বিবিধ চিন্তা

জনসংস্কৃতিৰ সোণোৱালী শইচ সিঁচা প্রতিভাৱান খনিকৰজন- (ৰাজীৱ কুমাৰ দত্ত)

সকলো মানুহেই এদিন নহয় এদিন মৃত্যুক আঁকোৱালি লয়, কিন্তু সকলো মানুহৰ মৃত্যুৰ গভীৰতা বেলেগ বেলেগ হয়। চীনৰ প্রাচীন লেখক চমা চুৱেনে কৈছিল, “সকলো মানুহেই সমান ৰূপতেই মৃত্যুৰ মুখামুখি হ’ব লগা হয়, কিন্তু কিছুমান মানুহৰ মৃত্যুৰ গভীৰতা থায়চান পর্বততকৈও বেছি গধুৰ হয় আৰু কিছুমান মানুহৰ মৃত্যু চৰাইৰ পাখিতকৈও বেছি পাতল”।

কমৰেড মাও চে তুঙে এক শ্রদ্ধাঞ্জলি অনুষ্ঠানত দিয়া ভাষণত উল্লেখ কৰিছিল, “জনগণৰ হিতার্থে জীৱন দিয়া মৃত্যুৰ গভীৰতা থায়চান পৰ্বততকৈও বেছি গধুৰ, বিপৰীতে ফেচিষ্টৰ বাবে কাম কৰা তথা শোষক বা উৎপীড়কৰ স্বাৰ্থত জীৱন দিয়া মৃত্যুৰ গভীৰতা চৰাইৰ পাখিতকৈও বেছি পাতল’।

আমাৰ অতিকে শ্রদ্ধাৰ জনসংস্কৃতিৰ সোণোৱালী শইচ সিঁচা প্রতিভাৱান খনিকৰ হৰেন্দ্রনাথ বৰঠাকুৰদেৱৰ মৃত্যুৰ গভীৰতাও সেইদৰেই থাইচান পর্বততকৈও গধুৰ বুলি আমি নিশ্চয়কৈ অভিহিত কৰিব পাৰোঁ। চি পি আই (এম-এল)ৰ বাঁও বিপ্লৱী মতাদর্শক বুকুত সাৱতি ধৰি ১৯৮২ চনৰ এক ঐতিহাসিক ক্ষণত ডিবৰু চহৰত অসমৰ এচাম গণতান্ত্রিক সংগ্রামী শিল্পী একগোট হৈ এক সাংস্কৃতিক অভিবৰ্তনৰ যোগেদি সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ জন্ম দিছিল। এইসকলৰ মাজৰ অন্যতম এজন গুৰি বঠা ধৰোতা আছিল হৰেনদা। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাসৰ দৰে প্রগতিশীল সংগ্রামী সাংস্কৃতিক পুৰুধা ব্যক্তিসকলৰ নিষ্ঠাবান অনুগামী হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনসংস্কৃতিৰ পথাৰ চহাবলৈ উঠি-পৰি লাগিছিল। তেখেতৰ কাপৰ পৰা সৃষ্টি হৈছিল সংগ্রামী গীত, কবিতা, নাটক, প্ৰৱন্ধ আদি অলেখ ৰচনা সম্ভাৰ।

যোৰহাটৰ জনসাংস্কৃতিক কর্মী, জনপ্রিয় অভিনেতা, সমাজকর্মী, শিল্পী অশোক শৰ্মাদেৱৰ প্ৰথম মৃত্যুবার্ষিকী উপলক্ষে প্রকাশিত স্মাৰকগ্রন্থত হৰেনদাই লিখিছিল, “বিশ্বায়নৰ পিহনাত পিষ্ট আজিৰ সমাজ-জীৱন শতধা বিদীর্ণ, সমূহৰ ধাৰণা সমাজ-মানসৰ পৰা আজি প্রায় অন্তর্হিত। ব্যক্তিৰ উৎকর্ষ, ব্যক্তিৰ স্বার্থ চৰিতাৰ্থ কৰাই জীৱনৰ লক্ষ্য হৈ পৰিছে। তাৰ বাবে যিকোনো মূল্য দিবলৈ মানুহ প্রস্তুত। সাংস্কৃতিক মাধ্যমবোৰ, শিল্পী, কলাকাৰ, গীতিকাৰ, কুশীলৱ সকলো ক্রমে ক্রমে পণ্যলৈ পর্যবসিত হ’বলৈ ধৰিছে। সামাজিক দায়বদ্ধতা এতিয়া আপুৰণি আৱেগসর্বস্ব শ্লোগান বুলি ধাৰণা দিয়াৰ জোৰ প্রচেষ্টা চলিছে। এই পৰিস্থিতিত অশোকৰ দৰে আদৰ্শত অবিচল সমাজ-প্রাণ শিল্পী সাংস্কৃতিক কর্মীৰ অকাল বিয়োগ সমাজ-জীৱনৰ বাবে নিঃসন্দেহে অপূৰণীয় ক্ষতি (এইষাৰ কথা আজি তেখেতৰ নিজৰ ক্ষেত্ৰতো প্রযোজ্য”। কিন্তু তেওঁৰ অপূর্ণতাখিনিক পূর্ণতা দিবলৈ আজিৰ প্রজন্মৰেই কোনোবা ওলাই আহিব লাগিব। যুগে যুগে এইটোৱেই ৰূপান্তকামী মানুহৰ কৰণীয় কাম হৈ আহিছে। দৰাচলতে, যুগ যুগৰ মহত্তম চিন্তা, কর্ম আৰু আদৰ্শৰ ধাৰাবাহিকতাক গতিশীল কৰি ৰাখিবলৈকে মানুহ জীয়াই থাকে”।

“সাম্প্রতিক অসমীয়া নাটকৰ আনুসংগিক ধাৰা হিচাপে শিশু-নাটকৰ সমৃদ্ধি আৰু প্ৰসাৰত যিজন নাট্যকাৰৰ ভূমিকা সর্বাধিক সেইজনেই হৈছে হৰেন্দ্ৰনাথ বৰঠাকুৰ। শিশু-সাহিত্য ৰচনাত গভীৰভাৱে মনোনিৱেশ কৰা বৰঠাকুৰদেৱে ইতিমধ্যে দহখন শিশু নাটক, আঠখন বাটৰ নাটক, কেইবাখনো একাংকিকা নাটক আৰু দুখন পূর্ণাংগ নাটক ৰচনা কৰাৰ লগতে ভালেকেইখন শিশু উপন্যাসে ৰচনা কৰিছে। আকাশবাণীৰ স্বীকৃত গীতিকাৰ বৰঠাকুৰদেৱে শতাধিক গীত ৰচনা কৰি অসমীয়া গীতি সাহিত্যকো চহকী কৰিছে। একেধাৰে নাট্যকাৰ, শিক্ষাবিদ, সমাজ সংগঠক, প্রগতিশীল চিন্তাৰ বার্তাবাহক বৰঠাকুৰদেৱে সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটাও লাভ কৰিছে (“নাট্য চিন্তন”-ৰ সৌজন্যত)।

হে’ মহান খনিকৰ, কৃষক-শ্রমিক, খাটিখোৱা মুক্তিকামী মানুহৰ হিয়াৰ আমঠু, আপুনি জনসংস্কৃতিৰ পথাৰ চহাই যি সোণোৱালী শইচ সিঁচিছিল সি এদিন সুন্দৰ ফচল দিব। আপোনাৰ এটি গীতৰ কথাৰেই সামৰিব বিচাৰিছোঁ—

সাজ লাগোতেই মাৰ গ’লা বুলি
তুমি সূৰ্যৰ মৃত্যু নাই
প্রভাতে প্রভাতে ন-চেতনাৰ
স্বর্ণ-জ্যোতি দিছা বিলাই
এতিয়াও আছা আমাৰ মাজত
অগ্নি শিখা হৈ তুমি সদায়।

তুমি আঁকি যোৱা ন-সমাজৰ,
পটেৰে নাটঘৰ ল’লো সজাই,
কংস বধৰ ভাওনা তৰি,
বচন মাতিছে শুনা জনতাই,
মুক জনতাৰ কণ্ঠত আজি
তোমাৰ কণ্ঠই ল’লেহি ঠাই।
তুমি জ্বালি যোৱা যুগ-চেতনাৰ
জ্যোতিৰে প্ৰাণৰ শিখা জ্বলাই
অন্ধকাৰৰ ত্ৰাস নাশিবলে
শিলেৰে বান্ধিছে মন জনতাই,
ক্ষুব্ধ জনতাৰ সুপ্ত চেতনা
তোমাৰ জ্যোতিৰে দিছা জগাই।
(হৰেন্দ্ৰনাথ বৰঠাকুৰ, ১১ জুলাই ‘৯৮)

(‘বিকল্প’ পত্ৰিকাৰ ‘হৰেন্দ্ৰনাথ বৰঠাকুৰ বিশেষ সংখ্যা’ত প্ৰকাশিত নিৱন্ধটি প্ৰগতিশীল সাংস্কৃতিক কৰ্মীজনলৈ শ্ৰদ্ধাঞ্জলি জনাই ডিজিটেল মাধ্যমত প্ৰকাশ কৰা হ’ল‌।)

Leave a Reply

Your email address will not be published. Required fields are marked *