ইতিহাস চৰ্চা আৰু মনস্তত্ত্ব ।। প্রসেনজিৎ চৌধুৰী
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
এটা প্ৰশ্ন আৰু প্ৰাসংগিক এটা উদ্ধৃতিৰে আমি সবিনয়ে এই নাতিদীর্ঘ আলোচনাৰ দুৱাৰ মুকলি কৰিব বিচাৰিছোঁ। প্রশ্নটো হ’ল : ইতিহাস চৰ্চা আৰু মনস্তত্ত্বৰ মাজত দৃঢ় প্রোথিত দুর্লঙ্ঘ্য দেৱাল এখন থিয় হৈ আছে নেকি? উত্তৰৰ সন্ধানত আমি এগৰাকী কৃতবিদ্য ইতিহাসবিদৰ শৰণাপন্ন হ’ব পাৰোঁ। ইতিহাস চৰ্চাৰ গতি-প্রকৃতি গভীৰভাৱে অধ্যয়ন-অনুধাৱন কৰা ই. এইছ. কাৰে তেওঁৰ বহুপঠিত গ্ৰন্থ What is Historyৰ এঠাইত ঐকান্তিকতাৰে এষাৰ অর্থবহ কথা লিখিছে : “History cannot be written unless the historian can achieve some kind of contact with the mind of those about whom he is writing.” (E. H. Carr. p. 5) এই গৰাকী তত্ত্বজ্ঞ বিদ্বানৰ উক্তিৰ ভিত্তিত ক’ব পাৰি যে মানুহৰ মনৰ সমাচাৰ সম্পৰ্কে অৱগত নহ’লে অতীতৰ বহু উল্লেখনীয় আখ্যানৰ ব্যাখ্যা অসম্পূৰ্ণ বা অস্বচ্ছ হৈ পৰাৰ সম্ভাৱনা প্রচুৰ। বিজ্ঞজনে কয়, মানুহেই ইতিহাস গঢ়ে— অৱশ্যে এই নির্মাণ চলে ইতিহাসে নিৰ্ধাৰণ কৰি দিয়া পৰিসৰৰ ভিতৰতেই। কিন্তু এই মানুহৰ কাৰ্যাৱলীৰ আঁৰত প্ৰকাশ্যে বা প্রচ্ছন্নভাৱে সক্ৰিয় থকা আৱেগ, চিন্তা, আকাংক্ষা, উদ্বেগ, লক্ষ্য আদিৰ উৎস আৰু চৰিত্ৰ যথাসম্ভৱ চিনাক্ত কৰিব নোৱাৰিলে বা তাৰ ওপৰত যথোচিত গুৰুত্ব নিদিলে মানসম্পন্ন মানুহে গঢ়া ইতিহাসৰ প্ৰকৃত ছবিখন জানো আধৰুৱা হৈ নাথাকিব?
সন্ধিৎসু আৰু পৰিশ্ৰমী বুৰঞ্জীকাৰে চৰকাৰী/বেচৰকাৰী মহাফেজখানাৰ নথি-পত্ৰ খুঁচৰি প্ৰামাণিক তথ্য সংগ্ৰহ কৰাটো বৰ টান কাম নহয়। পিছে মানুহৰ মনৰ সকলো খবৰ সহজলভ্য নহয়। মনৰ বহুস্তৰবিশিষ্ট মহাফেজখানাৰ জটিল আৰু জঁটলগা বাটেৰে সোমাই সমাচাৰ সংগ্ৰহ কৰাটো কষ্টসাধ্য কাম।
তদুপৰি এই নিৰাকাৰ তথ্যাগাৰৰ পৰা সংগৃহীত তথ্যৰ বিশ্বাসযোগ্যতা তথা ব্যাখ্যাৰ যুক্তিযুক্ততা সন্দৰ্ভতো নানা প্রশ্ন উত্থাপিত হ’ব পাৰে। সেইবুলি এই মনস্তাত্ত্বিক দিশটোক বুৰঞ্জী-চৰ্চাকাৰীয়ে উপেক্ষা কৰিব নোৱাৰে। তেনে কৰিলে ইতিহাসৰ মহামঞ্চত অনুষ্ঠিত বহু নাটকৰ পূৰ্ণপাঠৰ ৰসোদ্ধাৰৰ প্ৰয়াস ব্যর্থ হ’ব। তদুপৰি অতিক্ৰান্ত যুগ এটাৰ মন-মেজাজৰ মর্ম সঠিকভাৱে উপলব্ধি কৰিব নোৱাৰিলে ইতিহাসকাৰৰ বিচাৰ-ব্যাখ্যাতো আউল লাগিব পাৰে। সেইবাবে মানুহৰ মনৰ ‘Imaginative understanding’ৰ ওপৰত ই এইছ. কাৰ-এ বিশেষ গুৰুত্ব আৰোপ কৰিছে। (Ibid. p. 24) আনহাতে মনস্তত্ত্বৰ ওপৰত মাত্ৰাধিক প্রাধান্য দি আর্থ-সামাজিক দিশটোক আওকাণ বা অস্বীকাৰ কৰিলে ইতিহাস চর্চা যে ক্ষতিকৰভাৱে একদেশদর্শী হৈ পৰিব তাত অকণো সংশয় নাই। এটা মহলত এই প্ৰৱণতা বেছ সুলভ । এগৰাকী লেখকে এনে ইংগিত দিছে যে ‘Personality and motivation’ সমন্ধীয় কোনো তত্ত্বৰ প্ৰতি— পাকে-প্রকাৰে হ’লেও— অনুগত নোহোৱাকৈ বুৰঞ্জীকাৰে বৃত্তান্ত ৰচনা কৰাটো প্ৰায় অসম্ভৱ। (F. Manuel, pp. 33-34) এই ধৰণৰ সৰলীকৃত ধাৰণাই বুৰঞ্জী-চৰ্চাক বিপথে নিয়াৰ সম্ভাৱনা থাকে। কিয়নো কেৱল ব্যক্তিত্ব-নিৰ্ভৰ ব্যাখ্যাই ঐতিহাসিক সত্যৰ সম্ভেদ নিদিয়ে, আৰু কেতিয়াবা আংশিকভাৱে দিলেও পৰিপূৰক তথ্য, যুক্তি আৰু ব্যাখ্যাৰ প্রয়োজন হয়।
ব্যক্তিত্বৰ ব্যাখ্যা-বিশ্লেষণ ব্যক্তি-কেন্দ্রিক, কিন্তু এই ব্যক্তিৰ বিচ্ছিন্ন ব্যতিক্ৰম নহয়, “because the psychic of a person is largly conditioned by the socio-historical environment.” (B. Porshney, p. 114) এইখিনিতে অৱশ্যে উল্লেখ কৰা সমীচীন হ’ব যে সমূহীয়া মনস্তত্ত্ব (collective psychology)ও ইতিহাস চৰ্চাকাৰীৰ অধ্যয়নৰ অন্যতম বিষয়। কেতবোৰ ঘটনা, আন্দোলন বা জাগৰণৰ ৰেহ-ৰূপ অনুধাৱন কৰাত এনে অধ্যয়নে নিশ্চিতভাৱে সহায় কৰে। সামাজিক মনোবিজ্ঞান (Social Psychology)ৰ পৰা আমি জানিব পাৰোঁ যে সমূহীয়া আচৰণ (collective behaviour)এ— যাৰ নেপথ্যত একে সমষ্টিৰ মন-মেজাজৰ ইন্ধন— তেনে আচৰণে ‘socio-psychological tension’ৰ বিৰামহীন বিড়ম্বনাৰ পৰা জনসাধাৰণক যথেষ্ট সকাহ দিয়ে। (A. Dutta, pp. 72-73) সমূহীয়া আচৰণ মূলতঃ দুই ধৰণৰ : সংগঠিত আৰু স্বতঃস্ফূর্ত। ধাৰণা হয়, এনে আচৰণৰ- বিশেষকৈ স্বতঃস্ফূর্ত জাগৰণৰ ঘটনাৰ— চেহেৰা-চৰিত্ৰ বুজিবলৈ গণ-মনস্তত্ত্বৰ জ্ঞান অপৰিহাৰ্য্য। ইয়াৰ সহায়তহে এনে আচৰণৰ অভিনৱত্ব, হঠকাৰিতা, ব্যর্থতা আদিৰ প্ৰচ্ছন্ন উৎসৰ পৰিচয় উদ্ঘাটন কৰাটো সম্ভৱ। তদুপৰি জনগণৰ মনস্তত্ত্বক উপেক্ষা কৰিলে কিছুমান সমূহীয়া আচৰণত দৃষ্ট হোৱা আধা-ধৰ্মীয় লক্ষণ তথা ইচ্ছাপূৰণমূলক উপাদানবোৰৰ সন্তোষজনক ব্যাখ্যা পোৱা নাযায়।
ইতিহাসৰ ওখোৰা-মোখোৰা বুকুত সগৰ্বে বিচৰণ কৰা একাধিক বিখ্যাত/ কুখ্যাত ব্যক্তিয়ে মনোবিদসকলৰ দৃষ্টি আকৰ্ষণ কৰা দেখা যায়। এই সকল বহুচৰ্চিত ব্যক্তিৰ ভিতৰত কিছুমানৰ ব্যক্তিত্ব বিকাৰগ্ৰস্ত, কিছুমানৰ ব্যক্তিত্ব সন্মোহনী শক্তিৰে সমৃদ্ধ। আমাৰ সীমিত অধ্যয়নৰ ভিত্তিত মনলৈ এই ধাৰণা আহিছে যে অন্যান্য নায়ক তথা খলনায়কৰ তুলনাত নাজী নৃশংসতাৰ প্ৰতি হিটলাৰৰ ব্যক্তিত্বত ভুমুকি মাৰিবলৈ যত্ন কৰা মনোবিদৰ সংখ্যা বেছি। এই কথাত অৱশ্যে অস্বভাৱিকতা একো নাই। ৰক্তক্ষয়ী দ্বিতীয় মহাসমৰৰ মৰ্মান্তিক অভিজ্ঞতাই— বিশেষকৈ নাজী বাহিনীৰ নিৰ্লজ্জ জাতি-বিদ্বেষে— চিন্তাশীল মানুহৰ চেতনাক বাৰুকৈ আলোড়িত কৰিছিল। এওঁলোকৰ ভিতৰত যিসকল হিংসা-হননৰ মনোগত উৎস-সন্ধানত ব্ৰতী আছিল তেওঁলোকে হিটলাৰৰ ব্যক্তিত্বৰ ব্যৱচ্ছেদত গুৰুত্ব দিয়াটোৱেই স্বাভাৱিক। আমেৰিকাৰ ৱাল্টাৰ লেংগাৰে ১৯৪৩ চনতেই মনঃসমীক্ষণৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি হিটলাৰক ‘paranoid hysteric’ বুলি অভিহিত কৰাৰ তথ্য পোৱা যায়। (S. Nicho- las, p. 128) প্রসিদ্ধ মনোবিদ কাৰেন হৰ্নিয়ে ‘Vindictive Triumph আলোচনা প্রসংগত কৈছে যে শৈশৱৰ তিক্ত অভিজ্ঞতাই ব্যক্তিত্বক বিকৃত কৰে আৰু এনে বিকৃতমনা মানুহৰ অন্যতম উদ্দেশ্য হৈ পৰে— “to attain power, by rising to prominence, to inflict suffering upon them [others]-mostly of a humiliating Kind.” (Karen Horney, p. 27) এই ‘Vindictive Triumph’-ৰ এটা ভাল দৃষ্টান্ত হিচাপে হৰ্নিয়ে কট্টৰ আৰু কদৰ্য্য জাতি-বিদ্বেষৰ বাহক হিটলাৰৰ নাম উল্লেখ কৰিছে।
যশস্বী মনোবিদ আৰু সমাজ-বিজ্ঞানী এৰিক ফ্ৰমে তেওঁৰ ‘The Anatomy of Human Destuctiveness’ শীর্ষক গ্ৰন্থত নাজী নায়ক হিটলাৰৰ ব্যক্তিত্বৰ বৈশিষ্ট্য আৰু বৈচিত্র্য সন্দৰ্ভত চিত্তাকর্ষক পর্যালোচনা দাঙি ধৰিছে। এঠাইত তেওঁ কৈছে যে বন্ধুবিহীন জার্মান একনায়কজন আছিল ‘a secretive loner’। কেৱল পোহনীয়া কুকুৰটোৱেহে তেওঁৰ মনত মানৱীয় অনুভূতি সঞ্চাৰ কৰিব পাৰিছিল। (E. Fromm, p. 454) অন্য এঠাইত উচ্চাকাঙ্খী শাসকজনৰ নৈতিক নিঃস্বতাৰ আভাস ফ্ৰমে লিখিছে : “Hitler was a consummate liar and actor.” (Ibid, p. 449 ) লক্ষণীয় যে হিটলাৰৰ ব্যক্তিত্ব জীৱনৰ বিভিন্ন পর্ব, তেওঁৰ অভ্যাস-আচৰণ তথা মনস্কামনা আদিৰ ওপৰত পাৰ্যমানে পোহৰ পেলাবলৈ যত্ন কৰিলেও ফ্ৰমে নাজী নায়কজনৰ উত্থানৰ ব্যক্তি-নিৰপেক্ষ বৃহৎ পটভূমিৰ কথাও উল্লেখ কৰিছে সংক্ষিপ্তভাৱে। ফ্ৰমে নিশ্চয় পাহৰা নাছিল যে প্রথম বিশ্বযুদ্ধৰ পিছত পৰাভূত জার্মেনীৰ জাতীয় মানসত অৱমাননা আৰু আত্মগ্লানিৰ দহনে এক দুঃসহ দশাৰ সূচনা কৰিছিল। তদুপৰি সমস্যা-সংকুল দেশখনত কৰ্ম-সংস্থানৰ অভাৱে জার্মান যুৱ-সমাজক উদ্বিগ্ন কৰি তুলিছিল। এই ধৰণৰ মানসিক যাতনা আৰু সামাজিক সংকটৰ কথা ভাবিয়েই ফ্ৰমে নিশ্চয় তেওঁৰ হিটলাৰ-অধ্যয়নৰ শেষত এটা তাৎপৰ্যপূৰ্ণ মন্তব্য দিছে : “Hitler was no genius, and his talents were not unique. What was unique was the sociopolitical situation in which he could rise.” (Ibid. p. 481) ফ্ৰমে তেওঁৰ মননৰ জগতত মার্ক্সীয় ধাৰণা কেতবোৰক ঠাই দিছিল। খুব সম্ভৱ সেই বাবে তেওঁ হিটলাৰৰ উত্থানৰ প্ৰসংগত ‘sociopolitical situation’ৰ কথা উল্লেখ কৰাৰ পৰা বিৰত নাথাকিল। কিঞ্চিৎ অপ্রাসংগিক যেন লাগিলেও এইখিনিতে উনুকিয়াই থ’ব পাৰি যে মার্ক্সীয় মাৰ্গেৰে মাজে-মধ্যে অহা-যোৱা কৰিলেও মার্ক্সবাদী লেখকে ফ্ৰমৰ ‘abstract humanist social theory’ক সমালোচনাৰ পৰা ৰেহাই দিয়া নাই। (V. I. Dobrenkov, p. 161)
হিটলাৰৰ ব্যক্তিত্ব-অধ্যয়নৰ প্ৰসংগত হৰ্নি-কথিত ‘Vindictive Tri- umph’ৰ কথা ওপৰত থোৰতে উল্লেখ কৰিছোঁ। হৰ্নিৰ এই ধাৰণাটো আমি অক্লেশে বহল ক্ষেত্ৰতো প্রয়োগ কৰিব পাৰোঁ। প্রতিহিংসামূলক জয়াকাংক্ষা কেৱল ব্যক্তিৰ মনোৰাজ্যতেই আৱদ্ধ নাথাকে, অনুকূল বাতাবৰণত ই সমূহীয়া মানসকো প্ৰভাৱিত-প্ৰণোদিত কৰে। প্ৰথম বিশ্বযুদ্ধৰ পিছত আত্মগ্লানিদগ্ধ জার্মেনীৰ জাতীয় মানসত নিশ্চয় ‘Vindictive Triumph’ৰ প্ৰতি এক অদমনীয় আগ্ৰহ অংকুৰিত হৈছিল। মনস্তত্ত্বৰ দৃষ্টিকোণৰ পৰা ইয়াক ক্ষতিপূৰণৰ প্রয়াস বুলিব পাৰি। আমি জানো, অৱজ্ঞা-অৱমাননাই উন্নত আৰু ঐতিহ্য-সমৃদ্ধ জাতিৰ মানসত যি বেদনাদায়ক ক্ষত সৃষ্টি কৰে তাৰ নিৰাকৰণৰ উদ্দেশ্যে লাঞ্ছিত মানুহে কেতবোৰ উপায়ৰো উদ্ভাৱন কৰে। জার্মানসকলৰ মনতো নিশ্চয় যন্ত্রণা-মোচনৰ বিবিধ প্ৰক্ৰিয়া সক্ৰিয় হৈ পৰিছিল। খুব সম্ভৱ হিটলাৰৰ চমকপ্রদ উত্থানৰ মাজত তেওঁলোকে হৃত বীৰত্বৰ পুনৰুদ্ধাৰৰ সপোন দেখিছিল।
কিছু শিথিল অৰ্থত ব্ৰিটিছ-শাসিত ভাৰতৰ এচাম মানুহৰ মনতো উল্লিখিত ‘Vindivtive Triumph’ৰ উপস্থিতি চকুত পৰে। অৱশ্যে গুৰুত্বসহকাৰে এই কথাও ক’ব লাগিব যে ঐতিহ্য-মণ্ডিত ভাৰতৰ ক্ষেত্ৰত প্রতিহিংসামূলক জয়াকাংক্ষাৰ উৎস, চৰিত্ৰ, লক্ষ্য আৰু পৰিণাম আছিল সম্পূর্ণ সুকীয়া। জাৰ্মেনিৰ অভিজ্ঞতা আৰু ৰাজনৈতিক বাতাবৰণ আছিল অন্য ধৰণৰ।
ভাৰতভূমিত জাতীয়তাবাদৰ জনন আৰু বিকাশ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অনভিপ্রেত পৰিণাম। ৰাজনৈতিক পৰিসৰৰ উপৰি এই জাতীয়তাবাদে সাংস্কৃতিক-বৌদ্ধিক ক্ষেত্ৰতো নানা ধাৰা-উপধাৰাৰ সূচনা কৰিছিল। সাংস্কৃতিক জাতীয়তাবাদৰ বাৰে-বৰণীয়া বিশ্বত ঐতিহাসিকতাৰ গহীন পোছাক পিন্ধি বহু শ্ৰুতিমধুৰ মিথ সোমাই পৰিছিল। হছবমৰ এষাৰ উক্তি এই প্ৰসংগত স্মর্তব্য : “The standard example of an identity culture which anchors itself to the past by means of myths dressed up as history is nationalism.” (E. Hobsbawn, p. 357) ভাৰতৰ নিকট অতীতৰ ইতিহাসৰ পাত লুটিয়াই চালে এটা কথা প্রতীয়মান হয় যে প্রাচীন কালৰ স্বৰ্ণযুগৰ কাহিনী জাতীয়তাবাদ-প্রসূত মিথবোৰৰ ভিতৰত আটাইতকৈ বহুচৰ্চিত আৰু বহুজনাদৃত বৃত্তান্ত। প্রাচীন ভাৰতৰ যি ঐতিহ্য তাৰ এটা উজ্জ্বল-উৎকৃষ্ট দিশ থকাৰ কাৰণে সম্ভৱতঃ জাতীয়তাবাদে অতিৰঞ্জনৰ সহায়ত এক ধৰণৰ অবাস্তৱ কল্পনা-মগ্নতাত এচাম মানুহক নিমজ্জিত কৰি ৰাখিব পাৰিছিল। এই প্ৰয়াসত অৱশ্যে নানা উদ্দেশ্যৰ সমাহাৰ ঘটিছিল— যেনে, উচ্চবৰ্ণৰ ৰক্ষণশীলতাক ৰক্ষণাবেক্ষণ দিয়া, পাশ্চাত্যৰ উদাৰনৈতিক ভাবধাৰৰ বিপজ্জনক প্ৰসাৰত বাধা প্রদান, সামাজিক স্থিতাৱস্থাক ভাঙোনৰ/ আক্ৰমণৰ পৰা ৰক্ষা কৰা, শাস্ত্ৰীয় ঐতিহ্যৰ সংৰক্ষণ ইত্যাদি ইত্যাদি। সামাজিক অসাম্যৰ মূলোচ্ছেদ কামনা কৰা সমাজ-বিজ্ঞানীৰ দৃষ্টিত অৱশ্যে সাংস্কৃতিক জাতীয়তাবাদৰ সীমাৱদ্ধতা ধৰা নপৰাকৈ থকা নাই : “Invoking spiritual/ cultural superiority by the nationalist thinkers and leaders… seeks to ignore the internal forms of humiliation that emanate from the social practices based on caste, untouchability, and gender discrimination?” (G. Guru, p. 4) আমাৰ বর্তমান আলোচনাৰ বাবে অৱশ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল সাংস্কৃতিক জাতীয়তাবাদৰ স্বস্তিদায়ক ভূমিকা— মানসিক যাতনাৰ হ্ৰাসকৰণ, ঐতিহ্যক লৈ গর্ববোধ, আত্মপ্রত্যয়ৰ পুনঃপ্রাপ্তি।
সামাজিক মনোবিজ্ঞানত আমি ‘infrahumanization’ ৰ বিষয়ে পঢ়িবলৈ পাওঁ। ই হ’ল ‘the process of dehumanizing others.’ (R. J. Crisp p. 65) শোষণ, পীড়ন, আধিপত্য, বৈষম্য আদিৰ ন্যায্যতা প্রতিপন্ন কৰাৰ প্রয়াস এই ‘infrahumanization’-ৰ নেপথ্যত সক্রিয় থাকে। ইতিহাস চৰ্চাকাৰীসকলে ভালদৰে জানে যে সাম্ৰাজ্যবাদীৰ ভাবজগতত ইয়াৰ উপস্থিতি বেছ সুলভ। পৰাধীন ভাৰতৰ বুৰঞ্জীত ইয়াৰ দেধাৰ দৃষ্টান্ত পোৱা যাব। ব্ৰিটিছ শাসকসকলৰ আধিপত্যৰ কালছোৱাত ঔপনিৱেশিক ঔদ্ধত্যৰ সৈতে ভাৰতীয়সকলৰ সঘনে পৰিচয় ঘটিছিল। অৱশ্যে এই ঔদ্ধত্যৰ মাত্ৰা আৰু চৰিত্ৰ সকলো ক্ষেত্ৰত সমধৰ্মী নাছিল। প্রশাসক কৰ্ণৱালিছে কোনো সংকোচ নোহোৱাকৈ ঘোষণা কৰিছিল : “Every native of Hindustan, I verily believe, is corrupt.” (T. R. Metcalf, p. 24 ) এই নৈতিক অৱমাননা ‘infrahumanization’-ৰ এটা পৰিষ্কাৰ উদাহৰণ। আনহাতে বৌদ্ধিক অৱমাননাৰ দৃষ্টান্ত হিচাপে আমি প্রসিদ্ধ ভাৰততত্ত্ববিদ উইলিয়াম জোনছৰ উক্তিলৈ আঙুলিয়াব পাৰোঁ। তেওঁৰ মতে ইউৰোপীয়ানসকলৰ তুলনাত বিজ্ঞানৰ ক্ষেত্ৰত এছিয়াবাসীসকল হ’ল ‘more children.’ (D. Kumar, p. 229) বস্তুনিষ্ঠ ইতিহাসকাৰে ব্ৰিটিছ পণ্ডিত আৰু প্ৰশাসকৰ এনে উন্নাসিক মনোভাবৰ আঁৰত নিজৰ আধিপত্যক বৈধতা প্রদানৰ প্ৰয়াস থকা বুলি কৈছে। (D. Kumar, p. 229; T. R. Metcalf, p. 24) মেকলেই ভাৰতীয় সভ্যতাৰ সুকীৰ্তিক নিন্দা কৰাৰ কথা বহুতেই জানে। ঐতিহাসিক কে. এন. পানিক্কৰৰ মতে এই নিন্দা ভ্ৰান্তি বা অজ্ঞতাৰ ফল নহয়, ই আচলতে ‘cultural hegemonization’ৰ অংগ (K. N. Panikkar, p. 22) আমোদজনক কথা হ’ল, ভাৰতীয়সকলৰ চৰিত্ৰ ‘innational, inscrutable, unstable, and volatile’ ৰূপে চিত্ৰিত কৰাৰ ফলত ব্ৰিটিছ প্ৰশাসকসকলো এখন ভয়াবহ ‘imagined, dreaded’ পৃথিৱীত থাকিবলগীয়া হৈছিল। (Gauri Viswanathan, p. II) অর্থাৎ আত্মগর্বী শাসককুলে ভাৰতীয় প্ৰজাৰ যি নেতিবাচক ষ্টিৰিঅ’টাইপ নিৰ্মাণ কৰিছিল সি তেওঁলোকৰ উৎকণ্ঠা-পীড়িত মনকো পেৰানইয়াগ্ৰস্ত কৰি তুলিছিল। এই অস্বাভাৱিক মানসিক দশাই সম্ভৱতঃ বিদেশী শাসকৰ সন্দেহ, ৰোষ আৰু নৃশংসতা বঢ়াইছিল— মনস্তত্ত্বৰ ভাষাত শাসককুল হৈ পৰিছিল sado-paranoid। অন্যভাৱে ক’বলৈ গ’লে, শাসক গোষ্ঠীয়ে সৃষ্টি কৰা প্ৰজা বিষয়ক ষ্টিৰিঅ’টাইপে— অপ্রত্যাশিতভাৱে, ক’ব নোৱৰাকৈ— তেওঁলোকৰ মন-মনোভাবত প্ৰভাৱ পেলাইছিল।
হিমালয়-সদৃশ উচ্চাত্মিকাবোধৰ পৰিচয় দিয়া ঔপনিৱেশিক প্ৰশাসন আৰু তেওঁলোকৰ সহযোগীসকলে ছলে-বলে-কৌশলে ভাৰতীয় মানসক হীনমন্যতাৰ বীজাণুৰে সংক্ৰমিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। এই প্ৰচেষ্টাৰ ৰাজনৈতিক উদ্দেশ্য নথকা নহয় : নিজৰ বিষয়ে নিকৃষ্ট ধাৰণা পোষণ কৰা জনসমষ্টি বৰকৈ বশ্যতাপ্ৰৱণ হৈ পৰে। আনহাতে অবাধ-অপৰিসীম ক্ষমতা, আধুনিক সভ্যতাৰ চমক, মিশ্যনেৰী প্ৰচাৰকৰ তীব্ৰ তিৰস্কাৰ, বিজ্ঞানৰ বিস্ময়কৰ বিজয়-যাত্ৰা দেখি ৰাজ-শক্তিৰ প্ৰতি কোনো কোনো ক্ষেত্ৰত ভাৰতীয়ৰ মনত আপোনা- আপুনিও হীনমন্যতাৰ ভাব আহিছিল। পিছে বীক্ষণীয় বিষয় হ’ল, বিশেষ ঐতিহাসিক পৰিস্থিতিত উদ্ভৱ হোৱা হীনমন্যতাবোধে প্ৰতিক্ৰিয়াৰো সূচনা কৰিছিল জাতীয় চেতনাসম্পন্ন মানুহৰ মনোভাব, মনন আৰু আচৰণত মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা ইয়েই আছিল স্বাভাৱিক— অন্ততঃ ভাৰতৰ দৰে প্রাচীন ঐতিহ্য-সমৃদ্ধ দেশত।
নীচাত্মিকবোধৰ পৰা সম্ভূত মনস্তাত্ত্বিক প্ৰতিক্ৰিয়াৰ চৰিত্ৰ আৰু লক্ষ্যৰ স্বৰূপ বুজিবলৈ আমি বিশ্ৰুত মনোবিদ এডলাৰৰ ভাব-ৰাজ্যত ভুমুকি মাৰিব পৰোঁ। কিয় আৰু কেনেকৈ ব্যক্তি-মনত নীচাত্মিকাবোধৰ জন্ম হয় আৰু তাৰ পৰিণাম কি হ’ব পাৰে সেই সন্দৰ্ভত এডলাৰে বিস্তাৰিতভাৱে আলোচনা কৰিছে তেওঁৰ বিভিন্ন গ্রন্থত। এখন গ্ৰন্থত তেওঁ ঋজু ভংগীৰে হীনমন্যতাৰ চিত্তাকৰ্ষক দিশ এটাৰ আভাস দি লিখিছে : “As inferiority feelings always produce tension, there will always be a compensatory movement towards a feeling of superiority.” (A. Adler, p. 43 ) এডলাৰে ‘feelings’ শব্দটো ব্যৱহাৰ কৰিলেও ‘কমপ্লেক্স’ৰ লগত ইয়াৰ পাৰ্থক্য নথকা নহয়। পৰৱৰ্তী কালত এডলাৰে এই পাৰ্থক্যৰ কথা উল্লেখ কৰিছে। (J. Drever, p. 136; A. M. Colman, p. 374) বর্তমান নিবন্ধত আমি অৱশ্যে নিজৰ বিষয়ে থকা হীন ধাৰণাই সৃষ্টি কৰা চিত্তাচ্ছন্নতা আৰু সংশ্লিষ্ট জটিল প্রতিক্রিয়াক বুজাবলৈ হীনমন্যতা/নীচাত্মিকাবোধ শব্দ দুটা শিথিলার্থত ব্যৱহাৰ কৰিছোঁ। সি যি কি নহওক, আমাৰ বাবে গুৰুত্বপূৰ্ণ কথা হ’ল, এডলাৰে ব্যক্তি-মনৰ হীনমন্যতা আৰু তাৰ পাক লগা পৰিণামৰ বিষয়ে লিখা কথাখিনি সমূহীয়া মানসৰ ক্ষেত্ৰতো প্ৰযোজ্য। পৰাধীন ভাৰতত মন্থৰ গতিৰে গঢ় লৈ উঠা সাংস্কৃতিক জাতীয়তাবাদত আমি এডলাৰ-কথিত ‘compensatory movement’-ৰ উপস্থিতি লক্ষ্য কৰোঁ ।
ঔপনিৱেশিক শাসনক পুষ্টি যোগোৱা পণ্ডিত আৰু প্ৰশাসকৰ নেতিবাচক মত-মন্তব্যই পৰাভূত-পদানত ভাৰতীয়ৰ মনোৰাজ্যত কেনেকৈ ক্ষতিপূৰণৰ কাঙ্খা সঞ্চাৰিত কৰিছিল তাৰ দৃষ্টান্ত আমাৰ নিকট অতীতৰ বুৰঞ্জীত সুলভ। বিদেশী শাসক আৰু পণ্ডিতে দেশীয় লোকৰ বিষয়ে নিৰ্মাণ কৰা এটা নেতিবাচক ষ্টিৰিঅ’টাইপ আছিল এই ধৰণৰ : ভাৰতীয়সকল নিষ্ক্রিয়, নিশকতীয়া আৰু নির্বীর্য। তেওঁলোক— বিশেষকৈ বাঙালীসকল — নাৰীসুলভ। (Susanne H. Rudolph / L. I. Rudolph, p. 7, 10), মেকলেই বাঙালীসকলৰ দৈহিক দুৰ্বলতাৰ প্ৰসংগত ‘effeminacy’ৰ কথা উল্লেখ কৰি তেওঁলোকৰ বিষয়ে কৈছে— “A people… moroughly fitted by habit for a foreign Yoke.” (T. R. Metcolf, p. 105) মেকলেৰ উক্তিত ভাৰতীয় পুৰুষ সম্বন্ধীয় ক্লৈৱ-কেন্দ্ৰিক ষ্টিৰিঅ’টাইপৰ ৰাজনৈতিক চৰিত্ৰ দেখদেখকৈ ওলাই পৰিছে। নক’লেও হ’ব যে এই ধৰণৰ নিন্দাত্মক মূল্যাকংনে ভাৰতীয় পুৰুষৰ আহত মনত নিশ্চয় ক্ষতিপূৰণৰ অভীপ্সাৰ অংকুৰণ ঘটাইছিল। মনোবিদ-সমাজবিজ্ঞানী আশীষ নন্দীৰ মতে প্ৰাক্-গান্ধী যুগৰ বহু ব্ৰিটিছ বিৰোধী প্রতিবাদী আন্দোলন আছিল ভাৰতীয় পুৰুষত্ব (masculinity) পুনৰুদ্ধাৰৰ প্ৰয়াস।(A. Nondy, pp. 8-9) বিবেকানন্দৰ এষাৰ উক্তি বহুশ্ৰুত ঃ গীতাতকৈ তুমি ফুটবলৰ জৰিয়তে ঈশ্বৰৰ বেছি ওচৰ চাপিব পাৰিবা। ব্যতিক্রমী উক্তিটোৰ উদ্দেশ্য যে ভাৰতীয় সমাজৰ remasculinizing তাত কোনো সন্দেহ নাই। এই কায়িক জাতীয়তাবাদ (somatic nationalism)ৰ অনুপ্ৰেৰণাত ব্যায়াম-চৰ্চা আৰু ক্ৰীড়াক জনপ্ৰিয় কৰাৰ সংগঠিত চেষ্টা দেখা গৈছিল ঊনৈশ শতিকাত। (A. Chatterje, p. 130) উল্লেখযোগ্য যে ঔপনিৱেশিক শক্তিৰ পুৰুষতান্ত্রিক চেতনাত বীৰত্ব, বলিষ্ঠতা, সাহস, সক্রিয়তা পুৰুষত্বৰ লক্ষণ আৰু এই লক্ষণবোৰৰ লগত সাম্ৰাজ্যৰ সম্প্ৰসাৰণ সম্পৃক্ত। এইবিধ পুৰুষত্বগৰ্বী ধাৰণাৰ প্ৰৰোচনাত উপেক্ষা-উপহাসৰ লক্ষ্য হৈ পৰা ভাৰতীয় পুৰুষে সুদূৰ অতীজত সাম্ৰাজ্য-বিস্তাৰৰ গৌৰৱময় গাঁথা ৰচনা কৰি নীচাত্মিকাবোধৰ নিৰসন বিচাৰিছিল। আর্য সমাজৰ পুথিত দম্ভভৰা ভংগীৰে এই দাবী কৰা হৈছিল যে ভাৰতীয়সকলে ইজিপ্ত, ৰোম, গ্ৰীছ, পেৰু আৰু মেক্সিকোত উপনিৱেশ স্থাপন কৰিছিল। এই ধৰণৰ দাবীৰ উদ্ভাৱন সম্পর্কে এগৰাকী ঐতিহাসিকে দিয়া অর্থগর্ভ মন্তব্যত ইয়াৰ মনস্তাত্ত্বিক চৰিত্ৰ ধৰা পৰিছে। তেওঁ কৈছে—“(It) originated in the effort to match the colonial narrative of English prowess by claiming equal ‘achievements’ for ancient Indians/Hindus.” (S. Guha, p. 165) লক্ষণীয়, এনে আত্মশ্লাঘামূলক বৃত্তান্তত সুদূৰ অতীতৰ সুবিধাজনক অস্বচ্ছতাৰ আঁৰ লৈ ব্ৰিটিছ পৰাক্ৰমৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ মানসিকতা প্রবল।
প্ৰায় একে ধৰণৰ প্ৰৱণতা বিজ্ঞানৰ বেলিকাও দেখা যায়। সাম্ৰাজ্যবাদৰ বোকোচাত উঠি অহা আধুনিক বিজ্ঞানে যে ভাৰতীয়ক বিস্ময়াভিভূত কৰিছিল তাত কোনো সংশয় নাই। বিজ্ঞানৰ বিপুল অগ্ৰগতিক কেন্দ্ৰ কৰি— স্বীয় ‘superior knowledge’-ৰ ভিত্তিত— ব্ৰিটিছ ৰাজৰ উচ্চাত্মিকাবোধ আছিল উৎকট। তেওঁলোকে এই চমকপ্রদ অগ্ৰগতিৰ গইনা লৈ ভাৰতীয় ঐতিহ্যৰ বৈজ্ঞানিক ধাৰাটোক (যেনে, জ্যোতির্বিজ্ঞান, চিকিৎসাবিজ্ঞানক) নিন্দা কৰিছিল প্রকাশ্যে। (D. Kumar, p. 229) অৱধাৰিতভাৱে ইয়াৰ প্ৰতিক্ৰিয়া দেখা গৈছিল আত্ম-মর্যাদাসম্পন্ন ভাৰতীয়ৰ মনোজগতত। তেওঁলোকে ক্ষতিপূৰণমূলক অতিকথাৰ সহায়ত ৰচনা কৰিছিল এক শ্রুতিনন্দন বৃত্তান্ত : প্ৰাচীন ভাৰতত বিজ্ঞানৰ বিকাশ আৰু বিস্তাৰে এনে এক বিস্ময়জনক পর্যায় পাইছিলগৈ যে আধুনিক কালৰ বিজ্ঞানে তাৰ লগত ফেৰ মৰাৰ প্ৰশ্নই নুঠে। এই সন্দৰ্ভত আমি অন্যত্র অলপ বহলাই আলচ কৰিবলৈ যত্ন কৰিছোঁ। (প্রসেনজিৎ চৌধুৰী, পৃ. ১০৩-১১৩) ইয়াত আমি মাত্র স্বামী দয়ানন্দৰ বক্তব্যৰ আধাৰত তৎকালীন মানসিকতাৰ চৰিত্ৰ অনুধাৱন কৰিবলৈ যত্ন কৰিম। দয়ানন্দই তেওঁৰ ৰচনাত অটল আত্মপ্রত্যয়েৰে কৈছে যে প্ৰাচীন ভাৰতত ভাপ আৰু বিদ্যুতৰ সহায়ত যন্ত্ৰ-চালিত যান-বাহন চলোৱা হৈছিল। বৈদিক ঐতিহ্যত তেওঁ আনকি আধুনিক টেলিগ্ৰাফৰো অস্তিত্ব আৱিষ্কাৰ কৰিছে । (J. T. F. Jordens, p. 124, 272) এনে আজব আখ্যানৰ প্ৰচ্ছন্ন পাঠ (subtext) স্বচ্ছ : পশ্চিমীয়া পৃথিৱীয়ে এতিয়াহে বিজ্ঞানৰ চৰ্চাত মনোনিৱেশ কৰিছে, সুউন্নত ভাৰতীয় সভ্যতাই বহু পূর্বেই এই কামফেৰা সফলভাৱে সম্পন্ন কৰিছিল। উদ্ভট-উদ্দাম কল্পনাৰ কোলাত প্ৰতিপালিত এই ধৰণৰ অতিকথাই নিশ্চয় আহত-অপমানিত ভাৰতীয় মানসৰ যন্ত্ৰণা-হ্রাসকৰণ প্ৰক্ৰিয়াটোত কিছু অৰিহণা যোগাইছিল। এইখিনিতে সমাজ-বিজ্ঞানী এ. আৰ. দেশাইৰ এটা মন্তব্যৰ উল্লেখ অপ্রাসংগিক নহ’ব যেন লাগে। স্বামী দয়ানন্দৰ ‘আৰ্য্য-সমাজ’ৰ ভাবাদর্শত কেতবোৰ উদাৰ/ সংস্কাৰমূলক উপাদান আছিল। এইবোৰৰ মাজত দেশায়ে ‘inferiority complex’ৰ নিৰ্মূলকৰণৰ প্ৰয়াস দেখা পাইছে। (A. R. Desai, p. 292) বিজ্ঞান বিষয়ক আজগুবী কাহিনীবোৰো সমধৰ্মী প্ৰয়াসৰেই অভিব্যক্তি, যদিও এই অতীতাশ্রয়ী প্রয়াসৰ চৰিত্ৰ ভিন্নধর্মী, বৰ্তমানৰ বাস্তৱৰ লগত সম্পর্কশূন্য।
মনস্তত্ত্বৰ এটা সূত্ৰ হ’ল— হীনমন্যতাই অজ্ঞাতেই “defensive, copensatory, or often aggressive behavior” ৰ সূত্ৰপাত কৰে। (J. rever, p. 136 ) আত্মৰক্ষামূলক প্ৰতিক্ৰিয়াৰ এটা ভাল উদাহৰণ ঊনৈশ শতিকাৰ সামাজিক ইতিহাসৰ পৰা ল’ব পাৰোঁ। ভাৰতীয় সমাজৰ এটা বৃহৎ অংশক জাত-ব্যৱস্থাৰ পীড়নে প্রাচীন কালৰে পৰা নিশকতীয়া কৰাৰ কাহিনী দেশীয় ইতিহাসৰ এটা কলংকময় অধ্যায়। ব্ৰিটিছ-শাসিত ভাৰতত এই বিশ্রী বৈষম্যমূলক ব্যৱস্থা চোকা সমালোচনাৰ সন্মুখীন হোৱাৰ কথা জনা যায়। মিশ্যনেৰী বা অন্য অ-ভাৰতীয়ৰ তীক্ষ্ণ তিৰস্কাৰে উচ্চবৰ্ণৰ মনত নিশ্চয় ক্ষোভৰ— আৰু কোনো কোনো ক্ষেত্ৰত অগভীৰ অপৰাধবোধৰ জন্ম দিছিল। এই পৰিস্থিতিৰ পৰা উদ্ভূত আত্মৰক্ষামূলক প্ৰতিক্ৰিয়াৰ সাক্ষ্য বিবেকানন্দৰ দৰে মনীষীৰ বক্তব্যতো পোৱা যায়। সামাজিক ভেদাভেদক সচৰাচৰ ধাৰাল ভাষাৰে ভৰ্ৎসনা কৰা বিবেকানন্দই এটা সাক্ষাৎকাৰত এইবুলি কৈছিল : “জাতিভেদ প্রথাৰ উচু-নীচু ভেদ সমান কৰাৰ পক্ষপাতী আমি নয়। জাতিভেদ প্রথা একটি কল্যাণকৰ ব্যৱস্থা।” (আশীষ লাহিড়ী, পৃ. ২৬) এনে দৃঢ়তাব্যঞ্জক ঘোষণাৰ আঁৰত লজ্জাবোধজনিত অস্বস্তি তথা বিবেক-যন্ত্ৰণাৰ তীব্ৰতা হ্রাসকৰণৰ প্ৰচ্ছন্ন প্ৰয়াস থকা যেন লাগে। মনস্তত্ত্ব-অনুমোদিত এনে অনুমানে সাংস্কৃতিক জাতীয়তাবাদৰ মানসিক পটভূমি স্বৰূপ বুজাত নিশ্চয় কিছু সহায় কৰিব ।
হীনমন্যতাৰ ফলত যি ক্ষতিপূৰণমূলক (compensatory) মনোভাৱ তথা আচৰণৰ সূত্ৰপাত হয় তাৰ আভাস দিবলৈ আমি ইতিমধ্যে যত্ন কৰিছোঁ হীনমন্যতা মোচনৰ চেষ্টাত সাধাৰণতে ইচ্ছাপূৰণমূলক চিন্তা (wishful thinking)ৰ উপস্থিতি লক্ষ্য কৰা যায়। অতীতৰ ধূসৰ প্ৰাংগণত থিয় হৈ কেনেকৈ আত্মগর্বী ঔপনিৱেশিক শক্তিৰ লগত ফেৰ মাৰিব পাৰি তাৰ দৃষ্টান্ত আমি স্বামী দয়ানন্দৰ প্ৰাচীন বিজ্ঞান বিষয়ক উদ্ভট কল্পকথাত দেখিছোঁ। এটা অৰ্থত এই আজব আখ্যানবোৰ ইচ্ছাপূৰণমূলক চিন্তাৰেই অভিব্যক্তি। দয়ানন্দ অৱশ্যে ইয়াতে ক্ষান্ত থকা নাই। তেওঁৰ মতে প্ৰাচীন ভাৰতৰ পৰাই বিজ্ঞান আৰু প্ৰজ্ঞাৰ বৈশ্বিক সম্প্ৰসাৰণৰ সূত্রপাত। (J. T. F. Jordens, p. 110) উলিয়াম জোনছে ভাৰতীয়সকলৰ বৈজ্ঞানিক কৃতিক কোনো স্বীকৃতি দিব বিচৰা নাছিল। দয়ানন্দই যেন সেই অপবাদ অপনোদনৰ মানসেৰে উদাত্তকণ্ঠে কৈছে ঃ তোমালোকৰ অদমনীয় অহংকাৰৰ হেতু যি বিজ্ঞান তাৰ আদি জনক আমিহে। কল্পনাৰ বাহত উঠি ইচ্ছাপূৰ্ণৰ প্ৰয়াস বিবেকানন্দৰ বক্তব্যতো দেখা যায়। শাসকীয় শিবিৰৰ অধিকাংশই— বিশেষকৈ ধৰ্ম-প্ৰচাৰক মিশ্যনেৰীসকলে — হিন্দু ধৰ্মৰ বিশ্বাস আৰু আচৰণক সুযোগ পালেই সমালোচনাৰ সৌকাৰে কোবাবলৈ অকণো কার্পণ্য কৰা নাছিল। বিবেকানন্দই পিছে সগর্বে ঘোষণা কৰিলে : “আমাদেৰ ধৰ্ম অন্যান্য সব ধৰ্ম অপেক্ষা প্রাচীন, এবং ক্রিশ্চান মত…. হিন্দু ধর্ম থেকেই উদ্ভূত।” (তপন ৰায়চৌধুৰী, পৃ. ২৪৮) সাংস্কৃতিক আত্মশ্লাঘাৰ এই ধৰণৰ প্ৰচেষ্টাত আত্মমুগ্ধ অতীত-আকুলতা (narcisistice nostalgia) আৰু অস্বাভাৱিক অহংমন্যতা (megalomania)ৰ উপাদান থকা বুলি ক’ব পাৰি। ইয়াৰ অন্তৰালত ‘jagat-guru complex’-ৰ কিছু অনুপ্ৰেৰণা থকাটো সম্ভৱ। বিদুষী মীৰা নন্দৰ ভাষাত এই কমপ্লেক্সৰ মৰ্ম হ’ল— “India appears as the giver of science, but never a taker.” (Meera Nanda, p. 6) বিবেকানন্দৰ বক্তব্যত অৱশ্যে ভাৰত ‘giver of dharma’হে। দয়ানন্দৰ বৃত্তান্ততহে ভাৰত ‘giver of science’। (মীৰা নন্দৰ আলোচনা বিজ্ঞানকেন্দ্ৰিক হোৱা হেতুকে উদ্ধৃত বাক্যটোত ধৰ্মৰ কথা নাই) ।
ঔপনিৱেশিক শক্তিয়ে আৰোপ কৰা ক্লীৱত্বৰ ক্লেশদায়ক অপবাদে ভাৰতীয়— বিশেষকৈ পুৰুষৰ— মনত যি হীনমন্যতাৰ জন্ম দিছিল তাৰ পৰা মুক্ত হোৱাৰ আক্ৰমণাত্মক প্রচেষ্টাৰ আভাস আমি যথাস্থানত দিছোঁ। কোৱা হৈছে, পৌৰুষসম্পন্ন জংগী জাতীয়তাবাদ এই প্ৰচেষ্টাৰ অন্যতম অভিব্যঞ্জনা। নীচাত্মিকাবোধজনিত আক্রমণাত্মক প্ৰতিক্ৰিয়া পৰোক্ষ আৰু বিচিত্ৰ প্রকাশ সংস্কৃতিক ক্ষেত্ৰতো লক্ষ্য কৰা যায়। সাম্ৰাজ্যবাদ কেৱল ৰাজনৈতিক আধিপত্য আৰু অৰ্থনৈতিক লুণ্ঠনতেই সীমিত নাথাকে। সাংস্কৃতিক পৰিচয়ৰ অৱক্ষয়ো ইয়াৰ অন্য এটা পৰিণাম। ব্ৰিটিছ শাসনৰ প্ৰথম পিনে শিক্ষিত সমাজৰ একাংশ এই অৱক্ষয়ৰ কবলত পৰিছিল। উদাহৰণ হিচাপে ক’ব পাৰি, বংগৰ ইয়ং বেংগল গোষ্ঠীৰ কেতবোৰ আচৰণ আৰু উক্তিত সাংস্কৃতিক বশ্যতাৰ উৎকট উদ্যাপন বেছ প্রকট। ইয়ং বেংগলৰ কাৰ্যকলাপৰ স্নায়ুকেন্দ্র হিন্দু কলেজৰ ছাত্ৰই কালীঘাটৰ দেৱীক প্ৰণাম কৰাৰ পৰিৱৰ্তে ‘গুড মৰ্ণিং মেডাম’ বুলি সম্বোধন কৰাৰ আমোদজনক তথ্য পোৱা যায়। (স্বপন বসু, পৃ. ২৬) ঐতিহাসিক ৰণজিৎ গুহই ব্যৱহাৰ কৰা ‘Superficial Anglicism’ শব্দদ্বয়ে নিশ্চয় এই বিধ অন্ধ অনুকৰণক সাঙুৰি লৈছে। (R. Guha, pp. 16-17) কোৱা বাহুল্য, এনে নিৰ্বিচাৰ অনুকাৰিতা বহুলাংশে হীনমন্যতাৰেই পৰিণতি। আনহাতে আমি যুক্তিসংগতভাৱে অনুমান কৰিব পাৰোঁ যে সাংস্কৃতিক অভ্যাস-আচৰণৰ খহনীয়াই— খাদ্যাভ্যাস, পোছাক, ভাষা আদিৰ ক্ষেত্ৰত অহা পৰিৱৰ্তনে— ৰক্ষণশীল শিবিৰৰ ৰক্ষকসকলৰ মনৰ গহন স্তৰত উদ্বেগ, অস্বস্তিৰ লগতে হীনমন্যতাৰো উদ্ৰেক কৰিছিল। অন্যান্য কাৰণৰ উপৰি এই হীনমন্যতাৰ প্ৰৰোচনাতো কেতিয়াবা প্রচ্ছন্ন-পৰোক্ষ আক্রমণাত্মক স্থিতি লৈছিল এচাম সমাজপতিয়ে। এই প্রসংগত বিশেষভাৱে লক্ষণীয় বিষয় হ’ল, এনে স্থিতিত সাধাৰণতে অন্ধতাজাত গোড়ামিৰ আধিপত্য, সাংস্কৃতিক-সামাজিক স্থিতাৱস্থাত পৰিৱৰ্তনৰ প্ৰবাহৰ পৰা নিলগাই ৰখাৰ আগ্ৰহ আৰু জাতীয় পৰিচিতিৰ প্ৰশ্নটোক ঠেক ধৰ্মীয় আৰু ভাষিক গণ্ডীৰ ভিতৰত আৱদ্ধ ৰখাৰ মনোভাব বেছ স্পষ্ট। ঊনৈশ শতিকাৰ হিন্দীভাষী কবি প্রতাপ নাৰায়ণ মিশ্ৰৰ— যি তেওঁৰ ব্ৰাহ্মণ’ নামৰ পত্ৰিকাখন পৃষ্ঠপোষকতাৰ অভাৱত বন্ধ কৰি দিবলৈ বাধ্য হৈছিল— তেওঁৰ কবিতাত আমি ৰক্ষণশীল শিবিৰৰ ৰোষৰ পৰিচয় পাওঁ। বিদেশী ভাষা- সংস্কৃতিৰ প্ৰভাৱ-প্ৰাধান্য বিৰুদ্ধে প্রত্যাখ্যানৰ ধ্বনিৰে তেওঁ খেদ আৰু ক্ষোভ ব্যক্ত কৰিছে এইদৰে—
“Those who don’t their own identity are like the living dead
So sing loud this grand mantra, hindi, hindu, Hindustan.
Wise are those who don’t discard their own language,
food and clothing.”
(Vasudha Dalmia, p. 27)
সাংস্কৃতিক জাতীয়তাবাদৰ উগ্ৰ-উলংগ ধাৰাটোৰ মনোগত সংকীর্ণতা— আৰু তাৰ বহিষ্কৰণমূলক (exclusive) লক্ষণ— এনে উক্তিত সুস্পষ্ট। অক্লেশে অনুমান কৰিব পাৰি যে ঔপনিৱেশিক শাসনে দেশীয় সমাজত সৃষ্টি কৰা বিশেষ ধৰণৰ মনস্তত্ত্বই উল্লিখিত প্রত্যাখ্যানধৰ্মী স্থিতিৰ অংকুৰণ আৰু সম্প্ৰসাৰণত প্ৰচুৰ অৰিহণা যোগাইছিল। আনহাতে স্বর্ণযুগৰ গৌৰৱ গাঁথাত অৱজ্ঞা-অৱমাননাৰ মনোবেদনা কল্পনাৰ কৌশলেৰে নিৰসন বা হ্ৰাস কৰা প্রয়াস প্রকট। নক’লেও হ’ব যে এনে প্রয়াস সকলো ক্ষেত্ৰত সচেতন বা পৰিকল্পিত আছিল বুলি ক’ব নোৱাৰি। অৱচেতনৰ পৰাও মানুহে কেতিয়াবা প্ৰেৰণা-প্ৰৰোচনা লাভ কৰাটো সম্ভৱ। ঔপনিৱেশিক প্ৰশাসনৰ অধীনত এনে সম্ভাৱনা অধিক, কাৰণ স্বার্থান্ধ শাসক গোষ্ঠীৰ শাস্তিৰ ভয়ত বা আত্ম-বিবাচন (self-censorship)ৰ ফলত বিপজ্জনক বুলি বিবেচিত কিছুমান আৱেগ আৰু ভাবনাই অৱচেনতৰ নিৰাপদ আশ্ৰয়লৈ নিশব্দে গতি কৰিব পাৰে। ইতিহাস চৰ্চাৰ আলোচ্য মনস্তাত্ত্বিক দিশসমূহৰ চমু উল্লেখ মাজে-সময়ে ঐতিহাসিকসকলৰ ৰচনাত পোৱা যায়। অতীতৰ সুচিত্ৰিত সমুজ্জ্বল চিত্ৰখনে জাতীয়তাবাদী ভাবাদর্শত আত্মপ্রত্যয় আৰু জংগী মনোভাব সঞ্চাৰিত কৰিছিল বুলি স্বীকাৰ কৰিও ৰোমিলা থাপাৰে সঠিকভাৱে এই অর্থপূর্ণ মন্তব্য দিছে : “…glorification of the past became a compensation for the humiliation of the present” (Romila Thapar, p. 17) অন্যান্য ইতিহাসকাৰেও মনস্তাত্ত্বিক দিশটোৰ প্ৰতি চকু নিদিয়াকৈ থকা নাই। তপন ৰায়চৌধুৰীয়ে ভাৰতীয় জাতীয়তাবাদৰ উদ্ভৱ আৰু বিকাশৰ আলোচনা প্ৰসংগত এটা বিশেষ প্রয়োজনৰ উল্লেখ কৰিছে— “the need to work out the psychological problems associated with the fact of the subjection ot alien rulers.” (T. Raychaudhuri, p. 18 ) অন্যত্র তপন ৰায়চৌধুৰীয়ে কৈছে যে ক্ষমতাৰ পৰা বঞ্চিত হোৱাৰ ফলত পৰাধীন মানসত যি হীনমন্যতাৰ সূচনা হয় সি অনেক ক্ষেত্ৰলৈ বিয়পি পৰে। তেওঁৰ পৰা আমি জানিব পাৰোঁ যে বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ দৃষ্টিত ‘ব্ৰিটিছ জাতিৰ শ্ৰেষ্ঠত্ব এবং বাঙালিৰ অপদার্থতা এই সর্বব্যাপী হীনমন্যতাৰ উল্লেখযোগ্য নিদর্শন।” (তপন ৰায়চৌধুৰী, পৃ. ২) কে. এন. পানিক্কৰৰ ৰচনাতো আমি মনস্তাত্ত্বিক কাৰকৰ ভূমিকা সম্পর্কে সংক্ষিপ্ত উল্লেখ পাওঁ। ইংৰাজসকল ঈশ্বৰ- প্ৰেৰিত— এই তত্ত্বৰ ৰাজনৈতিক স্বৰূপ উদ্ঘাটন কৰি তেওঁ কৈছে বিদেশী শাসনৰ ন্যায্যতা প্রতিপন্ন কৰাৰ উপৰি “[it] also became the guilt-ridden intelligentsia’s rationale for their own subjection.” (K. N. Panikkar, p. 123) ব্ৰিটিছৰ আগমন ঈশ্বৰেচ্ছাৰ পৰিণাম— ইতিহাসৰ এই বিধ দৈৱ ব্যাখ্যাৰ ক্ষেত্ৰতো যে মনস্তাত্ত্বিক কাৰণ থাকিব পাৰে তাৰ ইংগিত আছে পানিক্কৰৰ মন্তব্যত ।
পুনৰুক্তিৰ দোষত দূষিত হোৱাৰ সম্ভাৱনা থাকিলেও পর্যালোচনাৰ অন্তিম পৰ্যায়ত আমি এটা কথা থোৰতে ক’ব বিচাৰিছোঁ : ক্ষতিপূৰণৰ কাংক্ষাই— বা অন্য তৰহৰ মনস্তাত্ত্বিক কাৰকে মানুহৰ মেজাজ, মনন, কল্পনা, অভিলাষ, আচৰণ আদিৰ ওপৰত কম-বেছি পৰিমাণে প্ৰভাৱ পেলায় আৰু সেই বাবে ই. এইছ. কাৰৰ দৰে বিশ্ৰুত বুৰঞ্জীবিদে মানুহৰ মনৰ স্বৰূপ অনুধাৱনৰ বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰিছে। বর্তমান পর্যালোচনাত নিকট অতীতৰ বুকুৰ পৰা একাধিক দৃষ্টান্ত বুটলি আনি এই মনস্তাত্ত্বিক দিশটোৰ বিষয়ে কিঞ্চিৎ আভাস দিবলৈ যত্ন কৰিলোঁ আমাৰ সীমিত সামর্থ্যৰ ওপৰত ভেঁজা দি। এই সন্দৰ্ভত যোগ্যজনে অধিক তথ্য-সমৃদ্ধ আৰু সুচিন্তিত ব্যাখ্যা-সম্বলিত প্ৰণালীৱদ্ধ পর্যালোচনা আগবঢ়ালে আমি নিশ্চয় উপকৃত হ’ম। এনে পর্যালোচনাই আপাতদৃষ্টিত জটিল যেন লগা কিছুমান ঘটনাৰ/ ব্যক্তিত্বৰ ৰহস্যোদ্ধাৰৰ বাট অলপ মুকলি কৰাৰ উপৰি ইতিহাসৰ মহামঞ্চত অনুষ্ঠিত কেতবোৰ নাটকৰ নেপথ্যৰ সজ্জাকক্ষত ভুমুকি মাৰি চৰিত্ৰসমূহৰ প্ৰকৃত চেহেৰা আৰু প্ৰসাধনৰ বিবিধ কায়দা-কিটিপ বুজিবলৈও সুযোগ দিব বুলি মনে ধৰে।
সংযোজন
কিতাপে-পত্ৰই পোৱা দুটামান চিত্তাকৰ্ষক আৰু তাৎপৰ্যপূৰ্ণ মনস্তাত্ত্বিকব্যাখ্যা মূল প্ৰবন্ধটোৰ পুচ্ছাংশ হিচাপে যোগ দিব বিচাৰিছোঁ। এই জাতীয় ব্যাখ্যাৰ সতৰ্ক আৰু সুচিন্তিত প্ৰয়োগে ইতিহাস চর্চাত নতুন মনস্তাত্ত্বিক দিশ সংযোজিত কৰিব পাৰে। খুব চমুকৈ আমি উল্লেখ কৰিব বিচৰা ব্যাখ্যাকেইটা হ’ল:
- নিম্নবর্গ ইতিহাস চৰ্চাৰ কাণ্ডাৰী ৰণজিৎ গুহই এঠাইত লিখিছে : “For a people who, during the middle decader of the [nineteenth] century, where forcefully and insistently reminded of their subjection, the triumph, even an imaginary triumph, of matribhasha over Eurepean languges, was no mean compensation for a battered sefl-respect.” (R. Guha, pp. 43-44) বিদেশী আধিপত্য আৰু ঔদ্ধত্যই যে বংগীয় ভাষা-সাহিত্যৰ সমৃদ্ধিত পৰোক্ষভাৱে পুষ্টি যোগাইছিল তাৰ আভাস বিচক্ষণতাৰে দিছে ইতিহাসবিদ গুহই। (উল্লেখ্য, স্বাভিমান পুনৰুদ্ধাৰৰ এনে সাংস্কৃতিক প্ৰয়াস ৰাজনৈতিকভাৱে নিৰাপদ। মূলতঃ এইবাবে এনে প্ৰয়াসত মধ্যবিত্তৰ ভূমিকা স্পষ্টদৃষ্ট।) অসমৰ বেলিকা কথাটো অলপ বেলেগ আছিল। ইয়াত ভাষা-সাহিত্যৰ প্ৰতিষ্ঠাৰ প্ৰশ্নটোৰ লগত ব্ৰিটিছ প্ৰশাসনে স্কুল-আদালতত বঙলা ভাষা জাপি দিয়া বিষয়টোও যুক্ত হৈ পৰিছিল। এই ঘটনাই অসমীয়া মানসত প্ৰভাৱ পেলাইছিল আৰু তাৰ পৰা সূচনা হৈছিল কেতবোৰ অকল্যাণকৰ নেতিবাচক ধাৰণা।
- স্ত্রী-শিক্ষাৰ প্ৰসংগত বংগৰ বহু সংস্কাৰক দ্বিধাগ্ৰস্ত আছিল। ৰেডিকেল ডিৰোজিয়ানসকলৰ এই জাতীয় সীমাৱদ্ধতাৰ ব্যাখ্যা হিচাপে এগৰাকী লেখিকাই এই মত আগবঢ়াইছে : বহির্জগতত ইংৰাজৰ উন্নাসিকতা আৰু উৎপীড়নৰ তিক্ত সোৱাদ পোৱা বংগৰ নব্য-শিক্ষিত পুৰুষে গৃহৰ ভিতৰত থকা নাৰীকুলক পুৰুষতন্ত্ৰৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছিল— “বাইৰে খৰ্বতা আত্মস্থ কৰে অন্যত্র ক্ষমতা প্রয়োগেৰ প্ৰচেষ্টা এভাবে লক্ষণীয় হয়ে উঠে।” (উত্তৰা চক্ৰৱৰ্তী, পৃ. ১৯৮) অনায়াসে অনুমান কৰিব পাৰি, ক্ষতিপূৰণৰ মানসেৰে গৃহবন্দী নাৰীৰ ওপৰত পদানত পুৰুষে স্বীয় ক্ষমতা অটুট ৰখাৰ আগ্ৰহৰ ফলস্বৰূপে পুৰুষতন্ত্রই অতিৰিক্ত পুষ্টি আহৰণ কৰিছিল। গৃহৰ বাহিৰতো শিক্ষা-দীক্ষাৰ পিনৰ পৰা আগবাঢ়ি থকা বংগীয় শিক্ষিত সমাজৰ একাংশই সাংস্কৃতিক অগ্রগতি তথা সামাজিক প্ৰভাৱ প্ৰদৰ্শন কৰি নিজৰ অধীনাৱস্থাজনিত মনোকষ্টৰ উপশম বিচাৰিছিল নেকি— এই প্রশ্নটোক নিশ্চয় অবান্তৰ বুলি উলাই কৰিব নোৱাৰি। আৰু এটা অনুমান এই প্রসংগত উল্লেখ্য। ‘অন্যত্র ক্ষমতা প্ৰদৰ্শন’-ৰ যি ক্ষতিপূৰণমূলক মানসিকতা তাৰ দ্বাৰা কিছু পৰিমাণে পৰিচালিত হৈ সম্ভৱতঃ ব্ৰিটিছৰ প্ৰতি অনুগত এচাম উচ্চবর্ণ লোকে— ভাৰতীয় পৰম্পৰা দোহাই দি— বৈষম্যমূলক বর্ণ-ব্যৱস্থাৰ সংৰক্ষণ বিচাৰিছিল ৷
- মনোবিদ-সমাজবিজ্ঞানী আশীষ নন্দীয়ে তেওঁৰ ‘The Intimate Enemy’ শীৰ্ষক গ্ৰন্থৰ এটা সৰু পাদটীকাত বৰ তাৎপৰ্যপূৰ্ণ মন্তব্য এটা দিছে। গভীৰ মনস্তাত্ত্বিক অন্তদৃষ্টিৰ পৰিচয় দি তেওঁ লিখিছে : “In fact, the anti-Muslim stance of much of Hindu nationalism can be construed as partly a displaced hostelity against the colonial power which couldnot be expressed directly because of the new legitimacy created within Hinduism for this power.” (A. Nandy, pp. 26-27) নন্দীৰ অনেক ব্যাখ্যাৰ/ মতৰ লগত বহুতৰে মতানৈক্য থাকিব পাৰে, কিন্তু এই কথাত কোনো সন্দেহ নাই যে উল্লিখিত পাদটীকাৰ এটা বাক্যতেই তেওঁ ব্ৰিটিছ-অনুগত বা প্ৰশাসনক ভয় কৰা মধ্যবিত্তৰ সাম্প্ৰদায়িক সংকীর্ণতাৰ অন্যতম এটা মনস্তাত্ত্বিক উৎসৰ স্বৰূপ উদ্ঘাটন কৰিছে শ্লাঘনীয় দক্ষতাৰে। খং-ক্ষোভৰ পোনপটীয়া প্ৰকাশ বিপজ্জনক বুলি বিবেচিত হ’লে অথবা তাৰ অভিব্যক্তিৰ সুযোগ নাথাকিলে অৱদমিত আৱেগৰ বিস্থাপন (displacement) দেখা যায় : ক্ষোভিত ব্যক্তিয়ে/ গোষ্ঠীয়ে প্ৰকৃত লক্ষ্যক ৰেহাই দি তুলনামূলকভাৱে নিৰাপদ টার্গেট বাছি লয়। সাম্প্ৰদায়িকতাৰ অন্যতম মনস্তাত্ত্বিক উৎস এই বিস্থাপন।
গ্ৰন্থপঞ্জী:
- Adler, What Life Should Mean to You, London, 1971
- Karen Horney, Neurosis and Human Growth: The Struggle Toward Self-Realization, London, 1965
- Fromm, The Anatomy of Human Destructiveness, Green wich, 1975
- Nandy, The Intimate Enemy: Loss and Recovery of Self under Colonialism, Delhi, 1990
- J. Cnisp, Social Psychology: A Very Short Introduction, Oxford, 2015
- Porshnev, Social Psychology and History, Moscow, 1970
- Datta, Social Psychology and Revolutionary Practice, Calcutta, 1985
- I. DobrenKov, Neo-Freudians in Search of ‘Truth’, Moscow, 1976
- Manuel, The Use and Abuse of Psychology in History, Bhubaneswar, 1991
- Guru, ‘Introduction: Theorizing Humiliation’, in G. Guru ed, Humiliation: Claims and Context, New Delhi, 2013
- Drever, A Dictionary of Psychology, Harmondsworth, 1973.
- M. Colman, Dictionary of Psychology, Oxford, 2015
- H. Carr, What is History, Harmondsworth, 1982
- E. Hobsbawm, On History, London, 1998
- Romila Thapar, The Past and Prejudice, New Delhi, 1979.
- R. Metcalf, Ideologies of the Raj, New Delhi, 1998
- Guha, History and Collective Memory in South Asia, Ranikhet, 2019
- Guha, An Indian Historiography of India: A Nineteenth Century Agenda and its Implications, Calcutta, 1988
- N. Panikkar, Colonialism, Culture, and Resistance, New Delhi, 2011
- T. Raychaudhuri, Perceptions, Emotions, Sensibilities: Es- says on India’s Colonial and Post-Colonial Experiences, New Delhi, 2005
- Kumar, Science and the Raj: 1857-1905, New Delhi, 1997
- Vasudha Dalmia, The Nationalization of Hindu Traditions : Bharatendu Harischandra and Nineteenth Century Bararas, New Delhi, 1999
- R. Desai, Social background of Indian Nationalism, Bombay, 1976
- Gauri Viswanathan, Masks of Conquest : Literary Study and Brithish Rule in India, New Delhi, 2004
- T. F. Jordens, Dayananda Sarasvati : His Life and Ideas, New Delhi, 1997
- Susarne H. Rudoloph / L. I. Rudolph, Gandhi : The Tradi- tional Roots of Charisma, Hyderabad, 1987
- Meera Nanda, Science in Saffron : Skeptical Essays on History of Science, New Delhi, 2016
- Chatterjee, Mole Body in the Making : Physical Cultural Movement in Colonial Bengal’, in A Chatterjee ed, People at Play, Kolkata, 2013
- Nicholas, History and Psychologysis, in P. Lambert / P. Schofidd ed., Moking History: A Introduction to the History and Practices of a Discipline, London / New York, 2006
- তপন ৰায়চৌধুৰী, ইউৰোপ পুনদৰ্শন, কলকাতা, ২০০৭
- স্বপন বসু, বাংলায় নবচেতনাৰ ইতিহাস, কলকাতা, ১৯৮৫
- আশীষ লাহিড়ী, স্বামী বিবেকানন্দ ও বাঙালিৰ সেকিউলাৰ বিবেক, কলকাতা, ২০১২
- উত্তৰা চক্ৰৱৰ্তী, নাৰীপ্ৰগতিৰ নিখিলভুবন, আলোক ৰায়/ গৌতম নিয়োগী সম্পাদিত, উনিশ শতকে বাংলা, কলকাতা, ২০১৮
- প্রসেনজিৎ চৌধুৰী, ধৰ্ম আৰু বিজ্ঞান, গুৱাহাটী, ২০১৬