জনতাৰ মন-দাপোণত জিলিকি থকা সংগ্ৰামী শিল্পীগৰাকী ।। দিলীপ কুমাৰ ভট্টাচার্য
বিষ্ণু প্ৰসাদ ৰাভা আছিল এগৰাকী সংগ্ৰামী শিল্পী, পৰিৱৰ্তনকামী শিল্পী। ৰূপান্তৰকামী শিল্পীসকলে শিল্পক সদায় সংগ্রামৰ সৈতে জড়িত কৰি ঈপ্সিত লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস চলায়। বিয়াল্লিশৰ গণবিপ্লৱৰ সময়ত জ্যোতিপ্রসাদ আগৰৱালাই ভালেমান কবিতা-গীত ৰচনা কৰিছিল, যিবোৰৰ সুৰ আৰু তালে জনসাধাৰণক স্বাধীনতা ৰণৰ ৰণুৱা হ’বলৈ, সংগ্ৰামৰ পথত আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছিল। দেশৰ স্বাধীনতাৰ স্বপ্নই বিষ্ণু ৰাভাকো ব্যাকুল কৰি তুলিছিল। ছাত্র হৈ থাকোঁতে কলিকতা, কোচবিহাৰ আৰু ৰংপুৰত কৰা কাৰ্যাৱলীয়ে সেই কথাকেই সূচায়। বিষ্ণু ৰাভাৰ শিল্পীসত্তাই, সংগ্ৰামী চেতনাই প্ৰাণ পাই উঠিছিল ছাত্ৰাৱস্থাতে। পঢ়া-শুনা, খেলা-ধূলা, নৃত্য-গীত, চিত্ৰ-ভাস্কৰ্যত পাৰ্গত ছাত্ৰ ৰাভাই ভিক্টোৰিয়া কলেজত পঢ়ি থাকোতে লক্ষ্য কৰিছিল যে বিদেশী শাসক আৰু তেওঁলোকৰ অনুগত এচাম দেশীয় শাসকে জনসাধাৰণক ভৃত্যৰ দৰে আচৰণ কৰে। বিষ্ণু ৰাভাৰ স্বাধীনচিতীয়া মনে সেয়া সহ্য কৰিব পৰা নাছিল। সেইবাবেই তেওঁ ৰাজপ্ৰাসাদৰ সিংহ দুৱাৰত আঁৰিছিল পদ্য-পোষ্টা “ৰাজ্যে আছে দুইটি পাঠা/ একটি কালো একটি সাদা/ ৰাজ্যেৰ যদি মংগল চাও/ দুইটি পাঠাই বলি দাও।” ৰাভাৰ সেই কাৰ্যৰ কথা গোপন হৈ নাথাকিল। যাৰ বাবে ৰাভাৰ ওপৰত শাসকৰ কোপ-দৃষ্টি পৰিল আৰু ফলত ৰাভাই কোচবিহাৰ এৰিব লগা হ’ল। এইবাৰ ৰাভা পালেগৈ ৰংপুৰৰ কাৰমাইকেল কলেজ। তাতো ৰাভা শান্তিৰে থাকিব নোৱাৰিলে। ৰাভাৰ গতি-বিধিৰ ওপৰত পুলিচ-চোৰাংচোৱাৰ চোকা দৃষ্টি পৰিল। ৰাভা থকা হোষ্টেলতো সঘন তালাচী চলিল। ফলত ৰংপুৰক বিদায় দিবলৈ ৰাভা বাধ্য হ’ল। তাৰ লগে লগে সম্ভাৱনাপূৰ্ণ ছাত্র-জীৱন এটাৰো সামৰণি পৰিল।
অজ্ঞাতবাসৰ কালছোৱাত ৰাভাক বিচাৰি উলিওৱাত পুলিচ-চোৰাংচোৱা ব্যৰ্থ হোৱাত, জীৱিত বা মৃত অৱস্থাত ৰাভাক ধৰাই দিলে দহ হেজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি ঘোষণা কৰা সত্ত্বেও ধৰাই দিওঁতা ওলোৱা নাছিল ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে ঠিকেই; কিন্তু সেই স্বাধীনতাক লৈ ৰাভা সন্তুষ্ট নহ’ল।সেই স্বাধীনতাক তেওঁ ভুৱা স্বাধীনতা বুলি কৈছিল। তেওঁৰ কাব্যিক ভাষাত, “এমুঠি ধনীৰ হ’ল সুখ / কোটি কোটি ৰাইজৰ হ’ল / বিধে বিধে দুখ/ এয়ে হ’ল স্বাধীনতা, ভুৱা স্বাধীনতা/ কোটি কোটি মানুহৰ ঘৃণ্য স্বাধীনতা।” ক্ষমতাৰ হস্তান্তৰে জনসাধাৰণৰ দুখ-দুৰ্গতি মোচন কৰিব নোৱাৰে বুলি তেওঁ উপলব্ধি কৰিলে। সমাজত অৰ্থনৈতিক বৈষম্য থকালৈকে জনসাধাৰণৰ বিলাই-বিপত্তিৰ ওৰ নপৰে বুলি তেওঁৰ ধাৰণা গাঢ় হ’ল, তেওঁ লিখিলে, “কাৰখানা-কল আমাৰ সৃজন / পথাৰ সুবহল… / তেওনো কিয় আমাৰ এনে / আলৈ-বিলৈ হ’ল।” পৰিত্ৰাণৰ উপায় ? তেওঁৰ দৃষ্টিত—”অ’ হলোৱা অ’ বনুৱা / গা তুলিবৰ হ’ল / ৰঙা তেজৰ নিচানটি লৈ / আগ বাঢ়ি যাওঁ ব’ল।” শ্ৰেণী-চেতনা সম্পর্কে তেওঁ সজাগ হ’ল। ৰঙা তেজৰ নিচান উৰুৱাবলৈ তেওঁ বিপ্লৱী সাম্যবাদী দলৰ লগত সংযুক্ত হ’ল। স্বাধীন চৰকাৰৰ ৰোষৰ পৰা বাচিবলৈ ১৯৪৮ চনত তেওঁ আত্মগোপন কৰিলে। তেওঁৰ ভাষাত ‘অজ্ঞাতবাসী’ হ’ল। অৰ্থনৈতিক স্বাধীনতাৰ বাবে তেওঁ কৃষক, বনুৱা আৰু মহিলাসকলক সংগঠিত কৰাত লাগিল। এহাতত ষ্টেনগান আৰু আনহাতত কলম লৈ দিহিঙে-দিপাঙে ঘূৰি সংগঠন আৰু সৃষ্টি সমানে কৰি গ’ল। কৃষক-শ্ৰমিকক জগাই তুলিবলৈ তেওঁ গান ৰচিলে—, “জাগ জাগ জাগ জাগ / মজদুৰ ন-জোৱান / নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান।” শোষিত জনতাক তেওঁ আহ্বান জনালে—”ভাং ভাং ভাং ভাং / লোহাৰ শিকলি ভাং / ছিং ছিং ছিং ছিং/ দাসৰ বান্ধোন ছিং।” তেওঁ মুক্তি ফৌজ, নাৰী মুক্তি সংঘ আৰু কৃষক-বনুৱা পঞ্চায়ত গঠন কৰি ৰাইজক নিজৰ অধিকাৰ সম্পর্কে সজাগ কৰাত ব্ৰতী হ’ল। মুক্তি ফৌজৰ বাবে তেওঁ ‘ৰণ-নীতি আৰু ৰণ-কৌশল’ নামৰ এখন সচিত্র পুস্তিকা প্ৰস্তুত কৰিছিল৷ সৰ্বভাৰতীয় পৰ্যায়ত ব্যৱহাৰৰ বাবে তাৰেই পৰিবৰ্ধিত ৰূপ এটা ইংৰাজীত প্ৰস্তুত কৰিছিল—Tactics & Strategy of Revolution নামেৰে। পুলিচ-চোৰাংচোৱাৰ পৰা বাচিবলৈ পলাই ফুৰোতে আন বহু ৰচনা হেৰোৱাৰ দৰে সেই দুখনো হেৰাল।
ৰাভাই জনগণক প্ৰাণভৰি ভাল পাইছিল আৰু সেইবাবেই নিপীড়িত, নিষ্পেষিত, অৱহেলিত জনগণৰ হকে কাম কৰাৰ তাগিদা অনুভৱ কৰিছিল। সেই তাগিদা উপৰুৱা নাছিল বাবেই উত্তৰাধিকাৰী সূত্রে পোৱা দুহেজাৰ বিঘা মাটি আধিয়াৰ কৃষকসকলক এৰি দিব পাৰিছিল, পুলিচৰ উচ্চপদস্থ চাকৰিৰ প্ৰস্তাৱ হেলাৰঙে ত্যাগ কৰিব পাৰিছিল। পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চাকৰিৰ প্ৰস্তাৱো অগ্ৰাহ্য কৰিছিল। খাটিখোৱা জনগণৰ মাজত সোমাই পৰি ৰাভাই তেওঁলোকক ওচৰৰ পৰা নিৰীক্ষণ কৰিছিল। দেশৰ দুখীয়া-নিছলা জনগণৰ দুখ-দুৰ্দশাই তেওঁক ব্যথিত কৰি তুলিছিল। সেইসকলৰ প্ৰতি সমাজে কৰা বঞ্চনা, অৱহেলাক ৰাভাই সহজভাৱে ল’ব পৰা নাছিল। তেওঁ জনজাতিসকলৰ ক্ষোভ-বেদনাৰ উমান কাহানিবাই পাইছিল। কাৰণ তেওঁ আছিল অসমত বাস কৰা বিভিন্ন জাতি-গোষ্ঠীৰ মনৰ খবৰ ৰাখোঁতা। ত্ৰিশৰ দশকৰ আৰম্ভণিতে তেওঁ ‘আৱাহন’ৰ পাতত সকীয়নি দিছিল এনেদৰে—”অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ অসমৰ প্ৰত্যেক ৰাজনীতিজ্ঞ আৰু সমাজনেতাসকলে এতিয়াৰ পৰা চেষ্টা কৰা উচিত। তাকে নকৰিলে অনুন্নত জাতিসমূহৰ বুকুত বিদ্ৰোহৰ অগনি জ্বলাই অসমত আৰু এটা গৃহকন্দলৰ বাহ সাজি দিয়া হ’ব।” শোষিত জনগণৰ প্ৰতি ৰাভাৰ সমমৰ্মিতা আছিল বাবেই তেওঁ জনগণৰ বুকুৰ কুটুম হ’ব পাৰিছিল, জননায়কত পৰিণত হৈছিল। অজ্ঞাতবাসৰ কালছোৱাত ৰাভাক বিচাৰি উলিওৱাত পুলিচ-চোৰাংচোৱা ব্যৰ্থ হোৱাত, জীৱিত বা মৃত অৱস্থাত ৰাভাক ধৰাই দিলে দহ হেজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি ঘোষণা কৰা সত্ত্বেও ধৰাই দিওঁতা ওলোৱা নাছিল। ৰাভাৰ অভিনয় প্ৰতিভাও এইক্ষেত্ৰত সহায়ক হৈছিল। এবাৰ ৰাভাই নলবাৰীৰ পাগলাদিয়া নদীৰ পশ্চিম পাৰে থকা এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈছিল। সেই কথা গম পাই এদল পুলিচ ৰাতিয়েই সেই ঠাইত উপস্থিত হৈ পহৰাৰত অৱস্থাত থাকিল। উদ্দেশ্য— ৰাতি পুৱালেই ৰাভাক আটক কৰিব। তেতিয়া আছিল বাৰিষা কাল। দোকমোকালিতে জনজাতীয় খেতিয়কৰ বেশত কান্ধত নাঙল, মূৰত জাপি আৰু হাতত এছাৰি লৈ এহাল গৰু খেদি খেদি ৰাভা পাৰ হৈ গ’ল। পুলিচ বিষয়া এজনে ৰাভাৰ কথা সোধাত তেওঁ উত্তৰ দিলে, “আমি খব নাফাৰং কুনি বিষ্ণু ৰাভা।” কিছু দূৰ গৈ সুযোগ বুজি নাঙল, জাপি, এছাৰি আৰু গৰুহাল তাতে এৰি তেওঁ সাঁতুৰি পাগলাদিয়া পাৰ হৈ নিৰাপদ স্থানলৈ আঁতৰি গ’ল। অজ্ঞাতবাসৰ কালছোৱাত ঘটা এনে বহু ঘটনা-কাহিনী মানুহৰ মুখে মুখে। অৱশ্যে ১৯৫২ চনত ৰাভা ধৰা পৰিল আৰু এবছৰ জে’ল হ’ল। জনগণৰ লগত থকা প্ৰাণৰ সম্পর্কই ৰাভাক সৃষ্টিশীল কৰি তুলিছিল আৰু সেইবাবেই তেওঁৰ সৃষ্টিত সেইসকলৰ দুখ-দুৰ্গতিৰ ছবিখন প্ৰতিফলিত হৈছিল। তেওঁৰ গীতত পাওঁ, “গাম পীড়িতৰ চিৰ-বিজয়ৰ গান / ফিৰাই আনিম দলিতৰ সন্মান / মৰা জগতৰ হৃদয়ত ঢালি প্ৰাণ / পাতিম ধৰাত চিৰ-শান্তিৰ উদ্যান।” শ্ৰেণীহীন- শোষণহীন সমাজ গঢ়়াৰ তাড়নাই ৰাভাক প্ৰথমে সশস্ত্র সংগ্রামী কৰি তুলিছিল যদিও পিছলৈ ৰাভাই সেই পথ ত্যাগ কৰিছিল। সেই পথেৰে গ’লে নিৰীহ জনতাৰ অধিক হানি-বিঘিনি হোৱাৰেই আশংকা। হয়, গণতান্ত্রিক সংগ্ৰামৰ বিকল্প নাই। সেই পথেই প্ৰতিৰোধৰ প্ৰকৃত পথ। মাথোঁ তাৰ বাবে জনগণক সংগঠিত কৰিব লাগিব। বিভিন্ন কাৰণত ৰাভাই বিচৰা শ্ৰেণীহীন-শোষণহীন সমাজখন প্ৰতিষ্ঠা নহ’ল। তথাপি শোষিত-পীড়িত জনগণক তেওঁলোকৰ অধিকাৰ সম্পর্কে সজাগ কৰিবলৈ ৰাভা বহু পৰিমাণে সক্ষম হ’ল। সমান্তৰালভাৱে সৃষ্টি হ’ল ভালেসংখ্যক গীত, কবিতা, নাটক, চুটিগল্প আৰু অন্যান্য ৰচনাৰ। তাৰে বহুখিনি হেৰাল যদিও অৱশিষ্ট ৰচনাৰাজিয়ে অসমীয়া সাহিত্য-সংস্কৃতিক আজিও জীপাল কৰি ৰাখিছে। ‘পৰজনমৰ শুভ লগনত’, ‘লগন উকলি গ’ল’, ‘নাহৰ ফুলে নুশুৱায়’, ‘সুৰৰে দেউলৰে’, ‘মোৰ কবিতাৰ ছন্দ লাগি’, ‘অ’ অসমীয়া ডেকাদল’, ‘বিশ্বৰ ছন্দে ছন্দে’ আদি গীতসমূহক তাৰ শব্দ-চয়ন আৰু সুৰে অসমীয়া সংগীতৰ নজহা-নপমা সম্পদ কৰি ৰাখিছে। গ্ৰাম’ফোন যুগত জ্যোতিপ্রসাদৰ লগ লাগি ‘জয়মতী’ আৰু ‘শোণিতকুঁৱৰী’ নাটৰ গ্ৰাম’ফোন ৰেকৰ্ড কৰিছিল। নিজাকৈ কৰা ৰেকৰ্ডকেইখন হ’ল—‘বেউলা’, ‘ৰতনী’, ‘বিহুৱতী’, ‘জন্মাষ্টমী’, ‘বৰদৈচিলা’, ‘শ্ৰীশ্ৰীশংকৰদেৱ’ আৰু ‘শ্ৰীশ্ৰীমাধৱদেৱ’ । বিষ্ণু ৰাভা এগৰাকী নৃত্যশিল্পী আছিল আৰু তেওঁৰ তাণ্ডৱ নৃত্য দেখি উদয় শংকৰ, গুৰুসদয় দত্ত প্ৰমুখ্যে ভাৰতৰ নৃত্যবিদসকলে আশ্চর্য সহকাৰে প্ৰশংসা কৰিছিল। প্ৰকাশিত নিবন্ধ ‘শ্ৰীশংকৰদেৱ বৰগায়ন’, ‘জনজাতীয় সংস্কৃতিত শিৱ’, ‘কৈনো থাকো মানে ওৰকে নপৰে’, নগাঁও ছাত্র ফেডাৰেচনত পঠিত অভিভাষণ ‘অসমীয়া কৃষ্টি’, কণিহা বিহুতলীত পঠিত অভিভাষণ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ ৰাভাৰ উল্লেখযোগ্য ৰচনা। ‘প্ৰাচীন ভাৰতৰ নৃত্যকলা’ তেওঁৰ ‘ৰামধেনু’-ত প্ৰকাশিত আধৰুৱা ৰচনা। ‘সোণপাহি’ একমাত্র গল্প সংকলন।
অভিনেতা বিষ্ণু ৰাভাৰ অভিনয় জীৱনে গতি পাইছিল তেজপুৰৰ বাণ থিয়েটাৰত কৰা নাটকৰ জৰিয়তে। বাণ থিয়েটাৰত অভিনীত ৰাভাৰ প্ৰথমখন নাটক আছিল জ্যোতিপ্রসাদৰ ‘কাৰেঙৰ লিগিৰী’। ১৯৩৫ চনত দুৰ্গোৎসৱৰ সপ্তমী পূজাৰ নিশা মঞ্চস্থ হোৱা সেই নাটকত ৰাভাই ‘সুদৰ্শন’-ৰ চৰিত্ৰত অভিনয় কৰিছিল। অভিনয়ৰ উপৰি ৰাভাই সংগীতাংশতো ভাগ লৈছিল। ‘মোৰে জীৱনৰে সখা কৃষ্ণ’ গীতটোত ৰাভাই কণ্ঠদান কৰি অভিনয়-শিল্পীৰ লগতে কণ্ঠশিল্পী হিচাপেও ৰাইজৰ প্ৰশংসা বুটলিছিল। বাণ থিয়েটাৰৰ নাটকত ৰাভাই ৰূপদান কৰা কেইটামান অতি সফল আৰু উল্লেখযোগ্য চৰিত্ৰ হ’ল ফণী শৰ্মা ৰচিত নাটক ‘কিয়’-ৰ গেঠু, ‘চিৰাজ-’ৰ আঘোণা, ‘চাহজাহান’-ৰ ঔৰংগজেৱ, ‘মিচৰ কুমাৰী’-ৰ আবন আৰু ‘কংস’ নাটকৰ কংস। ৰাভা কেৱল মঞ্চ জিনা অভিনেতাই নাছিল, আছিল এগৰাকী সফল চলচ্চিত্র অভিনেতাও; ‘চিৰাজ’ৰ সুবিমল ফুকন, ‘প্ৰতিধ্বনি’-ৰ খাচী ৰজা চিয়েম, ‘এৰাবাটৰ সুৰ’ৰ ভজলুংকা তাৰ উপযুক্ত স্বাক্ষৰ।
বিষ্ণু ৰাভা আছিল জনতাৰ শিল্পী। তেওঁৰ ভাষাত, “মানুহে মোক শিল্পী বুলি কয়। যদি মই শিল্পী হওঁ, বিধাতাৰ আশীর্বাদত মই শিল্পী হোৱা নাই—ৰাইজৰ আশিসতহে মই শিল্পী হৈছোঁ। ৰাইজৰ হিয়া-কোঁহৰ পৰা এটুপি এটুপি সুন্দৰৰ ৰস বুটলি আনি মই মোৰ মন-কোঁহ ভৰাই লওঁ। সেই মন-কোঁহকে ৰহ-ঘৰা মউ-কোঁহ কৰি তাৰ পৰা টোপাল টোপাল ৰস নিঙাৰি নিঙাৰি নিগৰি নিগৰি উলিয়াই ৰাইজক বিলাই দিওঁ।” জনমুখী শিল্পী বিষ্ণু ৰাভা আৰু শোণিতকোঁৱৰ গজেন বৰুৱা এবাৰ ত্ৰিপুৰা ৰাজভৱনলৈ নিমন্ত্ৰিত হৈছিল। কিন্তু তেওঁ নগ’ল, গজেন বৰুৱাকো যাবলৈ নিদিলে। কাৰণ ব্যাখ্যা কৰি তেওঁ কৈছিল, “আমাৰ সংস্কৃতি বা জনগণৰ সংস্কৃতি আৰু শক্তিৰ সিহঁতে কি মূল্য বুজে? কৃষ্টি-সংস্কৃতি সিহঁতৰ মস্কৰা, অৱসৰ বিনোদনহে।” অসমত বাস কৰা বিভিন্ন জাতি-গোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ উন্নয়ন বিচৰা ৰাভাই সদায় সংহতিৰ কথা কৈছিল আৰু সেইবাবেই নগাপাহাৰ অসমৰ পৰা বিচ্ছিন্ন হওঁতে দুখ প্ৰকাশ কৰিছিল, “…মোক আজি অসম চৰকাৰে দায়িত্ব দিয়ক, মই ভূপেন হাজৰিকাহঁতক লৈ এটি প্ৰতিনিধি দল ৰূপে গৈ অসমৰ লগত নগা ৰাইজক একলগ কৰি ৰাখিবলৈ চেষ্টা চলাম।”
শিল্প-কলাত জনতাৰ প্ৰাণস্পন্দন ফুটাই তোলা বিষ্ণু প্ৰসাদ ৰাভা আছিল এগৰাকী জনতাৰ শিল্পী। জনতাৰ মন-দাপোণত আপোচহীন, ৰূপান্তৰকামী শিল্পীৰূপে তেওঁ সদায় জিলিকি থাকিব ।