বিজ্ঞান-প্ৰযুক্তিসাক্ষাৎকাৰ

জ্যোৰ্তিবিজ্ঞানী ড⁰ বৰ্ণালী দাসৰ সৈতে বাৰ্তালাপ (হৃষীকেশ বৰপূজাৰী)

আঠোটাকৈ উষ্মতম নক্ষত্ৰৰ বৈশিষ্ট্যৰ বিষয়ে গৱেষণা কৰি জ্যোতিৰ্বিজ্ঞানলৈ তাৎপৰ্যপূৰ্ণ অৱদান আগবঢ়োৱা গৱেষক ড⁰ বৰ্ণালী দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ “মুক্ত চিন্তা”-ৰ পাঠকসকললৈ আগবঢ়োৱা হ’ল। সুদূৰ আমেৰিকাৰ পৰাই, নিজৰ ব্যস্ততাৰ মাজতো “মুক্ত চিন্তা”-ৰ পাঠক সমাজলৈ ইমানখিনি সময় আগবঢ়োৱা বাবে ড⁰ দাসলৈ অশেষ ধন্যবাদ।

প্ৰশ্ন:- আপোনাৰ শৈশৱ আৰু স্কুলীয়া জীৱনৰ কথা অলপ কওকচোন। ঘৰুৱা পৰিৱেশ আৰু চৌকাষৰ সমাজখনে আপোনাৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলাইছিল? সৰুতেই বিজ্ঞানৰ প্ৰতি আপোনাৰ আগ্ৰহ জন্ম হৈছিলনে?

উত্তৰ:- মই অংকুৰৰ পৰা দশমমানলৈকে শংকৰদেৱ শিশু নিকেতন পাটাছাৰকুছিত অধ্যয়ন কৰিছিলোঁ। বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলাত সকলোতকৈ বেছি অৱদান আছে মোৰ মাৰ। মোৰ মা (শিৰণ কলিদা দাস) আছিল বিজ্ঞানৰ শিক্ষয়িত্ৰী (বৰ্তমান অৱসৰপ্ৰাপ্ত)। তেখেতে বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰা মই সৰুৰে পৰা দেখিছিলোঁ। তেখেত ৰাষ্ট্ৰীয় শিশু-বিজ্ঞান সমাৰোহৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। মোক আৰু বাইদেউক বিভিন্ন বিজ্ঞান প্ৰদৰ্শনীলৈ লৈ গৈছিল। সেইবোৰত অংশগ্ৰহণ কৰিবলৈ উৎসাহ দিছিল। মাই বাইদেউ আৰু মোৰ বাবে ঘৰতে কৰিব পৰা ৰসায়ন বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ বিভিন্ন কিতাপো আনি দিছিল; লগতে তাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি আনি দিছিল। সেই পৰীক্ষাবোৰ কৰি মই খেলা-ধূলা কৰাৰ দৰেই আনন্দ পাইছিলোঁ। এইবোৰ দেখি শুনিয়েই মই বিজ্ঞানৰ প্ৰতি আকৃষ্ট হৈছিলোঁ।

প্ৰশ্ন:- আপোনাৰ তেতিয়াৰ সহপাঠী বা সতীৰ্থসকলৰ কথা এতিয়া কি দৰে স্মৰণ কৰিব?

উত্তৰ:- সঁচা ক’বলৈ গ’লে সৰুতে মোৰ বন্ধু-বান্ধৱীৰ সংখ্যা খুবেই কম আছিল। কিন্তু যিকেইগৰাকী বান্ধৱী পাইছিলোঁ, তেওঁলোকৰ লগত এতিয়াও খুব ভাল সম্পৰ্ক আছে। মোৰ এটি খুবেই ভাল লগা স্মৃতি হৈছে একেলগে গ্ৰন্থমেলাত ঘূৰি ফুৰা। আমি প্ৰায় একেলগে বিভিন্ন গ্ৰন্থমেলালৈ গৈছিলোঁ কোনো অভিভাৱক/অভিভাৱিকা নোহোৱাকৈ। মনৰ আনন্দেৰে কিতাপ কিনিছিলোঁ, আৰু সেইবোৰ সলনা-সলনিকৈ পঢ়িছিলোঁ। এতিয়াও সেই দিনবোৰ মনত পৰিলে ভাল লাগি‌ যায়।

প্ৰশ্ন:- স্কুলৰ শিক্ষা সমাপ্ত কৰাৰ পাছত, উচ্চশিক্ষাৰ বাটত আপুনি কেনেদৰে আগ বাঢ়িছিল?

উত্তৰ:- মই পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা উচ্চ মাধ্যমিক (বিজ্ঞান শাখা) পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। ইয়াৰ পাছত মই দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হংসৰাজ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক উপাধি লাভ কৰোঁ। তাৰ পাছত মই JAM (JOINT ADDMISSION TEST FOR MASTERS) পৰীক্ষাৰ যোগেদি IIT কানপুৰত M.Sc. (Physics) পঢ়াৰ সুযোগ পাওঁ। M.Sc. প্ৰথম বৰ্ষৰ পৰীক্ষা দি উঠি মই পুনেৰ NATIONAL CENTRE FOR RADIO ASTROPHYSICS– TATA INSTITUTE OF FUNDAMENTAL RESEARCH (NCRA–TIFR)ত Visiting Student’s Research Programme (VSRP)-ৰৰ অধীনত প্ৰকল্প কৰিবলৈ গৈছিলোঁ। VSRP ত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে কৰা প্ৰকল্পৰ ওপৰত এটি বক্তৃতা দিব লাগে, লগতে তেওঁলোকৰ দুটি Interview লোৱা হয়। মইও এইভাৱেই NCRA-TIFR ত PhD কৰাৰ সুযোগ পাইছিলোঁ।

প্ৰশ্ন:- বিদ্যায়তনিক দিশত আপোনাৰ মূল বিষয়টো হ’ল জ্যোতিৰ্বিজ্ঞান। তাৰে এটি শাখা ৰেডিঅ’ এষ্ট্ৰ’নমীত আপুনি গৱেষণা কৰি আছে। সাধাৰণ মানুহে বুজাকৈ জ্যোতিৰ্বিজ্ঞান আৰু তাৰ বিভিন্ন শাখাসমূহৰ বিষয়ে অলপ কওকচোন।

উত্তৰ:- বিশ্বব্ৰহ্মাণ্ডৰ অধ্যয়নেই হ’ল জ্যোতিৰ্বিজ্ঞান। মহাকাশখন আমি যেনেকুৱা দেখা পাওঁ, কিয় তেনেকুৱা? ইয়াৰ উপাদানবোৰ কি? সেইবোৰৰ সৃষ্টি কেনেকৈ হ’ল? সেইবোৰে কেনেকুৱা ধৰণৰ ‘নিয়ম’ মানি চলে? সিহঁতৰ ভৱিষ্যত কি? ইত্যাদি প্ৰশ্নবোৰ জ্যোতিৰ্বিজ্ঞানৰ অন্তৰ্গত।

জ্যোতিৰ্বিজ্ঞানৰ শাখা বহুতো। কিধৰণৰ তৰংগেৰে আমি মহাকাশখন বিশ্লেষণ কৰিম, তাৰ ওপৰত ভিত্তি কৰি আমি কেইবাটাও শাখা পাওঁ, যেনে– Radio astronomy (ৰেডিঅ’ তৰংগৰ ব্যৱহাৰ), Optical astronomy (পোহৰৰ ব্যৱহাৰ), x-ray astronomy (x-ray ৰ ব্যৱহাৰ),  Gravitational wave astronomy (Gravitational wave-ৰ ব্যৱহাৰ) আদি।

আনহাতে বহুসময়ত অধ্যয়নৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিও জ্যোতিৰ্বিজ্ঞানক বিভিন্ন শাখাত ভাগ কৰা হয়। উদাহৰণস্বৰূপে– Pulsar astronomy (ৰেডিঅ’তৰংগ পৰ্যায়বৃত্তিকভাৱে বিকিৰণ কৰা নিউট্ৰন তৰাৰ অধ্যয়ন), Transients (যিবোৰ পৰিঘটনা ভৱিষ্যতবাণী কৰিব পৰা নাযায়, যিকোনো সময়ত হ’ব পাৰে, Solar astronomy (সূৰ্যৰ বিষয়ে অধ্যয়ন) ইত্যাদি।

প্ৰশ্ন:- আপুনি আপোনাৰ গৱেষণাৰ সম্পৰ্কে কিছু কথা আমাক সহজভাৱে বুজাই দিয়কচোন। আপুনি আপোনাৰ গৱেষণাৰ জৰিয়তে uGMRT (upgraded GIANT METREWAVE RADIO TELESCOPE) ব্যৱহাৰ কৰি ৮ টাকৈ উষ্মতম (hotter) নক্ষত্ৰ আৱিষ্কাৰ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই বিষয়ে অলপ বহলাই কওকচোন।

উত্তৰ:- বহুত ধন্যবাদ আপোনাক এই প্ৰশ্নটো সোধাৰ বাবে। আচলতে মোৰ আৱিষ্কাৰৰ বিষয়ে বহুতেই এটি ভুল ধাৰণা পাইছে। প্ৰথমেই মই সেয়া শুধৰাই দিব খুজিছোঁ। মই ৮-টা উষ্মতম নক্ষত্ৰ আৱিষ্কাৰ কৰা নাই। মই সূৰ্যতকৈ উষ্ম আঠটি তৰাৰ এটি বিশেষ বৈশিষ্ট্যহে আৱিষ্কাৰ কৰিছোঁ। মই ইয়াৰ বিষয়ে অকণমান বহলাই কৈছোঁ।

আমি সকলোৱে জানোঁ বিশ্বব্ৰহ্মাণ্ডত সূৰ্যৰ বাহিৰেও আৰু বহুতো তৰা আছে। সেইবোৰৰ কিছুমান সূৰ্যতকৈ গৰম, কিছুমান সূৰ্যতকৈ ঠাণ্ডা। এটা তৰাৰ উষ্ণতাৰ ওপৰত তৰাটো দেখাত কি ৰঙৰ সেয়া নিৰ্ভৰ কৰে। গৰম তৰাবোৰ নীলা হয়, মজলীয়াবোৰ হালধীয়া আৰু ঠাণ্ডাবোৰ ৰঙা বৰণৰ হয়। এই তৰাবোৰে সিহঁতৰ জীৱনকালত বেছিভাগ সময়তে নিজৰ কেন্দ্ৰত নিউক্লীয় সংযোজনৰ দ্বাৰা হাইড্ৰ’জেনৰ পৰা হিলিয়াম উৎপন্ন কৰে। এই সময়ছোৱাক কোৱা হয় Main Sequence Phase। মোৰ গৱেষণাটো আছিল Main Sequence Phase-ত থকা কিছুমান অতিশয় গৰম, লগতে বৃহৎ চুম্বকক্ষেত্ৰৰ অধিকাৰী তৰাকলৈ। ২০০০ চনত এনেকুৱা এটি তৰাৰ পৰা এবিধ বিশেষ ধৰণৰ ৰেডিঅ’ তৰংগ ধৰা পৰিছিল। পৰৱৰ্তী অধ্যয়নত বুজা গ’ল যে তৰাটোৱে এটি ‘লাইট-হাউচ’ৰ দৰেই এই তৰংগ বিকিৰণ কৰে। ইয়াৰ পাছত এক দশকৰো অধিক সময়ৰ প্ৰচেষ্টাৰ পাছতো তেনেকুৱা দ্বিতীয় এটি তৰাৰ সম্ভেদ পোৱা নাছিল। স্বাভাৱিকতে ইয়াৰ পৰা এটি ধাৰণাৰ জন্ম হৈছিল যে উপৰিউক্ত পৰিঘটনা খুবেই বিৰল। কিন্তু কিয় বিৰল, ইয়াৰ কোনো উত্তৰ নাছিল। মোৰো গৱেষণাৰ মুখ্য উদ্দেশ্য আছিল এই প্ৰশ্নৰ উত্তৰ বিচৰা। এই গৱেষণাৰ ফলস্বৰূপে আমি সৰ্বমুঠ ১১-টা এই বিশেষ বৈশিষ্ট্যৰ তৰাৰ সন্ধান পালোঁ (ইয়াৰ অৰ্থ হৈছে ১১-টা গৰম তৰাৰ পৰা বিশেষধৰণৰ ৰেডিঅ’ তৰংগবিধ আৱিষ্কাৰ কৰিলোঁ)। তাৰ ভিতৰত ৮-টা ২০২১ চনত আৱিষ্কাৰ হৈছে। এই আৱিষ্কাৰবোৰৰ পৰা আমি জানিব পাৰিলোঁ যে উপৰিউক্ত পৰিঘটনাবিধ মুঠেও বিৰল নহয়, কিন্তু তাক সঠিক তৰংগ দৈৰ্ঘ্য আৰু সঠিক সময়ত নিৰীক্ষণ কৰাৰ দৰকাৰ।

প্ৰশ্ন:- গৱেষণাৰ বাটত আপুনি কিবা সমস্যা বা অসুবিধাৰ সন্মুখীন হৈছিল নেকি?

উত্তৰ:- আৰম্ভণিতে পৰীক্ষাবোৰৰ পৰা আশানুৰূপ ফল পোৱা নাছিলোঁ। তাৰ পৰা হতাশাৰ জন্ম হৈছিল। কোনো কোনোৱে গৱেষণাৰ ফলপ্ৰসূতাক লৈ প্ৰশ্ন তুলিছিল। ইয়াৰ বাহিৰে আন কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলোঁ।

প্ৰশ্ন:- অসমত বাৰু জ্যোতিৰ্বিজ্ঞানৰ উচ্চশিক্ষাৰ সুবিধা কেনেকুৱা?

উত্তৰ:- এই প্ৰশ্নৰ উত্তৰ দিয়াৰ যোগ্যতা মোৰ নাই। অসমত জ্যোতিৰ্বিজ্ঞানৰ বিষয়ত উচ্চ শিক্ষা লাভ কৰাৰ সুবিধা নিশ্চয় আছে (যেনে– Tezpur University, IIT Guwahati)। কিন্তু যিহেতু মই নিজে তাত পঢ়া নাই, গতিকে এই বিষয়ে মই বিশেষ ক’ব নোৱাৰিম। এইখিনিতে এটা কথা ক’ব খোজো যে অসমৰ বাহিৰত বিভিন্ন Conference-ত মই খুব কমেই অসমীয়া ছাত্ৰ-ছাত্ৰী লগ পাইছোঁ।

প্ৰশ্ন:- জ্যোতিৰ্বিজ্ঞানৰ বিকাশত কোপাৰ্নিকাছৰ অৱদানৰ যুগান্তকাৰী প্ৰভাৱৰ বিষয়ে অলপ ক’ব নেকি?

উত্তৰ:- আধুনিক জ্যোতিৰ্বিজ্ঞানৰ ভেটি  স্থাপনত কোপাৰ্নিকাছৰ অৱদান অৱশ্যেই গুৰুত্বপূৰ্ণ। কোপাৰ্নিকাছে সেই সময়ৰ পৃথিৱীকেন্দ্ৰিক বিশ্বৰ ধাৰণাক প্ৰত্যাহ্বান জনাই সৌৰকেন্দ্ৰিক বিশ্বৰ ধাৰণা উপস্থাপন কৰিছিল। যদিওবা পিছত সূৰ্য বিশ্বৰ কেন্দ্ৰ নহয় বুলি প্ৰমাণিত হৈছিল, সৌৰকেন্দ্ৰিক বিশ্বৰ ধাৰণাতেই নিহিত আছিল এক পৰম সত্য– এই বিশ্বব্ৰহ্মাণ্ডত আমি (পৃথিৱী) মুঠেও বিশেষ নহয় (We are not special in any way in this universe)। এইটো মোৰ ব্যক্তিগত মতামত।

সৌৰকেন্দ্ৰিক বিশ্বৰ ধাৰণাতেই নিহিত আছিল এক পৰম সত্য– এই বিশ্বব্ৰহ্মাণ্ডত আমি (পৃথিৱী) মুঠেও বিশেষ নহয় (We are not special in any way in this universe)

প্ৰশ্ন:- আপোনাৰ বৈজ্ঞানিক মন-মানসিকতা গঢ় দিয়াত প্ৰভাৱ পেলোৱা বিজ্ঞানী অথবা চিন্তাবিদ নিশ্চয় আছে। এই বিষয়ে অলপ জনাব নেকি?

উত্তৰ:-মোৰ বৈজ্ঞানিক মন-মানসিকতা গঢ় দিয়াত যাৰ প্ৰভাৱ সকলোতকৈ বেছি, তেওঁ হৈছে মোৰ মা। তাৰ পিছতেই নাম ল’ব খোজো মোৰ স্কুলৰ আচাৰ্য অভিজিত শৰ্মা, নিতুল দাস আৰু প্ৰাঞ্জল শৰ্মা দেৱৰ। তেওঁলোকে সদায়েই মোক প্ৰশ্ন কৰিবলৈ উৎসাহ দিছিল। মোৰ বোধেৰে প্ৰশ্ন কৰাটো বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ প্ৰথম ঢাপ

পৰিয়ালৰ সৈতে বিজ্ঞানীগৰাকী

প্ৰশ্ন:- বহুতেই জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষক একাকাৰ কৰি পেলায়। এই কথাটো আপুনি কেনেদৰে বিশ্লেষণ কৰিব?

উত্তৰ:- এয়া অতিকৈ দুৰ্ভাগ্যজনক বিষয় । ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ সমাজত জ্যোতিৰ্বিজ্ঞানতকৈ জ্যোতিষ বেছি পৰিচিত বিষয়। জ্যোতিৰ্বিজ্ঞান নো কি সেয়া বহুতেই নাজানে, আন বহুতেই  জ্যোতিৰ্বিজ্ঞানী মানেই মহাকাশচাৰী বুলি ভাৱে। মই ভাবোঁ এই অৱস্থা লাহে লাহে সলনি হ’ব। তাৰ বাবে মোৰ দৰে ছাত্ৰ-ছাত্ৰীসকলৰ বহুতো কৰণীয় আছে। সহজ-সৰলভাৱে জ্যোতিৰ্বিজ্ঞান বিষয়ক প্ৰবন্ধ লিখাটো হ’ব তেনে এটা পদক্ষেপ। সংবাদ মাধ্যমৰ সহযোগিতাও অত্যন্ত গুৰুত্বপূৰ্ণ। মোৰ ক্ষেত্ৰত সংবাদ মাধ্যমে যি অভাৱনীয় উৎসাহ দেখুৱালে সেয়া আগন্তুক যুৱবিজ্ঞানীসকলৰ ক্ষেত্ৰতো অব্যাহত থাকিলে নিশ্চয়কৈ কিছু পৰিমাণে হ’লেও জ্যোতিৰ্বিজ্ঞান বিষয়ক ভুল ধাৰণাবোৰ আঁতৰাব পৰা যাব।

প্ৰশ্ন:- সাম্প্ৰতিক সময়ত চৌদিশে অপবিজ্ঞান, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি হ্ৰাস পোৱা নাই, বৰং নতুন ধৰণে বাঢ়িহে আহিছে। এইক্ষেত্ৰত বিজ্ঞানমনষ্কতাৰ প্ৰসাৰৰ বাবে আমি কিদৰে আগবাঢ়িব লাগিব?

উত্তৰ:- এইটো এটা কঠিন প্ৰশ্ন। সমস্যাটো হ’ল আমাৰ বহুতেই সকলো জানি-বুজিও এইবোৰ ক্ষেত্ৰত মাত মাতিবলৈ কুন্ঠাবোধ কৰে। বহু কু-সংস্কাৰ আকৌ পৰম্পৰাগত নিয়ম বুলি চলিত (যেনে, মাহেকীয়া হোৱা মহিলাক মন্দিৰত সোমাব নিদিয়া)। বয়সস্থসকলে যিহেতু কিছু নিয়ম (অবিজ্ঞানসন্মত) বহু বছৰ ধৰি মানি আহিছে, তেওঁলোকৰ বাবে নতুন নিয়ম এটি মানি লোৱা কঠিন। কিন্তু যুৱপ্ৰজন্মৰ সেই সমস্যাটো হোৱা উচিত নহয়। তেওঁলোকে সমাজৰ পৰা লাভ কৰা জ্ঞান / নিয়মবোৰৰ যুক্তিযুক্ততা সম্পৰ্কে বিশ্লেষণ কৰাৰ মানসিকতা থকা দৰকাৰ। বহুসময়ত হয়তো বাধ্যত পৰি কোনো অযুক্তিকৰ নিয়ম মানি ল’ব লগা হয়। কিন্তু তেওঁলোকে যদি অন্ততঃ পৰৱৰ্তী প্ৰজন্মক সেইবোৰ কু-সংস্কাৰৰ পৰা মুক্ত ৰখাৰ সিদ্ধান্ত লয়, সেইয়াও বহুত।

আপুনি অলপ আগতে জ্যোতিষৰ বিষয়ে সুধিছিল, গতিকে এই প্ৰসংগত মই আকৌ এই বিষয়ে অলপ ক’ব খুজিছোঁ। জ্যোতিষীসকলে বিভিন্ন গ্ৰহৰ প্ৰভাৱৰ পৰা ৰক্ষা পোৱাৰ কাৰণে আঙঠিৰ বিধান দিয়ে। এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়াই বুধ, বৃহস্পতি, ৰবি, মংগল নো কি জানিব পাৰে, তেতিয়াই তেওঁলোকৰ মনত জ্যোতিষ সম্পৰ্কে প্ৰশ্ন উদয় হোৱা উচিত। কিন্তু সততে সেয়া হয় বুলি মোৰ মনে নধৰে। ইয়াৰ কাৰণ? হয়তো চৌপাশৰ সমাজখনত দঁকৈ শিপাই থকা বিশ্বাস। মোৰ মতেৰে সমাজৰ পৰা অপবিজ্ঞান, অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰাবলৈ উঠি অহা চামক প্ৰশ্ন কৰিবলৈ শিকাব লগিব। ইয়াৰ বাবে মাক-দেউতাক, শিক্ষক-শিক্ষয়িত্ৰীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব।

এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়াই বুধ, বৃহস্পতি, ৰবি, মংগল নো কি জানিব পাৰে, তেতিয়াই তেওঁলোকৰ মনত জ্যোতিষ সম্পৰ্কে প্ৰশ্ন উদয় হোৱা উচিত

প্ৰশ্ন:- বিজ্ঞানৰ তত্ত্বসমূহ বৰ জটিল বুলি সাধাৰণতেই কোৱা হয়। সেইবাবে বিজ্ঞানৰ ভিতৰুৱা বহুতো কথা মুষ্টিমেয় লোকহে জানে। কিন্তু সমাজৰ সৰ্বাংগীন উন্নতিৰ বাবে বিজ্ঞান শাখাৰ বাহিৰেও এই তত্ত্বসমূহৰ মোটামোটি ৰূপৰেখাবোৰ অন্য মানুহেও বুজি উঠা দৰকাৰ বুলি আপুনি ভাবে নে? বিজ্ঞান জনপ্ৰিয় কৰিবলৈ আমি আমি কিদৰে আগবাঢ়িব লাগিব?

উত্তৰ:- মোৰ মতে বিজ্ঞানসন্মতভাৱে দৈনন্দিন জীৱন যাপনৰ বাবে বিজ্ঞানৰ সকলো তত্ত্ব জনাৰ প্ৰয়োজন নহয়। দশম মানলৈকে শিকা বিজ্ঞানখিনি বেছিভাগ ক্ষেত্ৰৰ বাবেই যথেষ্ট (কিয়নো Google map ব্যৱহাৰৰ বাবে সাধাৰণ আপেক্ষিকতাবাদ নাজানিলেও চলে)। কিন্তু বহু সময়ত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাৰ বাবে তাৰ অন্তৰালৰ বিজ্ঞান জনাৰ দৰকাৰ হয় (যেনে– microwave oven স্বাস্থ্যকৰ হয় নে নহয়, কেনেধৰণৰ বাচন ব্যৱহাৰ কৰাৰ দৰকাৰ আদি)। এই নতুন কথাবোৰ কিন্তু দশম মানলৈকে শিকা বিজ্ঞানৰ ধাৰণাবোৰ মনত ৰাখিলে সহজেই বুজি পোৱা সম্ভৱ। তাৰ বাবে মাথো দৰকাৰ সদিচ্ছাৰ। তেনেদৰে পৃথিৱী আৰু বুধ, শুক্ৰ, বৃহস্পতি, শনি আদি গ্ৰহৰ মাজৰ সম্বন্ধ বুজাৰ বাবেও বিজ্ঞানৰ কঠিন তত্ত্ববোৰৰ প্ৰয়োজন নহয়। চমুকৈ ক’বলৈ গ’লে সমাজৰ সৰ্বাংগীন উন্নতিৰ বাবে বিজ্ঞান অপৰিহাৰ্য, কিন্তু বিজ্ঞানৰ সকলো তত্ত্ব সকলোৱে জনাটো অপৰিহাৰ্য নহয়।

মুক্ত চিন্তা‘ বিজ্ঞান জনপ্ৰিয়কৰণৰ এটা উল্লেখযোগ্য পদক্ষেপ। ‘বিজ্ঞান-জেউতি‘ আন এটা উদাহৰণ। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা বোধ হয় যে এটি শিশুক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলাত ঘৰখনৰ ডাঙৰ ভূমিকা থাকে। বিজ্ঞান বিষয়ক বক্তৃতাতকৈ মোৰ বিজ্ঞানৰ প্ৰদৰ্শনীবোৰ বেছি ভাল লাগিছিল (মোৰ বাবে সেয়া যাদুৰ দৰেই আছিল)। এনেকুৱা প্ৰদৰ্শনীবোৰ আৰু বেছিকৈ (বিশেষকৈ গাওঁ অঞ্চলত) হোৱা দৰকাৰ।

প্ৰশ্ন:- বৰ্তমান সৰহ সংখ্যকে স্নাতকৰ পাছত হয়তো APSC, UPSC আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় আৰু নহ’লে IT কোম্পানীত চাকৰিৰ সুযোগ বিচাৰে। গৱেষণাৰ প্ৰতি আকৃষ্ট হোৱা লোক যথেষ্ট কম। ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে?

উত্তৰ:- গৱেষণাৰ পথ দীঘলীয়া। বেছিভাগেই বিভিন্ন কাৰণত সোনকালে চাকৰি পাব পৰা পথ বিচাৰে। বহুতেই নাজানে যে ভাৰতৰ বিভিন্ন অনুষ্ঠানত PhD গৱেষকসকলে মাহে মাহে দৰমহা পায় (NET JRF নাথাকিলেও)।

প্ৰশ্ন:- গৱেষণাক নিজৰ কেৰিয়াৰ হিচাপে লোৱাৰ ক্ষেত্ৰত আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছিল নে?

উত্তৰ:- মোৰ সৌভাগ্য যে মোৰ মাক-দেউতাই কেৰিয়াৰ বাচনিৰ সম্পূৰ্ণ স্বাধীনতা মোক দিছিল। স্কুলত থাকোতেই মই বুজি উঠিছিলো যে বিজ্ঞান আৰু গণিত (আচলতে দুয়োটাক পৃথক কৰিব পৰা নাযায়) মোৰ প্ৰিয় বিষয়। দশম শ্ৰেণীত থাকোতে ভাবিছিলোঁ মই অধ্যাপক হ’ম, কাৰণ বিজ্ঞানীনো কেনেকৈ হয় তাৰ কোনো ধাৰণা মোৰ নাছিল। দিল্লীলৈ আহি গৱেষণা কৰাৰ বিভিন্ন পথবোৰৰ বিষয়ে জানিব পাৰিলোঁ। তেতিয়াই ঠিক কৰিছিলোঁ মই PhD কৰিম। জ্যোতিৰ্বিজ্ঞানৰ লগত পৰিচয়ো তেতিয়াই হৈছিল (Summer Internship-ৰ যোগেৰে)।

প্ৰশ্ন:- যুৱপ্ৰজন্মক গৱেষণাৰ প্ৰতি আকৃষ্ট কৰাৰ ৰাস্তা কি হ’ব?

উত্তৰ:- আৰ্থিক কাৰণতেই বহুতে সোনকালে চাকৰি পাব পৰা কেৰিয়াৰ বাচনি কৰে। সেইপিনৰ পৰা চাব গ’লে PhD Scholarship-ৰ সংখ্যা বৃদ্ধি কৰাটো এটা উপায় হ’ব পাৰে। লগতে ইতিমধ্যে যিবোৰ  Scholarship আছে, সেইবোৰৰ বিষয়েও ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰোৱাটো দৰকাৰ।

প্ৰশ্ন:- সম্প্ৰতি ভাৰতবৰ্ষত বিজ্ঞানৰ মৌলিক গৱেষণাৰ অৱস্থাটো আপুনি কেনেদৰে মূল্যায়ন কৰিব?

উত্তৰ:- ভাৰতবৰ্ষৰ শীৰ্ষ অনুষ্ঠানবোৰত নিশ্চয়কৈ উচ্চ স্তৰৰ গৱেষণা হয়। চৰকাৰেও মৌলিক বিজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে। কিন্তু বাকী বিশ্ববিদ্যালয় / অনুষ্ঠানবোৰত কেনেকুৱা গৱেষণা হয়, তাৰ বিষয়ে মোৰ সম্যক ধাৰণা নাই। মুষ্টিমেয় কেইজনমান বন্ধু-বান্ধৱীৰ লগত কথা পাতি ধাৰণা হৈছে যে সকলো ঠাইতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জাৰ্নেলত গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ বাবে উৎসাহ দিয়া নহয়। আন্তঃৰাষ্ট্ৰীয় Conference-বোৰতো যোগদান কম বুলি বোধ হয়। আগন্তুক সময়ত এই পৰিৱেশৰ উত্তৰণ হ’ব বুলি মই যথেষ্ট আশাবাদী।

প্ৰশ্ন:- ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে জ্যোতিৰ্বিজ্ঞান পঢ়িবলৈ বিচাৰিলে কিদৰে আগবাঢ়ি লাগিব? ভাৰতত এই ক্ষেত্ৰত সা-সুবিধা কেনেকুৱা?

উত্তৰ:- বহুতো পথ আছে। তাৰ ভিতৰত এটা হৈছে পদাৰ্থ বিজ্ঞানক মুখ্য বিষয় হিচাপে লৈ M.Sc কৰা। তাৰ পিছত বিভিন্ন সৰ্বভাৰতীয় পৰীক্ষা (লগতে Internship) দি ভাৰতৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানত ভৰ্তি হ’ব পাৰি। কিছুমান এনেকুৱা পৰীক্ষা হৈছে–

১) Tata Institute of Fundamental Research প্ৰৱেশ পৰীক্ষা
২) Joint Entrance Screening Test (JEST)
৩) IUCAA National Admission Test ( INAT)
৪) Graduate Aptitude Test in Engineering (GATE)
৫) National Eligibility Test (NET) আদি।

ভাৰতত জ্যোতিৰ্বিজ্ঞানৰ যথেষ্ট সা-সুবিধা আছে। মিটাৰ তৰংগ দৈৰ্ঘ্যৰ বৰ্তমানৰ সকলোতকৈ শক্তিশালী টেলিস্কোপ ভাৰততেই আছে।  জ্যোতিৰ্বিজ্ঞানত বৃহৎ পৰিমাণৰ (TB) তথ্য বিশ্লেষণ কৰিবলগীয়া হয়। তেনেকুৱা কাম কৰাৰ পৰ্যাপ্ত সুবিধা ভাৰতত আছে।

প্ৰশ্ন:- মানৱ সভ্যতাৰ বিকাশৰ এটা বিশাল অধ্যায় আছিল কেইটামান জ্যোতিৰ্বৈজ্ঞানিক আৱিষ্কাৰ। আপুনি সেই ইতিহাসৰ প্ৰতি আগ্ৰহী নে? বা তাৰ বাবে সময় উলিয়াব পাৰে নে?

উত্তৰ:- আন বহুতো শাখাৰ দৰে জ্যোতিৰ্বিজ্ঞানৰ বিকাশৰ ইতিহাসো বেচ ৰোমাঞ্চকৰ। সেয়া পঢ়িলে এটা কথাই মনলৈ আহে, মানুহ কেনেকৈ ইমান ধৈৰ্যশীল হ’ব পাৰে! এই কথাবোৰ মই সৰুতে পঢ়িছিলোঁ। কিন্তু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাত ইয়াৰ কোনো ভূমিকা নাই।

প্ৰশ্ন:- আপুনি অসমীয়া ভাষাৰ বহুতো বাহিৰা কিতাপ পঢ়িছিল বুলি আমি জানিবলৈ পাইছোঁ। এই পঠনে আপোনাৰ বৈজ্ঞানিক কল্পনাশক্তি বিকাশত সহায় কৰিছে বুলি ভাবে নেকি?

উত্তৰ:- কৰিছে যদিও সেয়া এতিয়া বুজাৰ কোনো উপাই নাই। বাহিৰা কিতাপৰ পঠনে মোৰ মানসিকতা বিকাশত সহায় কৰিছিল বুলি মোৰ ভাৱ হয়। বাহিৰা কিতাপ পঢ়ি মই মোৰ চৌপাশৰ লোকসকলৰ উপৰিও সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ দৃষ্টিভংগীৰ লগত পৰিচয় হৈছিল। ‘অন্তৰীপ’ পঢ়ি উপলব্ধি হৈছিল যে আমাৰ সমাজত নাৰী আৰু পুৰুষক সমান বুলি বিচাৰ কৰা নহয়। আন কথাত ক’বলৈ গ’লে বাহিৰা কিতাপবোৰে সদায় দেখি থকা বস্তুবোৰক এক নতুন দৃষ্টিৰে চাবলৈ শিকাইছিল।

প্ৰশ্ন:- বাহিৰা কিতাপ বা এনেদৰে জ্ঞান আহৰণৰ সম্পৰ্কে অভিভাৱকক কি পৰামৰ্শ দিব?

উত্তৰ:- আন যি কি নহওঁক নিজৰ ভাষাটো ভালদৰে জানিবলৈ বাহিৰা কিতাপ (মাতৃভাষাত) পঢ়া দৰকাৰ। এয়া আচলতে আন ভাষাৰ ক্ষেত্ৰতো প্ৰযোজ্য। অভিভাৱকসকলে শিশুসকলক বাহিৰা কিতাপ পঢ়িবলৈ উৎসাহিত কৰা উচিত। গ্ৰন্থমেলালৈ গৈ নতুন নতুন কিতাপ কিনাৰ আনন্দই সুকীয়া।

প্ৰশ্ন:- আপোনাৰ গৱেষণা-পত্ৰ উচ্চ মানৰ জাৰ্নেলত প্ৰকাশ হৈছে। অসম বা গোটেই ভাৰততে নৰম জাৰ্নেলত প্ৰকাশ কৰিবলৈ বিচাৰি থকা অধ্যাপক-গৱেষক বহুতেই বেছি। উচ্চ জাৰ্নেলৰ বাবে কষ্ট আৰু অপেক্ষাৰ প্ৰয়োজন, যিটোৰ অভাৱ দেখা যায়। যিটো কাম আপুনিও কৰিব পাৰে, কিন্তু আপুনি নকৰে, এই ক্ষেত্ৰত মনৰ যি দৃঢ়তা সেই সম্পৰ্কে আপুনি কি ক’ব? অনুজক আপুনি কি পৰামৰ্শ দিব?

উত্তৰ:-আচলতে NCRA-TIFR-ত সকলোৱে যিমান পাৰি সিমান উচ্চ মানৰ জাৰ্নেলত প্ৰকাশ কৰাৰ চেষ্টা কৰে। তাৰ কাৰণটো হ’ল প্ৰায় সকলোৰে ইচ্ছা থাকে PhD ৰ পিছত Post doctorate কৰাৰ আৰু তাৰ পাছত সম্পূৰ্ণ গৱেষণা ভিত্তিক চাকৰিত সোমোৱা। মনে বিচৰা Post doctorate পাবলৈ হ’লে উচ্চ মানৰ গৱেষণা পত্ৰ থকাটো নিত্যান্তই আৱশ্যকীয়। কিন্তু যদিহে কোনোৱে PhD মাথো এটা ডিগ্ৰী হিচাপে ভাৱে, গৱেষণাক ভাল পাব নোৱাৰে, তেতিয়া আপুনি কোৱাৰ দৰে অনীহা আহিব পাৰে। অনুজসকললৈ মোৰ এটায়ে পৰামৰ্শ, তেওঁলোকে যাতে সৰ্বোতপ্ৰকাৰে চেষ্টা কৰে বুজি পোৱাৰ যে তেওঁলোকে কেনেকুৱা কেৰিয়াৰ বিচাৰে আৰু সেয়া বুজিব পাৰিলে, তাক পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰাৰ বাবে যাতে সাজু থাকে ।

Print Friendly, PDF & Email

3 thoughts on “জ্যোৰ্তিবিজ্ঞানী ড⁰ বৰ্ণালী দাসৰ সৈতে বাৰ্তালাপ (হৃষীকেশ বৰপূজাৰী)

  • Banajit Deka

    প্ৰেৰণা পুথিভঁড়ালৰ অন্যতম পৰিচালক তথা অধ্যয়নশীল শ্ৰীমান হৃষীকেশ বৰপূজাৰীৰ এই প্ৰচেষ্টাক শলাগিছো ।

    Reply
  • সুন্দৰ আৰু অতি প্ৰাসংগিক প্ৰশ্ন, সৰল আৰু যথাযথ উত্তৰ। ভাল লাগিল। ড০ বৰ্ণালী দাস আৰু হৃষিকেশ বৰপূজাৰী দুয়োজনৰে শলাগ ললোঁ।

    Reply
  • উপকৃত হ’লোঁ।
    সাক্ষাৎকাৰটোৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ।
    ডঃ বৰ্ণালী বাইদেউলৈ তেখেতৰ সাফল্যৰ যাত্ৰাপথটিৰ বাবে শুভেচ্ছা আৰু অভিনন্দন। আগলৈকো এনে আলোচনা আশা কৰিলোঁ। অশেষ ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *