ঈদ – বিহুৰ সমন্বয় সন্মিলন: সমন্বয়মুখী নে ভাঙোনমুখী- (অচ্যুৎ মাধৱ দাস)
বিহু আৰু ঈদ দুয়োটা উৎসৱ কিছু বছৰৰ মূৰে মূৰে একে সময়তে পৰে। এই দুয়োটা উৎসৱ একে সময়তে পৰিলে উজনি অসমৰ যোৰহাট শিৱসাগৰৰ মুছলমান জনবসতি থকা কিছু কিছু অঞ্চলত সমন্বয়ৰ অনুষ্ঠান হিচাপে সাংস্কৃতিক কাৰ্যসূচীৰে ঈদ-বিহু সমন্বয় অনুষ্ঠান অনুষ্ঠিত কৰে। এই বিষয়টো চাবলৈ গ’লে তেনেই সৰল। কিন্তু বৰ্তমান সমাজ-ৰাজনীতি এনে বিষাক্ত হৈ পৰিছে যে বিষয়টো সৰল হৈ থকা নাই। সৰল এইবাবেই নহয় যে ই বৰ্তমান সময়ৰ সমাজ-ৰাজনীতিৰ বাবে এক উৎকৃষ্ট ৰাজনৈতিক হাথিয়াৰ। যাৰ ফলশ্ৰুতিত যোৰহাটত এনে এটা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লওঁতে উদযাপন সমিতিলৈ কোনোবা হিন্দু মৌলবাদীয়ে ফোন কৰি ভাবুকি দিছে। সেই ফোন ৰেকৰ্ডিং ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
গতিকে বিষয়ৰ সম্পৰ্কত আমাৰ প্ৰগতিশীল মহলৰ স্পষ্ট মতামত থাকিবই লাগে। সেয়েহে বিষয়টোৰ সম্পৰ্কত আমাৰ কিছু আলোচনা আগবঢ়ালোঁ।
বিষয়টোৰ আলোচনা আৰম্ভ কৰাৰ আগে দুটা বাক্য পঢ়ি লওঁ-
১/ “চাল্লা মিঞা-গেদা মখাই বিহুৰ লগত ঈদৰ সমন্বয় কৰিব খুজিছে।”
২/ “গেদাৰ কাম চা, ক’ত এটা ধৰ্মীয় উৎসৱ ক’ত এটা জাতীয় উৎসৱ।”
বাক্য দুটা চালেই স্পষ্ট ৰূপত বুজিব পাৰি যে প্ৰচণ্ড ঘৃণাক যেন বমি কৰি দিছে। এই ঘৃণা এজন মুছলমান ধৰ্মাৱলম্বী লোকৰ প্ৰতি। এই ঘৃণা স্পষ্টতঃ এজন সাম্প্ৰদায়িক মৌলবাদী লোকৰ। আৰু এনেবোৰ লোকৰ মুখত এনেধৰণৰ বাক্য আজিৰ দিনত তেনেই সুলভ।
এইখিনিতে প্ৰথমেই এটা প্ৰশ্নৰ উদয় হয়। বৰ্তমানৰ সমাজ-ৰাজনৈতিক বাতাবৰণৰ প্ৰভাৱত এক বৃহৎ জনসাধাৰণে যদি এই ঘৃণাক পুহি ৰাখিছে সচেতন অথবা অসচেতনভাৱে,তেন্তে এই পৰিস্থিতিত আমাৰ অৱস্থান কি হোৱা উচিত?
আমি এই বৃহৎ সমষ্টিগত ঘৃণাৰ ভয়ত চুপ-চাপ থাকি সুবিধাজনক অৱস্থান ল’ম, পক্ষ ল’লেই এই ঘৃণাৰ মাত্ৰা দুগুণে বিয়পি যোৱাৰ ভয়ত নিৰপেক্ষ অৱস্থান লৈ এই ঘৃণাৰ লগত জাহ যাম অথবা স্পষ্ট ৰূপত এই সাম্প্ৰদায়িক ঘৃণাৰ বিৰোধিতা কৰিম।
প্ৰশ্নাতীতভাৱে আমাৰ অৱস্থান স্পষ্ট ৰূপত এই ঘৃণাৰ বিৰোধিতা কৰা হ’ব।।
এইখিনিতে আৰু এটা দিশৰ কথা ভাবিব পাৰি। আমি ধৰ্মবিৰোধী নাস্তিক যুক্তিবাদী মহলে বিহুক সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা আঁতৰত ৰখাৰ পক্ষ ল’ব পাৰোঁ নেকি? ধৰ্মীয় উৎসৱৰ স’তে বিহু অনুষ্ঠিত কৰা এইধৰণৰ অনুষ্ঠানবোৰ বৰ্জন অথবা বিৰোধীতা কৰিব পাৰোঁ নেকি? যিহেতু ঐতিহাসিকভাৱে বিহু কৃষিভিত্তিক উৎসৱ গতিকে বিহুৰ নিজস্ব চৰিত্ৰ যাতে অক্ষুণ্ণ থাকে তাৰ বাবে ধৰ্মীয় উৎসৱৰ লগত চামিল হোৱাটোক বিৰোধিতা কৰিব পাৰোঁ নেকি?
বিহু যদিও ঐতিহাসিকভাৱে কৃষিভিত্তিক উৎসৱ, কিন্তু বৰ্তমান সময়ত সাংস্কৃতিক আধিপত্যৰ (cultural hegemony) বাবে বিহুৰ আৰ্যীকৰণ অথবা হিন্দুত্বকৰণ হৈ পৰিছে। বিহু অথবা হুঁচৰিৰ নামৰ বিভিন্ন অংশত ধৰ্মীয় প্ৰভাৱ পৰিছে। গতিকে বৰ্তমান সময়ত বিহুক ধৰ্মমুক্ত বুলিব নোৱাৰি। কিন্তু ইয়াৰ বিপৰীতে সমন্বয়ৰ স্বাৰ্থত অন্য এটা জনগোষ্ঠীয়ে যদি ধৰ্মীয় উৎসৱ এটাৰ স’তে বিহুক একেলগে উদযাপন কৰে অথবা কৰিব বিচাৰে, তাৰ অৰ্থ এইটো নহয় যে বিহুক ধৰ্মীয়কৰণ কৰা হৈছে। ধৰা হওক ঈদ আৰু বিহুৰ সমন্বয় মঞ্চত হুঁচৰি এযোৰা গাই যোৱাৰ পাছতে অন্য এটা দলে জিকিৰ এটা পৰিৱেশন কৰিলে, তাৰ দ্বাৰা কিন্তু হুঁচৰি যোৰা প্ৰভাৱিত নহয়। একেখন মঞ্চতে জিকিৰ গীতটি গোৱাৰ বাবে পাছত গাবলগীয়া হুঁচৰি যোৰা প্ৰভাৱিত কৰিব পাৰে বুলি ভবাটো ভুল। যদিহে বিহুৰ হুঁচৰি যোৰাত নাচনীয়ে নাচি থকাৰ মাজতে বিহু নামৰ ঠাইত জিকিৰ গায় তেতিয়া কথাটো সুকীয়া। আৰু এনেকুৱা পাগলামি কোনেও নকৰে। গতিকে ঈদ আৰু বিহুৱে এটাই আনটোক প্ৰভাৱিত নকৰে বৰঞ্চ সমন্বয়ৰ কথাহে কয়। তেনেহ’লে দুয়োটা অনুষ্ঠান একেলগে অনুষ্ঠিত কৰিবলৈ আমাৰ সমস্যা ক’ত?
জিকিৰ-জাৰীকে ধৰি অসমীয়া মুছলমান সকলৰ যি শ শ বছৰীয়া কৃষ্টি-সংস্কৃতিৰ মেট-মৰা ভঁৰাল। সেয়া সাংস্কৃতিক আধিপত্য বাবেই হওক অথবা সংখ্যালঘু হোৱাৰ বাবেই হওক ইতিমধ্যেই বহুতো হেৰাই গৈছে। তেনে সময়ত সমন্বয়ৰ স্বাৰ্থত যদি সংখ্যালঘু সম্প্ৰদায় এটাই ঈদ-বিহুৰ সমন্বয় উৎসৱ পাতে আৰু তাত যদি অসমৰে শ শ বছৰীয়া সংস্কৃতিৰ অংগ জাৰী গীত আৰু জাৰী নৃত্য এটি প্ৰদৰ্শন কৰে তাক আমি ধৰ্মীয়কৰণ কৰিছে বুলি নাক কোঁচাব পৰিম নে? নে বৰ্তমান সময়ত হিন্দুত্ব মৌলবাদীয়ে বিয়পোৱা এই বিষাক্ত পৰিৱেশত ইয়াৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তেনে সমন্বয়ৰ বাৰ্তাৰ স’তে থিয় হ’ম।
অন্যহাতে এনেধৰণৰ সমন্বয় অনুষ্ঠান ইতিমধ্যেই অনুষ্ঠিত হৈ আহিছে আৰু হৈ থাকিব। গতিকে স্পষ্ট ৰূপত ইয়াত সংঘাতো স্বাভাৱিকভাৱে থাকিবই। তেনেক্ষেত্ৰত আমি যুক্তিবাদী হিচাপে ধৰ্মীয় উৎসৱ বুলি নিৰপেক্ষ অৱস্থান লোৱা অথবা এইবোৰৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। যদি আমি নিৰপেক্ষ অৱস্থানো লওঁ তাৰ বাবে কিন্তু পোনপটীয়াকৈ সংখ্যাগুৰু সাম্প্ৰদায়িক হিন্দুত্ববাদী সকলেই লাভান্বিত হ’ব। এইধৰণৰ সাংস্কৃতিক সমন্বয়ৰ অনুষ্ঠানক অস্বীকাৰ কৰি “ধৰ্ম আফিং” বুলি মূল সত্যৰ অৰ্ধেক লৈ ভ্ৰম সৃষ্টিৰে ধৰ্মহীন স্বৰ্গৰাজ্যৰ কল্পনা কৰি থকাটো অমূলক। এনেদৰেই যদি যুক্তিৰ গজদন্তী মিনাৰত থিয় হৈ আমি বৰ্তমানৰ সমাজ-ৰাজনৈতিক পৰিস্থিতিক আওকাণ কৰোঁ তেন্তে তাক পোনছাটে apolitical বুলি ক’বলৈ বাধ্য।
এটা কথা আমি মনত ৰখা উচিত যি সময়ত আমাৰ দেশৰ ৰাষ্ট্ৰ যন্ত্ৰই অথবা শাসক গোষ্ঠীয়ে এটা বিশেষ ধৰ্মৰ পক্ষ লৈ ধৰ্ম-ৰাষ্ট্ৰ গঢ়িবলৈ সাজু হৈছে। সেই সময়ত আমি নাস্তিক বুলি নিৰপেক্ষ অৱস্থান লৈ সংখ্যালঘুক আওকাণ কৰোঁটোৱে আচলতে শাসক গোষ্ঠীকহে সহায় কৰিব। আমি বৰ্তমান সমাজ-ৰাজনৈতিক পৰিস্থিতিত ধৰ্মহীন দেশ এখন বিচৰাটো (কল্পনা নহয়) হিমালয়ত স্বৰ্গৰাজ্যৰ সন্ধানৰ দৰে কথা। গতিকে নাস্তিক হোৱাৰ পাছতো ধৰ্মনিৰপেক্ষতাৰ স্বাৰ্থত সংখ্যালঘুৰ লগত থকাটোৱেই আমাৰ ৰাজনৈতিক প্ৰয়োজনীয়তা বুলি ভাবোঁ। তাৰ বিপৰীতে নিৰপেক্ষ অৱস্থান লোৱাটো হ’ব ৰাজনৈতিকভাৱে সংখ্যালঘুৰ প্ৰতি এক বৃহৎ অন্যায়।
ভাবকচোন ঈদ বিহু সন্মিলনৰ মঞ্চত বিহুৰ সুন্দৰ হুঁচৰি এযোৰা যোৱাৰ পাছতে এগৰাকী শিল্পীয়ে জিকিৰ সুৰীয়া গীত এটি জুৰিছে-
“বৰ লুইতৰ দুপাৰে হয় চাহেব হয়
অসমীৰ বুকুতে হয় চাহেব হয়
হাই হাই ঐ… শংকৰ গুৰু আজানে
মিলন সেতু গঢ়িলে”*
(গীতটি শুনিবলৈ ইয়াত টিপক।)
এতিয়া প্ৰশ্ন হ’ল- এই গীতটোৰ মাজত আমি ধৰ্মৰ ভূত দেখাটো বাৰু কিমান উচিত?
০০০০০০০০
“জাতীয় উৎসৱ এটাৰ লগত ধৰ্মীয় উৎসৱ এটাৰ কেনেকৈ সমন্বয় হ’ব পাৰে?”
এই যে জাতীয় উৎসৱ বিহু ই আচলতে কৃষিজীৱি অসমীয়াৰ উৎসৱ নে অসমীয়া হিন্দুৰ জাতীয় উৎসৱ? পূৰ্বেই কৈ আহিছোঁ ঐতিহাসিকভাৱে বিহু কৃষি-ভিত্তিক অসমীয়াৰ উৎসৱ। ইয়াত ধৰ্ম অথবা হিন্দুত্বৰ স্থান নাছিল। কিন্তু সময় বাগৰাৰ লগে লগে কৃষিভিত্তিক উৎসৱ বিহুত আৰ্যীকৰণ হৈছে। “ৰাম বোলা হৰি বোলা” আদি নাম অথবা কীৰ্তন ঘোষাৰ পদ, আশীৰ্বাদ ইত্যাদি অন্তৰ্ভুক্তি হৈছে! সাংস্কৃতিক আধিপত্যৰ প্ৰভাৱত হোৱা বিহুৰ এই আৰ্যীকৰণ এতিয়া জনগণৰ সংস্কৃতিলৈ পৰিৱৰ্তন হৈছে। এই পৰিবৰ্তনক সৰলভাৱে ধৰ্মক বিৰোধীতা কৰি একেদিনাই ফু-মাৰি উৰাই দিব পৰা কথা নহয়। ধৰ্মক বৰ্তাই ৰখাৰ আৰ্থ-ৰাজনৈতিক কাৰণবোৰ জীয়াই থকালৈকে যিহেতু ধৰ্ম বৰ্তি থাকিবই, গতিকে ধৰ্ম বৰ্তি থকালৈকে এই ধৰ্মীয় প্ৰভাৱ কম-বেছি পৰিমাণে সমাজ জীৱনত থাকিবই। ইয়াক অগ্ৰাহ্য অথবা অস্বীকাৰ কৰিব নোৱাৰি।
এইখিনিতে “ধৰ্মীয়কৰণ” আৰু “ধৰ্মীয় প্ৰভাৱ”-ৰ মাজত এটা গুৰুত্বপূৰ্ণ মৌলিক পাৰ্থক্য মন কৰিব। ধৰ্মীয়কৰণ হ’ল হিন্দুত্ববাদীয়ে গৰু বিহুক গো-পূজা কৰিব বিচৰাটো। য’ত হিন্দুত্ববাদীৰ কুটিল ৰাজনৈতিক অভিসন্ধি সোমাই আছে। অন্যহাতে হুঁচৰিত নামঘোষা, ধৰ্মীয় আশীৰ্বাদ সোমাই পৰাটো হ’ল “ধৰ্মীয় প্ৰভাৱ”। ইয়াক কুটিল ৰাজনীতি বুলিব নোৱাৰি। সময়ৰ বাগৰাৰ লগে লগে সাংস্কৃতিক আধিপত্যৰ দ্বাৰা এই পৰিৱৰ্তন হৈছে।
সেয়েহে বৰ্তমানৰ এই আৰ্থ-ৰাজনৈতিক ব্যৱস্থাৰ মাজত থাকি জনগণৰ সংস্কৃতিলৈ পৰিৱৰ্তন হোৱা বিহুত ধৰ্মীয় প্ৰভাৱ পোনে পোনে ৰোধ কৰা, নিষিদ্ধ কৰা অথবা অগ্ৰাহ্য কৰিবলৈ যোৱাতো সম্ভৱ নহয়। বৰঞ্চ ইয়াক ৰোধিবলৈ বিকল্প সংস্কৃতিৰ সন্ধান কৰা উচিত? এই বিকল্প হিচাপেই আমি এই সমন্বয়ৰ অনুষ্ঠানবোৰ এটা অন্যতম অন্যান্য বিকল্প সংস্কৃতি হিচাপে ল’ব পাৰোঁ। পূৰ্বেই কৈ আহিছোঁ ঈদ-বিহুৰ সন্মিলন জাতীয় অনুষ্ঠানবোৰে বিহুৰ স্বকীয়তাত আঘাত নাহানে, বিহুক ধৰ্মীয়কৰণো নকৰে। বৰঞ্চ সমন্বয়ৰ বাৰ্তা লৈ বিহুৰ গৰিমা বঢ়াব। লগতে ই হিন্দুত্বকৰণৰ কুটিল ৰাজনীতিকো আঘাত হানিব।
এতিয়া পুনৰ আমি পূৰ্বৰ প্ৰশ্নলৈ উভতি যাওঁ।
সমন্বয়ৰ স্বাৰ্থত জাতীয় উৎসৱ এটাৰ স’তে ধৰ্মীয় উৎসৱ এটা আমি একেলগে উদযাপন কৰিব নোৱাৰোঁ কিয়?
ঈদ এটা মূলতঃ ধৰ্মীয় উৎসৱ। যদিও মূলতঃ ই ধৰ্মীয় উৎসৱ কিন্তু ইয়াৰ লগত সংখ্যালঘু জনগণৰ আৰু বহুধৰণৰ আবেগ অনুভূতি সংপৃক্ত হৈ আছে। মুছলমান সমাজৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা, ইত্যাদি বিভিন্ন দিশ এইধৰণৰ উৎসৱৰ স’তে জড়িত। ইয়াক ধৰ্মীয় উৎসৱ বুলি সৰলীকৃত একমাত্ৰিক ধাৰণাৰে সংজ্ঞায়িত কৰাটো কেতিয়াও সঠিক হ’ব নোৱাৰে। ঈদ হৈছে এনে এটা উৎসৱ য’ত সংখ্যালঘু নিপীড়িত খাটি-খোৱা শ্ৰমিকে বছৰৰ মূৰত আনন্দেৰে দুসাজ পেট ভৰাই খোৱাৰ এটা কাৰণ বিচাৰি পায়। ইয়াতকৈয়ো ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল সংখ্যালঘু মুছলমান সমাজৰ মাজত ঈদে এক জাতীয় সমন্বয়ৰ দায়িত্ব পালন কৰি আহিছে।
গতিকে এইধৰণৰ অনেকবোৰ দিশ থকাৰ পাছতো আমি ধৰ্মবিৰোধী যুক্তিবাদী মহলে এইধৰণৰ উৎসৱ এটাক কেৱল ধৰ্মীয় উৎসৱ বুলি অস্পৃশ্য কৰাটো উচিত নে?
ঈদ এটা বিশুদ্ধ ধৰ্মীয় উৎসৱ বোলা কাৰবাৰটো আচলতে হিন্দুত্ববাদীৰ কাৰচাজি। কট্টৰ হিন্দুত্ববাদীসকলে যিদৰে বিশুদ্ধ হিন্দুত্বৰ কথা কৈ মৌলবাদী হৈ পৰিছে, সেইদৰেই ঈদৰ ক্ষেত্ৰটো তেওঁলোকে ঈদৰ বাকী সকলোধৰণ সাংস্কৃতিক সামাজিক অংগক বাদ দি বিশুদ্ধ ধৰ্মীয় উৎসৱ কৰাৰ উদ্দেশ্যপ্ৰণোদিত কাৰচাজিৰে বিভিন্ন ধৰণৰ প্ৰয়াস কৰা দেখা যায়। ঈদৰ যি জাতীয় সামাজিক চৰিত্ৰ তাক ঢাকি সম্পূৰ্ণ ধৰ্মীয়কৰণ কৰিব পাৰিলেই সংখ্যাগুৰু হিন্দুত্ব ৰাষ্ট্ৰ পিয়াসী সকলৰ বাবে লাভেই লাভ। কাৰণ হিন্দুত্ববাদী সকলে এই কথা ভালদৰে বুজি পায় যে ঈদক সম্পূৰ্ণ ধৰ্মীয়কৰণ কৰিব পাৰিলে সামাজিক চৰিত্ৰ, কৃষ্টি-সংস্কৃতিবোৰ কিদৰে একমাত্ৰিক হৈ লোপ পাব।
এনে এক পৰিস্থিতিত আমি যুক্তিবাদী মহলেও সেই হিন্দু মৌলবাদীসকলৰ সুৰত সুৰ মিলাম নেকি? তেওঁলোকে ভবাৰ দৰেই আমিও ভাবিম নেকি? আমি ধৰ্মক বিৰোধীতা কৰা মানেই কোনো এটা বস্তুৰ সামাজিক জাতীয় চৰিত্ৰ আৰু তাৰ গুৰুত্বক দলিয়াই পেলাব নোৱাৰোঁ। যদি তেনে কৰোঁ তেন্তে সেয়া বিশুদ্ধ যান্ত্ৰিক যুক্তিবাদ হৈ নপৰিব নে?
গতিকে ইমানবোৰ জাতীয় সামাজিক চৰিত্ৰ থকাৰ পাছতো অকল একমাত্ৰিকভাৱে ঈদ ধৰ্মীয় উৎসৱ বুলি ঈদ-বিহুৰ সমন্বয় সন্মিলন পাতিব নোৱাৰিব বোলা কথাটো সঠিক নহয়।
ইয়াতে প্ৰশ্ন আহিব গো-পূজা, হনুমান জয়ন্তী আদিও বিহুৰ লগতে একেলগে উদযাপন কৰিবলৈ দিব নে? কথা হ’ল গো-পূজা আৰু হনুমান জয়ন্তী হ’ল অসমলৈ নব্য আমদানিকৃত ধৰ্মীয় সংস্কৃতি। অসমৰ মাটি পানী বতাহৰ লগত ইয়াৰ কোনো ঐতিহাসিক সম্পৰ্ক নাই। তাতকৈয়ো ডাঙৰ কথা হ’ল ইয়াৰ মাজত সোমাই আছে হিন্দুত্ববাদ প্ৰচাৰ আৰু হিন্দুত্বকৰণৰ কুটিল ৰাজনৈতিক অভিসন্ধি তথা বিহুক ধৰ্মীয়কৰণ কৰাৰ ধান্দা। গতিকে পোনচাটেই ইয়াৰ বিৰোধীতা কৰাটো আমাৰ নৈতিক দায়িত্ব।
তাৰ পৰিবৰ্তে অসমীয়া মুছলমান সকলে অসমৰ মাটি-পানীৰ লগত একাত্ম হৈ শ-বছৰীয়া পুৰণি কিছু কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিছে। যিবোৰে অসমীয়াৰ ঐতিহ্য আৰু ইতিহাসক সোঁৱৰায়। দুখৰ কথা যে অসমীয়া সমাজত থকা সাংস্কৃতিক আধিপত্য আৰু সংখ্যালঘু হোৱাৰ বাবেই মাটি-পানীৰ পৰা উঠি অহা এই সংস্কৃতিয়ে অসমীয়াৰ বৰঘৰত ঠাই নাপালে। আলৈ-এঠানি হৈ বহুবোৰ এতিয়া অধুনালুপ্ত। এনে এক পৰিস্থিতিত যদি সমন্বয়ৰ কথা আগত ৰাখি মুছলমান সমাজে ঈদ-বিহুৰ সমন্বয়ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তাত আমি ধৰ্মৰ ভূত দেখাটো অনুচিত। বৰঞ্চ ইয়াক আমি বৰ্তমানৰ বিষাক্ত সমাজ-ৰাজনীতিত প্ৰতিৰোধৰ সংস্কৃতি ৰূপে থিয় কৰাবহে লাগে। যাৰ দ্বাৰা বিহুক হিন্দুত্ববাদীয়ে হিন্দুত্বকৰণ অথবা আৰ্যীকৰণ কৰাৰ ক্ষেত্ৰতো হেঙাৰ হৈ সমন্বয়ৰ ঐতিহ্য বহন কৰিব।