নিবন্ধশিল্প-কলা-সংস্কৃতি

গণনাট্য সংঘৰ এটি চমু পৰিচয় – (মুহিবুদ্দিন আহমদ)

[তগৰ বা তগৰদা নামেৰে অধিক পৰিচিত মুহিবুদ্দিন আহমদ আছিল এগৰাকী অক্লান্ত গণশিল্পী। ১৯৮২ চনৰ ১১, ১২ আৰু ১৩ ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড়ত অনুষ্ঠিত যি ৰাজ্যভিত্তিক সাংস্কৃতিক অভিৱৰ্তনে সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ জন্ম দিছিল- সেই অভিৱৰ্তনত সদলবলে যোগ দিয়াৰ প্রস্তুতি হিচাপে যোৰহাটত অনুষ্ঠিত বিভিন্ন সাংস্কৃতিক সংগঠনৰ প্রতিনিধি, শিল্পী, সাহিত্যিকসকলৰ ৰাজহুৱা সভাত তগৰদাই এই লেখাটা পাঠ কৰিছিল।

১৯৯১ চনৰ ১০ জুন তাৰিখে মৃত্যু হৈছিল এইগৰাকী মানৱদৰদী, সংগ্ৰামী কমিউনিষ্ট শিল্পীৰ। তেখেতৰ মৃত্যুৰ পাছতেই এখনি স্মৰণিকা প্ৰকাশ কৰা হৈছিল, “গণশিল্পী তগৰ : এটি অভিজ্ঞান“। স্মৰণিকাখনিৰ সম্পাদকৰ অনুমতি লৈ এই লিখাটি পুনৰ প্ৰকাশ কৰা হ’ল~মুখ্য সম্পাদক]

১৯৪৫ চন, দ্বিতীয় মহাসমৰ শেষ হৈছে। ভাৰতৰ স্বাধীনতা যুজ শীর্ষ বিন্দু পাইছেগৈ। সাম্রাজ্যবাদী বৃটিছে সাম্প্রদায়িকতাৰ বীজ-মন্ত্ৰ ঢালি ভাৰতৰ ইমূৰৰ পৰা সিমুৰলৈকে তেজৰ নৈ বোৱাইছে। সন্দেহ, অবিশ্বাস, ঘৃণা-বিদ্বেষে মানৱতাবোধ নাইকিয়া কৰি দিয়াৰ উপক্ৰম কৰিছে। সেই সময়তেই ভাৰতৰ কিছু শুভ বুদ্ধিসম্পন্ন লেখক, শিল্পী, সংগীতজ্ঞই অনুভৱ কৰিলে যে এই প্রাণান্তকৰ পৰিবেশৰ পৰা মানৱ সমাজক ৰক্ষা কৰিবলৈ আৰু বুর্জোৱা সংস্কৃতিৰ প্রতি প্রত্যাহ্বান জনাই নতুন এক সাংস্কৃতিক অভিযানেৰে, শান্তি, মৈত্ৰীৰ বাণী শুনাবলৈ এক সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজন হৈছে। সম্ভৱতঃ সেই সময়তেই IPTA (Indian Peoples Theatrical Association) অর্থাৎ ভাৰতীয় গণনাট্য সংঘৰ জন্ম হয়।

প্রাক-স্বাধীনতা যুগৰ ভাৰতীয় গণনাট্য সংঘৰ গীত, নাটক আদিৰ মূল বিষয়বস্তু আছিল জাতীয় মুক্তি। তাকে কৰিবলৈ তেওঁলোকে নাটক, গীত আদিক বুর্জেৱিা প্ৰভাৱৰ পৰা মুক্ত কৰি সাহিত্যৰ সকলো দিশতে ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাক নিজস্ব অসনত বহুৱাই যুজৰ হাথিযাৰ স্বৰূপে ব্যৱহাৰ কৰিবলৈ ল’লে। সেই সময়ৰ দুটিমান হিন্দী গীতৰ কেইশৰীমান মনত পৰিছে – “কাঁহে শ শ মকৰ বনাও / আৰে অব ভাগ লণ্ডন যাও’ ; “কেকেৰা কেকেৰা নাম বাতাৱ | জগকে সব লুটেৰোৱা হ’ ( জমিদাৰ লুটে মহাজন লুটে।  আওৰ লুটে চৰকাৰোৱা হ।’ –  গীতৰ প্ৰকাশভংগী, বিষয়বস্তু অৰু সুৰ ইমান সাৱলীল যে নিৰক্ষৰ গাঁৱৰ মানুহে বুজাত অলপো কষ্ট নহয়। গণনাট্য সংঘৰ জয়যাত্রা এঠাইতে আৱদ্ধ হৈ থকা নাছিল। সেই তেতিয়াই ভাৰতীয় গণনাট্য সংঘৰ আহ্বানৰ প্ৰতি সহাৰি জনাই অসমৰ প্রখ্যাত শিল্পীসকলে ককালত টঙালি বান্ধি আগবাঢ়ি গৈছিল।

১৯৪৬ চনত শিলচৰত অনুষ্ঠিত গণনাট্যসংঘৰ প্রথম অধিবেশনৰ পৰাই এই অনুষ্ঠানৰ ঐতিহ্য গঢ়ি উঠিছিল। প্রথম অধিবেশনতে খাচীয়া, জয়ন্তীয়া, বড়ো, মিচিং, ডিমাচা, কছাৰী, মণিপুৰী, অসমীয়া, বঙালী, চাহমজদুৰ প্রতিনিধিসকলে অসমীয়া সংস্কৃতিৰ ৰামধেনুত প্রতিফলিত কৰিছিল বিভিন্ন ৰঙৰ বর্ণাঢ্যতা। এই যুগৰ অসমীয়া সংস্কৃতিৰ দিকপাল জ্যোতিপ্ৰসাদ আছিল অসম গণ-নাট্যসংঘৰ সভাপতি। তেখেতৰ অকাল মৃত্যুত সেই স্থানত নির্বাচিত হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। প্রথম অধিবেশনৰ পৰাই অসমৰ অগ্ৰণী গণশিল্পী শ্রীহেমাংগ বিশ্বাসক সকলো ভাষা-ভাষী প্রতিনিধিসকলে অবিসম্বাদী ভাৱে সম্পাদকৰ দায়িত্ব দি আহিছিল। অসম গণনাট্য সংঘৰ তৃতীয়জন সভাপতি আছিল যশস্বী কথাশিল্পী চৈয়দ  আব্দুল মালিক। শ্ৰীহেমাংগ বিশ্বাসৰ সাংগঠনিক পটুতাই তেখেতক গণ-নাট্যসংঘৰ প্ৰধান guiding force ৰূপে পৰিগণিত কৰাইছিল।

স্বাধীনতাৰ আগতকৈও স্বাধীনতাৰ পিছতহে গণনাট্য সংঘৰ কাম-কাজে প্রসাৰ লাভ কৰিছিল। এফালে কাশ্মীৰ আৰু অসমৰ পৰা আনফালে দক্ষিণ ভাৰতলৈকে এই অভিনৱ সাংস্কৃতিক আন্দোলনে খলকনি তুলিছিল। ভোম্বাইৰ বিশিষ্ট চিনেমা শিল্পীসকল পৃত্থিৰাজ কাপুৰ, ৰাজ কাপুৰ, সলিল চৌধুৰী, বলৰাজ সাহনী, প্রেমধাৱান, ওমৰশেখ ইত্যাদি শিল্পীসকলে স্বেচ্ছাই এই আন্দোলনত ভাগ ল’লে। কৃষণচন্দ, খাজা আহমদ আব্বাচ  আদি বিখ্যাত লেখকসকলে গণনাট্য সংঘৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি লিখিলে নতুন ধৰণৰ গল্প। গীতিকাৰ আলি চৰ্দাৰ জাফ্ৰী, সহিৰ লুঠিয়ানজীয়ে লিখিলে নতুন ধৰণৰ গীত -দেশ হামাৰা ধৰতি আপনি/ হাম ধৰতিকে লাল নয়া সংসাৰ বনায়েংগে/ নয়া ইনসান বনায়েংগে। নাট্যকাৰ, গল্পলেখক, গীতিকাৰ সকলোৱে বিচাৰিছে নতুন মানুহৰ জনম হওক। খাজা আহমদ আব্বাচৰ ‘দো বিঘা জমিন’ – গল্পৰ চিনেমা কৰিলে বিমল ৰয়ে‌, য’ত দেখুওৱা  হ’ল এজন কৃষকৰ জীৱনৰ সংগ্ৰাম আৰু জয়গান। গণনাট্য সংঘৰ পৰশত Anti Hero হৈ পৰিল Hero। ‘দো বিঘা জমিন’ Hero হ’ল এজন সাধাৰণ খেতিয়ক যিটো সেই সময়ৰ চিনেমা শিল্পত ভাবিব নোৱাৰা ঘটনা। এই ছবিৰ গীতৰ সুৰত সংযোজিত হৈছিল কামৰূপীয় লোকগীতৰ সুৰ।

১৯৫২ চনত বোম্বাইত অনুষ্ঠিত হ’ল ভাৰতীয় গণনাট্য সংঘৰ অধিবেশন। সভাপতি পৃথিৰাজ কাপুৰ। উপ-সভাপতি চৈয়দ আব্দুল মালিক। Presidium ৰ আন সভ্যসকল হ’ল বিখ্যাত নৃত্যশিল্পী উদয় শংকৰ, প্রখ্যাত চিনেমা পৰিচালক বিমল ৰয়, সাহিত্যিক খাজা আহমদ  আব্বাচ প্ৰমুখ্যে মুঠ সাতজন স্বনামধন্য শিল্পী।

অসম গণনাট্য সংঘৰ দ্বিতীয় অধিবেশন অনষ্ঠিত হয় ১৯৫৪ চনত গুৱাহাটীত। গুৱাহাটীতেই তেতিয়া অসম গণনাট্য সংঘৰ প্ৰধান কাৰ্যালয় আছিল। সেই অধিৱেশনত অংশ গ্রহণ কৰি এনে লাগিছিল যেন সকলো সলনি হৈ যাব ধৰিছে। হাবিত ফুলি থকা ফুলৰ দৰে অসমৰ বিভিন্ন জনগোষ্ঠীৰ বাচকবনীয়। শিল্পীসকলে মঞ্চত উখল-মাখল লগালেহি। লোকসংস্কৃতিৰ ভঁড়ালৰ পৰা তুলি অনা বড়োৰ চিফুঙৰ সুৰত, অসমীয়া ঢোলৰ চাপৰত, গোৱালপৰীয়া লোকগীতৰ সুৰৰ মূৰ্চনাত গোটেই ৰভাথলিখনেই ৰজনজনাই উঠিছে। মঘাই ওজা- কৃষকৰ সন্তান মঘাই ওজাৰ ঢোলৰ চাপৰে কথা কৈছে। গোটেই ৰভাঘৰখনেই যেন এখন বিয়াঘৰহে। এয়াতো ঢোলৰ চাপৰ নহয় যেন যাদুহে। বোম্বাইৰ পৰা অহা বলবাজ সাহনী, প্রেম ধাৱান, কণ্ঠশিল্পী হেমন্ত মুখার্জী, বংগদেশৰ মন্তু ঘোষ, সুচিত্রা মিত্র, দেৱব্ৰত বিশ্বাস, নৃত্য শিল্পী শম্ভু ভট্টাচার্যকে ধৰি প্ৰখ্যাত শিল্পীসকলে বিনা দ্বিধাই কলে এইজন জনতাৰ মহান শিল্পী। হেমাংগদাৰ ভাষাত তেতিয়াৰ পৰাই মঘাই ওজা হৈ পৰিল গণনাট্য সংঘৰ “দামামা”।” সেয়েহে পিছদিনাখনৰ শোভাযাত্রাত বলৰাজ সাহনীয়ে মঘাই ওজাক কান্ধত তুলি ল’বলৈ অকণো কুণ্ঠাবোধ নকৰিলে।

মঘাই ওজাক যদিও মিলিত শিল্পী সমাজেই প্রথম মঞ্চত থিয় কৰোৱায় তথাপি সর্ব ভাৰতীয় মঞ্চলৈ অনিলে গণনাট্য সংঘইহে। সেই অধিবেশনৰ সকলোবোৰ item এই অসমৰ চুকে-কোণে সিচৰিত  হৈ থকা বাৰেবৰণীয়া গীত-মাত, নৃত্যৰেই সজোৱা হৈছিল।  আগতে অনুভব কৰিব পৰা নাছিলো  এইখন অসমৰ বুকতে যে ইমানবোৰ সুৰ সঞ্চিত হৈ আছে। মঞ্চত গোট খাইছে বিভিন্ন ভাষাভাষী  শিল্পী। সৰু সৰু মানুহৰ জীৱনক লৈ ৰচনা কৰা নত্য, গীত পৰিবেশন কৰিছে বংগদেশৰ শিল্পীদলে। প্রগতিবাদী কবি সুকান্ত ভট্টাচাৰ্যৰ ‘ৰাণাৰ’ কবিতাটিৰ জীৱন্ত ৰূপ দিছে এফালে গীতৰ মাজেদি হেমন্ত মুখার্জী, মন্টু ঘোষ, দেবব্রত বিশ্বাস আদি কণ্ঠশিল্পীসকলে  আৰু আনফালে শম্ভু ভট্টাচার্যই নৃত্যৰ ছুন্দেবে। এক অপূর্ব সমন্বয়। ভূপেন হাজৰিকা,দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মৰ (তেতিয়া হাজৰিকা) দৰে প্রখ্যাত শিল্পীসকলে অসমৰ লোক সংস্কৃতিৰ ভড়ালৰ পৰা বুটলি অনা সোণচেকুৰা বিলালেহি ৰাইজৰ মাজত। সাম্য-মৈত্রীৰ জয়-গানেৰে মুখৰিত হৈ পৰিল গোটেই ৰভাথলি। এয়া এক নতুন অভিজ্ঞতা। বোম্বাইৰ সলিল চৌধুৰীয়ে মোৰ এটা লোকগীত tape কৰি ল’লে। ধানখেৰ পৰি থোৱা বিৰাট ৰভাথলিত সকলোৱে সমানে বহিছে। কাৰো বাবে সুকীয়া ব্যৱস্থা নাই। নাই সৰু বৰ, নাই ভিন পৰ। শিল্পী আৰু দৰ্শকৰ ব্যৱধানে নাইকিয়া হৈ গ’ল ।

গণনাট্য সংঘ প্রত্যক্ষ বা পৰোক্ষভাবে যদিও কম্যুনিষ্ট পাৰ্টিৰ সাংস্কৃতিক বিভাগ আছিল তথাপি তাৰ আহ্বানৰ প্রতি পাৰ্টিৰ লগত মুঠেই সম্পর্ক নথকা শিল্পীসকলো  আকৃষ্ট হৈছিল। অসমৰ বেছি ভাগ শিল্পীয়েই তেতিয়া কোনো পাৰ্টিৰ লগত জড়িত নাছিল। কিন্তু শিল্পীৰ স্বাভাৱিক বিপ্লৱী সত্তাই গণনাট্য সংঘৰ সাম্য মৈত্রীৰ  আহ্বানত সহাৰি নজনোৱাকৈ থাকিব পৰা নাছিল।

লাহে লাহে অসমৰ আটাইবোৰ প্ৰধান নগৰতে গণনাট্য সংঘৰ শাখা খোলা হৈছিল। সেই সময়ত যোৰহাটৰ মিলিত শিল্পী সমাজে ৰাজনীতিৰ লগত প্রত্যক্ষ বা পৰোক্ষভাবে সম্পর্ক নাৰাখিও গণ-নাট্য সংঘৰ পৰা প্ৰেৰণা লাভ কৰিছিল। সেয়েহে মিলিত শিল্পী সমাজে ঢোলৰ যাদুকৰ মঘাই ওজাক গাঁৱৰ পৰা উলিয়াই আনি প্রথমেই নগৰৰ মঞ্চত থিয় কৰাবলৈ সমৰ্থ হৈছিল। মাজুলীত জন্ম গ্রহণ কৰা দুখীয়া চিত্র শিল্পী লোহিত বৰাৰ মৃত্যুত মিলিত শিল্পী সমাজৰ মুছলমান শিল্পীসকলেও নির্ভীকভাবে তেওঁৰ মৃতদেহ শ্মশানত দাহ কৰিব পাৰিছিল।

গণনাট্য সংঘৰ পৰাই ভূপেন হাজৰিকাৰ দৰে শিল্পীয়েও অসমৰ লোক-সংস্কৃতিৰ সোণ বুটলি “এৰা বাটৰ সুৰ” সৃষ্টি কৰাৰ প্ৰেৰণা পাইছিল আৰু আজিও তেখেতে অসমৰ আকাশত উটি ভাঁহি ফুৰা থলুৱা সুৰবোৰ গোটাই অনি পৃথিবীৰ দেশে-দেশে বিলাই ফুৰাৰ প্ৰেৰণা লাভ কৰিছে।

গণনাট্য সংঘৰ প্ৰতিটো অনুষ্ঠানেই কঢ়িয়াই অনিছিল একোটা Message –  বাণী। সেই বাণী, অন্যায়, অবিচাৰ, অত্যাচাৰৰ বিৰুদ্ধে জাগ্রত হোৱাৰ বাণী। সেই বাণী সুন্দৰৰ  আৰাধনাত লোক-সংস্কৃতিব গন্ধ-পুষ্পেৰে জনতাক সেৱা কৰাৰ বাণী। সেই বাণী সাম্য-মৈত্ৰীৰ বাণী । কিন্তু এনে এটা সুন্দৰ আৰু মহান অনুষ্ঠান হঠাতে কিয় নাইকিয়া হৈ গ’ল? অসমত এতিয়া গণনাট্য সংঘৰ জঁকাটোহে আছেগৈ।

ব্যক্তিগতভাবে ইয়াৰ সম্ভাব্য কাৰণ কেইটিমান আঙুলিয়াব খুজিছোঁ। হয়তো এই কাৰণবোৰেই একমাত্র নহ’ব পাৰে। সি যি কি নহওক, মোৰ সম্পৰ্ণ ব্যক্তিগত ধাৰণাহে আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছো।

প্রথম: গণনাট্য সংঘৰ আটাইবোৰ শিল্পীয়েই আছিল অবৈতনিক। আনহাতে বেছিভাগ শিল্পীয়েই পাৰ্টিৰ লগত জড়িত  আছিল। সেয়েহে বিশেষ উদ্দেশ্যেৰে একাণপতীয়াকৈ শিল্প-চৰ্চাত মনোনিৱেশ কৰাৰ উদ্যম সকলোৰে নাছিল। জীৱন সংগ্ৰামৰ জটিলতাৰ মাজত সোমোৱাৰ লগে লগে উদ্দেশ্যবিহীন শিল্পীৰ উদ্যম নাইকিয়া হৈ যায়। গণ-নাট্যসংঘই এনে ৰোগত ভূগিছিল।

দ্বিতীয়: গণনাট্য সংঘৰ প্ৰচুৰ খ্যাতিৰ মূলতে আছিল চিনেমাৰ শিল্পীসকল। তেখেতসকলে গণনাট্য সংঘক যিমান দিছিল তাৰ পৰিৱর্তে তেখেতসকলেও ভাৰতৰ জনতাৰ পৰা পাইছিল অকৃত্রিম মৰম-চেনেহ। এই চেনেহ জীয়াই ৰাখিবলৈ তেওঁলোক বেছি ধৰণেৰে সোমাই পৰিছিল চিনেমাৰ ৰূপালী পৰ্দাত। ফলত গণনাট্য সংঘই প্রথম অৱস্থাত তেওঁলোকৰ পৰা যি সহাৰি পাইছিল, লাহে লাহে সি ক্ষীণ হৈ আহিল।

তৃতীয়: ১৯৬০ৰ ভাষা আন্দোলনে অসমৰ গণনাট্য আন্দোলনক জোকাৰ নিদিয়াকৈ থকা নাছিল। প্ৰথমৰে পৰা দায়িত্ব সহকাৰে অংশ গ্ৰহণ কৰা আৰু গণনাট্য সংঘৰ সৰ্বভাৰতীয় কমিটিত উপ-সভাপতিৰ আসন গ্ৰহণ কৰা চৈয়দ আব্দুল মালিকৰ শিলে সাৰ পালে” গল্পই গণনাট্য সংঘক স্তম্ভিত কৰি তুলিছিল। আচৰিত কথা এয়ে যে সাধাৰণ নির্বচনত তেখেতে কম্যুনিষ্ট পাৰ্টিৰ পৰা থিয় দিছিল। অৱশ্যে হেমাংগদা আৰু ভূপেনদাৰ যুটীয়া প্ৰচেষ্টাত এই জাতি বিদ্বেষ আৰু প্ৰাদেশিকতাৰ বৰ্বৰ শক্তিৰ বিৰুদ্ধে অসমৰ প্ৰকৃত শিল্পীসকলে অভিযান আৰম্ভ কৰিছিল।

হয়তোবা আন বহুতো কাৰণ আছে – যিবোৰ মই নিজে হৃদয়ংগম কৰিব পৰা নাই। সি যি কি নহওক, ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অভিৱৰ্তনখনিৰ উদ্দেশ্যৰ বিষয়ে যি জানিব পৰা গৈছে তাৰ উদ্দেশ্য নিশ্চয় মহৎ। সেয়ে হ’লেও অতীতব ভুল-ত্রুটিৰ পৰা যথেষ্ট শিক্ষা ল’ব লগীয়া থাকে। বৰ্তমানৰ দুষ্কৃতি আৰু অপ-সংস্কৃতিৰ কোঢ়ালৰ মাজত এই অভিৱৰ্তনখন যেন এক পবিত্র শংখধ্বনি। আশা ৰাখিছোঁ ইয়াৰ উদ্যোক্তাসকলে, সংগঠকসকলে IPTA ৰ ত্ৰুটিবোৰৰ পৰা শিক্ষা ল’ব লগীয়া যেনেকৈ  আছে সেইদৰে ইয়াৰ achievements বোৰৰ পৰাও প্ৰেৰণা লাভ কৰিবলগীয়া আছে‌।

আন্তৰিকতাৰে আশা কৰিছোঁ যেন ইয়াৰ উদ্যোক্তা আৰু সংগঠকসকলে এই অভিৱর্তনৰ উদ্দেশ্যসমূহ কাৰ্যকৰী কৰাত নিষ্ঠাবান সৈনিকৰ দৰে ব্ৰতী হ’ব আৰু অশেষ ত্যাগ কৰি হলেও নির্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ যত্ম কৰিব।

(যোৰহাট : ২৪‌।১‌। ৮১)

Leave a Reply

Your email address will not be published. Required fields are marked *