গল্প-কবিতা

জিতেন: এই শতিকাৰ এজন যুৱ প্ৰতিনিধি-(দিমালী ৰাজবংশী)

তিতাৰামৰ আছিল তিনিটা ল’ৰা ছোৱালী৷ ল’ৰা এটা ছোৱালী দুজনী৷ ছোৱালী দুজনী বিয়া দিয়াৰ পিছত ল’ৰাটোকো বিয়া পাতি দিয়া হ’ল৷ ল’ৰাটোৰ ভাগৰ আকৌ চাৰিটা ল’ৰা– ছোৱালী এজনী হ’ল৷ তাৰ পিছত তিতাৰাম ঢুকাই থাকিল৷

তিতাৰামৰ ঘৈণীয়েক আছিল পূৰ্ণিমা৷ পূৰ্ণিমাৰ মাথা বেয়া হ’ল৷ পগলা বুঢ়ীক ঘৰতে বন্দী কৰি ৰাখিব লগাত পৰিল৷ এদিন বুঢ়ীয়ে নিজেই তামোল খুণ্ডা ‘গাইনডালেৰে’ মূৰত মাৰি লৈ সিপুৰি পালে৷

তিতাৰামৰ পুতেকৰ জীৱন আৰম্ভ হ’ল৷ ইতিমধ্যে ডাঙৰটো পুতেকে GMCH ত কেজুৱেল চাকৰি এটা পালে৷ অলপ সকাহ হ’ল৷ বাকী তিনিটা পুতেক স্কুললৈ গৈ আছিল৷ বাপেকে ভাবিলে পঢ়ি শুনি কি লাভ? কাঠ মিস্ত্ৰিকে কৰা ভাল৷ সেয়ে দুজনক বাদ দিয়ালে৷ ছোৱালীজনী আৰু সৰু পুতেক স্কুললৈ গৈ থাকিল৷

ছোৱালীজনীয়ে এটা ল’ৰা ভাল পালে৷ বাপেকে ভাবিলে ধুনীয়া ছোৱালী কৰবাত ‘বেয়া জাগাত’ যোৱাৰ আগতে বিয়া দিয়াই ভাল৷ ভবা কথা ফলিয়ালে৷ স্কুল এখনৰ চকীদাৰ এটালৈ তাইক বিয়া দিয়া হ’ল৷

আমাৰ গল্পৰ নায়ক জিতেনৰ আকৌ জীৱন এতিয়াহে আৰম্ভ হ’ল৷ মেট্ৰিক দিলে৷ ১৯৯৩ চনত ৭৩ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ অঞ্চলটোত তাৰ নাম ৰজনজনাই গ’ল৷ কলেজত নাম লিখিলে৷ চাৰি কিঃমিঃ পথ খোজ কাঢ়ি, তাৰ পাছত বাকীছোৱা বাছ ধৰে, তেনেকৈয়ে কলেজলৈ অহা যোৱা কৰে। অ’ পাহৰিছিলোঁৱেই, জিতেনৰ আকৌ নাটকৰ প্ৰতি বৰ ৰাপ আছিল৷ স্কুলত সি কেবাবাৰো পুৰস্কাৰো পাইছিল৷ সেই সময়ত অৱশ্যে স্কুলবোৰত একাংকিকা নাটকৰ প্ৰদৰ্শন, প্ৰতিযোগিতা ইত্যাদি এক বিশেষ পৰম্পৰাগত সংস্কৃতিৰ দৰেই আছিল! কলেজত সি ‘ভিলেজ ৰ’কষ্টাৰ’ ৰীমা দাসৰ লগত নাটকো কৰিছিল! বন্ধুত্ব আছিল তেওঁৰ সৈতে তাৰ৷

জিতেনে দ্বাদশ উত্তীৰ্ণ হৈছিল৷ অৱশ্যে ফলাফল সিমান ভাল হোৱা নাছিল৷ এইবাৰ সি দ্বিতীয় বিভাগ পাইছিল। কলেজত নাম লগাবলৈ জিতেনৰ পইছা নাছিল৷ Gmch ত কেজুৱেল খাটি থকা ককায়েকক সি পইছা খুজিছিল৷– “নাই! দিবা নোৰু মই পইছা!” জিতেন উভতি আহিছিল৷ পঢ়া জীৱন তাৰ সিমানতে অন্ত পৰিছিল৷

এছোৱা সময় আছিল খুব ভয়ংকৰ৷ মানুহে খাবলৈ চাউল পোৱা নাছিল৷ কিছুমানে ৰঙালাউ, কিছুমানে বনৰীয়া কচু, কিছুমানে কলপাত সিজাই খাইছিল৷ দুৰ্ভিক্ষৰ সেই সময়ছোৱাত জিতেনে আকৌ নদীৰ পানীকে খাইছিল৷ ভোকৰ পেট কোনোমতে পুৰাইছিল৷

জিতেনৰ একো উপৰ্জনৰ পথ নাছিল৷ সি কাঠমিস্ত্রি শিকা নাছিল৷ জানিছিল কেৱল বাঁহ-বেতৰ কাম। বাঁহ-বেতেৰে সি বিচনী, চকী, খৰাহী, ঢাৰি, মূঢ়া বনাইছিল৷ ঘৰখন পুহিছিল৷ জিতেনৰ ভায়েক দুটা ইতিমধ্যে বাহিৰলৈ কাম বিচাৰি গৈছিল৷ ক’ৰবাৰ কাঠৰ মিলত কাম কৰিছিল৷

জিতেনৰ বাঁহ-বেতৰ কাম নচলিল৷ সি এইবাৰ তামোলৰ বেপাৰত লাগিল৷ গাঁৱৰ মানুহৰ পৰা সি তামোলৰ ফল গছতে কিনে, পাৰে, তাৰ পাছত বজাৰলৈ নি বস্তা হিচাপত বিকে৷ নাই তামোলৰ বেপাৰতো তাৰ লাভ নহ’ল৷ অৱশ্যে খেৰী ঘৰৰ খেৰ গুছাই সি টিং কেইখনমান লগালে৷ মুঠতে ঘৰৰ ছালেৰে পানী পৰা ফুটা মাৰ গ’ল৷

১০

শিক্ষকৰ চাকৰি কিছুমান ওলাল৷ বিধায়কৰ প্ৰিয় মানুহ কিছুমানক নিযুক্ত কৰা হ’ল। জিতেনে গৈ বিধায়কক লগ কৰিলে, “মহোদয়, অঞ্চলটোত শিক্ষাৰ ক্ষেত্রত মোৰেই ফলাফল আটাইতকৈ ভাল৷ চাকৰি এটা মোৰো প্ৰাপ্য৷ মোকো চাকৰি এটা দিয়ক।” নাই, জিতেনে চাকৰি নাপালে৷ বিধায়কৰ প্ৰতিশ্ৰুতি অথলে গ’ল৷ চাকৰি পালে গোপাল ‘দালাল’ৰ ভাগিনীয়েকে আৰু ‘মোলো’ দালালৰ পুতেকে৷ যি দুজনে দুবাৰকৈ ফেইল কৰি তৃতীয়বাৰতহে কোনোমতে মেট্ৰিক পাছ কৰিছিল৷ সেয়াও আকৌ কম্পাৰ্টমেন্টেলত! হয়, সেই সময়ত অসমৰ বিধায়কসকলে অজস্ৰ যোগ্যক বঞ্চিত কৰি ‘অলগদ্ধ’ কিছুমানক নিযুক্তি দিছিল৷ আৰু বিভাগবোৰ? বিভাগৰ বৰমূৰীয়াবোৰ আছিল একো একোজন Nonsense, Idiot৷

১১

জিতেনে গৈ বিৰোধী ৰাজনৈতিক দলত যোগদান কৰিলে৷ অ’ পাহৰিছিলোঁৱে জিতেনে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছতে আলফাৰ ল’ৰা কিছুমানো সঘনে আহিছিল তাক নিবলৈ৷ তাৰ লগত সিহঁতৰ যুক্তি-তৰ্ক হৈছিল। তাক এৰা নাছিল, আনকি সিহঁতে তাক ভাবুকিও দিছিল৷ মাক-দেউতাক আৰু ঘৰখনৰ দোহাই সি যাব খোজা নাছিল৷ মাৰিলেও মাৰক, দৃঢ় স্থিতিত সি সবল আছিল৷

১২

বিৰোধী দলে তাক পাই ভালেই পালে৷ অসম আন্দোলনৰ পাছত কংগ্ৰেছৰ জনসমৰ্থন একেবাৰে কমিছে৷ জিতেনৰ দৰে শিক্ষিত ল’ৰা পালে দলটোৰ সম্পদ৷ সিহঁতে তাক খণ্ড পৰ্য্যায়ৰ দায়িত্বও দিলে। নিৰ্বাচনৰ বতৰ৷ ৰং, বেনাৰ/পোস্তাৰ লৈ জিতেন ৰাতিপুৱাই ওলাই যায়, গধূলিহে আহে৷ ‘বাঙালপাৰ’ত গৈ সি ঘৰে ঘৰে মানুহক বুজাই, কিয় কংগ্ৰেছক ভোট দিব লাগে৷ গাঁৱত তাক বাদে এজনো ‘কংগ্ৰেছী’ নাই৷ সি লগোৱা কংগ্ৰেছৰ বেনাৰ/ পোস্তাৰ, দেৱাল লিখন ৰাতিয়ে কোনোবাই মচি দি থয় এদিন সি এজনক ধৰা পেলালে৷ এখন ডাঙৰ কাজিয়া হ’ল৷ মানুহবোৰৰ বিচাৰ বহিল৷ বিচাৰ মানে আৰু কি? ১০০ জনৰ ৯৯ জনেই এজিপি, বাকী এজন কেৱল কংগ্ৰেছ। তাকো সি! স্বাভাৱিকতে বিচাৰত তাক দোষী সাব্যস্ত কৰা হ’ল৷ সমাজৰ সন্মুখত কাণত ধৰালে। লাজে, খঙে, অপমানে একো কৰিব নোৱাৰিলে। অৱশ্যে সমাজৰ ‘নেতা’ কেইজনক সি চিনি থ’লে৷

১৩

কংগ্ৰেছৰ জয় হ’ল৷ জিতেনে গাঁৱত অকলে বহুত বোম ফটকা ফুটালে৷ জিতেনৰ মাকে চুবুৰীয়াক মাতি আনি ৰুতি-মাংস খুৱালে৷ মানুহবোৰে আলোচনা কৰিবলৈ ল’লে, এইবাৰ জিতেনৰ চাকৰি হ’ব৷ আনকি কোনোবাই সুধিলে মাকেও কথাটোত হয়ভৰ দিলে৷

১৪

পঞ্চায়তত চাকৰি ওলাইছে, জিতেনে বিধায়কৰ ওচৰ পালে৷ বিধায়কে ক’লে, হ’ব ৰ’বা তোমাক দিম। শিক্ষকৰ চাকৰি ওলাল, জিতেনে বিধায়কলৈ পিচিঅ’ৰ পৰা ফোন লগালে৷ বিধায়কে ক’লে, মাষ্টৰী চাকৰি কৰিব নালাগে, তোক গেলি মই বেলেগ চাকৰিৰ কথা ভাবি থৈছোঁ। জিতেনো নিৰাশ নহয়, বিধায়কে তাক বৰ মৰম কৰে। সমষ্টিৰ প্ৰতিখন মিটিঙতে জিতেনে ঘোষণা কৰে৷ তাৰো লালসা বাঢ়ে৷ মাজতে দুই এটা সৰু সুৰা ঠিকাৰ কাম পায়। ঠিকা মানে বালী কেইগাড়ীমান আৰু শিল কেইগাড়ীমান নিয়াৰ দায়িত্বহে মাথো তাক দিয়ে৷

১৫

পঞ্চায়তৰ নিৰ্বাচনৰ সময় হয়৷ বহুতে কয় জিতেনৰ জনপ্ৰিয়তা আছে, অনায়াসে জয়ী হ’ব সি, তাক টিকট দিব লাগে৷ জিতেনেও আশা পালি ৰৈ থাকে৷ জিতেন নিশ্চিত টিকট পাব, বিধায়কে তাক মৰম কৰে৷ পূৰ্ণ প্ৰস্তুতি তাৰ মনৰ মাজত চলে৷ ৰাজনীতিত শেষ হাঁহি ঠগ-ডগাবজজনেই মাৰে৷ কোনোদিন দলৰ হৈ কাম নকৰা জয়ন্ত চালফাক দলে ভোট খেলিবলৈ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ টিকটটো দিয়ে। বিধায়কে জিতেনক ঘৰলৈ মাতি পঠিয়াই, কয়, চা তই বেয়া নাপাবি৷ অহাবাৰ তোক টিকট দিম, তোৰ আত্মীয় কুটুম্বক দিবলৈ চাৰিখন দুটকীয়া/চাৰি টকীয়া চাউলৰ কাৰ্ড লৈ যা৷ ঘৰ এটাও তই পাবি৷ তোক দিম৷ এই টকা পাঁচ হাজাৰ লৈ যা৷ তই মুঠতে জয়ন্ত চালফাক অলপ লাগি দে। জিতেনৰ মন বেয়া। জয়ন্ত চালফাই আহি তাৰ ঘৰতে কাৰ্যালয় পাতে৷ দায়-দায়িত্ব সকলো জিতেনকে দিয়ে৷ জিতেনৰ উপায় নাথাকে। জয়ন্ত জয়ী হয়৷ পঞ্চায়তৰ কাম কাজৰ ল’বী বদলে৷ লাহে লাহে জিতেন এলাগী হয়৷ সিয়ো আৰু আগৰ দৰে দলৰ কামত লাগি দিবলৈ উৎসাহ অনুভৱ নকৰে৷

১৬

অৱশ্যে গাঁৱত, অঞ্চলটোত জিতেনক সকলোৱে জানে সি যে এটা ‘ডাঙৰ লীডাৰ’৷ কিয়নো তাৰ কথামতেই বহু কেইটা মছজিদৰ টকা আহিছে, বহুকেইটা ক্লাব, মন্দিৰ, নামঘৰে অনুদান লাভ কৰিছে। সামাজিক কামতো সি সক্ৰিয় থাকে৷ ওচৰৰ বিহু মঞ্চ বোৰত তাক প্ৰায়ে ‘ফিটা কাটিবলৈ’, মঞ্চ উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হয়৷

১৭

মূল বিধান সভাৰ নিৰ্বাচন সমাগত হয়৷ গুৱাহাটীত ৰাজনৈতিক সমীকৰণ সলনি হয়। পূৰ্বৰ বিধায়কে টিকট নাপায়৷ জিতেনৰ মন একেবাৰে মৰহি যায়৷ সি লাহেকৈ নিজকে ৰাজনীতিৰ পৰা আঁতৰাই আনে৷

১৮

পঞ্চায়তত এবাৰ সি ‘ফিল্ড ভিজিত’ কৰাৰ কাম এটাত ‘ইন্টাৰভিউ’ দিছিল৷ তাক কামটো ডি. চি. অফিচৰ পৰা দিয়া হৈছে৷ নিযুক্তি পত্র ডাকত আহিছে৷ সি গৈ যোগদান কৰিলে। ঠিকাভিত্তিক পদবীটোত তাৰ দুবছৰ পাৰ হ’ল। বিভাগীয় মূৰব্বীৰ পৰা জনোৱা হ’ল যে সেই পদটোত নতুনকৈ ‘ইন্টাৰভিউ’ লৈ স্থায়ী নিযুক্তি দিব লাগে৷ ৰাজনৈতিক সমীকৰণ চলিল৷ জিতেন ক’লৈকো নগ’ল, পালে পাব নাপালে নাই৷ তথাপি ক্ষীণ আশা এটা সি কৰিলে৷ চুবুৰীৰে ৰজতে ‘টকা আৰু ৰাজনৈতিক লিংক’ লগালে৷ অৱশেষত চাকৰিটো ৰজতেই পালে৷ জিতেনক পুৰণি ঠিকাভিত্তিক পদটোৰ পৰাও বৰখাস্ত কৰা হ’ল। জিতেনে কেতিয়াও মদ নাখাইছিল। সেইদিনা সি দুখতে খালে৷ খাই ‘বাইক চলাই’ আহোঁতে দলঙৰ তলত সি পৰিল৷ ৰজতে তাক দেখিও পাৰ হৈ গ’ল৷

১৯

বয়স হৈ আহিছিল৷ চাকৰিৰ আবেদনৰ বয়স পাৰ হ’বলৈ আৰু মাথোঁ কেইমাহমানৰ বাকী৷ তেনেতে ‘টেট পৰীক্ষা’ৰ আয়োজন কৰা হ’ল৷ সি বৰ আগ্ৰহেৰে যি পাৰে পঢ়িলে৷ পৰীক্ষা দিলে কিন্তু উত্তীৰ্ণ হ’ব নোৱাৰিলে৷

২০

বিয়াৰ বয়স পাৰ হৈছিল৷ ইতিমধ্যে মাক-বাপেকৰ লগতে পেহীয়েকো তাৰ সংসাৰত লগ লাগিছিল৷ স্বামীঘৰ এৰি পেহীয়েক একেবাৰে উভতি আহিছিল৷ তথাপি তাৰ বিয়াৰ যো-জা চলিছিল৷ ইতিমধ্যে তাৰ ভালপোৱা ৰেৱতীয়ে তাক এৰি বিয়া হৈছিল৷ পূৰ্ণিমায়ো তাৰ চাকৰি নোহোৱাত তালৈ নাহে বুলি চূড়ান্ত সিদ্ধান্ত জনাইছিল৷ সি কইনাৰ কথা মাক বাপেকৰ হাতত এৰি দিছিল৷ তেনেতে এটা অঘটন ঘটিল৷ গুৱাহাটীৰ ককায়েকৰ বিবাহ বিচ্ছেদ হ’ল৷ মাক বাপেকে ককায়েকৰ বিয়ালৈহে চিন্তিত হ’ল৷ জিতেনৰ বিয়া তল পৰিল৷ ককায়েকৰ বিয়াৰ উৰুলি বাজিল!

২১

জিতেনে এদিন এজনী ছোৱালী জোকালে৷ অকণমানি ছোৱালী৷ স্নাতক পঢ়ি আছে৷ জিতেনক তাই সৰুৰ পৰা জানে৷ জিতেন তাইৰ আদৰ্শ৷ তাইৰ মাহীয়েকৰ ঘৰ জিতেনৰ গাঁৱতে৷ তেনেকৈয়ো তাই জিতেনৰ বিষয়ে বহুত কথা জানিছে। জিতেনে ক’লে, — মোলৈ বিয়া হ’বা৷ — হ’ম৷ যদি আপুনি বিয়া পাতি নিয়ে৷– মোতকৈ বহুত সৰু হ’বা তুমি৷ মানুহে কি ক’ব? — মোৰ একো আপত্তি নাই। মানুহৰ কথাত মই বেছি মন নিদিওঁ! চূড়ান্ত হ’ল জিতেনে বিয়া কৰাব৷ তাৰিখ কৰিবলৈ গৈ এক্সিডেণ্ট হ’ল৷ বাপেক ঢুকাই থাকিল৷ জিতেনৰ বিয়া তেনেকৈয়ে পৰিল৷

২২

জিতেন আছে৷ জিতেনৰ মাক আছে৷ জিতেনৰ পেহীয়েক আছে৷ পেহীয়েকে চকুৰে নেদেখে৷ তেনে এখন সংসাৰলৈ কোন ছোৱালী আহিব? জিতেনৰ ইতিমধ্যে বয়সে ভাটি দিছে৷

২৩

জিতেনে এখন নিজাকৈ স্কুল খোলে৷ অৱশ্যে ল’ৰা-ছোৱালীবোৰক সি আবেলিহে পঢ়ায়৷ ‘আবেলিৰ-স্কুল’ তাৰ স্কুলখনৰ নাম৷ ‘ফিজ’ নলয়, অভিভাৱকে খুচি কৰি যি দিয়ে সেয়া সি স্কুলখনৰ উন্নয়নতে খৰচ কৰে৷
‘আবেলিৰ স্কুল’ত ‘কিতাপ’ নাই৷ ‘হাতে-কামে, খেলা-ধূলাই শিক্ষা’৷
‘আবেলিৰ স্কুল’ৰ এখন প্ৰাচীৰ পত্রিকা আছে, প্ৰতি সংখ্যাৰ নিৰ্দিষ্ট কিছুমান বিষয় থাকে, যেনেঃ মৰম, দয়া, মূল্যবোধ, আমাৰ আচৰণ, মাত-কথা, সামাজিক সেৱা…
জিতেনৰ স্কুলত দিনে দিনে ল’ৰা-ছোৱালী বৃদ্ধি হয়৷

২৪

জিতেনে এখন তামোলৰ বাৰী পাতিলে৷ লগত হালধি, কল, শাক-পাচলি…
জিতেনহঁতৰ এটা পুখুৰী আগৰে পৰাই আছিল, সি নতুনকৈ তাৰ পাৰ বন্ধালে৷

২৫

আজিকালি ৰাজনৈতিক দলবোৰ জিতেনৰ ঘৰলৈ আহে৷ গামোচা শৰাই-মানপত্র আদি দিয়ে৷
জিতেনহে ক’লৈকো নাযায়৷
জিতেন এক অনুষ্ঠান!
গাঁৱৰ মানুহে জিতেনৰ আদৰ্শ গ্ৰহণ কৰে৷

২৬

আজিকালি জিতেনে কেৱল নিজৰ গাঁওখনক জানে৷ গাঁওখনৰ ল’ৰা-ছোৱালীবোৰৰ ভৱিষ্যত সি গঢ় দিবলৈ চেষ্টা কৰে৷
নতুন প্ৰজন্মৰ কোনোবাই হতাশ হৈ পথভ্ৰষ্ট হওক আৰু আত্মবিশ্বাস হেৰুৱাই পেলাওক— জিতেনে সেইখিনি হ’বলৈ দিব নোৱাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *