ডায়েবেটিছ ৰোগৰ হাতপুথি (অষ্টম অংশ) ।। ডা: কুঞ্জন শইকীয়া
হাইপ’গ্লাইছেমিয়া
শৰীৰত গ্লুকজৰ মাত্ৰা একেবাৰে কম হৈ যোৱা অৱস্থাক কোৱা হয় হাইপ’গ্লাইছেমিয়া। ডায়েবেটিছ ৰোগীৰ বাবে ই এক জৰুৰীকালীন অৱস্থা। হঠাৎ গ্লুকজৰ মাত্ৰা কমি গৈ এজন ব্যক্তি অচেতন হৈ পৰিব পাৰে আৰু আনকি অকস্মাৎ মৃত্যুৰ সম্ভাৱনাও থাকে। এই গুৰুতৰ কিন্তু সহজে চিকিৎসা কৰিব পৰা পৰিস্থিতিৰ বিষয়ে সকলো ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ লোকেও জ্ঞাত হোৱাটো বৰ প্ৰয়োজনীয়। চিকিৎসকে ডায়েবেটিছ ৰোগৰ চিকিৎসা কৰোঁতে সদায় চেষ্টা কৰে যাতে গ্লুকজৰ মাত্ৰা যিমান দূৰ সম্ভৱ নিয়মীয়া কৰি ৰাখিব পৰা যায়। তাকে কৰাৰ বাটত প্ৰধান বাধা হৈ দেখা দিয়ে হাইপ’গ্লাইছেমিয়া। যিমানে বেছিকৈ গ্লুকজৰ আদৰ্শ পৰিমাণৰ ওচৰ চাপিবলৈ চেষ্টা কৰা হয় সিমানে হাইপ’গ্লাইছেমিয়া হোৱাৰ আশংকা সমানে বাঢ়ি যায়।
গ্লুকজ কমাৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি হাইপ’গ্লাইছেমিয়াক তিনি ভাগত ভাগ কৰা হয়— LEVEL 1, LEVEL 2 আৰু LEVEL 3। গ্লুকজৰ মাত্ৰা ৭০ মি.গ্রা./ডে.লি.-তকৈ কম হ’লে তাক গ্লুকজৰ মাত্ৰা বেছিকৈ কম হোৱা বা হাইপ’গ্লাইছেমিয়া বুলি কোৱা হয়। ৭০ মি.গ্রা./ডে.লি.-তকৈ কম কিন্তু ৫৪ মি.গ্রা./ডে.লি. বা তাতোকৈ বেছি গ্লুকজৰ মাত্ৰা থাকিলে সেয়া LEVEL 1 হয়। ৫৪ মি.গ্ৰা./ডে.লি. তলৰ গ্লুকজৰ মাত্ৰা হ’লে তাক LEVEL 2 বুলি কয়। সবাতোকৈ গুৰুতৰ হ’ল গ্লুকজ ৫৪ মি.গ্ৰা./ডেলি.ৰ তলত থকা আৰু ৰোগীয়ে সেই অৱস্থাৰ পৰা গ্লুকজক বঢ়াই নিয়মীয়া কৰিবলৈ আনৰ সহায়ৰ প্রয়োজন হোৱা। পাঠকে এই কথা বুজোতে অলপ অসুবিধা পাব পাৰে। হাইপ’গ্লাইছেমিয়াৰ চিকিৎসা হ’ল তৎক্ষণাত শৰীৰত গ্লুকজৰ মাত্ৰা বঢ়াব পৰাকৈ মিঠা বস্তু খাই দিয়া। LEVEL 1 আৰু LEVEL 2-ৰ গ্লুকজৰ লক্ষণসমূহৰ পৰা গম পাই ৰোগীয়ে গ্লুকজ থকা বস্তু খাই সেই অৱস্থাৰ পৰা সকাহ পায়। LEVEL 3-ত ৰোগীৰ অৱস্থা ইমান বেয়া হয় যে নিজে তেনে বস্তু খাই দিয়াৰ হিতাহিত জ্ঞান নেথাকে আৰু বেলেগৰ সহায়ৰ প্ৰয়োজন হয়।
হাইপ’গ্লাইছেমিয়া বিপজ্জনক। আনহাতে ডায়েবেটিছৰ চিকিৎসা প্ৰক্ৰিয়াত ৰোগীয়ে এই অৱস্থাৰ সন্মুখীন প্রায় হ’বলগীয়া হয়েই। সেয়ে হাইপ’গ্লাইছেমিয়া হোৱাৰ পৰা বাধা দিয়াৰ বাবে ৰোগীসকল সাৱধান হ’ব লাগে ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
গ্লুকজৰ মাত্ৰা কমি যোৱাৰ বাবে শৰীৰত দুইধৰণে তাৰ প্ৰভাৱ পৰে— এটা হ’ল NEUROGENIC RESPONSE অর্থাৎ কমি যোৱা গ্লুকজে AUTONOMIC NERVOUS SYSTEM-ক সক্রিয় কৰি তোলে আৰু তাৰ ফলত হাত-ভৰি কঁপা, বুকু ধপধপোৱা, হঠাৎ ঘামি যোৱা, উদ্বিগ্নতা, ভোক লগা, বমি বমি লগা আৰু জিনজিনোৱা আদি লক্ষণে দেখা দিয়ে। ইয়াৰ পাছত গ্লুকজ আৰু তললৈ গ’লে যি অৱস্থাৰ সৃষ্টি হয় সেয়া হ’ল NEUROGLYCOPENIC SYMPTOMS। ইয়াত মগজুৰ কোষসমূহ গ্লুকজৰ অভাৱত পৰে আৰু ভুল কথা কোৱা, অত্যাধিক টোপনি, মূৰৰ বিষ বা মূৰ ঘূৰোৱা, চকুৰে ভালকৈ নেদেখা আদি লক্ষণ হয়। LEVEL-3 ত এই লক্ষণসমূহে দেখা দিয়ে। এই সময়ত গ্লুকজৰ বঢ়োৱাৰ বাবে চিকিৎসা নেপালে ৰোগী অচেতন হৈ পৰিব পাৰে। সকলো ডায়েবেটিছ ৰোগীয়ে সেইবাবে এই সকলো লক্ষণৰ বিষয়ে ভালদৰে জানিব লাগিব যাতে সময়মতে তাৰ চিনাক্ত কৰি তৎক্ষণাত ব্যৱস্থা ল’ব পাৰে। কেইবাটাও কাৰণত ৰোগীৰ দেহত গ্লুকজৰ মাত্ৰা কমিব পাৰে। তাৰে ভিতৰত সচৰাচৰতে এইকেইটা কাৰণ দেখা পোৱা যায় :
(ক) ঔষধ বা ইনচুলিনৰ পৰিমাণ প্ৰয়োজনতকৈ বেছি হোৱা।
(খ) খোৱা-বোৱাৰ সময়ৰ লগত হেৰ-ফেৰ হোৱা, অৰ্থাৎ সদায় খোৱা সময়তকৈ দেৰিকৈ খোৱা বা আহাৰ সদায় যি পৰিমাণৰ খোৱা হয় তাতকৈ কম খোৱা।
(গ) ব্যায়ামৰ পাছত গ্লুকজ কমা।
(ঘ) এলকহলে গ্লুকজ কমায়, গতিকে এলকহলৰ অত্যধিক ব্যৱহাৰৰ লগতে অনিয়মীয়া খাদ্য গ্রহণ কৰা।
(ঙ) লিভাৰ বা বৃক্কৰ ৰোগত ভোগা।
(চ) বয়স্ক লোকৰ ক্ষেত্ৰত এয়া বেছিকৈ দেখা যায়।
এটা কথা মনত ৰাখিবলগীয়া যে যাৰ ডায়েবেটিছ ৰোগ বহুদিনৰ পৰা আছে তেওঁলোকে হাইপ’গ্লাইছেমিয়াৰ যি লক্ষণসমূহ থাকে সেয়া গম নেপাব পাৰে। ইয়াক কোৱা হয় HYPOGLYCAEMIC UNAWARENESS। এয়া অতি বিপজ্জনক কথা, কাৰণ গম নোপোৱাৰ বাবে ৰোগীয়ে যি আত্মৰক্ষামূলক খাদ্য গ্রহণ কৰিব লাগে সেয়া কৰিব লাগে বুলি সংকেত নেপায় আৰু সেয়ে হঠাৎ অজ্ঞান হৈ পৰা, মৃগী বেমাৰৰ দৰে হোৱা আদিৰ পূৰ্ণ সম্ভাৱনা থাকে। নিজৰ গ্লুকজৰ মাত্ৰা ঘনাই চাই থকা আৰু সাৱধানতা অৱলম্বন কৰাই ইয়াৰ উপায়।
বহু লোকৰ শুই থকা সময়তো গ্লুকজ কমি যাব পাৰে। টোপনিত থকাৰ বাবে এনে লোকে লক্ষণসমূহ গম নেপায়। কিন্তু কিছুমান কথাৰ পৰা এই কথাৰ উমান পাব পাৰি যেনে ৰাতি বেয়া সপোন দেখা, ৰাতিপুৱা বিচনাৰ চাদৰ বা নিজৰ কাপোৰ-কানি তিতি থকা অৱস্থাত পোৱা আৰু খুউব মূৰৰ বিষ হোৱা আদি। ৰাতি বেলেগ কাৰোবাক গ্লুকজৰ মাত্ৰা পৰীক্ষা কৰিবলৈ দায়িত্ব দিয়া বা নিজে সাৰ পালে তৎক্ষণাত গ্লুকজৰ পৰীক্ষা কৰি এই বিষয়ে নিশ্চিত হ’ব পাৰি।
হাইপ’গ্লাইছেমিয়াৰ চিকিৎসা প্ৰত্যেকজন ৰোগীয়ে জানিব লাগিব৷ গ্লুকজ কমি যোৱাৰ পৰা বঢ়াবলৈ কৰা এই চিকিৎসাক ১৫-১৫ নিয়ম বুলি কোৱা হয়। গ্লুকজ কম আছে বুলি গম পোৱাৰ লগে লগে ১৫ গ্রাম গ্লুকজ খাই দিব লাগে। এই ১৫ গ্রাম গ্লুকজ তলত দিয়াধৰণে পাব পাৰিঃ
৩ চাহ চামুচ চেনি
এক টেবুল চামুচ মৌ-জোল
৫-টা ছুগাৰ কিউব
১৫০ মি.লি. ফলৰ ৰস বা শীতল পানীয়
১৫ গ্ৰামৰ গ্লুকজ টেবলেট
এইদৰে ১৫ গ্রাম গ্লুকজ খোৱাৰ ১৫ মিনিট পাছত পুনৰ পৰীক্ষা কৰি চাব লাগে যে গ্লুকজৰ মাত্ৰা নিয়মীয়া হৈছেনে নাই। যদি পুনৰ গ্লুকজ কম পোৱা যায় তেন্তে আকৌ ১৫ গ্রাম খাই দিব লাগে। এনে কৰাৰ পাছতো গ্লুকজ নেবাঢ়িলে চিকিৎসকৰ সহায় ল’ব লাগে।
এবাৰ গ্লুকজৰ মাত্ৰা নিয়মীয়া হোৱা পাছত পাতলীয়া আহাৰ গ্ৰহণ কৰিব লাগে বা যদি মুখ্য আহাৰ খোৱাৰ সময় হৈছে তেন্তে সেয়া খাই দিব লাগে যাতে গ্লুকজৰ মাত্ৰা পুনৰ কমি নেযায়।
এবাৰ হাইপ’গ্লাইছেমিয়া হোৱাৰ পাছত সেই সময়ত ব্যৱহাৰ কৰি থকা ঔষধ বা ইনচুলিনৰ পৰিমাণৰ পুনৰ সালসলনি কৰাৰ প্ৰয়োজন হয়। গতিকে চিকিৎসকৰ কাষ চাপি সেই বিষয়ে পুনৰ পৰামৰ্শ ল’ব লাগে।
হাইপ’গ্লাইছেমিয়া বিপজ্জনক। আনহাতে ডায়েবেটিছৰ চিকিৎসা প্ৰক্ৰিয়াত ৰোগীয়ে এই অৱস্থাৰ সন্মুখীন প্রায় হ’বলগীয়া হয়েই। সেয়ে হাইপ’গ্লাইছেমিয়া হোৱাৰ পৰা বাধা দিয়াৰ বাবে ৰোগীসকল সাৱধান হ’ব লাগে। তলৰ কথাকেইটা বৰ দৰকাৰী—
(ক) খোৱাৰ সময় নিয়মীয়া হ’ব লাগে। কিবা কাৰণত খাদ্য গ্ৰহণৰ নিয়মীয়া সময় পিছৱাই গ’লে পাতলীয়া আহাৰ অলপ মাজতে খাই দিব লাগে যেনে বিস্কুট দুখন বা মুড়ি অলপ। গৃহিণীসকলে প্ৰায়েই আলহীৰ সোধ-পোছ কৰোতে নিজৰ আহাৰৰ বিষয়ে পাহৰি যায় বা দেৰিকৈ খায়। তেনে পৰিস্থিতিত গ্লুকজ কমাৰ আশংকা বাঢ়ি যায় আৰু সেয়ে পাতলীয়া কিবা আহাৰ কামৰ মাজতে খাই দিব লাগে।
(খ) উপবাস বা ব্ৰত কৰিলে মধুমেহৰ ঔষধ বা ইনচুলিন খাব নেলাগে। কাৰণ লঘোণত খাদ্য নোখোৱাৰ বাবে গ্লুকজৰ মাত্ৰা বিপজ্জনকভাৱে কমি যাব পাৰে।
(গ) ব্যায়াম কৰাৰ সময়ত ৰোগীসকল সাৱধান হ’ব লাগে। ব্যায়ামে ইনচুলিনৰ SENSITIVITY বঢ়ায় গতিকে গ্লুকজৰ ব্যৱহাৰ বেছিকৈ হয় আৰু ইয়াৰ মাত্ৰা কমি যাব পাৰে। ব্যায়ামৰ সময়ত সকলো ৰোগীয়ে গ্লুকজৰ উৎস যেনে—মর্টন, ফলৰ ৰস আদি হাতত পোৱাকৈ ৰাখিব লাগে।
(ঘ) ইনচুলিন বা ঔষধ ব্যৱহাৰ কৰা লোকসকলে খাদ্যৰ পৰিমাণ কমাই খালে ঔষধ বা ইনচুলিন মাত্রাও কমকৈ ল’ব লাগে। খাদ্যৰ পৰিমাণ আৰু ঔষধ সমানুপাতিক নহ’লে হাইপ’গ্লাইছেমিয়াৰ পূৰ্ণ সম্ভাৱনা থাকে।
(ঙ) এলকহল গ্রহণ কৰাসকলে সদায় আহাৰৰ সৈতে খাব লাগে। তেনে কৰিলে এলকহলৰ পৰা হোৱা হাইপ’গ্লাইছেমিয়াৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি।
শেষত এটা কথা উনুকিয়াই থোৱা ভাল হ’ব যে গ্লুকজৰ কমাৰ পাছত বহুলোকে বৰ বেছিকৈ খাদ্য গ্ৰহণ কৰি দিয়ে যাৰ ফলত গ্লুকজ পুনৰ অতি বেছিকৈ বাঢ়ি যায়। সেয়ে অতিমাত্রা খাদ্য গ্ৰহণৰ পৰাও বিৰত থাকিব লাগে আৰু প্ৰয়োজনীয় পৰিমাণৰ খাদ্যহে ল’ব লাগে— যি গ্লুকজৰ মাত্ৰা নিয়মীয়া কৰিবৰ বাবে যথেষ্ট হয়। ১৫-১৫ নিয়ম পালন কৰি আৰু গ্লুকজৰ মাত্ৰা পৰীক্ষা কৰি এই বিপৰীত দিশৰ পৰা আঁতৰি থাকিব পৰা যায়।