ইতিহাস চৰ্চা আৰু ৰবীন্দ্ৰনাথ (আদেশ দে)
মানৱীয় প্ৰজ্ঞা আৰু জ্ঞানচর্চাৰ এক প্ৰাচীন উপকৰণ হৈছে ‘ইতিহাস’ তথা ‘অতীতচৰ্চা’। অৱশ্যে এই অতীতচৰ্চাৰ ধৰণ-প্ৰকৰণ আৰু পদ্ধতিলৈ যুগে যুগে পৰিৱৰ্তন সাধিত হৈ আহিছে। ইতিহাসচৰ্চাৰ পিতৃ স্বৰূপ হেৰোড’টাছৰ (Herodotus) পৰা আদি কৰি আধুনিক সময়লৈকে আৰু বৰ্তমানৰ উত্তৰ-আধুনিকতাবাদৰ (Post-Modernism) যুগতো বিভিন্ন পণ্ডিতব্যক্তিৰ জ্ঞানসাধনাত ইতিহাসৰ ন ন দিশ উন্মোচিত হৈ আহিছে। এনে এক নিৰবধি যাত্ৰাৰ এক অন্যতম ভাৰতীয় পণ্ডিত হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ।
প্ৰায় ১৮ টা সুচিন্তিত প্ৰৱন্ধৰ মাধ্যমে ববীন্দ্ৰনাথে তেওঁৰ ইতিহাসচিন্তাক বলিষ্ঠ ৰূপত ব্যক্ত কৰিছে। তাৰ ভিতৰত ‘ভাৰতবৰ্ষেৰ ইতিহাস’, ‘ভাৰতবৰ্ষেৰ ইতিহাস ধাৰা’, ‘শিৱাজী ও মাৰাঠা জাতি’, ‘শিৱাজী আৰু গুৰু গোবিন্দ সিংহ’, ‘ভাৰত ইতিহাস চৰ্চা’, ‘কাজেৰ লোককে’, ‘শিখ স্বাধীনতা’, ‘ঝাঁন্সিৰ ৰাণী’, ‘ভাৰতবৰ্ষে মুছলমান ৰাজত্বেৰ ইতিবৃত্তি’ ইত্যাদি প্ৰধান।
ৰবীন্দ্ৰনাথৰ ইতিহাসচৰ্চাৰ বিষয়ে মন্তব্য কৰাৰ প্ৰাকক্ষণত আমি কেতবোৰ কথাৰ লগত পৰিচিত হৈ লোৱাটো অত্যন্ত জৰুৰী। তেওঁ সাহিত্যৰ জগতক প্ৰতিভাদীপ্ত কৰি তোলা ব্যক্তি আৰু তেওঁৰ ইতিহাসচিন্তা তথা ইতিহাসবোধ (Historical Sense) তেওঁৰ সমকালীন সামাজিক, ৰাজনৈতিক আৰু বৌদ্ধিক চেতনাৰ দ্বাৰা ঘাইকৈ প্ৰভাৱিত। ৰবীন্দ্ৰনাথৰ ইতিহাস দৰ্শন (Philosophy of History) সম্পূৰ্ণৰূপে তেওঁৰ ব্যক্তিগত মানসপটৰ ফচল।
আমাৰ এই ধৃষ্টতাপূৰ্ণ দুঃসাহসিক প্ৰচেষ্টাৰ একমাত্ৰ উদ্দেশ্য নিহিত হৈছে— এইজনা মহান ব্যক্তিৰ দৃষ্টিত ইতিহাসবোধ আৰু তদানীন্তন ভাৰতীয় সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত ইতিহাসে কি ৰূপ ধাৰণ কৰিছিল তাৰ বিশ্লেষণ কৰা।
প্ৰসিদ্ধ ঐতিহাসিক অধ্যাপক নীহাৰৰঞ্জন ৰায়ে তেওঁৰ “ৰবীন্দ্ৰনাথ ও ইতিহাস চিন্তা” শীৰ্ষক প্ৰৱন্ধত ৰবীন্দ্ৰনাথৰ ইতিহাস প্ৰতিভাৰ কথা বিশেষকৈ আলোচনা কৰিছে। অধ্যাপক ৰায়ে ৰবীন্দ্ৰনাথৰ ইতিহাসবোধক তেওঁৰ বহুমুখী প্ৰতিভাৰ ভিতৰত এক অন্যতম বুলি স্বীকাৰ কৰাৰ লগতে তেওঁৰ একান্ত নিজস্ব ধাৰণা বুলিও মন্তব্য কৰিছে। ৰাবীন্দ্ৰিক ইতিহাস চেতনাৰ ওপৰত আলোকপাত কৰা কৰা আৰু দুজন ব্যক্তি হৈছে সুনীতিকুমাৰ চট্টোপাধ্যায় আৰু অক্ষয় কুমাৰ দত্ত।
জাতীয়তাবাদী ভাৱধাৰাত উদ্বুদ্ধ ৰবীন্দ্ৰনাথে ভাৰতৰ ইতিহাসচৰ্চাৰ ক্ষেত্ৰত এক সমালোচনাত্মক মত পোষণ কৰিছিল। ব্ৰিটিছ শাসনাধীনস্থ ঊনবিংশ আৰু বিংশ শতাব্দীৰ ভাৰতৰ স্বৰূপ নিৰ্মিত হৈছিল বিদেশী লেখকৰ ইতিহাস লিখনৰ দ্বাৰা। এই শ্ৰেণীৰ ইতিহাসত বিভিন্ন জাতিৰ যুদ্ধ-বিগ্ৰহ আৰু জয়-পৰাজয়ৰ কাহিনীয়েই আছিল প্ৰধান আলোচ্য বিষয়; সাধাৰণ মানুহৰ সমাজ-জীৱন স্বাভাৱিকভাৱেই তাত আছিল অনুপস্থিত। ৰবীন্দ্ৰনাথৰ দৃষ্টিত এই শ্ৰেণীৰ ইতিহাসে ভাৰতৰ যথাৰ্থ পৰিচয় দাঙি ধৰাৰ যি কৰ্তব্য তাক পূৰ্ণ নকৰে, মানুহৰ প্ৰাত্যহিক জীৱনস্ৰোতৰ ক্ৰমপ্ৰৱাহিত সচল ধাৰাৰ বৰ্ণনা ইয়াত বিষম ভাৱে উপেক্ষিত।
ৰবীন্দ্ৰনাথৰ দৃষ্টিত কবীৰ, নানক, চৈতন্য, তুকাৰামৰ কথা বিদেশীয়ে লিখা ইতিহাসত স্থান পোৱাৰ যোগ্য নহয় যিহেতু এইসকল ব্যক্তিৰ ইতিহাস প্ৰজ্ঞা, ত্যাগ আৰু ধৈৰ্যৰ ইতিহাস; আনফালে বিদেশীয়ে লিখা ইতিহাসৰ পাত ৰক্তাক্ত সংগ্ৰামৰ কাহিনীক মহিমামণ্ডিত কৰাৰ প্ৰচেষ্টাৰে ভাৰাক্ৰান্ত। তেওঁৰ মতে ভাৰতবাসীক বাহুবলে গ্ৰাস কৰিছে। মানুহে ভাৰতৰ সাতামপুৰুষীয়া ঐতিহ্যবাহী বহুদূৰ প্ৰসাৰিত শিপাডালক পাহৰি আগন্তুকসকলৰ আমদানিকৃত সংস্কৃতিকেই পৰমানন্দে গ্ৰহণ কৰাক লৈ গৰ্বিত আৰু অধিক আগ্ৰহী। ৰবীন্দ্ৰনাথে অশিক্ষাৰ এই মিথ্যা গৌৰৱৰ নিন্দা কৰিয়েই ক্ষান্ত হৈ থকা নাই। তেওঁৰ দৃষ্টিত ভাৰতৰ ইতিহাসৰ পাঠ্যক্ৰম আক্ৰমণকাৰী মামুদৰ পৰা আৰম্ভ কৰি কাৰ্জনৰ সাম্ৰাজ্যবাদী চিন্তাৰ দ্বাৰাই বাৰুকৈ অধিকৃত। ঔপনিৱেশিক শক্তিৰ লিখা ইতিহাসসমূহ উদ্দেশ্যপ্ৰণোদিত—, এইবোৰ অধ্যয়ন কৰি তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মই পূৰ্বপুৰুষৰ গৌৰৱ-গাঁথাৰ কাহিনী অধ্যয়ন কৰাৰ বিপৰীতে ভাৰতবাসীয়ে সেইসমূহ পঢ়ি চৰম হীনমন্যতাৰ বলি হ’ব লগা হৈছিল, কাৰণ ইংৰাজৰ সমান বাহুবল আৰু ধনবলৰ অধিকাৰী যে তেওঁলোক নহয়! ৰবীন্দ্ৰনাথে দেশৰ ইতিহাসৰ এই নঞার্থক দিশটোকেই কটাক্ষ কৰিছে। ইতিহাসও যে মানুহৰ আত্মসম্মান আৰু আত্মশক্তিৰ শোষক হিচাপে ব্যবহৃত হ’ব পাৰে তাৰ জ্বলন্ত উদাহৰণ ঔপনিৱেশিক যুগতেই পোৱা যায়।
বিশ্বৰ বিভিন্ন প্ৰান্তত ঘটা ইউৰোপীয়সকলৰ আগমন সভ্যতা ধ্বংসৰ কাৰক বুলি ৰবীন্দ্ৰনাথে বিবেচনা কৰিছিল। আনফালে ভাৰতৰ গভীৰ সহনশীলতাই যুগ যুগ ধৰি আৰ্য-অনাৰ্য সকলোকে একতাৰ এক বৃহৎ ছত্ৰৰ তলত বাস কৰিবলৈ উপযুক্ত স্থান প্ৰদান কৰি আহিছে। তেওঁৰ মতে, “দিবে আৰ নিবে, মিলাবে মিলিবে” ভাৰতৰ মূল মন্ত্ৰ। সাকাৰ, নিৰাকাৰ, উচ্চবৰ্গ, নিম্নবৰ্গ সকলো এক সূত্ৰত গ্ৰথিত। বৰ্জন নহয়, গ্ৰহণ হৈছে ভাৰত-আত্মাৰ তৃপ্তি।
এই তমসাপূৰ্ণ ভাৰতীয় জনমানসক পুনৰ আলোকিত কৰাৰ এক গুৰু দায়িত্ব ৰবীন্দ্ৰনাথে ইতিহাসবিদক অৰ্পণ কৰিছে। তেওঁৰ মতে ইতিহাসবিদসকলৰ কাম হ’ব ভাৰতীয় মানুহৰ এই হীনমন্যতা দূৰ কৰি তাত প্ৰাচীন ভাৰতৰ উজ্জ্বল মাহাত্ম্যৰ বীজ ৰোপণ কৰা। এনেকুৱা এটা পথত পৰিচালনা কৰা য’ত নাই বাণিজ্য, নাই শিক্ষাৰ আড়ম্বৰ; থাকিব কেৱল মাত্ৰ ভাৰতৰ প্ৰাচীন গৌৰৱক লৈ সন্মান।
বিদেশীৰ কৱলৰ পৰা মুক্ত শিক্ষাদানৰ তেওঁ সমৰ্থক। বিদেশীৰ দ্বাৰস্থ হৈ কৰা শিক্ষাৰ ভিক্ষাক তেওঁ অগ্ৰাহ্য কৰাৰ লগতে ভাৰতবাসীক আদান প্ৰদানৰ যোগেদি শিক্ষা গ্ৰহণ কৰাৰ কথা তেওঁ কৈছে। আৰু এই নিস্বাৰ্থ শিক্ষাৰ বাবে প্ৰয়োজন অধ্যয়ন আৰু অধ্যাপনাত নিষ্ঠাবান গুৰু আৰু এক সম্পূৰ্ণ স্বদেশী ইতিহাস। তেওঁৰ মতে –
“তাৰা মোৰ মাঝে বিৰাজে, কেহ নহে নহে দূৰে
আমাৰ শোণিতে ৰয়েছে ধ্বনিতে তাৰ বিচিত্ৰ সুৰ”।
অৰ্থাৎ, এই বিবিধতাৰ পৰা একতাক উপলব্ধি কৰি অখণ্ড ভাৰতবৰ্ষৰ ঐক্য ভাৱনাক আদৰ্শ হিচাপে লৈ গঢ়ি ওঠা ইতিহাসেই হ’ব ভাৰতবৰ্ষৰ পৰিচয়।
সহায়ক গ্ৰন্থ
১. ৰবীন্দ্ৰজীবনী (২য় খণ্ড) – প্ৰভাত কুমাৰ মুখোপাধ্যায়
২. ভাৰতীয় ঐতিহ্য ও ৰবীন্দ্ৰনাথ ; ভাৰতেতিহাস জিজ্ঞাসা – নীহাৰৰঞ্জন ৰায়
৩. ৰবীন্দ্ৰ চিন্তাচৰ্চা – ভবতোষ দত্ত