অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (দ্বিতীয় সংখ্যা)

জীৱন নদীৰ চাকনৈয়াত ঈশ্বৰ চিন্তা আৰু বিজ্ঞানমনস্কতা-(ৰাহুল শ্যাম)

আমি প্ৰায়েই আমাৰ জীৱনটোক নদীৰ লগত তুলনা কৰোঁ, সাহিত্যৰ ভাষাত নদীতকৈ সুন্দৰ উপমা জানো জীৱনৰ থাকিব পাৰে? নদী মাথোঁ বৈ যায়, নিৰবধি। একাবেঁকা, ওখ চাপৰ নদীৰ যাত্ৰাপথৰ পৰিক্ৰমা সঁচাই নান্দনিক। আৰু তেনেদৰেই আমাৰ জীৱনটো। সুখ দুখ, আৱেগ অনুভূতিৰ দিশটো বাদ দিলে আমাৰ জীৱনটো এটা সৰল সমীকৰণ। ঠিক যেন পৰ্বতৰ পৰা জন্ম হৈ একাবেঁকা পথ অতিক্ৰমী সাগৰত মিলি যোৱালৈকে এখন ৰঙীন ছবি।

এতিয়া যদি আমাক সোধা হয়, এই ছবিৰ সৃষ্টিকৰ্তা কোন, সকলোৱে একমুখে স্বীকাৰ কৰিব ভগৱান বা ঈশ্বৰ। কিন্তু প্ৰকৃতাৰ্থত এয়া হয় জানো? সৌৰজগতৰ পৃথিৱী নামৰ গ্ৰহটোত ৩.৫ বিলিয়ন বছৰ পূৰ্বে অণুজীৱ সদৃশ যি জীৱৰ সৃষ্টি হৈছিল সেয়া আছিল পৃথিৱীৰ জীৱন ধাৰণৰ বাবে অনুকূল পৰিৱেশৰ বিৱৰ্তন আৰু কিছুমান জৈৱৰাসায়নিক বিক্ৰিয়া, যাৰ ফলত সৃষ্টি হৈছিল প্ৰট’প্লাজম নামৰ এক প্ৰাণময় তৰল। এয়া এক বৈজ্ঞানিক বিশ্লেষণ জীৱ সৃষ্টিৰ। কিন্তু আকৌ যদি কোৱা হয়, জীৱন ধাৰণৰ বাবে পৃথিৱীত যি পৰিৱেশৰ বিৱৰ্তন হ’ল আৰু লগতে জৈৱৰাসায়নিক বিক্ৰিয়াসমূহ, এই সকলো ঈশ্বৰপ্ৰদত্ত, তেতিয়া? তেতিয়া আমি উভতি যাব লাগিব মহাবিশ্বত গ্ৰহ নক্ষত্ৰ, তাৰকাৰাজ্য, কৃষ্ণগহ্বৰ আদিৰ উৎপত্তিৰ সময়লৈ আৰু মহাবিশ্বৰ সৃষ্টিৰ সময়লৈ। বৰ্তমান বিজ্ঞানে দিব পৰা আটাইতকৈ নিৰ্ভৰযোগ্য ব্যাখ্যাটো হ’ল ‘বিগ বেং’ (Big Bang) বা মহানাদ তত্ত্ব। এটা অসীম ভৰযুক্ত বিন্দু যাৰ বিস্ফোৰণত বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি হ’ল। এই প্ৰবল মহাজাগতিক বিস্ফোৰণটোৰ লগে লগেই স্থান আৰু কালৰ সৃষ্টি হৈ প্ৰবল বেগত প্ৰসাৰিত হ’বলৈ ধৰিলে আৰু কালক্ৰমত নীহাৰিকা, নক্ষত্ৰ, গ্ৰহ উপগ্ৰহ আদিৰ সৃষ্টি হ’ল। এইখিনিতে এটা প্ৰশ্ন হ’ব পাৰে যে সেই অসীম ভৰযুক্ত বিন্দুটো কোনে সৃষ্টি কৰিলে বা কোনে তাৰ বিস্ফোৰণ ঘটালে? বিজ্ঞানৰ হাতত ইয়াৰ সুনিৰ্দিষ্ট উত্তৰ নাই। কিন্তু ইয়াকো যদি আমি ঈশ্বৰৰ নাম দি সামৰি থওঁ, তেন্তে নিশ্চয় আমাৰ জ্ঞানৰ বা কল্পনাৰ পৰিসৰ সিমানতে স্তব্ধ হৈ ৰ’ব। পৃথিৱীত ঘটা প্ৰতিটো ঘটনাৰে বা মহাজাগতিক প্ৰতিটো পৰিঘটনাৰে বৈজ্ঞানিক বিশ্লেষণ আছে। কিছুমান আমাৰ জ্ঞানৰ পৰিসৰে ঢুকি পাইছে আৰু অলেখ অজস্ৰ আমাৰ জ্ঞানৰ পৰিসৰৰ বাহিৰত, এই সংখ্যা কল্পনাতীত। কিন্তু সেইবুলি জানো আমি থমকি ৰ’ম? ঈশ্বৰৰ নাম দি থৈ সামৰণি মাৰিলে মানৱ জাতিৰ উত্তৰণ নিশ্চয় সম্ভৱ নহয়। ইয়াৰ বাবে প্ৰয়োজন বিজ্ঞানমনস্কতাৰ। অনুসন্ধিৎসু মন আৰু বিজ্ঞানমনস্কতাই মানুহৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীলৈ পৰিপক্কতা আনে। এনে পৰিপক্কতাৰ বাবেই বিজ্ঞানে আজি মানুহৰ জীৱনধাৰা দ্ৰুতভাৱে উন্নীত কৰিব পাৰিছে।

ঈশ্বৰ সম্পৰ্কে আমাৰ চিৰাচৰিত যি ধাৰণা সেয়া হৈছে তেওঁ সৰ্বশক্তিমান, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তা, জীৱকুলৰ ৰচক, ত্ৰাণকৰ্তা, এক নিৰাকাৰ সত্তা, যাৰ কোনো সীমা নাই, যি ব্ৰহ্মাণ্ডৰ যিকোনো ঘটনা পৰিঘটনা আৰু ফলাফল – অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে জ্ঞাত। এই ধাৰণাৰ সামঞ্জস্যৰ বাবে এটা বিপৰীতমূখী উক্তি বা কূটাভাস (Paradox) হ’ল ‘Omnipotence paradox’ অৰ্থাৎ ঈশ্বৰৰ কূটাভাস। ইয়াৰ উৎপত্তি প্ৰায় ১২শ শতাব্দীৰ পূৰ্বৰ বুলি ক’ব পাৰি, যি সময়ত কিছু দাৰ্শনিকে প্ৰশ্ন কৰিছিল যে ঈশ্বৰৰ নিজৰ অস্তিত্বক অস্বীকাৰ কৰাৰ ক্ষমতা আছে নে? “অমনিপ’টেন্স পাৰাডক্স”ৰ আটাইতকৈ প্ৰসিদ্ধ সংস্কৰণটো হ’ল ‘শিলৰ কূটাভাস’ (paradox of stone) – “ঈশ্বৰে এনে এটা শিল সৃষ্টি কৰিব পাৰিবনে যিটো তেওঁ নিজেই উঠাব নোৱাৰে?” ঈশ্বৰ সম্বন্ধে এয়া এনে এক প্ৰশ্ন যি তেওঁৰ অস্তিত্ব আৰু আমাৰ ধাৰণাক এক দোদুল্যমান অৱস্থাত থিয় কৰায়। তেনেধৰণৰ আন কেইটামান কূটভাসিক প্ৰশ্ন হ’ল –
● ঈশ্বৰে বৰ্গাকাৰ বৃত্ত অংকন কৰিব পাৰেনে?
● ইউক্লিডীয়ান জ্যামিতিৰ স্বতঃসিদ্ধ অনুসৰি ঈশ্বৰে এনে এটা ত্ৰিভুজ অংকন কৰিব পাৰিবনে যাৰ তিনিটা কোণৰ সমষ্টি ১৮০° নহয়?
● ঈশ্বৰে এনে এটা কাৰাগাৰ সৃষ্টি কৰিব পাৰিবনে য’ৰ পৰা তেওঁ নিজে ওলাই আহিবলৈ সক্ষম নহ’ব?

পুনৰ উভতি যাওঁ বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ সেই প্ৰশ্নটোলৈ; যদি মহানাদৰ কাৰক ঈশ্বৰ নহয় তেন্তে ইয়াৰ ব্যাখ্যা কি? পদাৰ্থ বিজ্ঞানৰ এটা শাখা তাত্ত্বিক পদাৰ্থবিজ্ঞান (Theoretical physics) বা অধিঃবিদ্যা (Metaphysics) ৰ এক তত্ত্বমতে, আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ দৰে অলেখ ব্ৰহ্মাণ্ড বিভিন্ন স্থান আৰু কালত বিৰাজমান। এই ব্ৰহ্মাণ্ডবোৰৰ আকাৰ অতিবৃত্তাকাৰ। ইহঁতৰ অতিবৃত্তাকাৰ তৰপখনৰ ধনাত্মক বক্ৰতাই কেতিয়াবা এখন ব্ৰহ্মাণ্ডৰ তৰপৰ লগত আনখনৰ সংঘৰ্ষ হয় (Big bang) আৰু ইয়েই জন্ম দিয়ে আন এখন নতুন ব্ৰহ্মাণ্ডৰ। আমি বাস কৰা ব্ৰহ্মাণ্ডখনো এনে এক সংঘৰ্ষৰ ফলতে উৎপত্তি হোৱা। এই তত্ত্বটোৱে সমান্তৰাল মহাবিশ্বৰ বিমূৰ্ত ধাৰণাটোক সমৰ্থন কৰে যি আমাৰ কল্পনাবিলাসী চেতনাৰ উত্তৰণৰ এক অনন্য নিদৰ্শন। মহাবিশ্ব সৃষ্টিৰ বা মহানাদৰ কাৰণ ব্যাখ্যাৰ আন এক তত্ত্ব আগবঢ়োৱা হৈছে কোৱান্টাম বিজ্ঞানৰ পৰা। ইয়াৰ মতে কিছুমান মৌলিক পৰিঘটনাৰ কোনো উদ্দেশ্য বা কাৰণ নাথাকে। এটা নিৰ্দিষ্ট ঘটনা যাদৃচ্ছিকভাৱে (Random), স্বতঃস্ফূৰ্তভাৱে আৰু উদ্দেশ্যহীনভাৱে ঘটিব পাৰে। কোৱান্টাম পদাৰ্থবিজ্ঞানৰ বিস্ময়কৰ জগতখনত এই ব্যাখ্যাৰ সংগতি চালে সন্তোষজনক নহ’লেও এক যুক্তিপূৰ্ণ উত্তৰ পোৱা যায়। অৰ্থাৎ মহানাদ এটা স্বতঃস্ফূৰ্ত পৰিঘটনা আছিল। আকৌ, আন এটা ব্যাখ্যা অনুসৰি, বিগ বেং বা মহানাদ হ’ল সেই মহাজাগতিক আদি মুহূৰ্ত য’ৰ পৰা স্থান আৰু কালৰ উৎপত্তি হৈছিল। তাৰ আগতে স্থান আৰু কালৰ কোনো অস্তিত্বই নাছিল। গতিকে মহানাদৰ বিস্ফোৰণ কি কাৰণে ঘটিছিল সোধাটো অনৰ্থক। কিয়নো, এই কাৰণটো (কাৰকটো) বিদ্যমান থাকিবলৈ তাত মহাবিশ্বখনেই নাছিল (!)।

গতিকে দেখা যায় যে আধুনিক বিশ্বতত্ত্বই জীৱ সৃষ্টিৰ বাবে বা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বাবে ঈশ্বৰৰ নাম উল্লেখ কৰা নাই। ঈশ্বৰবিহীন এখন পৃথিৱীৰ মনোজগত আমাৰ বাবে হয়তো বিভ্ৰান্তিকৰ; পাপ পুণ্যৰ তুলাচনীৰে আমাৰ কৰ্মক জুখিবলৈ ঈশ্বৰৰ ধাৰণা আমাৰ বাবে প্ৰয়োজনীয়। কিন্তু তেনে এজন ঈশ্বৰ বা ভগৱান বিশ্বাসৰ আমাৰ প্ৰয়োজন আছেনে যি আমাক ধৰ্মান্ধ সজাই ঈশ্বৰৰেই বিভিন্ন ৰূপত ভাগ কৰি শ্ৰেষ্ঠত্বৰ অঘোষিত প্ৰতিযোগিতা পাতে, পুণ্য অৰ্জনৰ ব্যৱসায় পাতে, ধৰ্ম নামৰ চোকা অস্ত্ৰৰে সমাজৰ ঐক্যত আঘাত হানে, চিন্তাধাৰাক পঙ্গু কৰে? যি আমাক প্ৰশ্ন কৰায় অযোধ্যা ভূমি ৰাম মন্দিৰৰ বাবে নে বাবৰি মছজিদৰ? প্ৰয়োজন নিশ্চয় নাই। কিন্তু, এক পৰম শক্তি যাৰ উপস্থিতিক আমাৰ চেতনাই উপলব্ধি কৰে, যি শক্তিৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ঘটনা পৰিঘটনা সুচাৰুৰূপে চলি আছে, সেই শক্তিক ঈশ্বৰৰূপে মনাটো নিশ্চয় অযুক্তিকৰ নহয়। নদীৰ দৰেই সুন্দৰ আমাৰ জীৱনটো, এই নান্দনিক যাত্ৰাপথত আমি জ্ঞান অন্বেষণৰ বাবে ওপৰত উল্লেখ কৰা কোনজন ঈশ্বৰৰ সাৰথি লৈ আগুৱাই যাওঁ, সেয়া নিৰ্ভৰ কৰিব আমাৰ মনস্তাত্ত্বিক দিশটোৰ ওপৰত, আমাৰ বিজ্ঞানমনস্কতাৰ ওপৰত। আৰু বিজ্ঞানমনস্কতাৰ প্ৰসাৰ আমাৰ চিন্তাধাৰাৰ ওপৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *