অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

ইছলামিক নাৰীবাদ আৰু ইয়াৰ প্ৰত্যাহ্বান-(আবিদ আজাদ)

পিতৃতান্ত্ৰিক ইছলামিক সমাজত মুছলমান মহিলাৰ অধিকাৰ আৰু সমতাৰ বাবে যি বৌদ্ধিক, সামাজিক আৰু ৰাজনৈতিক সংগ্ৰাম চলিছে সেয়াই হৈছে ইছলামিক নাৰীবাদ। বৰ্তমান বিশ্বত ইছলামিক নাৰীবাদ হৈছে এক বহুল চৰ্চিত বিষয় । ব্যক্তিবাদী নাৰীবাদ, সমাজবাদী নাৰীবাদ, মৌলবাদী নাৰীবাদ আদিৰ দৰে ‘ইছলামিক নাৰীবাদ’কো নাৰীবাদৰ এক ধাৰা হিচাপে গণ্য কৰি পাৰি নে নাই সেই লৈ নাৰীবাদীসকলৰ মাজত চৰ্চা অব্যাহত আছে । উদাৰবাদী তথা যুক্তিবাদী নাৰীবাদীসকলে ধৰ্মকেন্দ্ৰিক ইছলামিক নাৰীবাদক সমৰ্থন কৰিব নিবিচাৰে । তাৰোপৰি এয়াও প্ৰশ্ন আহে যে – ইমানবোৰ নাৰীবাদী বাগধাৰা থাকোতে ইছলামিক নাৰীবাদৰ জানো প্ৰয়োজনীয়তা আছে ? এয়া অস্বীকাৰ কৰিব নোৱাৰি যে বিশ্বৰ এক বৃহৎসংখ্যক লোক হৈছে ইছলাম ধৰ্মৱালম্বী আৰু তাৰ আধা অংশ হৈছে মুছলমান নাৰী সমাজ । ইয়াত ‘মুছলমান নাৰী সমাজ’ বুলি কোৱা হৈছে যদিও আচলতে তেনে কোনো এটা সমাজ নাই। আন সকলো সমাজৰ দৰে এই সমাজখনো ভৌগোলিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিকভাৱে বহুধাবিভক্ত । এই বহুধাবিভক্ত সমাজখনৰ এটাই মিল আছে – সেয়া হৈছে সেই সমাজখনক নিয়ন্ত্ৰণ কৰে শ্বৰিয়ত-কেন্দ্ৰিক এক অদৃশ্য পুৰুষতান্ত্ৰিক কৰ্তৃত্বই । এই পুৰুষতান্ত্ৰিক কৰ্তৃত্বক মোল্লাতন্ত্ৰ বুলিও ক’ব পাৰি বা মাতব্বৰী ব্যৱস্থা বুলিও ক’ব পাৰি ।‘ইছলামিক নাৰীবাদ’ হৈছে এনে পুৰুষতান্ত্ৰিক কৰ্তৃত্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । বিশ্বত যি এক কট্টৰবাদী ৰাজনৈতিক ইছলামৰ উত্থান দেখিবলৈ পোৱা যায় তাৰ সৈতে ( বা বিপৰীতে) ইছলামিক নাৰীবাদৰ উত্থান বিশেষভাৱে মন কৰিব লগীয়া । ইছলামিক নাৰীবাদৰ প্ৰাসংগিকতাও তাতেই । মুছলমান সমাজৰ ই এক আভ্যন্তৰীণ বিষয় হোৱা সত্ত্বেও ইয়াৰ প্ৰাসংগিতাৰ বাবেই উদাৰবাদী তথা যুক্তিবাদী নাৰীবাদীসকলে ‘ইছলামিক নাৰীবাদ’ক এলাগী নকৰি ইয়াৰ গুৰুত্ব বুজিবলৈ চেষ্টা কৰা উচিত।কট্টৰবাদী ৰাজনৈতিক ইছলামক উপযুক্ত টক্কৰ দিবলৈ ইছলামিক নাৰীবাদীসকলৰ গুৰুত্ব অপৰিসীম।কাৰণ তেওঁলোকৰ মূল অস্ত্ৰবিধ হৈছে একেই । সেয়া হৈছে তেওঁলোকৰ ধৰ্মগ্ৰন্থ । ইছলামিক পুৰুষতান্ত্ৰিক কৰ্তৃত্বই যি উৎসক অৱলম্বন কৰি নাৰীক অৱদমন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি ৰাখিব বিচাৰে, সেই একেটা উৎসক অৱলম্বন কৰিয়ে আজিৰ আধুনিক ইছলামিক নাৰীবাদীসকলে মুছলমান নাৰীৰ সম-অধিকাৰ আৰু সমতাৰ দাবী উত্থাপন কৰিছে । তেওঁলোকৰ মতে তেওঁলোকক অন্য একো নালাগে – কোৰানত নাৰীক যি অধিকাৰ আৰু সমতা দিয়া হৈছে সেইখিনিহে বিচাৰিছে। হজৰত মহম্মদে তেওঁৰ জীৱন কালত মহিলাক যি মৰ্যাদা দিছিলে সেই মৰ্যাদা তেওঁলোকক লাগে। কোৰানৰ ব্যাখ্যাই হওক বা ইছলামিক শ্বৰিয়তী আইন প্ৰণয়নেই হওক – ইছলামৰ প্ৰায় প্ৰাৰম্ভিক কালৰেপৰা সেই কাম মূলতে পুৰুষৰদ্বাৰা পুৰুষতান্ত্ৰিক দৃষ্টিভংগীৰে কৰি অহা হৈছে বাবে অনেক ব্যাখ্যা নাৰীবিদ্বেষী হোৱা বুলি আজিৰ ইছলামিক নাৰীবাদী তথা আধুনিক ভাষ্যকাৰসকলে জ্ঞান কৰে। ফলস্বৰূপে  প্ৰায় চৈধ্যশ বছৰজুৰি মুছলমান মানসিকতা সেইদৰেই গঢ় লৈ উঠিছে আৰু মুছলমান মহিলাই বিনা প্ৰশ্নই সেইবোৰ মানি আহিব লগীয়া হৈ আহিছে ।

ইছলামিক নাৰীবাদৰ বাটকটীয়াস্বৰূপ ফেতিমা মেৰিনিছি, আমিনা ৱাদুদ, লেইলা আহমেদ আদি নাৰীবাদী তাত্ত্বিকসকলে নতুনকৈ আৰবী ভাষা শিকি, কোৰানৰ আয়াতবোৰ তন্ন তন্নকৈ অধ্যয়ন কৰি কোৰানক নতুনকৈ আৱিষ্কাৰ কৰিছে । প্ৰয়োজন সাপেক্ষে নাৰী সম্পৰ্কীয় আয়াতবোৰৰ নতুন ব্যাখ্যাও আগবঢ়াইছে । বিশ্বৰ মুছলমান মহিলাৰ বাবে ই এখন নতুন দুৱাৰ মুকলি কৰি দিছে । ইজিপ্ট, মৰক্কো, টিউনেছিয়া, ইণ্ডোনেছিয়া, ইৰান আদি আফ্ৰিকীয় আৰু এছীয় দেশবোৰ এইক্ষেত্ৰত যথেষ্ট আগৰণুৱা ।  এখন ধৰ্মনিৰপেক্ষ সংবিধান থকা দেশ ভাৰতত এনে চৰ্চাই খুব এটা অগ্ৰগতি লাভ কৰা নাই যদিও ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। কাৰণ সংবিধানখন ধৰ্মনিৰপেক্ষ হ’লেও দেশৰ জনগণৰ মানসিকতা অলপো ধৰ্মনিৰপেক্ষ নহয় । ধৰ্মৰ আভ্যন্তৰীণ বিষয়ত সংবিধানেও হস্তক্ষেপ কৰিব নকৰে । তাৰোপৰি সংখ্যালঘু ছেন্টিমেন্ট এটা থকাৰ বাবে নাৰীবাদী সংগঠনবোৰেও মুছলমানৰ আভ্যন্তৰীণ বিষয়ত সোমাব নিবিচাৰে ।  ফলত মুছলমান মহিলাৰ বিষয়বোৰ বহুসময়ত স্পৰ্শকাতৰ হৈ পৰি ৰয়।

নাৰীবাদী চৰ্চা অকল নাৰীৰ অধিকাৰৰ বাবে কৰা চৰ্চা নহয় । ই সমাজৰ সামগ্ৰিক উত্থানৰ বাবেই প্ৰয়োজনীয় । ছিমন ডি বোভোৱাৰে তেওঁৰ জীৱনৰ আগভাগত নাৰীক তাৰ দাসত্বৰপৰা সমাজতন্ত্ৰইহে মুক্তি দিব পাৰিব বুলি বিশ্বাস কৰিছিল । কিন্তু পৰৱৰ্তী কালত দেখিলে, সমাজতন্ত্ৰও দেখোন পুৰুষৰ দখলত । সমাজতন্ত্ৰয়ো নাৰীক মুক্তি দিব পৰা নাই । সেয়ে পাছৰফালে তেওঁ নিজকে নাৰীবাদী বুলি ঘোষণা কৰে । ইয়াৰ কাৰণ হিচাপে তেওঁ কৈছিল যে – সমাজতন্ত্ৰৰ স্বপ্ন বাস্তৱায়িত হ’বলৈ হ’লে আগতে নাৰীৰ পৰিস্থিতিৰ বাবে সংগ্ৰাম কৰিব লাগিব, ইয়াতেই আৰু এতিয়াই । যদিও ছিমন ডি বোভোৱাৰৰ অস্তিত্ববাদী দৰ্শনভিত্তিক নাৰীবাদ আৰু ইছলামিক নাৰীবাদৰ সাদৃশ্য নাই, মুছলমান নাৰীৰ হকৰ বাবেই ইছলামিক নাৰীবাদৰ আৱশ্যকতা আছে ।  নাৰীবাদৰ অনেক ধাৰা যিহেতু আছেই আৰু প্ৰতিটো ধাৰাৰে মৌলিক পাৰ্থক্য কিছুমান আছে, তেনেস্থলত ইছলামিক নাৰীবাদকো নাৰীবাদৰ এক ধাৰা হিচাপে নিশ্চয় গণ্য কৰিব পাৰি । সেইকল্পে ইয়াৰ চৰ্চাও হোৱা আৱশ্যক ।

ইছলামিক নাৰীবাদী অৱশ্য এটা দিশত সতৰ্ক হ’ব লাগিব । তেওঁলোকৰ যুক্তিৰ মূল সম্বল কোৰানত এনে কিছু আয়াতো আছে যি চৈধ্যশ বছৰ আগৰ আৰবৰ সমাজব্যৱস্থাৰ বাবেহে প্ৰযোজ্য । যিবোৰ নেকি আজিৰ আধুনিক গণতান্ত্ৰিক সমাজব্যৱস্থাত গ্ৰহণযোগ্য নহয় । পত্নীক প্ৰহাৰ কৰা, একাধিক পত্নী ৰাখিব পৰা, হালালা আদি কথাবোৰৰ ব্যাখ্যা এপ’লজিষ্টৰ দৰে হ’লে নহ’ব । নাৰীবাদীসকল ইছলামিক এপ’লজিষ্ট আৰু ৰাজনৈতিক ইছলামৰ সমৰ্থকসকলৰ জালত যাতে ভৰি নেপেলায়  সেই লৈ সতৰ্ক হ’ব লাগিব ।  ৰাজনৈতিক ইছলামে কোৰানৰ প্ৰতিটো আয়াতকে সাৰ্বজনীন মান্যতা দিব বিচাৰে ।  ইছলামিক নাৰীবাদীসকল সেয়ে তাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব।  আধুনিক চিন্তাধাৰাৰ মুছলমান মহিলাৰ মাজতেই বহুতে আকৌ ‘নাৰীবাদ’ক এক পশ্চিমীয়া ধাৰণা হিচাপে জ্ঞান কৰে । কোৰানত উপলব্ধ অধিকাৰ প্ৰাপ্তিৰ বাবে ‘নাৰীবাদী’ পৰিচয় লোৱাৰ প্ৰয়োজন নাই, এগৰাকী ‘প্ৰকৃত মুছলমান মহিলা’ হৈয়ো সেই অধিকাৰ পাব পাৰি বুলি তেওঁলোকে জ্ঞান কৰে । তেওঁলোকৰ মতে – ইছলামত ৰিফৰ্মৰ নহয়, ৰিডিছকোভাৰিৰহে প্ৰয়োজন । ইছলামিক নাৰীবাদীসকলে এই গোটেইবোৰ দিশ চাই আগবাঢ়ি যাব লাগিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *