কেন্দ্ৰীয় নিবন্ধ

ঈদ-বিহু সন্মিলন: এক সম্প্ৰীতি প্ৰচেষ্টাৰ আঁত ধৰি— (বৰ্ণালী বৰুৱা দাস)

পাতনি:

সদৰামিন হাজী কেফায়েৎউল্লা‌‌। নামটো হয়তো বহুতৰ বাবে অপৰিচিত। সেয়ে উল্লেখ কৰা প্ৰয়োজন যে গাঁৱৰ পৰা আনি নগৰত মুকলিকৈ বিহু উৎসৱ পতা প্ৰথমজন মানুহ আছিল হাজী কেফায়েৎউল্লা। তেওঁ আছিল ঊনৈশ শতিকাৰ গুৱাহাটীৰ হিন্দু-মুছলিম উভয় সম্প্ৰদায়ৰ এজন জনপ্ৰিয় নেতা‌। দুয়োটা সম্প্ৰদায়ৰ মাজত ঐক্য-সম্প্ৰীতিৰ সেঁতু গঢ়াৰ স্বাৰ্থতে তেওঁ মাছখোৱাৰ বালি চাপৰিত সাতদিনীয়াকৈ বিহু উৎসৱৰ আয়োজন কৰিছিল‌।(প্ৰসেনজিৎ চৌধুৰী(২০০৭), সমাজ সংস্কৃতি ইতিহাস, পৃ: ৮৯-৯০)‌। সেইয়া আছিল ঊনৈশ শতিকাৰ শেষৰ ফালৰ কথা‌। স্বাধীনতাৰ বহু বছৰ আগৰ‌। প্ৰফুল্ল দত্ত গোস্বামীৰ দ্বাৰা লিখিত সূত্ৰত যদিও ১৯৩১ চনতহে গুৱাহাটীত প্ৰথম বিহু উৎসৱ পতাৰ উল্লেখ আছে, হাজী কেফায়েৎউল্লাই মাছখোৱাৰ বালি চাপৰিত পতা বিহু উৎসৱ তাৰ বহুদিন আগৰ‌। সময়টো মিলাই চাবলৈ আমি আন এটা তথ্যৰ সহায় ল’ব পাৰোঁ‌। কুমুদেশ্বৰ হাজৰিকাই লিখা ‘ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী’ (২০০২, পৃ: ২১১) গ্ৰন্থত উল্লেখ কৰা মতে বৰ্তমানৰ মাছখোৱা মজলীয়া বিদ্যালয়খন ১৮৭০ চনত নিজা খৰচত স্থাপন কৰিছিল এই হাজী কেফায়েৎউল্লাই‌। বিদ্যালয়খনৰ নাম তেতিয়া তেখেতে দিছিল ‘হাজী কেফায়েৎউল্লা পাৰ্চী-সংস্কৃত বিদ্যালয়’‌। হিন্দু মুছলিম সমন্বয়ৰ আন্তৰিক তাগিদা এটা এই নামটোৱেও প্ৰতিফলিত কৰে। সি যি নহওক, কেফায়েৎউল্লাই পতা বিহু উৎসৱ যে প্ৰফুল্ল দত্ত গোস্বামী উল্লিখিত ১৯৩১ চনৰ ‘প্ৰথম বিহু উৎসৱ’ৰ বহু দিন আগৰ সেই কথা বুজিবলৈ মাছখোৱা বিদ্যালয়ৰ প্ৰতিষ্ঠা কালটোৱে আমাক সহায় কৰিব‌। কেফায়েৎউল্লাই পতা বিহুৱেই হওক বা ১৯৩১ চনৰ বিহুৱেই হওক, এইসমূহ আছিল মুকলিত পতা অনুষ্ঠান। আজিৰ দৰে মঞ্চত পতা প্ৰথম বিহু সন্মিলনখন হ’ল ১৯৫২ চনৰ  লতাশিলৰ বিহু সন্মিলন‌। সি যি নহওক, বিহু সন্মিলনৰ ইতিহাস খোচৰা আমাৰ আজিৰ প্ৰৱন্ধৰ উদ্দেশ্য নহয়‌। হাজী কেফায়েৎউল্লাই পতা সমন্বয়ৰ বিহু উৎসৱৰ আঁত ধৰি আমি সাম্প্ৰতিক সময়ত মাজে সময়ে ভূমুকি মৰা ‘ঈদ-বিহু- সন্মিলন’ শীৰ্ষক নব্য ধাৰাটোৰ বিষয়েহে আলোচনা কৰিবলৈ লৈছো‌।তাৰ আগতে বিহু আৰু ঈদৰ মূল উৎসৰ বিষয়ে কিছু কথা অৱতাৰণা কৰা যুগুত হ’ব‌।

ঈদৰ বিষয়ে যৎকিঞ্চিৎ:

‘ঈদ’ শব্দৰ অৰ্থ ‘উৎসৱ’‌। ইচলাম ধৰ্মীসকলে পালন কৰা মূলত: দুটা ধৰ্মীয় উৎসৱকে ‘ঈদ’ বুলি কোৱা হয়‌। এটা হ’ল ঈদ-উল-ফিতৰ আৰু আনটো হ’ল ঈদ-উল-আযহা‌।

ইচলাম ধৰ্মৰ ৫টা মূল স্তম্ভ হ’ল – কলিমা, নামাজ, ৰোজা, হজ আৰু জাকাত‌।

“কলিমা,নামাজ, ৰোজা, হজ, জাকাত
ফৰজ দুনীয়াৰ” (জিকিৰ)

দুয়োটা ঈদৰ লগত ইচলাম ধৰ্মীসকলৰ এই ধৰ্মীয় ফৰজ (ফৰ্জ) বা কৰ্তব্য সাঙোৰ খাই থাকে‌।

হিজৰী পঞ্জিকা অনুসৰি ৰমজান মাহৰ দীঘলীয়া ৰোজা ৰখাৰ শেষত শ্বাৱাল মাহৰ ১ তাৰিখে ঈদ-উল-ফিতৰ পালন কৰা হয়। ৰোজাৰ উপৰিও ফিতৰা (নিৰ্দিষ্ট পৰিমাণৰ ধন দুখীয়া মানুহৰ মাজত বিতৰণ কৰা) জাকাত (বিভিন্ন সম্পত্তিৰ বাবে দৰিদ্ৰ লোকক দান হিচাপে দিয়া নিৰ্দিষ্ট পৰিমাণৰ ধন) আদিও সক্ষমতা অনুসাৰে দিয়া হয়‌। ৰমজানৰ শেষৰ দিনা সূৰ্যাস্তৰ পাছত যেতিয়াই ঈদৰ জোন অৰ্থাৎ কাঁচি জোনটোৱে দেখা দিয়ে তেতিয়াৰ পৰাই শ্বাৱাল মাহৰ আৰম্ভণি বুলি গণনা কৰা হয়। জোন দেখা দিয়া এই ৰাতিটোক ধৰ্মীয়ভাৱে ইয়াওমুল জায়েজ (অৰ্থাৎ: পুৰস্কাৰৰ দিন) বুলিও বৰ্ণনা কৰা হয়। পিচদিনা পুৱাই ঈদ‌। সেইদিনা সমূহীয়া নামাজ কৰা হয়, ইজনে সিজনক আলিংগন কৰি   “ঈদ মোবাৰক” বুলি সম্ভাষণ জনায়। সাধ্যানুসৰি বিভিন্ন খাদ্য বস্তু পৰিৱেশনেৰে উৎসৱৰ আনন্দ সকলোৱে উপভোগ কৰে‌।

দ্বিতীয়টো ঈদ হ’ল ঈদ-উল-আযহা বা ঈদুজ্জোহা‌। ইচলাম ধৰ্মীয় ১২তম মাহ জ্বিলহজ্জৰ দশম দিনত এই ঈদ পালন কৰা হয়‌। এই মাহটোতে সুযোগ-সুবিধা অনুসৰি ইচলাম ধৰ্মীসকলে চৌদি আৰবৰ মক্কালৈ হজ কৰিবলৈ যায়‌। জ্বিলহজ্জ মাহৰ দশম দিনটোৰ পুৱা ফজৰৰ(পুৱাৰ) নামাজৰ পাছত ঈদগাহলৈ গৈ ঈদৰ নামাজ পঢ়ি নিজ নিজ সামৰ্থ্য অনুযায়ী ছাগলী, ভেড়া, গৰু, ম’হ, উট আদি আল্লাৰ নামত কুৰবানি দিয়ে। সেয়ে ইয়াক কুৰবানি ঈদ বুলিও কোৱা হয়‌। নবী ইব্ৰাহীমে নিজৰ পুত্ৰকেই আল্লাৰ নামত কুৰবানি কৰিবলৈ ওলোৱাৰ কাহিনী ইচলাম ধৰ্মীয় উৎসত বৰ্ণনা কৰা আছে‌। সেই অনুসৰি এই ঈদ ইচলাম ধৰ্মীসকলৰ বাবে ত্যাগৰ প্ৰতীক‌।

এই দুয়োটা উৎসৱ বা ঈদেই আল্লাই ইচলাম ধৰ্মীসকলৰ বাবে নিৰ্দিষ্ট কৰি দিছে বুলি নবীৰ দ্বাৰাই প্ৰচাৰিত হৈছিল আৰু সেই অনুসৰি বিশ্বৰ সকলো ইচলাম ধৰ্মী মানুহেই ধৰ্মীয় ভাবেৰেই ঈদ পালন কৰে‌। ইয়াত ভাতৃত্ববোধৰ বাণী আছে, ত্যাগৰ বাণী আছে‌, একতাৰ বাণী আছে। কিন্তু তাৰ মূল ভিত্তি হৈছে ধৰ্মীয় দৰ্শন‌। এক কথাত ঈদ হৈছে এক ধৰ্ম ভিত্তিক উৎসৱ‌।

বিহুৰ উৎপত্তি আৰু তাৰ দৰ্শন:

এই কথা নতুনকৈ কোৱাৰ আৱশ্যক নাই যে বিহু এক কৃষি ভিত্তিক উৎসৱ‌‌‌। গোষ্ঠীবদ্ধ আদিম সমাজত মানুহে সন্তান জন্ম দিয়া আৰু মাটিৰ পৰা গজালি ওলাই ফল ফুল শস্যৰ উৎপাদন হোৱা দুয়োটা প্ৰক্ৰিয়াৰ মাজত সাদৃশ্য দেখা পাইছিল‌। সেয়েহে মানুহৰ কামোদ্দীপক আচাৰ আচৰণ বা নৃত্য গীতে কৃষিৰ উৎপাদন বৃদ্ধি কৰিব বুলি কৰা যাদু বিশ্বাসৰ ফলত পৃথিৱীৰ বিভিন্ন ঠাইত এনে বহু লোক নৃত্য-গীত, পৰম্পৰা তথা উৎসৱৰ সৃষ্টি হৈছিল‌। বসন্তৰ আগমণৰ সময়ত উদ্‌যাপন কৰা অসমৰ ৰঙালী বিহু আৰু তাৰ নাচ গানবোৰো এই ধৰণৰ উৰ্বৰতা আকাংক্ষী যাদু বিশ্বাসৰে অংশ‌‌। বিহুৰ যি নিজস্ব শক্তিশালী দৰ্শন সিয়েই মানুহক তাৰ প্ৰতি আকৰ্ষিত কৰে‌। এই দৰ্শন কোনো জীৱনবিমুখ আধ্যাত্মিক দৰ্শন নহয়‌। মানুহৰ জীৱন ৰসেৰে সংপৃক্ত জীৱনমুখী দৰ্শন‌। এটা বাক্যতে হেমাংগ বিশ্বাসে বৰ সুন্দৰকৈ এই কথা প্ৰকাশ কৰিছে – “ধৰ্মপ্ৰভাৱমুক্ত ইহজাগতিকতা আৰু শ্ৰমশীল জীৱনৰ প্ৰতি অসীম মমতা – এয়াই হ’ল বিহুৰ দৰ্শন” (‌হেমাংগ বিশ্বাস ৰচনাৱলী- পৃষ্ঠা ১০৯)‌।

এই ধৰ্মপ্ৰভাৱমুক্ত দৰ্শনৰ বাবেই জাতি-ধৰ্মৰ সংকীৰ্ণ সীমা অতিক্ৰম কৰি মানুহে মুকলিকৈ বিহুত আনন্দ কৰিব পাৰে‌‌। অসমৰ সকলো জনগোষ্ঠীয়েই নিজ নিজ পৰম্পৰাৰে বিহু পালন কৰে‌। অসমত বাস কৰা ইচলামধৰ্মীসকলেও অতীজৰে পৰা বিহু পালন কৰি আহিছে‌। আনকি তেওঁলোকৰ নিজস্ব কিছুমান পিঠা-পনাও আছে, যিবোৰ অসমত বাস কৰা আন জনগোষ্ঠী যেনে আহোম, কছাৰি, বড়ো, মিচিং, বামুন, কলিতা আদিৰ লগত নিমিলে‌। আদা কুটি দিয়া বৰা চাউলৰ নিমখীয়া পিঠা, খেজুৰ পিঠা, মুঠিয়া পিঠা আদি উজনি অসমৰ ইচলাম ধৰ্মীসকলে বিহুত বনোৱা কিছুমান পৰম্পৰাগত পিঠা‌ (অসমীয়া পিঠা-পনা, ড০ মৃদুলা শইকীয়া বৰুৱা আৰু চৈয়দা নাৰ্জু ৰহমান, ‘প্ৰান্তিক’ ১-১৫ ফেব্ৰুৱাৰী, ২০০৫)‌। গৰু বিহুত সমূহীয়াভাৱে গৰুক গা-ধুওৱাৰ ক্ষেত্ৰতো কৃষিজীৱী ইচলামধৰ্মীসকলে অতীজৰে পৰা আন্তৰিকতাৰে ভাগ লৈ আহিছে‌।চৰ অঞ্চলৰ ইচলামধৰ্মীসকলেও নিজা ধৰণেৰে বিহু পালন কৰাৰ তথ্য পোৱা যায়‌ (চৰ-চাপৰিৰ বিহু পৰম্পৰা: ৰেহনা চুলতানা, ‘মুক্ত চিন্তা’, তৃতীয় বছৰ, প্ৰথম সংখ্যা‌। লেখাটো ইয়াত টিপি পঢ়িব পাৰিব) আনকি কৃষিৰ লগত সম্পৰ্কহীন হৈ পৰা নগৰীয়া অসমীয়াই কাতি বিহুক এলাগী কৰাৰ সময়তো চৰবাসীয়ে কাতি বিহুক ‘মৰা-কাতি’ নামেৰে এক বিশেষ ধৰণেৰে পালন কৰি আহিছে‌। মাঘ বিহুক পালন কৰি আহিছে পুষুৰা উৎসৱ ৰূপে‌। আকৌ চৰ চাপৰি অঞ্চলৰ মানুহৰ খহনীয়াৰ চিৰন্তন সমস্যাক লৈ লিখিত বিহুনামো প্ৰচলিত হৈ আছে‌। হাচিনা আহমেদে লিখা ‘চৰ চাপৰিত বিহু উৎসৱ’ শীৰ্ষক লেখাটিত তেনে দুটিমান বিহু গীতৰ উল্লেখ আছে‌। (পূৰ্ণ লেখাটোৰ বাবে ইয়াত টিপক)

পহুমৰা নৈখন কোনেনো খন্দালে
দুয়োপাৰ খহি খহি পৰে,
মোৰনো হৃদয়খন কোনেনো খন্দালে
বিৰহত জহি খহি পৰে।

নদীয়ে খহালে আমাৰ মাটি ভেটি
বানে উটুৱালে ঘৰ
তুমি সোণ খহালা
হৃদয়ৰ গৰাবোৰ
আপোন হৈ হ’লা যে পৰ।

বিহুৰ প্ৰতি কিমান একাত্ম হ’লে এনে সৃষ্টি সম্ভৱ, সেয়া সহজেই অনুমেয়‌‌। সি যি নহওক, জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে পালন কৰাৰ বাবেই বিহুক জাতীয় উৎসৱৰ মৰ্যদা দিয়া হৈছে‌।

বিহু জাতীয় উৎসৱ? কোনে ক’লে?

বিহু অসমৰ জাতীয় উৎসৱ‌। এই কথা বৰ্তমান সৰ্বজন স্বীকৃত‌। পিছে এই স্বীকৃতি বিহুৱে কেতিয়া পালে? আমাৰ এসময়ৰ শিক্ষিত সমাজৰ বিহুৰ প্ৰতি দৃষ্টিভংগী বাৰু কেনে আছিল? তলত দুটিমান উদাহৰণ—

০০ সঁচাকৈ বিহুত যেনে নিলাজ কথাবোৰ বকে, শুনিলেই কাণত হাত দি শ্ৰী বিষ্ণু সুঁৱৰি পলাব লাগে‌। এইবিলাক অসভ্য কাণ্ড আমাৰ বৰ লাজ অপমানৰ কথা‌। …… শিক্ষিত ভাইসকল, বিহুৰ সলনি উপকাৰী ধেমালি এটা সুমুৱাই, বিহুক সোনকালে আতৰাবৰ চেষ্টা কৰা‌। (Hemchandra Goswami edited Asamiya Sahityar Chaneki, Vol.III, Modern Period, Part –I), Calcutta, 1923, p: 326)

০০ বিহু হ’ল এক ‘কুৰীতি’ য’ত ‘সাধাৰণ লোকৰ স্ত্ৰীলোক আৰু লম্পট পুৰুষসকলে একত্ৰিত হৈ নাচ-গান কৰে‌। (হলিৰাম ঢেকিয়াল ফুকন, ‘আসাম বুৰঞ্জী’)

০০ নগাৱঁত থকাৰ সময়ত আনন্দৰাম ঢেকীয়াল ফুকনে সেইসময়ত নগাঁৰৰ ঠায়ে ঠায়ে বিহু উপলক্ষে অনুষ্ঠিত হোৱা “অশ্লীল নৃত্য-গীত” বন্ধ কৰাইছিল আৰু “সেই ৰূপ কাৰ্য যে অনিষ্টকৰ” সেই কথা সকলোকে বুজাই দিছিল‌। (আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ, গুণাভিৰাম বৰুৱা)

বিহুক লৈ এসময়ত নব্য শিক্ষিত অসমীয়া মধ্যবিত্তৰ এনে নাক কোচোৱা উক্তিৰ উদাহৰণ দি শেষ কৰিব নোৱাৰি‌। আগ্ৰহীসকলে যুক্তিবাদী লিখক প্ৰসেনজিৎ চৌধুৰীৰ ‘ঊনবিংশ শতিকাৰ অসমত এভূমুকি’ গ্ৰন্থত সংকলিত ‘ঊনবিংশ শতিকাৰ বিদ্বৎ সমাজ আৰু বিহু’ শীৰ্ষক ৰচনাখন মেলি চাব পাৰে।

বৰ্ণহিন্দু অসমীয়া শিক্ষিত মহলে সাধাৰণ খাটিখোৱা মানুহৰ কৃষিভিত্তিক উৎসৱ বিহুক অৱজ্ঞাৰ চকুৰে চাইছিল‌। প্ৰকৃতিক জয় কৰাৰ এই সমষ্টিগত আদিম প্ৰয়াসক উচ্চ শ্ৰেণীৰ লোকচামে ‘অশ্লীল’ বুলি ভবাটোৱেই স্বাভাৱিক‌। তেওঁলোকৰ ‘ভদ্ৰজনোচিত’ আদব-কায়দাৰ সৈতে খাপ নোখোৱা বিহুক সেয়েহে বিতাৰিত কৰাৰ বিভিন্ন কুচকাৱাজ চলিছিল‌। ১৯৩১ চনত প্ৰকাশিত প্ৰখ্যাত The Pronouncing Anglo Assamese Dictionaries,ৰ প্ৰণেতা নগাঁৱৰ বুদ্ধীন্দ্ৰ নাথ দিলিহিয়াল ভট্টাচাৰ্যই আনকি আইন পাচ কৰি বিহুক নিষিদ্ধ কৰিবলৈকো চৰকাৰক পৰামৰ্শ দিছিল‌। ভট্টাচাৰ্যই ১৮৯৮ চনত ‘The national guardian’ নামৰ কাকতত ‘The Assamese Bihoo’ শীৰ্ষক এক প্ৰৱন্ধ লিখিছিল‌। উল্লিখিত প্ৰসেনজিৎ চৌধুৰীৰ কিতাপখনৰ পৰাই ভট্টাচাৰ্যৰ সেই প্ৰৱন্ধৰ একাংশ তুলি দিছোঁ – “When the dancing waxes high, the dancers, both men and women become frenzied and behave very indecently…… This notorious Bihoo greatly demoralizes the Assamese, especially the lower classes, where grown up girls are free in their movements as long as they live with their parents. ”

অসমীয়া শিক্ষিত মধ্যবিত্তৰ বিহুৰ প্ৰতি এই অৱজ্ঞাৰ পাছতো কিন্তু বিহুৱে জাতীয় উৎসৱৰ মৰ্যদা পালে‌। তাৰ বাবেও আকৌ নাম ল’ব লাগিব এজন বঙ্গভাষীৰহে‌। তেওঁৰ নাম ৰাম কুমাৰ বিদ্যাৰত্ন‌। অসমপ্ৰেমী বাঙালী ৰাম কুমাৰ বিদ্যাৰত্ন আছিল এজন ব্ৰাহ্ম প্ৰচাৰক‌। তেওঁ বহুবাৰ অসমলৈ আহিছিল আৰু বিহুক ‘অশ্লীল’ বুলি শিক্ষিত সমাজে প্ৰচাৰ কৰা কথাবোৰো শুনিছিল‌। তাৰ পাছতো কিন্তু তেওঁ কৈছিল, “বিহু এ প্ৰদেশীয় জনসাধাৰণেৰ একটি হৃদয়োৎসৱ‌‌।” তিনিটা বিহুৰ কথা উল্লেখ কৰাৰ পাছত তেওঁ কৈছে “ইহাৰ মধ্যে চৈত্ৰ বিহুকেই জাতীয় পৰ্ব বলা যাইতে পাৰে‌।” (আসামে চা-কুলি আন্দোলন ও ৰাম কুমাৰ বিদ্যাৰত্ন, কলিকতা, ১৮৮৯) লেখক প্ৰসেনজিৎ চৌধুৰীয়ে ৰাম কুমাৰৰ এই বাক্য উদ্ধৃত কৰি কৈছে যে “খুব সম্ভৱ বহাগ বিহুক প্ৰকৃত অৰ্থত জাতীয় উৎসৱৰ মৰ্যদা দিয়া প্ৰথম মানুহজন বংগদেশীয় ব্ৰাহ্ম প্ৰচাৰক ৰামকুমাৰ বিদ্যাৰত্ন‌। কিয়নো ১৮৮১ চনৰ পূৰ্বে কোনোবাই নি:সংকোচে বহাগ বিহুক জাতীয় উৎসৱ বুলি অভিহিত কৰাৰ তথ্য আমি এতিয়ালৈকে পোৱা নাই‌।” (বিহু পৰিক্ৰমা: ঊনৈশ শতিকাৰ পৰা বৰ্তমানলৈকে, জাতীয় উৎসৱৰ জন্মেতিহাস’, গ্ৰন্থ-“সমাজ, সংস্কৃতি, ইতিহাস”, পৃ: ৮১)‌। তাৰ বিপৰীতে সেই সময়ৰ শিক্ষিত অসমীয়াই বিহুক নহয়, দূৰ্গা পূজাকহে জাতীয় উৎসৱৰ মৰ্যদা দিয়াৰ প্ৰতি আগ্ৰহী আছিল‌। প্ৰকাশ্যে সেই কথা কোৱাৰ বহু তথ্য ইতিহাসত লিপিবদ্ধ হৈ আছে‌।

এনে পৰিপ্ৰেক্ষিততেই ৰামকুমাৰ বিদ্যাৰত্নই বিহুক জাতীয় উৎসৱ বুলি কোৱা বা কেফায়েৎউল্লাহে মাছখোৱাত সাতদিনীয়াকৈ বিহু পতা কথাটোৰ তাৎপৰ্য অনুধাৱন কৰা উচিত হ’ব‌।

বিহুৰ বিৱৰ্তন:

সংস্কৃতিৰ পৰিৱৰ্তন হ’বই‌। কাৰণ সি স্থবিৰ বস্তু নহয়‌। কৃষিজীৱী মানুহৰ শ্ৰমৰ লগত জৰিত বা অধিক স্পষ্টকৈ সামূহিক কৃষি শ্ৰমৰ পৰা উদ্ভূত বিহুলৈও সময়ে পৰিৱৰ্তন আনিছে‌। সমাজলৈ অহা পৰিৱৰ্তনবোৰ বিহু নামৰ মাজেৰে কেনেকৈ প্ৰকাশ পাইছে সেই সম্পৰ্কে বিভিন্ন জনে বিস্তৃতভাৱে দেখুৱাই থৈছে‌। সেই সম্পৰ্কে অধিক নকৈ মাত্ৰ এটিমান উদাহৰণ উল্লেখ কৰিব খুজিছো‌ঁ। আহোম ৰাজত্বকালত বিহুৱে বিশেষ মৰ্যদা সহকাৰে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল‌। তেনেকৈ ৰাজ অনুগ্ৰহত মুকলি পথাৰৰ বিহু ৰজাৰ চোতালত প্ৰৱেশ কৰাত স্বাভাৱিকতেই কিছু পৰিৱৰ্তন আহিছিল‌। আহোম স্বৰ্গদেউক লৈ চহা শিল্পীয়ে সম্ভ্ৰমেৰে বিহুনাম ৰচিছিল –

স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলে
দুলীয়াই পাতিলে দোলা
কাণতে জিলিকিল নৰাৰ জাঙেফাই
গাতে গোমচেঙৰ চোলা‌।

আকৌ পাছলৈ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ অজানিতেই বিহুৰ ওপৰতো পৰিছিল‌। সেই প্ৰভাৱত আহোম ৰজাৰ কাণৰ নৰাৰ জাংফাই পৰিৱৰ্তন হৈছিল ‘মকৰে কুণ্ডল’লৈ, – যি আছিল শাস্ত্ৰ বৰ্ণিত কৃষ্ণৰ কাণৰ অলংকাৰে।

স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলে
দুলীয়াই পাতিলে দোলা
কাণতে জিলিকিল মকৰে কুণ্ডলে
গাতে গোমচেঙৰ চোলা‌।

শংকৰদেৱৰ নাম ধৰ্মৰ প্ৰভাৱত হুঁচৰিৰ পদত ‘গোবিন্দাই ৰাম’ আদিৰ সংযোগো বিহুলৈ অহা এক পৰিৱৰ্তন‌।

পিছে এনে পৰিৱৰ্তনসমূহ আহিছে স্বত:স্ফূৰ্তভাৱে‌। কোনেও পৰিকল্পিতভাৱে অনা নাই। যেতিয়াই পৰিৱৰ্তনবোৰ কৃত্ৰিম, যান্ত্ৰিক তথা উদ্দেশ্য প্ৰণোদিত হয় তেতিয়াই সি হৈ পৰে বিকৃত‌। তেনে বিকৃতিৰ কথা এইখিনিতে উল্লেখ কৰা উচিত হ’ব‌।

বিহুক আহোম শাসনতন্ত্ৰই যি মৰ্যদা দিছিল, বৃটিচৰ আগমনত আহোম ৰাজত্বৰ অন্ত পৰাৰ লগে লগে বিহুৱেও মৰ্যদা হেৰুওৱাৰ উপক্ৰম হৈছিল। জনজাতীয় সমাজৰ বিহুৰ প্ৰতি বৰ্ণবাদীসকলৰ পূৰ্বৰ ঘৃণা আছিলেই‌। বৃটিচৰ আমোলত নব্য শিক্ষাৰে শিক্ষিত হোৱা সেই চামৰ ঘৃণা যেন আৰু বৃদ্ধি পালে‌। তেনে শ্ৰেণীৰ মানুহৰ বিহুৰ প্ৰতি প্ৰকাশ্য বিষোদগাৰৰ আৰু নিষিদ্ধকৰণৰ ষড়যন্ত্ৰৰ কেইটামান উদাহৰণ ইতিমধ্যে দিয়া হৈছেই‌। কিন্তু এইবোৰ কুৎসা ৰটনা, তুচ্চ তাচ্চিল্য আৰু ঘৃণনীয় ষড়যন্ত্ৰক ওপৰাই বিহু বৰ্তি থাকিল নিজস্ব শক্তিৰ বলত‌।এই ক্ষেত্ৰতো আকৌ মৈমত টাটিঙা আৰু চেনি গাভৰু নামৰ বিহুৱা বিহুৱতী দুজনৰ অৱদানৰ কথা কোনো কোনো সূত্ৰই ক’ব খোজে‌। বহুতেই তেওঁলোক জন্মসূত্ৰে ইচলাম ধৰ্মী বুলিও মত প্ৰকাশ কৰে‌। (পুৰণি গুদামৰ বুৰঞ্জী, আনন্দ দাস)‌।

সি যি নহওক, বিহুক অপসাৰিত কৰিব নোৱাৰি বিহুক ঘৃণা কৰা তথাকথিত উচ্চবৰ্ণৰ ব্যৰ্থ কাণ্ডাৰীসকলৰ উত্তৰসুৰীয়ে এইবাৰ ল’লে অন্য পন্থা‌। আৰম্ভ হ’ল জনজাতীয় মূলৰ বিহুৰ আৰ্যীকৰণ প্ৰক্ৰিয়া‌। পৰিকল্পিতভাৱে এনে মত প্ৰচাৰ কৰাত লাগিল যে ‘বিহু’ শব্দটো আহিছে সংস্কৃত ‘বিষুব’ বা ‘বিষু’ শব্দৰ পৰা যাৰ সৈতে সম্পৰ্কিত হৈ আছে ভাৰতীয় জ্যোতিৰ্বিজ্ঞান‌! তেনেদৰে ‘মেজি’ শব্দটো হেনো আহিছে সংস্কৃত ‘মেধ্য’ শব্দৰ পৰা, হুঁচৰি গোৱা পৰম্পৰা আহিছে সামবেদৰ পৰা ইত্যাদি ইত্যাদি‌।

বিহুৰ ধৰ্মমুক্ত চৰিত্ৰত ব্ৰাহ্মণ্যবাদী হিন্দু ধৰ্মৰ সংযোগ ঘটোৱা এই প্ৰক্ৰিয়া স্বত:স্ফূৰ্ত নহয়‌। ই অতি পৰিকল্পিতভাৱে‌ অনা বিকৃতি। কৃষিৰ অংগাংগী গৰু কেইটাক চাফ-চিকুণ কৰি গা-ধুওৱা, যত্ন লোৱা আদি পৰম্পৰাক ‘গো-পূজন’ৰ ৰূপ দিয়া হৈছে‌। শষ্য চপোৱা উৎসৱ পাতি শীতকালত সামূহিকভাৱে জুই জ্বলাই আনন্দ কৰা পৰম্পৰাক ‘অগ্নি পূজন’ৰ ৰূপ দিয়া হৈছে‌। এনেদৰে বিহুৰ জনজাতীয় চৰিত্ৰৰ আমূল পৰিৱৰ্তন কৰি ইয়াক ধৰ্মৰ সংকীৰ্ণ গণ্ডীলৈ ঠেলি দিয়াৰ প্ৰচেষ্টা চলিছে‌।

তাৰ লগত যুক্ত হৈছে বিহুৰ পণ্যায়ন‌ বা বাণিজ্যিকীকৰণ‌। গাঁৱৰ পথাৰ, গছ-তল এৰি নগৰৰ মঞ্চত উপবিষ্ট বিহুৰ গাৰ পৰা তগৰ-কেতেকীৰ মলমলীয়া গোন্ধৰ সলনি নি:সৰিত হ’ল ডেনিম, ম’নেট, য়াৰ্ডলিৰ সুগন্ধ‌। সমষ্টিগত আনন্দ উলাহৰ ঠাইত তুমুল প্ৰতিযোগিতাৰে ব্যক্তিগত শিল্পীৰ আত্মপ্ৰকাশৰ মাধ্যম হৈ পৰিলে বিহুৰ মঞ্চ‌। বিহুৰ শিল্পীক ‘ৰজা-ৰাণী’, ‘সম্ৰাট-সম্ৰাজ্ঞী’, ‘কোঁৱৰ-কুৱঁৰী’ আদি বিভিন্ন খিতাপেৰে ভোগৰ পৃথিৱী এখনলৈ আগবঢ়াই অনা হ’ল‌। সাম্প্ৰতিক সময়ত গাড়ী-বাৰী সকলোখিনি আগবঢ়াই বহুজাতিক বাণিজ্যিক কোম্পানীৰ হাতত বিহুক যেন আনন্দেৰে অৰ্পণ কৰা হৈছে‌। সন্মিলন পতাৰ নামত ছান্দা সংগ্ৰহৰ উদ্ভণ্ডালিবোৰ আছেই‌। বিহু সন্মিলন পাতিবলৈ সমিতিবোৰক চৰকাৰী ধন আগবঢ়াবলৈকো আৰম্ভ কৰিছে‌।তদুপৰি বিহুৰ বিশ্ব ৰেকৰ্ড গঢ়াৰ নামত কৰা জনগণৰ ধন আৰু সময়ৰ অপব্যয়ৰ দিশটোও মন কৰিবলগীয়া‌।

মুঠতে আৰ্যীকৰণ আৰু বাণীজ্যিকিকৰণ দুয়োটাই মিলি বিহুৰ মূলগত নিৰ্যাস প্ৰায় নি:শেষ কৰিবলৈ আগবাঢ়িছে‌।

আৰু ঠিক এনে সময়তে সমাজত ভূমুকি মাৰিছেহি ‘ঈদ-বিহু সন্মিলন’ নামৰ এক নব্য সমন্বয়াকাংক্ষী প্ৰচেষ্টাই‌।

ঈদ-বিহুৰ সমন্বয়ৰ স্বৰূপ:

ঈদ আৰু বিহুৰ উৎপত্তিৰ ইতিহাসে এই কথা স্পষ্ট কৰে যে দুয়োটাৰ মাজত বিস্তৰ দৰ্শনগত পাৰ্থক্য বিদ্যমান‌। ঈদ হৈছে বিশ্বৰ সকলো ইচলামধৰ্মী মানুহৰ এটা ধৰ্মীয় উৎসৱ আৰু বিহু হৈছে জাতি-ধৰ্ম-গোষ্ঠী নিৰ্বিশেষে সকলো অসমবাসীৰে লোক-উৎসৱ‌। দুয়োটাক একেলগ কৰি পালন কৰাৰ আঁৰত কাৰোবাৰ সমন্বয়ৰ উদ্দেশ্য থাকিব পাৰে, পিছে সেই কামে যে সম্প্ৰীতিৰ সলনি বিভেদহে প্ৰকট কৰে তাক অনুধাবন কৰিব নোৱাৰাটো এক ৰাজনৈতিক অসচেতনতাৰ লক্ষণ‌। বিহু বা ঈদ এটাৰো বিষয়ে যাৱতীয় জ্ঞান নথকা লোকেহে এনে কাৰ্যক সমৰ্থন কৰিব পাৰে‌।

বিভেদকামী শক্তিয়ে বৰ্তমান সমাজত এনেদৰে ধৰ্মীয় মেৰুকৰণ কৰি পেলাইছে যে বিহুৰ দৰে এটা ধৰ্ম-নিৰপেক্ষ সংস্কৃতিকো সমগ্ৰ অসমীয়াৰ উৎসৱৰ সলনি কেৱল হিন্দুৰ উৎসৱ বুলি ভাবিবলৈ বাধ্য কৰাইছে‌। যেন ইচলাম ধৰ্মীয় উৎসৱ ঈদৰ লগত “হিন্দু ধৰ্মীয় উৎসৱ বিহুক”(!!) একেলগে পালন কৰিলে সি এক সমন্বয়ৰ প্ৰতীক হৈ উঠিব‌। বিহুক পৰিকল্পিতভাৱে হিন্দুৰ উৎসৱত পৰিণত কৰিব খোজা সাম্প্ৰদায়িক শক্তিয়ে এই সুযোগ পুৰা মাত্ৰাই গ্ৰহণ কৰিছে‌। ‘গো-ভক্ষণকাৰী’ক ‘গো-পূজনকাৰীৰ উৎসৱ’ (!!) কলুষিত নকৰিবলৈ ভয়-ভাবুকি পৰ্যন্ত প্ৰদান কৰিছে‌। ফলত দুয়ো সম্প্ৰদায়ৰ মাজৰ আকাংক্ষিত সমন্বয়ৰ ঠাইখিনি অধিকাৰ কৰিছেহি বিভেদৰ বিষবাষ্পই‌।

বিহু হওক অকৃত্ৰিম সমন্বয়ৰ প্ৰতীক:

ধৰ্মীয় ভেদাভেদৰ এই পৰিবেশৰ বিৰুদ্ধে যুঁজ দিবলৈ বিহুৰ দৰে উপযোগী অস্ত্ৰ আৰু কি হ’ব পাৰে? বিবিধ জাতি-ধৰ্মৰ মানুহৰ মাজত আন্তৰিক সমন্বয় সাধনৰ বাবেও বিহুতকৈ উপযোগী সংস্কৃতি আন কিয়েই বা হ’ব পাৰে?

হাজী কেফায়েৎউল্লাই যেনেকৈ বিহুকেই সমন্বয়ৰ প্ৰতীক ৰূপে বাচি লৈছিল, সেই প্ৰচেষ্টাক পুনৰুদ্ধাৰ কৰি আগুৱাই নিয়াহে প্ৰকৃত সমন্বয়কামীৰ কৰ্তব্য হোৱা উচিত। বিহুৰ লগত ঈদৰ সংযোগ ঘটাই কৃত্ৰিম সমন্বয়ৰ চেষ্টা কৰিলে সি বুমেৰাং হোৱাই স্বাভাৱিক‌।

ধৰ্ম-নিৰপেক্ষ, প্ৰগতিশীল মহলে বিহুক ধৰ্ম প্ৰভাৱমুক্ত প্ৰকৃত জাতীয়  উৎসৱ ৰূপে গঢ়ি তুলিবলৈকে অহৰহ চেষ্টা চলাব লাগিব‌। তাৰ বাবে বিহুক তিনিটাৰ গৰাহৰ পৰা সচেতনভাৱে ৰক্ষা কৰিব লাগিব‌।–

১) বিহুৰ মুক্ততাক সংকীৰ্ণ ধৰ্মীয় গণ্ডীত আৱদ্ধ কৰিব খোজা সাম্প্ৰদায়িক শক্তিৰ পৰা,

২) জনসাধাৰণৰ বিহুৰ প্ৰতি থকা আকৰ্ষণক মুনাফাৰ বাবে কামত লগাই বিকৃত কৰা বণিক গোষ্ঠী আৰু মুনাফা লোভী শিল্পীৰ পৰা‌,

৩) সীমাহীন মৌলিক সমস্যাৰ কথা পাহৰাই জনসাধাৰণক বিহুৰ আনন্দত মতলীয়া কৰি ৰখা কৌশলী শাসকৰ পৰা‌।

সামৰণি:

দুটা খাপ নোখোৱা বস্তুক জোৰ জুলুম কৰি মিলাবলৈ গ’লে গোটেই বস্তুটোৱেই ভাঙি যোৱাৰ সম্ভাৱনাহে প্ৰৱল‌। তাক যদি কোনোবাই এক বিকল্প সংস্কৃতি বুলিও থিয় কৰাব খোজে তাত আন আহুকালৰ লগতে আনকি কাৰিকৰী অসুবিধাও আছে‌। ঈদ পালিত হয় হিজৰী কেলেণ্ডাৰ মতে চান্দ্ৰমাহক কেন্দ্ৰ কৰি, আনহাতে বিহু পালিত হয় সৌৰ মাহ অনুসৰি। হিজৰী কেলেণ্ডাৰৰ সতে সৌৰ কেলেণ্ডাৰৰ ১১/১২ দিনৰ পাৰ্থক্য থাকে‌। সেই বাবে একে সময়তে ঈদ আৰু বিহুৰ তাৰিখ পৰিবলৈকো প্ৰায় ৩০ বছৰৰ প্ৰয়োজন‌। ৩০ বছৰত এবাৰকৈ এনে সমন্বয়ৰ উৎসৱ পাতিবলৈ অপেক্ষা কৰি থকাৰ জানো কিবা যুক্তি আছে? বা তেনে প্ৰকল্পই জানো সঁচাকৈয়ে সমন্বয় সাধন কৰিবলৈ সক্ষম হ’ব? আচলতে সমন্বয় এটা নিৰৱচ্ছিন্ন আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া যিটো বিহুৰ মাজত ইতিমধ্যে আছেই‌।তাক উলাই কৰি বাহ্যিকভাৱে একেখন মঞ্চত এবাৰ জিকিৰৰ দলক আৰু এবাৰ হুচৰিৰ দলক উঠাই দিলেই সমন্বয় সাধন হ’ব বুলি ভবাৰ কোনো থল নাই‌।

আশা কৰিম ‘ঈদ-বিহু’ৰ দৰে আচহুৱা ফিউজন সংস্কৃতিৰ বিপৰীতে বিহুৱে তাৰ প্ৰকৃত ৰূপ ঘূৰাই পাব‌। দূৰন্ত ৰসেৰে ভৰা বিহুৰ আদিম আৰণ্যক মদিৰা সকলোৰে শিৰাই শিৰাই বিয়পি পৰিব আৰু সমাজৰ ‘আঘৈয়া হুল’ উভালিবলৈ বিহুৰ মাজতেই সংগ্ৰামী জনতাই বিচাৰি উলিয়াব আমোঘ সমল‌।

One thought on “ঈদ-বিহু সন্মিলন: এক সম্প্ৰীতি প্ৰচেষ্টাৰ আঁত ধৰি— (বৰ্ণালী বৰুৱা দাস)

  • Archana Sharma

    বহুতো নজনা কথা জানিব পাৰি উপকৃত হলো।
    বিহু আৰু ঈদ দুয়োটাই স্বকীয়তা বজাই ৰাখি হৈ ৰওক সমন্বয়ৰ প্ৰতীক।উগ্ৰ হিন্দুত্ববাদ, ধৰ্মীয় মেৰুকৰন আৰু ৰাজনীতিৰ মেৰপাকৰ পৰা বিহু মুক্ত হওক।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *