বিবিধ চিন্তা

বিজ্ঞানৰ যুগতাে সমাজত অন্ধবিশ্বাস বৰ্তি থকাৰ কাৰণসমূহ-(মৃদুস্মিতা দেৱী)

(পঞ্চম যুক্তি দিৱস উপলক্ষ্যে পতা প্ৰৱন্ধ প্ৰতিযোগিতাৰ তৃতীয় পুৰষ্কাৰ প্ৰাপ্ত প্ৰৱন্ধ)

বর্তমান যুগ বিজ্ঞানৰ যুগ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শােৱালৈকে আমি বিজ্ঞানৰ আৱিষ্কাৰৰ ওপৰতে নিৰ্ভৰশীল। তথাপিও বিজ্ঞান প্রতি মানুহৰ মস্তিস্কৰ আঁহে আঁহে, কোঁহে কোঁহে সােমাব পৰা নাই। কোনাে কোনাে সময়ত একবিংশ শতিকাৰ শেষ প্রান্তত উপস্থিত হৈ মানুহে উভতি চাইছে পৰম্পৰাগত ভাৱে চলি থকা বিশ্বাস আৰু নিয়মবােৰলৈ। পৰম্পৰাগত কিছুমান বিশ্বাসে মানুহক দেখুৱাইছে কিছু ইতিবাচক পথ, কিন্তু আন কিছুমান পৰম্পৰাগত বিশ্বাসে মানুহক লৈ গৈছে নিঃশেষ হােৱাৰ পথলৈ। এই নেতিবাচক দিশলৈ অগ্রসৰিত কৰা পৰম্পৰাগত বিশ্বাসসমূহক ক’ব পাৰি অন্ধবিশ্বাস, যাৰ কোনাে ইতিবাচক দিশ নাই, নাই কোনাে বৈজ্ঞানিক যুক্তি। অন্ধবিশ্বাসৰ ইংৰাজী সমার্থক শব্দ ‘Superstition’ শব্দটোৰ আভিধানিক অর্থ হল “Religious belief on practice founded upon fear or ignorance’ (১) ইয়াৰ পৰাই বুজিব পাৰি যে, অন্ধবিশ্বাসৰ উৎপত্তি হয় ভয় তথা অজ্ঞানতা বা অজ্ঞতাৰ ফলত। ভয় তথা অজ্ঞানতা দূৰ কৰি বৈজ্ঞানিক দৃষ্টিৰে বিশ্লেষণ কৰি পালন কৰা ধর্মীয় বিশ্বাস সমূহে সমাজখনকশৃংখলিত কৰে। কিন্তু ধর্মীয় বিশ্বাসৰ গইনা লৈ সমাজৰ আগশাৰীৰ কিছু স্বার্থপৰ লােকে এই বিশ্বাসসমূহৰ ভুল ব্যাখ্যা দি মানুহক আবেগেৰে বশীভূত কৰি সেই বিশ্বাসক অন্ধবিশ্বাসলৈ ৰূপান্তৰিত কৰি নিজ উদ্দেশ্য চৰিতাৰ্থ কৰে। বর্তমান সময়ত ঘটি থকা বহু ঘটনাৰ সামগ্রিক বিশ্লেষণে ঘটনাৰ মূল উদ্দেশ্য পােহৰলৈ আনি এনেবােৰ দিশ উন্মােচিত কৰিছে।
কিছুমান লােকে মানুহৰ অজ্ঞতাৰ সুযােগ লৈ মন্ত্র পাঠৰ দ্বাৰা কিছুমান অলৌকিক কাৰ্য সংঘটিত কৰি মানুহক ভুল পথেৰে পৰিচালিত কৰিবলৈ সক্ষম হৈছে । অলপতে সামাজিক মাধ্যমত বহুল প্রচাৰ হােৱা এটা ঘটনা চকুত পৰিছিল, য’ত এজন লােকে কোনাে ৰাসায়নিক পদার্থ (যেনে কেলচিয়াম কার্বাইড(CaC2), এলুমিনিয়াম কার্বাইড(Al4C3) আদি, যিবােৰে পানীৰ সৈতে বিক্রিয়া কৰি মিথেন জাতীয় দাহ্য গেছৰ সৃষ্টি কৰে, বালি বা মাটিৰ তলত ৰাখি তাৰ ওপৰত পানী দি মানুহৰ অজ্ঞতাৰ সুযােগ লৈ বালিত জুইৰ সৃষ্টি কৰি সকলােকে চমকিত কৰা দেখা গৈছিল। বৈজ্ঞানিকভাৱে কোনাে প্রত্যক্ষদর্শী সচেতন আছিল যদিও, বা কোনাে ৰাসায়নিক দ্রব্যৰ সৈতে পানীৰ বিক্রিয়াৰ ফলত সৃষ্ট গেছত জুই লাগিব পাৰে বুলি জ্ঞান থাকিলেও তথাকথিত চতুৰ সাধুবাবাই বালিৰ তলত পদার্থবিধ লুকুৱাই কৰা চাতুৰী তেওঁলােকৰ দৃষ্টিগােচৰ নহ’ল। গতিকে সাধুবাবা সফল হ’ল অন্ধবিশ্বাস বিয়পােৱাত, পানীৰে বালিত জুইৰ সৃষ্টি কৰি ভূত খেদাৰ মহা আয়ােজনত। কিছু কিছু ক্ষেত্ৰত কাকতালীয় সংযােগৰ বাবেও এনে অন্ধবিশ্বাস বিয়পাবলৈ সক্ষম হােৱা দেখা যায় আৰু ই মানুহৰ মন-মগজুত থিতাপি লয়। “কাক পৰিল, তাল সৰিল” কথাটো মানুহৰ দৃষ্টিগােচৰ নহয়৷
মানুহে কেতিয়াবা নিজৰ সন্তান বা নিকট আত্মীয় দুর্যোগৰ সময়ত আৱেগিক হৈয়ো অন্ধবিশ্বাসৰ ওচৰত আঁঠু লয়, যাৰ বাবে উৎপত্তি হয় জৰা-ফুকা, ডােল বন্ধা, মালা পিন্ধা আদিৰ দৰে অন্ধবিশ্বাসবােৰৰ। এইক্ষেত্ৰত ক’ব পাৰি যে, ক’ৰবাত বিজ্ঞান আগবঢ়া নাই৷ প্রতিটো মানসিক বা শাৰীৰিক ৰােগৰ সুলভ তথা কম খৰচী চিকিৎসাৰ অভাৱ। আর্থিকভাবে পিছপৰা জনে এইক্ষেত্ৰত টকাৰ অভাৱত বিজ্ঞান মনস্কতা থাকিলেও উপায়ন্তৰ হৈ একো নকৰি দায়িত্বহীনতাৰ পৰিচয় দিয়াতকৈ অন্ধবিশ্বাসৰ ওচৰতে আঁঠু লৈ দায়িত্ব পালনৰ নাটকৰ পাতনি মেলে। এই লেখাটোৱে অন্ধবিশ্বাস বহনকাৰী বুলি সচৰাচৰভাৱে আঙুলি টোঁৱাই থকা সমাজৰ অশিক্ষিত লােকসলকৰ লগতে অর্ধশিক্ষিত আৰু উচ্চশিক্ষিত সকলকো সামৰিবলৈ চেষ্টা কৰা হৈছে৷
মােৰ গৱেষণাৰ কালত দৰং জিলাৰ দুই চাৰিখন চাহ বাগিছাত ক্ষেত্রভিত্তিক অধ্যয়নৰ অংশ হিচাপে উৎস বিচৰা হৈছিল ডাইনী হত্যা তথা দেও লগা আদি কার্যসমূহৰ লগতে সমাজত ঘটি থকা আন ঘটনাসমূহৰাে। কিন্তু ঘটনাবােৰৰ আঁৰত পােৱা গৈছিল সমাজৰ কিছুমান অসাধু জমিদাৰ, মুখিয়াল তথা ক্ষমতাশালী লােকে দুর্বল লােকসকলৰ সা-সম্পত্তি হস্তগত কৰাৰ নিকৃষ্ট স্বার্থ। বহু ঘটনাত সেইগৰাকীহে সমাজত ডাইনী বুলি পৰিচিত হৈছিল, যাৰ স্বামীৰ মৃত্যু হৈছে, আত্মীয় স্বজনে ত্যাগ কৰিছে অথবা আত্মীয়ই শত্রু শালিছে, শিশু সন্তান আছে অথবা নিসন্তান, তেনেধৰণৰ মহিলা। গতিকে ডাইনীৰ দৰে অন্ধবিশ্বাস গঢ়ি তােলাত সমাজৰ কিছু অসাধু শিক্ষিত লােকৰাে অৰিহণা নুই কৰিব নােৱাৰি। সামাজিক মাধ্যমত প্রচাৰিত হােৱা আৰু এটা ঘটনা দৃষ্টিগােচৰ হৈছিল, য’ত এটি শিশুৱে প্ৰায়ে কান্দি থকাৰ ফলস্বৰূপে বেজৰদ্বাৰা চিকিৎসা কৰােৱাইছিল। বেজে শিশুটোৰ নাভিত মন্ত্রপূত পানী ঢালি দিয়াৰ লগে লগে শিশুটি কিছুশান্ত হৈ পৰাত মাতৃগৰাকী বেজৰ কার্যত সন্তুষ্ট আৰু আশ্বস্ত হৈছিল। কিন্তু মধ্যবিত্ত পৰিয়ালৰ মাতৃগৰাকীৰ বাবে সেয়া সাময়িক সকাহহে আছিল। শেষত যেতিয়া উপায়ন্তৰ হৈ চিকিৎসকৰ কাষ চাপিছিল তেতিয়া দেখিছিল যে শিশুটিৰ নাভিত দিয়া মিঠাতেলৰ বাবে তাত গুড়ি পৰুৱাই বাহ লৈছিল। ঘটনাটোৰপৰা ক’ব পাৰি যে বেজে পানী ঢলাৰ ফলত পৰুৱাবােৰ কিছু সময়ৰ বাবে শান্ত হৈছিল। মাতৃগৰাকীৰ অসাৱধানতাই বেজক বিশ্বাস কৰিবলৈ সুযােগ দিছিল। এয়া মাত্র উদাহৰণহে। আমাৰ দৈন্দদিন জীৱনত এনে বহু ঘটনা ঘটিয়েই থাকে, যিবােৰত সূক্ষ্ম দৃষ্টি দিলেই প্রকৃত কাৰণ ওলায় আৰু অলপ বিচলিত হৈ আৱেগক প্রশ্রয় দিলেই অন্ধবিশ্বাসৰ কবলত গ্রাস হ’বলগীয়া হয়৷ যােৱা বছৰত মােৰ ভাগিন আৰু বাইদেউক অগা-পিছাকৈ সৰ্পই দংশন কৰিছিল। কিন্তু ততাতৈয়াকৈ উচিত সময়ত চিকিৎসকৰ কাষ চাপি চিকিৎসা কৰাৰ বাবে তেওঁলােকক জীয়াই ৰাখিব পৰা গ’ল৷ গতিকে অঞ্চলটোৰ লােকসকলৰ সর্পদংশন হ’লে বেজৰ ওচৰত জৰা ফুকা কৰাৰ অন্ধবিশ্বাসৰ পৰিবর্তে চিকিৎসকৰ কাষ চপাৰ প্রয়ােজনীয়তাৰ জ্ঞান জন্মিল আৰু তাৰ পাছত এনেধৰণৰ দুটা ঘটনাত আন দুজন লােকৰাে জীৱন বাছিল। গতিকে ক’ব পাৰি যে, বিজ্ঞানৰ প্রতি আস্থা মানুহৰ মনত বিজ্ঞানৰ সফলতাই আনি দিয়ে।
আজিৰ যুগৰ মানুহক ধনগুলৈ, ভূমিকম্প অথবা ঔটেঙা গছৰ ভূতৰ কাহিনীয়ে সন্ত্রাসিত নকৰে। সেইবিলাকৰ বৈজ্ঞানিক যুক্তি তথা বিশ্লেষণত মানুহ সন্তুষ্ট। কিন্তু এতিয়াও বহুত অন্ধবিশ্বাস আছে, য’ত বৈজ্ঞানিক তথ্য নাই অথবা সেই তথ্যই মানুহক আশ্বস্ত কৰিব পৰা নাই। মুঠতে য’ত খন্তেকৰ বাবে বিজ্ঞান থমকিছে, তাতেই অন্ধবিশ্বাসে পীৰা পাৰি বহিছে। মানুহে বৈজ্ঞানিক যুক্তি সূক্ষভাৱে বিচাৰ কৰি চালেই প্ৰায়বােৰ ক্ষেত্ৰত অন্ধবিশ্বাসক বিদায় জনাব পাৰিব। ছাত্ৰই পৰীক্ষাৰ দিনা আলু বা কণী নাখাই পৰীক্ষা দিয়াতকৈ ভালদৰে পঢ়া-শুনা কৰি এবাৰ চাব লাগিব কণী বা আলু খাই গৈ নম্বৰ পাব পাৰিনে নােৱাৰি। এইক্ষেত্ৰত অভিভাৱক জনেও ছাত্ৰজনক মানসিক সহযােগিতা আগবঢ়াব লাগিব। গাড়ীৰ আগেৰে মেকুৰীটো পাৰ হৈ গ’লে গাড়ীখন উভতাই নানি সাৱধানেৰে গাড়ী চলাই দুর্ঘটনাৰ পৰা নিজক বছাই প্রমাণ কৰিব পাৰিব লাগিব যে মেকুৰীটো অমংগলীয়া বা অশুভ কাৰ্যৰ সূচক নহয়। এইখিনিতেই বাংলা কবি প্ৰণৱ ঘােষৰ ‘টুনি’ নামৰ কবিতাটো মনলৈ আহিছে, য’ত কবিগৰাকীয়ে অন্ধবিশ্বাসৰ কুফল সুন্দৰভাৱে উপস্থাপন কৰিছে৷ (২)| অন্ধবিশ্বাস বহন কৰিব পৰা প্ৰতিটো কার্যক সুক্ষ্ম দৃষ্টিৰে বিশ্লেষণ কৰি কাৰণবােৰ ফঁহিয়াই চালে নিশ্চয় ৮০% অন্ধবিশ্বাস সমাজৰ পৰা নােহােৱা হ’ব। বাকী কিছু কিছু ক্ষেত্ৰত বৈজ্ঞানিক সজাগতা তথা বৈজ্ঞানিক চিন্তাৰ বহুল প্রচাৰৰ প্রয়ােজন আছে বুলি ক’ব পাৰি।
অথর্ববেদত থকা চিকিৎসাৰ বিভিন্ন মন্ত্ৰসমূহত চিকিৎসাৰ বাবে মন্ত্ৰসমূহৰ লগতে বহুতাে ঔষধি লতা, বৃক্ষৰ উল্লেখ আছে। য’ত মন্ত্রশক্তিয়ে কেৱলমাত্র মানুহৰ মনক সাহস দিয়ে, প্রকৃত ৰােগ নিৰাময়ত ঔষধি লতা, বৃক্ষত থকা উপাদানবিলাকেহে কাম কৰে। অন্ধবিশ্বাস বৰ্তি থকাৰ আন আন কাৰণসমূহ বিশ্লেষণ কৰি চালে দেখা যায় সমাজৰ কিছুমান নেতৃত্ববহনকাৰী ব্যক্তিৰ বৌদ্ধিক অনগ্ৰসৰতা, সামাজিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সমাজ তথা চৰকাৰৰ গুৰুত্ব আৰােপহীনতা, ব্যক্তিগত লাভালাভৰ চিন্তা আদি উল্লেখযােগ্য।
অন্ধবিশ্বাসমুক্ত এখন সমাজ সকলােৰে কাম্য, য’ত অভি-নীলৰ দৰে নিৰীহজনে সােপাধৰাৰ মিছা অপবাদত মৃত্যুক আঁকোৱালি ল’ব লগা নহ’ব। অনাগত দিনত অন্ধবিশ্বাসমুক্ত এখন পৃথিৱী সৃষ্টি হ’ব, আজিৰ প্ৰজন্মৰ দ্বায়িত্ববােধৰ চানেকিয়ে সেয়াই অনুমান কৰিবলৈ সুযােগ দিয়ে আৰু তেনে এখন পৃথিৱীৰ সৃষ্টি হ’লেই ছহিদ জিওর্ডানাে ব্রুনােৰ দৰে ব্যক্তিসকলৰ ত্যাগ প্রকৃতাৰ্থত সার্থক হ’ব, যিসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সমাজ সংস্কাৰৰ বাবে আত্মত্যাগ কৰিছিল।
তথ্য সূত্র

১. The Oxford English Dictionary.
২. https://youtu.be/sXi5gYLDTXw.
৩. বাতৰি কাকত আৰু সামাজিক মাধ্যম (ফেচবুক, হােৱাটছু এপ, ইউটিউব ভিডিঅ)
৪. চৌধুৰী, প্রসেনজিৎ, বিজ্ঞান বনাম অন্ধবিশ্বাস, গুৱাহাটী, ২০১১।
৫. সন্দিকৈ, ৰেখাশ্রী, ডাইনী, অন্ধবিশ্বাস, স্বয়ংঘােষিত ডাইনী ইত্যাদি… গুৱাহাটী, ২০১৪।
৬. অথর্ববেদ।


Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *