জে ডি বাৰ্ণাল (প্ৰথম অংশ) (পূৰৱী দেৱী)
দ্বিতীয় মহাযুদ্ধই বিশ্বৰ বিজ্ঞানীসমাজক বিজ্ঞান, সমাজ আৰু ৰাজনীতিৰ মাজৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সম্বন্ধে নতুন দৃষ্টিভংগীৰে বিচাৰ কৰিবলৈ বাধ্য কৰে। ইংলেণ্ডৰ এমুঠি বিজ্ঞানীয়ে অনুভৱ কৰে সাধাৰণ মানুহৰ মাজত বিজ্ঞান-শিক্ষাৰ অভাৱ আৰু এই অভাৱ পূৰণৰ অৰ্থে আয়োজন কৰে ১৯৪৮ চনত অক্সফ’ৰ্ডৰ ৰাস্কিন কলেজত জন-সাধাৰণৰ উদ্দেশ্যে এলানি বক্তৃতা। ফলক্ৰমে বিশ্বই লাভ কৰে কেইখনমান অমূল্য গ্ৰন্থ, জোচেফ নিধমৰ “Science and Civilisation in China”, বাৰ্ট্ৰাণ্ড ৰাছেলৰ “The Impact of Science in Society”, জেক’ব ব্ৰাউনস্কিৰ “The Common Sense of Science” আৰু আমাৰ আলোচ্য বিজ্ঞানী জে ডি বাৰ্ণালৰ “Science in History”।
১৯০১ চনত আয়াৰলেণ্ডৰ টিপাৰাৰি অঞ্চলৰ নীন্যাখ নামৰ এখন সৰু চহৰত জ’ন ডেছমণ্ড বাৰ্ণালৰ জন্ম হয়। জাৰ্মান, ফৰাচী আৰু ইটালীয় ভাষাৰ ওপৰত দখল থকা তেখেতৰ মাতৃ এলিজাবেথে জন্ম গ্ৰহণ কৰিছিল আমেৰিকাত আৰু উচ্চ শিক্ষা লাভৰ অৰ্থে ১৮৯১ চনত ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত ভৰ্ত্তি হৈছিল, কিন্তু বহু কাৰণত শিক্ষা তেওঁ সমাপ্ত কৰিব নোৱাৰিলে। পিতৃ চামুৱেল বাৰ্ণাল আছিল ডাবলিনৰ “Royal Albert Agricultural College”-ৰ পৰা ডিগ্ৰী লাভ কৰা ভূ-সম্পত্তিৰ মালিক, অৱশ্যে খেতি-বাতি চম্ভালাৰ উপৰি তেওঁ নিজেও খেতি কৰিছিল। আয়াৰলেণ্ডৰ ভূ-সম্পত্তিৰ মালিক সাধাৰণতে আছিল প্ৰ’টেছটেণ্ট, ধৰ্মভীৰু পিতৃ-মাতৃৰ লগত দেওবাৰে ডেছমণ্ড প্ৰাৰ্থনা কৰিবলৈ গৈছিল কেথলিক গিৰ্জালৈ।
ছাত্ৰ জীৱন
সঁচা কথা ক’বলৈ গ’লে ডেছমণ্ডে প্ৰথম পাঠ লাভ কৰে মাতৃৰ কোলাত, কাৰণ এলিজাবেথে পঢ়ি শুনাইছিল ইংৰাজী আৰু ফৰাচী সাধু। গতিকে বুজিব পাৰি সাহিত্যৰ সোৱাদ তেওঁ লাভ কৰে মাতৃ কোলাত। অতি সৰু কালতে এই দুটা ভাষাত তেখেতে কথা পাতিব পাৰিছিল, কিন্তু প্ৰথম পাঠ তেখেতে লাভ কৰে মেৰী ৰো’জ নামৰ এগৰাকী কেথলিক সন্ন্যাসিনীৰ (nun) পৰা। ইয়াৰ পিচত স্থানীয় প্ৰ’টেছটেণ্ট স্কুলত তেওঁ প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। শিক্ষাৰ প্ৰতি, বিশেষকৈ অংকৰ প্ৰতি ধাউতি থকা ডেছমণ্ড দোপত-দোপে আগ বাঢ়ে। বিজ্ঞানৰ প্ৰতি ৰাপ থকা ছাত্ৰজনে ঘৰত স্ব-চেষ্টাৰে পৰীক্ষা চলাবলৈ গৈ দুবাৰ দুটা দুৰ্ঘটনাৰ সন্মুখীন হৈ কোনোমতেহে বিপদৰ পৰা ৰক্ষা পৰে। দহ বছৰ বয়সত ইংলেণ্ডৰ “Hodder School”-ত তেখেত ভৰ্ত্তি হয়। ইয়াৰ কিছু দিনৰ পিচত তেখেত ইংলেণ্ডৰ বে’ডফ’ৰ্ড স্কুলত শিক্ষা গ্ৰহণ কৰিবলৈ ধৰে। এইখন স্কুলত ডেছমণ্ডে নিজৰ সৃজনীশীল প্ৰতিভাৰ প্ৰকাশ কৰিবলৈ ধৰে, পদাৰ্থ-বিজ্ঞানৰ পাঠ গ্ৰহণ কৰি ক্ষান্ত নাথাকি এডাল তাঁৰৰ বৈদ্যুতিক ৰোধ ক্ষমতা নিৰ্ণয় কৰিব পৰা এক পদ্ধতি উদ্ভাৱন কৰি বৃত্তি লাভ কৰে, আৰু নিজাববীয়াকৈ জীৱ-বিজ্ঞান পঢ়িবলৈ আৰম্ভ কৰে। ১৯১৪ চনৰ বিশ্বযুদ্ধত সকলো ছাত্ৰৰ লগতে ডেছমণ্ডৰ শিক্ষাত ব্যাঘাত পৰে। ওপৰ শ্ৰেণীৰ বহু ছাত্ৰই সৈন্য বাহিনীত যোগ দিয়ে, স্কুলৰ প্ৰাৰ্থনা সভাত শুনা যায় তেওঁলোকৰ মৃত্যুৰ শোক সংবাদ। ৰাজনৈতিক ডবা খেলৰ প্ৰথম তিক্ত অভিজ্ঞতা লাভ কৰি সংবেদনশীল ডেছমণ্ড ঘৰলৈ ঘূৰি আহে। এই সময়তে ১৯১৬ চনত তেখেতৰ মনত সাঁচ বহুৱাইছিল আয়াৰলেণ্ডৰ জটিল ৰাজনীতিয়ে।
আয়াৰলেণ্ড এখন কৃষি ভিত্তিক দেশ। ১৮০০ চনত আয়াৰলেণ্ড গ্ৰেট ব্ৰিটেইনৰ অন্তৰ্ভুক্ত হয়। প্ৰায় এশজন লোক সংসদৰ সদস্য হয়, কিন্তু নব্বৈ শতাংশ মানুহ ভোটাধিকাৰৰ পৰা বঞ্চিত হয়। এওঁলোক আছিল দুখীয়া কেথলিক কৃষক। এওঁলোকে ভোটাধিকাৰৰ দাবী জনাই সঘনাই বিদ্ৰোহ কৰিবলৈ ধৰাত ১৮২৯ চনত কেথলিক Daniel O’Connell প্ৰথম সংসদৰ সদস্য হয় আৰু তেখেতৰ নেতৃত্বত আয়াৰলেণ্ডৰ কেথলিকসকলে স্বাধীন আয়াৰলেণ্ডৰ দাবী তোলে। ১৮৭০ চনত শুনা যায় শ্লোগান “Home Rule”, চাৰ্লছ পাৰনেলৰ নেতৃত্বত “Home Rule”-ৰ সমৰ্থকে স্বাধীন আয়াৰলেণ্ডৰ দাবী অহৰহ কৰিছিল। ফলস্বৰূপে সংসদত কেথলিকসকলৰ সংখ্যা বৃদ্ধি হৈছিল, কিন্তু ইংলেণ্ড-আয়াৰলেণ্ডৰ মাজৰ এই বিবাদৰ কেতিয়াও অন্ত পৰা নাছিল। ১৯১৬ চনত এমুঠি সশস্ত্ৰ জাতীয়তাবাদী বিপ্লৱীয়ে ডাবলিন অধিকাৰ কৰি ডেছমণ্ডক হতবাক কৰিছিল। অতি শীঘ্ৰে বিপ্লৱ দমন কৰা হৈছিল, কিন্তু সাধাৰণ ৰাইজৰ লগতে ডেছমণ্ডেও সশস্ত্ৰ বিপ্লৱৰ ক্ষমতা উপলব্ধি কৰিছিল।
আনহাতে এই সময়তে গভীৰ মনোযোগেৰে বাৰ্ণালে পঢ়া-শুনা কৰি কেমব্ৰিজত প্ৰৱেশ কৰাৰ সপোন দেখে। তেখেতৰ নিজ ভাষাত “হাতত যিহকে পৰে তাকে, জধে-মধে মই কিতাপ পঢ়িছিলো”। বিজ্ঞানৰ সকলো আৱিষ্কাৰৰ আঁৰৰ কাহিনীয়ে তেখেতক মুগ্ধ কৰিছিল আৰু বিজ্ঞানৰ ইতিহাসৰ পাত লুটিয়াবলৈ এই সময়তে তেওঁ আৰম্ভ কৰে। তেখেতক আকৰ্ষণ কৰা আন এক বিষয় আছিল স্ফটিক-বিজ্ঞান। সাঁচতীয়া ধনেৰে এটা অনুবীক্ষণ যন্ত্ৰ কিনি তেওঁ বহু পৰীক্ষা কৰিছিল, পৰীক্ষাৰ বিষয় বস্তু আছিল প্ৰধানকৈ স্ফটিক। ঊনৈশ শতিকাত স্ফটিক-বিজ্ঞান বৰ বিশেষ দূৰ আগবঢ়া নাছিল, কিন্তু স্ফটিকৰ আকৃতি, আলোকীয় ধৰ্ম (optical property), সমমিতি আদিয়ে আঙুলিয়াই দিছিল যে স্ফটিকৰ সংৰচনা সমমত্ত্ব (homogeneous) আৰু দুখন পাৰ্শ্বৱৰ্তী পৃষ্ঠৰ মাজৰ কোণৰ মান এটা ধ্ৰুৱক (constant), এই কোণ স্ফটিকৰ পাৰমাণৱিক সংৰচনাৰ ওপৰত নিৰ্ভৰশীল। ১৮৩০ চনত কাৰো দৃষ্টি আকৰ্ষণ নকৰা এখন গৱেষণাপত্ৰত জাৰ্মান অংকশাস্ত্ৰবিদ হেছেলে অংকশাস্ত্ৰৰ সহায়ত প্ৰমাণ কৰিছিল যে প্ৰকৃতিত মাথো বত্ৰিশটা আকৃতিৰ স্ফটিক সম্ভৱ। স্ফটিকৰ সংৰচনা, আকৃতি, সমমিতি আদিয়ে ডেছমণ্ডক আকৰ্ষণ কৰে, গভীৰ মনোযোগেৰে তেওঁ কাগজত স্ফটিকৰ দ্বি-মাত্ৰিক ছবি আঁকিবলৈ আৰু ত্ৰিমাত্ৰিক আৰ্হি সাজিবলৈ চেষ্টা কৰে। অংক, ৰসায়ন আৰু পদাৰ্থ-বিজ্ঞানত ৰাপ থকা ছাত্ৰজনক স্ফটিকে মুগ্ধ কৰিছিল। স্কুলীয়া জীৱনতে গঢ়ি তুলিছিল বাৰ্ণালে বিজ্ঞানী আৰু ইতিহাসবিদৰ ভেঁটি।
ইয়াৰ পিচত বৃত্তিসহ অংক-শাস্ত্ৰত ডিগ্ৰী লাভৰ উদ্দেশ্য আগত ৰাখি তেখেত কেমব্ৰিজ বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰে। “Analytical Geometry”-ৰ প্ৰতি আকৰ্ষিত হৈ অংক-শাস্ত্ৰৰ আন শাখাসমূহৰ প্ৰতি মনোযোগ দিবলৈ তেখেতৰ আহৰি নাছিল বাবে ফল বৰ আশাপ্ৰদ নহ’ল। প্ৰথম বছৰৰ পৰীক্ষাত তেওঁ উত্তীৰ্ণ হয় দ্বিতীয় বিভাগত। প্ৰথম বিভাগত সহজে উত্তীৰ্ণ হ’ব পৰা যাব বুলি আশা কৰি থকা ডেছমণ্ডে আত্মবিশ্বাস হেৰুৱাবলৈ ধৰিছিল। অংক নহয়, প্ৰাকৃতিক বিজ্ঞানত ডিগ্ৰী লাভ কৰিবলৈ সিদ্ধান্ত লৈ তেখেতে পদাৰ্থ, ৰসায়ন, ভূতত্ত্ব আৰু খনিজ পদাৰ্থ বিজ্ঞানত পাঠ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। এই বিষয়সমূহে তেখেতক সৰুৰে পৰা আকৰ্ষণ কৰিছিল। আত্মবিশ্বাস ঘূৰি আহিবলৈ বৰ সৰহ সময়ৰ প্ৰয়োজন নহ’ল। স্ফটিকৰ ওপৰত তেওঁ পুনৰ অধ্যয়ন কৰিবলৈ ধৰে।
অংক-শাস্ত্ৰত চাৰ উইলিয়াম হেমিল্টনে ১৮৪৩ চনত প্ৰথম “Quaternions” ধাৰণা প্ৰৱৰ্তন কৰিছিল। তেখেতে লিখা “Lectures on Quaternions” নামৰ কিতাপখনত প্ৰথম “Vector” শব্দটো ব্যৱহাৰ কৰা হৈছিল। এই কিতাপখনে বাৰ্ণালক বহু তথ্যৰ যোগান ধৰে। স্ফটিকৰ ত্ৰিমাত্ৰিক সংৰচনাৰ সমমিতি (symmetry) অধ্যয়ন কৰিবলৈ হেমিল্টনৰ ধাৰণা ব্যৱহাৰ কৰিব পৰা যাব বুলি ডেছমণ্ডে অনুভৱ কৰে।
বৰ্তমান অংক-শাস্ত্ৰৰ “Group Theory” নামৰ এটা শাখাত সমমিতি সংঘ (symmetric group)-ৰ বিভিন্ন সাজোনৰ ওপৰত বিশদ আলোচনা কৰা হয় আৰু বিজ্ঞানৰ বহু শাখাত ইয়াক প্ৰয়োগ কৰা হয়। ৰসায়ন বা পদাৰ্থ-বিজ্ঞান অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে এই শাখা পাঠ্য-পুথিৰ অংগ। এই শাখাত সমমিতিক দুটা ভাগত ভাগ কৰা হয়, “point group” আৰু “space group”। এটা স্ফটিকক (যেনে ধৰক আমি খোৱা লোণৰ স্ফটিক) কিছুমান টুকুৰাৰে নিৰ্মিত এটা কোঠাৰ লগত তুলনা কৰিব পাৰি। প্ৰতিটো টুকুৰাক বোলা হয় “unit cell”। এই প্ৰথম টুকুৰাই স্ফটিকত পৰমাণু কেনে ধৰণে সজ্জিত হ’ব নিৰ্দ্ধাৰণ কৰে। এনে অসংখ্য টুকুৰাৰ সমষ্টিত স্ফটিক সংৰচনা এজন জাৰ্মান অংকশাস্ত্ৰবিদ (Artur Schoenflies) আৰু এজন ৰুচ দেশৰ স্ফটিক বিজ্ঞানীয়ে (E. S. Federov, 1891) বহু বছৰ ধৰি বহুধৰণে অধ্যয়ন কৰি ঠাৱৰ কৰিছিল যে এখন স্ফটিকৰ জালীত (crystal lattice) ২৩০ প্ৰকাৰৰ “space group” থাকিব পাৰে। বাৰ্ণাল এই তথ্যৰ প্ৰতি আকৰ্ষিত হয় আৰু হেমিলটনৰ “quaternion” ধাৰণাৰ সহায়েৰে স্ফটিকৰ “space group” ঠাৱৰ কৰিবলৈ চেষ্টা কৰে, যাতে স্ফটিকৰ সংৰচনা এটা মাত্ৰাত্মক তত্ত্বৰ দাৰা প্ৰকাশ কৰিব পৰা যায়। প্ৰকৃততে তেখেতে “Group Theory”-ৰ ধাৰণা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত ই আছিল তেখেতৰ এক মৌলিক চিন্তা। তেখেতৰ ভাষাত– “An idea has blossomed in my mind on the connection between the atomic structure of crystals and their elastic and thermal constants. I attempted to attack the problem mathematically with a certain success”।
প্ৰাকৃতিক বিজ্ঞানৰ প্ৰথম অংশৰ পৰীক্ষাত তেখেত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। অত্যন্ত মনোযোগ সহকাৰে অধ্যয়ন কৰি তেওঁ বিখ্যাত স্ফটিক-বিজ্ঞানী ব্ৰেগে প্ৰকাশ কৰা এখন গৱেষণাপত্ৰৰ মাধ্যমেৰে “লেংমুইৰ তত্ত্ব” সম্বন্ধে অৱগত হয় আৰু উপলব্ধি কৰে যে এই তত্ত্বৰ সহায়ত স্ফটিকৰ সংৰচনা ঠাৱৰ অতি সোনকালে কৰিব পৰা যাব। ১৯২৩ চনত ডেছমণ্ডে “Space lattice”-ৰ বিষয়ে এখন গৱেষণাপত্ৰ লিখে। আশী পৃষ্ঠাৰ পত্ৰখন জটিল অংকৰে ঠাহ খাই আছিল। “Cambridge Philosophical Society”-এ প্ৰকাশৰ বাবে যো-জা কৰিছিল, কিন্তু অত্যন্ত জটিল বুলি প্ৰকাশ নকৰিলে। অংকশাস্ত্ৰ বিশাৰদ হাটচিনছনে ইমানুৱেল কলেজে ঘোষণা কৰা এটা পুৰস্কাৰৰ হকে পত্ৰখন দাখিল কৰিবলৈ বাৰ্ণালক উপদেশ দিয়াত ডেছমণ্ডে “Sudbury Hardyman” পুৰস্কাৰ লাভ কৰে (অৱশ্যে আধা অংশহে)। এই পত্ৰখনে স্ফটিক-বিজ্ঞানত ভৰি দিবলৈ তেখেতক সহায় কৰে।
কেমব্ৰিজত সামাজিক জীৱন
কেমব্ৰিজলৈ আহি ডেছমণ্ডে উপলব্ধি কৰে যে অংক আৰু বিজ্ঞানৰ বাদে আন বিষয়সমূহত তেওঁৰ জ্ঞান সামান্য। কেমব্ৰিজৰ বিশাল গ্ৰন্থাগাৰে তেখেতক যোগায় জ্ঞানৰ ভাণ্ডাৰ। তদুপৰি শ্ৰেণীকোঠাৰ বন্ধুৰ বাদেও আন বিষয়, যেনে অৰ্থনীতি, ইতিহাস, ৰাজনীতি আদি বিভাগৰ ছাত্ৰৰ লগত তেখেতৰ বন্ধুত্ব হয়। তেখেতৰ মতে সেই সময়ত বন্ধুৰ লগত ৰাজনীতি, ধৰ্ম, যৌন-জীৱন আদি বহু বিষয়ৰ লগত কথা পাতি তেওঁ বহু জ্ঞান আহৰণ কৰিছিল।
কুৰি শতিকাৰ প্ৰথম ভাগ আছিল বিশ্ব তল-ওপৰ হোৱা যুগ। ৰুচ দেশৰ বিপ্লৱে ইংলেণ্ডত পেলোৱা প্ৰভাৱে সচেতন নাগৰিকক চিন্তা-চৰ্চা কৰিবলৈ বাধ্য কৰিছিল। উইনষ্টন চাৰ্চিলে পৃথিৱীৰ সকলো স্বৈৰাচাৰী শাসনৰ ভিতৰত বলশেভিক স্বৈৰাচাৰ সকলোতকৈ ক্ষতিকৰ, মৰ্যদা হানিকৰ আৰু সেয়েহে ইয়াক জন্মতে বধ কৰা উচিত বুলি মানুহক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। আনহাতে বিশ্বযুদ্ধই সৃষ্টি কৰা আৰ্থিক সংকটে বনুৱাৰ মাজত সৃষ্টি কৰিছিল বিক্ষোভ। ১৯১৯ চনত ইংলেণ্ডত সংঘটিত ধৰ্মঘটত প্ৰায় ডেৰ নিযুত বনুৱাই অংশ গ্ৰহণ কৰিছিল। গতিকে জনগণ দুটা ভাগত বিভক্ত হোৱাটো আচৰিত নাছিল। একে সময়তে আয়াৰলেণ্ডৰ ৰাজনীতি জটিল হ’বলৈ ধৰে। এইখন দেশত বিপ্লৱ হোৱাৰ পৰিস্থিতি উপস্থিত হৈছিল। দ্য ভেলেৰাৰ “Sinn Fein” পাৰ্টিৰ এজন প্ৰধান নেতা মাইকেল কলিন্সৰ নেতৃত্বত গঠন হয় “Irish Republican Army”। ব্ৰিটিছ সাম্ৰাজ্যৰ ধন আৰু বাহুবল আওকাণ কৰি এই পাৰ্টিয়ে আয়াৰলেণ্ডক এক সাৰ্বভৌম, স্বাধীন ৰাষ্ট্ৰ বুলি ঘোষণা কৰে। ১৯১৯ চনত প্ৰকৃততে আয়াৰলেণ্ডত লাগিছিল জুই। বাৰ্ণালক জুইৰ তাপে স্পৰ্শ কৰা আচৰিত নহয়। কেমব্ৰিজৰ কলেজত পি জি উদে তেখেতক “Home Ruler”-ৰ সমৰ্থক নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত বাৰ্ণালে কৈছিল “No Sir, I am a Sinn Feiner”। আয়াৰলেণ্ডত IRA-ৰ হিংসাৰ প্ৰকোপ দিনে-দিনে বাঢ়িবলৈ ধৰে। নেতাসকলে কৰে ক্ষমতাৰ অপপ্ৰয়োগ, অত্যন্ত নৃশংস হত্যাকাণ্ড চলোৱা হয় আৰু বহু ডেকা বিপথগামী হয়। হতাশ ডেছমণ্ডৰ মুখ ফুটাই প্ৰতিবাদ কৰাৰ সাহস নাছিল। আয়াৰলেণ্ডৰ ৰাজনীতিত সক্ৰিয় অংশ তেওঁ গ্ৰহণ কৰা নাছিল।
এনে ৰাজনৈতিক পৰিৱেশত কেমব্ৰিজৰ বৌদ্ধিকমহলত উঠিছিল তৰ্ক-বিতৰ্কৰ জোৱাৰ। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ সমাজবাদী গোটৰ সম্পাদক ড’গলাছ ডিকিনচনৰ লগত বাৰ্ণালে বন্ধুত্ব গঢ়ি তোলে আৰু তেখেতৰ পৰা গ্ৰহণ কৰে মাৰ্ক্সবাদৰ প্ৰথম পাঠ। গভীৰ মনোযোগেৰে তেওঁ আৰম্ভ কৰে গভীৰ অধ্যয়ন। দুখন কিতাপে তেওঁক প্ৰভাৱিত কৰে, এখন “The Economic Consequences of the Peace” (Maynard Keynes) , আনখন “The War of Steel and Gold” ( Noel Brailsford)। এই কিতাপখনত লিখকে অস্ত্ৰ-উদ্যোগৰ ওপৰত আক্ৰমণ চলাইছিল। ১৯১৯ চনত W. H. Rivers আছিল প্ৰাকৃতিক বিজ্ঞান বিভাগৰ পৰামৰ্শদাতা (Praelector)। তেখেতে যিমান পাৰে সিমান ছাত্ৰক তেখেতৰ বন্ধুবৰ্গ, যেনে H. G. Wells, Bertrand Russell, Robert Graves আদিৰ লগত পৰিচয় কৰাই দিয়ে। বাৰ্ণালে এই সুযোগ গ্ৰহণ কৰে আৰু ফ্ৰয়েডৰ লিখনিৰ লগত পৰিচিত হয়। তেওঁ যোগ দিয়ে সেই সময়ৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ “Heretics” নামৰ আনখন আলোচনা সভাত। ধৰ্ম, দৰ্শন আৰু কলাৰ সমস্যা আলোচনা কৰায়েই আছিল সভাৰ প্ৰধান উদ্দেশ্য, কিন্তু সভ্যবৃন্দই সমাজৰ ৰীতি-নীতি, আইন-কানুন, ধৰ্মবিশ্বাস আদিৰ ওপৰত অস্ত্ৰোপচাৰ চলাইছিল। ইউৰোপৰ গৃহযুদ্ধই প্ৰচলিত মূল্যবোধৰ ওপৰত কুঠাৰাঘাত কৰিছিল, সৃষ্টি কৰিছিল নতুন মূল্যবোধ সন্ধানৰ পৰিৱেশ। এই সভা আছিল ইয়াৰ মূৰ্ত প্ৰকাশ। ৰাজনীতি, অৰ্থনীতি, সাহিত্য, দৰ্শনৰ পৰা আৰম্ভ কৰি মনোবিজ্ঞান, যৌনজীৱনলৈকে সকলো আলোচনা সভাত কৰা হৈছিল। সভাৰ প্ৰভাৱে ডেছমণ্ডক কৰে ইমানুৱেল কলেজৰ সংস্কাৰকামী এজন নেতা। তেখেতে ইমানেই কিতাপ পঢ়িছিল যে বন্ধুসকলে জোকোৱা নাম দিয়ে “Sage” (বিজ্ঞ)।
বাৰ্ণাল কেমব্ৰিজত প্ৰৱেশ কৰিছিল এজন কেথলিক ৰূপে। ওলাই আহিল ধৰ্ম-কৰ্ম নমনা, সমাজৰ নীতি-নিয়মৰ প্ৰতি ভ্ৰূক্ষেপ নকৰা, মাৰ্ক্স আৰু ফ্ৰয়েডৰ ভক্ত এজন নাস্তিক ৰূপে। ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিল। তেখেতৰ সান্নিধ্যলৈ আহিছিল ভৱিষ্যত পত্নী আইলিন। আইলিন আছিল “মুক্ত-প্ৰেমৰ” সমৰ্থক এগৰাকী স্বাধীনচিতিয়া মনোভংগীৰ নাৰী। প্ৰকৃততে দুয়ো কাঠে-কাঠে পৰিছিল। দুটা সন্তানৰ পিতৃ হৈছিল যদিও উশৃংখল জীৱন কটোৱা এই দুজন লোকৰ বিবাহিত জীৱন সুখৰ নাছিল।
বিজ্ঞানী জীৱন
“On the analytic theory of point group systems” নামৰ গৱেষণাপত্ৰখনৰ ভিত্তিতে বাৰ্ণালে বিজ্ঞানী-জীৱন আৰম্ভ কৰে। দ্বিতীয় অংশৰ পৰীক্ষাত প্ৰথম শ্ৰেণী লাভ নকৰা ডেছমণ্ডৰ ৰাদাৰফ’ৰ্ডৰ লগত কাম কৰাৰ সুযোগ নাছিল। তদুপৰি “গৱেষণাগাৰত সাম্যবাদী প্ৰচাৰ নচলিব”, এয়া আছিল ৰাদাৰফ’ৰ্ডৰ মত। সৌভাগ্যক্ৰমে ডেছমণ্ডৰ প্ৰতিভাক চিনাক্ত কৰে আৰ্থাৰ হাটচিনছনে। ডেছমণ্ড এজন অগতানুগতিক কিন্তু অত্যন্ত প্ৰতিভাশালী ছাত্ৰ বুলি আৰ্থাৰে ব্ৰেগলৈ এখন চিঠি দিয়াত ব্ৰেগৰ তলত গৱেষণা কৰিবলৈ ডেছমণ্ডে সুবিধা লাভ কৰে। ঠিক এই সময়তে চাৰ উইলিয়াম ব্ৰেগ “Royal Institution”-ৰ পৰিচালক পদত নিয়োগ হৈছিল। আৰম্ভণিৰে পৰা জনসাধাৰণৰ হিত সাধনৰ অৰ্থে বিজ্ঞানক প্ৰয়োগ কৰা আছিল এই প্ৰতিষ্ঠানৰ মূল উদ্দেশ্য। সুদক্ষ শিক্ষক, গৱেষক আৰু পৰিচালক ব্ৰেগৰ দৃষ্টিভংগীৰ লগত বাৰ্ণাল খাপ খাই পৰে। ১৯২৩ চনত বাৰ্ণালে গৱেষণা কৰিবলৈ এই প্ৰতিষ্ঠানত যোগ দিয়ে। এচাম উঠি অহা ডেকা বিজ্ঞানীৰ লগত তেখেতৰ বন্ধুত্ব স্থাপন হয়, বিশেষকৈ দুখীয়া পৰিয়ালৰ পৰা অহা বিল এষ্টবাৰি আৰু কেথেলিন আছিল তেখেতৰ প্ৰিয় বন্ধু। নতুনকৈ যোগ দিয়া প্ৰতিজন গৱেষকে স্ফটিকৰ সংৰচনা ঠাৱৰ কৰিবলৈ ব্ৰেগ আৱিষ্কৃত “X-ray Spectrometer” নামৰ যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ শিকিব লগাত পৰিছিল। এই যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় ধৈৰ্য ডেছমণ্ডৰ নথকা হেতুকে বন্ধু-বান্ধৱৰ সহায় পোৱা সত্বেও তিনি মাহ পৰ্যন্ত চেষ্টা কৰি যন্ত্ৰ চলাবলৈ বিফল হৈ মৰ সাহস কৰি তেওঁক তাত্বিক দিশত গৱেষণা কৰিবলৈ দিবলৈ ব্ৰেগক অনুৰোধ কৰে। অনুৰোধ ৰক্ষা কৰাৰ পিচত দুয়োৰে মাজত পিতা-পুত্ৰৰ সম্বন্ধ গঢ়ি উঠিছিল। গ্ৰেফাইটৰ সংৰচনা ঠাৱৰ কৰা আছিল তেখেতৰ গৱেষণাৰ প্ৰথম বিষয়। একে সময়তে জোৰা-তাপলি মাৰি তেখেতে নিজাববীয়াকৈ এটা যন্ত্ৰ সাজে। খহটা আছিল যদিও ব্ৰেগৰ যন্ত্ৰৰ তুলনাত ই আছিল কিছু উন্নত। অৱশ্যে তেখেতে সজা যন্ত্ৰ জাৰ্মান বিজ্ঞানীয়ে সাজিছিল, কিন্তু ইয়াৰ সম্পূৰ্ণ অংকশাস্ত্ৰমূলক বিশ্লেষণ আগবঢ়াইছিল বাৰ্ণালে। তাত্বিক দিশৰ পৰা গ্ৰেফাইটৰ সংৰচনা ঠাৱৰ কৰাৰ পিচত নিজে সজা যন্ত্ৰৰ সহায়ত তেওঁ প্ৰকৃত সংৰচনা নিৰ্ণয় কৰিবলৈ সক্ষম হয়। ডেছমণ্ডে অনুভৱ কৰে যে যন্ত্ৰৰ সহায়ত সৰল অণুৰ সংৰচনা ঠাৱৰ কৰিব পৰা যায় যদিও জটিল অণুৰ ক্ষেত্ৰত ই বৰ ফলপ্ৰসূ নহয়। সেয়েহে স্ফটিক বিজ্ঞানত “Concept of reciprocal lattice” নামে জনাজাত ধাৰণাৰ ওপৰত ভিত্তি তেখেতে এক্স ৰশ্মিৰ দাৰা তোলা স্ফটিকৰ ছবি বিশ্লেষণ কৰিব পৰা কিছুমান ৰেখাচিত্ৰ প্ৰস্তুত কৰে। “Bernal Charts” নামে বিজ্ঞানীমহলৰ মাজত পৰিচিত এই কামে ডেছমণ্ডক স্ফটিক বিজ্ঞানত আগশাৰীৰ নেতাৰ স্থান দিয়ে। তদুপৰি তেখেতে সাজিছিল “Spectrogoniometer” নামৰ এটা কেমেৰা। বন্ধু-বান্ধৱৰ সহায়ত বাৰ্ণালে সজা যন্ত্ৰ-পাতিবোৰ আছিল কেঁচা, তথাপি ভৱিষ্যতে জটিল অণুৰ সংৰচনা নিৰ্ধাৰণ কৰিবলৈ এই যন্ত্ৰ-পাতিয়ে সহায় কৰিব বুলি তেওঁলোকে বিশ্বাস কৰিছিল। এই সময়ছোৱা আছিল ডেছমণ্ডৰ আনন্দৰ দিন। ১৯২৭ চনত বাৰ্ণাল কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ “Structural Crystallography” বিভাগত প্ৰবক্তা হিচাপে নিযুক্ত হয়।
ইয়াৰ পিচত তেখেতে ব্ৰঞ্জৰ সংৰচনা নিৰ্ধাৰণ কৰে। অৱশ্যে উনুকিয়াই থোৱা উচিত যে সংৰচনা বুলিলে এই ক্ষেত্ৰত আমি বান্ধনি দৈৰ্ঘ্যৰ প্ৰকৃত মান আৰু পৰমাণুৰ ত্ৰিমাত্ৰিক সাজোনহে বুজাব খুজিছোঁ। কাৰণ ৰাসায়নিক ক্ৰিয়াৰ সহায়ত (বিশেষকৈ জৈৱ জটিল অণুৰ) সংৰচনা নিৰ্ধাৰণ কৰিব পাৰি। কিন্তু পৰমাণুৰ বান্ধনি দূৰত্ব, বান্ধনি কোণ আদিৰ দাৰা ত্ৰিমাত্ৰিক সংৰচনা ঠাৱৰ কৰিবলৈ এক্স-ৰে স্ফটিক-বিজ্ঞানৰ আৱশ্যক।
আণৱিক জীৱ-বিজ্ঞানৰ প্ৰতিষ্ঠাতা
কেমব্ৰিজত ডেছমণ্ডৰ প্ৰথম দায়িত্ব আছিল স্ফটিক বিজ্ঞানৰ এক গৱেষণাগাৰ স্থাপন কৰা। গৱেষণা আৰম্ভ কৰিব লগা হৈছিল জোৰা-তাপলি মাৰি, কেইটামান অত্যন্ত সৰু কোঠাত। তথাপি ৰাদাৰফ’ৰ্ড, চাৰ উইলিয়াম আদিৰ দৰে সেই যুগৰ বিশাল দৈত্যৰ লগত কাম কৰিবলৈ সুবিধা লাভ কৰা ডেছমণ্ড আছিল সুখী আৰু ব্যস্ত। প্ৰফেচাৰ হাটচিনছনে তেখেতক ইউৰোপীয় স্ফটিক-বিজ্ঞানৰ প্ৰতিষ্ঠান প্ৰদৰ্শন কৰিবলৈ পৰামৰ্শ দিয়াত দুমাহ ধৰি তেখেতে চৈধ্যটা গৱেষণাগাৰৰ বিজ্ঞানীৰ লগত আলাপ-আলোচনা কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ মাজৰ এজন আছিল হাৰ্মান মাৰ্ক। মাৰ্কে জৈৱ পদাৰ্থ, যেনে ঊণ সূতা, পাট-সূতা আদিৰ ছবি এক্স-ৰশ্মিৰ সহায়ত তুলি অধ্যয়ন কৰিছিল। সেই সময়ত এনে কাম সহজ নাছিল যদিও তেখেতে প্ৰাকৃতিক পলিমাৰ যেনে ৰবৰ, পাট-সূতা, চেলুলোজ আদিৰ সংৰচনাৰ এক আৰ্হি (model) তৈয়াৰ কৰিছিল। ১৯০২ চনতেই এমিন এচিড আৰু পেপটাইদৰ বান্ধনি আৱিষ্কৃত হৈছিল, চুইডেনৰ জেমছ চুমনাৰে প্ৰমাণ কৰিছিল যে এনজাইমসমূহ প্ৰকৃততে প্ৰ’টিন। গতিকে এনেবোৰ তথ্য বাৰ্ণালৰ হাতত থকা স্বাভাৱিক। ১৯২৮ চনত ডেছমণ্ডে উপলব্ধি কৰে যে প্ৰাণী কোষৰ মাজত সংঘটিত সকলো ক্ৰিয়াৰ মূলতে প্ৰ’টিন, প্ৰ’টিন সৰু-সৰু গোটৰ সমষ্টি নহয়, এটা বৃহৎ অণু (macromolecule) আৰু প্ৰ’টিনৰ স্ফটিক প্ৰস্তুত কৰিব পৰা যাব। তেখেতৰ চকুৰ আগত এখন নতুন পৃথিৱীৰ ছবি ভাহি উঠে। প্ৰ’টিনৰ সম্পূৰ্ণ ত্ৰিমাত্ৰিক সংৰচনা ঠাৱৰ কৰিব নোৱাৰিলেও ইয়াৰ সম্বন্ধে কিছু জ্ঞান আহৰণ কৰিব পাৰিলেও মানৱ শৰীৰত সংঘটিত হোৱা বহু ৰহস্য উদঘাটন কৰিব পৰা যাব।
অৱশ্যে সেই সময়ত বাৰ্ণালে এই বিষয়ৰ ওপৰত একো কাম কৰা নাছিল, কাম কৰিছিল ধাতুৰ ওপৰত। ধাতুৰ স্ফটিক বিশ্লেষণ কৰি তেওঁ প্ৰমাণ কৰে যে “the atomic diameter, or atomic volume, of any given element in the metallic state is constant”। এই তথ্যই ৰসায়ন-বিজ্ঞানক বহু দূৰ পৰ্যন্ত আগুৱাই নিয়ে। এই সময়তে এটা সৰু সমস্যালৈ কাপিৎজা বাৰ্ণালৰ ওচৰ চাপে। অতি নিম্ন উষ্ণতাত শক্তিশালী চুম্বকক্ষেত্ৰৰ প্ৰভাৱত ধাতুৰ বৈদ্যুতিক ৰোধ নিৰ্ণয় কৰিবলৈ শুদ্ধ বিচমাথৰ প্ৰয়োজন হোৱাত কাপিৎজাই বাৰ্ণালৰ লগত আলোচনা কৰে। ফলস্বৰূপে আৱিষ্কাৰ হয় “Zone refining” পদ্ধতি। বাৰ্ণালে আৱিষ্কাৰ কৰে যে অতি দ্ৰুত গতিত এডাল উতপ্ত তাঁৰ ধাতু টুকুৰাৰ মাজেৰে টানি আনিলে সকলো অপদ্ৰব্য এটা কাষত গোট খাই বাবে শুদ্ধ ধাতু পাব পাৰি। বিশুদ্ধ ধাতু প্ৰস্তুত কৰিবৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰা হয়। কাপিৎজাই বাৰ্ণালৰ প্ৰাপ্তি স্বীকাৰ নকৰিলে।
১৯২৮ চনত প্ৰাকৃতিক প্ৰ’টিনৰ এক্স-ৰশ্মি বিশ্লেষণ কৰা প্ৰথম বিজ্ঞানী আছিল ডেছমণ্ডৰ বন্ধু বিল এষ্টবাৰি। ঊণ সূতাৰ ওপৰত গৱেষণা কৰি তেওঁ এই সিদ্ধান্তলৈ আহিছিল যে ঊণ সূতাত থকা প্ৰ’টিন কেৰাটিনৰ আণৱিক সংৰচনা দুটা হ’ব পাৰে। আলফা আৰু বিটা। ১৯৩০ চনত তেখেতে এই কামৰ লগতে চেলুলোজৰ সংৰচনাৰ এটা থুলমূল আভাস ৰয়েল ছচাইটিৰ আগত দিয়ে। এষ্টবাৰিৰ লগত একেলগে কাম কৰি বাৰ্ণালে তিনি মাহৰ ভিতৰতে কিছুমান এমিন এচিডৰ ধৰ্ম ব্যাখ্যা কৰিবলৈ সক্ষম হয়। কিছুদিনৰ ভিতৰতে আঠটা এমিন এচিড, Diketopiperazine, আৰু কিছুমান পেপটাইডৰ ত্ৰিমাত্ৰিক সংৰচনা নিৰ্ধাৰণ কৰি জৈৱৰসায়ন-বিজ্ঞানক বহু দূৰ আগুৱাই যাবলৈ বাৰ্ণালে সহায় কৰে। সকলো স্ফটিক প্ৰস্তুত কৰিছিল এষ্টবাৰিয়ে।
দুবছৰৰ ভিতৰতে কেমব্ৰিজত বাৰ্ণালৰ লগত বন্ধুত্ব স্থাপন হোৱা “Dunn Institute of Biochemistry” বিভাগৰ গৱেষকসকলৰ মাজত আছিল– J.B.S. Haldane, Joseph and Dorothy Needham, Conrad Waddington, Bill Pirie। এই বন্ধুত্বই ব্ৰিটিছ বিজ্ঞানৰ ওপৰত প্ৰভূত প্ৰভাৱ পেলায়। চি পি স্নোয়ে বাৰ্ণালক খ্ৰাইষ্ট কলেজৰ ফেল’ নিৰ্বাচন কৰিবলৈ চেষ্টা কৰি বিফল হয়, প্ৰকৃত কাৰণ আছিল বাৰ্ণালৰ মাৰ্ক্সবাদী দৃষ্টিভংগী। এজন বৃদ্ধ প্ৰবক্তাই মন্তব্য দিছিল “No one with hair like that can be sound”। এনেকি তেখেতৰ নিজ বিভাগতো এখন স্থায়ী আসন তেওঁৰ নাছিল। স্ফটিক-বিজ্ঞানে ৰসায়ন-বিজ্ঞানলৈ আনিব পৰা বিপ্লৱৰ ধাৰণা সেই সময়ত সৰহভাগ বিজ্ঞানীৰ নাছিল যদিও বাৰ্ণালে বিশ্বাস কৰিছিল যে এই বিজ্ঞানে অংকশাস্ত্ৰ, ৰসায়ন, জীৱ-বিজ্ঞান আৰু পদাৰ্থ-বিজ্ঞানৰ মাজত সম্বন্ধ স্থাপন কৰিব। ব্ৰেগে বাৰ্ণালক এটা স্থায়ী পদত নিয়োগ কৰিবলৈ ৰাদাৰফ’ৰ্ডলৈ এখন চিঠি দিছিল যদিও ফল একো ধৰা নাছিল। বিজ্ঞানৰ নেতাই বাৰ্ণালক সহায় কৰা নাছিল, সহায় কৰিছিল পদাতিক সৈন্য দলে। ধাতু আৰু জৈৱ অণুৰ ত্ৰিমাত্ৰিক সংৰচনা ঠাৱৰ কৰিবলৈ সহজ হ’ব বুলি অনুভৱ কৰি বহু বিজ্ঞানী তেখেতৰ ওচৰ চাপে। এওঁলোকৰ মাজৰ এজন আছিল ভিটামিন ডি অণু হাতত লৈ অহা হ’লডেন। হ’লডেনৰ যোগে “National Institute of Health” বহু বিজ্ঞানীৰ লগত বাৰ্ণালৰ পৰিচয় ঘটে।
১৯২৮ চনত “ষ্টেৰল” অণুৰ ৰাসায়নিক সংৰচনা নিৰ্ধাৰণ কৰি জাৰ্মানীৰ Adolf Windaus নামৰ বিজ্ঞানীয়ে ন’বেল বঁটা লাভ কৰে। সেই সময়তে গাই মাৰিয়ানে “Oestrin” নামৰ এক যৌগ লৈ বাৰ্ণালৰ ওচৰ চাপে। প্ৰকৃততে ই আছিল এটা “female sex hormone”। জৈৱ ৰসায়ন, চিকিৎসা-বিজ্ঞান আৰু জীৱৰসায়ন-বিজ্ঞানত অত্যন্ত গুৰুত্বপূৰ্ণ যৌগ, cholesterol, ergosterol আৰু calciferol-ৰ স্ফটিক বিশ্লেষণ কৰি এখন গৱেষণাপত্ৰ “Nature”-ত প্ৰকাশ কৰে। আচৰিত যে বাৰ্ণালে ষ্টেৰল আৰু “sex hormone”-ৰ লগত একে সময়তে কাম কৰিছিল যদিও দুয়োৰে মাজৰ সম্বন্ধ তেখেতৰ বোধগম্য নহ’ল। হোৱাহেঁতেন তেখেতে নিশ্চয় ন’বেল পুৰস্কাৰ লাভ কৰিলেহেঁতেন। বহু বিজ্ঞানীয়ে পিচলৈ সেই সময়তে তেখেতক ন’বেল পুৰস্কাৰ দিয়া উচিত আছিল বুলি মন্তব্য দিছিল। কিন্তু বাৰ্ণালৰ মতে এই কাম আছিল আৰম্ভণিহে মাথোন। তেখেতে মত প্ৰকাশ কৰিছিল যে স্ফটিক বিজ্ঞানে জৈৱ অণুৰ সংৰচনা নিৰ্ধাৰণ কৰিবলৈ বহুদূৰ পৰ্যন্ত সহায় কৰিব আৰু তেখেতৰ দৰে বিজ্ঞানীয়ে প্ৰ’টিন অণুৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম বুজিবলৈ আৰম্ভ কৰিছে।
১৯৩১ চনত ক্ৰ’ম’জম “জিন”ৰ দাৰা গঠিত হয় বুলি বিজ্ঞানীসকলে ধাৰণা কৰে। অৱশ্যে সেই সময়ত “জিন” প্ৰ’টিনৰ সমষ্টি বুলি তেওঁলোকে মত প্ৰকাশ কৰে। বাৰ্ণালে প্ৰথম আঙুলিয়াই দিয়ে যে কোষ বিভাজনত প্ৰথম কোষত থকা প্ৰ’টিনৰ এটা হুবহু নকল দ্বিতীয় কোষত থাকিব লাগিব আৰু ইয়াকে হ’বলৈ প্ৰথম কোষৰ প্ৰ’টিন সমানে দুভাগ হ’ব লাগিব। ইয়াৰ বিশ বছৰৰ পিচত জিনৰ প্ৰকৃত সংৰচনা নিৰ্ধাৰণ কৰা হয়।
এই সময়তে লৰেন্স ব্ৰেগৰ নেতৃত্বত ৰাছিয়া ভ্ৰমণ কৰিবলৈ যোৱা এদল বিজ্ঞানীৰ মাজৰ এজন আছিল ডেছমণ্ড। বিমান বন্দৰত ইমান কুঁৱলী আছিল যে ওচৰতে থকা মানুহজনক চিনা টান আছিল। লগতে যোৱা ৰলফ বাটলাৰৰ লগত ডেছমণ্ডে কুঁৱলী সম্বন্ধে কথা পাতিবলৈ ধৰে আৰু দুয়ো চিন্তা কৰে, ইমান কুঁৱলী স্বত্বেও পানীৰ টোপাল পৰা নাই কিয়? তেওঁলোকৰ আন এক প্ৰশ্ন আছিল– “পানী সদৃশ হাইড্ৰ’জেন ছালফাইড গেচীয় পদাৰ্থ, তেন্তে পানী জুলীয়া কিয়”? দেশলৈ ঘূৰি আহি তেওঁলোকে একেলগে পানীৰ অণু, বিশেষকৈ বৰফৰ স্ফটিক বিশ্লেষণ কৰি বৰ্তমান প্ৰতিজন ৰসায়ন বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে জনা পানীৰ ত্ৰিমাত্ৰিক সংৰচনা আৰু ধৰ্ম ঠাৱৰ কৰে। বিজ্ঞান-জগতত ইয়াৰ গুৰুত্ব প্ৰতিজন বিজ্ঞানীয়ে ভালদৰে উপলব্ধি কৰে।
পাকক্ৰিয়াৰ বাবে অপৰিহাৰ্য এনজাইম “পেপচিন”ৰ সংৰচনা আৰু ইয়াৰ ধৰ্ম স্থাৱৰ কৰা আছিল বাৰ্ণালৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কাম। অৱশ্যে সঠিক সংৰচনা নিৰ্ধাৰণ সেই সময়ত তেখেতে কৰা নাছিল, থুলমূল ত্ৰিমাত্ৰিক সংৰচনাৰ আভাষহে তেখেতে দিছিল। এই কামত তেখেতক সহায় কৰিছিল ড’ৰথি ক্ৰফুটে (পিচলৈ তেওঁ পেনিচিলিনৰ ওপৰত কাম কৰি ন’বেল বঁটা লাভ কৰে)। বাৰ্ণালৰ বন্ধু বিল এষ্টবাৰিয়ে একে সময়তে কাম কৰিছিল “fibrous protein” ৰ বিষয়ে। এই দুজন মানুহে কৰা কামৰ ভিত্তিতে স্থাপন হয় আমি জনা “molecular biology”।
১৯৩৫ চনত কেভেনদিছ গৱেষণাগাৰত ৰাদাৰফ’ৰ্ডে স্ফটিক-বিজ্ঞান শাখাৰ দায়িত্ব গ্ৰহণ কৰি বাৰ্ণালক “Assistant Director of Research” পদত নিয়োগ কৰে। বাৰ্ণালৰ দৃঢ় বিশ্বাস আছিল যে জীৱ-বিজ্ঞানত বিপ্লৱৰ সূচনা হৈছে। তেখেতৰ ভাষাত “we are looking through a hole in a wall at a new kingdom”। এই ৰাজ্যখনৰ মাজত সোমাবলৈ চেষ্টা কৰা মানুহৰ মাজৰ এজন আছিল ডেছমণ্ড।
১৯৩৫ চনৰ পৰা বাৰ্ণালৰ লগত কাম কৰিবলৈ আহে ইজনৰ পিচত সিজন প্ৰতিভাশালী ছাত্ৰ। ইচিডৰ ফানকুচেনে প্ৰথমে ধপাত পাতক আক্ৰমণ কৰা ভাইৰাচৰ (Tobacco mosaic virus, TMV) ওপৰত গৱেষণা কৰিবলৈ আৰম্ভ কৰে। বিল পিৰিয়ে ইয়াৰ স্ফটিকৰ বিষয়ে গৱেষণা কৰি এই সিদ্ধান্তলৈ আহে যে তেওঁ প্ৰকৃততে নিউক্লীয় প্ৰ’টিন আৱিষ্কাৰ কৰিছে। সেই সময়ত এনে গৱেষণাৰ হাৰ আছিল অতি কম, প্ৰথমে বাৰ্ণালে এই ভাইৰাচ প্ৰ’টিন আৰু RNA ৰ সমষ্টি বুলি বিশ্বাস কৰা নাছিল। সি যি নহওক পিৰিয়ে তেওঁৰ গৱেষণাপত্ৰ “Nature”-ত প্ৰকাশ কৰি নিউক্লীয় প্ৰ’টিনৰ পাতনি মেলে।
মেক্স পেৰুৎজ গৱেষণা কৰিবলৈ অহাত প্ৰথমে বাৰ্ণালে তেওঁক কাম কৰিবলৈ দিছিল চিলিকেটৰ বিষয়ে। লাহে-ধীৰে তেওঁ কাম কৰিবলৈ ধৰে ঘোঁৰাৰ হিম’গ্লবিনৰ সন্দৰ্ভত। এইদৰে বাৰ্ণালৰ গৱেষণাগাৰত আৰম্ভ হয় জীৱ-বিজ্ঞানত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যৌগৰ সংৰচনা নিৰ্দ্ধাৰণৰ প্ৰস্তুতি।
এনে গুৰুত্বপূৰ্ণ কাম কৰা সত্ত্বেও ৰাদাৰফ’ৰ্ডে বাৰ্ণালক স্বীকৃতি দিয়া নাছিল। জোচেফ নীধমে তেখেতক কেমব্ৰিজৰ “Jacksonian Chair in Natural Philosophy” বহুৱাবলৈ চেষ্টা কৰি বিফল হয়। তেখেতক সহায়, সমৰ্থন কৰা আৰু তেখেতৰ সপক্ষে মাত দিয়া লোক আছিল ব্ৰেগ। ব্ৰেগে ৰয়েল ছচাইটিৰ ফেল’ হিচাপে তেখেতৰ নাম প্ৰস্তাৱ দিয়ে আৰু ১৯৩৭ চনত মাথো পঁয়ত্ৰিশ বছৰ বয়সত ডেছমণ্ড “Fellow of Royal Society” নিৰ্বাচিত হয়।
১৯৩৮ চনত বাৰ্ণালে বাৰ্কবেক কলেজৰ (Birkbeck College) পদাৰ্থ-বিজ্ঞান শাখাৰ মুৰব্বী পদ গ্ৰহণ কৰে। প্ৰথমে এই কলেজ “London Mechanics’ Institute” ৰূপে স্থাপিত হৈছিল। পদাৰ্থ-বিজ্ঞান শাখাৰ প্ৰথম মুৰব্বী ফেবিয়ান পেট্ৰিক ব্লেকেটৰ প্ৰচেষ্টাত এই শাখাই বিশ্বৰ আগশাৰীত বহাৰ সন্মান লাভ কৰে। ইয়াৰ পিচত কলেজক বিখ্যাত কৰে বাৰ্ণালৰ গৱেষণাই। অৱশ্যে গৱেষণাগাৰৰ অৱস্থা আছিল তথৈবচ। পুঁজিৰ হকে অহৰহ যুদ্ধ কৰিবলগীয়া হৈছিল যদিও গৱেষণা থমকি ৰওক চাৰি বাঢ়িছিলহে। বহু দেশৰ লোক তেওঁৰ লগত কাম কৰিবলৈ আহে। প্ৰধান কাৰিকৰে (Mr Dobb) তেখেতৰ দুৱাৰ মুখত লিখি থৈছিল–“PLEASE RETURN TOOLS AFTER USE”। বাৰ্ণালৰ ছাত্ৰসকলে নিজস্ব ভাষাত একে শাৰী বাক্য লিখিবলৈ আৰম্ভ কৰাত মুঠ সংখ্যা হয় ডজনৰ ওপৰত। তাৰ মাজত আনকি আৰৱী আৰু উৰ্দুও আছিল। অৱশ্যে সকলো প্ৰতিষ্ঠানৰ ওপৰত পেলোৱাৰ দৰে দ্বিতীয় বিশ্বযুদ্ধই এই কলেজতো কুঠাৰঘাত পেলায় আৰু ১৯৪৫ চন পৰ্যন্ত বাৰ্ণালে কলেজৰ ফালে চকু দিবলৈ সময় নাপায়। (পিচলৈ সবিশেষ আলোচনা কৰা হৈছে)।
যুদ্ধৰ পিচত বাৰ্ণালৰ সন্মান উঠে উচ্চ শিখৰত (পিচলৈ আলোচনা কৰা হৈছে)। ৰয়েল ছচাইটিয়ে এক্স-ৰশ্মিৰ স্ফটিক-বিজ্ঞানৰ বিষয়ত তেখেতে কৰা কামৰ বাবে সোণৰ পদকেৰে বিভূষিত কৰে। এই সময়তে ডেছমণ্ডে এটা “Biomolecular Centre” গঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। কলেজত স্থানৰ অভাৱৰ হেতুকে প্ৰথমে ৰয়েল প্ৰতিষ্ঠানত কাম আৰম্ভ হয়। এই কেন্দ্ৰত আছিল চাৰিটা শাখা— প্ৰ’টিন আৰু ভাইৰাচ, চিমেণ্ট আৰু ঘৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত দ্ৰৱ্যৰ বিষয়ে গৱেষণা, আহিলা-পাতি উন্নতকৰণ শাখা আৰু শেষত তেখেতে নিয়োগ কৰিছিল এজন অতি প্ৰতিভাশালী ডেকা, এনদ্ৰু বুথ। ছেগা-চোৰোকাকৈ আৰম্ভ হোৱা এই কেন্দ্ৰত এনদ্ৰুৱে সাজিবলৈ চেষ্টা কৰিছিল আমাৰ চিনাকি “floppy disc”, ই সফল হোৱা নাছিল যদিও জোৰা তাপলি মাৰি তেওঁ এখন “hard disc” সাজে। বুথৰ প্ৰধান কাম আছিল স্ফটিক-বিজ্ঞানত ব্যৱহৃত অংকশাস্ত্ৰৰ বিকাশ সাধন। তেখেতে সজা কম্পিউটাৰৰ মোল সেই সময়ত বাৰ্ণালৰ বাদে কোনেও বুজা নাছিল, উৎসাহদাতা আছিল মাথো ডেছমণ্ড। এই কেন্দ্ৰত DNA অণুৰ বিষয়ে কিছু কাম কৰি ডেছমণ্ড সফল হয়।
১৯৪৮ চনত চাৰ লৰেন্স ব্ৰেগে 21-22 Torrington Square-ত “The Biomolecular Research Laboratory”-ৰ দুৱাৰ মুকলি কৰে। প্ৰথমতে গৱেষণাগাৰ বুলিবলৈ আছিল এটা ভঙা-ছিগা ঘৰ। বাৰ্ণালৰ লগত এই গৱেষণাগাৰত কিছুদিনৰ বাবে গৱেষণা কৰিছিল ৰোজালিন্ড ফ্ৰেংকলিনে। ৰোজালিন্ডৰ অভিযোগবোৰ শুনক– “My desk and floor lab are on the fourth floor, my X-ray tube in the basement, and I am responsible for the work of four people distributed over the basement, first and second floors on the two different staircases”। গৱেষণাগাৰৰ আন এজন ছাত্ৰ—“floors half burned, windows blasted out, water only available next door, electricity from a point in the cellar, but we have supreme advantages, not least because of a “boss” who always pretended to know so much less of the matter in hand than you did, but always knew enough to see the tremendous importance of your work”।
কম্পিউটাৰ আৰু ইলেকট্ৰনিক শাখাসহ এই কেন্দ্ৰ আছিল পৃথিৱীৰ সকলো “Molecular Biology” প্ৰতিষ্ঠানৰ আদি ৰূপ।
বাৰ্ণালে কেতিয়াও ন’বেল বঁটা লাভ নকৰিলে, তেখেতৰ তলত কাম কৰা ডৰ’থি হডজকিন, মেক্স পেৰুৎজ আৰু জ’ন কেনদ্ৰুৱে এই বঁটা লাভ কৰে। বঁটা গ্ৰহণ কৰিবলৈ যোৱা সভাত ডৰ’থিয়ে মুক্ত কণ্ঠে ঘোষণা কৰিছিল যে বঁটাৰ আধা ভাগ বাৰ্ণালৰ প্ৰাপ্য, কাৰণ তেখেতৰ সহায় আৰু অনুপ্ৰেৰণাৰ অবিহনে কাম আছিল অসম্ভৱ।