বিবিধ চিন্তা

প্ৰকৃতিপ্ৰেমী জিয়াউৰ ৰহমান-(হিমাংশুজ্যোতি আচাৰ্য)

ইতিহাসত গুলীয়াই বাঘ চিকাৰ কৰা কাহিনী বহুত ওলাব৷ জিম কৰবেট, জন হান্টাৰ আদিৰ দৰে বিশ্বখ্যাত চিকাৰীসকলৰ নৰখাদক বাঘ চিকাৰ কাহিনী সৰ্বজনবিদিত। কিন্তু হিংস্ৰ আৰু বুদ্ধিমান নৰখাদক বাঘ জীৱন্তে পিঞ্জৰাবদ্ধ কৰা কৃতিত্বৰ অধিকাৰী কেৱল অসমৰ প্ৰয়াত জিয়াউৰ ৰহমানৰ৷ কৈশোৰ আৰু ডেকাকালৰ প্ৰথমাৱস্থাত বহুকেইটা উপদ্ৰৱকাৰী বাঘ বধ কৰিছিল বাবে বহুতে তেখেতক অসমৰ জিম কৰবেট বুলিও ক’ব খোজে৷ পিছে, প্ৰয়াত ৰহমানৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ তুলনাত এই বিশেষণ তেনেই তুচ্ছ৷ পৰিতাপৰ বিষয় এয়ে যে ২০০৯ চনৰ ২৭ এপ্ৰিল তাৰিখে মৃত্যুবৰণ কৰা ৰহমানক আমি ৰজাঘৰ-প্ৰজাঘৰে পাহৰি পেলাইছো৷ আজি নতুন প্ৰজন্মৰ বহুতেই হয়তো ছ’চিয়েল মিডিয়াত বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনৰ পে’জত নিজৰ সক্ৰিয়তা দেখুৱাইছো, পিছে নৰখাদকৰ পিছে পিছে ঘূৰি অথচ গুলীয়াই নামাৰি জীৱন্তে পিঞ্জৰাবদ্ধ কৰি বাঘ চিকাৰক এক শৈল্পিক মাত্ৰা প্ৰদান কৰা ৰহমানক বহুতেই চিনি নাপায়৷

“ৰাংৰিং ডিগবৈ তেলৰ পুং

ওৰাং মৌজা বাঘৰ চোং”

সঁচাকৈ কেইদশকমানৰ আগলৈকে ওৰাং মৌজাৰ বৃহত্তৰ মাজবাট অঞ্চল আছিল সেউজীয়া অৰণ্যৰে পৰিবেষ্টিত বিভিন্ন বন্য জন্তুৰ অবাধ বিচৰণভূমি৷ বৰ্তমানৰ ওদালগুৰি জিলাৰ মাজবাটত ১৯৪১ চনত জন্মগ্ৰহণ কৰা ৰহমানৰ পিতৃ আব্দুৰ ৰহমানো আছিল এগৰাকী সুদক্ষ বাঘ চিকাৰী৷ ১৯৫৭ চনত অসম ৰাজ্যিক চিৰিয়াখানা স্থাপন হওঁতে ৰহমানৰ পিতৃয়ে এটা প্ৰকাণ্ড নাহৰফুটুকী চিৰিয়াখানালৈ উপহাৰ দিছিল৷ এই প্ৰসংগতেই উল্লেখ কৰো যে মাজবাটত প্ৰথম দুৰ্গাপূজা উদযাপনৰ গুৰি ধৰোঁতাসকলৰ মাজত আব্দুৰ ৰহমানো অন্যতম আছিল৷ চিকাৰী পিতৃয়ে আনি দিয়া বাঘৰ পোৱালি, হৰিণ পোৱালিৰ সৈতে উমলি-জামলি ডাঙৰ হোৱা ৰহমানৰ মনত প্ৰকৃতি আৰু বন্য জন্তুৰ প্ৰতি প্ৰেমৰ বীজ অংকুৰণ হৈছিল সেই সৰুকালতেই৷ তেখেতে নৰখাদক বাঘ জীৱন্তে কৰায়ত্ত কৰিছিল৷ কেতিয়াবা উপায়ান্তৰ নাপাই কোনো বাঘ বধ কৰিবলগীয়া হ’লে তেওঁ মনত খুব দুখ পাইছিল৷ তেখেতে কৈছিল যে ৰজাৰ দৰে চলন-ফুৰণৰ অধিকাৰী বাঘৰ মৃত্যুও ৰজাৰ দৰে হোৱা উচিত৷ বন্দুকৰ গুলী খাই মৰাৰ দৰে অপঘাত বাঘৰ প্ৰাপ্য নহয়৷ তেখেতে আৰু কৈছিল যে বাঘৰ হিংস্ৰতা কেৱল খাদ্যকেন্দ্ৰিক যি প্ৰাকৃতিক, কিন্তু তাৰ পৰিৱৰ্তে মানুহৰ আক্ৰমণাত্মক স্থিতি প্ৰকৃতিবিৰোধী আৰু কপট৷ হত্যা কৰাৰ পৰিৱৰ্তে জীৱন্তে কৰায়ত্ত কৰাৰ এই মানসিকতাই তেখেতৰ পৰিচয়ক সাধাৰণ চিকাৰীৰ পৰা এজন প্ৰকৃতিপ্ৰেমীলৈ উত্তৰণ ঘটাইছিল৷ আমিষ আহাৰ আছিল ৰহমানৰ অতি প্ৰিয়, কিন্তু অভিযানত থকা সময়বোৰত হাবিত সহজলভ্য পহুৰ মঙহলৈ লোভ হয় বুলি মাছ-মাংস সমূলি ত্যাগ কৰি সম্পূৰ্ণ নিৰামিষভোজী হৈছিল৷ নৰখাদকৰ পিছে পিছে ঘূৰোতে মেলেৰিয়া ৰোগ হৈ পৰিছিল তেখেতৰ সংগী৷ নৰখাদক বাঘ সন্ত্ৰাসিত এলেকাৰ লোকসকলক উদ্ধাৰৰ বাবে তেখেতে পৰিয়ালৰ দ্বায়িত্বকো আওকাণ কৰিছিল৷ দুই ভগ্নীৰ বিয়াৰ দিনাও, খবৰ পোৱা মাত্ৰকেই,  জ্যেষ্ঠ ভাতৃৰ সকলোবোৰ দ্বায়িত্ব একাষৰীয়া কৰি থৈ ঢপলিয়াইছিল বৰ্তমানৰ বিশ্বনাথৰ ব্ৰহ্মজানত আতংকৰ সৃষ্টি কৰা এটা ক’লাবাঘ (ঘোং, black panther) ধৰিবলৈ৷ ৰেলৱে’ৰ কৰ্মচাৰী ৰহমানৰ অভিযানত থকা কালছোৱাৰ ছুটীবোৰৰ বাবে দৰমহা কৰ্তন হৈছিল৷ অবাধ বন ধ্বংসই চিন্তান্বিত কৰা ৰহমানদেৱে ঘৰতেই এখন সৰু নাৰ্ছাৰী গঢ়ি আলহী-অতিথি আৰু বিভিন্ন অনুষ্ঠানক গছপুলি উপহাৰ দিছিল৷ তেখেতে প্ৰকাশ কৰিছিল যে প্ৰত্যেক উৎসৱ-অনুষ্ঠানত বৃক্ষৰোপণ কাৰ্যসূচী বাধ্যতামূলক হোৱা উচিত৷

ৰুমা দেৱীয়ে লিখি উলিয়াইছিল ‘জীয়াউৰ ৰহমানৰ বাঘ চিকাৰ কাহিনী’৷ ৰহমানৰ বৰ্ণনাৰ ভেটিত লিখি উলিওৱা এই গ্ৰন্থখন পিছলৈ SEBAই ‘মোৰ বনৰীয়া বন্ধু’ নামেৰে নৱম-দশম শ্ৰেণীৰ দ্ৰুতপাঠ হিচাপে প্ৰৱৰ্তন কৰে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে দ্ৰুতপাঠ ‘মোৰ বনৰীয়া বন্ধু’ পুথিখনৰ নামকৰণৰ লগতে পাঠৰ প্ৰশ্নবোৰ যুগুতাইছিল স্বনামধন্যা প্ৰয়াত নিৰ্মলপ্ৰভা বৰদলৈয়ে৷ সমগ্ৰ অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱা ৰহমানক অসম সাহিত্যসভাই ‘প্ৰকৃতিপ্ৰেমী’ আৰু যোৰহাটৰ এক সংগঠনে ‘অসম গৌৰৱ’ উপাধিৰে বিভূষিত কৰে৷

বাঘ চিকাৰী বুলিলে সাধাৰণতে মনলৈ আহে প্ৰকাণ্ড একোঁচা মোচৰ সৈতে এজন ভয়ংকৰ পুৰুষ৷ ৰহমানদেৱ পিছে তেনে নাছিল৷ সুন্দৰ সুঠাম দেহাবয়ৱৰ গৰাকী ৰহমানৰ চকুৱে-মুখে প্ৰকাশ পাইছিল তেখেতৰ শান্ত-সমাহিত অন্তৰখনৰ আভা৷  ২০০৩ চনতেই এই লেখকে লোৱা ৰহমানৰ এটি সাক্ষাৎকাৰৰ কিয়দংশ পাঠকৰ বাবে আগ বঢ়ালো৷

👉আপোনাৰ চিকাৰী জীৱনৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল?

ৰহমানদেৱ – এয়া প্ৰায় ১৯৫৭  চনমানৰ কথা৷ তেতিয়া ৰৌতা ৰে’ল ষ্টেচনৰ ওচৰৰ মেৰাবিল নামে গাঁওখনত আমাৰ এখন পাম আছিল৷ মোৰ বয়স তেতিয়া প্ৰায় ১৬ বছৰ৷ কিছুমান বিশেষ কাৰণত মই মোৰ পঢ়া সামৰাত দেউতাই মোক কেইটামান ছাগলী পোৱালি আৰু কুকুৰা পোৱালি দি মেৰাবিলৰ পামতেই থাকিবলৈ দিলে৷ সেই সময়ছোৱাতেই এটা নাহৰফুটুকী বাঘে মাজে মাজে মোৰ পামৰ ছাগলীবোৰ নি মাৰি খাবলৈ ধৰিলে৷ যেতিয়া মই অতিষ্ঠ হৈ পৰিলো, বাঘটো মাৰিবলৈ মই দেউতাক তেখেতৰ বন্দুকটো খুজিলো৷ কিন্তু মোৰ বয়স কম বাবেই চাগৈ দেউতাই বন্দুকটো নিদিলে৷ উপায়ান্তৰ নাপাই মই পামত কাম কৰা মানুহখিনিৰ লগ হৈ ধনু-কাঁড় সাজিলো৷ ধনু-কাঁড় চালনাত পাকৈত আদিবাসী কৰ্মচাৰীসকলে মোক প্ৰশিক্ষণ দিলে৷ কেইদিনমান লক্ষ্যভেদৰ প্ৰশিক্ষণৰ অন্তত মই বাঘটো অহা বাট, তাৰ চিকাৰ কৰাৰ ধৰণ ইত্যাদি পৰ্যবেক্ষণ কৰিলো৷ এদিন ৰাতি সুযোগ বুজি বাঘটো সতকাই অহা-যোৱা কৰা বাটটোলৈ চকু দি বাঁহৰ বেৰৰ ঘৰ এটাৰ ভিতৰত বহি ল’লো৷ বাহিৰত জোনৰ পোহৰ৷ বাঁহৰ বেৰৰ জলঙাৰে বাঘটোলৈ বাট চাই ৰ’লো৷ অপেক্ষাৰ অন্ত পেলাই এটা সময়ত সেইফালেৰেই বাঘটো আহিল৷ মই মোৰ উশাহ দীঘলকৈ লৈ খুব স্থিৰ হৈ বেৰৰ জলঙাৰেই বাঘটোৰ ডিঙিলৈ লক্ষ্য কৰি ধনুৰ গুণ টানি কাঁড়পাত মাৰি পঠিয়ালো৷ কাঁড়পাত ঠিক ডিঙিতেই গৈ লাগিল৷ কিছু আঁতৰলৈ গৈ বাঘটো মৰিছিল৷

👉আমি শুনা মতে আপুনি নিজেই বাঘৰ টোপ হৈ পিঞ্জৰাত সোমাইছিল৷ প্ৰথম অভিজ্ঞতাটোৰ বিষয়ে কওকচোন৷

উত্তৰ – অঁ, প্ৰথম সেয়া বেলশিৰিৰ কথা৷ বেলশিৰি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ উত্তৰত৷ তাত চাহ বাগিছা আৰু ৰে’লৱে’ ষ্টেচন এটা আছে৷ ১৯৫৮ চনৰ জুন মাহৰ কথা সেয়া৷ মোৰ বয়স সোতৰ বছৰ৷ বেলশিৰিৰ ৰাইজৰ মাজত তেতিয়া নৰখাদক ঢেকীয়াপতীয়া এটাই তুমুল সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে সি বহুকেইজন লোকক বধ কৰি খাইছে৷ সুদূৰ আমোৰিকাৰ টেক্সাছৰ এটা চিকাৰী দল, কোচবিহাৰৰ ৰাজবংশৰ এটা চিকাৰী দলৰ উপৰিও মোৰ দেউতাও বিফল হৈছিল বাঘটো হত্যা কৰাত৷ সি আছিল অত্যন্ত চতুৰ৷ সন্দেহজনক কোনো পথতেই সি খোজ নিদিছিল৷ মানুহৰ মতিগতিৰ ওপৰতো আছিল তাৰ সুতীক্ষ্ণ নজৰ৷ মোৰো এটা চেষ্টা চলাবলৈ মন গ’ল৷ ধনু-কাঁড়েৰে মোৰ প্ৰথম অভিযান সফল হোৱাত মোৰ আত্মবিশ্বাসো বাঢ়িছিল৷ পিছে, বেলশিৰিৰ এই ঢেকীয়াপতীয়াটো গুলীয়াই মৰাতকৈ মোৰ জীৱন্তে ধৰিবলৈ মন গ’ল৷ দেউতাক কুটুৰি কুটুৰি অনুমতি লৈ মই বেলশিৰিলৈ আহিলো৷ আহি গম পালো যে গাঁৱৰ কাষৰ হাবিলৈ যিসকল লোক খৰি কাটিবলৈ যায়, সেইসকল লোকেই হৈ পৰে প্ৰকাণ্ড বাঘটোৰ সহজ লক্ষ্য৷ কেইদিনমান সেই ঠাইবোৰত পিঞ্জৰা পাতি ছাগলীৰ টোপ দি চালো, কিন্তু ফল নধৰিল৷ মই অতিষ্ঠ হৈ পৰিলো৷ বাঘটো কেৱল নৰমাংসৰ প্ৰতিহে আকৃষ্ট৷ কেইদিনমান তেনেকৈয়ে অ’ত-ত’ত ছাগলীৰ টোপ দি পিঞ্জৰা পতাৰ লগতে বাঘটোৰ চাল-চলন আৰু স্বভাৱ ইত্যাদি পৰ্যবেক্ষণ কৰিলো৷ আমোদজনকভাৱে, মই দেখিলো যে বাঘটোৱে কেৱল খৰিকটীয়াসকলকহে আক্ৰমণৰ লক্ষ্য হিচাপে লয়৷ ইতিমধ্যে ময়ো ধৈৰ্য হেৰুৱাইছিলো৷ যিহেতু ছাগলীৰ টোপ দি লাভ নাই, বাঘটো কেৱল নৰমাংসত আসক্ত, সেয়ে বহু ভাবি-গুণি মই নিজেই বাঘৰ টোপ হৈ পিঞ্জৰাত সোমোৱাৰ কথা ভাবিলো৷ মই মোৰ সিদ্ধান্তৰ কথা দেউতাক জনোৱাত দেউতা সাত জাঁপ মাৰি উঠিল৷ তথাপি দেউতাক কুটুৰি কুটুৰি আওপকীয়াকৈ হ’লেও অনুমতি পালো৷ দেউতাৰো আচলতে মোৰ ওপৰত বিশ্বাস আছিল আৰু হয়তো তেওঁৰ অভিজ্ঞ চিকাৰী মনটোৱেও বাঘটো ধৰাৰ একমাত্ৰ সেইটো পথেই বিচাৰি পাইছিল৷ পিঞ্জৰাটো মই হাবিৰ মাজত ৰাখিলো৷ গছৰ ডাল, পাত, লতা ইত্যাদিৰে পিঞ্জৰাটো মেৰিয়াই ঢাকি যথাসম্ভৱ প্ৰাকৃতিক পৰিৱেশৰ সৈতে ৰজিতা খুৱাই ল’লো, কাৰণ বাঘটো আছিল অত্যন্ত চতুৰ৷ মানৱনিৰ্মিত পিঞ্জৰাটোৰ এক অংশ চকুত পৰিলেও সি সন্দেহ কৰিব পাৰে বুলি মোৰ সন্দেহ হৈছিল৷ সেই ৰাতি সন্ধিয়াতেই দা আৰু কাঠৰ টুকুৰা কিছুমান লৈ মই পিঞ্জৰাটোৰ টোপ ৰখা কোঠালিটোত সোমালো আৰু দাৰে কাঠবোৰত ঘপিয়াই ঘপিয়াই খৰিকটীয়াৰ দৰে আচৰণ কৰি থাকিলো৷ সময় পাৰ হৈ গৈ থাকিল৷ সন্ধিয়াৰ সময় পাৰ হৈ গৈ ৰাতি হ’ল৷ জিলি, নিশাচৰ চৰাইৰ মাত আৰু মোৰ দাৰ শব্দৰ বাহিৰে একোৱেই যেন নাছিল৷ মহৰ কামোৰ খাই খাই বহি আছো, তেনেতেই একেবাৰেই হাতত সাৰে ভৰিত সাৰে কোন পলকত বাঘটো ইতিমধ্যে আহিল মই গমেই পোৱা নাপালো৷  সি সোমোৱাৰ লগে লগেই পিঞ্জৰাৰ দুৱাৰখন প্ৰচণ্ড শব্দ কৰি বন্ধ হৈ যোৱাত সি বন্দী হৈ পৰিল৷ লগে লগেই গগণ বিদাৰি যোৱা তাৰ বজ্ৰনিনাদ সদৃশ গোঁজৰনি৷ বাঘটো চুপচাপ তেনেকৈ আহি হঠাৎ ওলোৱাত মই কিছু ভয়ো খাইছিলো৷ তাৰ গোঁজৰনিয়ে সেই সময়ৰ কম জনসংখ্যাৰ বেলশিৰি কঁপাই তুলিছিল৷ ইতিমধ্যেই গাঁৱৰ ৰাইজ দৌৰি দৌৰি আমাৰ ওচৰলৈ আহিল৷ মানুহবোৰক মই বেলশিৰি ৰে’ল ষ্টেচনত ৰৈ থাকিবলৈ কৈছিলো৷ বেলশিৰিৰ এই প্ৰকাণ্ড ঢেকীয়াপতীয়াটোৰ নাম থৈছিলো সম্ৰাট৷ সম্ৰাট সঁচাকৈ এটা ধুনীয়া বাঘ আছিল৷ তাক পিছলৈ চিৰিয়াখানালৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল, পিছে সি বন্দিত্ব মানি নল’লে৷ মানুহে যচা খাদ্য প্ৰত্যাখ্যান কৰি সি মৃত্যুকহে আঁকোৱালি ল’লে৷ সম্ৰাট সম্ৰাটৰ দৰেই গ’লগৈ৷

👉 বাৰু খুৰাদেউ, বাঘ নৰখাদক কিয় হয়নো?

উত্তৰ – সাধাৰণতে বাঘ বুঢ়া হ’লে দাঁত, নখ আৰু দেহৰ শক্তি কমি গ’লে পহুৰ দৰে দ্ৰুতগামী চিকাৰ ধৰিব নোৱৰা হয়৷ তেতিয়া মানুহকেই সহজ লক্ষ্য কৰি লয়৷ কেতিয়াবা আকৌ মানুহৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ খোৰা-লেঙেৰা হৈ পৰিলেও নৰখাদক হয়৷ ক্ৰমান্বয়ে সংকুচিত হৈ অহা বিচৰণভূমি আৰু প্ৰাকৃতিক খাদ্যৰ অভাৱৰ বাবেও মানুহ হৈ পৰে বাঘৰ চিকাৰ৷

👉 আপুনি বাঘ ধৰা পিঞ্জৰাটোত কিবা কিটিপ থাকে নেকি?

উত্তৰ- অ, থাকে৷ পিঞ্জৰাটো দীঘলে প্ৰায় দহ ফুট আৰু ওখই চাৰি-চাৰে চাৰি ফুটমান হয়৷ পিঞ্জৰাটোৰ মাজত সাধাৰণ লোৰ জালি এখন থাকে, যাৰ কাৰণে পিঞ্জৰাটোত দুটা কোঠা হয়৷ এটাত টোপ ৰখা হয় আৰু আনটো বাঘ সোমাবৰ বাবে৷ বাঘটো সোমাবৰ বাবে ৰখা দুৱাৰখন মজিয়াৰ লোহাৰ পটী এডালৰ সৈতে ওপৰলৈ এনেভাৱে উঠাই ৰখা হয় যে বাঘটো আহি পিঞ্জৰাৰ মজিয়াৰ পটীডালত ঠেংখন পেলোৱাৰ লগে লগেই দুৱাৰখন পৰি বন্ধ হৈ যায়৷ মজিয়াৰ পৰা ওপৰলৈ দুৱাৰখন ৰছীৰে সংযোগ কৰি ৰখা হয়৷

👉 ট্ৰেংকুলাইজাৰ ব্যৱহাৰ কৰেনে?

উত্তৰ – নাই, নকৰো৷

👉এতিয়ালৈ কিমান চিকাৰ কৰিলে? অসমত তথা বাহিৰত?

উত্তৰ – মুঠ ১০৬ বাৰ৷ মধ্যপ্ৰদেশত ছবাৰ ধৰিছো৷ শেহতীয়াকৈ ধৰিছিলো মঙলদৈত 2001 চনত৷

👉এতিয়ালৈকে আনুষ্ঠানিকভাৱে পোৱা সন্মানসমূহ?

উত্তৰ – অসম সাহিত্য সভাৰ বিলাসীপাৰা অধিৱেশনত মোক ‘প্ৰকৃতিপ্ৰেমী’ উপাধি প্ৰদান কৰিছিল আৰু যোৰহাটৰ এক প্ৰকৃতিপ্ৰেমী সংগঠনৰ পৰা ‘অসম গৌৰৱ’ লাভ কৰিছো৷

👉 মানুহে পেছাগত কামৰ উপৰি কৰিব পৰা বহু কাম থকা সত্ত্বেও আপুনি বাঘ চিকাৰ বিষয়টো কিয় বাছি ল’লে?

উত্তৰ – প্ৰথমতেই ক’ব লাগিব মোৰ দেউতাৰ কথা৷ মোৰ দেউতাও আছিল এজন সুদক্ষ চিকাৰী৷ ক’ৰবাত বাঘৰ উপদ্ৰৱ হ’লে বিভিন্ন কৰ্তৃপক্ষই দেউতাক মাতি পঠিয়াইছিল৷ দেউতাই চিকাৰত পোৱা বাঘৰ পোৱালি, হৰিণৰ পোৱালি, বিভিন্ন চৰাই পোৱালি, সাপ ইত্যাদিৰ সৈতেই খেলি-ধূলি আমি ডাঙৰ হৈছিলো৷ সেয়াই আছিল Inspiration. সৰুতেই মোৰ মনত বন্য জন্তুৰ প্ৰতি এক মোহে থিতাপি লৈছিল৷ দ্বিতীয়তে, বাঘ চিকাৰ মই এই কাৰণেই কৰো যাতে তাক আনে মাৰি পেলাব নোৱাৰে৷ মই জীৱন্তে ধৰো৷ অৱশ্যে বাঘটোৰ উপদ্ৰৱ অতিমাত্ৰা হোৱা পৰিস্থিতিত অন্য একো উপাই নাথাকিলে মই গুলীয়াই মাৰো৷ তেতিয়া খুব দুখ লাগে৷

👉চিৰিয়াখানাৰ জন্তুবোৰ দেখি কি অনুভৱ হয়?

উত্তৰ – চিৰিয়াখানাত, একোটা পিঞ্জৰাৰ ভিতৰত অথবা খুব কম পৰিসৰৰ ভিতৰত সিহঁতে যি বন্দী জীৱন যাপন কৰে, তাকে দেখিলে দুখ লাগে৷ ময়ো বাঘ পিঞ্জৰাবদ্ধ কৰো, কিন্তু সেইবোৰ মই বহু সময়ত গভীৰ অৰণ্যত এৰি দিছো৷ চিৰিয়াখানাত বিভাগীয় কৰ্তৃপক্ষই জীৱ-জন্তুবোৰৰ বিচৰণৰ বাবে অধিক মুকলি ঠাইৰ ব্যৱস্থা কৰিব লাগে৷

👉নিজকে অৱহেলিত অনুভৱ কৰে নে?

উত্তৰ – অৱহেলিত অনুভৱ নকৰো৷ মই এই কামটো অন্তৰৰ পৰাই কৰি ভাল পাওঁ৷ যিটো কামত মই নিঃস্বাৰ্থভাৱে জড়িত, তাৰ পৰা মই কিবা বিচাৰিমেইবা কিয়? এনেক্ষেত্ৰত অৱহেলাৰ প্ৰশ্ন নুঠে৷ ৰাইজক সন্ত্ৰস্ত পৰিস্থিতিৰ পৰা, লগতে বাঘটোক উদ্ধাৰ কৰা – এইবিলাক মোৰ কৰ্তব্য বুলিয়েই ভাবো৷ প্ৰকৃতিৰ প্ৰতি এক আত্মিক আহ্বান অনুভৱ কৰো৷ বচ্৷

👉চকুৰ সমুখতে ঘটি থকা ক্ৰমবৰ্ধমান বনধ্বংস দেখি কি অনুভৱ হয়? এইক্ষেত্ৰত আপোনাৰ নিজা কিবা পদক্ষেপ, কিবা বক্তব্য?

উত্তৰ – খুব দুখ লাগে৷ বিবেকহীন হৈ সব পইছাৰ পিছত দৌৰিছে৷ চোৱাচোন, এক দশকমানো হোৱা নাই, আমাৰ ৰৌতা ফৰেষ্ট, ডিপ্লোঙা ফৰেষ্ট ইত্যাদিবোৰৰ চিন-মোকামো নোহোৱা হৈ গ’ল৷ অবাধ বনধ্বংসৰ বিৰুদ্ধে সুব্যৱস্থা ল’বলৈ মই ব্যক্তিগতভাৱে কেইবাবাৰো বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছো৷ নিজে বহু গছপুলি ৰুইছো, আনক বিলাইছো, ঘৰতে গুটি পচাইছো৷ বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত মোৰ পৰাই গছপুলি বিতৰণ কৰিছো৷ …….বনবিভাগত এতিয়াও বহু পদ খালী হৈ আছে৷ সেইবোৰ পূৰণ কৰাৰ লগতে ব্যৱস্থাবোৰ সময়োপযোগী আৰু আধুনিক কৰিব লাগে৷ নিৰাপত্তা অধিক কটকটীয়া কৰিলে অৰণ্যবোৰে কিছু উপশম পাব৷ এতিয়াও যিবোৰ চোৰাং হৈ আছে, তাৰ এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে৷ চোৰাং চিকাৰীবোৰেও একোটা চিকাৰৰ বিনিময়ত ইমান বেছি টকা নাপায়৷ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰবোৰত এনেকুৱা আন্তঃৰাষ্ট্ৰীয় চক্ৰ কিছুমান আছে যিবোৰে বাঘৰ ছাল, গড়ৰ খৰ্গ ইত্যাদিৰ সৰ্বোচ্চ মুনাফা আদায় কৰে৷ ডাঙৰ চক্ৰ এইবোৰ৷ বিভাগ এইক্ষেত্ৰত অত্যন্ত কঠোৰ হ’বই লাগিব৷ লগতে ৰাইজো সুশিক্ষিত, সজাগ আৰু সচেতন হোৱা যুগুত৷

Leave a Reply

Your email address will not be published. Required fields are marked *