিল। তাই আছিল তিৰবিৰোৱা এক সুকোমল কান্তিৰ গৰাকীনি। কেঁকোৰা-কেঁকুৰি চুলিকোছাৰে তাইৰ নিমজ ছালখন আছিল চীনামাটিৰ দৰে আৰু হনুযুগল আছিল সুষমাযুক্ত। ডিয়েগো মুনোজৰ দৰে কিছুমানে তাইক সেই সময়ৰ বিখ্যাত অভিনেত্ৰী গ্ৰেটা গাৰ্বোৰ লগত ৰিজাইছিল। তাতে তাই আছিল, তীক্ষ্ণ বুদ্ধিমতী আৰু প্রত্যুৎপন্নমতিসম্পন্না।

১৯২১ চনত ছাত্ৰ ফেডাৰেচনৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বসন্তকালীন মহোৎসৱত লোৰা আৰিয়ে পোন-প্ৰথম বাৰৰ বাবে পাবলো নেৰুডাক লগ পাইছিল, যি অনুষ্ঠানত নেৰুডাই শ্ৰেষ্ঠ কবি হিচাবে বিজয় মুকুট অৰ্জন কৰিছিল। চৈধ্য বছৰীয়া লোৰাই উদ্দামপূৰ্ণ এই অত্যুত্তম বসন্তোৎসৱ, আদিৰ পৰা অন্তলৈকে উপস্থিত থাকি প্ৰাণ ভৰি উপভোগ কৰিছিল। তাতেই তেওঁ লক্ষ্য কৰিছিল, মিজিংমাজাংকৈ বঁটা ল’বলৈ মঞ্চলৈ আগবঢ়া নেৰুডাক।

দুবছৰমান পাছত, চিলি বিশ্ব বিদ্যালয়ৰ প্ৰধান হলঘৰত, প্ৰথম বাৰৰ বাবে নেৰুডাক কবিতা আবৃত্তি কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল। সেই সময়তে চিলিৰেই প্ৰতিষ্ঠান এটিত শিক্ষাবিজ্ঞান বিষয়ত অধ্যয়নৰত বায়েকৰ সৈতে লোৰাই উক্ত আবৃত্তি অনুষ্ঠান শুনিবলৈ গৈছিল। সিদিনা নেৰুডাৰ দুটা বিশেষ কবিতাই তাইৰ ফুল-কুমলীয়া হৃদয়তন্ত্ৰী উদ্বেলিত কৰিছিল। তাৰে এটি কবিতাৰ নাম আছিল “বিদায়” (Farewell)। কবিতাটোৰ আৰম্ভণি আছিল এনেকুৱা :  “তোমাৰ অন্তঃস্থলত, আঁঠু কাঢ়ি, / মোৰ দৰে, এটি বিমৰ্ষ শিশুৱে, আমাক নিৰীক্ষণ কৰে; মই ভাল পাওঁ নাৱিকৰ প্ৰেমক, / যিয়ে চুমা খায় আৰু আঁতৰি পৰে।” আনটো আছিল এলবেৰ্টিনাক উপলক্ষ কৰি লিখা Poem VI নামৰ এটি কবিতা, যিটোৰ প্ৰথম শাৰীকেইটা আছিল এনে ধৰণৰ :

যোৱাবেলি শৰতত দেখাৰ দৰে
মোৰ তোমালৈ মনত পৰে,
ছাই বৰণীয়া আছিল তোমাৰ টুপী
অন্তৰ আছিল শান্ত,
দুচকুৰ গভীৰত আছিল
ছয়াময়া পোহৰৰ ৰেঙনি
আত্মাত তোমাৰ শৰতৰ শুকান
পাতৰ পাকঘূৰণি।

সেই সময়ত লোৰা আৰি আছিল সোতৰ বছৰীয়া। তাই আবৃত্তিকাৰ পাবলোৰ মাতটো শুনি আচৰিত হৈছিল। সেয়া আছিল ৰাজহাঁহৰ দৰে, পেনপেনাই থকা বিননি গীতৰ দৰে। এলবেৰ্টিনাৰ দৰে লোৰাইও তাইৰ বন্ধু-বান্ধৱীবৰ্গৰ আগত পাবলোৰ মাতটো অনুকৰণ কৰি সকলোকে হহুঁৱাইছিল। তথাপি তাই ধৰি লৈছিল, এইযে নাকীসুৰীয়া মাতটো—ই নিশ্চয় তেওঁৰ ব্যক্তিত্বৰ অন্যতম বৈশিষ্ট্য, এনে লাগিছিল, ইয়াত যেন প্ৰীতিকৰ কিবা এটা সোমাই আছে।

লোৰাৰ দেউতাক এগৰাকী বিদগ্ধ লোক হোৱাৰ লগতে কবি হিচাবে অনুভূতিপ্ৰৱণ আৰু জনপ্ৰিয় আছিল। তেওঁ আছিল অদম্য শক্তিৰ গৰাকী আৰু লোৰাই কোৱাৰ দৰে প্ৰকৃতিৰাজ্যত ঘটা বিচিত্ৰ পৰিৱৰ্তনবোৰে তেওঁক বৰ আনন্দ দিছিল। সম্ভৱতঃ তেওঁৰ পৰাই তাই কলাকৈৱল্যবাদ সম্পৰ্কে নিগাজীকৈ ভালেখিনি ধাৰণা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল আৰু সেই বাবেই ছাণ্টিয়াগোৰ য’তেই আলোচনা সভা, বক্তৃতা অথবা আবৃত্তি অনুষ্ঠান, সংগীতানুষ্ঠান আৰু কলা প্ৰদৰ্শনী ইত্যাদি অনুষ্ঠিত নহৈছিল কিয়, তাতেই সেইবোৰ উপভোগ কৰাৰ বাবে তাই উপস্থিত হৈছিল।

১৯২৩ চনত লোৰাই তেতিয়া এখন নৰ্মাল স্কুলৰ তৃতীয় বাৰ্ষিকৰ আবাসিক ছাত্ৰী। লেটিন এমেৰিকাৰ বুকুত এনে স্কুলৰ প্ৰাদুৰ্ভাৱ তেতিয়াৰ দিনত এটা গুৰুত্বপূৰ্ণ ঘটনা, কাৰণ, এই স্কুলত ছোৱালীক প্ৰশিক্ষণ দি শিক্ষক বৃত্তিৰ বাবে উপযুক্ত কৰা হৈছিল (যদিও নাৰীৰ সামাজিক মৰ্যদা উন্নত কৰাৰ বাবে অকণো ধ্যান দিয়া হোৱা নাছিল)। স্কুলখনে কলা আৰু সাহিত্যৰ সক্ৰিয় পৃষ্ঠপোষকতা কৰিবলৈ গৈ সময়ে সময়ে লেখক, বুদ্ধিজীবী আৰু শিল্পীসকলক আমন্ত্ৰণ কৰিছিল, যাতে তেওঁলোকে সমজুৱাৰ আগত তেওঁলোকৰ সৃষ্ট ৰচনাসমূহৰ বিষয়ে বক্তব্য দাঙি ধৰিব পাৰে।

এবাৰ স্কুলখনত এটি কবিতা আবৃত্তিৰ অনুষ্ঠান পাতিবলৈ নিৰ্ণয় কৰি তালৈ নেৰুডাক মতাৰ সিদ্ধান্ত লোৱা হৈছিল। স্কুলৰ ডিৰেক্টৰ আৰু ফেকাল্টিৰ হৈ নিমন্ত্ৰণী চিঠিখন নেৰুডাৰ হাতত অৰ্পণ কৰাৰ দায়িত্ব পৰিছিল লোৰা আৰি আৰু তাইৰ সহপাঠী আগোষ্টিনা ভিলালোবোজৰ ওপৰত। সেই সময়ত, নেৰুডাই ৩৩০, এঞ্চৰেন ষ্ট্ৰীটৰ, জৰাজীৰ্ণ বৰ্ডিংহাউচৰ ক্ষুদ্ৰ কোঠা এটাত আছিল আৰু তেওঁৰ অৱস্থা ইমানেই কুলাইপাচিয়ে নধৰা বিধৰ আছিল যে তেওঁ  কমতকৈয়ো কম ভাড়াৰ অতি সাধাৰণ ঘৰ বিচাৰি লেতেৰা পৰিৱেশত থাকিবলগীয়া হৈছিল। লোৰা আৰু আগষ্টিনোই নেৰুডাক খাটিয়া এখনত সস্তীয়া তুলীৰ ওপৰত দীঘল দি পৰি থকা অৱস্থাত দেখিছিল। কোঠাটোত কিবাকিবি ভৰাই থব পৰা এটা পুৰণি বাকচ আছিল, যিটো ৰাতি টানি আনি টেবিল হিচাবে ব্যৱহাৰ কৰা হৈছিল। এইখনৰ ওচৰতে এখন চকী আছিল, যাক এদম কাপোৰে ঠাহ খাই হেঁচা মাৰি ধৰি ৰাখিছিল। এই যে যৎসামান্য আচবাব, সেয়াই আছিল তেওঁৰ সকলো। কাৰণ, ইতিমধ্যে বাকী আচবাববোৰ তেওঁ  তেওঁৰ “গধূলি লগণ” নামৰ কবিতা পুথিখন চপোৱাৰ বাবদ বিক্ৰী কৰি দিবলগীয়া হৈছিল।

লোৰা আৰু আগষ্টিনাই ভয়ে ভয়ে কোঠাটোত প্ৰৱেশ কৰাত, নেৰুডাই হাঁহিছিল আৰু পঢ়ি থকা কিতাপখন বস্তুবাহানিৰে দম হৈ থকা পুৰণি বাকচটোৰ ওপৰত থৈ নৱাগতা দুয়োজনীকে স্বাগত জনাইছিল। তেওঁলোকে কাৰ্নেছন ফুল এথোপাৰে নিমন্ত্ৰণী চিঠিখন তেওঁৰ হাতত তুলি দি অনুষ্ঠানৰ সবিশেষ সদৰী কৰিছিল। নেৰুডাইও তেওঁলোকৰ নামধাম, কোন গ্ৰেডত পঢ়ে আৰু ক’ত ঘৰ ইত্যাদি সুধিছিল। লোৰাই কৈছিল যে তেওঁৰ আচল ঘৰ ছাণ্টিয়াগোৰ পৰা দক্ষিণে প্ৰায় নব্বৈ মাইল দূৰৈত, এণ্ডিজ পৰ্বতমালা আৰু প্ৰশান্ত মহাসাগৰীয় উপকূলৰ মাজৰ চেন ফাৰ্ণাণ্ডো নামৰ শান্ত চহৰ এখনত অৱস্থিত। এই চহৰখন কলচাগুৱা নামৰ প্ৰদেশৰ অন্তৰ্গত। ইয়াৰে মাপুদুংগুন নামৰ ঠাইডোখৰ, “সৰু সৰু হ্ৰদৰ উপত্যকা“ বুলি সকলোৰে পৰিচিত। নামটো শুনিয়েই নেৰুডা বিচলিত হৈ পৰিছিল। লোৰাই আৰু কৈছিল যে দেশৰ ভিতৰতে এই অঞ্চলটো সাৰুৱা বুলি জনাজাত। লোৰাৰ আজোককাহঁতৰ তাত বৃহৎ ভূসম্পত্তি আছিল আৰু তাত তেওঁলোকে শস্যৰ পৰা পিয়াঁজলৈকে সকলো খেতি কৰিছিল। তেওঁলোকৰ পৰিয়ালটোৰ সৈতে যাতে কোনো অচিনাকি লোকৰ তেজৰ সম্পৰ্ক গঢ়ি নুঠে, সেই লৈ লোৰাৰ আজোআইতাক বৰ সচেতন আছিল; পৱিত্ৰ স্পেনীয় বংশোদ্ভূত বুলি তেওঁলোকে সৰ্বদাই মনত এটা গৰ্ব কঢ়িয়াই লৈ ফুৰিছিল। লোৰাৰ মাকৰ ধাৰণা কিন্তু এই ক্ষেত্ৰত পৃথক আছিল। তেওঁ বিচাৰিছিল, তেওঁৰ ছোৱালীবোৰে বিশ্বজনীন এখন চহৰত থাকি সাৰ্বজনীন শিক্ষা লাভ কৰক। সেই উদ্দেশ্যেৰে লোৰা আৰু তেওঁৰ বায়েকে (জেঠাকৰ ছোৱালী) ছাণ্টিয়াগোত থকা জেঠাকৰ প্ৰকাণ্ড ঘৰ এটাত থাকিব লৈছিল।

সেই ৰাতি, নেৰুডাৰ আৰু অধিক শুনাৰ হেপাঁহ আছিল যদিও ছোৱালী দুজনীৰ দৌত্যকৰ্ম শেষ হ’লত, তেওঁলোকে যাবলৈ ওলোৱাত সাক্ষাৎপৰ্বৰ তাতেই সামৰণি পৰিছিল। যিয়েই নহওঁক কিয়, নেৰুডাক কিন্তু ততালিকে লোৰাৰ অসামান্য সৌন্দৰ্যই বিমোহিত কৰিছিল। তেনেই চমু সাক্ষাৎপৰ্বৰ বাবে, লোৰা যে সচাঁকৈয়ে কিমান অন্তৰ্দৃষ্টিসম্পন্না আৰু ঔজ্বল্যৰে ভৰপূৰ আছিল তাক নেৰুডাই

মূল্যায়ন কৰিবৰ সময়কে নাপালে। তেওঁ আনকি এইটোও নুবুজিলে, লোৰাই কিদৰে যে তেওঁৰ জধলা সাজপোছাকৰ মাজত সোমাই থকা দেখনিয়াৰ মানুহজনক সুন্দৰকৈ আৱিষ্কাৰ কৰিব পাৰিছিল।

লোৰাৰ সৈতে এইযে চিনাকি, তাৰ পাছত নেৰুডাই সঘনে লোৰাই পঢ়া স্কুলখনলৈ গৈ বুৰঞ্জী শিক্ষয়িত্ৰী, মেৰিয়া মালাভাৰ ডে লেঙৰ কোঠাত বহিবলৈ লৈছিল, আৰু মেডামগৰাকীয়ে দুই তলাৰ পৰা ডাঙৰকৈ চিঞৰি লোৰাক মতাই আনি তেওঁৰ স’তে সাক্ষাৎ কৰাই দিছিল। এইদৰে ঘনিষ্ঠতা ক্ৰমশঃ বাঢ়ি যোৱাত দুয়োজনে স্কুলৰ বাহিৰতো লগালগি হ’বলৈ আৰম্ভ কৰিছিল। ইপিনে, লোৰাৰ আত্মীয় বয়সীয়াল মহিলা এগৰাকীয়ে তেওঁলোকৰ গতিগোত্ৰ লক্ষ্য কৰি আছিল। লোৰাৰ মাক-দেউতাকে স্বাভাৱিকতে নিজৰ গাভৰু ছোৱালীৰ লগত “জঘন্য যাযাবৰী কবি” এজনে মিলামিছা কৰাটো সমূলি পছন্দ কৰা নাছিল।

সেয়া আছিল ১৯২৩ চনৰ বসন্ত কালৰ কোনো এটি দিনৰ কথা। এলবেৰ্টিনাই ইতিমধ্যে কঞ্চেপচিয়নলৈ বুলি ৰাওনা হৈছিল। লোৰা-নেৰুডা সম্পৰ্কৰ বিষয়ে ইয়াৰ পাছত বিশেষ আৰু জনা নগৈছিল। নেৰুডাইও, লোৰাৰ ভাবীস্বামী, হোমেৰো আকিৰ লগত থকা তেওঁৰ বন্ধুত্বৰ প্ৰতি লক্ষ্য ৰাখি (যিজনে পৰৱৰ্তী কালত বিশ্বাসী সচিব হৈ তেওঁক সহায় কৰিছিল) এই সন্দৰ্ভত লিখালিখি কৰাৰ পৰা বিৰত আছিল। হোমেৰো আকিয়ে একনায়কত্বৰ নিষ্ঠুৰ অতিচাৰৰ সম্মুখীন হৈছিল আৰু ১৯৭৭ চনত তেওঁক পিনোছেত চৰকাৰৰ গুপ্তচৰে মূৰৰ খোলা টুকুৰাটুকুৰ কৰি ভাঙি হত্যা কৰিছিল। পাঁচ বছৰ পাছত, লোৰাই কিছু পৰিমাণে মুখ খুলি বৰ বিচলিত হৈ অতীত ৰোমন্থন কৰি কৈছিল : “সেয়া চমু সময়ৰ বাবে যদিও মই পেবলিতোক তীব্ৰভাৱে ভাল পাইছিলোঁ।”

১৯২৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে নেৰুডাই পুৱেৰ্টো ছেভিদ্ৰাৰ পৰা তেওঁৰ আদৰ্শ পুৰুষ কাৰ্লোছ

চাবাত ইৰকেষ্টিলৈ এইদৰে লিখিছিল, “এয়া মই মোৰ ‘কুৰিটা প্ৰেমৰ কবিতা আৰু এটি বিষাদৰ গান’ নামৰ পুথিখন লিখি শেষ কৰিলোঁ। সকলো ঠিকেঠাকে থাকিলে এইখন অহা এপ্ৰিল মাহত প্ৰকাশিত হ’ব।” হয়, অৱশেষত, কিতাপখন সাজু হৈছিল যদিও তেওঁ এজন প্ৰকাশক বিচাৰি আছিল। তেওঁ সচেষ্ট আছিল যাতে কিতাপখনে ব্যাপক সংখ্যক পঢ়ুৱৈৰ সমাদৰ লাভ কৰে আৰু আগৰ “গধূলি লগণ” কিতাপখনতকৈ অধিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ লক্ষ্য আছিল, প্ৰতিষ্ঠিত আৰু মৰ্যদাপূৰ্ণ প্ৰকাশক এগৰাকীয়ে তেওঁৰ  কিতাপখন ছপোৱাৰ দায়িত্ব লওঁক। তেওঁৰ বিশেষ আকাংক্ষা আছিল যে, ইমানদিনে গতানুগতিক কবিতাৰ ধাৰাৰ মাজত আবদ্ধ থকা পাঠকবৃন্দই তেওঁৰ কবিতাত সংযোজিত অগতানুগতিক নতুনত্ব আৰু স্পষ্ট ৰূপত প্ৰকাশিত লালিত্য আৰু নিভাঁজ  ছন্দময়তাক তেওঁলোকৰ প্ৰাৰম্ভিক বিস্ময় নেওচি বলিষ্ঠতাৰে আদৰি ল’ব।

এক অগ্ৰণী ধাৰাৰ বাহক হোৱাৰ উপৰিও কিতাপখন যাতে স্বকীয় বৈশিষ্ট্যেৰে ভৰপূৰ হয় তাৰ প্ৰতিও নেৰুডাই অতিশয় মনোযোগ দিছিল। বুকুলৈকে ওলমি পৰা হালধীয়া আৰু শুভ্ৰ দাড়িকোছাৰে বৃদ্ধ আগষ্টো উইণ্টাৰেও নিজৰ ঘৰ আৰু লাইব্ৰেৰীতে পাণ্ডুলিপিখন আদিৰ পৰা অন্তলৈকে টাইপ কৰি তেওঁক সহায় কৰিছিল। উইণ্টাৰৰ যি লাইব্ৰেৰীটোৰ কথা কোৱা  হৈছে, সেই লাইব্ৰেৰীটোতে, নেৰুডাই তেওঁৰ শৈশৱৰ কাহিলি পুৱাৰ বছৰবোৰত বহুতো কিতাপ পঢ়ি সাং কৰাৰ লগতে ইয়াৰ ওচৰে-পাঁজৰে উপকূলে-উপকূলে ভ্ৰমি জীৱনত পোন-প্ৰথমবাৰৰ বাবে সাগৰৰ মাহাত্ম্য আবিষ্কাৰ কৰিছিল। টাইপ কৰা আখৰবোৰত চকু ফুৰাই নেৰুডাই অতি উৎসাহেৰে কৈছিল যে এতিয়া ইয়াৰ পাতবোৰক মুগা বৰণীয়া বৰ্গাকাৰ কাগজেৰে মেৰিয়াই প্ৰকাশকৰ ওচৰলৈ নি এখন অনন্য কিতাপৰ জন্ম দিয়াহে কথা। উইণ্টাৰেও আনকি নেৰুডাৰ প্ৰবল অনুভূতিৰ স’তে হাত উজান দি, কিতাপখনৰ পাতবোৰৰ পাৰ্শ্বভাগ ঢৌ খেলা হ’লে বেয়া নাছিল বুলি পৰামৰ্শ আগ বঢ়াই  বয়োঃজ্যেষ্ঠ কবিজনে হাতকৰতখনেৰে পাতৰ দাঁতিত চাপ দি তাক সেইৰূপে ভাঁজ দিছিল।

নেৰুডাই প্ৰথম অৱস্থাত কাকতৰ মাননীয় সম্পাদকসকলক কিতাপখনৰ গুৰুত্ব সম্পৰ্কত পতিয়ন নিয়াবলৈ চেষ্টা কৰি বিফল হৈছিল আৰু এই  উপেক্ষাক তেওঁ তেওঁলোকৰ ব্যক্তিগত অহমিকা বুলি ধৰি লৈছিল। যিগ-যেগ (Zig-zag) কাকতৰ সঞ্চালক আৰু সম্পাদক কাৰ্লছ একুনাই তেওঁৰ কিতাপখন ছপাবলৈ অস্বীকাৰ কৰাত তেওঁ পাণ্ডুলিপিখন কাৰ্লছ জৰ্জ নেছিমেন্তোলৈ পঠিয়াইছিল। পৰ্তুগালৰ পৰা আহি চিলিত অভিবাসী হিচাবে থিতাপি লোৱা নেছিমেন্তোৱে ১৯১৭ চনত ছাণ্টিয়াগোত এখন কিতাপৰ দোকান কিনি লৈছিল আৰু তাৰ মালিক হোৱাৰে পৰা এই দোকানখন লেখক, সমালোচক আৰু অন্যান্য বুদ্ধিজীৱীসকলৰ বাবে আড্ডাস্থলীত পৰিণত হৈছিল, য’ত সাহিত্যৰ গতি-প্ৰকৃতি সম্পৰ্কে সৰৱ আলোচনা হৈছিল। পৰৱৰ্তী সময়ত নেছিমেন্তোৱে প্ৰকাশক হিচাপে প্ৰতিষ্ঠা লভাৰ উপৰিও চিলিৰ সাহিত্যৰ বুৰঞ্জীত অন্যতম নামজ্বলা সম্পাদক হিচাবে জনাজাত হৈছিল। এইজনা নেছিমেন্তোৱেও আন আন প্ৰকাশকৰ দৰে নেৰুডাৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছিল।

“ইজনেও কয় দুঃখিত, সিজনেও কয় দুঃখিত”, নেৰুডাই পেড্ৰো প্ৰেডোলৈ এইদৰে লিখি কৈছিল, “হায়, মইযে কি বেয়া মানুহ!” সেই সময়ত নেৰুডাৰ নিজৰ ৰচনা সম্পৰ্কে ধাৰণা আছিল লক্ষ্যণীয়: তেওঁ ইয়াৰ উন্নত মান সম্পৰ্কে দ্বিধাহীনভাবে নিশ্চিত আছিল আৰু সেয়েহে এক আকোঁৰগোজ মনোভাব লৈ তেওঁৰ উচ্চ পৰ্যায়ৰ সাহিত্যিক অভিলাষ চৰিতাৰ্থ কৰাৰ বাবে দৃঢ় সংকল্পিত হৈছিল। নিজৰ মহানতা সম্পৰ্কে তেওঁৰ আছিল অত্যধিক আত্মবিশ্বাস আৰু ইয়াক প্ৰতিপন্ন কৰাৰ বাবে তেওঁ চালিত হৈছিল দুৰ্বাৰ আকাংক্ষাৰে, দৃঢ় বিশ্বাস বুকুত বান্ধি, আৰু এই অদম্য শক্তিয়েই তেওঁক আজীৱন অগ্ৰগতিৰ উন্নত শিখৰলৈ ধাৱিত কৰিছিল। যি কোনো ক্ষেত্ৰতে দাঁত কামুৰি লাগি থকাৰ যি দৃঢ়তা আৰু অধ্যৱসায়, সেয়া আছিল নেৰুডাৰ জীৱনৰ উল্লেখযোগ্য বৈশিষ্ট্য। সেয়েহে, দেউতাকৰ অপমানজনক বিৰোধিতা স্বত্তেও তেওঁ বিবেকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ পথ নিৰ্ণয় কৰি আগুৱাই যাব পাৰিছিল।

পেড্ৰো প্ৰেডো এতিয়া আৰু সৌ তাহানিতে নেৰুডাই টেমুকোত লগ পোৱাজন হৈ থকা নাছিল। তেওঁ এগৰাকী প্ৰখ্যাত কবি হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁ নেৰুডাৰ এনে অৱস্থা দেখি সহানুভূতিশীল হৈ নেছিমেন্তোক কিতাপখন ছপাবলৈ নেৰানেপেৰাকৈ ছাপ দিছিল। তাৰ উপৰি, চিলিৰ অন্যতম অগ্ৰণী ঔপন্যাসিক আৰু নেচিমেন্তোৰ পৰামৰ্শদাতা এডুৱাৰ্ডো বেৰিওছেও নেৰুডাৰ হকে তেওঁক বুজনি দি এইদৰে কৈছিল, “বৰ নিৰ্জু আৰু স্বল্পভাষী যুৱক এজনে, পাবলো নেৰুডা ছদ্মনামেৰে, তোমাক লগ কৰিবলৈ গৈ আছে। জানি থবা, তেওঁ অদূৰ ভৱিষ্যতে এজন বিখ্যাত কবি হ’বলৈ গৈ আছে। মই নিশ্চিত যে, তেওঁ আমাৰ সকলোৰে সম্মুখত আলোচনাৰ চমক সৃষ্টি কৰিব পৰাকৈ বিষয়বস্তুৰ অৱতাৰণা কৰিবলৈ গৈ আছে। তেওঁৰ প্ৰতি সদয় হ’বা।”

প্ৰকাশকৰ অফিচ তথা কিতাপৰ দোকানখনৰ ক্ষুদ্ৰ পৰিধিৰ ভিতৰত নেৰুডা আহি ঠিয় দিয়াত, তেওঁক নেছিমেন্তোৰ তুলনাত নিতান্তই বিবৰ্ণ আৰু খীণ লাগিছিল। নেৰুডাই তেনেই কম কথা কৈছিল যদিও, তাতেই তেওঁৰ সূক্ষ্ম ৰুচিবোধৰ উমান নেছিমেণ্টোৱে পাইছিল। এই বিষয়ে পাছত প্ৰকাশকজনে স্বীকাৰোক্তি দি কৈছিল যে, তেওঁ নেৰুডাৰ কথা নুবুজিলেও, নেৰুডাই তেওঁক বিশ্বাসযোগ্যভাৱে পতিয়ন নিয়াব পাৰিছিল। নেছিমেণ্টোৱে কিছুবছৰ পাছত এই অধ্যায়ক পুনৰ সুঁৱৰি কৈছিল যে, “নেৰুডাই তেওঁৰ দুৰ্বল অবয়ৱ আৰু অমায়িক” প্ৰকৃতিৰে তেওঁৰ বাট মোকলাই আগ বাঢ়ি যাব পাৰিছিল। নেৰুডাই যে কেৱল সংকলিত কবিতাবোৰৰ নিহিত গুণাৱলী সম্পৰ্কে নেছিমেন্তোক বুজাবলৈ যে সক্ষম হৈছিল এনে নহয়, আনকি তেওঁ বিচৰাধৰণে কিতাপখন অগতানুগতিকভাৱে ডাঙৰ আৰু বৰ্গাকাৰ আকৃতিৰে প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তাৰ দিশটোও তেওঁক সঠিককৈ বুজাব পাৰিছিল। তেওঁ ইয়াকো কৈছিল যে কিতাপখনত ব্যৱহৃত কাগজ ননষ্টেণ্ডাৰ্ড চাইজৰ হোৱা বাবে নিশ্চয় ব্যয়বহুল হ’ব। সেই সময়ত, বৰ্গাকাৰ আকৃতিৰ কবিতাপুথিবোৰে যেন সৰুসুৰা বিপ্লৱৰ সৃষ্টি কৰিছিল। ইবোৰে যেন কিতাপৰ দোকানে দোকানে শোভা কৰি গতানুগতিক সাহিত্য আৰু ক্ষুৰধাৰ কবিতাৰ মাজৰ প্ৰভেদটোক আকাৰে ইংগিতে দাঙি ধৰিছিল। যিয়েই নহওঁক, ১৯২৪ চনৰ জুন মাহত নেৰুডাই কুৰি বছৰত ভৰি দিয়াৰ এমাহ পূৰ্বে, তেওঁৰ বহু প্ৰত্যাশিত কিতাপখন ছপা হৈ ওলাইছিল। নেছিমেন্তোৱে প্ৰাথমিক পৰ্যায়ত কিতাপখনৰ বোধহয় পাঁচশ কপিতকৈয়ো কম কপি ছপা কৰি উলিয়াইছিল। কিন্তু নেৰুডাই যেতিয়া প্ৰেছৰ পৰা এইমাত্ৰ ওলোৱা ডাঠ বেটুপাতৰ বিৰান্নবৈ পৃষ্ঠাৰ মলমলীয়া গোন্ধেৰে ভৰা কিতাপখন হাতত তুলি লৈছিল, তেওঁৰ অন্তৰ বিশ্ব বিজয়ৰ এক বিপুল আনন্দত ধপধপাব ধৰিছিল। তেওঁতো এইখন কিতাপক জনম দিয়াৰ বাবেই তেওঁৰ চালুকীয়া জীৱনৰ ভালেখিনি সময় নিয়োজিত কৰিছিল, আৰু যিখনৰ কবিতাবোৰ তেওঁ প্ৰায় এটা দশক জুৰি গৰ্ভত ধাৰণ কৰি লালন পালন কৰিছিল। তেওঁৰ নিজৰ ভাষাত, “সৃষ্টি, সৃষ্টি—এয়াই আছিল মোৰ সংকল্প, মই শব্দবোৰক সজাইপৰাই আলোকিত কৰিব বিচাৰিছিলোঁ।”

তেওঁ তাকেই কৰি দেখুৱাইছিল। এইখন যে কেৱল এখন যৌৱনোদীপ্ত কবিতাপুথি সেয়া নহয়। তেওঁৰ মতে এইখন এনে এখন “বাস্তৱধৰ্মী” কবিতাৰ কিতাপ, যিখনক সেই একেটা প্রেছে ছপা কৰাৰ লগতে, সেই একেই বছৰতে চিলিত পোন-প্ৰথমবাৰৰ বাবে তেওঁৰ পুৰণি পৰামৰ্শদাতাকাৰী গেব্ৰিয়েলা মিষ্ট্ৰেলৰ দ্বাৰা ৰচিত কিতাপ এখনো ছপা কৰি উলিয়াইছিল।

এই কবিতাপুথিখনত নেৰুডাই গীতিময় ৰোমাণ্টিকতাৰ আৰ্হি প্রয়োগ কৰি সঁচা অৰ্থত শব্দবোৰক বিপ্লৱীধৰণে প্ৰজ্বলিত কৰি আবেগ আৰু চিত্ৰকল্পৰ অভূতপূৰ্ব সমাহাৰ ঘটাবলৈ সক্ষম হৈছিল। সৃজনশীলতাৰ ক্ষেত্ৰত তেওঁৰ এই যে “আটাইতকৈ ডাঙৰ উল্লম্ফন”, সেয়া সম্ভৱ হৈছিল একমাত্ৰ তেতিয়াহে, যেতিয়া তেওঁ তেওঁৰ লেখাৰ পৰা চাবাত ইৰকেষ্টিৰ অনুৰণনক সম্পূৰ্ণৰূপে পৰিহাৰ কৰিছিল। তেওঁ ইৰকেষ্টিৰ শৈলীৰ পৰা নিজকে আঁতৰাই নিজস্ব উদ্ভাৱনী শক্তিৰে এক নতুন শৈলীৰ সৃষ্টি কৰিছিল। সেই সময়ত, গড্ডালিকা প্ৰৱাহক নেওচি এক নতুন দিশৰ পিনে ধাৱমান হোৱাতো বৰ সহজসাধ্য আছিল। কিন্তু নেৰুডাই পংকিলতাৰ মাজত নিজকে আবদ্ধ নাৰাখি  আত্মঅহংকাৰক জলাঞ্জলি দি পুৰণি কবিতাবোৰক ড্ৰৱাৰৰ ভিতৰত তলা লগাই থৈছিল, আৰু উন্নতিৰ সোণালী সোপান ৰচি আগুৱাই গৈ জয়লাভ কৰিছিল।

আৰম্ভণিৰে পৰা কিতাপখনে সাহিত্যিক মহলত বেছ আলোড়ণৰ সৃষ্টি কৰিছিল। নেৰুডাৰ প্ৰজন্মৰ বাবে, এই কিতাপখন আছিল, এক যুগপৎ সাংস্কৃতিক ঘটনাৰ সাক্ষী, যিখনে লেটিন এমেৰিকাৰ বুকুত ইমানদিনে প্ৰচলিত পৰম্পৰাগত কবিতাৰ গাঁথনি আৰু ধাৰাৰ বিপৰীতে গৈ, ব্যতিক্ৰমী ৰূপত নতুনকৈ স্বাধীনচিতীয়া মন লৈ, মাৰাত্মকভাৱে সুন্দৰ শব্দচয়ন সংযোগ কৰি অভিনৱত্বৰ সূচনা কৰিব পাৰিছিল। ছাত্ৰসমাজৰ চিত্তক এই কিতাপখনে বিশেষকৈ আলোড়িত কৰিছিল। আনকি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰসকলেও ইয়াক পঢ়া দেখা গৈছিল। কিছুমানে আকৌ ইয়াৰ কবিতাবোৰ বাৰে বাৰে পঢ়িও ক্ষান্ত হোৱা নাছিল। তেওঁলোকে ভোজন বিৰতিৰ সময়ত বন্ধুবৰ্গৰ সৈতে মিলিত হৈ ডাঙৰ ডাঙৰকৈ সেইবোৰ আওৰাইছিল, অথবা  সূৰ্যাস্তৰ সময়ত ইয়াৰ স্তৱকবোৰ অকলে অকলে গুণগুণাইছিল। নেৰুডাৰ বন্ধুবৰ্গ আৰু আন আন বহুতৰ, অতি সোনকালে  কবিতাবোৰৰ বেছিভাগেই কণ্ঠস্থ হৈছিল। শীঘ্ৰে থিয়েটাৰ হল, প্ৰেক্ষাগৃহ আৰু অন্যান্য ৰাজহুৱা স্থানত কবিতাবোৰ আবৃত্তি হ’বলৈ ধৰিছিল আৰু মানুহে প্ৰাণভৰি সেইবোৰ উপভোগ কৰিছিল আৰু অনতিপলমে নেৰুডাৰ “কুৰিটা প্ৰেমৰ কবিতা”-ৰ কবিতাবোৰ গীতিনাট্য হিচাবে সংগীতশিল্পী আৰু আবৃত্তিকাৰসকলে নিয়মিতভাৱে প্ৰেক্ষাগৃহসমূহত হাজাৰ হাজাৰ দৰ্শকৰ সম্মুখত অনুষ্ঠিত কৰিবলৈ লৈছিল।

এইখনেই এখন চিত্ত আলোড়ণকাৰী কিতাপ যিখনে এটি নতুন যুগৰ সূচনা কৰিছিল আৰু এক নতুন যুগৰ বুকুতে ইয়াৰ সৃষ্টি হৈছিল। যি প্ৰজন্মৰ কথা আলোচনা কৰা হৈছে, সেই প্ৰজন্মৰ যুৱকসকলে, এই কবিতাবোৰৰ মাজতে আপোন সত্তাক আৱিষ্কাৰ কৰি নিজকে চিনিব পাৰিছিল। তেওঁলোকে কিতাপৰ পাতে পাতে উন্মেষ ঘটা প্ৰেমৰ সৈতে একাত্ম হৈছিল। তাহানিৰ সেই বছৰবোৰত, যুৱতীসকলেও সামাজিক কামকাজত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিছিল। ১৯২০ চনৰ কালছোৱাত, পৃথিৱীৰ বিভিন্ন প্ৰান্তত যৌন-স্বাধীনতাৰ দাবীয়ে এক বিশেষ ৰূপ পৰিগ্ৰহণ কৰিছিল আৰু সেই সময়তে প্ৰকাশিত এই কিতাপখনে চিলিৰ যুৱকসকলক যেন উত্থিত বিপ্লৱী চেতনাৰ সপক্ষে বাঙ্ময় কৰি তুলিছিল।

নেৰুডাৰ জনপ্ৰিয়তা তুংগত উঠিছিল। কুৰিটা প্ৰেমৰ কবিতাই সৃষ্টি কৰা আলোড়ণে, নাৰীসমাজৰ মাজতো তেওঁক বৰ্দ্ধিত আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিছিল, ফলত নতুন নতুন প্ৰেমৰ অধিষ্ঠাত্ৰী দেৱী আহি ধৰা দিয়াৰ বিপুল সম্ভাৱনীয়তাই তেওঁৰ সম্মুখত দেখা দিছিল। ছাত্ৰকৰ্মী যোচ চেন্তোচ গঞ্জালেজ ভেৰাই লিখিছিল যে নাৰীসকলে তেওঁৰ কবিতা পঢ়িছিল আৰু “থিতাতে তেওঁৰ পৰা নিজৰ নিজৰ পছন্দ অনুযায়ী স্মাৰকচিহ্ন বিচাৰিছিল।” এনে পৰিস্থিতিত, এই সমগ্ৰ কালছোৱাত কবি নেৰুডাই নাৰীসকলৰ সৈতে সান্নিধ্য উপভোগ কৰিলেও, তেওঁৰ মনোযোগ কিন্ত কেৱল এলবেৰ্টিনা আৰু লোৰাৰ প্ৰতিহে নিবদ্ধ আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *