জনন পৰিচয়, নাৰী, ৰাষ্ট্ৰ, এটিট্যুড, অধিকাৰ… -(সমুদ্ৰ কাজল শইকীয়া)
সাধাৰণীকৰণৰ দোষে চুব বুলি জানিও এষাৰ কথা নকৈ নোৱাৰি যে অসমৰ বৌদ্ধিক, চিন্তক আৰু সৃষ্টিশীল মহলত “পৰম সত্য”, “চূড়ান্ত বিচাৰ”, “সাৰ্বজনীন” – এনেধৰণৰ ধাৰণা কিছুমানৰ প্ৰতি একান্ত আনুগত্য আছে। সকলো কথাৰে একধৰণৰ আদৰ্শায়নৰ প্ৰৱণতা এটা সৰ্বত্ৰ বিৰাজমান। এইখিনি ধাৰণায়েই “সাধাৰণীকৰণৰ দোষ”বোৰৰ প্ৰথম কাৰক। যিকোনো কথাৰ সত্যতা যে প্ৰসংগ সংগতি সাপেক্ষেহে নিৰূপণ হ’ব পাৰে, সেই কথা বুজাবলৈ গ’লেও বহুতো মানুহ নাৰাজ হৈ উঠে। কাৰণ স্থান আৰু কালৰ সাপেক্ষে বিষয় এটালৈ দৃষ্টি নিক্ষেপ কৰিবলৈ গ’লেই ব্যক্তিৰ আৰু চিন্তাৰ অৱস্থান গ্ৰহণৰ কথাটো আহি পৰে। কোন দৈহিক, মানসিক বা ধাৰণাগত অৱস্থানত থিয় হৈ সমল এটালৈ দৃষ্টি নিক্ষেপ কৰা হৈছে, এই প্ৰশ্নটোৰ লগতে সাঙোৰ খাই আহি পৰে ৰাজনৈতিক স্থিতিৰ কথাখিনি। আৰু তালৈকে মানুহৰ সাংঘাতিক ভয়। এই অৱস্থানখিনিক এৰাই চলিবলৈকে সৃষ্টিশীল আহিলা কিছুমান যতনাই ৰখা হৈছে – যাক ক’ব পাৰি এক প্ৰকাৰৰ সৃজনী-স্বাধীনতা বা প’য়েটিক লিবাৰ্টি। এই সৃজনী স্বাধীনতাৰ আলমতে দেশ সম্পৰ্কে কথা ক’বলৈ গৈ কোৱা হয় এটা ধাৰণাৰ কথা। তাত দেশখনত থকা মানুহৰ কথা কোৱাৰ সুযোগ নাই। তেনেকৈয়ে “নাৰী” সম্পৰ্কে কোৱা হয় এটা ধাৰণাগত অৱস্থানেৰেহে। ইয়াত নাৰী মাতৃ, ভগ্নী, সৃষ্টিশীলা, পৰমপূজ্য, নমস্য আৰু বহুত কিবাকিবি হৈ উঠিব পাৰে আৰু হৈ আহিছে। কিন্তু তেজ-মঙহৰ ব্যক্তি বিশেষ হৈ উঠাৰ কোনো সুযোগ নাই। সেয়ে নহ’লে ধৰ্ষিতা, নিষ্পেষিতা, বঞ্চিতা আদিৰ ৰূপ লৈ উঠিব নাৰীয়ে। এই দুইৰ মাজৰ কোনো অৱস্থান নাই। অৰূপা বৰুৱাৰ এক অনন্যসাধাৰণ কবিতাত পোৱা “দাসীৰপৰা দেৱী হোৱাৰ পথত মানুহ হোৱাৰ অৱকাশ নাথাকে” বাক্যটোৱে সেয়েহে আমাক বাৰে বাৰে অসুবিধাত পেলায়।
এই পৰমৰ ধাৰণাখিনিৰ সৈতে অসমীয়া মানুহ ইমানেই আৱেগিকভাৱে জড়িত যে ইয়াৰ আসোঁৱাহখিনি দেখুৱাই দিবলৈ গ’লেই ৰাইজৰ ৰোষত পৰা যায়। নদী নদী আৰু নাৰী নাৰী, নদী নাৰী নহয় আৰু নাৰী নদী নহয় বুলি কৈ এবাৰ ৰোষত পৰিছিলোঁ। তেনেকৈয়ে ছোৱালী এজনীক মাতৃ বা ভগ্নীৰ ৰূপত চাবই লাগিব বুলি কোনো কথা নাই বুলি যেতিয়া ক’লোঁ তেতিয়াতো কেৱল চুই কিলাবলৈহে বাকী থাকিল। সেয়েহে নাৰী বা মহিলা সম্পৰ্কীয় কোনো কথাতে আৰু মাত নামাতোঁ বুলি মাজে মাজে থিৰাং কৰিলেও কথাবোৰ ওলোটাহে হয়গৈ। যি কামেই নকৰোঁ কিয়, ঘূৰি-পকি গৈ কোনোবাখিনিত পুৰুষ-মহিলাৰ দ্বিৰথখিনি আহি পৰেই। জনন পৰিচয় এনে এটা এৰাব নোৱৰা প্ৰসংগ যে যিকোনো কথা বা কামতে কোনোবা নহয় কোনোবা দিশেদি ই জড়িত হৈ পৰেহিয়েই। বাৰু, ই কথা ৰহোক।
ফে’চবুকৰ জৰিয়তে বিভিন্ন জনে বিভিন্ন সময়ত প্ৰকাশ কৰি অহা উপলব্ধিবোৰৰ ভিতৰত নুমান জামিলা ফিৰদৌছ নামৰ বান্ধৱীজনীয়ে লিখা কথা এটা মনত ৰৈ গৈছিল, “আমি কেতিয়া কোনখন যুদ্ধত লিপ্ত হ’ম সেইটো আমাৰ সিদ্ধান্ত। এখন যুদ্ধত সৰৱ মানে এইটো ধৰি ল’লে নহ’ব যে সকলো যুদ্ধতে সকলো সময়তে আমি সৰৱ হৈ থাকিম।” কথাষাৰ গুৰুত্বপূৰ্ণ। লগতে এইটো কথাও গুৰুত্বপূৰ্ণ যে একেটা ৰণনীতি সকলো স্থান আৰু কালতে প্ৰয়োগ কৰিব নোৱাৰি। নাৰী বা মহিলা সংক্ৰান্তীয় সমস্যাৰ সৈতে জড়িত যুদ্ধ এখন চহৰত যেনেকৈ যুঁজা যায়, গাঁৱৰ পৰিবেশতো একেদৰে যুঁজিব নোৱাৰি। নিম্নবৰ্গ আৰু সংখ্যালঘু সংক্ৰান্তীয় কথা-বতৰাৰ সৈতে সাঙুৰি নাৰী সম্পৰ্কে কথা ক’বলৈ গৈ যদি জাতি-ভেদ, শ্ৰেণী-সংঘাত আৰু আন আৰ্থ-সামাজিক দিশসমূহ উপেক্ষিত হৈ ৰয় তেনেহ’লে সেইখিনি কথা বৰ বেছি আগ বাঢ়িব নোৱাৰিব। সুখৰ কথা যে জুৰি বৰুৱাৰ দৰে কিছু নতুন লেখক-লেখিকাৰ কিছু আলোচনাত এইবোৰ কথাই সম্প্ৰতি ভূমুকি মাৰিবলৈ লৈছে। লেখাটোৰ আৰম্ভণিখিনি এইখিনি কথাৰ বাবেই ক’বলগীয়া হৈছিল যে “পৰম”, “চৰম” আৰু সৰ্বজনসিদ্ধ বুলি ভাবি থকা আদৰ্শায়িত কথাৰ সুৰটোৰ বাবেই আমি বাৰে বাৰে থমকি ৰ’বলগীয়া হৈ আহিছে।
দহ বছৰমানৰ আগতেই আলোচনা সভা এখনত ব্যক্তি এগৰাকীয়ে আলোচনা এটাৰ মাজতে থিয় হৈ “নাৰীবাদৰ ইতিমধ্যেই অন্ত পৰিছে, এতিয়া “উত্তৰ-নাৰীবাদ”ৰ যুগ” বুলি কৈছিল। অতিসম্প্ৰতি নগৰীয়া ধনিক শ্ৰেণীৰ মহিলাৰ আওতাত লালিত-পালিত একধৰণৰ ‘মনোবৃত্তি’ (Attitude)-কে কোনো কোনোৱে নাৰীবাদ বুলি ক’বলৈ লোৱাটোও নাৰীবাদৰ নামত এটা বিসংগতিহে বুলি আমাৰ চকুত পৰিবলৈ লৈছে। LGBT আন্দোলনৰ পিছৰপৰা জনন পৰিচয়টোহে (Gender) যে মূলগত সমস্যা হোৱা উচিত, কেৱল নাৰী-সংক্ৰান্তীয় কথা-বতৰাই শেষ কথা নহয় সেইখিনি কথা পোহৰলৈ আহিছে। নিষ্পেষিত, শোষিত, দুখুনীৰ ৰূপত নাৰীৰ সমস্যাক লৈ কান্দি-কাটি থকাৰ পৰিৱৰ্তে সৰ্বগ্ৰাসী ৰূপত থকা পিতৃতন্ত্ৰৰ কথাটো বেছি গুৰুতৰ বুলিও কথা উঠিছে। ইমানখিনি কথা আগ বাঢ়ি অহাৰ পিছতো অসমৰ চিন্তক-লেখক-সৃষ্টিশীল মহলত আকৌ এতিয়াও ‘নাৰীবাদ’ বুলিলেই জাঙুৰ খাই উঠা স্বভাৱটো বৰ্তি আছে। সেই হিচাপত অসমত এতিয়াও মধ্যযুগ চলিয়ে আছে। গতিকে এনেক্ষেত্ৰত নাৰীবাদৰ সমালোচনা (Critique) এটা নগৰীয়া, চহৰীয়া, সৰ্বভাৰতীয় বা বিশ্বৰ পৰিপ্ৰেক্ষিতত যেনেকৈ তুলিবলৈ চেষ্টা কৰিম, তেনেকৈ হয়তো অসমৰ পৰিপ্ৰেক্ষিতত কৰিব নোৱাৰিম, বা কৰাটো যুগুত নহ’ব। গতিকে পৰিশেষত তৃণমূল পৰ্যায়ৰ গৱেষণা, সমীক্ষা আৰু কৰ্মপন্থা আঁকোৱালি লোৱাৰ গত্যন্তৰ নাথাকে।
আনহাতে, ৰাষ্ট্ৰ বা দেশ বা জাতি – এই ধাৰণাবোৰ সৰ্বগ্ৰাসী। সেইমতেই ৰাষ্ট্ৰই প্ৰৱৰ্তন কৰা বা ৰাষ্ট্ৰখন নিয়ন্ত্ৰণকল্পে প্ৰয়োজন হোৱা ন্যায়ব্যৱস্থা আৰু অন্যান্য প্ৰশাসনিক বিধান আদিও “সামগ্ৰিকতা”ৰ বলি। শাসকৰ পক্ষ যিয়েই নহওক, যি মতাদৰ্শৰেই দেশ এখন চলি নাথাকক কিয়, সকলোৰে অন্তত ধাৰণাগত দিশৰপৰাও আৰু প্ৰায়োগিক দিশৰপৰাও দেশখন Totalitarian হ’বলৈ বাধ্য। তাতে আকৌ ভাৰতবৰ্ষৰ দৰে এখন জটিল জনগাঁথনিৰ দেশ এখনত সৰ্বগ্ৰাসী একো অধিনিয়মেই সুচাৰু ৰূপত কাৰ্যকৰী হ’ব নোৱাৰেগৈ। এইখিনি কথা ভালদৰে অনুধাৱন কৰিব পাৰিলে আমাৰ আৰু বুজিবলৈ অলপো অসুবিধা নহ’ব যে সংৰক্ষণ জাতীয় বিশেষ অধিকাৰৰ অধিনিয়মসমূহক কেন্দ্ৰ কৰি হোৱা বিতৰ্কসমূহৰ গুৰি ক’ত। পিছপৰা বৰ্গক সুবিধা প্ৰদান কৰি সাম্য আৰু সমতা আনিবলৈ বিচৰা ব্যৱস্থা এটাৰ ভিত্তি জাতিগত নহৈ অৰ্থনৈতিক হ’ব লাগে বুলি উঠা যুক্তিখিনিয়ে বুজি নাপায় জাতিতত্ত্বৰ আধাৰত আজিও চলি থকা বৈষম্যখিনি। ইয়াৰ কাৰণ, দেশৰ সকলো অংশতে ইয়াৰ ৰূপ একেটা নহয়। একেদৰে পৰিৱৰ্তিত সময়ৰ লগে লগে বিভিন্ন ব্যৱহাৰিক আৰু পেশাদাৰী ক্ষেত্ৰত উচ্চ বা সাধাৰণ বৰ্গৰ ব্যক্তিবিশেষে বঞ্চনাৰ সন্মুখীন হোৱা বুলি ভাবিলে সেই কথাও সমানেই বিচাৰ্য। মুঠতে সকলোৰে বাবে সমানে প্ৰযোজ্য বুলি একো বস্তুৱেই থাকিব নেলাগে। ন্যায়পালিকাৰ প্ৰযুক্ত সাধাৰণ নিয়ম অধিনিয়মৰ মাজতেই সেই প্ৰয়োগৰ অনিয়ম আৰু দুৰ্নীতিৰ বীজখিনিও সোমাই থাকে।
যোৱা প্ৰায় এটা দশক ধৰি দিল্লীৰ যিটো ঘৰত ভাড়া কৰি আছোঁ তাৰ মালিকজন এজন পুৰুষ, কিন্তু ঘৰটো নামাংকিত হৈ আছে ঘৈণীয়েকৰ নামত, মানে মহিলাৰ নামত। একেটা কথাই দেখা যায় ছ’চাইটিখনত অন্তৰ্ভুক্ত দহোটা ঘৰৰ ক্ষেত্ৰত। মানে আটাইবোৰ ঘৰেই প্ৰপাৰ্টি হিচাপে কাৰোবাৰ ঘৈণীয়েক অৰ্থাৎ একোগৰাকী মহিলাৰ নামেৰে পঞ্জীয়ন কৰা। এতিয়া বাৰে বাৰে ঘৈণীয়েক আৰু মহিলা শব্দদুটা যুগপৎ উল্লেখ কিয় কৰিছোঁ? কাৰণটো হ’ল মহিলা হ’লেও এইসকলৰ স্বতন্ত্ৰ ব্যক্তি-পৰিচয় নাই। মহিলাসকলৰ নামেৰে ঘৰবোৰ হ’লেও তাৰ আচল গৰাকী কিন্তু পুৰুষহে। ঘৰটো কিনা, পৰিচৰ্যা কৰা বা সময়ত তাক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণৰ সকলো ক্ষমতা পুৰুষৰ হাতত। তেনেহ’লে ঘৰবোৰ মহিলাৰ নামেৰে পঞ্জীয়ন কৰাই কেনে ধৰণেৰে “নাৰী সবলীকৰণ” কৰা হ’ল? ইয়াৰদ্বাৰা নাৰীমুক্তি কেনেকৈ ঘটিল? এইখিনি অনিয়মজনিত ঘটনাৰ উদাহৰণ, আৰু এনে উদাহৰণ দেধাৰ। নাৰীৰ সবলীকৰণ আৰু নাৰীমুক্তিৰ যিমান শ্লোগান আছিল, তাৰ মহৎ উদ্দেশ্য আগত ৰাখি যিমানবোৰ অধিনিয়মৰ প্ৰৱৰ্তন হৈ আহিছে তাৰ কিমান কি সুপ্ৰয়োগ গাঁৱে-ভূঁয়ে ঘটিছে নাজানো। কিন্তু তাৰ বিস্তৰ মুনাফা আচলতে আদায় কৰি আহিছে নগৰীয়া, শিক্ষিতা আৰু আৰ্থিকভাৱে ইতিমধ্যেই স্বচ্ছল মহিলাসকলেহে। আৰু অলপ শুদ্ধকৈ ক’বলৈ গ’লে, নগৰীয়া মহিলাৰ নামেৰে পুৰুষসকলেহে।
এনে ধৰণৰ উদাহৰণ আৰু বহুতো আছে। এগৰাকী ন্যায়কৰ্মী সমাজসেৱীয়ে ফঁহিয়াই দেখুৱাইছিল যে আমাৰ দেশৰ ন্যায় ব্যৱস্থা আদ্যোপান্ত পুৰুষবিৰোধী। নাৰী আৰু পুৰুষ এই দুই লিংগ জড়িত থকা যিকোনো অপৰাধমূলক অভিযোগৰ ক্ষেত্ৰত এজন পুৰুষৰ আত্মপক্ষ সমৰ্থনৰ কোনো সুবিধাই নাই। এই অভিযোগ লাগিলে ধৰ্ষণৰে হওক, ঘৰুৱা নিগ্ৰহৰে হওক বা সাধাৰণ বিবাহ বিচ্ছেদেই হওক। আৰু এই কথাখিনিৰ সুবিধা লৈয়েই বহু নাৰীৰ হাতত বহুতো পুৰুষ নিতে নিতে নিগৃহীত হৈ আহিছে। মোৰ ব্যক্তিগতভাৱে পৰিচিত, দুজন বন্ধু, এজন পুৰুষ এক নাৰীৰ মাজত ঘটা কিছুমান ব্যক্তিগত সম্পৰ্কজনিত অপ্ৰীতিকৰ ঘটনা অলপতে ঘটিছিল। তেওঁলোকৰ পাৰস্পৰিক মনোমালিন্যৰ পিছত মহিলাগৰাকীয়ে ব্যক্তিগতভাৱে অপদস্থ কৰা, আদালতৰ কাষ ছপা এইবোৰ কৰাৰ উপৰিও ছ’চিয়েল মিডিয়াত পুৰুষজনৰ চৰিত্ৰহনন কৰিবলৈ ল’লে। এই ক্ষেত্ৰত পুৰুষজনৰ সাৰিবৰ কোনো বাট নৰ’লগৈ। কাৰণ মহিলাগৰাকী এগৰাকী অকলশৰীয়া মাতৃ – single mother. অথচ অন্য ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত আত্মপৰিচয় গঢ় দিবৰ বেলিকা কিন্তু অকলশৰীয়া মাতৃ হোৱাটোৱেই আছিল তেখেতৰ এটা সদৰ্থক আৰু সুবিধাজনক দিশ : empowering, Liberting. মানে কথাটো এনেকুৱাহে নেকি যে একেটা কথাকেই নিজকে সবল আৰু মুক্ত বুলি ঘোষণা কৰিবলৈ ব্যৱহাৰ কৰা হ’ব আৰু সময় সাপেক্ষে একেটা কথাতেই নিজকে নিছলা-দুৰ্বল বুলি কৈ সহানুভুতি আদায় কৰিবলৈ বিচৰা হ’ব? এনেধৰণৰ আৰু উদাহৰণেৰে দেখুৱাব পৰা যায় যে একাংশ সুবিধাভোগী নগৰীয়া অৰ্থৱান মহিলাৰ জীৱনযাত্ৰাৰ মাজেৰে বিকাশ ঘটা এক বিশেষধৰণৰ মনোবৃত্তি বা attitude-কেই নাৰী-সমস্যা (Women Issues) আৰু নাৰীবাদৰ আধাৰ হিচাপে গঢ় দিবৰ প্ৰচেষ্টা চলি আহিছে। এতিয়া আমাৰ সমস্যাটো আৰু বেছি জটিল হ’ল। এই আৰ্বান এটিট্যুডটোৰ সৈতে অসন্মতি দেখুৱাবলৈ গৈ যদি এই এটিট্যুডে গঢ় দিয়া নাৰীবাদৰ (এমপাৱাৰমেণ্ট আৰু লিবাৰ্টিৰ ধাৰণাসহ) বিৰোধিতা কৰিবলগীয়া হয়, সেই বিৰোধিতাক আঞ্চলিকতা, শ্ৰেণী, জাতি আৰু অন্যান্য বৈষম্যবিশিষ্ট ক্ষেত্ৰসমূহতো প্ৰয়োগ কৰিবলৈ বিচৰাটো উচিত হ’বনে?
*
“নাৰীবাদ” শব্দটো সাধাৰণীকৃত এটা পৰিভাষালৈ পৰ্যবসিত হোৱাৰ কথাখিনিৰপৰাই আৰু এটা দিশ আমাৰ চকুত পৰে। বিশেষকৈ নগৰীয়া ব্যক্তিকেন্দ্ৰিক জীৱনযাত্ৰাৰ প্ৰভাৱত (আৰু বিনোদন মাধ্যমসমূহৰ কৃপাত) নাৰীবাদক এটা “এটিট্যুড”লৈ সংকুচিত কৰা হৈছে। এটিট্যুডক অনুবাদ কৰি মনোবৃত্তি বা মনোভাব বুলি ক’ব খোজা নাই। মনোবৃত্তি বুলিলে ভালেই হ’লহেঁতেন। কিন্তু এই নৱ-নিৰ্মিত এটিট্যুডৰ ধাৰণাটোৱে অতিমাত্ৰাই ব্যক্তি-স্বতন্ত্ৰ ব্যতিক্ৰমৰ অজুহাত কিছুমানহে গঢ় দিবলৈ লৈছে – যিবোৰ ইডিঅ’ছিনক্ৰেটিক। নন-ডিছকাৰ্ছিভ। এই “এটিটুড” বা “কুলনেছ” লৈ কোনোবা ছুপাৰ-মেন, ছুপাৰ-ৱ’মেন হ’ব পাৰিব, কিন্তু সংগঠিত এটা আন্দোলন হ’ব পাৰিবনে নাই তাত প্ৰশ্নৰ অৱকাশ আছে।
জনপ্ৰিয় বিনোদনধৰ্মী সৃজনীশীল মাধ্যমসমূহৰ মাজত কাহিনী কথনৰ বেলিকা চৰিত্ৰ এটা নিৰ্মাণৰ ক্ষেত্ৰত এটিট্যুড এটা গুৰুত্বপূৰ্ণ শব্দ। বহুকাল এনিমেচন জগতত কাম কৰি বুজিলোঁ যে এনিমেচনৰ বাবে চৰিত্ৰ নিৰ্মাণ কৰিবৰ সময়ত সঘনে শুনিবলৈ পোৱা শব্দটোৱেই হ’ল – এটিট্যুড। চৰিত্ৰ এটাৰ চকুৰ চাৱনি, বিশেষ ধৰণেৰে থিয় হোৱাৰ কায়দা, পোছাক-পাতি, এটা বিশেষ পৰিস্থিতিত কেনেকৈ চৰিত্ৰটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব – এই গোটেইখিনি মিলি চৰিত্ৰায়ণটো সম্পূৰ্ণ হৈ উঠে। সমসাময়িক বিনোদনৰ জগতখনৰ এই যি এটিট্যুডৰ ধাৰণা সেয়া বহুলাংশে হলিউডে নিৰ্ণয় কৰি দিয়া বস্তু। তাতোকৈ চিধাকৈ ক’বলৈ গ’লে, এটা পুঁজিবাদৰ নিৰ্মাণ। বিনোদনৰ জগতত এটিট্যুড মানে একধৰণৰ কুল-নেছ (Cool-ness)। ধৰক, এক্সন চিনেমা এখনৰ শেষৰ ফালে অক্ষয় কুমাৰ (হিৰো) কেমেৰাৰ ফালে আগুৱাই আহি আছে, দূৰৈত গাড়ী কেইখনমান দেখা গৈছে। হঠাতে প্ৰচণ্ড বিস্ফোৰণ এটা হৈ গাড়ীকেইখনত জুই লাগি একোখন গাড়ী আকাশপৰ্যন্ত উৰি গ’ল। অক্ষয় কুমাৰ, অৰ্থাৎ আমাৰ কল্পনাৰ, আমাৰ হেঁপাহৰ হিৰোজন ইমানেই ‘কুল’ যে তেওঁ উভতি চোৱাতো দূৰৰে কথা, এজন সাধাৰণ মানুহ হিচাপে সেই বিস্ফোৰণৰ শব্দত এবাৰ উচপ খায়ো নুঠিলে। তেওঁৰ মুখত মৃদু হাঁহি এটাহে বিৰিঙি উঠিল। হলিউডৰ চিনেমা এখন চলি আছে। বহু সময় ধৰি নায়িকাই ভিলেইনৰ সৈতে যুঁজ-বাগৰ কৰি আছে। অৱশেষত কিলাকুটিৰে পূৰ্ণশক্তি প্ৰয়োগ কৰি চূড়ান্ত প্ৰহাৰটো কৰি হিৰোইন কেমেৰাৰ ফালে আগ বাঢ়িল শত্ৰুপক্ষলৈ আৰু উভতি চাবলৈকো প্ৰয়োজন নাই, যিহেতু তেওঁ জানে যে শত্ৰু ইতিমধ্যে ধৰাশায়ী হৈছে। এইধৰণৰ উপস্থাপনকে লোৱা হয় কুলনেছ হিচাপে। মানে আপুনি যদি ‘কুল’ তেনেহ’লে সৰুসুৰা কথাতো বাদেই, চৰম সংঘাতৰ সময়তো আপোনাৰ চকুৱে-মুখে বিচলিত নোহোৱাধৰণৰ এক অভিব্যক্তি থাকিব লাগিব। পাৰিপাৰ্শ্বিকতাৰ ঘটনাত যদি আপুনি বিচলিত তেনেহ’লে আপুনি আৰু ‘কুল’ হৈ থকা নাই। কিন্তু বুজিবলৈ একো অসুবিধা নহয় যে এই ‘কুল-নেছ’খিনি অমানৱীয়। এটা বোমা বিস্ফোৰণত, আঘাতপ্ৰাপ্ত মানুহ এজন মজিয়াত পৰি কেঁকাই উঠাত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো মানৱীয়ই নহয়, একান্ত জৈৱিক। এতিয়া কথা হ’ল, এই ‘কুল-এটিট্যুড’ৰ প্ৰসাৰ আৰু জনপ্ৰিয়তাই সমাজৰ নগৰীয়া জীৱনতো প্ৰভাৱ পেলোৱা যেন অনুভৱ হয়। আপোনাৰ চাৰিওফালে যিমান যি দুৰ্যোগেই নহওক কিয়, আপুনি এটা কুল-এটিট্যুড লৈ গৈ থাকিব লাগিব। এই এটিট্যুড দেখুওৱা এটিট্যুডটোৰ বাবে একাংশ সমসাময়িক নগৰীয়া স্বঘোষিত নাৰীবাদীৰো আবিৰ্ভাৱ ঘটিছে। নিজকে ফেমিনিষ্ট বুলি ঘোষণা কৰি তেওঁলোকে কেৱল চেষ্টা কৰে তেওঁলোক আচলতে কিমান cool about everything. কোনোধৰণৰ সামাজিক বা মানৱীয় প্ৰমূল্যৰ সৈতে আচলতে তেওঁলোকৰ কোনো যোগাযোগ নাই। যিহেতু আৰ্থিকভাৱে, স্থানগতভাৱে এইসকল স্বঘোষিত নাৰীবাদী ক্ষমতাশালী, অচিৰেই তেওঁলোকে নাৰীবাদ সম্পৰ্কে মানুহৰ সহজ ধাৰণাক প্ৰভাৱিত কৰিব পাৰে বুলি আশংকা কৰিব পাৰি। যদিওবা “নাৰীবাদ” শব্দটো ব্যৱহাৰ কৰি থকা হয়, শব্দটোক সাধাৰণীকৃত কৰি ব্যৱহাৰ কৰা হোৱা নাইতো? যদি নাই হোৱা, তেনেহ’লে নাৰীবাদী কোনসকল? তেওঁলোকৰ ৰাজনৈতিক জিনিঅ’ল’জি কেনেকুৱা? ৰাজনৈতিক স্থিতি কোনখিনিত? সংগঠিত আন্দোলন একোটাৰ বাবে কোনো উদ্যোগ বা উদ্যম ক’ৰবাত কেনেবাকৈ আমি দেখা পাইছোঁ জানো?
*
আমি দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচৰা কথা এইখিনিয়েই। নাৰীবাদ আৰু নাৰীবাদ সংক্ৰান্তীয় বাগধাৰা অপৰিহাৰ্য। নাৰীবাদৰ প্ৰয়োজনীয়তা আছে নে নাই সেই বিতৰ্ক অৰ্থহীন। নগৰীয়া আৰু অৱস্থাসম্পন্ন শ্ৰেণীৰ ব্যক্তিবিশেষৰ জীৱনপ্ৰণালীৰ মাজত লালিত হোৱা কিছু নাৰীকেন্দ্ৰিক সমস্যাৰ আধাৰত নাৰীবাদক সংজ্ঞায়িত কৰিম নে নকৰিম, অথবা তেনে এক শ্ৰেণীৰ সমস্যাৰ সমালোচনা কৰিবলৈ গৈ সামগ্ৰিকভাৱে নাৰীবাদ নামেৰে জনাজাত হোৱা চিন্তাপ্ৰণালীকেই দোষাৰোপ কৰাটো কিমান দূৰ সমীচীন হ’ব সেইখিনিহে প্ৰশ্ন। এইখিনিতেই আমি উপলব্ধি কৰিম তৃণমূল পৰ্যায়ত সমাজৰ শ্ৰেণী, জাতি আৰু অন্যান্য বৈষম্যমূলক ক্ষেত্ৰখিনিলৈ গৈ অধ্যয়ন কৰা আৰু হাতে কামে লাগিব পৰা এক নতুন যুৱ প্ৰজন্ম আগ বাঢ়ি নহালৈকে সকলো আলোচনাই অসাৰ। ৰাষ্ট্ৰপ্ৰদত্ত একোটা ন্যায়ব্যৱস্থাৰ আসোঁৱাহ কোনখিনিত, সেই কথা আলোচনা কৰি থাকোতে হয়তো আমি নিজেই মন কৰা নাই যে আমাৰ আলোচনাৰ মূলাধাৰো শ্ৰেণীবৈষম্যৰ দোষেৰে দোষী। নাৰী সবলীকৰণৰ মহৎ উদ্দেশ্য আগত ৰাখি প্ৰযুক্ত এটা ব্যৱস্থা যাক উদ্দেশ্য কৰি পৰিকল্পিত হৈছিল সেইসকলে হয়তো তাৰ একো সম্ভেদেই নাপায়গৈ। অশিক্ষা আৰু অৱহেলাৰ চিকাৰ হৈ ভুক্তভোগী একেটা অৱস্থাতেই ৰয়। নতুন প্ৰজন্মৰ কাম এইখিনিৰেপৰা আৰম্ভ হয়।