পঞ্চম বছৰ (প্ৰথম সংখ্যা)

যুক্তিবাদী আন্দোলনৰ সমস্যা আৰু সম্ভাৱনা: সাম্প্ৰতিক সময়ৰ পটভূমিত-(ড০কস্তুৰী নাথ)

(প্রবন্ধটো ‘যুক্তি দিৱস’ উপলক্ষে “মুক্ত চিন্তা”-ই আয়োজন কৰা ৰচনা প্রতিযোগিতাত তৃতীয় পুৰস্কাৰ প্রাপ্ত)

যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে প্ৰথমেই জানিব লাগিব যুক্তিবাদ কি?  দাৰ্শনিক দৃষ্টিৰে বিচাৰ কৰিলে  যুক্তিবাদ হৈছে অজ্ঞানতাৰ আন্ধাৰক জ্ঞানৰ পোহৰেৰে উজ্জ্বলাই তোলাৰ এক আয়োজন। আনহাতে বৈজ্ঞানিক দৃষ্টিৰে বিচাৰ কৰিলে সঠিক পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে সত্য উদঘাটন কৰাৰ যি প্ৰক্ৰিয়া সেয়াই যুক্তিবাদ। যুক্তিবাদী আন্দোলনৰ চৰ্ত এইটো নহয় যে, ই অন্যান্য আন্দোলনবোৰৰ দৰে মূৰ্ত হ’বই লাগিব, কিন্তু প্ৰকৃত জ্ঞানেৰে উদ্ভাসিত ব্যক্তিৰ বাবে যুক্তিবাদ  হৈছে এক জীৱন জোৰা সাধনা যি অমূৰ্তও হ’ব পাৰে। যুক্তিবাদী আন্দোলনৰ অৰ্থই হৈছে এটা জাগৰণ যি জাগৰণে ব্যক্তিক অন্যায়ৰ বিপৰীতে ন্যায়, অজ্ঞানতাৰ বিপৰীতে জ্ঞান, অন্ধবিশ্বাসৰ বিপৰীতে বৈজ্ঞানিক দৃষ্টিভংগী আৰু কুসংস্কাৰৰ বিপৰীতে সংস্কাৰৰ প্ৰতি আগ্ৰহী কৰি তোলে।

যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা বা ইয়াৰ পৰিসৰৰ বিষয়ে সকলো দিশ সামৰি আলোচনা কৰাটো প্ৰায় অসম্ভৱ কিয়নো ইয়াৰ পৰিসৰ অত্যন্ত ব্যাপক।  সমাজৰ যিটো দিশলৈকে লক্ষ্য কৰা যায় তাতেই যুক্তিবাদৰ প্ৰাসংগিকতা আহি পৰে। এটা মানৱ শিশুৰ জন্মৰ পৰা আৰম্ভ কৰি মৃত্যুৰ পাছৰ পৰ্যায়লৈকে এনে অসংখ্য দিশ আছে যাক যুক্তিৰে ফঁহিয়াই চোৱাৰ প্ৰয়োজন আছে। ঠিক সেইদৰে সমাজ জীৱনতো ধৰ্ম, ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰ পৰা আৰম্ভ কৰি পৰম্পৰালৈকে সকলোতে যুক্তিবাদী দৃষ্টিভংগীৰ প্ৰাসংগিকতা আছে। ঐতিহাসিক দৃষ্টিভংগীৰে চালেও দেখা পোৱা যায় যে এচাম ব্যক্তিয়ে অতীতৰ পৰাই  সমূহীয়া প্ৰচেষ্টাতেই হওক বা ব্যক্তিগত প্ৰচেষ্টাতেই হওক অযুক্তিকৰ কিছুমান চিন্তা চর্চা, কুসংস্কাৰ, অন্ধবিশ্বাস বা ভিত্তিহীন কাৰ্যকলাপক (যিয়েই সমাজখনক পংগু কৰি তুলিছে), যুক্তি তথা সঠিক বিবেচনাৰে  উফৰাই পেলাবলৈ অহৰহ চেষ্টা চলাই আহিছে। সেয়া লাগিলে পশ্চিমীয়া দেশতেই হওক বা ভাৰতবৰ্ষতেই হওক অথবা অসমতেই হওক।

পশ্চিমীয়া দেশলৈ যদি চাওঁ, বৰ্ণ বৈষম্যৰ বিৰুদ্ধে হোৱা আন্দোলন, লিংগ বৈষম্যৰ বিৰুদ্ধে হোৱা আন্দোলন, তৃতীয় লিংগৰ সম অধিকাৰ, মহিলাৰ ভোট দানৰ অধিকাৰকে আদি কৰি যিমানবোৰ আন্দোলন হৈছিল সকলোবোৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত আছিল। ঠিক সেইদৰে ভাৰতৰ প্ৰেক্ষাপটতো যদি চোৱা যায় সতীদাহ প্ৰথা, পৰ্দা প্ৰথাৰ বিৰুদ্ধে হোৱা আন্দোলন, বিধবা বিবাহ, অসবৰ্ণ বিবাহৰ প্রচলন অথবা এনেধৰণৰ অসংখ্য আন্দোলন আছে যাৰ আঁৰত থকা মুখ্য কাৰণটোৱেই আছিল কিন্তু যুক্তি। পৰম্পৰাগত ভাৱে চলি অহা কিছুমান চিন্তা চৰ্চা, নিয়ম কানুন, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক অথবা ধৰ্মীয় ব্যৱস্থাক এচাম ব্যক্তিয়ে অপ্ৰাসংগিক, অযুক্তিকৰ অথবা প্ৰগতিৰ বিৰুদ্ধ বুলি যুক্তিৰে বিবেচনা কৰিছিল আৰু তেনে ব্যৱস্থাৰ বিৰুদ্ধে জনমত সৃষ্টি কৰি তাৰ ঠাইত নতুন নিয়মৰ পোষকতা কৰিছিল।

বৰ্তমানৰ প্ৰেক্ষাপটতো যদি চোৱা যায় তেন্তে দেখা যায় যে এহাতে যদি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়ন হৈছে অন্যহাতেদি কিন্তু কুসংস্কাৰ, অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামিয়ে এচাম মানুহৰ মনবোৰ আজিও ৰঘুমলাৰ দৰে ছানি ধৰি আছে।  যাৰ ফলশ্ৰুতিত ডাইনীৰ সন্দেহত আজিও বিভিন্ন ঠাইত নঘটিবলগীয়া ঘটনা সংঘটিত হৈ আছে, সোপাধৰাৰ সন্দেহত সৌ সিদিনা এইখন অসমৰে কাৰ্বি আলঙত সভ্য সমাজৰ ইতিহাস কলংকিত কৰা ঘটনা  ঘটি গৈছে। আন এটা কথা অপ্ৰিয় সত্য যে, লিংগভিত্তিক ভাৱেও যদি চোৱা যায় তেন্তে পুৰুষত কৈ এগৰাকী নাৰীৰ জীৱনত এনে অন্ধবিশ্বাসী নীতি নিয়মৰ পয়োভৰ অধিক দেখা যায়। এজনী ছোৱালী প্ৰথম মাহেকীয়া হোৱাৰ সময়ত তোলনী বিয়া নাম দি  কৰা আয়োজনত যুক্তিতকৈ অন্ধবিশ্বাসৰ প্ৰাধান্য বেছি দেখা যায়। ঠিক সেইদৰে মহিলাৰ  ঋতুস্ৰাৱৰ দৰে অতি স্বাভাৱিক প্ৰক্ৰিয়াটোত কিছুমান নীতি নিয়ম, শুদ্ধ অশুদ্ধৰ ৰহণ সানি আজিৰ দিনতো তথাকথিত শিক্ষিত  মানুহেও তিনিৰ পৰা পাঁচদিন পৰ্যন্ত এগৰাকী নাৰীক অসূৰ্যস্পৰ্শা কৰি ৰাখে। যুক্তিৰে অথবা বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে অবৈজ্ঞানিক নীতি নিয়ম, অযুক্তিকৰ পৰম্পৰাক দোহাই দি অস্বাস্থ্যকৰ পৰিৱেশত মাহেকীয়াৰ নামতে নাৰীগৰাকীক নীতি নিয়ম মানিবলৈ বাধ্য কৰা হয়। ঠিক সেইদৰে বিবাহৰ লগত জড়িত কিছুমান কাৰ্যকলাপতো যুক্তিকৈ অন্ধবিশ্বাসৰ পয়োভৰ অধিক দেখা যায়। এহাল বিয়াত বহিবলগীয়া যুৱক যুৱতীৰ ৰাহি যোৰা চাবলৈ গণকৰ ওচৰলৈ যোৱাতকৈ তেওঁলোকৰ ৰক্ত পৰীক্ষাহে বিবাহৰ পূৰ্বে কৰিবলগীয়া এটা অতি দৰকাৰী পদক্ষেপ।

যুক্তিবাদী চিন্তাধাৰাৰ কথা ওলালেই এটা অতি স্পৰ্শকাতৰ বিষয় আহি পৰে সেয়া হৈছে বিভিন্ন ধৰ্মীয় কাৰ্যত মহিলাৰ অংশগ্ৰহণ। আজিও অসমৰ বৰপেটা সত্ৰত পৰম্পৰাক দোহাই দি মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া নহয়। আজিও আজানপীৰ দৰগাহত এটা নিৰ্দিষ্ট সীমাৰেখাৰ পৰা মহিলাক যাবলৈ অনুমতি দিয়া নহয়, আজিও মছজিদ ৰ ভিতৰত মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া নহয় অথবা নামাজত মহিলাৰ অংশগ্ৰহণক তথাকথিত সমাজে মানি নলয়। বৰপেটাৰ কেতেকীবাৰী নামঘৰত “মহিলাই চাকি জ্বলোৱা নিষেধ” বুলি আজিৰ যুগতো ফলক লগোৱা থাকে। এইবোৰ  চকুৰ সন্মুখত দেখি থকা দুটামান উদাহৰণহে মাত্ৰ। এনে অসংখ্য উদাহৰণ আছে য’ত কেৱল জৈৱিক পার্থক্যৰ বাবেই যুক্তিতকৈ পৰম্পৰাৰৰ ওজন অধিক হয়। আচলতে মহিলাক মানুহ হিচাপে মানুহৰ মৰ্যদা নিদিয়া মানসিকতা অথবা পৰম্পৰাৰ নামত মহিলাক অৱদমন কৰি ৰখা প্ৰক্ৰিয়া এতিয়াও চলি আছে আৰু মানুহে মহাকাশখনকে নিজৰ আয়ত্বাধীন কৰি ল’ব বিচৰা যুগত এনে ধৰণৰ বিষয়ৰ ওপৰত  লাগি  থাকিবলগীয়া  হোৱাটোৱেই দুৰ্ভাগ্যজনক আৰু যুক্তিবাদী চিন্তাধাৰাৰ ওপৰত চৰম আঘাত।

সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতাৰ কথা ক’বলৈ গ’লে সমাজ জীৱনৰ বা ব্যক্তি জীৱনৰো প্ৰতিটো স্তৰতেই ইয়াৰ প্ৰসংগিকতা উপেক্ষা কৰিব নোৱাৰি। কিন্তু যুক্তিবাদী আন্দোলনটোক মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত অথবা যুক্তিবাদী দৃষ্টিভংগীৰে যিকোনো স্পৰ্শকাতৰ বিষয় এটা পৰ্যবেক্ষণ কৰিবলৈ হ’লে ইয়াত বিভিন্ন সমস্যা আহি পৰে।

প্ৰথম সমস্যা হৈছে পুৰণি আৰু নতুনৰ মাজত সংঘাত। আজিৰ শিক্ষিত  যুৱ সমাজ তুলনামূলকভাৱে যুক্তিবাদী হয়। তেওঁলোকে যিকোনো বিষয় এটা উপযুক্ত তথ্য প্ৰমাণ বিশ্লেষণৰ জৰিয়তে শুদ্ধ বুলি প্ৰমাণিত হ’লেহে তাক মানি চলিবলৈ ইচ্ছুক হয়। কিন্তু নতুনৰ এই যুক্তিবাদী মনটোক আমাৰ আগৰ প্ৰজন্মই সহজে স্বীকাৰ কৰিব নোখোজে যাৰ ফলত যুক্তিবাদী চিন্তা চর্চাৰে আগুৱাই গ’লে নতুন আৰু পুৰণিৰ মাজত সংঘাতৰ সূত্ৰপাত হয়। বহুতে ইয়াক “প্ৰজন্মৰ ব্যৱধান” (Generation gap)  বুলিও ক’ব বিচাৰে।

দ্বিতীয় সমস্যাটো হৈছে, যুক্তিবাদী চিন্তা চৰ্চাৰে আগুৱাই গ’লে কিছুমান মানুহৰ ভৰিৰ তলৰ মাটি হেৰুৱাৰ ভয়। অৰ্থাৎ অযুক্তিকৰ বা বিজ্ঞানসন্মত কোনো ভেঁটি নথকা কিছুমান কাৰ্য কাৰোবাৰ বাবে জীৱিকা হ’ব পাৰে আৰু তেনে কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই কিছুমান মানুহ চলি থাকে। সেইটো তেওঁলোকৰ বৃত্তি । যুক্তিৰে সেইবোৰ কথা ফঁহিয়াই চালে তেনে কিছুমান বিশেষ শ্ৰেণী বা বৃত্তিত আঘাত পৰাৰ ভয় থাকে। সেয়েহে নিজৰ স্বাৰ্থত আঘাত পৰাৰ ভয়ত কিছুমান স্বাৰ্থান্বেষী গোষ্ঠীয়ে যুক্তিবাদী আন্দোলনটো আগুৱাই যোৱাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিয়ে।

তৃতীয়তে সকলো জানিবুজিও কিছুমান মানুহে ধৰ্মৰ ভয়তে হওক বা সমাজৰ ভয়তে হওক অযুক্তিকৰ পৰম্পৰাৰ বিপৰীতে থিয় দিবলৈ সাহস কৰিব নোৱাৰে।

চতুৰ্থতে কোনোবা শক্তিশালী গোষ্ঠীৰ স্বাৰ্থত আঘাত পৰিলে তেওঁলোকো সাধাৰণ মানুহৰ মনবোৰ কিছুমান অবাস্তৱ চিন্তাৰ প্ৰতি উদ্বুদ্ধ কৰে। (উদাহৰণস্বৰূপে ডাইনী, সোপাধৰা ইত্যাদি।) যাৰ ফলত সাধাৰণ মানুহে শুদ্ধ আৰু ভুল, সঁচা মিছা , যুক্তি আৰু অযুক্তিৰ মাজত পাৰ্থক্য ধৰিব নোৱৰা হয় আৰু বিশেষ কিছুমান সুবিধাবাদী গোষ্ঠীৰ ষড়যন্ত্ৰৰ বলি হৈ বিপথে পৰিচালিত হয়।

পঞ্চমতে কোনো ৰাজনৈতিক দল অথবা নেতাৰ অসংখ্য অনুগামী থাকে। যেতিয়া তেওঁলোকৰ আৰ্দশ  দলটো বা আৰ্দশ নেতাজন অন্ধবিশ্বাসী হয় বা বৈজ্ঞানিক মানসিকতাৰ পৰিপন্থী হয় তেতিয়া তেওঁলোকৰ অনুগামীবোৰেও সেই পথকে লয় যিয়ে যুক্তিবাদী আন্দোলনত হেঙাৰ হৈ থিয় দিয়ে।

ষষ্ঠতে তথাকথিত কিছুমান ধৰ্মগুৰু যুক্তিবাদক আগুৱাই নিয়াৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হয়। এনে ধৰ্মগুৰুৰ বহুতো অনুগামী থাকে আৰু তেওঁলোকে অন্ধভাৱে তেওঁলোকৰ গুৰুক অনুসৰণ কৰে যাৰ ফলস্বৰূপে যিকোনো ধৰণৰ যুক্তিবাদী চিন্তা চৰ্চাৰে আগবঢ়া যিকোনো কাৰ্যকলাপত তেওঁলোকে সদায়ে বাধা দিয়ে।

সপ্তমতে পুৰুষতন্ত্ৰ আৰু পুৰুষতান্ত্ৰিক মানসিকতা হৈছে যুক্তিবাদৰ এটা অন্যতম প্ৰতিবন্ধকতা। পুৰুষতন্ত্ৰ আৰু পুৰুষতান্ত্ৰিক মানসিকতাই (তেনে মানসিকতাৰ গৰাকী নাৰীও হ’ব পাৰে) সদায়েই নাৰীক অৱদমন কৰি ৰাখিব বিচাৰে। তেনে মানসিকতাই বিভিন্ন নীতি নিয়মৰ দোহাই দি নাৰীক সদায়েই “দ্বিতীয় লিংগ” (The second sex) হিচাপেই ৰাখিব বিচাৰে। সেয়েহে বিভিন্ন অযুক্তিকৰ তথা অন্ধবিশ্বাসী নীতি নিয়ম নাৰীৰ ওপৰত জাপি দি নাৰীক সেইবোৰ মানি চলিবলৈ বাধ্য কৰে। আৰু তেনেধৰণৰ চিন্তা চৰ্চাৰ বিৰুদ্ধ যিকোনো প্ৰগতিবাদী চিন্তা চৰ্চাক আগুৱাই যোৱাত তেওঁলোকে হেঙাৰ হৈ থিয় দিয়ে।

অষ্টমতে, ধৰ্মান্ধতা। কিছুমান নিৰ্দিষ্ট ধৰ্মই পাপ পুণ্যৰ কথা দোহাই দি কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বাট সদায়েই শিথিল কৰি ৰাখিছে। কোনো ধৰণৰ যুক্তিবাদে যাতে তেনেধৰণৰ চিন্তা চৰ্চাত আঘাত সানিব নোৱাৰে বা বাধা হৈ থিয় দিব নোৱাৰে তাৰ ব্যৱস্থাও তেওঁলোকে কৰিছে।

নৱমতে দৰিদ্ৰতা আৰু শিক্ষাৰ অভাৱ হৈছে যুক্তিবাদৰ অন্যতম প্ৰতিবন্ধকতা। কেৱল এইটো কাৰণতে যুক্তিবাদী আন্দোলনটো কোনো কোনো সময়ত আৰু কোনো কোনো ঠাইত আটাইতকৈ বেছি  ক্ষতিগ্ৰস্ত  হৈছে।

সকলোবোৰ সমস্যা ফঁহিয়াই চালে দেখা যায় যে যুক্তিবাদী আন্দোলন অথবা যুক্তিবাদী চিন্তা চৰ্চাক বাধাপ্ৰাপ্ত কৰা মূল শিপাডালেই হৈছে কিন্তু মানসিকতা। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এহাতেদি দ্ৰুত উন্নয়ন কিন্তু মানসিকতা এলান্ধুকলীয়া। হাতে হাতে মানুহৰ স্মাৰ্ট ফোন কিন্তু সেই স্মাৰ্ট ফোনেৰে বাতৰি বিয়পাইছে অন্ধবিশ্বাসৰ। ছচিয়েল মেডিয়াত চৌব্বিশ ঘণ্টাই সক্ৰিয় কিন্তু সেই সক্ৰিয়তা কেৱল ধৰ্মান্ধতাৰ পোহাৰ মেলিবৰ বাবেহে। ডিজিটেল ইণ্ডিয়াৰ সপোন দেখা মানুহে কিন্তু পাঁচোটা হাতত দহটাকৈ আঙঠি পিন্ধি পূজা পাতলত ব্যস্ত থাকে। আচলতে সমস্যা বোৰ ভালদৰে চালে দেখা যায় যে সমাধানৰ সূত্ৰও লুকাই আছে সমস্যাবোৰৰ মাজতে।

প্ৰথম কথা কেৱল মেল মিটিং অথবা বাতৰি কাগজ আলোচনীতে যুক্তিবাদী চিন্তা চৰ্চা সীমাবদ্ধ কৰি নাৰাখি ব্যক্তিগত জীৱনতো তাৰ সুপ্ৰয়োগ কৰা। দ্বিতীয়তে ব্যক্তিৰ মানসিকতাৰ উত্তৰণ। তৃতীয়তে ব্যক্তি স্বাধীনতা। সেই স্বাধীনতা কেৱল তথাকথিত স্বাধীনতা নহয়। স্বাধীন মানুহবোৰ সাহসী হয়। আৰু তেনে স্বাধীন মানুহবোৰ  পৰম্পৰা, ধৰ্মৰ নামত হৈ থকা যুক্তিহীন কথাবোৰক সঠিক যুক্তি আৰু বিবেচনাৰে উফৰাব পৰাকৈ সাহসী হ’ব লাগিব। চতুৰ্থতে, শিক্ষাৰ বিস্তাৰ। সেই শিক্ষা কেৱল পাঠ্যপুথিৰ জ্ঞানেৰে ভৰা শিক্ষা নহয় সেই শিক্ষা হ’ব লাগিব বিবেকৰ জ্ঞানেৰে পৰিচালিত যি শিক্ষাই ব্যক্তিক সোঁতত উঠি নগৈ যুক্তি অযুক্তি বিচাৰ কৰি চাব পৰাৰ ক্ষমতা দিয়ে। এটা কথা ঠিক যে যুক্তিবাদী আন্দোলন বা যুক্তিবাদী চিন্তাচৰ্চাৰ প্ৰসাৰ ঘটাবলৈ হ’লে এই আন্দোলনৰ লগত জড়িত ব্যক্তিসকলে আত্মপ্ৰচাৰৰ প্ৰৱণতা, ৰাজনৈতিক মেৰপাক ইত্যাদিৰ পৰা মুক্ত হৈ  সাধাৰণ মানুহক প্ৰত্যয় নিয়াব পৰা ব্যক্তিত্ব গঢ়ি তুলিব লাগিব। এটা কথা তেওঁলোকে মনত ৰাখিব লাগিব যে যুক্তিবাদ নিজকে আধুনিক বুলি জাহিৰ কৰা এটা উপাদান নহয় ই হৈছে সেই পথ যাৰ দ্বাৰা ব্যক্তি আন্ধাৰ ফালি পোহৰলৈ আগুৱাই যাব পাৰে। তৃণমূল পৰ্যায়ত বিজ্ঞানমনস্কতাৰ প্ৰসাৰ ঘটাব নোৱাৰিলে আৰু সমাজ ৰূপান্তৰৰ বৃহৎ সংগ্ৰামখনৰ লগত সাধাৰণ মানুহক জড়িত কৰিব নোৱাৰিলে যুক্তিবাদী আন্দোলনে ইয়াৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব নোৱাৰিব। প্ৰচাৰ মাধ্যমৰ গুৰুত্বও এই ক্ষেত্ৰত উল্লেখযোগ্য। ৰাজনৈতিক অৰ্থনৈতিক সংগ্রামৰ সমান্তৰালভাবে আৰু বিজ্ঞান আন্দোলনৰ এটা অবিচ্ছেদ্য অংগ হিচাপে যুক্তিবাদী আন্দোলনটোও আগবঢ়াই নিয়াত সকলো পক্ষই সহযোগ কৰা উচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *