বিবিধ চিন্তা

মানুহৰ গল্প :: যি গল্পৰ শেষ নাই (ৰঞ্জিত ভূঞা)

‘যে গল্পেৰ শেষ নেই’ গ্ৰন্থ খন আৰু লেখকৰ নাম-নিশ্চয় বহুজনে জানে। পঢ়িছেও নিশ্চয়। ‘যি গল্পৰ শেষ নাই’ নামেৰে কিতাপখনৰ প্ৰাঞ্জল অসমীয়া অনুবাদো হৈছে। অসমীয়া অনুবাদ গ্ৰন্থখনো নিশ্চয় বহুতৰে হাতত পৰিছে। নিঃসন্দেহে এখন অতি উপযোগী গ্ৰন্থ, সংৰক্ষণযোগ্য গ্ৰন্থ বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে। সংৰক্ষণ যোগ্য এইবাবেই যে এইখন পুথিত পৃথিৱীৰ বুকুত প্ৰাণীৰ জন্ম,মানুহৰ আবিৰ্ভাৱ,মানুহৰ সমাজ গঠন,মানৱ সভ্যতা-সংস্কৃতিৰ বিকাশৰ কথা, ৰাষ্ট্ৰ গঠন, উৎপাদন, বিতৰণ, পুঁজিবাদ, সামন্তবাদ, সমাজতন্ত্ৰ-ইত্যাদি কঠিন বিষয়বোৰ একেবাৰে সাধুকথাৰ দৰে লিখা হৈছে। কিতাপখন পঢ়িলো কেতিয়াবাই, এতিয়া কিতাপখনৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ মন গৈছে।মনত ৰাখিবলগীয়া ,মনত পেলাবলগীয়া কিছু কথা। আলোচনা অলপ দীঘলীয়া হ’ব। আশাকৰো এই সুদীৰ্ঘ আলোচনাই গ্ৰন্থখনৰ বিষয়ে জানিবলৈ পাঠকক সহায় কৰিব‌।

(এক)

মানুহৰ গল্প?  ইমান সহজ নে মানুহৰ গল্প কোৱা?  নহয়। নহয় এইবাবেই যে মানুহৰ গল্প ক’বলৈ আটাইতকৈ ডাঙৰ অসুবিধা হ’ল এই যে গল্পৰ আৰম্ভণি মানুহৰ কথাৰে আৰম্ভ কৰিব নোৱাৰি। কিয়নো,এসময়ত পৃথিৱীৰ ক’তো মানুহৰ শুংসুত্ৰ নাছিল।  আৰু  আমি বাস কৰা পৃথিৱী খন?  নাছিল, পৃথিৱীৰো কোনো অস্তিত্ব নাছিল।  তেনেহ’লে? ক’ৰপৰা আহিল পৃথিৱী, কেনেকৈ হ’ল মানুহ নামৰ এবিধ প্ৰাণীৰ আগমন? এইবোৰ কথাৰ ফয়চলা নোহোৱাকৈ, নভবা-নিচিন্তাকৈ মানুহৰ গল্প আৰম্ভ কৰিব পাৰি জানোঁ?  নিশ্চয় নোৱাৰি, গতিকে এইবোৰ কথাৰ পৰাই আৰম্ভ হ’ব মানুহৰ গল্প। পৃথিৱীৰ সৃষ্টি, পৃথিৱীৰ বুকুত প্ৰাণৰ জন্ম, মানুহৰ আবিৰ্ভাৱ-কিমান কথা!  কিমান জটিল বৈজ্ঞানিক বাখ্যা! তাৰ পাছত মানুহৰ সমাজৰ কথা, সভ্যতা-সংস্কৃতিৰ কথা, ক্ৰম বিকাশৰ কথা-ইমান সহজ জানোঁ গল্প ৰ দৰে, সাধুকথা ৰ দৰে লিখা? মুঠেও নহয়।  কিন্তু এই অসম্ভৱ যেন লগা কথা সম্ভৱ কৰি তুলিছিল অকল ভাৰতৰে নহয়, বিশ্বৰ পণ্ডিত সমাজে সন্মানৰ চকুৰে চাবলৈ বাধ্য হোৱা এজন ভাৰতীয় মনীষীয়ে নাম যাৰ দেৱীপ্ৰসাদ চট্ৰোপাধ্যায়। এইগৰাকী  বিদগ্ধ দাৰ্শনিক  পণ্ডিত, সমাজ বিজ্ঞানীয়ে ১৯৫৯ চনত লিখা “Lokayata:A Study in Ancient Indian Materialism” নামৰ ৬৭৮ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ গ্ৰন্থখন পঢ়ি বিশ্বখ্যাত বিজ্ঞানী, কোষতত্ববিদ, ৰয়েল ছছাইটি ৰ ফেল’, Science and Civilization in China’ নামৰ গ্ৰন্থাৱলীৰ প্ৰধান সম্পাদক যোছেফ নিডহামে (Joseph Needham) ইমানেই মোহিত হৈছিল যে তেওঁ কিতাপখন তেওঁৰ পুথিভঁৰালত ৰখাৰ ইচ্ছা প্ৰকাশ কৰি দেৱীপ্ৰসাদলৈ লিখিছিল- “আপোনাৰ গ্ৰন্থখন মোৰ পুথিভঁৰালত এক অমূল্য সম্পদ হিচাপে বিবেচিত হ’ব।  দেৱীপ্ৰসাদ আছিল নিডহামতকৈ বয়সত ওঠৰ বছৰৰ সৰু। এজন দৰ্শনৰ, আনজন বিজ্ঞানৰ ছাত্ৰ।  ১৯১৮ চনৰ ১৯ নৱেম্বৰ তাৰিখে তেতিয়াৰ কলিকাতাত জন্ম গ্ৰহণ কৰা, ছাত্ৰাৱস্হাত দৰ্শন মূল বিষয় হিচাপে লৈ অধ্যয়ন কৰা দেৱীপ্ৰসাদে বিখ্যাত দাৰ্শনিক, পণ্ডিত, সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু সুৰেন্দ্ৰনাথ দাসগুপ্তক  শিক্ষাগুৰু হিচাপে পাইছিল। দৰ্শন মূল বিষয় হ’লেও, এই বিষয়ে বহুতো প্ৰবন্ধ-পাতি, গ্ৰন্থ ৰচনা কৰিলেও জনপ্ৰিয় বিজ্ঞান বিষয়ৰ ৰচনাত দেৱীপ্ৰসাদৰ এক সুকীয়া পৰিচয় আছে। তেখেত এজন সমাজ বিজ্ঞানী, মানুহৰ সমাজ, সভ্যতা আৰু সংস্কৃতিৰ বৈজ্ঞানিক বিশ্লেষণ দেৱীপ্ৰসাদ ৰচনাৰ মূল বৈশিষ্ট্য। মানুহ আৰু সমাজ সম্পৰ্কে প্ৰচলিত বহুতো ভুল ধাৰণা আঁতৰাই যুক্তিনিষ্ঠ, বিজ্ঞানসন্মত দৃষ্টিভংগী প্ৰচাৰ-প্ৰসাৰৰ বাবে তেওঁ চেষ্টা কৰিছিল।  তেনে এক উদ্দেশ্য আগত ৰাখিয়েই ১৯৫১ চনতে  ‘যে গল্পেৰ শেষ নেই’ নামেৰে এখন পুথি নতুন প্ৰজন্মৰ কিশোৰ-কিশোৰী হঁতৰ উপযোগীকৈ লিখি উলিয়াইছিল য’ত আছে পৃথিৱীৰ জন্ম, পৃথিৱীৰ বুকুত প্ৰাণ, প্ৰাণী, পৰ্যায়ক্ৰমে মানুহৰ আবিৰ্ভাৱ, মানুহৰ সমাজ-সংস্কৃতিৰ গঠন, ক্ৰমবিকাশ, (যি কথা আমি পাতনিতে উল্লেখ কৰি আহিছোঁ) ইত্যাদি বিষয় একেবাৰে কোমল ভাষাত, গল্প-সাধুকথা কোৱাৰ দৰে।  মূলতঃ এনে এখন গ্ৰন্থ লিখিবলৈ দেৱীপ্ৰসাদক  একপ্ৰকাৰ বাধ্য কৰিছিল  তেওঁ ৰ মৰমৰ কণমানি ভতিজী ৰুণুৱে।  তাইৰ  সাধু শুনাৰ মৰমৰ আব্দাৰ ৰক্ষা কৰিবলৈ গৈ দেৱীপ্ৰসাদৰ তাই বুজি পোৱা কৈ “মানুহৰ গল্প” লিখাৰ এই অভিনৱ পৰিকল্পনা মনলৈ আহিছিল। সেয়েহে কিতাপখনৰ ভাষা আৰু বাখ্যা অত্যন্ত সৰল; অকল কিশোৰ-কিশোৰী বুলিয়ে ই নহয়, বিজ্ঞান বিষয়ক কোনো অধ্যয়ন  নথকা সকলো বয়সৰ মানুহে বুজিব পৰা।  ১৯৫১ চনতে লিখি উলিওৱা কিতাপখন মৃত্যুৰ দুবছৰৰ আগেয়ে ১৯৯১ চনত দেৱীপ্ৰসাদে সময়ৰ ব্যৱধানৰ কথা মনত ৰাখি বহুতো বিষয় ৰ সালসলনি কৰি নতুন কৈ লিখি উলিয়ালে।  বিজ্ঞান বিষয়ক কথাখিনিত তেওঁক সহায় কৰিছিল কেয়া  চক্ৰৱৰ্তী নামৰ  এগৰাকী বিজ্ঞানৰ  ছাত্ৰীয়ে। এই অত্যন্ত উপযোগী গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া পঢ়ুৱৈৰ বাবে উপযোগীকৈ আমাৰ হাতত তুলি দিলে অসমৰ ট্ৰেড ইউনিয়ন আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা, গুৱাহাটী বিভাগীয় বীমা কৰ্মচাৰী সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ভবেন্দ্ৰ কুমাৰ কলিতা ডাঙৰীয়াই। নকলেও হ’ব, এনে বিষয়ৰ কিতাপ অসমীয়া ভাষাত এতিয়াও বহু কম।  শ্ৰী কলিতাদেৱে সেয়েহে আমাৰ এক ডাঙৰ অভাৱ পূৰণ কৰিছে।  তাৰ বাবে তেখেত আমাৰ অশেষ ধন্যবাদ আৰু শলাগৰ পাত্ৰ।  কিতাপখনৰ ইতিমধ্যে তৃতীয় সংস্কৰণ প্ৰকাশ পাইছে‌। নৱযুগ প্ৰকাশন, হেদায়েতপুৰ, গুৱাহাটী কিতাপখনৰ প্ৰাপ্তিস্হান।

(দুই)

ভতিজী ৰুণুৰ আব্দাৰ মতে দেৱীপ্ৰসাদে গল্প কোৱা আৰম্ভ কৰাৰ আগেয়ে ৰুণুৱে  চৰ্ত ৰাখিলে-  এনে গল্প কব লাগিব যাৰ শেষ নাই আৰু য’ত ফাঁকি-ফুকা নচলে! তেওঁ ভতিজীৰ চৰ্ত মানি ক’লে, “ঠিক আছে বাৰু। শেষো নহয়, ফাঁকিও নাথাকে এনেধৰণৰ গল্প মাথোঁ এটাই আছে। কিন্তু সেইটো শুনিবলৈ তোমাৰ মন নাযাবও পাৰে।  সেই টো হৈছে তোমাৰ গল্প, মোৰ গল্প, আমাৰ সকলোৰে গল্প; অৰ্থাৎ মানুহৰ গল্প। পিছে ঠিক গল্পও নহয়, সত্য ঘটনা; পণ্ডিতসকলৰ ভাষাত যাক কোৱা হয় ইতিহাস বুলি। ঠিকেই আছে, ৰুণুৱে  শুনিবলৈ ৰাজী আছে, কিন্তু ‘পণ্ডিতৰ ভাষা’ৰে ক’লে কিন্তু নহ’ব! তাইৰ প্ৰশ্ন- এই গল্প তুমি ক’ৰপৰা জানিলা? ”কিতাপ পঢ়ি” দেৱীপ্ৰসাদৰ উত্তৰ পোৱাৰ লগে লগে তীঘ্ন বুদ্ধিৰ ৰুণুৱে আকৌ সুধিলে, “কিতাপত কি সকলোবোৰ সত্য কথা লিখা থাকে?’ দেৱীপ্ৰসাদে উত্তৰ দিলে, ‘সকলো কিতাপতে নহয়। বহুত কিতাপত সত্য কথা থাকে, আকৌ বহুত কিতাপত মিছা কথা লিখাও থাকে। যিবোৰ কিতাপত সত্য কথা লিখা থাকে সেইবোৰৰ জ্ঞানী সকলে দিয়া নাম হ’ল বৈজ্ঞানিক কিতাপ।” ৰুণু গল্প শুনিবলৈ ৰাজী হ’ল তিনিটা চৰ্তত–এক) গল্প শেষ হব নোৱাৰিব, দুই) কোনো ফাঁকি-ফুকা নচলিব, তিনি) ‘পণ্ডিতালি’ নচলিব; মানে তাইৰ মতে’পণ্ডিতৰ ভাষা’ৰে কোৱা নচলিব।দেৱীপ্ৰসাদেও এটা চৰ্ত ৰাখিলে,”প্ৰতিটো কথাতে তুমি কিন্তু উকীলৰ দৰে জেৰা কৰিব নোৱাৰিবা”। ৰুণু সন্মত হ’ল, দেৱীপ্ৰসাদো সাজু  হ’ল মানুহৰ গল্প ক’বলৈ। কিতাপখনৰ আৰম্ভণিতে দেৱীপ্ৰসাদ আৰু  কণমানি ভতিজী ৰুণু ৰ মাজৰ এই কথোপকথন মাজতে আমি ভালকৈ মনকৰিবলগীয়া কথা আছে। সেই কাৰণে এই কথাখিনি উল্লেখ কৰিছোঁ। দেৱীপ্ৰসাদে কিতাপৰ বিষয়ে কোৱা বিষয় টো বৰ গুৰুত্বপূৰ্ণ। কিতাপত থকা কথা বুলিয়েই আমি সকলো কথা বিশ্বাস কৰিম নে? সকলো কিতাপেই পঢ়িম নে? এই ইণ্টাৰনেটৰ যুগত কিতাপ পঢ়াৰ প্ৰতি মানুহৰ ধাউতি কমি গৈছে বুলিয়েই ধাউতি বঢ়াবলৈ এতিয়া ‘কিতাপ পঢ়াৰ আন্দোলন’ৰ সূচনা হৈছে। ভাল কথা। কিতাপ পঢ়িম বাৰু, কিন্তু কিতাপৰ নিৰ্বাচন আমি কেনেকৈ কৰিম? কোনো এখন কিতাপ পঢ়ি  সেই  কিতাপৰ কথা যে শুদ্ধ, সত্য, বিশ্বাসযোগ্য-সেই কথা আমি কেনেকৈ জানিম? বহুত মিছা কথাৰে,  ভুল তথ্যৰে,  এক নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে লিখা কিতাপ তো ঢেৰ আছে,  দিনে দিনে বাঢ়িব হে লাগিছে!  কিন্তু সেই বুলি আমি কিতাপ নপঢ়াকৈ থাকিম নে? এইখিনিতে ষোড়শ শতিকাৰে বৃটিছ দাৰ্শনিক Francis Bacon, (যিজনক “Father of empiricism”, “Father of scientific method” বুলি অভিহিত কৰা হৈছে। তেখেত যিকোনো কথা, বিশেষকৈ প্ৰাকৃতিক বিধি পৰ্যবেক্ষণৰ দ্বাৰা হে সিদ্ধান্তলৈ অহাৰ কথা কোৱা প্ৰথম ব্যক্তি। বিজ্ঞান সন্মত দৃষ্টিভংগীৰ বাবে এখেত আজি ও সমাদৃত।) য়ে  কোৱা  এশাৰী কথা মনলৈ আহে, “Some books are to be tasted,others to be swallowed,and some few to be chewed and digested”  তেখেতে কিতাপ পঢ়িবলৈ কৈছে, কিন্তু “some few to be chewed and digested”-ইয়াৰ ওপৰতে কিন্তু বেছি গুৰুত্ব দিছে। গতিকে আমাৰ নিৰ্বাচন ভুল হ’লে, নিৰ্বাচন দৃষ্টিভংগী ঠিক নহ’লে কিতাপ পঢ়ি ‘বদহজম’হোৱাৰ সম্ভাৱনাই বেছি! তেনেকুৱা হৈছেও, কিন্তু সেইটো আমাৰ এতিয়াৰ আলোচনাৰ বিষয় নহয়। এতিয়া আমাৰ আলোচনাৰ বিষয় মাথোঁ মানুহৰ সঁচা গল্প।

(তিনি)

উল্লেখ কৰি আহিছোঁ-কিতাপখনৰ ৰচনা কাল ১৯৫১। ১৯৯১ চনত  নতুনকৈ সজাই-পৰাই পাঠকৰ হাতত তুলি দিছিল দেবীপ্ৰসাদ চট্ৰোপাধ্যায়ে। পাতনিতে তাৰ কাৰণ এইবুলি কৈ গৈছে তেখেতে, “তেতিয়াৰ দিনৰ প্ৰকৃতি আৰু বিজ্ঞানৰ পৰিস্থিতিৰ লগত আজিৰ পৰিস্থিতিৰ প্ৰায় আকাশ পাতাল প্ৰভেদ।…পুৰণি তথ্যৰ পুনৰোল্লেখ অচল হোৱাৰে কথা। গতিকে তেখেতৰ ইচ্ছানুসৰি কিতাপখনৰ প্ৰথম অংশটোৰ বিজ্ঞান সম্পৰ্কীয় সকলো তথ্য-পাতি ঠিক-ঠাক কৰি দিছিল “উৎস মানুষ” প্ৰকাশন গোষ্ঠীৰ কৰ্মী, বিজ্ঞানৰ ছাত্ৰী কেয়া চক্ৰৱৰ্তীয়ে। দেবীপ্ৰসাদে এইগৰাকী প্ৰতিভাৱান ছাত্ৰীৰ শলাগ লোৱাৰ লগতে কিতাপখনৰ দ্বিতীয় ভাগত থকা মানুহৰ সমাজ গঠনৰ আলোচনাৰ ঠায়ে ঠায়ে সালসলনি, অংশ বিশেষে নতুনকৈ লিখি উলিওৱাৰ কথাও উল্লেখ কৰিছে। এইখিনি কথাৰ মাজতে এনে একোজন লেখকৰ গভীৰ সামাজিক দায়বদ্ধতা আৰু প্ৰগতিশীল দৃষ্টিভংগীৰ উমান পাব পাৰি, আন বহুতো লেখকৰ স’তে থকা পাৰ্থক্য বুজিব পাৰি। “উৎস মানুষ” প্ৰকাশনে যেতিয়া তেখেতৰ চল্লিশ বছৰৰ আগেয়ে লেখা কিতাপখনৰ নতুনকৈ ছপা কৰাৰ প্ৰস্তাৱ দিছিল, তেতিয়াই তেখেতে ঠিক কৰিছিল যে নতুনকৈ আকৌ প্ৰকাশ কৰিব লগা হ’লে  অধ্যয়নৰ প্ৰয়োজন আছে,  তথ্যসমূহ চালি-জাৰি চাব লাগিব,  আগৰ কথাখিনিৰ বহু ঠাইত সালসলনি কৰিব লাগিব, নতুনকৈ লিখি উলিয়াব লাগিব;  নহ’লে ছাত্ৰ-ছাত্ৰীলৈ, সমাজলৈ ভুল বাৰ্তা যাব। বিজ্ঞানৰ প্ৰতিটো বিষয় তেনেকুৱাই। আজি আমি যি সত্য বুলি ভাবিছোঁ, কালিলৈ সিয়েই অসত্য, ভুল বুলি প্ৰমাণিত হ’ব পাৰে;  হৈছেও। সেইবাবেই বিজ্ঞানৰ শেষ বুলি কোনো কথা নাই। কোনোবা তথ্য বা সূত্ৰ ই  শেষ সত্য বুলি কোনোৱেই দাবী কৰিব নোৱাৰে,  কৰা উচিত নহয়। ধৰ্মৰ স’তে বিজ্ঞানৰ পাৰ্থক্যও তাতেই। এই বিষয়ে বৰ সুন্দৰ কথা এশাৰী আমাক কৈ গৈছে বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ পদাৰ্থবিজ্ঞানী ৰিচাৰ্ড ফিলিপ্ছ ফাইনমেনে (Richard Phillips Feynman)।  তেখেতৰ মতে,  “Religion is a culture of faith; Science is a culture of doubt”  অৰ্থাৎ ধৰ্ম হৈছে আস্থা- বিশ্বাস ৰ সংস্কৃতি; বিজ্ঞান হৈছে সন্দেহ অথবা জিজ্ঞাসাৰ সংস্কৃতি” । সেই বাবেই দিনে দিনে বিজ্ঞানৰ অগ্ৰগতি।  সেই বিষয়ে বহলাই আলোচনাৰ অৱকাশ আছে। কিন্তু এতিয়া আমি সেই বিষয়ে আলোচনা কৰিবলৈ গ’লে কিতাপখনৰ আলোচনাৰ পৰা আঁতৰি যোৱা হ’ব। গতিকে এই বিষয় ইমানতে এৰি কিতাপৰ আলোচনালৈ আহোঁ। আমি আগতেই উল্লেখ কৰি আহিছোঁ যে মূল বাঙালী গ্ৰন্থখনিৰ অসমীয়া অনুবাদ কৰিছে ভবেন্দ্ৰ কুমাৰ কলিতা ডাঙৰীয়া ই।  এই অনুবাদ গ্ৰন্থখনিৰ আধাৰতে আমাৰ আলোচনা আগবাঢ়িব। আলোচনা বেছি দীঘলীয়া হোৱাৰ আশংকাতে পৃথিৱীৰ সৃষ্টি,পৃথিৱীৰ বুকুলৈ প্ৰাণীৰ আবিৰ্ভাৱ,জীৱৰ ক্ৰমবিকাশ-এই সম্পৰ্কে থকা বিস্তাৰিত আলোচনাৰ কিছু কিছু অংশহে উল্লেখ কৰি যাম। আমাৰ আলোচনা বিশেষকৈ কেন্দ্ৰীভূত হ’ব মানুহৰ সমাজ-গঠন, সমাজৰ চৰিত্ৰ আৰু বৈশিষ্ট্যক লৈহে।

(চাৰি)

বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হ’ল?  আমাৰ পৃথিৱীৰ বয়সেই বা কিমান?  ভতিজী ৰুণুৱে সহজে বুজিব পৰাকৈ  দেবীপ্ৰসাদে একোছা পকা চুলিৰ বুঢ়ী এগৰাকীৰ চুলি পকাৰ মজাৰ কাহিনী এটাৰ অৱতাৰণা কৰিছে। বুঢ়ী গৰাকীৰ হেনো জন্মৰ পিছৰ পৰাই প্ৰতি হাজাৰ বছৰত এডালকৈ চুলি পকিছে! এতিয়া তেওঁৰ বয়স কিমান? গতিকে এতিয়া বুঢ়ীৰ মূৰত পকা চুলি কিমান আছে তাকে গন্তি কৰাৰ হে কথা! এই কাহিনীৰে কৌশলেৰে দেবীপ্ৰসাদে পৃথিৱীৰ বয়সৰ গণনাৰ স’তে ইউৰেনিয়াম সলনি হৈ সীহলৈ ৰূপান্তৰ হোৱা আৰু এই পৰিঘটনাৰে কেনেকৈ পৃথিৱীৰ বয়সৰ গণনা বিজ্ঞানী সকলে কৰি উলিয়াইছে তাৰ বৰ্ণনা দিছে কোমল বয়সৰ ভতিজীয়ে বুজিব পৰাকৈ। এনেধৰণৰ গণনাৰ পৰা বিজ্ঞানীসকলে ঠিক কৰিছে পৃথিৱীৰ বয়স বোলে এতিয়া চাৰে চাৰিশ কোটি বছৰতকৈও বেছি। পিছে পৃথিৱীৰ জন্ম কেতিয়া হ’ল, জন্মদিন টো কি?  ৰুণুৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ দেবীপ্ৰসাদে বিজ্ঞানী সমাজৰ মাজত আটাইতকৈ গ্ৰহণযোগ্য, চৰ্চিত “nebular hypothesis”কথা ৰুণুৱে বুজিব পৰাকৈ সহজ-সৰল ভাষাৰে কৈছে। ৰুণুৱে আগতেই মানা কৰি থৈছে নহয়, পণ্ডিতৰ ভাষা নচলিব বুলি!  গতিকে অমুক টো মতবাদ বুলি দেবীপ্ৰসাদে উল্লেখ কৰা নাই। পৃথিৱীৰ জন্মৰ আগতে এই বিশ্ব-ব্ৰহ্মাণ্ড কি আছিল? এক মহাশূণ্য। এই মহাশূণ্য জুৰি আছিল কেৱল ধুলিবালিৰ আৱৰণ আৰু কিছুমান পাতল গেছ। পাতল গেছৰ কথা ক’বলৈ গৈ দেবীপ্ৰসাদে পূজাৰ বেলুনৰ কথা কৈছে। ক্ৰমান্বয়ে সেই ধুলি-বালিৰ কণিকাবোৰ পৃথকভাৱে একো একো ঠাইত ঘন হৈ  জমা হব ধৰিলে। দেবীপ্ৰসাদে  এইদৰে কেনেকৈ  সূৰ্য্যৰ লগতে অসংখ্য নক্ষত্ৰ, পৃথিৱীকে আদি কৰি গ্ৰহৰ সৃষ্টি হ’ল, তাক অতি সুন্দৰকৈ, ভতিজীৰ যাতে মনোযোগ হেৰাই নাযায়, তেনেকৈ বৰ্ণাই গৈছে এফালৰ পৰা। স্বাভাৱিকতে সাধাৰণ বুদ্ধি-বৃত্তিৰ পাঠকৰ বাবেও হৈ পৰিছে বিজ্ঞানৰ জটিল বিষয় এটা গল্পৰ দৰে মনোগ্ৰাহী। সকলোৰে বাবে এনেকৈ লিখা সহজ নহয়।দেবীপ্ৰসাদে ৰুণুক কৈ গৈছে,  “আকাশত আমি দেখা সূৰ্য্যটোৰ দৰে শতকোটি সূৰ্য্য আছে। আৰু সিহঁতৰ লগত আছে কিমান যে গ্ৰহ। তথাপি এই ক্ষুদ্ৰ এটা টুকুৰাৰ মাজত আমাৰ এই পৃথিৱীত এনে এক অবাক কাণ্ড ঘটি আছে যি সমগ্ৰ আকাশৰ আন কৰবাত ঘটিছে বুলি জনা নাযায়। এই পৃথিৱীৰ বুকুত জন্মিছে এক আশ্চৰ্য জীৱ, তাৰ নাম মানুহ। মগজুৰ বুদ্ধি ঘটোৱাই হাতৰ হাতিয়াৰ মজবুতকৈ ধৰি মানুহে পৃথিবীক জয় কৰাৰ পণ লৈছে।  দিনৰ পিছত দিন আৰু যুগৰ পিছত যুগ ধৰি মানুহে জয় কৰি গৈছে পৃথিৱীক। এই দিগ্বিজয়ৰ কোনো শেষ নাই  শেষ নাই মানুহৰ গল্পৰ। “সেয়েহে মানুহৰ গল্প ইমান আকৰ্ষনীয়, ৰোমাঞ্চকৰ! কিন্তু মানুহৰ গল্প কোৱাৰ আগতে, জয়যাত্ৰাৰ কাহিনী কোৱাৰ আগতে পৃথিৱীৰ বুকুত প্ৰাণৰ জন্মৰ কথা নোকোৱাকৈ হ’ব জানোঁ? নহ’ব, গতিকে আহিবই লাগিব ‘প্ৰাণ’ৰ জন্ম কেনেকৈ হ’ল সেই কথালৈ।

(পাঁচ)

পৃথিৱী যেতিয়া ওপজিছিল, তেতিয়া ইয়াৰ অৱস্থাটো আছিল চেঁচা ধূলি-বালিৰ আৱৰণেৰে তৈয়াৰী প্ৰকাণ্ড এটা বলৰ নিচিনা। বলৰ ওপৰৰ ফালটোৱে হেঁচা দিছিল ভিতৰৰ ফালে। এই প্ৰচণ্ড হেঁচাত পৰি সৃষ্টি হোৱা তাপত ভিতৰৰ পৰা হেঁচা খাই বাহিৰ ওলাই পৰিল ভিতৰত আবদ্ধ হৈ পৰা তপত বতাহ আৰু গৰম বাষ্প।  তাৰপিছত যিমানে দিন যাব ধৰিলে বলৰ বাহিৰৰ ফালটোৰ ঠাণ্ডাত সেই গৰম বতাহ চেঁচা হৈ পানী হ’ল আৰু সৃষ্টি কৰিলে বিশাল সাগৰৰ। পৃথিৱী জন্ম হোৱাৰ প্ৰায় এশ কোটি বছৰৰ পিছত এই পানীৰ মাজত জন্ম হ’ল এক আশ্চৰ্য বস্তু-‘প্ৰাণ’। এনেকৈ দেবীপ্ৰসাদে ভতিজী ৰুণুৱে বুজিব পৰাকৈ বাখ্যা কৰি গৈছে পৃথিৱীৰ বুকুত প্ৰাণ ৰ আবিৰ্ভাৱৰ কথা। পৃথিৱীৰ বুকুত আগৰে পৰাই থকা মৌলৰ কথা। অভিহিত কৰিছে 92টা মৌলিক পদাৰ্থ-হাইড্ৰ’জেন, অক্সিজেন, নাইট্ৰ’জেন, কাৰ্বনৰ আৰু আন 88টা মৌলিক পদাৰ্থক ‘পৃথিৱীৰ বৰ্ণমালা’ বুলি। বিজ্ঞানৰ জটিল কথা-সহজ-সৰল বাখ্যা, ছবি আঁকি অণু-পৰমাণুৰ কথা, DNA, RNA ৰ কথা,এমিনো এচিডৰ কথা। তেওঁ কৈছে,  “ক’ৰ পৰা কেনেকৈ আহিল এই এমিনো এচিড? আৰু কেনেকৈ বা গঠন হ’ল এই DNA? প্ৰাণহীন কিছু বস্তু মিশ্ৰিত হৈ গঠন হ’ল নতুন ধৰণৰ বস্তু- এনে বস্তু যাৰ প্ৰাণ আছে।  এইটো কিন্তু কাৰোবাৰ ইচ্ছাত সৃষ্টি হোৱা নাই, নাইবা কোনোবাই হাতেৰে তৈয়াৰ কৰি দি যোৱা নাই। এই পৃথিৱীতেই যেতিয়া সৃষ্টি হৈছে প্ৰাণ, প্ৰাণ সৃষ্টিৰ কাৰণো পৃথিৱীতেই বিচাৰিব লাগিব। পৃথিৱীৰ জন্মৰ এশ কোটি বছৰৰ মাজতে আয়োজন হৈছিল প্ৰাণ সৃষ্টিৰ। “এই গোটেইখিনি কথা জানিবলৈ আপুনি অৱশ্যেই চকু ফুৰাব লাগিব কিতাপখনত। সকলো খিনি কথা আলোচনা কৰাটো যিহেতু সম্ভৱ নহয়। আমি মাথোঁ আমাৰ বিবেচনাৰে উল্লেখযোগ্য বুলি ভবা কিছু কথাহে তুলি অনাৰ চেষ্টা কৰিছোঁ।প্ৰাণ ৰ সৃষ্টি হ’ল। ক’ৰপৰা? তেওঁ আকৌ কৈছে, “প্ৰাণহীন বস্তুৰ পৰা সৃষ্টি হৈছে এনে বস্তু যাৰ প্ৰাণ আছে। তাৰ অৰ্থ এইটো নহয় যে প্ৰাণ সৃষ্টিৰ লগে লগে পৃথিৱীৰ বুকুত হাতী,ঘোঁৰা পালে পালে ঘুৰি ফুৰা আৰম্ভ কৰিলে! আচলতে প্ৰায় ৩৫০কোটি বছৰ আগেয়ে প্ৰথম প্ৰাণ সৃষ্টি হোৱাৰ পাছত পৃথিৱীত যি প্ৰাণীৰ আবিৰ্ভাৱ হ’ল তাৰ চেহেৰা তেনেই তাচ্ছিল্য কৰাৰ লেখীয়া। ইমান ক্ষুদ্ৰ যে খালী চকুৰে মনিবই নোৱাৰি।”  তাৰ পিছত আহিল এমিবা ৰ কথা, এক কোষী জীৱ কথা। এতিয়া ‘কোষ’ কি বস্তু?  দিছে তাৰো বাখ্যা। প্ৰাণ ৰ সৃষ্টি হ’ল, প্ৰাণী আহিল পৃথিৱীলৈ।কিন্তু মানুহ?  কেনেকৈ সৃষ্টি হ’ল মানুহৰ? আছে, ঢেৰ দেৰি আছে এতিয়াও মানুহৰ কথালৈ। সেইখিনিলৈ আমি কিছু ধৈৰ্য্য ধৰাৰ বাহিৰে উপায় নাই!

Leave a Reply

Your email address will not be published. Required fields are marked *