যাদু, ধৰ্ম আৰু যৌনতা-(টুনুজ্যোতি গগৈ)
আদিম মানৱে শিলাবৃষ্টি, বজ্ৰপাত, বনজুই, আগ্নেয়গিৰিৰ উদ্গীৰণ, ভূমিকম্প আদি প্ৰাকৃতিক পৰিঘটনাবোৰৰ আঁৰৰ সঠিক কাৰণসমূহ বুজিব পৰা নাছিল। বুজিব পৰাকৈ তেওঁলোকৰ চিন্তাশক্তিৰো আজিৰ দৰে বিকাশ ঘটা নাছিল। তেওঁলোকে চৌপাশৰ প্ৰকৃতিৰ ৰহস্যময় ৰূপবোৰ দেখি কেৱল শংকিত-বিস্মিত হৈছিল আৰু সেইবোৰ কোনো অজ্ঞাত তথা অদৃশ্য শক্তিয়ে সংঘটিত কৰে বুলি ভাবিছিল। সেইদৰে, আদিম মানৱে টোপনিৰ মাজত সপোন দেখিছিল। কেতিয়াবা সপোনত কাৰোবাক লগ পাইছিল, কাৰোবাৰ সৈতে কাজিয়া লাগিছিল, কাৰোবাৰ সৈতে যৌন সম্পৰ্ক কৰিছিল। তেওঁলোকে সপোনৰ প্ৰকৃত কাৰণো বুজিব নোৱাৰি অপৰিপক্ক মগজুৰে ভাবিছিল যে মানৱ দেহৰ ভিতৰত এক আত্মা থাকে; মানুহ টোপনি গ’লে আত্মাটো দেহৰপৰা ওলাই যায় আৰু কেতিয়াবা আন মানুহৰ আত্মাক সাক্ষাৎ কৰে। তেওঁলোকে আত্মাটো দেহৰপৰা একেবাৰে ওলাই গ’লে মানুহৰ মৃত্যু হয় বুলি ভাবিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে আত্মা দুবিধ – এবিধ ভাল আত্মা আৰু আনবিধ বেয়া আত্মা। ভাল আত্মাই চিকাৰত জন্তু ধৰিব পৰা, কৃষি কাৰ্যত অধিক উৎপাদন কৰা আদি ভাল কামবোৰ কৰাৰ বিপৰীতে বেয়া আত্মাই অসুখ-বিসুখত পেলোৱা, গাত জখম লগোৱা আদি বেয়া কামবোৰ কৰে।
কোৱা বাহুল্য, আদিম মানৱৰ সেই শংকা, বিস্ময়, অজ্ঞানতা আৰু সৰল বিশ্বাসৰ ভেটিতেই– চৌপাশৰ ৰহস্যজনক আৰু ভয়াবহ প্ৰকৃতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাৰ প্ৰয়াসতেই সহজবোধ্য তথা ‘সুনিশ্চিত’ বিধি হিচাবে বিভিন্ন কল্প কাহিনী, ধৰ্মীয় ৰীতি-নীতি, ধৰ্মীয় বিশ্বাস আদিৰ সৃষ্টি হৈছিল। এংগেলছৰ ‘Religion arose in very primitive times from erroneous, primitive conceptions of men about their own nature and external nature surrounding them’ – এই মূল্যবান মন্তব্যটি উনুকিয়াই যুক্তিবাদী লেখক প্ৰসেনজিৎ চৌধুৰীয়ে কৈছে যে আদিম মানুহৰ অজ্ঞতাৰপৰাই কালক্ৰমত ভগৱান নামৰ অলৌকিক শক্তিটিৰ জন্ম হৈছে। চৌধুৰীৰ মতে– ‘… আদিম অজ্ঞতাৰ অৰ্থ অৱশ্যে এইটো নহয় যে সেই প্ৰাগৈতিহাসিক কালৰ মানুহৰ মনত কোনো ধাৰণাই নাছিল। ধাৰণা অৱশ্যেই আছিল, কিন্তু সেই ধাৰণা নিজৰ তথা পাৰিপাৰ্শি্বক জগত সম্পৰ্কে ভুল ধাৰণা। প্ৰশ্ন ঃ কেনেকৈ আদিম মানুহৰ মনত ভুল ধাৰণা সোমালে· এই প্ৰশ্নৰ উত্তৰ পাবলৈ হ’লে আদিম মানুহৰ জ্ঞান-অন্বেষণ আৰু তাৰ সীমাবদ্ধতা সম্পৰ্কে কিঞ্চিৎ আভাস দিয়া প্ৰাসংগিক হ’ব। বিবৰ্তনৰ এটি স্তৰত মানুহ উন্নত মস্তিষ্কৰ অধিকাৰী হ’ল আৰু বিভিন্ন প্ৰশ্নৰ মাধ্যমত মানুহৰ অনুসন্ধিৎসা প্ৰকাশ পাব ধৰিলে। কিন্তু সেই আদিম কালত অধিকাংশ প্ৰশ্নৰ উত্তৰ আছিল মানুহৰ জ্ঞানৰ পৰিসীমাৰ বাহিৰত। অথচ প্ৰশ্নবিলাকৰ উত্তৰ পাবলৈ অজ্ঞ অথচ অনুসন্ধিৎসু আদিম মন যেন উদগ্ৰীব হৈ পৰিছিল। সুতীব্ৰ অনুসন্ধিৎসা আৰু অপৰ্যাপ্ত জ্ঞানৰ মাজত যি ব্যৱধান আদিম সমাজত দেখা দিছিল তাৰ সুযোগ লৈয়েই মানুহৰ মনত সৃষ্টি হ’ল কিছুমান কল্পনাশ্ৰয়ী ভুল ধাৰণা। কালক্ৰমত এই কল্পনাশ্ৰয়ী ভুল ধাৰণাৰ পৰাই জন্ম ল’লে ভগৱান নামৰ অলৌকিক শক্তি।’ (অজ্ঞতা, অনুসন্ধিৎসা আৰু ভগৱান, উত্তৰণ আৰু উত্তৰাধিকাৰ, মুক্ত চিন্তা প্ৰকাশন, প্ৰথম প্ৰকাশ,২০১৭ চন, পৃ-২৬)
সমাজ বিজ্ঞানী জেমচ ফ্ৰেজাৰে কৈছিল, অতিপ্ৰাকৃত বা অলৌকিক সত্তাত বিশ্বাস, সেই সত্তাৰ প্ৰতি ভয়-ভক্তি আৰু সেই সত্তাৰ তুষ্টিৰ অৰ্থে পূজা-উপাসনা কৰাটোৱেই হ’ল ধৰ্মৰ মূলকথা। তেওঁৰ মতে, আদিম সমাজ জীৱনত যাদু (ইয়াত ‘যাদু’ মানে পথৰ দাঁতি বা মঞ্চত কোনো মানুহে প্ৰদৰ্শন কৰা হাতৰ কাৰচাজিৰ বিষয়ে কোৱা নাই, ই এক নৃ-বৈজ্ঞানিক পৰিভাষাহে)ৰ অতুলনীয় প্ৰভাৱ আছিল। ফ্ৰেজাৰে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ আদিবাসীসকলৰ সংস্কৃতিৰ বিষয়ে দীৰ্ঘ সময়জুৰি গৱেষণা চলাই যাদুক মূলতঃ দুভাগত ভাগ কৰিছে– অনুকৰণমূলক যাদু আৰু সংক্ৰামক যাদু। প্ৰথম বিধ যাদুৰ ক্ষেত্ৰত প্ৰকৃতিৰ কোনো এক বিশেষ ঘটনাক অনুকৰণ কৰি প্ৰকৃতিক প্ৰভাৱিত কৰাৰ প্ৰয়াস কৰা হয়। দ্বিতীয় বিধ যাদুত কোনো শত্ৰুৰ অনিষ্টসাধন কৰিবৰ বাবে শত্ৰুৰ শৰীৰৰপৰা বিচ্ছিন্ন দাঁত, নখ, চুলি আদিক নষ্ট কৰি পেলোৱা হয়।
ফ্ৰেজাৰে আকৌ কৈছিল যে যাদুৰ সৈতে এনে চিন্তা-ভাৱনা, ক্ৰিয়া-কাণ্ড নিহিত হৈ আছিল; যিবোৰে ধৰ্মৰো সৃষ্টি কৰিছিল, বিজ্ঞানৰো সৃষ্টি কৰিছিল–If magic is thus next of kin to science, we have still to enquire how it stands related to religion. But the view we take of that relation will necessarily be coloured by the idea which we have formed of the nature of religion itself; hence a writer may reasonably be expected to define his conception of religion before he proceeds to investigate its relation to magic. There is probably no subject in the world about which opinions differ so much as the nature of religion, and to frame a definition of it which would satisfy every one must obviously be impossible. All that a writer can do is, first, to say clearly what he means by religion, and afterwards to employ the word consistently in that sense throughout his work. By religion, then, I understand a propitiation or conciliation of powers superior to man which are believed to direct and control the course of nature and of human life.` (www.templeofearth.com/books/goldenbough.pdf)
আদিম সাম্যবাদী সমাজত মানুহে পৰস্পৰে পৰস্পৰক সহায় কৰিবলৈ বাধ্য হৈছিল। অৰ্থাৎ বিভিন্ন মানৱ গোটৰ মাজত জীৱন নিৰ্বাহৰ বাবে প্ৰতিযোগিতা থাকিলেও একোটা গোটৰ মানুহৰ মাজত সহযোগিতা বৰ্তি আছিল। সেই পাৰস্পৰিক সহযোগিতাৰ ফলতে এসময়ত মানুহে উন্নত উৎপাদন পদ্ধতি আয়ত্ত কৰিছিল আৰু অধিক শস্য উৎপাদন কৰিবলৈ সক্ষম হৈছিল। অধিক শস্য উৎপাদনে সমাজত একাংশ উদ্বৃত্ত সম্পদৰ গৰাকীও সৃষ্টি কৰিলে। উদ্বৃত্ত সম্পদৰ গৰাকীসকলে কিছু আজৰি সময় লাভ কৰাত নিত্য নৈমত্তিক প্ৰাকৃতিক পৰিঘটনাবোৰৰ উৎস সম্পৰ্কে চিন্তা-চৰ্চা কৰিছিল। তেওঁলোকে প্ৰণালীবদ্ধভাবে আৰু যুক্তিসহকাৰে চিন্তা-চৰ্চা কৰিব নাজানিেলও কল্পনাৰ সহায়ত বা সীমিত অভিজ্ঞতাৰপৰা আহৰিত ধ্যান-ধাৰণাৰদ্বাৰা ‘বিশ্বপিতা’ বা ‘সৰ্বদ্ৰষ্টা’ বা ‘সৰ্ব শক্তিমান’ৰ সূত্ৰটো উদ্ভাৱন কৰিছিল। তেওঁলোকে অন্যান্য মানুহক বুজাইছিল যে ‘বিশ্বপিতা’ক পূজা-পাতল দি সন্তুষ্ট কৰি ৰাখিব পাৰিলে সকলোৱে নিৰাপদে আৰু নিশ্চিন্তমনে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে ‘বিশ্বপিতা’ৰ ধাৰণা বিশ্বৰ প্ৰায়বোৰ ধৰ্মৰেই মূল আধাৰ আৰু তেনে ধাৰণাৰ প্ৰতিষ্ঠাপকসকল অৰ্থাৎ উদ্বৃত্ত সম্পদৰ গৰাকীসকল কালক্ৰমত সমাজ প্ৰধান বা পুৰোহিত ৰূপে স্বীকৃত হৈছিল।
মানৱ সভ্যতাৰ আদি স্তৰত ধৰ্মীয় ৰীতি-নীতিবোৰৰ ব্যৱহাৰিক উপকাৰিতা নথকা নহয়। সমাজ এখন শৃংখলাবদ্ধভাবে পৰিচালনা কৰাৰ ক্ষেত্ৰত ধৰ্মই সহায় কৰিছিল। বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষাত অগ্ৰসৰ আধুনিক সমাজ এখনো ধৰ্মৰ প্ৰভাৱৰপৰা সম্পূৰ্ণ মুক্ত নোহোৱাৰ বাবেই সমাজ বিজ্ঞানীসকলে ধৰ্মক পৰিয়ালৰ দৰেই এক অন্যতম সামাজিক আৰু বিশ্বজনীন সংস্থা বুলি ক’ব বিচাৰে। সমাজ বিজ্ঞানী কিংছলি ডেভিছৰ মতে, ধৰ্ম হ’ল এনে এক সাৰ্বভৌমিক, স্থায়ী আৰু ব্যাপক সামাজিক সংস্থা; যাৰ বিষয়ে নিয়াৰিকৈ বুজিব নোৱাৰিলে মানৱ সমাজৰ পৰিচালন পদ্ধতিসমূহৰ বিষয়ে সম্যক জ্ঞান লাভ কৰা অসম্ভৱ। উল্লেখ্য যে সামাজিক সংস্থা বুলিলে কিছুমান ৰীতি-নীতি, মূল্যবোধ আদিৰ সৈতে সম্পৃক্ত হৈ থকা আৰু সমাজৰ প্ৰয়োজনীয়তাত স্বতঃপ্ৰণোদিতভাৱে গঢ় লৈ উঠা কিছুমান পদ্ধতিকে বুজোৱা হয়। ইপিনে, ইমাইল দুৰখমে ধৰ্মক কিছুমান গভীৰ বিশ্বাসৰ সমষ্টি বুলি কৈছিল; যি কিছুমান বস্তুক পৱিত্ৰ আৰু কিছুমান বস্তুক অপৱিত্ৰ হিচাবে গণ্য কৰে।
কথা হ’ল, মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰাচীন ধৰ্ম বিশ্বাসবোৰ লুপ্ত হ’ব লাগিছিল। কিন্তু, শাসক শ্ৰেণীয়ে সাধাৰণ মানুহক নিয়ন্ত্ৰণ কৰি ৰখাৰ কৌশল হিচাবেই পুৰোহিত, ধৰ্ম প্ৰচাৰক আদিৰ সহায়ত ধৰ্ম বিশ্বাসবোৰ জীয়াই ৰাখিব বিচাৰিছিল। ফেলিক্স গ্ৰীণে কৈছিল যে শ্ৰেণী বিভক্ত সমাজ সৃষ্টি হোৱাৰ লগে লগে ধৰ্ম শোষণৰ মাত্ৰা ঢাকি ৰখা এবিধ শ্ৰেণী অস্ত্ৰলৈ পৰিণত হ’ল। জনসাধাৰণক বিভিন্ন আখ্যান সৃষ্টি কৰি বুজোৱা হ’ল যে ইহজগতৰ কোনো অৰ্থ নাই, মৃত্যুৰ পাছতহে প্ৰকৃত সুখ-আনন্দৰ জীৱন আৰম্ভ হয়। ইহ জগতত মানুহে যিমানেই দুখ-কষ্ট ভোগ কৰিব, পৰজগতত সিমানেই সুখ-সন্তুষ্টিৰে ভৰা জীৱন এটা লাভ কৰিব। বহু ধৰ্মত আকৌ পূৰ্বজন্ম আৰু পৰজন্মৰ ধাৰণাও সৃষ্টি কৰা হৈছিল। পূৰ্বজন্মৰ ফল এই জন্মত আৰু এই জন্মৰ ফল পৰজন্মত ভোগ কৰিব লাগিব বুলি জনসাধাৰণক বুজোৱা হৈছিল।
পৃথিৱীৰ সকলোবোৰ বৃহৎ প্ৰাতিষ্ঠানিক ধৰ্মতেই পাপৰ ধাৰণা পৰিলক্ষিত হয়। ধৰ্মই অনুচিত বুলি নিৰ্দেশ কৰা কোনো কৰ্মত লিপ্ত হোৱাটোৱেই হ’ল ‘পাপ’ আৰু পাপ কৰোঁতাজনেই ‘পাপী’ বা ‘পপীয়া’। শাসক পক্ষৰ সহযোগত পুৰোহিত শ্ৰেণীয়ে ধৰ্ম বিশ্বাসক জীয়াই ৰাখিবলৈ ‘পাপবোধ’গ্ধক শক্তিশালী অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰিছিল। এজন মানুহক এবাৰ পাপবোধ অনুভৱ কৰাব পাৰিলেই অৰ্থাৎ তেওঁৰ মাজত কিবা ভুল আছে বুলি উপলব্ধি কৰাব পাৰিলেই তেওঁৰ ওপৰত মনস্তাত্বিক অধিকাৰ সাব্যস্ত কৰাটো সহজ হৈ পৰিছিল। দেখা যায় যে মানৱ ইতিহাসত শাসক শ্ৰেণীয়ে সাধাৰণ মানুহক পদদলিত কৰি ৰাখিবৰ বাবে পাপবোধ জগাই তোলা কৌশলকে যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে। আজিও শাসক শ্ৰেণীয়ে সাধাৰণ মানুহৰ মাজত ধৰ্মীয় আৱেগ জগাই তুলিবলৈ – তেওঁলোকক পাপবোধ, ৰহস্য আৰু প্ৰৱঞ্চনাৰ মাজত ডুবাই ৰাখিবলৈ কোটি কোটি টকা ব্যয় কৰে। চৰকাৰৰ প্ৰত্যক্ষ বা পৰোক্ষ পৃষ্ঠপোষকতাত প্ৰচাৰ মাধ্যমৰ জৰিয়তে অসংখ্য ধৰ্মীয় অনুষ্ঠান প্ৰচাৰ কৰা হয়; যাতে জনসাধাৰণে বাস্তৱ আৰু কল্পনা, যুক্তি আৰু আৱেগৰ মাজত অৱস্থান কৰি দিকভ্ৰান্ত হৈ পৰে, নিজৰ অস্তিত্বৰ সৰ্ন্দভত অনিশ্চয়তা অনুভৱ কৰিব পাৰে। অথচ ধৰ্মৰ মৌলিক সূত্ৰৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাব বিচৰা যুক্তিবাদী আৰু বিজ্ঞান মনস্ক ব্যক্তিসকলক তেওঁলোকৰ মত প্ৰচাৰৰ সুবিধা প্ৰাতিষ্ঠানিক প্ৰচাৰ মাধ্যমসমূহত দিয়া নহয়।
এইখিনিতে ক’ব পাৰি যে বিভিন্ন ধৰ্মৰ মাজত প্ৰচলিত সৃষ্টিতত্ত্ববোৰে বেচ আমোদৰ খোৰাক যোগায়। পৃথিৱীৰ বহু ধৰ্মীয় বিশ্বাসত উল্লেখ আছে যে কণীৰপৰাই মানুহকে ধৰি অন্যান্য জীৱ-জন্তুৰ সৃষ্টি হৈছিল। প্ৰাচীন টাই আৰু চীনাসকলে বিশ্বাস কৰিছিল যে পৃথিৱীৰ প্ৰথম মানুহজন এটা কণীৰ পৰা জন্ম হৈছিল আৰু জন্মৰ পূৰ্বে কণীটো এহেজাৰ বছৰ উমনি দিয়া হৈছিল। হিন্দুসকলৰ অন্যতম ভগৱান ব্ৰহ্মাৰ অণ্ডটোৱেই বোলে মহাজগতখন। অৰ্থাৎ মহাজগত বা মহা বিশ্বক ব্ৰহ্মাণ্ড (ব্ৰহ্ম + অণ্ড) বুলি কোৱা হয়। ব্ৰহ্মাৰ অণ্ডটোত সাতটা স্তৰ আছে আৰু সেইকেইটাৰে স্বৰ্গ, মৰ্ত্য আৰু পাতাল গঠিত হৈছে। হিন্দুসকলৰ প্ৰায়বোৰ পুৰাণ-উপ পুৰাণতে সৃষ্টি প্ৰকৰণ বিভিন্ন ধৰণে বৰ্ণিত হৈছে। এক বৰ্ণনা অনুসৰি, ব্ৰহ্মাই প্ৰথমতে সনৎকুমাৰ, সনন্দ, সনক, সনাতন আৰু বিভু নামৰ পাঁচ ঋষিক সৃষ্টি কৰিলে। কিন্তু, তাৰ পাছতো প্ৰজাৰ সৃষ্টি নোহোৱাত ব্ৰহ্মাই নিজকে দুভাগত বিভক্ত কৰিলে। তাৰে এক অংশ হ’ল পুৰুষ আৰু আন অংশটো হ’ল নাৰী। তেওঁ পুৰুষৰ নাম মনু আৰু নাৰীৰ নাম শতৰূপা ৰাখিলে। মনু আৰু শতৰূপাই বিবাহপাশত আবদ্ধ হৈ ব্ৰহ্মাক প্ৰশ্ন কৰিলে—‘পিতা, এতিয়া কেনে কৰ্মৰ জৰিয়তে আমি আপোনাৰ যথোচিত সেৱা কৰিম?’ ব্ৰহ্মাৰ উত্তৰ –‘তোমালোকে মৈথুনত লিপ্ত হৈ প্ৰজা উৎপাদন কৰা। মই তাতেই সন্তুষ্ট হ’ম।’ তেতিয়াৰপৰাই যৌন সংগমৰ প্ৰচলন হ’ল বুলি হিন্দুধৰ্মীসকলে বিশ্বাস কৰিছিল।
অন্য এক বৰ্ণনা অনুসৰি, বিষ্ণুৱে অনন্ত শয্যাত শয়ন কৰি থাকোঁতে এদিন মহাজগত সৃষ্টি কৰিবলৈ মন মেলিলে। তেওঁ প্ৰথমে নিজৰ পদ্মনাভিৰ পৰাই ব্ৰহ্মাক সৃষ্টি কৰিলে। বিষ্ণুৱে সৃষ্টিতত্ত্বৰ কথাবোৰ ব্ৰহ্মাক বুজাই দিয়াত ব্ৰহ্মাই মহাজগত সৃষ্টিত মনোনিৱেশ কৰিলে। ব্ৰহ্মাই মহাজগতৰ সৃষ্টিৰ পাছত চাৰি সিদ্ধ সনক, সনন্দ, সনাতন আৰু সনৎ নামৰ এই চাৰি কুমাৰক সৃষ্টি কৰিলে। কিন্তু, তেওঁলোক চাৰিও জন ব্ৰহ্মচাৰী হোৱা বাবে সৃষ্টি আগ নবঢ়াত ব্ৰহ্মাই শিৱক সৃষ্টি কৰিলে। শিৱই সৃষ্টিক আগুৱাই নিবলৈ ভূত, প্ৰেত, দক্ষ আদিক সৃষ্টি কৰিলে। ইপিনে, ব্ৰহ্মাই মানস পুত্ৰ ৰূপে জন্ম দিলে নাৰদক। কিন্তু, নাৰদো ব্ৰহ্মচাৰী হোৱা বাবে শিৱই সৃষ্টি আগবঢ়াই নিবলৈ নিজৰ সোঁ বাহুৰপৰা মনু আৰু বাওঁ বাহুৰপৰা শতৰূপা নামৰ এগৰাকী নাৰীৰ জন্ম দি মানৱ প্ৰজাতিৰ সৃষ্টি কৰিলে।
বিতৰ্কিত শাস্ত্ৰ মনুসংহিতাত উল্লেখ থকা মতে, প্ৰজাপতি ব্ৰহ্মাই জগত ৰক্ষাৰ বাবে নিজৰ মুখ, বাহু, উৰু আৰু ভৰিৰপৰা চাৰিবৰ্ণ অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰক সৃষ্টি কৰিছিল। তেওঁ বোলে চাৰিবৰ্ণৰ বাবে নিৰ্দিষ্ট কৰ্মও নিৰ্ধাৰণ কৰি দিছিল – ব্ৰাহ্মণ জাতিৰ বাবে পঢ়া, যজ্ঞ কৰা, দান লোৱা আদি; ক্ষত্ৰিয় জাতিৰ বাবে প্ৰজাক ৰক্ষা কৰা, যুদ্ধ কৰা, দান দিয়া আদি; বৈশ্য জাতিৰ বাবে বেপাৰ কৰা, পশুপালন কৰা, কৃষিকৰ্ম কৰা, দান দিয়া আদি আৰু শূদ্ৰ জাতিৰ বাবে উল্লিখিত তিনি জাতিৰ যথাযথ পৰিচৰ্যা কৰে আৰু তাৰ জৰিয়তেই জীৱিকা উপাৰ্জন কৰা। কিন্তু, বাস্তৱ সত্যটো হ’ল যে ঋকবৈদিক যুগত বৰ্ণ ব্যৱস্থাও নাছিল, ব্ৰাহ্মণ নামৰ বৰ্ণটোও নাছিল। শ্ৰীপদ বন্দ্যোপাধ্যায়ৰ মতে– ‘The Rg-Vedic Hymns came at the very beginning of humanity, they are the Divine legacy of all human beings, irrespective of any caste, creed, sects, community and also nationality. As when the Vedas were bestowed, the entire humanity constituted one single homogeneous Vedic community speaking in Sanskrit.’’ (Indian Music Through the Ages : 2400 BC To The Present Era, B.R. Pub. Corp., 1985, P.3)
পৃথিৱীৰ অন্যান্য অগ্ৰণী ধৰ্মবোৰৰ সৃষ্টিতত্ত্ববোৰতো এনেধৰণৰ উদ্ভট আৰু অবান্তৰ বৰ্ণনা পোৱা যায়। কুমাৰী মেৰীয়ে কোনো পাপ নকৰাকৈ যীশুক জন্ম দিয়াৰ এক অবাস্তৱিক আৰু অবৈজ্ঞানিক কাহিনী খ্ৰীষ্টান ধৰ্মীসকলে বিশ্বাস কৰে। মেৰীক বোলে ঈশ্বৰৰ স্বৰ্গদূত এজনে কৈছিল–‘চোৱা, তুমি গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীশু ৰাখিবা।’ স্বৰ্গদূতৰ কথা শুনি মেৰীয়ে জনাইছিল–‘মই পুৰুষৰ মুখ দেখা নাই, তেনেস্থলত এনে কথা কেনেকৈ হ’ব পাৰে?’ স্বৰ্গদূতে উত্তৰ দিছিল– ‘এই কাৰ্য ঈশ্বৰে নিজৰ সক্ৰিয় শক্তি অৰ্থাৎ পবিত্ৰ আত্মাৰ দ্বাৰা সফল কৰিব। তুমি মাতৃ হ’বা।’ ৰেড ইণ্ডিয়ানসকলে বিশ্বাস কৰে যে চি আলক কুইন নামৰ বগী দেৱী গৰাকী ‘স্বৰ্গ’ৰপৰা নামি আহিছিল। তেৱোঁ মেৰীৰ দৰে কুমাৰী হৈয়ে থাকি তিনিটা পুত্ৰ সন্তান জন্ম দিছিল।
সি যি নহওক, এই উপ অধ্যায়ত মানৱ সমাজত প্ৰচলিত যাদু বা ধৰ্মকেন্দ্ৰিক লোকাচাৰসমূহৰ সৈতে যৌনতাৰ নিকট সম্পৰ্কৰ বিষয়েহে আলোচনা কৰা হ’ব। লোকাচাৰ আৰু যৌনতাৰ মাজৰ দৈ-চিৰাসদৃশ সম্পৰ্কৰ মূল কাৰণ বংশবৃদ্ধিৰ দুৰ্বাৰ তাড়না আৰু অৰ্থনৈতিক নিৰাপত্তাহে আছিল; বহুতে ভবাৰ দৰে আদিম মানৱৰ অবাধ যৌন স্বাধীনতা বা যৌন বিকৃতি নাছিল। নক’লেও হ’ব যে আদিম যুগত মানুহৰ সংখ্যা আজিৰ তুলনাত তেনেই কম আছিল। কম সংখ্যক সদস্যৰে ভৰা এটা মানৱ গোটৰ বাবে চিকাৰ, কৃষিকৰ্ম, পশুপালন আদি অত্যাৱশ্যকীয় কামবোৰ নিয়াৰিকৈ কৰাত বহু অসুবিধাৰ সৃষ্টি হৈছিল। তাতে বিভিন্ন অচিন ৰোগ আৰু জীৱ-জন্তুৰ আক্ৰমণেৰে ভৰা সমাজখনত মানুহৰ মৃত্যুৰ হাৰো বেছি আছিল। এনেবোৰ কাৰণতে প্ৰতিটো মানৱ গোটে বংশবৃদ্ধিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ বাধ্য হৈছিল।
আদিম মানৱে দৈহিক আৰু মানসিক আনন্দ প্ৰদান কৰা যৌন সম্পৰ্কৰ জৰিয়তে সন্তানো জন্ম হয় বুলি জ্ঞাত হোৱাৰ পাছতেই নাৰীৰ জননাংগ অৰ্থাৎ যোনিক প্ৰতীক ৰূপত পূজা কৰাৰ প্ৰথা আৰম্ভ কৰে। নাৰীয়ে গৰ্ভধাৰণ কৰি যোনি দ্বাৰেৰে সন্তান জন্ম দিছিল বাবেই প্ৰথমাৱস্থাত যোনি পূজা আৰম্ভ হৈছিল। প্ৰাচীন ইজিপ্তত মাতৃতান্ত্ৰিক যুগতেই যোনি সদৃশ কড়িক উৎপাদনৰ প্ৰতীক হিচাবে গণ্য কৰা হৈছিল। ইজিপ্তবাসীয়ে কড়িৰ মাজত যাদু শক্তি থাকে বুলি বিশ্বাস কৰাই নহয়, পাছলৈ কড়িক টকা হিচাবে ব্যৱহাৰ কৰিবলৈ লৈছিল। সময়ৰ গতিত অৰ্থাৎ মাতৃতান্ত্ৰিক যুগৰ অৱসানৰ পাছত যোনি পূজাৰ দৰে লিংগ পূজাও আৰম্ভ হয়। মূলতঃ উৰ্বৰতাকেন্দ্ৰিক যাদু বিশ্বাসৰ ফলতে মানুহৰ জননাংগ পূজাৰ প্ৰথা বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰচলন আৰু প্ৰসাৰ হৈছিল।
ভাৰততো লিংগ আৰু যোনি পূজাৰ প্ৰচলন অতীজৰপৰাই হৈ আহিছে। হিন্দুসকলৰ মাজত শিৱ লিংগ যোনিৰ সৈতে যুক্ত অৱস্থাত পূজিত হয়। হিন্দুসকলে শিৱ অৰ্থাৎ লিংগ আৰু শক্তি অৰ্থাৎ যোনি মিলিত হৈ সৃষ্টিৰ সূচনা হয় বুলি বিশ্বাস কৰে। অসমতো জননাংগৰ পূজা-অৰ্চনা প্ৰচলিত হৈ আহিছে। ‘গুৱাহাটীৰ কামাখ্যা মন্দিৰত পূজা দিয়াৰ উদ্দেশ্যে আজিও শ শ লোকৰ সমাগম হয়। কিন্তু কামাখ্যাত কোনো মূৰ্তি নাই, ইয়াৰ বেদীত যোনি আকৃতিৰ মাথোন এটুকুৰা শিলহে আছে; তাৰ ফাঁকেদি পানী নিগৰি থাকে। শিৱসাগৰৰ শিৱদৌলটোত যি বিগ্ৰহ আছে তাৰ বৈশিষ্ট্য হ’ল, একেছটা শিলতে লিঙ্গ আৰু যোনিৰ অৱস্থান। দেৱীৰ পূজা-পাতল আদিতো প্ৰজনন ক্ৰিয়াৰ আভাস মুকলিকৈ পোৱা যায়।’ (বৰ্মন, শিৱনাথ : লোককৃষ্টিৰ উৎস, পৃঃ ২৪)
লোককৃষ্টিৰ উৎস গ্ৰন্থত বৰ্মনে আকৌ দেখুৱাইছে যে তান্ত্ৰিক পূজাবোৰত ব্যৱহৃত পদুম ফুল আৰু ত্ৰিভূজ আকৃতিৰ মণ্ডলবোৰ নাৰীৰ জননাংগৰ প্ৰতীক, দুৰ্গা পূজাত ব্যৱহৃত পূৰ্ণঘটটো নাৰীগৰ্ভৰ প্ৰতীক। আন একাংশ পণ্ডিত-গৱেষকে বেলপাত, অশোক ফুল, ত্ৰিশূল আদিকো যৌনাংগৰ প্ৰতীক বুলি ধাৰণা কৰে। এই ছেগতে কোৱা যুগুত হ’ব, তান্ত্ৰিকতা ভাৰতীয় ধৰ্মাচৰণ পদ্ধতিৰ এক অতি গুৰুত্বপূৰ্ণ উপ-শাখা। ব্যাপক অৰ্থত অনুষ্ঠানগত আৰু কেতিয়াবা যাদুমাত্ৰিক চৰিত্ৰবিশিষ্ট– যেনে মন্ত্ৰ, যন্ত্ৰ, চক্ৰ, মুদ্ৰা, ন্যাস আদিৰ চৰ্চাই তন্ত্ৰবিদ্যাক সামৰি লয়। হিন্দু আৰু বৌদ্ধ ধৰ্মৰ অনুগামী একশ্ৰেণী মানুহে আধ্যাত্মিক বন্ধন-মুক্তি আৰু যাদুবিদ্যাশ্ৰয়ী কেতবোৰ লক্ষ্য সাধন কৰাৰ বাবে তান্ত্ৰিক সাধনাক এক মাৰ্গ হিচাবে গ্ৰহণ কৰাৰ দৃষ্টান্ত ভাৰতীয় ইতিহাসত তেনেই সুলভ। অৱশ্যে, হিন্দু আৰু বৌদ্ধ তান্ত্ৰিকতাৰ ভিতৰত কোনটো প্ৰথমে গঢ় লৈ উঠিছিল, সেইটো নিশ্চিতভাৱে কোৱা কঠিন।
যোগিনীতন্ত্ৰত অসমৰ বিভিন্ন স্থানত এক কোটিতকৈ অধিক শিৱলিংগ আছে বুলি উল্লেখ পোৱা যায়। অসমত ইমান সংখ্যক শিৱলিংগ আছে নে নাই, সেয়া নিশ্চিতভাবে ক’ব নোৱাৰি যদিও ৰাজ্যখনত প্ৰাচীন কালৰপৰাই শিৱলিংগ পূজাৰ প্ৰচলন হৈ আহিছে। কেৱল অসম বা ভাৰততে নহয়; প্ৰাচীন ইজিপ্ত, এছিৰীয়, আফ্ৰিকা, ৰোম, গ্ৰীচ আদি ঠাইতো জাকজমকতাৰে লিংগ পূজা কৰা হৈছিল। প্ৰাচীন ৰোমান পুৰুষসকলে পুৰুষত্ব বৃদ্ধিৰ লক্ষ্যৰে সৰু সৰু লিংগ মূৰ্তি তাবিজ হিচাবে ডিঙিত পিন্ধিছিল আৰু নাৰীসকলে সোনকালে গৰ্ভৱতী হোৱাৰ আশাৰে বিয়াৰ সময়ত লিংগ মূৰ্তিৰ ওপৰত বহিছিল। ৰোমানসকলৰ ‘লিবাৰেলীয়া’ উৎসৱত এটা বৃহৎ লিংগক এখন ৰথত তুলি লৈ সমদল কৰা হৈছিল আৰু নাৰীসকলে লিংগটোত সভক্তিৰে ফুলৰ মালা পিন্ধাইছিল।
নাৰী-পুৰুষৰ লিংগ আৰু যোনিৰ প্ৰতীক পূজা-অৰ্চনাই মানৱ সমাজত দীৰ্ঘদিনলৈ সমাদৰ লাভ কৰি আছিল। কিন্তু, ‘ক্ৰমাৎ পুৰুষতান্ত্ৰিক বোধ বিস্তাৰৰ লগে লগে সমাজমননৰ স্ৰোতো সলনি হৈছিল। তেতিয়া এনে ধাৰণা আহিছিল যে নতুন প্ৰাণৰ জন্মত পুৰুষৰ শুক্ৰৰেই মুখ্য ভূমিকা, তাৰ সক্ৰিয়তাতহে নতুন প্ৰাণৰ সঞ্চাৰ হোৱাটো সম্ভৱ। অৰ্থাৎ, পুৰুষৰ অণ্ডকোষেই (testis) হ’ল প্ৰাণসৃষ্টিৰ মূল আধাৰ, কিয়নো তাৰ ভিতৰতেই সঞ্চিত হৈ থাকে সৃষ্টিৰ বীজ শুক্ৰকোষ (sperm cells)। সৃষ্টি-বিস্ময়ত মোহাৱিষ্ট মানুহৰ এই নতুন চিন্তাৰপৰাই অণ্ডকোষৰ প্ৰতীক ডিম্বাকৃতি শিলাক পূজা কৰা ৰীতিৰ প্ৰচলন হৈছিল বুলি ধাৰণা কৰা হয়। পুৰণা সাহিত্যত (ব্ৰহ্মবৈৱৰ্ত পুৰাণ আদিত) পূজা প্ৰকৰণ উৎসধাৰাবোৰ নিৰপেক্ষ আৰু স্বচ্ছমনেৰে বিচাৰ কৰিলে এই বক্তব্যৰ সমৰ্থন পোৱা যাব।’ ( ঠাকুৰ, শ্ৰীকৃষ্ণচৈতন্য/বন্দ্যোপাধ্যায়, অশোক (অনুবাদ : দাস, কৌশিক) : শালগ্ৰাম-শিলাৰ বিজ্ঞান-ৰহস্য, যুক্তিৰ পোহৰত সমাজ, (সম্পা. চৌধুৰী, প্ৰসেনজিৎ/ দেউৰী, ইন্দিবৰ), অসম পাবলিচিং কোম্পানী, প্ৰথম প্ৰকাশ, ২০১৪ চন, পৃঃ ১৮৭-১৮৮)
হিন্দুৰ তান্ত্ৰিক আচাৰৰ মূল উপাদান আছিল পঞ্চ ম-কাৰ– মদ্য, মাংস, মৎস্য, মুদ্ৰা আৰু মৈথুন। সাধাৰণ দৃষ্টিত অশ্লীল যেন লগা এই আচাৰসমূহক পৰম পৱিত্ৰ বুলি গণ্য কৰা হৈছিল। দেৱীৰূপে প্ৰতিভাত আৰু পূৰ্বৰেপৰা ৰতি বাসনাৰে আলোড়িত এগৰাকী নাৰীৰ সৈতে যৌনকৰ্ম কৰাটোৱেই কেন্দ্ৰীয় তান্ত্ৰিক সাধনা আছিল। যোগিনীতন্ত্ৰত মৈথুন সম্পৰ্কত কোৱা হৈছে – ‘মাতৃযোনিং পৰিতাজ্য মৈথুনং সৰ্ৱযোনিযু’।ইপিনে, বৃহদ্ধৰ্মপুৰাণ নামৰ উপ পুৰাণখনত কোৱা হৈছে–‘যোনি সাক্ষাৎ ভগৱতী লিঙ্গাং সাক্ষাদ্ মহেশ্বৰঃ।যতথাস্তু পূজনেন স্যাৎ সৰ্বদৈৱত পূজনম্।।’ উল্লেখ্য যে ইয়াৰ ‘ভগৱতী’ শব্দৰ বুৎপত্তিগত অৰ্থ ভগসম্পন্না নাৰী, সংস্কৃতত ‘ভগ’ শব্দই যোনি আৰু সম্পত্তি দুয়োটাকে বুজায়।
ডঃ প্ৰেম ছাৰণে কৈছে যে তান্ত্ৰিকসকলে পৰম্পৰাগতভাৱে আচৰণ কৰি অহা যোগতান্ত্ৰিক কলা-কৌশলবোৰেই সাধাৰণতে প্ৰয়োগ কৰে। ‘এইবোৰ হ’ল প্ৰাণায়াম, ন্যাস, মন্ত্ৰ আৰু কুণ্ডলিনী বা লয়-যোগ, কিন্তু এইবোৰ কৰোঁতে শাস্ত্ৰসন্মত ক্ৰিয়াকাণ্ডই সমৰ্থন কৰা যৌনমিলনৰ লগত মিল ৰাখিহে কৰে। এই যৌনমিলন সম্পন্ন কৰিব পাৰি প্ৰকৃত বাস্তৱত কৰাৰ দৰে দেহগতভাৱে নতুবা অনুমানসিদ্ধ দৃষ্টিচিত্ৰৰ মাজতো, ইয়াক আত্মগত কৰি ল’ব পাৰি। প্ৰথমটোক ‘বামাচাৰ’ (Vamachara) আৰু দ্বিতীয়টোক ‘দক্ষিণাচাৰ’ (Dakshinachara) বুলি অভিহিত কৰা হয়। … যদিও তন্ত্ৰৰ এই দুটাই পদ্ধতি, যাক তথাকথিতভাৱে ‘বাওঁ’ আৰু ‘সোঁ’-হতীয়া তান্ত্ৰিক আচৰণ বুলি কোৱা হয়, তথাপি মূল উদ্দেশ্যগতভাৱে দুয়োটা কিন্তু অভিন্ন–অন্ততঃ গূঢ় ৰহস্যকেন্দ্ৰিক নাৰী সহবাসৰ সাফল্যৰ বাবে উদ্দীপনাময় অনুভূতিৰ জাগৰণৰ বেলিকা দুয়োটা পদ্ধতি একেই। এই গোটেই বিষয়টোৱেই হৈছে অত্যন্ত ‘আভ্যন্তৰিক’ আৰু ইয়াৰ লগত জড়িত হৈ আছে স্বাভাৱিকভাৱে অৰ্জন কৰিব পৰা ‘জ্ঞান’ৰ এক পৰীক্ষামূলক অৱস্থা। … আকৌ বামাচাৰী তান্ত্ৰিক ধাৰাৰ নিৰ্দেশনা-নিৰ্বন্ধন মতে বৌদ্ধ পুৰুষ তান্ত্ৰিকসকলে ‘বীৰ্য’ (seed) সংৰক্ষণ কৰি থয়; কিন্তু হিন্দু তান্ত্ৰিকসকলে যোনিঅগ্নি-আহুতিৰ বাবে বীৰ্য পতন ঘটোৱাটোক এটা ‘বাধ্যতা’ (obligation) বা অতি প্ৰয়োজনীয় কাম বুলি গণ্য কৰে।’ (তন্ত্ৰ : ভাৰতীয় সংস্কৃতিত ভোগবাদ, (অনু. শৰ্মা, ডঃ ভূপেন), অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ, ২০১০ চন, পৃঃ ৭-৮)
সি যি নহওক, আধুনিক শিল্প প্ৰধান যুগ আৰম্ভ হোৱাৰ আগলৈকে কৃষিয়েই মানুহৰ জীৱন ধাৰণৰ একমাত্ৰ অৱলম্বন আছিল (এতিয়াও কৃষিয়েই বিশ্বৰ বেছিসংখ্যক মানুহৰ জীৱন ধাৰণৰ মূল অৱলম্বন) আৰু কৃষিক আধাৰ কৰিয়েই মানৱ সমাজৰ সংস্কৃতি ধীৰে ধীৰে গঢ় লৈ উঠিছিল। উল্লেখ্য যে সংস্কৃতিৰ সমাৰ্থক কৃষি শব্দটো সংস্কৃতৰ ‘কৃষ্’ ধাতুৰপৰা উদ্ভৱ হৈছে। ‘কৃষ্’ৰ অৰ্থ হ’ল খেতি কৰা। ইপিনে, ইংৰাজী culture শব্দটো লেটিন ভাষাৰ cultura শব্দৰপৰা আহিছে। ইয়াৰ অৰ্থও খেতি কৰাই হয়। কৃষিৰ সৈতে সংস্কৃতি জড়িত হৈ থকাৰ দৰে কৃষিপদ্ধতি¸ ঐন্দ্ৰিজালিকভাৱে যৌনতাৰ লগত জড়িত হৈ আছিল।
কৃষি পদ্ধতিৰ সৈতে নাৰী সম্পৰ্কীয় কথাবোৰ বিশেষভাৱে জড়িত। ইয়াৰ কাৰণ হ’ল, আদিম মাতৃতান্ত্ৰিক সমাজেই পৃথিৱীত প্ৰথম কৃষিকৰ্মৰ উদ্ভাৱন কৰিছিল। পুৰুষসকল চিকাৰ, যুদ্ধ আদি কামত ব্যস্ত হৈ থকাৰ সময়ত নাৰীসকলে শস্য উৎপাদন কৰিছিল। নাৰীসকলে বিশ্বাস কৰিছিল যে তেওঁলোকে যেনেকৈ সন্তান জন্ম দিব পাৰে, তেনেকৈ পৃথিৱীখনেও তৰু-তৃণ, গছ-গছনি আদি জন্ম দিব পাৰে। নাৰীৰ দৰে পৃথিৱীও এগৰাকী মাতৃ। পৃথিৱীৰ বুকুৰপৰা অধিক শস্য উৎপাদন কৰিবলৈ হ’লে পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিব লাগিব। উৰ্বৰা শক্তি আকৌ এনেই বৃদ্ধি নহ’ব, পৃথিৱীক সন্তুষ্ট কৰি ল’ব লাগিব। নাৰীসকলে পৃথিৱীক সন্তুষ্ট কৰাৰ লক্ষ্যৰেই শস্যৰ বীজ সিঁচাৰ আগে আগে বা বীজ সিঁচাৰ সময়তে বিভিন্ন নাম-গুণ গাই নাচ-বাগ, পূজা-পাতল, যৌন সম্ভোগ আদি কৰিছিল। ফ্ৰেজাৰৰ মতে, এনেধৰণৰ বিশ্বাসেই হ’ল অনুকৰণমূলক যাদু বিশ্বাস।
কৃষি সম্পৰ্কীয় এনেধৰণৰ বিশ্বাসৰ পটভূমিতে বিশ্বৰ প্ৰান্তে প্ৰান্তে বিভিন্ন লোককৃষ্টি বা লোকসংস্কৃতিৰ উদ্ভৱ হৈছিল। ৰবাৰ্ট ব্ৰীফল্টে ‘Sex in civilization (Havelock, 1st published,1929)’ ৰচনাখনত বিভিন্ন উদাহৰণসহ দেখুৱাইছে যে বিশ্বৰ প্ৰায়বোৰ দেশৰ সকলো যুগতে প্ৰচলিত কৃষিকেন্দ্ৰিক উৎসৱসমূহত নৰ-নাৰীৰ অবাধ যৌন স্বাধীনতা আছিল। উৎসৱ সমূহত নৰ-নাৰীয়ে সামাজিক ৰাতি-নীতিক একাষৰীয়াকৈ থৈ মুক্ত যৌনাচাৰত লিপ্ত হৈছিল। তেনে এটি উদাহৰণ হ’ল, আলজেৰিয়াৰ কৃষক সমাজে নাৰীৰ যৌন স্বাধীনতাৰ ওপৰত বাধা-নিষেধ জাপি দিয়াটো বিচৰা নাছিল। তেওঁলোকে বাধা-নিষেধ জাপি দিয়া মানেই কৃষি কৰ্মৰ সফলতাত প্ৰতিবন্ধকতা সৃষ্টি কৰা বুলি ভাবিছিল।
এই ছেগতে কৃষি উৎসৱৰ সৈতে জড়িত যৌনতামূলক ৰীতি-নীতিৰ আৰু দুটিমান উদাহৰণ দাঙি ধৰিব পাৰি। মধ্য আমেৰিকাৰ পিপিলিৰাত শস্য সিঁচাৰ আগ নিশা কৃষকসকলে তেওঁলোকৰ পত্নীৰ সৈতে মুকলি পথাৰতে যৌন সম্ভোগত লিপ্ত হৈছিল। জাভাৰ কোনো কোনো অঞ্চলতো শস্য উৎপাদন বৃদ্ধি কৰিবলৈ পতি-পত্নীয়ে পথাৰত একেলগে শয়ন কৰিছিল। অষ্ট্ৰেলিয়া আৰু নিউগিনিৰ দ্বীপপুঞ্জৰ বাসিন্দাসকলে সূৰ্যক পুৰুষ আৰু পৃথিৱীক নাৰী বুলি ভাবিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে বছৰৰ এক নিৰ্দিষ্ট সময়ত পৃথিৱীক গৰ্ভৱতী কৰি তোলাৰ উদ্দেশ্যে সূৰ্য আকাশৰপৰা নামি আহে আৰু পৃথিৱীৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হয়। সেই সময়ছোৱাত ভূমিপুত্ৰসকলো যৌন মিলনত প্ৰবৃত্ত হৈছিল। মধ্য আফ্ৰিকাৰ কিছুমান জাতিয়েও নৰ-নাৰীৰ যৌন মিলনৰ সৈতে পৃথিৱীৰ উৰ্বৰতাৰ সম্পৰ্ক আছে বুলি বিশ্বাস কৰিছিল। তেওঁলোকে শস্য উৎপাদনত ব্যাঘাত জন্মাব বুলি ভাবি বন্ধ্যা নাৰীক খেতি পথাৰলৈ যাবলৈ নিদিছিল।
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসমূহৰ মাজতো কৃষিৰ সৈতে সম্পৰ্কিত বহু ঐন্দ্ৰিজালিক আচাৰ-অনুষ্ঠান পৰিলক্ষিত হয়। আংগামিসকলৰ চক্ৰেনিয়া, আপাটানিসকলৰ মলকো, গাৰোসকলৰ ৱাংগালা, বড়োসকলৰ বৈশাগু, মিচিংসকলৰ আলি-আই-লিগাং, ৰাভাসকলৰ বায়খু, ডিমাচাসকলৰ বুছু বা বিষু, তিৱাসকলৰ ছ’ক্ৰা-মিছৱা আৰু কুৰতিৱা, জয়ন্তীয়াসকলৰ লাহো, কুকিসকলৰ এৰেম আদি এনেধৰণৰ উৎসৱ। অসমত উলহ-মালহেৰে পালন হোৱা বিহু উৎসৱৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। অসমলৈ সময়ে সময়ে প্ৰব্ৰজিত হৈ অহা বিভিন্ন জনগোষ্ঠীৰ উমৈহতীয়া উৎসৱ বিহুৰ মূল উদ্দেশ্য পৃথিৱীৰ উৎপাদিকা শক্তি বৃদ্ধি কৰাটোৱেই আছিল। পৃথিৱীক গৰ্ভৱতী কৰি তোলাৰ লক্ষ্যৰেই সৃষ্টি কৰা হৈছিল বিহুনাম আৰু বিহুনাচ।
খৰাং বা ডাৱৰীয়া বতৰ প্ৰয়োজনতকৈ দীঘলীয়া হ’লে শস্য উৎপাদন নহয়। আদিম মানৱ সমাজবোৰে খৰাং বতৰ দীঘলীয়া হ’লে পৃথিৱীলৈ বৰষুণ নমাই আনিবলৈ বা ডাৱৰীয়া বতৰ দীঘলীয়া হ’লে বৰষুণ বন্ধ কৰিবলৈ যাদুৰ আশ্ৰয় লৈছিল। খৰাং বতৰত ভেকুলী বিয়া পতাৰ নিয়ম অসমকে ধৰি ভাৰতৰ বিভিন্ন অঞ্চলত এতিয়াও প্ৰচলিত হৈ আছে। উল্লেখ্য যে ভেকুলী বিয়াৰ সৈতে ইন্দ্ৰ দেৱতা সাঙোৰ খাই আছে। ইন্দ্ৰ দেৱতাই বৰষুণ দিয়ে আৰু ভেকুলীয়ে টোৰ্টোৰালেও বৰষুণ দিয়ে। সেইবাবে প্ৰাচীন ভাৰতীয় লোকসকলে ইন্দ্ৰ আৰু ভেকুলীৰ মাজত এক সম্পৰ্ক বিচাৰি পাইছিল। অসমৰ ভেকুলী বিয়াত গোৱা হয়–‘উজনি ৰাজ্যতে বজায় ঢাকে-ঢোল/বজায় দেৱীদ’লত ডবা; /আপোনাৰ ৰাজ্যলৈ যোৱাগৈ ভেকুলী/ৰাইজক পানী কৰি দিয়া।’ অসমৰ গোৱালপাৰা জিলাত বৰষুণ নমাই আনিবৰ বাবে গাভৰু ছোৱালীয়ে হুদুম দেৱতাৰ সন্মুখত নগ্ন হৈ নৃত্য কৰিছিল। জাৰ্মান দেশতো বতৰ খৰাং হ’লে এজনী যুৱতীক উলংগ কৰি আলি-দোমোজাবোৰত ৰাজহুৱাভাৱে স্নান কৰোৱাৰ নিয়ম আছিল।
প্ৰাচীন ৰোমত উদ্যাপিত হোৱা লুপাৰ্ছালিয়া নামৰ উৎসৱটোত নাৰীসকলে নগ্ন হৈ দৌৰিব লাগিছিল আৰু পুৰুষসকলে তেওঁলোকৰ পিছে পিছে দৌৰি গৈ উদং নিতম্বত প্ৰহাৰ কৰিছিল। নাৰীসকলৰ নগ্ন নিতম্বত প্ৰহাৰ কৰিলে তেওঁলোকৰ গৰ্ভধাৰণ ক্ষমতা বৃদ্ধি পাই বুলি বিশ্বাস কৰা হৈছিল। ৰোম সভ্যতাৰ পতনৰ পাছতো ইউৰোপ মহাদেশৰ কিছুমান আদিবাসী সমাজত এই উৎসৱটো প্ৰচলন হৈ আছিল। এই লোকবিশ্বাসটোৰ উৎপত্তিৰ আঁৰত সম্ভৱতঃ আদিম নাৰীয়ে জীৱ-জন্তু বা শত্ৰুৰ ভয়ত দৌৰি পলায়ন কৰা পৰিঘটনাটো জড়িত আছিল। উল্লেখ্য যে ৰেড ইণ্ডিয়ান অধ্যুষিত অৰিনকো নামৰ এক অঞ্চলত নাৰীসকলেহে পথাৰত ভূঁই ৰোৱে। নাৰীৰ সন্তান জন্ম দিয়াৰ ক্ষমতা আছে বাবে নাৰীয়ে ভূঁই ৰুলেহে শস্য লহ-পহকৈ বাঢ়ি আহে বুলি বিশ্বাস কৰা হয়। অসমৰ সমাজ জীৱনতো একেই পৰম্পৰা প্ৰচলন হৈ আহিছে। অসমত ভূঁই ৰোৱা আৰু শস্য চপোৱা কামটো মূলতঃ নাৰীয়েই কৰে। ইপিনে, নাৰীক নাঙল চুবলৈ দিয়া নহয়। নাঙলক পুৰুষাংগৰ প্ৰতীক বুলি ভবা হয় বাবেই নাৰীয়ে হাল বালে শস্য উৎপাদন নহ’ব বুলি বিশ্বাস কৰা হয়। হালো আকৌ গৰুৰেহে বোৱা হয়, গাইৰে নহয়। কিয়নো, গৰুৰহে বীৰ্যদানৰ ক্ষমতা আছে।
পোলেণ্ডত এগৰাকী প্ৰৌঢ়া নাৰীয়ে নৱ বিৱাহিতা নাৰীক দেৱদাৰু সদৃশ ফাৰ্ নামৰ গছজোপাৰ কাঠৰে সাজি উলিওৱা শলা এডালেৰে ফুলশয্যালৈ ঠেলি নিয়ে। দৌলাকৃতিৰ উৰ্ধমুখী ফাৰ গছজোপাক পুৰুষ যৌনাংগৰ প্ৰতীক বুলি ভৱা হয় বাবেই ফাৰ্ কাঠৰ শলাৰে নৱ বিবাহিতা গৰাকীক ফুলশয্যালৈ ঠেলি নিয়া হয়। উল্লেখ্য যে জাপানতো এই ফাৰ্ গছজোপাক পুৰুষ আৰু নৰা বগৰী গছ জোপাক নাৰীৰ প্ৰতীক হিচাবে গণ্য কৰা হয়। এসময়ত জাৰ্মানসকলে আনুষ্ঠানিকভাবে ধৰ্ম গ্ৰহণ কৰোঁতে ল’ৰাৰ বাবে এজোপা ‘পুৰুষ গছ’ আৰু ছোৱালীৰ বাবে এজোপা ‘নাৰী গছ’ ৰুইছিল। আনুমানিক ত্ৰয়োদশ শতিকাত পুৰুষ গছ হিচাবে নাচপতি গছ আৰু নাৰী গছ হিচাবে আপেল গছ ৰোৱা হৈছিল। সেই গছ দুজোপাৰ গঠন-বাঢ়নৰ ওপৰত সংশ্লিষ্ট ল’ৰা-ছোৱালী দুটিৰ গঠন-বাঢ়ন নিৰ্ভৰ কৰে বুলি বিশ্বাস কৰিছিল। উল্লেখ্য যে প্ৰাচীন গ্ৰীচ আৰু ৰোমতো গুটি ধৰা গছক ‘নাৰী গছ’ বুলি ভবা হৈছিল। অসমতো ফল নলগা অমিতা বা অন্য গছক মতা গছ বুলি কোৱা হয়।
আদিম মানৱে গছত আত্মা থাকে বুলি বিশ্বাস কৰিছিল। বিভিন্ন প্ৰাচীন সভ্যতাত গছক মানুহ ৰূপে কল্পনা কৰি ভয়-ভক্তিৰে পূজা কৰা হৈছিল। প্ৰাচীন গ্ৰীচৰ ঘাঁহনি অঞ্চল আৰ্কাদিয়াত এশাৰী ছাইপ্ৰেছ গছক পূজা কৰা হৈছিল। সেই গছবোৰত কুমাৰী দেৱীসকল বসবাস কৰে বুলি বিশ্বাস কৰা হৈছিল। এতিয়াও গছ পূজাৰ পৰম্পৰা কিছুমান সমাজত দেখা যায়। উদাহৰণস্বৰূপে, বেভাৰিয়াত বাৰ্চ গছ (betula alba)ক নাৰী হিচাবে গণ্য কৰাৰ লগতে বেভাৰিয়ানসকলে সদ্যজাত কন্যা সন্তানক বাৰ্চ গছৰ কাঠৰ চৰিয়াত গা ধুৱায়। তেওঁলোকে বিশ্বাস কৰে যে তেনেদৰে গা ধুৱালেহে কন্যা সন্তানে গাভৰু হৈ পুৰুষক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সম্ভৱতঃ প্ৰাচীন কালত বেভাৰিয়াৰ গৰ্ভৱতী নাৰীসকলে বাৰ্চ গছৰ ধোন্দ বা তলত আশ্ৰয় লৈছিল আৰু তাতেই সন্তান জন্ম দিছিল। তেনে কাৰণতেই পৰৱৰ্তী সময়ত বেভাৰিয়ানসকলে মানৱ সন্তান বাৰ্চ গছৰপৰা জন্ম হয় বুলি বিশ্বাস কৰিছিল।
সি যি নহওক, আধুনিক গৱেষণাৰ ক্ষেত্ৰখনত মনঃসমীক্ষণ পদ্ধতিৰ উদ্ভৱ আৰু বিকাশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা মনোবিজ্ঞানী ছিগমন্দ ফ্ৰয়েড কৈছিল যে ‘মানৱ মন (psyche) তিনিটা উপাদানৰ সমষ্টি : মূল প্ৰবৃত্যাত্মক প্ৰেৰণা (Id), অস্মিতা (Ego) আৰু অত্যহং (Super-ego)। Id হ’ল মানৱ মনৰ আদিম অৱস্থা আৰু মানৱ মনৰ আদিম অৱস্থাক ফ্ৰয়ড-এ আদিম সমাজৰ সৈতে তুলনা কৰিছে। আদিম সমাজ বা সংস্কৃতিত মানৱ প্ৰায় জন্তুৰ দৰে বাস কৰিছিল। এই সময়ত তেওঁলোকৰ অৱস্থা আছিল ইড (Id) প্ৰভাৱান্বিত শিশুৰ দৰে। সংস্কৃতি বিৱৰ্ধিত হোৱাৰ লগে লগে অত্যহঙৰ (Super-ego) দাবী বাঢ়ি গ’ল; কিন্তু মানৱ মনত, সমাজৰ মনত ইড (Id) আৰু অস্মিতাৰ (Ego) জটিলতা আৰু সমস্যাৰ বীজ থাকি গ’ল। এই জটিলতা আৰু সমস্যাৰ আধাৰত ধৰ্মীয় কৃত্য, পুৰাণ কথা আদিৰ বিকাশ হ’ল।’ (শৰ্মা, নবীন চন্দ্ৰ : অসমৰ পৰম্পৰাগত বাচিক কথা : ৰূপ-বৰ্ণ-সৌৰভ আৰু অধ্যয়ন পদ্ধতি; টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান, প্ৰথম প্ৰকাশ, ২০০৫ চন, পৃঃ ৯৪)
ফ্ৰয়ডে আকৌ কৈছিল যে ৰূপকথা, লোকশ্ৰুতি, সাধুকথা আদি যৌন প্ৰতীকৰ বাদে আন একো নহয়। সাধুকথাত সাপ, বাঁহ, কল, গাজৰ, ছুৰী, হাতুৰী, ঢেকী থোৰা আদিক পুৰুষ লিংগৰ প্ৰতীকী অৰ্থত আৰু গুহা, চুঙা, পেটাৰী, ফুল আদিক স্ত্ৰী লিংগৰ প্ৰতীকী অৰ্থত প্ৰয়োগ কৰা হৈছিল। নৃত্য কৰা, ঘোঁৰাত উঠা, গছত উঠা, জুই জ্বলোৱা, আকাশত উৰা আদিৰ সপোন দেখা অথবা সাধুকথাত এইবোৰ বৰ্ণিত হোৱাৰ আঁৰতো যৌন চেতনাই ক্ৰিয়া কৰি আহিছে। ক’বলৈ গ’লে, আদিম বা প্ৰাচীন মানুহৰ অন্তহীন জিজ্ঞাসা আৰু কল্পনাৰ আধাৰত সৃষ্ট ৰূপকথা, লোকশ্ৰুতি, সাধুকথা আদিত দূৰ অতীতৰ সমাজ জীৱনৰ একোখন চিত্ৰই প্ৰচ্ছন্ন হৈ থকা নাই; প্ৰচ্ছন্ন হৈ আছে নৰ-নাৰীৰ গোপন যৌন জীৱনৰ চিত্ৰও। প্ৰতিটো ৰূপকথা বা সাধুকথাৰে মনঃসমীক্ষাত্মক তাৎপৰ্য আছে। সেই তাৎপৰ্য থকা বাবেই ৰূপকথা বা সাধুকথাবোৰে সকলো যুগৰে আৰু সকলো সমাজৰে মানুহক মুগ্ধ কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰি থকিব।
অন্যান্য সমল উৎস :
গ্ৰন্থঃ
অসমীয়া–
১. গগৈ, ডঃ লীলা : অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা, বনলতা, ডিব্ৰুগড়, ২০১১
২. চৌধুৰী, প্ৰসেনজিৎ/দেউৰী, ইন্দিবৰ (সম্পা.): যুক্তিৰ পোহৰত সমাজ, অসম পাবলিচিং কোম্পানী, গুৱাহাটী, ২০১৪
৩. ছাৰণ, ড: প্ৰেম (অনু. – শৰ্মা, ড: ভূপেন) : তন্ত্ৰ : ভাৰতীয় সংস্কৃতিত ভোগবাদ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০১০
৪. বৰা, ডঃ স্বপ্না : ধৰ্ম আৰু চতুৰ্বৰ্ণ (মনুসংহিতাৰ আধাৰত এক অধ্যয়ন), পৃথিৱী প্ৰকাশন, গুৱাহাটী, ২০১৫
ইংৰাজী–
1. Greene, Felix : , Vintage Books, New York, 1971
2. Calverton, V. F. & Schmalhausen, S. D. (ed.) : Sex in civilization, G. Allen & Unwin Limited, 1929
সুন্দৰ