অনুবাদকবিতা

জাৰ্মান যুদ্ধ এখনৰ কুচকাৱাজৰ পৰা (মূল:বাৰ্টল্ট ব্ৰেখট্; অনুবাদ: কিশোৰ কুমাৰ দাস)

মূল: FROM A GERMAN WAR PRIMER

উচ্চপদধাৰী সকলৰ বাবে খাদ্যৰ বিষয়ে হামৰাও কঢ়াটো একেবাৰেই নগণ্য কথা
কথাটো হ’ল: তেওঁলোকে ইতিমধ্যেই পেট পূৰাই খাই লৈছে
ভাল মাংসৰ সোৱাদকণ নোলোৱাকৈয়ে নিৰীহ দৰিদ্ৰসকলে এৰিব লাগিব এইখন পৃথিৱী
ক’ৰ পৰা আহিছিল ক’লৈকেনো যাব এইবোৰ ভাবোতেই সিহঁতৰ সুন্দৰ সন্ধিয়াটো বৰবাদ হ’ব
ইতিমধ্যেই সময়সীমা অতিক্ৰম কৰিছে যদিও এতিয়ালৈকে সিহঁতে দেখা নাই সেই পাহাৰখন আৰু সেই বিখ্যাত সাগৰখন

যদি এই নিৰ্যাতিত সকলেই নাভাবে দৰিদ্ৰতা কি
তেওঁলোকে কেতিয়াও নোৱাৰে উন্নতি কৰিব

ৰুটি আৰু ভোক সকলোবোৰ খাই পেলোৱা হ’ল
মাংস কেনেকুৱা আছিল চিনচাবেই নোহোৱা হ’ল
মানুহৰ দেহৰ নিৰ্গত ঘামৰ এতিয়া কি কাম

ল’ৰেল গছৰ জোপাহাটো কাটি পেলোৱা হ’ল
যুদ্ধৰ সঁজুলি নিৰ্মাণ কৰা কাৰখানাটোৰ পৰা
এতিয়া কেৱল নিৰ্গত হয় ধোঁৱা

ৰঙৰ মিষ্ট্ৰীজনে কয় ভাল সময় আহিব
হাবিখন এতিয়াও বাঢ়ি আছে
পথাৰখনে এতিয়াও শস্যৰ ভাৰ বৈ আছে
এতিয়াও জীয়াই আছে চহৰখন
এতিয়াও উশাহ লৈ আছে মানুহবোৰে

কেলেণ্ডাৰখনত দিনটো এতিয়াও ঠিক হোৱা নাই
উন্মুক্ত হৈ আছে
প্ৰতিটো মাহ, প্ৰতিটো দিন
ইয়াৰেই কোনোবাটো দিন কটা যাব
ক্ৰছ চিহ্ন এটাৰে

শ্ৰমিকসকলে হাহাকাৰ কৰি ফুৰিছে ৰুটিৰ বাবে
বেপাৰীসকলে হাহাকাৰ কৰি ফুৰিছে বজাৰৰ বাবে
নিবনুৱাসকল এতিয়া ভোকত কাতৰ
ভোকত কাতৰ এতিয়া চাকৰিয়াল সকলো

ক্ষন্তেক ৰোৱা হাতবোৰ আকৌ ব্যস্ত হৈ পৰিল
তেওঁলোক ব্যস্ত বোমা নিৰ্মাণত

টেবুলৰ পৰা যিসকলে লৈ গৈছে মাংসবোৰ
তেওঁলোকেই শিকাই সুখ আৰু সুখী হোৱাৰ কলা
যিসকলৰ বাবে অৱদানবোৰ দিয়া হৈছে
তেওঁলোকেই এৰিবলগীয়া হয় সকলো
যিসকলে পেট ভৰাই খাই লৈছে তেওঁলোকেই প্ৰবোধ দিয়ে ভোকাতুৰ সকলক ভাল দিন আহিব
যিসকল শাসকে দেশখন নৰকৰ ফালে লৈ গৈছে সেইসকলেই কয় সাধাৰণ মানুহৰ বাবে দেশ চলোৱাটো বৰ জটিল কাম

যেতিয়া নেতাসকলে শান্তি সমদলৰ কথা কয়
মানুহে বুজে
যুদ্ধ আহিছে
যেতিয়া নেতাসকলে যুদ্ধক শাওপাত দিয়ে
মানুহে বুজে
উচ্ছেদৰ আদেশ ইতিমধ্যেই দিয়া হৈ গৈছে

শীৰ্ষত থকাসকলে যেতিয়া কয় যুদ্ধ আৰু শান্তি বৰ বেলেগ বস্তু
কিন্তু তেওঁলোকৰ শান্তি আৰু তেওঁলোকৰ যুদ্ধ
বতাহ আৰু ধুমুহাৰ দৰেই

শান্তিৰ পৰা যুদ্ধৰ জন্ম হয়
যিদৰে মাকৰ পৰা পুত্ৰ
আৰু বহন কৰে তেওঁৰ ভয়লগা গুণবোৰ

যুদ্ধই হত্যা কৰে
শান্তি পলাই যায়

এখন দেৱালত লিখা আছিল: সিহঁতে যুদ্ধ বিচাৰে
আৰু যিজনে লিখিছিল
সেইজন ইতিমধ্যেই ঢুকাল

শীৰ্ষত থকাসকলৰ যিয়ে কৈছিল: এনেকৈয়ে আমি জিকিম
তেওঁলোকেই এতিয়া কৈছে: এনেকৈয়ে আমি কবৰলৈ যাম

এইখনেই প্ৰথম নহয় যিখন যুদ্ধ আহিব ধৰিছে
আগতেও আহিছিল অইন যুদ্ধ
যেতিয়া শেহৰখন শেষ হৈছিল
তাত আছিল শাসক আৰু শাসিত
শাসিতসকলৰ ভিতৰত আছিল ভোকাতুৰ সকল
শাসকসকলৰ পক্ষৰ সাধাৰণ মানুহবোৰো ভুগিছিল

শীৰ্ষত থকাসকলে কৈছিল সৈন্যসকলৰ মাজত একতা দেখা পোৱা গৈছে
সঁচাটো পৰ্যবেক্ষিত হৈছিল ৰান্ধনীশালত
যিসকলৰ হৃদয়ত আছিল স্বাৰ্থহীন উদ্যম
কিন্তু তেওঁলোকৰ প্লেটত আছিল কেৱল নামমাত্ৰ আহাৰ

যেতিয়া তেওঁলোকক আগুৱাই যাবলৈ দিয়া হৈছিল বহুতেই নাজানিছিল যে শত্ৰুয়ে তেওঁলোকৰ ফালেও আগুৱাই আহি আছে
যিয়ে তেওঁলোকক আদেশ দিছিল
তেওঁলোকৰ শত্ৰুৰ মাত আছিল সেয়া
আৰু যিজনে শত্ৰুৰ কথা কৈ আছিল তেওঁ নিজেই শত্ৰু আছিল

এতিয়া ৰাতি হ’ল
বিবাহিত দম্পতীবোৰে শুই আছে
মহিলাগৰাকীয়ে মাতৃহীন শিশুবোৰক তুলি ল’ব

ছাৰ, আপোনাৰ টেংকখন বৰ শক্তিশালী বাহন
এইখনে ধ্বংস কৰি দিব পাৰে এখন অৰণ্য
আৰু পিহি পেলাব পাৰে শ শ মানুহ
কিন্তু এইখনৰ এটাই দুৰ্বলতা আছে:
এইখনক এজন চালক লাগে

ছাৰ, আপোনাৰ বোমাৰু বিমানবোৰ বৰ শক্তিশালী
এইবোৰে ধুমুহাতকৈ বেগত উৰিব পাৰে
আৰু পাৰে এটা হাতীতকৈও অধিক ওজন কঢ়িয়াব
কিন্তু এইখনৰ এটাই দুৰ্বলতা আছে:
এইখনক এজন মেকানিক লাগে

ছাৰ, মানুহবোৰো বৰ উপযোগী
তেওঁলোকে উৰিব পাৰে
আৰু পাৰে হত্যা কৰিবলৈ
কিন্তু এটাই দুৰ্বলতা আছে:
তেওঁলোকে চিন্তা কৰিব পাৰে।।

Leave a Reply

Your email address will not be published. Required fields are marked *