বৰ্ণিল কাৰ্যক্ৰমেৰে দ্বিতীয় বাৰ্ষিক যুক্তি দিৱস : এটি টোকা -(ত্ৰিলোচন গগৈ)
আজিৰ পৰা ৪১৯ বছৰৰ আগতে যুক্তি আৰু মুক্ত চিন্তাৰ বাবে ৰক্ষণশীল প্ৰাতিষ্ঠানিক ধৰ্মৰ হাতত অভাবনীয় অত্যাচাৰেৰে নিৰ্দয় মৃত্যুক সাবটিব লগা হোৱা ইটালিৰ মহাপ্ৰতিভাধৰ, অসীম সাহসী মুক্ত চিন্তক জিওৰ্ডানো ব্ৰুনোৰ মৃত্যুৰ দিনটো স্মৰণ কৰি যোৱাবছৰৰ দৰেই এইবছৰো ১৭ ফেব্ৰুৱাৰি (২০১৯) তাৰিখে বৰ্ণিল কাৰ্যক্ৰমেৰে অনুষ্ঠিত কৰা হয় দ্বিতীয় বাৰ্ষিক “যুক্তি দিৱস”। যুক্তি বিকাশ সমিতি, অসম (যোৰহাট শাখা) আৰু মুক্ত চিন্তাৰ যৌথ প্ৰচেষ্টাত, অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজন শুভানুধ্যায়ী যুক্তিবাদী কৰ্মীৰ আন্তৰিক সহযোগত যোৰহাটৰ “মুক্তি যুঁজাৰু ভৱন”ত যুক্তি আৰু গীত-মাত-নৃত্যৰ চৰ্চাৰে পালন কৰা অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশৰো অধিক যুক্তিক আস্থা ৰাখি আগ বঢ়া ব্যক্তিৰ উপস্থিতিয়ে সাম্প্ৰতিক ৰুগ্ন সময়ত গভীৰ আশা আৰু প্ৰত্যয় কঢ়িয়াই আনিছে।
উদীয়মান কণ্ঠশিল্পী সুকন্যা গগৈৰ দৰদী কণ্ঠত আৰু গীটাৰিষ্ট গৌতম বেজবৰুৱাৰ সহযোগত প্ৰাণ পাই উঠা গীতিকাৰ-সুৰকাৰ সমুদ্ৰ কাজল শইকীয়াদেৱৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত “মুক্ত নহয় চন্দ্ৰ সূৰ্য” গীতটিৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে “মুক্ত চিন্তা” অনলাইন আলোচনীৰ মুখ্য সম্পাদক তথা যুক্তি বিকাশ সমিতি, অসম-ৰ অন্যতম প্ৰতিষ্ঠাপক ড° কৌশিক দাসদেৱে আদৰণী ভাষণ আগ বঢ়ায়। আদৰণী ভাষণত দাসদেৱে প্ৰবাদপ্ৰতিম ব্যক্তিত্ব জিওৰ্ডানো ব্ৰুনোৰ পৰিচয় আগ বঢ়োৱাৰ লগতে যুক্তি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। যুক্তি বিকাশ সমিতি, অসম-ৰ অন্যতম প্ৰতিষ্ঠাপক তথা “মুক্ত চিন্তা” অনলাইন আলোচনীৰ যুটীয়া সম্পাদক ড° বৰ্ণালী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠানটোত তিনিগৰাকী নিমন্ত্ৰিত কৃতবিদ্য বক্তাই তিনিটা তাৎপৰ্যপূৰ্ণ বিষয়ত বক্তৃতা প্ৰদান কৰে।

গ্ৰন্থ বিপণিৰ দ্বাৰ মুকলি কৰিছে বিশিষ্ট লিখক ৰাজেন কলিতাই
বক্তৃতানুষ্ঠানৰ আগমুহূৰ্তত মুক্ত চিন্তা প্ৰকাশনৰ লগতে ইলোৰা বিজ্ঞান মঞ্চকে ধৰি আন কেইবাটাও অনুষ্ঠানৰ গ্ৰন্থ বিপণিৰ দ্বাৰ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ মৰণোত্তৰ দেহদানৰ কাৰ্যসূচী মুকলি কৰে টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মাননীয় ড° ৰাজেন কলিতাদেৱে। কেইবাগৰাকীও ব্যক্তিয়ে সম্পাদক ঋতুপৰ্ণ গোস্বামীৰ ওচৰত মৰণোত্তৰ দেহদানৰ ইচ্ছা প্ৰকাশ কৰি নাম পঞ্জীয়ন কৰে। সম্পাদক গোস্বামীয়ে জানিবলৈ দিয়ে যে, এই বছৰৰ পৰা ইলোৰা বিজ্ঞান মঞ্চলৈ দান-বৰঙণি আগ বঢ়ালে কৰ ৰেহাই পোৱা যাব।

যুক্তিৰ পোহৰত বাস্তু শাস্ত্ৰ – বক্তা: ড০ অতনু কুমাৰ দত্ত
ইয়াৰ পিছতে অনুষ্ঠানৰ প্ৰথম বক্তৃতা আগ বঢ়ায় যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক মাননীয় ড° অতনু কুমাৰ দত্তদেৱে। “যুক্তিৰ পোহৰত বাস্তুশাস্ত্ৰ” বিষয়ত বক্তৃতা আগ বঢ়াই মাননীয় বক্তাগৰাকীয়ে যুক্তিৰ সহায়ত বাস্তুশাস্ত্ৰৰ অন্তঃসাৰশূন্যতা প্ৰমাণ কৰি দেখুৱায়। ইয়াৰ পিছত, যুক্তি বিকাশ সমিতিৰ বয়োজ্যেষ্ঠা সদস্যা, অনাতাঁৰ শিল্পী মাননীয়া শ্ৰীযুতা বীণা দাসে এটি গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

ধৰ্ম, নাৰী আৰু সাহিত্য শীৰ্ষক বক্তৃতাত ড০ অৰূপা পটংগীয়া কলিতা
দ্বিতীয় বক্তৃতা আগ বঢ়ায় প্ৰথিতযশা সাহিত্যিক তথা টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মাননীয়া ড° অৰূপা পটংগীয়া কলিতাই। “ধৰ্ম, নাৰী আৰু সাহিত্য” বিষয়ত বক্তৃতা আগ বঢ়াই মাননীয়া বক্তাগৰাকীয়ে ধৰ্মই নাৰীক মানুহ হোৱাত বাধা দি কিদৰে প্ৰাচীৰ হৈ থিয় দি আছে তাক বিস্তাৰিতভাৱে কয়। তেখেতে বিভিন্ন সাহিত্যৰ প্ৰসংগ সামৰি গুৰুত্বপূৰ্ণ বিষয়টো আগ বঢ়াই লৈ যায়। ইয়াৰ পিছতে যুক্তি বিকাশ সমিতিৰ অন্যতম সদস্য, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী গৌৰীশংকৰ বৰাদেৱে গীত পৰিৱেশন কৰে।

অসমৰ সংগীত : ধাৰ্মিক, ছেকুলাৰ আৰু ব্যক্তি – সমুদ্ৰ কাজল শইকীয়া
দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত সমিতিৰ সদস্য-সদস্যাসকলৰ দ্বাৰা পৰিৱেশিত গীতিকাৰ-সুৰকাৰ তথা যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় ড° পবিত্ৰপ্ৰাণ গোস্বামীদেৱে ৰচনা কৰা “মুক্ত মনৰ মুক্ত মানুহ” সমৱেত সংগীতেৰে অনুষ্ঠানৰ দ্বিতীয় বৈঠক আৰম্ভ হয়। সমৱেত সংগীত পৰিৱেশনৰ পিছতে তৃতীয়গৰাকী বক্তা লেখক, শিল্পী তথা সাংস্কৃতিক সমালোচক মাননীয় শ্ৰীযুত সমুদ্ৰ কাজল শইকীয়াই “অসমৰ সংগীত : ধাৰ্মিক, ছেকুলাৰ আৰু ব্যক্তি” বিষয়ত বক্তৃতা আগ বঢ়ায়। উল্লেখযোগ্য যে প্ৰত্যেকটো বক্তৃতাৰ পিছতে বিভিন্নজনে বহুতো প্ৰশ্ন উত্থাপন কৰি আলোচনা-বিলোচনাৰ পৰিৱেশটো সজীৱ কৰি তোলে।
এই অনুষ্ঠানতে যুক্তি দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰয়াত সুনন্দৰাম মেধি, প্ৰমোদ চন্দ্ৰ খাউণ্ড আৰু প্ৰাচুৰ্য্য শইকীয়া সোঁৱৰণী মুকলি প্ৰবন্ধ প্ৰতিযোগিতাৰ ফল ঘোষণা আৰু পুৰস্কাৰ বিতৰণ কৰা হয়। প্ৰবন্ধৰ বিষয় : “সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা : সমস্যা আৰু সম্ভাৱনা” (“Relevance of Rationalist Movements in Contemporary Times: Problems and Possibilities”)।
প্ৰতিযোগিতাৰ ফলসমূহ এনেধৰণৰঃ
প্ৰথম পুৰস্কাৰঃ ড° লক্ষ্যজ্যোতি বৰঠাকুৰ, নগাঁও।
দ্বিতীয় পুৰস্কাৰঃ শ্ৰীমতী শিৱাংগী আচাৰ্য, যোৰহাট।
তৃতীয় পুৰস্কাৰঃ ড° কস্তুৰী নাথ, গুৱাহাটী।
বিচাৰকৰ বিশেষ বঁটাঃ শ্ৰীযুতা ৰুবী বৰা বৰদলৈ, যোৰহাট।
পুৰস্কাৰত থাকে কিতাপৰ টোপোলা আৰু প্ৰশংসা-পত্ৰ। উল্লেখ্য, প্ৰতিযোগিতাখনত মুঠ ১৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণকাৰী সকলোকে প্ৰশংসা-পত্ৰ প্ৰদান কৰা হয়।
বিয়লি যুক্তি বিকাশ সমিতিৰ অন্যতম সদস্য শ্ৰীযুত গৌতম গোস্বামীদেৱৰ সঞ্চালনাত অসমৰ বিভিন্ন প্ৰান্তৰ যুক্তিবাদী আৰু সংগঠনৰ প্ৰতিনিধিৰ মাজত আন্তৰিক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, গুৱাহাটী ইত্যাদি বিভিন্ন প্ৰান্তৰ লগতে বহু ভিতৰুৱা অঞ্চলৰ প্ৰতিনিধি অনুষ্ঠানটোত উপস্থিত থাকি সৌষ্ঠৱ বঢ়াই তোলে। গোলাঘাটৰ যুক্তিবাদী কৰ্মী শ্ৰীযুত সোণেশ্বৰ নৰহদেৱে গোলাঘাটৰ সকলো জাতীয় বিদ্যালয়ত “যুক্তি দিৱস” পালন কৰিবলৈ গোহাৰি জনোৱাৰ লগতে তেখেতৰ পৰিচালনাত থকা আটাইকেইখন জাতীয় বিদ্যালয়ৰ প্ৰছপেক্টাছত “যুক্তি দিৱস” অন্তৰ্ভুক্ত কৰা হয় বুলি জানিবলৈ দিয়ে। যুক্তি দিৱস উদযাপন সমিতিৰ বাবে ই এক পৰম আনন্দ আৰু কৃতকাৰ্যতাৰ বাৰ্তা। আন এগৰাকী যুক্তিবাদী কৰ্মী ৰাজগড়ৰ শ্ৰীযুত আদিত্য বৰাদেৱে অনুষ্ঠানত ভাগ লৈ যুক্তিবাদী আন্দোলন সম্পৰ্কত বক্তব্য দাঙি ধৰে। তেখেতে যুক্তিবাদী আন্দোলন ঘৰৰ পৰাই আৰম্ভ হোৱা উচিত বুলি যুক্তি দৰ্শায়। ড° কৌশিক দাসদেৱে আলোচনাত ভাগ লৈ কয় যে, “মুক্ত চিন্তা” পুঁজিবাদে দেখুওৱাৰ দৰে নিয়ন্ত্ৰণহীন নহয়। মানুহৰ মুক্ত চিন্তাক নিয়ন্ত্ৰণ কৰিব লাগিব যুক্তিয়ে। আলোচনাত সমিতিৰ আন এগৰাকী সদস্য শ্ৰীযুত কমল শৰ্মাদেৱৰ লগতে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ দীপজ্যোতি গগৈয়েও ভাগ লয়। অনুষ্ঠানৰ আলোচনাৰ মাজতে সমিতিৰ অন্যতম সদস্য মণ্টি খাউণ্ডে এটি সুন্দৰ নৃত্য প্ৰদৰ্শন কৰে। যুক্তি বিকাশ সমিতিৰ চকিটিং শাখাৰ সমন্বয়ক ৰঞ্জু কুৰ্মীয়ে এটি ঝুমুৰ প্ৰদৰ্শন কৰে। অনুষ্ঠানটো আঁত ধৰাত সহায় কৰে সমিতিৰ সদস্য আৰহান ইনামূলে। অতিথিৰ অভ্যৰ্থনাৰ লগতে অনুষ্ঠানটোৰ কাৰিকৰী দিশৰ মূল দায়িত্ব পালন কৰে সমিতিৰ আন এগৰাকী সক্ৰিয় সদস্য ঋজু শইকীয়াদেৱে।
মত-বিনিময় অনুষ্ঠানটোৰ সমাপ্তিৰ লগে লগেই দ্বিতীয় বাৰ্ষিক যুক্তি দিৱসৰ সামৰণি ঘোষণা কৰা হয়।
প্ৰতিবেদক : ত্ৰিলোচন গগৈ, যুটীয়া সমন্বয়ক, যুক্তি বিকাশ সমিতি, অসম (যোৰহাট শাখা)।