বিজ্ঞান-প্ৰযুক্তি

যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (অষ্টম /অন্তিম অংশ) (পূৰৱী দেৱী)

নিজ স্বার্থৰ খাতিৰতে প্ৰতিখন শিল্পোনত দেশে যোগাযোগ আৰু পৰিবহন ব্যৱস্থা উন্নত কৰিবলৈ বাধ্য হয়। ব্রিটিইনে উপনিৱেশসমূহত, বিশেষকৈ ভাৰতবৰ্ষত ৰেলপথ, জাহাজৰ বন্দৰ আদি নির্মাণ কৰিবলৈ বাধ্য হয়। সকলো বৈজ্ঞানিক আৱিষ্কাৰ প্ৰয়োগ কৰিবলৈ হ’লে শিক্ষিত, কুশলী শ্ৰমিকৰ প্ৰয়োজন। সেয়েহে অনিচ্ছাস্বত্তেও প্রতিখন দেশৰ চৰকাৰে নিজ দেশত আৰু উপনিৱেশত বিজ্ঞান-শিক্ষাৰ প্ৰসাৰ ঘটাবলৈ বাধ্য হয়। এচাম বুদ্ধিজীৱিয়ে, বিশেষকৈ ভাৰতীয় বুদ্ধিজীৱিয়ে ইয়াৰ সুযোগ গ্রহণ কৰিবলৈ ধৰে। ভাৰতৰ সত্যেন বোস আৰু ৰামানুজনৰ দৰে বিখ্যাত পদার্থবিদ আৰু অংকশাস্ত্রবিদে পৰাধীন ভাৰততে জন্ম গ্রহণ কৰিছিল।

প্রায় প্রতিখন দেশতে এচাম মুষ্টিমেয় মানুহৰ ভঁড়াল ধন-ঐশ্বৰ্যৰে ভৰি পৰে। আনহাতে অনাহাৰ-অনাটন, বিপদ-আপদে সাধাৰণ মানুহৰ দুখ-দুর্গতিৰ সীমা নোহোৱা কৰে। লেতেৰা, অস্বাস্থ্যকৰ নগৰত বাস কৰা শ্রমিক বস্তিৰ মাজত কলেৰাৰ দৰে ৰোগ সহজে বিয়পি পৰি তৎক্ষণাতে মহামাৰীৰ সৃষ্টি কৰিবলৈ ধৰে। ওঠৰ শতিকাৰ বুদ্ধিজীৱিমহলে বিজ্ঞানে লাহে-ধীৰে সকলোৰে মংগল সাধিব বুলি আশা কৰিছিল। কিন্তু এহাতে বিশাল ঐশ্বৰ্য্যৰ চিকমিকনি, আনহাতে দৰিদ্ৰতাৰ বিভীষিকাই বুদ্ধিজীৱিমহলক ভাবিবলৈ বাধ্য কৰিছিল যে কৰবাত কিবা এটা ভয়ংকৰ ভুল হৈছে। পুঁজিবাদীমহলে আদাম স্মিথৰ “Wealth of Nations” পুথিৰ মাজতে এই ভয়ংকৰ সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াব পৰা যাব বুলি বিশ্বাস কৰিছিল। অর্থাৎ ব্যক্তিগত উদ্যোগ, সাংবিধানিক গণতন্ত্র আৰু বেহা-বেপাৰৰ পূর্ণ স্বাধীনতাই সৰ্ব্বোচজনৰ মংগল সাধিব বুলি বিশ্বাস কৰিছিল।

আনহাতে সমাজবাদীসকলে কার্ল মার্ক্সৰ “ডাচ কেপিটেল”-ৰ মাজতহে আশাৰ ৰেঙণি দেখিবলৈ পাইছিল। মার্ক্সৰ মতে পুঁজিবাদক সমাজবাদৰ দ্বাৰা অপসাৰিত কৰিব পাৰিলেহে সমস্যা সমাধান কৰিব পৰা যাব। পুঁজিবাদী সমাজত মূলধন জমা হয় ব্যক্তিগতভাৱে নির্দিষ্ট ব্যক্তিৰ হাতত। মূলধনৰ ওপৰত ভিত্তি কৰিয়েই মালিকে কল-কাৰখানা নির্মাণ আৰু পণ্যদ্রব্য উৎপাদন কৰিবলৈ সক্ষম হয়। মার্ক্সৰ মতে সকলো সম্পত্তি, কল-কাৰখানা আৰু বেংক ইত্যাদি ব্যক্তিগত নহয়, ৰাজহুৱাহে হোৱা উচিত যাতে ৰাষ্ট্ৰীয় পুঁজিৰ দ্বাৰা সকলো উপকৃত হ’ব পাৰে। তেখেতৰ মতে মানৱ-সমাজৰ ইতিহাস প্রকৃততে শ্রেণী-সংগ্ৰামৰ ইতিহাস আৰু শ্রেণী-সংগ্রামেহে সমাজবাদক বাস্তৱলৈ ৰূপায়িত কৰিব। সমাজবাদীসকলক এই মতবাদে উৎসাহ যোগাইছিল।

বিজ্ঞানে প্ৰচণ্ড বৰঙণি যোগাৰলৈ ধৰা আন এখন ক্ষেত্র আছিল সমৰ সজ্জাৰ ক্ষেত্ৰ। ক্ৰমাণ্বয়ে প্ৰতিখন উন্নয়নশীল দেশে মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ নির্মাণ কৰিবলৈ ধৰি সময় সজ্জাত উঠি-পৰি লাগে। কেৱল ইংলেণ্ডেই নহয়, জার্মানীতেও বিশাল সৈন্য আৰু নৌ-বাহিনী ও যুদ্ধ জাহাজ সাজিবলৈ ধৰে।

বিজ্ঞানে পৰিবহনৰ ক্ষেত্ৰত আৰু দুটা বৰঙণি আগ বঢ়াইছিল, এটা মটৰ গাড়ী শান্তি আনটো উৰাজাহাজ। পেট্ৰল উদ্যোগৰ দ্ৰুত বিকাশে ইয়াক সম্ভৱপৰ কৰি তোলে। এনেবোৰ প্রতিযোগিতাই যুদ্ধ অনিবার্য বুলি বহু মানুহক ভাবিবলৈ বাধ্য কৰিছিল আৰু অৱশেষত আৰম্ভ হৈছিল প্রথম বিশ্বযুদ্ধ।

প্রথম বিশ্বযুদ্ধৰ কাৰণ আছিল বহুতো। কিন্তু সি যি নহওক বৈজ্ঞানিক আৱিষ্কাৰে এই যুদ্ধত এক মুখ্য ভূমিকা পালন কৰে। যুদ্ধজাহাজ, উৰাজাহাজ, টেংক আৰু ভয়ংকৰ বোমা প্রথম বিশ্বযুদ্ধত ব্যৱহৃত হয়।

বিশেষকৈ এমোনিয়া উদ্যোগে এই যুদ্ধত এক বিশেষ ভূমিকা পালন কৰে। বিস্ফোৰক নির্মাণৰ বাবে আবশ্যকীয় নাইট্রেট জার্মানীয়ে চিলিৰ পৰা আমদানি কৰিছিল। বৃটিছ নৌবাহিনীয়ে সকলো বন্দৰ অৱৰোধ কৰি আমদানিৰ অন্ত পেলাবলৈ চেষ্টা কৰিছিল। কিন্তু ৰসায়নবিদ ফ্রিটজ হেবাৰে কৃত্রিম উপায়েৰে এমোনিয়া আৰু এমোনিয়াৰ পৰা নাইট্রেট প্রস্তুত কৰিবলৈ ধৰে। ফলত চাৰি বছৰ ধৰি যুদ্ধ চলাবলৈ জার্মানী সক্ষম হয়।

আনহাতে ৰাছিয়াৰ অৱস্থা হৈছিল শোচনীয়। ৰাছিয়া প্রকৃততে কৃষিভিত্তিক দেশ আছিল যদিও তাত শিল্প উদ্যোগ গঢ়ি উঠিবলৈ ধৰিছিল। সেই সময়ত ৰাছিয়াত ৰাজত্ব কৰা জাৰ নিকোলাচৰ বাস্তৱৰ লগত একো সম্বন্ধ নাছিল বুলিব পাৰি। ৰাছিয়াক শীঘ্ৰে শিল্পভিত্তিক দেশলৈ ৰূপান্তৰিত কৰি তেখেত প্রতিযোগিতাত নামিব খুজিছিল। এই ক্ষেত্ৰত ৰাছিয়াৰ চৰকাৰ বিফল হৈছিল বুলিব নোৱাৰি। কুৰি শতিকাৰ আৰম্ভণিতে ৰাছিয়াত Trans-Siberian Railway নির্মাণ কৰা হৈছিল। কিন্তু মধ্যবিত্ত আৰু কৃষকৰ ওপৰত অসহনীয় কৰৰ বোজা জাপি দিহে এনে কাম কৰা সম্ভৱ হৈছিল।

সেয়েহে সাধাৰণ মানুহৰ দুখ কুলাই পাচিয়ে নধৰা হয়। শিল্প উদ্যোগত কাম কৰা শ্ৰমিকৰ অৱস্থাও হয় তথৈবচ। এনেকি শীতৰ প্রকোপতে হাজাৰ হাজাৰ মানুহৰ মৃত্যু হয়। সঘনেই শ্রমিক ধর্মঘট হ’বলৈ ধৰে। ১৯০৫ চনত হোৱা শান্তিপূর্ণ ধর্মঘটত নিৰস্ত্ৰ লোকৰ ওপৰত পুলিচে গুলীচালনা কৰিছিল। প্রথম বিশ্বযুদ্ধত ৰাছিয়াই অংশ গ্রহণ কৰিবলৈ ওলোৱাত সাধাৰণ মানুহৰ বাদেও এনেকি সামৰিক বাহিনীত কাম কৰা লোকো ক্ষুন্ন হৈছিল। এনে পৰিৱেশত লেনিনে দিয়া যুদ্ধ বিৰোধী আৰু সমাজবাদী শ্লোগানৰ প্রতি বহু লোকে সঁহাৰি জনাবলৈ ধৰে আৰু অৱশেষত লেনিনৰ নেতৃত্বত ১৯১৭ চনত সমাজবাদ গঢ়ি তুলিবলৈ জনগণে বিপ্লৱ কৰে। প্রথমবাৰৰ বাবে পৃথিৱীত এক সমাজবাদী ৰাষ্ট্ৰ গঢ়ি উঠে। ক্ৰমান্বয়ে বিশ্ব-অর্থনীতি আৰু ৰাজনীতিত অভাৱনীয় পৰিৱৰ্তন হ’বলৈ ধৰে।

“সকলো যুদ্ধৰ ওৰ পেলাবৰ হ’কে কৰা যুদ্ধ”ই সকলো যুদ্ধ ওৰ পেলোৱা দূৰৈৰ কথা, একো সমস্যা সমাধান কৰিব নোৱাৰিলে। ১৯২০ চনত বিশ্ব শান্তি স্থাপনৰ হকে League of Nations গঢ়ি তোলা হৈছিল। কিন্তু বিশেষ একো ফল নধৰিলে। ফল ধৰাৰ উপায় নাছিল। শিল্পভিত্তিক দেশসমূহৰ মাজত হোৱা অর্থনৈতিক আৰু ৰাজনৈতিক প্রতিযোগিতা কমক চাৰি বাঢ়িছিলহে। ধর্মঘট প্রকোপ বাঢ়িবলৈ ধৰিছিল। ১৯২৬ চনত ইংলণ্ডত ট্রেড ইউনিয়ন কংগ্ৰেছে খনি-শ্রমিকক সমর্থন কৰিবলৈ আহ্বান জনোৱাত প্রায় আঢ়ৈ নিযুত নাৰী-পুৰুষে ধমর্ঘটত যোগ দিছিল।

প্রথম বিশ্বযুদ্ধত বিপুল ক্ষয়-ক্ষতি বহন কৰা জার্মানীৰ অৱস্থা হৈছিল শোচনীয়। পণ্য-দ্ৰৱৰ হাৰ বৃদ্ধি আৰু ক্রয় ক্ষমতা হ্রাসৰ ফলত আৰম্ভ হোৱা আর্থিক সংকটে ভয়ংকৰ মূৰ্ত্তি ধাৰণ কৰে। খাদ্যসমস্যা, নিবনুৱা সমস্যা আদি এশ এটা সমস্যাই জুমুৰি ধৰা বিক্ষুদ্ধ জনগণক শান্ত কৰিবলৈ প্রথম বিশ্বযুদ্ধত মিত্রপক্ষই জার্মানীক বিশ্বাসঘাতকতা কৰিলে বুলি চৰকাৰে প্ৰচাৰ চলায়। অৱশেষত ৰংগমঞ্চত আৱির্ভাব হয় হিটলাৰ আৰু নাৎসীবাদ। বাৰ বছৰ ধৰি নাৎসীবাদৰ ৰাজত্ব চলাৰ পাছত সকলো সমস্যাৰ বাবে দোষী সাব্যস্ত কৰি হিটলাৰে ইহুদী নিধন যজ্ঞ পাতে। এনেবোৰ পৰিৱেশৰ মাজত আৰম্ভ হয় দ্বিতীয় বিশ্বযুদ্ধ।

দ্বিতীয় বিশ্বযুদ্ধক পদার্থ-বিজ্ঞানৰ যুদ্ধ বুলি ইতিহাসবিদে প্রকাশ কৰা মতক ভুল বুলিব নোৱাৰি। অনাতাঁৰ, ৰাডাৰ, কম্পিউটাৰৰ পৰা আৰম্ভ কৰি আনবিক বোমালৈকে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা সামগ্রীবোৰত পদার্থ-বিজ্ঞানৰ প্ৰয়োগ স্পষ্ট। বৈজ্ঞানিক আৱিষ্কাৰৰ অপপ্রয়োগে পৃথিৱীত ইয়াৰ আগতে কেতিয়াও এনে তাণ্ডৱ মূর্তি ধাৰণ কৰা নাছিল। পদার্থ-বিজ্ঞানৰ লগতে সমগ্র বিজ্ঞান-জগতৰ বাবে মহা মূল্যবান আইনষ্টাইনৰ সূত্ৰৰ ওপৰত ভিত্তি কৰি সজা আনবিক বোমায়ে নাগাচাকিত একেলগে একে সময়তে ৪০,০০০ হেজাৰ নিৰীহ মানুহক নিহত কৰিছিল। দ্বিতীয় মহাযুদ্ধই কৰা ক্ষতিৰ সমান ক্ষতি আগতে কোনো যুদ্ধই কৰা নাছিল। যুদ্ধ ক্ষেত্ৰৰ বাদেও অনাহাৰ, মহামাৰী আৰু দুর্ভিক্ষত হেজাৰ হেজাৰ লোকৰ মৃত্যু হৈছিল। বিজ্ঞানৰ অপপ্রয়োগৰ এই কালিমা ইতিহাসৰ পাতৰ পৰা কেতিয়াও মোচ নেখায়।

যুদ্ধ শেষ হৈছিল সঁচা। কিন্তু পৃথিৱীৰ দেশসমূহ ভাগ-বতৰা কৰিবলৈ উঠি দুই সাম্রাজ্যবাদী শক্তি ৰাছিয়া আৰু আমেৰিকাৰ মাজত আৰম্ভ হয় শীতল যুদ্ধ। কোৰিয়া, ভিয়েটনাম, ইৰাক-ইৰান, ইজৰাইল-পেলেষ্টাইন আদি যুদ্ধৰ মূলতে হ’ল পৰোক্ষভাৱে কৰা শীতল যুদ্ধ। শীতল যুদ্ধই সৃষ্টি কৰে অস্ত্র-শস্ত্ৰ আৰু নিচাগ্রস্থ দ্রব্যৰ এখন ক’লা বজাৰ। এই বজাৰখনে সন্ত্রাসবাদ প্ৰসাৰ কৰাত বহুখিনি সহায় কৰে। ক’বলৈ গ’লে ৰাজনৈতিক আৰু অর্থনৈতিক প্রতিযোগিতাৰ কু-ফল আমি এতিয়াও ভোগ কৰিছোঁ। এই প্রতিযোগিতা থকা মানে বিজ্ঞানৰ অপপ্রয়োগৰ কেতিয়াও অন্ত নপৰে।

কিন্তু ছবিখন একেবাৰে নিৰাশজনকভাৱে অঁকা উচিত নহব। দ্বিতীয় মহাযুদ্ধৰ পাছৰে পৰা উদ্যোগ আৰু দৈনন্দিন জীৱনত বিজ্ঞান প্ৰসাৰিত হ’বলৈ ধৰিলে। বিশেষকৈ দ্বিতীয় মহাযুদ্ধৰ পাছত ইউৰোপৰ বহু ৰাষ্ট্র কল্যাণকামী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হোৱাত বিজ্ঞানৰ সুফল কম-বেছি পৰিমানে সকলোৱে উপভোগ কৰিবলৈ ধৰে।

কৃষি আৰু চিকিৎসাৰ সকলো দিশতে বিজ্ঞানে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰাত এই দুয়ো ক্ষেত্ৰৰ প্রভূত উন্নতি সাধন হ’ল। কাৰিকৰ আৰু খেতিয়কে স্মৰণাতীত কালৰে পৰা পোষণ কৰা ধ্যান-ধাৰণা বৈজ্ঞানিক ধাৰণাৰ দ্বাৰা অপসাৰিত হ’ল।

লাহে-লাহে বিজ্ঞান আহি ঘৰৰ ভিতৰত সোমাল। ৰেডিও, টেলিভিশ্যন আদি জটিল সজুলি মানুহৰ চিনাকি হৈ পৰিল। কেৱল সেয়ে নহয়, শিশু-পালন, স্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষা আদি কামৰ বাবেও বৈজ্ঞানিক ধাৰণা ব্যৱহৃত হ’ল। কাপোৰ বোৱা কল আদি ঘৰুৱা সা-সঁজুলিয়ে মানুহৰ, বিশেষকৈ নাৰীৰ শ্ৰম বহুখিনি লাঘৱ কৰাৰ উপৰিও হাতত আজৰি সময় দিলে।

বৈজ্ঞানিক আৱিষ্কাৰৰ অপপ্রয়োগে সৃষ্টি কৰিব পৰা বিভীষিকাৰ তিতা সোৱাদ বৈজ্ঞানিকসকলে বাৰুকৈয়ে পাইছিল। সেয়েহে এচাম বৈজ্ঞানিকে যুদ্ধ নহয়, শান্তিৰ হকে আনৱিক শক্তি ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰিছিল। ফলস্বৰূপে ১৯৫৫ চনত জেনেভাত International Conference on the Peaceful uses of Atomic Energy নামৰ সভা বহে। পৃথিৱীৰ প্ৰায় সকলো উন্নতশীল দেশৰ বৈজ্ঞানিকে এই সভাত অংশ গ্রহণ কৰে আৰু আনবিক বোমাৰ বাদে প্রায় সকলো তথ্যপাতি মুকলিমূৰীয়াকৈ আলোচনা কৰে। সভাপতি ড হোমি ভাবায়ে কয়, “Knowledge once given cannot be taken back”।

বহু ক্ষেত্ৰত প্ৰতিখন দেশে গোপনীয়তা ৰক্ষা কৰিলেও বর্তমান সভাসমিতি, আলোচনা আৰু বৈজ্ঞানিক পত্রিকাৰ মাধ্যমেৰে পৃথিৱীৰ বিজ্ঞানীমহলে বহু তথ্য মুকলিকৈ আদান-প্রদান কৰে।

বিশেষকৈ কম্পিউটাৰে পৃথিৱীখন বহু সৰু কৰি পেলালে। “ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা” কথাষাৰ প্ৰকৃতাৰ্থত সম্ভৱপৰ হ’ল। ইয়াৰ শুভফল বহুতো।

বর্তমানে অর্থনৈতিক দিশত কম্পিউটাৰে গভীৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিছে। সম্প্ৰতি Bitcoin নামৰ Digital Currency-ৰ সৃষ্টি হৈছে। এই মুদ্ৰাৰ সহায়ত বেংকৰ মাধ্যমৰ সহায় নোলাৱাকৈ মানুহে অর্থ বিনিময় কৰিব পাৰে। এনে ধৰণে অর্থ বিনিময় কৰা লোকৰ সংখ্যা বর্তমান বাৰ নিযুত। এই প্রয়োগে পৃথিৱীৰ অর্থনীতিক কোন দিশে নিয়ে ক’ব নোৱাৰি।

কুৰি শতিকাৰ চমৎকাৰ আৱিষ্কাৰসমূহৰ সু-প্রয়োগ অতি কম হৈছে যদিও বতৰ-বিজ্ঞানত ইয়াৰ বহুল প্রয়োগ হৈছে। ৰাডাৰ, কৃত্রিম উপগ্রহ, Satellite Navigation আদি ব্যৱহাৰ নকৰাহেতেন, বতৰ-বিজ্ঞান কেতিয়াও ইমান দূৰ পর্যন্ত আগুৱাই যাব নোৱাৰিলেহেতেন। বতৰৰ আগজাননীয়ে বহু লোকৰ জীৱন ৰক্ষা কৰিব পাৰে।

ঠিক সেইদৰে ভূমিকম্পৰ আগজাননী দিবলৈ Fourier Transform সমীকৰণ ব্যৱহাৰ কৰা হয়। পৰোক্ষভাৱে এই সমীকৰণ চিকিৎসা বিজ্ঞানতো ব্যৱহাৰ কৰা হয়।

পৃথিৱীৰ পৰা দুর্ভিক্ষ আঁতৰা নাই। কিন্তু ঊনৈশ বা কুৰি শতিকাৰ তুলনাত ইয়াৰ প্রকোপ আৰু মাত্রা কমিবলৈ ধৰিছে। সেইদৰে চিকিৎসা-বিজ্ঞানৰ উন্নতিয়ে মহামাৰীৰ প্রকোপো কমাবলৈ ধৰিছে। জন সংখ্যা বৃদ্ধিয়ে বহুসমস্যাৰ সৃষ্টি কৰিলেও প্রকৃততে ই শুভ লক্ষণ। ইয়াৰ অৰ্থ হ’ল শিশু মৃত্যুৰ হ্রাস আৰু আয়ুস বৃদ্ধি।

শিক্ষাৰ ক্ষেত্ৰতো একে কথাকে ক’ব পাৰি। পৃথিৱীৰ অৰ্দ্ধভাগ লোক নিৰক্ষৰ হ’লেও শিক্ষাৰ প্ৰসাৰ প্ৰতিখন দেশতে বৃদ্ধি হৈছে। উদাহৰণ স্বৰূপে ভাৰতলৈকে আঙুলিয়াব পাৰি। স্বাধীনতাৰ পূৰ্বতে ভাৰতৰ বিশ্ববিদ্যালয়ৰ সংখ্যা আছিল ২৮ খন। ২০০০ চনত ২৬০ খন। সেইদৰে স্কুল, কলেজৰ সংখ্যাও বাঢ়িছে। কাৰিকৰী বিদ্যাৰ ক্ষেত্ৰতো ভাৰত পিচ পৰি থকা নাই। ৰাছিয়া আৰু চীন দেশে নিজস্ব শিক্ষা আৰু প্ৰগতিৰ প্রমাণ হাতে কামে দিছে। বর্তমান World Wide Web-ত বহু শিক্ষা বিনামূলীয়াকৈ লাভ কৰিব পাৰি। Khan Academy তেনে এক Website। বহু পত্রিকাও বিনামূলীয়াকৈ পঢ়িব পাৰি। তেনে এক পত্রিকা হ’ল ARKAT

এই কথা সঁচা, পৃথিৱীত ধৰ্মৰ নামতে সন্ত্রাসবাদ চলিছে আৰু বহু ক্ষেত্ৰত ধর্মীয় গোড়ামিও বাঢ়িছে। কিন্তু ধর্মসহিষ্ণু মানুহৰ সংখ্যাও বৃদ্ধি হৈছে। বর্তমান অন্ততঃ ইউৰোপত ৰিচার্ড ডকিন্স লিখিত The God Delusion বা চেম হেৰিচ লিখিত Letter to A Christian Nation পুথি কোনেও ৰাজহুভাৱে দাহ নকৰে। চালমান ৰুছদি আৰু তচলিমা নাচৰিণৰ ওপৰত ফটোৱা জাৰি কৰা হৈছিল, কিন্তু তেখেতসকলক ৰক্ষণাবেক্ষণ দিয়া মানুহৰ অভাৱ নহ’ল। পৃথিৱীত নিৰীশ্বৰবাদী লোকৰ সংখ্যা কমা নাই, বাঢ়িছেহে৷ বর্তমান বহু নিৰীশ্বৰবাদী সংস্থা বা সংগঠন আছে।

অতীতৰ তুলনাত বহু মানুহ সজাগ আৰু সচেতন। পৃথিৱীৰ এটা মূৰত হোৱা বিপদ-আপদে আন এটা মূৰত ক্রিয়া-প্রতিক্রিয়া কৰে। ইন্দোনেচিয়াত হোৱা চুনামিৰ সময়ত ইংলণ্ডৰ মানুহে মাথো অর্থ সাহাৰ্যই দিয়া নাছিল, আমাৰ চিনাকি মানুহ সহায় কৰিবলৈ সেইখন দেশলৈ গৈছিল।

অৱশেষত আমাৰ এটা নিজস্ব অভিজ্ঞতাৰে এই লিখনিৰ মোখনি মাৰিব খুজিছোঁ। আমাৰ স্থানীয় গির্জাঘৰৰ সন্মুখত নিম্নলিখিত কথাশাৰীয়ে আমাক আচৰিত কৰাৰ লগতে আনন্দিতও কৰিছিল।

পৃথিৱীৰ পৰা দৰিদ্রতা দূৰ কৰাত কঠিন। কিন্তু মংগল গ্ৰহলৈ মহাকাশ যান পঠিওৱাৰ সমান কঠিন নহয়। দৰিদ্ৰতা হওক ইতিহাস”।

ই নিশ্চয় শুভ লক্ষণ।

সহায়কাৰী পুথি :

1) J.D. Bernal, Science in History

2) John Gribbin, Science: A History

3) Bill Bryson, A Short History of Nearly Everything

4) O. & C. Villas Boas, Xingu : The Indians, Their Myths

5) R.H. Tawney, Religion and Rise of Capitalism

6) Morris Kline, Mathematics in Western Culture

7) J.B. Bury, A History of Freedom of Thought

8) Bertrand Russell, History of Western Philosophy

9) D. Robinson and Judy Groves, Introducing Philosophy 10) B.L. Cline, Men who Made A New Physics

11) Eugene Kamenka, The Portable Karl Marx

12) Lionel Kochan, The Russian Revolution

13) Tom Beaumont James, The Story of England

14) John Lewis Gaddis, The Cold War

15) Simon Singh, The Code Book

16) পৰমানন্দ মহন্ত, ভাৰতত আধুনিক বিজ্ঞান

17) lan Stewart, First Among Equals, New Scientist, 11th February, 2012

18) Hugo Rifkind, Bitcoins are profitable, if you know when to get the hell out, The Times/Technology Review, November 23/2013

Leave a Reply

Your email address will not be published. Required fields are marked *