শশী শৰ্মাৰ কলমত বিষ্ণু ৰাভা (দ্বিতীয় অংশ) ।। প্ৰণৱজ্যোতি ডেকা
(প্রথম অংশৰ বাবে ইয়াতে টিপক)
শশী শৰ্মাৰ মতে বিষ্ণু ৰাভাৰ ‘কুৰি বছৰ জেইল’ গল্পটো এটা বিশিষ্ট প্ৰেমৰ গল্প, মানৱীয় প্ৰেমৰ মহত্বৰে সুৰঞ্জিত। ‘কুৰি বছৰ জেইল’ বোলা এই গল্পটোক অসমীয়া সাহিত্যৰ অন্যতম বিশিষ্ট প্ৰেমৰ গল্পৰূপে প্রতিপন্ন কৰিব পাৰি। ৰাভাই যেন গল্পটোৰ মাজেদি ইয়াকো প্রতিপন্ন কৰিব বিচাৰিছে যে ‘শ্রমকাৰী মানুহৰ নৈতিকতা বৰ ওখ’। “………সাম্যবাদী বিপ্লৱীসকলে এই মহাসত্যক সন্মান কৰে। কার্ল মার্ক্সেও সন্মান কৰিছিল, বিষ্ণু ৰাভা আৰু অন্যান্যসকলেও কৰিছিল। অন্যান্য বহু ৰচনাৰ মাজেদি সেই মহাসত্যক বিকাশ দিয়াৰ দৰে, ‘কুৰি বছৰ জেইল’ৰ মাজেদিও যেন ৰাভাই সুন্দৰকৈ ফুটাই তুলিছে যে শ্ৰমকাৰী মানুহৰ নৈতিকতা বৰ ওখ….”(ৰাভাৰ গল্পত সমাজ জীৱন, পৃষ্ঠা ১১৯)।
শশী শৰ্মাৰ ভাষাত, এইৰাকী মহাপ্ৰতিভাধৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ অধ্যয়ন সামান্য কথা নহয়, অতি জটিল, অতি কঠিন ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
ৰাভাৰ আন এটি গল্প ‘সোণপাহি’ত সন্নিবিষ্ট গল্পকেইটাক সমাজ অধ্যয়নৰ আহিলা বুলি অনুভৱ কৰিব পাৰি। নাম ভূমিকাৰ গল্প ‘সোণপাহি’ৰ পটভূমি সমাজ-বিপ্লৱৰ পূৰ্বৰ উত্তৰ চীন অঞ্চলৰ সমাজ। তাত অন্ধবিশ্বাস, অন্ধপৰম্পৰাৰ প্ৰভাৱ আছিল সৰ্বঢাক। নাৰীৰ প্ৰতি পুৰুষৰ আচৰণ এনে অমানৱীয় আছিল যে সিয়ে নাৰীক ইতৰ প্ৰাণীৰ সদৃশ কৰি তুলিছিল। নায়িকা সোণপাহিয়েও আত্মমর্যাদা বা মনুষ্যত্ববোধ পাহৰি যাবলৈ উপক্ৰম কৰিছিল। বিপ্লৱী অষ্টম বাহিনীৰ নাৰীসকল আহি সোণপাহিক মুক্ত কৰিব বিচৰাত, তাই প্রথমে তেওঁলোকক বিশ্বাসেই কৰিব পৰা নাছিল। কাৰণ স্বামী চ্যাঙৰ পৰিয়ালৰ বিৰুদ্ধে মাত মাতিলে বা থিয় দিলে, তাই অধিক নিৰ্যাতনৰ সন্মুখীন হ’ব লাগিব বুলিহে বিশ্বাস কৰিছিল। সেইখন চীনতেই যেতিয়া অষ্টম বাহিনী আৰু সমাজতান্ত্রিক সাম্যবাদী দলে সঁচাকৈয়ে সোণপাহিক মুক্ত কৰিলে, মুক্ত স্বাধীন জীৱন-যাপন কৰাৰ অবাধ সুচল সম্ভৱপৰ কৰি তুলিলে, তেতিয়া আনন্দৰ হিল্লোল উঠা তেনেই স্বাভাৱিক। গল্পটোৰ মাজেদি বিপ্লৱৰ পূৰ্বৰ সমাজ আৰু বিপ্লৱোত্তৰ কালৰ নতুন চীনদেশক অধিক নিবিড়ভাৱে জনাৰ আগ্রহ সৃষ্টি কৰাও তেনেই স্বাভাৱিক হৈ পৰিছে।
“বিষ্ণু ৰাভাৰ নাটকত গণজীৱন” সম্পৰ্কীয় এটা লেখাত শশী শৰ্মাই কৈছে, “বিষ্ণুপ্রসাদ আছিল নাট্যকাৰ, তেওঁ অভিনেতা, তেওঁ মঞ্চ-পৰিচালক, তেওঁ বোলছবিৰো সহকাৰী পৰিচালক আছিল। সিমানেই নহয়, তেওঁ গ্রামোফোন কোম্পানীৰ কাৰণে পালানাটক কৰিছিল। ১৯৩০ৰ দশকত বিষ্ণু ৰাভা প্রযোজিত, পৰিচালিত গ্রামোফোনৰ পালা নাটকে অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে আলোড়নৰ সৃষ্টি নকৰাকৈ থকা নাই। কিন্তু চিন্তনীয় বিষয় এয়ে যে ভ্রাম্যমাণ নাট্যগোষ্ঠীসমূহেও, ৰাভাৰ ভাষাত, ধনৰাজ ভাঙি গণৰাজ পতাৰ সলনি, একাংশ নতুন বণিক শ্রেণীহে সৃষ্টি কৰিব ধৰা বুলি জনগণৰ মাজত সততে কথন-মথন চলাৰ কথা জনা যায়।…. নামনি অসমৰ মানুহে গ্রামোফোনক বুলিছিল ‘কইলোৰ গান’। যিয়ে আবাল-বৃদ্ধ-বনিতাৰ মাজত সৃষ্টি কৰিছিল অভূতপূর্ব অনুসন্ধিৎসা। এটা বাকচৰ ভিতৰৰ পৰা ওলাই আহে গান, সংলাপ, নাটক, হাঁহি-ধেমালি। হোজা জনগণৰ মাজত সিয়েই অনুসন্ধিৎসাৰ সৃষ্টি কৰিছিল। তাৰে একাংশৰ মনত জাগি উঠিছিল জিজ্ঞাসাৰ মনোভাব। সুধি-পুচি জানি লৈছিল যে সি বিজ্ঞানৰ সুফল। … ৰাভাহঁতৰ গ্রামোফোনৰ পালা নাটকে গণজীৱনত মাথোঁ আনন্দই দান কৰা নাছিল, একাংশক বিজ্ঞানমানসিকতা সম্পন্নৰূপে গঢ় লৈ উঠিবলৈও অনুপ্রাণিত কৰিবলৈ সমর্থ হৈছিল…..” (বিশ্বপ্ৰেমী বিষ্ণু ৰাভা, পৃষ্ঠা ১৪৪)।
তেওঁ ‘বানে ক’বাং’ বোলা আন এটা আলোচনাত, বৰ্তমানৰ অৰুণাচলৰ ভিন ভিন জনগোষ্ঠীৰ ভাষাৰ বিষয়ে আলোচনা প্রসংগত বাস্তব অভিজ্ঞতাৰ ভিত্তিত কৈছে যে তেওঁলোক আটায়ে অসমীয়া। ১৯৬৬ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তদানীন্তন লখিমপুৰ জিলাৰ কুলাজানত অনুষ্ঠিত হৈছিল সদৌ মিচিং সম্মিলন, ‘বানে ক’বাং’। বিষ্ণু ৰাভাই তাত অন্যতম মুখ্য অতিথিৰূপে যোগদান কৰিছিল। সেই সম্মিলনত তেতিয়াৰ নেফা আৰু বৰ্তমানৰ অৰুণাচলৰো ভিন ভিন জনগোষ্ঠীৰ প্রতিনিধিসকলেও যোগদান কৰিছিল। ৰাভাই সেইসকলৰ লগত পৰিচিত হৈ অভিজ্ঞতাৰ ভিত্তিত কৈছে, “… সেই আঁকা, মিচিমি, খাছি, আলং, গালং, পাদাম, পাছি, আদি হ্রদোসকল সকলোৰে লগত মিতিৰালি কৰো… একেই মানুহ, একেই অসমীয়া…।’ কুলাজানৰ সম্মিলনথলীত উপস্থিত হৈ টালি-টোপোলা সামৰি ওলাই গ’ল চা-চিনাকি হ’বলৈ। তেওঁ লেখিছে, “চাঙতে খাই-বৈ তজবজীয়া হৈ দুপৰ নিশা কেম্পলৈ উভতি আহি ১৬ নং তম্বুৰ ভিতৰলৈ খেপিয়াই খেপিয়াই সোমাই টোপোলা মেলি নৰা উভালি বিছনা পাৰি বাগৰো…” (ৰচনা সম্ভাৰ, পৃষ্ঠা ১৩৩৮)।
তাৰ কাৰণে তেওঁ ক’তো অসন্তুষ্টি প্রকাশ কৰা নাই। পিছদিনা ৰাতিপুৱাৰে পৰা পুনৰ হৃষ্ট চিত্তে ঘূৰি ফুৰিছে চাঙে চাঙে, সকলো গোষ্ঠীৰ লোকৰ লগত চিনাকি হৈ বন্ধুত্বৰ পাশত আবদ্ধ হোৱাৰ বাসনাৰে। ইয়েও ৰাভাৰ মহত্বৰ চিনাকি নিদিয়ে নে? তেওঁ জনসমুদ্ৰৰ লগত মিলি গৈছিল, নিজকে ভেমবৰৰূপে প্ৰতিপন্ন কৰাৰ প্ৰবৃত্তি সমূলি নাছিল। তেওঁ যথার্থ সংস্কৃতিসম্পন্নই আছিল (বিশ্বপ্ৰেমী বিষ্ণু ৰাভা, পৃষ্ঠা, ১৮৪)।
বিষ্ণুৰাভাৰ গায়কী আছিল তুলনাবিহীন, একেদৰে তেওঁ আছিল বিশিষ্ট গীতিকাৰ আৰু সুৰ বিশেষজ্ঞ গৱেষক পণ্ডিত। ‘ভাৰতীয় সংগীত’ বোলা গৱেষণামূলক আলোচনাটোৱেই ইয়াৰ প্ৰমাণ। তেওঁ বৰগীত, জ্যোতি সংগীত, ওজাপালি, বিহুগীতৰ লগতে নিজে লিখা সকলো গীতৰ স্বৰলিপি কৰিছে, তেওঁ আছিল উচ্চমানৰ সংগীত বিশাৰদ। ৰাভাই বক্তৃতা কৰা মেজত সদায় এটি হাৰমোনিয়াম ৰাখি থৈছিল, আৰু বক্তৃতাৰ মাজে মাজে বিভিন্ন জাতি-জনজাতিৰ মিলন, মিশ্রণ আৰু সমন্বয়ৰ অৰ্থে গান গাইছিল।
একেখন গ্ৰন্থৰ “বিষ্ণু ৰাভা মহান” শীৰ্ষক এটি আলোচনাত শশী শৰ্মাই লিখিছে, “…১৯৪৭ চনৰ জুন মাহ। দিন-বাৰ মনত নাই। নলবাৰী জিলা ছাত্র ফেডাৰেশ্যনৰ বার্ষিক অধিবেশন অনুষ্ঠিত হৈছে টিহুৰ গান্ধী ভৱনত। ৰাভা মুখ্য বক্তা। আমি নলবাৰী গর্ডন হাইস্কুলৰ ৮ম শ্ৰেণীৰ ছাত্ৰ। আমি টিহুলৈ গৈছিলোঁ ৰাভাক চাবলৈ আৰু ৰাভাৰ বক্তৃতা শুনিবলৈ। ৰাভাই অসমীয়া জাতি গঠনৰ যি প্ৰক্ৰিয়াৰ কথা ক’লে, আমি কোনেও তেতিয়ালৈকে ক’তো পঢ়িবলৈ পোৱা নাছিলোঁ আৰু কাৰো মুখেও শুনা নাছিলোঁ। ভিন ভিন জাতি গোষ্ঠীৰ মিলন-মিশ্রণ, সমন্বয়-সমাহৰণত গঢ় হৈ উঠা অসমীয়া জাতি, অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ কথা আমি পোনপ্ৰথম ৰাভাৰ মুখেই শুনিছিলোঁ। আৰু লক্ষ্য কৰিছিলোঁ যে আমৰণ তেওঁ সেইখন বৰ অসমৰ অসমীয়া হৈয়ে থাকিল। তুচ্ছতা, হীনতা, সংকীর্ণতা, বিভেদ-বিচ্ছিন্নতাৰ চেতনাই তেওঁক কোনো দিন লক্ষ্য ভ্ৰষ্ট কৰিব পৰা নাছিল (ঐ, পৃষ্ঠা ১৮৩)।
‘বানে-ক’বাঙ’ৰ যোগেদি তেওঁ নিজক বৰ অসমৰ অসমীয়াৰূপে পৰিচয় দিছিল আৰু অন্যান্যসকলকো সেই একে দৃষ্টিৰে গ্ৰহণ কৰিছিল। কিন্তু তেওঁ নিজৰ সুকীয়া বৈশিষ্ট্য কেতিয়াও বাদ দিয়া নাছিল, সযতনে সুৰক্ষাহে দিবলৈ যত্নপৰ আছিল। শশী শৰ্মাই লিখিছে, “১৯৬০ আপোন হামখুমীয়াৰ মাজতে অক্টোবৰত মির্জাৰ সন্মিলন অনুষ্ঠিত হৈছে। ৰাভা ১ম নিশাৰ সাংস্কৃতিক সন্মিলনৰ মুখ্য অতিথি। পিছদিনা বিশ্ববিদ্যালয়ৰ কামত গুৱাহাটীলৈ ওলালোঁ। প্রথম শাৰীৰ প্রথম আসনত ৰাভা, কাষত দুজন বড়ো যুবক। মই বহিলোঁ তৃতীয় শাৰীত। যুৱক দুজনে ৰাভাক সুধিলে, ‘দাদা, লোকপিয়লত আমি মাতৃ ভাষা কি বুলি কম? ৰাভাই টপকে সমিধান দিলে, ‘বড়ো, বড়ো বুলি কবি।’ মোৰ কাষতে সোঁফালে বহিছিল মোৰ শিক্ষাগুক এজন। তেওঁ মোক সকীয়ালে, ‘শুনিলা, ৰাভাই কি ক’লে? মই ফুচফুচাই ক’লোঁ, ‘মনে মনে থাকক, ৰাভা শহাকণীয়া।’ মই কিন্তু টিহুৰ গান্ধী ভবনত প্রদান কৰা বক্তৃতাৰ পুনৰাবৃত্তিহে শুনিলোঁ। তেওঁ তাত কৈছিল, সৰু-বৰ প্রতিটো ভাষা বা জনগোষ্ঠীৰ অবাধ বিকাশ সুনিশ্চিত নহয় মানে জাতীয় বা ৰাষ্ট্ৰীয় ঐক্য-সংহতি গঢ় লৈ উঠা অসম্ভব। প্রগতিবাদী মানেই এই সত্য হাড়ে হাড়ে অনুভৱ কৰে। বাছৰ সহযাত্রী বড়ো যুবক দুজনেও ফুচফুচাই সোধা নাছিল আৰু ৰাভায়ো ফুচফুচাই সমিধান দিয়া নাছিল। মাতৃভাষাক সম্মান কৰা মানুহ মানৰে পবিত্ৰ দায়িত্ব, মাতৃভাষাৰ উৎকর্ষতা সাধনো মানবীয় মহান কর্তব্য। তাক লুকাই-চুৰকৈ কোৱাৰ কোনো প্রয়োজন নাই। প্রকৃত সংস্কৃতিসম্পন্ন মানুহৰ মানত কোনো কথাই গোপনীয় নহয়, খোলা-মুকলিমুৰীয়া” (বিশ্বপ্ৰেমী বিষ্ণু ৰাভা, পৃষ্ঠা ১৮৪)।
এয়াই আছিল ৰাভা, নাছিল ভেম, নাছিল ভণ্ডামি। একেজোৰা কাপোৰেৰে বহল সমাজত ভ্রমি ফুৰি তেওঁ মনোনিবেশ কৰিছিল বহল, উদাৰ, মানসিকতাৰ সমাজ গঢ় দিয়াৰ ওপৰত।
তেওঁৰ জীৱনত এনে উদাৰ মানসিকতাৰ নিদর্শন অলেখ। জাত-পাতৰ ব্যৱধান সমূলি নাছিল। তেওঁ ট্রাইবেলক যি চকুৰে চাইছিল, অনাট্রাইবেলকো সেই একে সমান চকুৰেই চাইছিল। তেওঁ যেন ৰবীন্দ্রনাথৰ ভাষাৰেই অনুভৱ কৰিব পাৰিছিল যে যিয়ে আনক হীন-তুচ্ছ বুলি অৱহেলা-অবমাননা কৰে, সি নিজেই হয় তুচ্ছ।
এইজন ৰাভাক জনা বা বিচাৰ কৰা সামান্য কথা নহয়। ৰাভা সঁচাকৈয়ে আছিল মহানুভৱতাৰে মহীয়ান। ক্ষুদ্র আলাপ-আলোচনাৰে তেওঁক প্রকাশ কৰা সামান্য কথা নহয়। তেওঁৰ সদৃশ চিন্তা-চেতনা বা মানসিকতাৰ অধিকাৰীজনেহে যেন তেওঁক প্রকৃত অৰ্থত উপলব্ধি কৰিবলৈ সমৰ্থ হ’ব পাৰে।
“…..গালে বজালে নাচিলে, অভিনয় কৰিলেই যথার্থ শিল্পী হ’ব নোৱাৰে, নিস্বার্থভাৱে সমূহৰ কল্যাণ সাধিবলৈ মন- প্রাণ অর্পণ কৰিলেহে যথার্থ শিল্পীৰূপে প্রতিপন্ন হ’ব পাৰি…” (বিষ্ণু ৰাভাৰ পৰা ভীমবৰ দেউৰীলৈ, পৃষ্ঠা, ১৬)।
শশী শৰ্মাৰ আলোচনাৰ এটি উল্লেখযোগ্য দিশ হল ৰাভাৰ যৌন-জীৱন সম্পৰ্কে কৰা বিস্তৃত আৰু সাহসী বক্তব্য।
“সামগ্ৰিকভাবে বিবেচনা কৰিলে ৰাভাৰ যৌন জীবনক একপ্ৰকাৰ উচ্ছৃংখল জীবন বোলা দোষণীয় হ’ব নোৱাৰে। যৌন দুর্বলতাৰ পৰা মুক্ত থাকিব পৰাহেঁতেন, ৰাভাৰ মর্যাদা যে আৰু বহু পৰিমাণে সমৃদ্ধ হ’লহেঁতেন, তাক ক’বই নালাগিছে (বিশ্বপ্ৰেমী ৰাভা, চঞ্চল অথিৰ যৌৱন, পৃষ্ঠা, ৪৪)।
এই একেটা আলোচনাতে “গুপ্তবাসত থাকি যেতিয়া কনকলতাক জীবন সংগিনীৰূপে গ্রহণ কৰাৰ এক ডেৰ বছৰ পিছত পুনৰ মোহিনী ৰাভাক পত্নীৰূপে নি ঘৰ সুমুওৱা কাৰ্যই ৰাভাৰ অসংযমী মনৰ উমান দিয়ে। তদুপৰি ৰাভাৰ নাছিল নিৰ্দিষ্ট অৰ্জন। ৰাভাৰ বিয়োগৰ সময়ত তৃতীয় পুত্র অনিন্দ্যসুন্দৰ বা মেন্ডেলাৰ বয়স দুবছৰ আছিল, তেতিয়া ৰাভা আছিল বিধায়ক আৰু তেওঁ নিজে আছিল ৫৮ বছৰীয়া পৌঢ়। চৰকাৰে পৰিয়াল পৰিকল্পনাৰ ঢোল সজোৰে বজায়ে আছিল। তেনেক্ষেত্রত বিধায়ক ৰাভা আইন ভংগ কৰা দোষত দোষী আছিল” বুলিও শশী শৰ্মাই কবলৈ এৰা নাই।
বিষ্ণুপ্ৰসাদ ৰাভাৰ বুলিয়ে নহয়, যিকোনো ব্যক্তিৰে জীৱন-চর্যাৰ সামগ্রিক বিচাৰ কৰিব লাগিলে, যৌনজীৱনৰ বিষয়েও যথাসম্ভব মুকলিভাৱে বিচাৰ কৰিবই লাগিব। লিঅ’ টলষ্টয়ে তেওঁৰ জীৱনপঞ্জীত অতি লেতেৰা ৰূপে বিবেচিত যৌন সম্পর্কৰ কথাও মুকলি মনে লিপিবদ্ধ কৰি থৈ গৈছে। আনকি বিয়াৰ আগতে ভাবী পত্নীক সেই জীৱনপঞ্জী দেখুৱাবলৈও দ্বিধাবোধ কৰা নাছিল।
গান্ধীজীয়ে তেওঁৰ পিতৃৰ মৃত্যু আসন্ন বুলি জনাৰ পিছতো কিশোৰ মোহনদাসে পত্নীৰ সতে যৌনসম্ভোগত ব্যস্ত আছিল। সেই কথা তেওঁৰ আত্মজীৱনীত কৈ যাবলৈ দ্বিধাবোধ কৰা নাই। জৱাহৰলাল নেহৰু আৰুলেডী মাউণ্টবেটেনৰ প্রণয় কাহিনী সম্প্রতি প্রায় সর্বজনবিদিত। কিন্তু নেহেৰুৱে এই কাহিনী গোপনীয় কৰি ৰাখিছিল। এনে অসংখ্য উদাহৰণ দাঙি ধৰি দেখুৱাব পাৰি যে সকলো মানুহ কম-বেছি পৰিমাণে ভণ্ড। এই উদাহৰণ দি শশী শৰ্মাই অৱশ্যে কৈ গৈছে, “বিষ্ণু ৰাভাক কিন্তু ভণ্ড বুলি কোৱা টান। কাৰণ অসতর্কভাৱে হ’লেও তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ অবাধ যৌন সম্পর্কৰ সমর্থক। কিন্তু বিবেচনাৰ আৱশ্যক যে অবাধ যৌন সম্পর্ক সমর্থনযোগ্য হয় নে নহয়। বিষ্ণু ৰাভাৰ আত্মজীবনীও নাই আৰু জীবন-পঞ্জীও নাই…” (উক্ত গ্রন্থ, পৃষ্ঠা ৪৪)।
শশী শৰ্মাৰ মতে বাবুল দাসৰ ‘কল্যাণ খৰমান’ বাস্তৱসম্মত, তেওঁ বাস্তৱতাৰ ওপৰত প্রতিষ্ঠিত হৈ বিষ্ণু ৰাভাৰ বিচাৰ কৰিবলৈ যত্নপৰ হৈছে। যৌন বা যুগ্ম জীৱনত কাহিনীও নিৰপেক্ষভাৱে বিচাৰ নকৰাকৈ থকা নাই। কিন্তু তেৱোঁ বিষ্ণু ৰাভাৰ অবাধ যৌন জীবনৰ কথা কৈয়ো কোৱা নাই যেনহে অনুভব হয়। তাৰ মূল কাৰণ এয়ে হ’ব লাগে যে আধুনিক জীৱনী ৰচনা কৰিবলৈ যি মানসিক প্রস্তুতি অর্থাৎ বিজ্ঞানসম্মত দৃষ্টিভংগীৰ প্রয়োজন, তেওঁ যেন সেই সাহসিকতা প্রদর্শন কৰিব পৰা নাই (উক্ত গ্রন্থ, পৃষ্ঠা ৪৫)।
শশী শৰ্মাৰ ভাষাত, এইৰাকী মহাপ্ৰতিভাধৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ অধ্যয়ন সামান্য কথা নহয়, অতি জটিল, অতি কঠিন। মোৰ দৰে নাচিব-গাব নজনা, সুৰ-তাল-মান-লয়ৰ বোধশক্তিহীন মানুহে মহাপ্ৰতিভাধৰ ৰাভাৰ বিষয়ে কিবা ক’ব বা লেখিব বিচৰা কাৰ্য সেই অন্ধৰ হাতী দৰ্শনৰ লেখীয়াই। তাতে আকৌ ৰাভা উপজিছিল বিজ্ঞানময় কুৰি শতিকাৰ বৈপ্লবিক যুগত। সামন্ত যুগত গুৰুচৰিতবোৰ ৰচনা কৰিছিল অলৌকিকতাক প্রাধান্য দি। এই বিজ্ঞানময় যুগতো গুৰুচৰিতবোৰৰ মূল্য নিঃশেষ হৈ যোৱা নাই, কিন্তু সামন্ত যুগৰ পটভূমিতহে সিবোৰ বিচাৰ কৰি চাব লাগিব। আৰু ৰাভাক বিচাৰ কৰি চাব লাগিব বিজ্ঞান-প্রযুক্তিবিদ্যাময় এই মহাজাগতিক যুগৰ পটভূমিতহে। প্রতিভা, ধীশক্তি, সামৰ্থ যে ঐশ্বৰিক মহিমাৰ ফলশ্রুতি নহয়, পৰিৱেশ, পৰিস্থিতি আৰু মানৱীয় সাধনাৰহে সম্মিলিত সুফল মাথোঁ, তাকো বাস্তৱতাৰ ভেটিত বিচাৰ কৰি চাব লাগিব। প্ৰৱৰ্তি থকা শ্ৰেণী-সমাজৰ কদর্যতাই কিন্তু শুদ্ধ-সত্য-বাস্তৱক নিঃশংকভাৱে বিচাৰ কৰাত কোনো দিনেই সহায় কৰা নাই। এই কাৰণে নতুন প্রজন্মক নতুন চেতনাৰে উদ্বুব্ধ কৰাত ব্যাঘাত ঘটিছে। এক বিশিষ্টসংখ্যকক কৰি তোলা হৈছে হতাশাগ্রস্ত, আনকি দৈৱাধীনো। সমাজৰ একো অংশ যেন সামন্ত যুগৰ বন্ধ গলিৰ মাজতে বিচৰণ কৰিবলৈ বদ্ধপৰিকৰ হৈছে। এনে সামাজিক পটভূমিত ৰাভাৰ বিষয়ে বিজ্ঞানসম্মত আধুনিক জীৱনী ৰচনা এক কষ্টকৰ ব্যাপাৰত পৰিণত হৈছে। তথাপি আধুনিক জীৱনী ৰচনাৰ প্রয়াস অটুট ৰাখিবই লাগিব। ই যে আধুনিক যুগৰ প্ৰত্যাহ্বান (অন্ধৰ হস্তী দৰ্শন, শশী শৰ্মা)।
“….বিষ্ণুপ্ৰসাদ ৰাভা যথার্থ শিল্পীমনৰ অধিকাৰী আছিল কাৰণেই যথার্থ কমিউনিষ্ট ৰূপেও প্রতিপন্ন হ’ব পাৰিছিল, নতুবা যথার্থ কমিউনিষ্ট আছিল গুণেহে তেওঁ যথার্থ শিল্পী ৰূপেও প্রতিপন্ন হ’বলৈ সমর্থ হৈছিল। সেই গুণেই কমিউনিষ্ট বিষ্ণু ৰাভাৰ জীৱনক হেমাংগ বিশ্বাসে সাগৰ সংগমৰ পূৰ্ণতা বুলি আখ্যায়িত কৰিছে..” (বিষ্ণু ৰাভাৰ পৰা ভীমবৰ দেউৰীলৈ, পৃষ্ঠা, ১৬)।
বিষ্ণু ৰাভাৰ উদাৰ মানসিকতাসম্পন্ন গুণৰ বাবে শশী শৰ্মাই ৰাভাক বুলিছে বিশ্বপ্ৰেমী। শশী শৰ্মাও আছিল এগৰাকী মানৱদৰ্শী, উদাৰ হৃদয়ৰ বিশ্বমানৱতাৰ প্ৰতিনিধি। তেওঁ নিজকে বিচাৰি পাইছিল মানুহৰ মাজত। দৰ্প অহংকাৰ শূন্য শশী শৰ্মাক সেয়েহে সকলো মানুহে ভাল পাইছিল। যোৱা ২৮ জানুৱাৰী, ২০২০-ত শশী শৰ্মাৰ নশ্বৰদেহৰ প্ৰতি নলবাৰীৰ ৰাইজৰ স্বতঃস্ফূর্ত শ্ৰদ্ধা নিবেদনৰ মাজেৰে এই কথা প্ৰমাণ পোৱা হৈছিল। জীৱনৰ শেষৰ ফালে দলীয় ৰাজনীতিৰ পৰা আঁতৰি থাকিও বিষ্ণু ৰাভা আছিল প্ৰকৃত কমিউনিষ্ট। শশী শৰ্মাও জীৱনৰ শেষৰ তিনিটা দশকত দলীয় ৰাজনীতিৰ পৰা আঁতৰত থাকিও কমিউনিষ্ট হিচাবে চিনাকি দিব পাৰিছিল কেৱল তেখেতৰ নিভাঁজ জীৱনশৈলীৰ বাবে। ৰঙা পতাকাৰে ঢাকি থোৱা দেহটোত কেৱল কমিউনিষ্ট পাৰ্টীয়েই নহয়, সকলো জাতীয় সংগঠনে যিধৰণৰ সন্মান প্ৰদৰ্শন কৰিলে, ইয়ে প্ৰমাণ কৰিলে যে মানুহৰ কথা কোৱা, মানুহৰ কাষত থকা উদাৰমনা ব্যক্তিকহে (লাগিলে তেওঁ কমিউনিষ্ট হওঁক বা জাতীয়তাবাদী হওঁক) সমাজৰ সকলো স্তৰৰ মানুহে আদৰি লয়। বিষ্ণু ৰাভাৰ আদৰ্শ বুকুত বান্ধি মানৱতাৰ গান গোৱা শশী শৰ্মাও নলবাৰীবাসীৰ বাবে গৌৰৱৰ কাৰণ হব পাৰে যদি কেতিয়াবালৈ উদাৰ দৃষ্টিভংগীৰে বাঁওপন্থী-সোঁপন্থী নির্বিশেষে শশী শৰ্মাৰ সঠিক মূল্যায়ন কৰিবলৈ সক্ষম হয়। শশী শৰ্মাৰ ৰাজনৈতিক আদৰ্শ আছিল মাৰ্ক্সবাদ, সেয়েহে সামাজিক পটভূমিত তেওঁ মানৱীয় প্ৰমূল্যসমূহক আগস্থান দিছিল। বহুতে বিষ্ণু ৰাভাক কলাগুৰু হিচাবে আখ্যা দিছে, প্ৰগতিশীল লোকসকলৰ মতে আকৌ ৰাভা বিপ্লৱী, বিদ্ৰোহী, সৈনিক শিল্পী। কিন্তু প্ৰশ্নটো হল, সৈনিক শিল্পী বুলি কৈও কলাগুৰু হিচাবে বিষ্ণু ৰাভাক অস্বীকাৰ কৰিব পাৰি জানো? জাতীয়তাবাদী ৰাভা সমানে বিপ্লৱীও নাছিল জানো? এইক্ষেত্ৰত আমি বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰা উচিত। কলা কাৰ বাবে? নিশ্চয় মানুহৰ বাবে। কলা যদি মানুহৰ বাবে, ৰাভাক কলাগুৰু বুলি কোৱাত আপত্তি কৰাৰ থল নাই। প্ৰশ্নটো হ’ল, কলাগুৰু হিচাবে আমি ৰাভাক কিদৰে প্ৰতিপন্ন কৰোঁ?
১৯৪৭ চনৰ ভাৰতৰ স্বাধীনতা ৰাইজৰ প্ৰকৃত স্বাধীনতা নহয় বুলি ঘোষণা কৰি সশস্ত্ৰ সংগ্ৰামত জঁপিয়াই পৰা ৰাভাই ঘোষণা কৰিলে, ‘ইয়ে আজাদী জুঠা হেই’। ধনীক শ্ৰেণীৰ দ্বাৰা পৰিচালিত চৰকাৰৰ পতন ঘটাই শ্রমিক কৃষকৰ পঞ্চায়তী ৰাজ প্রতিষ্ঠাৰ কাৰণে সশস্ত্ৰ সংগ্ৰামৰ কাৰ্যসূচী গ্রহণ কৰি এটা সময়ত বিষ্ণু ৰাভাই আত্মগোপন কৰিলে। বিপ্লৱী কমিউনিষ্ট দল বেআইনী ঘোষিত হ’ল। ৰাভাৰ লগতে আন বহু সদস্যই আত্মগোপন কৰি দলৰ কাৰ্যসূচী ৰূপায়নত আত্মনিয়োগ কৰিলে, সেই সময়ছোৱাত মানুহৰ মাজত থাকি তেওঁ নিজকে বিচাৰি পাইছিল খাটিখোৱা সৰ্বহাৰা জনতাৰ মাজত৷ ৰাইজৰ শক্তি, ৰাইজৰ সংস্কৃতি, ৰাইজৰ মৰম-চেনেহৰ ওপৰত তেওঁৰ বিশ্বাস বাঢ়ি গৈছিল। তেওঁ সংগ্রামী জনতাক উদ্বুদ্ধ কৰিবলৈ গালে, “ব’ল ব’ল ব’ল/কৃষক শক্তিৰ দল/অ’ বনুৱা সমনীয়া/আগ বাঢ়ি যাওঁ ব’ল……”! আমাৰ দৃঢ় বিশ্বাস যে ৰাভা অমৰ, ৰাভা মহান মানবীয় মুক্তিৰ উজ্জ্বল জ্যোতিৰূপে যাউতিযুগীয়া হৈ জিলিকি থাকিব। আৰু প্ৰকৃত মুক্তিকামী মানুহ মানেই ৰাভাক গভীৰ আন্তৰিকতাৰে যে অধ্যয়নো কৰিব, তাত সন্দেহ নাই।