অনুবাদপ্ৰবন্ধ

জীয়াই থকাৰ তাগিদাত কবৰ খন্দা এজন সৈনিক ।। মূল: প্ৰবুদ্ধ বন্দ্যোপাধ্যায় অনুবাদ : তৰালী শৰ্মা

মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা

(অনুবাদকৰ টোকা: ‘প্ৰতিদিন রোববার.in’ নামৰ এখন বঙালী ভাষাৰ অনলাইন আলোচনীত প্ৰকাশিত প্ৰবুদ্ধ বন্দ্যোপাধ্যায়ৰ ডন ম্যাকলিনৰ ‘দ্য গ্ৰেভ’ শীৰ্ষক যুদ্ধ বিৰোধী গীতটোৰ ওপৰত আগবঢ়োৱা আলোচনাটোক অনুবাদ কৰাৰ চেষ্টা কৰিছিলোঁ। মূল লেখাটো প্ৰকাশ পাইছিল ২০২৪ চনৰ অক্টোবৰ মাহৰ ৪ তাৰিখে। কিন্তু বৰ্তমান সময়ত ইজৰাইল -পেলেষ্টাইন যুদ্ধই যিদৰে সমগ্ৰ বিশ্বকে সচকিত কৰি তুলিছে তাৰ পৰিপ্ৰেক্ষিতত এই লেখাটোৰ প্ৰয়োজনীয়তা আছে যেন বোধ হৈছে। যুদ্ধকালীন অৱস্থাত সাধাৰণতে শাসক শ্ৰেণীয়ে সাধাৰণ লোকৰ মনত জাতীয়তাবাদী চেতনা জাগ্ৰত কৰাবলৈ অহৰহ চেষ্টা চলাই থাকে আৰু বীৰত্বৰ কথা কৈ, নিজ জাতিৰ অস্তিত্বৰ সংকটৰ কথা কৈ বহু যুৱ প্ৰজন্মক সামৰিক বাহিনীত যোগদান কৰিবলৈ উদ্বুদ্ধ কৰায়। হিটলাৰৰ সময়তো দেখা গৈছিল বহুতো যুৱকেই হিটলাৰৰ কথাৰে উদ্বুদ্ধ হৈ যুদ্ধত নিজৰ জীৱন উৎসৰ্গা কৰাটো এটা বীৰত্বৰ চিন বুলি গণ্য কৰিছিল। এই ফেচিষ্ট শক্তিবোৰে নিজৰ শক্তি প্ৰতিষ্ঠাৰ বাবে সাধাৰণ এই সৈনিকসকলৰ জীৱন আহুতি দিছিল। কিছুদিন আগতে মই চোৱা এখন চিনেমাৰ লগত গীতটোৰ এক সামঞ্জস্য লক্ষ্য কৰিছোঁ। ‘All Quiet on the Western Front’ হৈছে ১৯২৯ চনত এৰিখ মাৰিয়া ৰেমাৰ্কৰ দ্বাৰা ৰচিত একে নামৰেই উপন্যাসৰ আধাৰত ২০২২ চনত নিৰ্মিত এখন জাৰ্মান যুদ্ধবিৰোধী ছবি। এই চিনেমাখন প্ৰথম বিশ্বযুদ্ধৰ পটভূমিত নিৰ্মিত। এই চিনেমাখনত পল বাউমাৰ নামৰ এজন জাৰ্মান যুৱকৰ জীৱন কাহিনী প্ৰতিফলিত হৈছে। বিশেষকৈ পল আৰু তেওঁৰ কেবাজনো বন্ধু হিটলাৰৰ ভাষণৰ দ্বাৰা প্ৰৰোচিত হৈ সামৰিক বাহিনীত যোগদান কৰাৰ পিছত যুদ্ধৰ প্ৰকৃত ছবিখনৰ মুখামুখি হৈছিল। কিন্তু সেই সময়ত তেওঁলোকৰ বাবে তাৰ পৰা ওভতনি যাত্ৰাটো একেবাৰেই সম্ভৱপৰ নাছিল। পলে সেই যুদ্ধত তেওঁৰ আটাইকেইগৰাকী শৈশৱৰ বন্ধুকেই হেৰুৱাইছিল আৰু শেষত আত্মৰক্ষাতহে গুৰুত্ব দিছিল। যি সময়ত উচ্চ পদস্থ বিষয়াসকলে বিলাসী কোঠাত বহি বিবিধ খাদ্য সামগ্রীৰে পেট পূৰাই যুদ্ধৰ পৰিকল্পনা কৰিছিল সেই সময়তেই সাধাৰণ সৈনিকসকলে খাদ্যৰ অভাৱত ওচৰৰ গাঁৱৰ পৰা হাঁহ, হাঁহ কণী চুৰি কৰিবলগীয়াত পৰিছিল। আটাইকেইজন বন্ধুকেই হেৰুৱাই পল অকলশৰীয়া হৈ পৰিছিল। ১১ নৱেম্বৰত এৰ্জবাৰ্গাৰৰ প্ৰতিনিধি দলে সেই দিনা দিনৰ ১১ বজাৰ পৰা কাৰ্যকৰী হ’বলগীয়া যুদ্ধ বিৰতিৰ প্ৰস্তাৱত স্বাক্ষৰ কৰাৰ পিছত সৈনিক সকলৰ মাজত এক আনন্দৰ ঢল নামিছিল যদিও সেয়া আছিল তেনেই ক্ষন্তেকীয়া সুখানুভূতি। জাৰ্মানসকলৰ জয়েৰে যুদ্ধৰ অন্ত পেলাব বিচৰা সেনা প্ৰধান ফ্ৰেড্ৰিচে ১০:৪৫ ত পুনৰ আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে। সৈনিকসকলক কয় যে তেওঁলোকে নিজ নিজ ঘৰলৈ উভতি গ’লে কেনে সম্ভাষণ বিচাৰে, বীৰৰ দৰে নে কাপুৰুষৰ দৰে। যদি বীৰৰ দৰে আদৰণি বিচাৰিছে তেন্তে তেওঁলোকে শেষ মূহুৰ্তলৈ যুদ্ধ কৰিব লাগিব। আৰু এই আদেশ অমান্য কৰিবলৈ বিচৰা সৈনিকসকলক গুলিয়াই হত্যা কৰা হৈছিল। উপায় নাপাই বাকী থকা সৈনিকসকলে পুনৰ ফৰাচী সৈন্যৰ ছাউনীত আক্ৰমণ কৰে, কিন্তু শেষত পলেও মৃত্যুক আকোঁৱালি ল’ব লগা হয়। নিজ স্বাৰ্থ সিদ্ধিৰ বাবে, ক্ষমতা লাভৰ বাবে বিভিন্ন সময়ত শাসক শ্ৰেণীয়ে এই সাধাৰণ সৈনিকসকলক ব্যৱহাৰ কৰি আহিছে। এইসকল লোকৰ জীৱনৰ বিনিময়ত একোটা শক্তিয়ে প্ৰতিষ্ঠা লাভ কৰে কিন্তু তেওঁলোকৰ জীৱনক কোনো মূল্য দিয়া নহয়। ক্ষমতাৰ লালসা, পুঁজিৰ লালসাই মানুহৰ মানৱীয় অনুভূতিবোৰ নোহোৱা কৰি পেলাইছে। গাজাত যি ধৰণৰ  আক্ৰমণ, হত্যাকাণ্ড চলিছে সেয়া অতি অমানুষিক। এই ফেচিষ্ট শক্তিবোৰৰ বিৰুদ্ধে গোটেই বিশ্ব একত্ৰিত হোৱাটো জৰুৰী।)

যুদ্ধবিৰোধী গীত কি? যিয়ে কেৱল যুদ্ধৰ বিৰোধিতা কৰে? গীতটোত সাধাৰণ মানুহক ভাঙি-ছিঙি চূৰমাৰ কৰাৰ কথা জানো কোৱা নাই। যুদ্ধৰ ফলত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক কাঠামো কেনেকৈ ভাঙি যায় সেই কথা জনোৱাটোও যুদ্ধবিৰোধী গীতৰ কাম নহয়নে? যুদ্ধ যে ধনী লোকসকলক অধিক ধনী কৰাৰ উপায় আৰু দৰিদ্ৰলোকসকলক দৰিদ্ৰতাৰ গভীৰতাত ডুবাই যোৱাৰ কৌশল, এইবোৰো কি যুদ্ধবিৰোধী গীতৰ গীতিকাৰজনৰ বিষয়বস্তু নহয়?

একবিংশ শতিকাত যুদ্ধ বুলি ক’লে আন এক ভয়ে মোক খেদি ফুৰে। সেইটোৱে হৈছে পাৰমাণৱিক বোমাৰ ভয়। ক্ষমতাৰ প্ৰদৰ্শন কৰিবলৈ যদি কোনো শক্তিশালী ৰাষ্ট্ৰই বোমা নিক্ষেপ কৰে তেন্তে কি হ’ব? কিন্তু আজি যিটো গীতৰ কথা ক’ম তাৰ দৃষ্টিভংগী সম্পূৰ্ণ বেলেগ। গীতটোৰ লেখক আৰু সুৰকাৰ ডন মেকলিন, গীতটো ‘দ্য গ্ৰেভ’। ডন ম্যাকলিনে যে বহুত প্ৰতিবাদী গীত লিখিছিল এনে নহয়। কিন্তু তেওঁৰ বহু গীতত মই প্ৰতিবাদ আৰু প্ৰতিকাৰৰ আভাস পাওঁ। তেওঁ কেতিয়াও প্ৰত্যক্ষভাৱে নাগৰিক অধিকাৰ আন্দোলনত যোগদান কৰা নাছিল যদিও তেওঁ চকু বন্ধ কৰিও জীয়াই থকা নাছিল, অতি সূক্ষ্মভাৱে যুদ্ধৰ বিৰোধিতা কৰিছিল, হিংসাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল। পিট ছিগাৰে তেওঁক তেওঁৰ লগত যোগ দিবলৈ, একেলগে গান গাবলৈ অনুৰোধ কৰিছিল যাতে প্ৰতিবাদৰ সুৰটো আৰু শক্তিশালী কৰি তুলিব পাৰে। কিন্তু তেওঁ অকলে, স্বতন্ত্ৰভাৱেই গান গাব বিচাৰিছিল। আচলতে তেওঁ ডাঙৰ হৈছে সেই সময়ত যি সময়ত বিটলছৰ যুগে শিখৰত উপনীত হৈছিল। আহি গৈছে ৰলিং ষ্টোনছ, জেথ্ৰ’ টাল, পিংক ফ্লয়েড। আৰু ব্ৰডৱে সংগীতেও নিজৰ স্থান আৰু জনপ্ৰিয়তা বজাই ৰাখিছে। আটাইতকৈ উল্লেখযোগ্য কথা হ’ল বব ডিলান, জন বায়েজে নাগৰিক অধিকাৰ আন্দোলনৰ গীত গাইছে। ডন মেকলিনে একক গীত গাইছে, কান্ধত গীটাৰ লৈ। তেওঁ দি আছে এক অদ্ভুত মানৱতাৰ বাৰ্তা। মানৱ সভ্যতা, মানৱ সভ্যতাৰ বিফলতাৰ কথা তেওঁ কৈ গৈছে, কৈয়ে গৈছে। তেওঁ গায় ‘ভিনচেণ্ট’ৰ কথা, যিয়ে জীয়াই থাকিবলৈও ভাল নাপালে, মৰিবও বিচৰা নাছিল। এনে এজন গীতিকাৰৰ যুদ্ধবিৰোধী গীতে এক সুকীয়া সুৰ, এক সুকীয়া দৃষ্টিভংগী, এক সুকীয়া মাত্ৰা কঢ়িয়াই আনিব।

পীট চিগাৰৰ লগত ডন মেকলিন

নিজৰ দেশতেই হওক বা আন দেশতেই হওক যেতিয়াই যিকোনো ঠাইত যুদ্ধ হয়, তেতিয়াই জাতীয়তাবাদে এক অতি গুৰুত্বপূৰ্ণ অনুঘটক হিচাপে কাম কৰে। সৈনিকসকলক গুলীচালনা কৰিবলৈ, তেওঁলোকৰ মনোবল শক্তিশালী কৰিবলৈ বাৰে বাৰে জোৱানসকলৰ জাতীয়তাবাদী অনুভূতি জগাই তোলা হৈছিল। পৃথকে পৃথকে শলাগ লোৱা হয়, পৃথকে সন্মান জনোৱা হয়। যদি শ্বহীদ হয়, তেন্তে তেওঁক দেশৰ সৰ্বোচ্চ পদক দিয়া হয়, যুদ্ধত জয়ী হ’লে দেশ নায়ক আখ্যা দিয়া হয়। কিন্তু আমি কেতিয়াবা পাহৰি যাওঁ যে যুদ্ধক্ষেত্ৰলৈ যোৱাজন, ঘৰৰ পৰা ওলাই যোৱাজনো এজন সাধাৰণ মানুহ। যুদ্ধক্ষেত্ৰলৈ যোৱাৰ আগৰ মানুহজন হেৰাই যায়। তেওঁৰ জানো মৃত্যু ভয় নাই ? তেওঁ জানো ঘৰ এৰি ওলাই আহিবলৈ ভয় নকৰে? সৈনিকৰ দৰে সাজ-পোছাক পিন্ধিব? সৈনিকজনৰ অনুভৱবোৰ স্পষ্ট হৈ উঠা উইলফ্ৰেড ওৱেনৰ ‘ফুটিলিটি’ কবিতাটোৰ কথা মনত পৰি যায়। যুদ্ধক্ষেত্ৰত যিকোনো সৈনিকে আচলতে এনেকুৱাই অনুভৱ কৰেনে? ডন মেকলিনৰ এই গীতটো কোনো নায়কক লৈ নহয়, যুদ্ধলৈ ভয় কৰা এজন সাধাৰণ মানুহকলৈহে।

গীতটিৰ আৰম্ভণি হয় এজন সৈনিকৰ মৃত্যুৰ পৰা। তেওঁৰ বাবে একমাত্ৰ এটা কবৰ খন্দা হৈছে। আৰু এই মৃত্যু এটা উৎসৱৰ দৰে। বুজিবলৈ মাত্ৰ আৰম্ভণিৰ শব্দবোৰ চাওক –

The grave that they dug him had flowers
Gathered from the hillsides in bright summer colors

তেওঁৰ কফিনটো উজ্জ্বল গ্ৰীষ্মকালীন ফুলেৰে সজাই তোলা হৈছে।

And the brown earth bleached white
At the edge of his gravestone

এই মৃত্যু শোকত মাটিও শুকাই গৈছে। মাটিও কান্দি কান্দি এতিয়া জলশূন্য। মাটি এতিয়া শুকান, এই মাটিৰ পৰা এতিয়া ফচল আশা কৰিব নোৱাৰি। ব্লিচিং পাউদাৰ চতিয়ালে যেনে হয়, মাটিয়েও ঠিক তেনেকুৱা বগা ৰং লৈছে।

He’s gone

মানুহজন আছিল, মানুহজন গুচি গ’ল।

গীতটোৱে এতিয়া অতীত ৰোমন্থন কৰিব। গীতটো মৃত্যুৰ মাজেৰে জীৱনৰ দিশে ধাৱমানিত হ’ব। কবৰৰ ওপৰত ৰঙীন ফুল ছটিয়াই দিয়া হৈছে। ডন মেকলিনে এই ৰঙীন ফুলবোৰক মৃত্যুৰ পৰিহাস হিচাপে ব্যৱহাৰ কৰিছে। তেনেহ’লে জীৱনে কেনেকৈ মৃত্যুক জয় কৰিব পাৰে? সেইটো চাওঁ আহক।

When the wars of our nation did beckon
The man, barely twenty, did answer the calling
Proud of the trust
That he placed in our nation

এই সৈনিকজন কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ আগতে, যুদ্ধক্ষেত্ৰলৈ যোৱাৰ আগতে অতি গৌৰৱান্বিত হৈছিল। তেওঁ ভাবিছিল যে দেশ তেওঁৰ পক্ষত আছে, তেওঁৰ দেশৰ জনসাধাৰণ তেওঁৰ পক্ষত আছে, সকলোৱে তেওঁক বীৰ বুলি অভিহিত কৰিছে, সকলোৱে তেওঁৰ ফালে চাই ৰৈছে। তেওঁ বৰ সুখী হৈছিল। কিন্তু দেশ কেতিয়াও কাৰো কাষত থিয় নহয়, দেশে কেতিয়াও চকুপানী নুটোকে, দেশ কেতিয়াও অসহায় নহয়। দেশৰ জনসাধাৰণে কান্দে, দেশৰ জনসাধাৰণ অসহায়। যুদ্ধক্ষেত্ৰত সহযোদ্ধাজনে হয়তো বচাবলৈ চেষ্টা কৰিব পাৰে, কিন্তু দেশে কেতিয়াও এনে সহায়ৰ বাবে হাত আগবঢ়াই নিদিয়ে। দেশে মৃত্যুক বাধা নিদিয়ে।

He’s gone
But eternity knows him
And it knows what we’ve done

গীতৰ কথাবোৰে যেন ফ্লেছবেকৰ দৰে সেই ভয়ংকৰ নিশাটোৰ ছবি আঁকে।

And the rain fell like pearls
On the leaves of the flowers
Leaving brown, muddy clay
Where the earth had been dry
And deep in the trench
He waited for hours
As he held to his rifle
And prayed not to die

আনকি সেই নিশা বৰষুণৰ টোপালবোৰ উজ্জ্বল মুকুতাৰ দৰে সৰি পৰিছিল। সিও জোপোহাবোৰত লুকাই থাকিল, কাষৰ পানীৰ টোপালবোৰ উজ্জ্বল হৈ পৰিল।

সেইদিনা মাটি তিতি গৈছিল। মাটিয়েও যেন কান্দিছিল। কাষতে ৰাইফলটো টানকৈ খামুচি ধৰি তেওঁ বহি আছিল। মনতে নিজৰ মৃত্যুৰ কল্পনা কৰি তেওঁ জীয়াই থকাৰ ইচ্ছাৰে পৰিপূৰ্ণ হৈছিল। আজি সি মৰিব নোৱাৰে, আজি সি কোনো কাৰণতেই মৰিব নোৱাৰে।

But the silence of night
Was shattered by fire
As the guns and grenades
Blasted sharp through the air
One after another
His comrades were slaughtered
In the morgue of marines
Alone, standing there*

কিন্তু চাৰিওফালে বন্দুকৰ গুলীৰ শব্দ, ইফালে সিফালে গ্ৰেনেড ফুটিছে। কেতিয়াবা গ্ৰেনেডৰ জুইয়ে চৌপাশ পোহৰাই তুলিছে।  তেওঁ তেওঁৰ বন্ধুৰ মৃত্যুৰ কথা আন্দাজ কৰিব পাৰিছে। তেওঁ উপলব্ধি কৰিছে যে তেওঁ অকলশৰীয়া হৈ পৰিছে, মৃত্যুৰ মাজত তেওঁ অকলে জীয়াই আছে।

He crouched ever lower
Ever lower, with fear
They can’t let me die
They can’t let me die here!
I’ll cover myself
With the mud and the earth
I’ll cover myself
I know I’m not brave!
The earth, the earth
The earth is my grave

যেন তেওঁ নিজেই নিজৰ কবৰত সোমাইছে। তেওঁ নিজকে মাটিৰে ঢাকি দিছে, যাতে তেওঁক কোনেও স্পৰ্শ কৰিব নোৱাৰে। তেওঁ পৃথিৱীত প্ৰৱেশ কৰিব বিচাৰে, এই যুদ্ধৰ পৰা পলায়ন কৰিব বিচাৰে, পুনৰ পৃথিৱীলৈ উভতি যাব বিচাৰে। তেওঁক পৃথিৱীয়ে গ্ৰহণ কৰক, তেওঁক পৃথিৱীখনে আপোন কৰক।

কাৰণ মই জানো যে মই ইমান সাহসী নহয়, মই জীয়াই থাকিব বিচাৰোঁ।

The grave that they dug him had flowers
Gathered from the hillsides in bright summer colors
And the brown earth bleached white
At the edge of his gravestone
He’s gone

কিন্তু তেওঁ জীয়াই নাথাকিল।

এই গীতটোৱে যুদ্ধৰ বিৰুদ্ধে কথা কয়, যুদ্ধৰ ভিতৰত প্ৰৱেশ কৰে। গীতটোৱে আমাক যুদ্ধৰ পৰা ঘূৰাই আনে। আমি নিজেই যুদ্ধ বিৰোধী হৈ পৰোঁ। যুদ্ধৰ ভয়াবহতা, মাটিৰ কান্দোন, অকাল বৰষুণ আমি দেখিছোঁ। আমি মৃত্যুৰ সংকেত পাইছোঁ। গতিকে আমি আৰু যুদ্ধৰ প্ৰতি উদাসীন হৈ থাকিব নোৱাৰো।

ডন মেকলিনে কোনো শক্তিশালী শব্দ ব্যৱহাৰ কৰা নাই। গোটেই গীতটোৱে তেওঁৰ কাব্যিক বিষাদ বজাই ৰাখিছে। চহৰৰ পৰা আঁতৰত এজন সৈনিকক সমাধিস্থ কৰা হৈছে – এই দৃশ্যই যুদ্ধৰ শূন্যতাৰ সমান্তৰালভাৱে কবিৰ মৃত্যুৰ কল্পনাও উন্মোচন কৰে। পাহাৰৰ পৰা ফুল আনি তেওঁৰ কবৰত দিয়া – এই দৃশ্যটোৱেই কবিৰ বিষাদৰ কাৰণ।

গীতটোৰ ব্যৱস্থাপনাৰ এটা বৈশিষ্ট্য হ’ল ইয়াৰ ‘মিনিমেলিষ্টিক এপ্ৰ’চ’, এখন গীটাৰ বজাই গান গোৱাটো নতুন কথা নহয়, কিন্তু ডনে কিছুমান ঠাইত উদং কণ্ঠৰে যি ধৰণে তীব্ৰ বিষাদগ্ৰস্ত প্ৰতিবাদ প্ৰকাশ কৰে, সেইটোৱে আমাক ভাবিবলৈ বাধ্য কৰাইছে যে এজন সৈনিকো আমাৰ দৰেই মানুহ আমি যিমানেই অতিমানৱীয় আসনত নবহাও কিয়।

Leave a Reply

Your email address will not be published. Required fields are marked *