নিবন্ধশিল্প-কলা-সংস্কৃতি

জুলিয়েটা : নাৰী চৰিত্ৰৰ সফল প্ৰতিফলন আৰু আন্তৰিক সম্পৰ্কৰ আন্তঃগাঁথনি – (সাগৰ সৌৰভ)

 

ফ্ৰেইমত ৰঙা ভেলভেট । কেমেৰা প্ৰথমে স্থিৰ হৈ ক্ৰমে পেন হ’বলৈ ধৰিছে । ৰঙা ভেলভেটৰপৰা লাহে লাহে জুম আউট হৈ পোহৰে ধৰা দিব খুজিছে এগৰাকী প্ৰায় পঞ্চাছ বছৰীয়া মহিলাৰ মুখমণ্ডলত । ঘটনাৰ আগ নাবাঢ়োতেই তেওঁকেই জুলিয়েটা বুলি জানি থওঁ‌হঁক । ভালেমান দিন ধৰি জুলিয়েটাই মাড্ৰিডৰ ভাড়াঘৰ এটাত অকলে দিন কটাই আছে আৰু তেঁ‌ওঁ‌ৰ প্ৰেমিকৰ সৈতে অলপ দিনৰ কাৰণে পৰ্টুগাললৈ গুচি যোৱাৰ সিদ্ধান্ত লৈছে । পৰিলে মাড্ৰিডলৈ ঘূৰি নহাৰ কথাকে ভাবিছে । কাৰণ এই চহৰখনত জুলিয়েটাৰ বাবে এতিয়া একো নাই । আছে মাথোঁ কিছু স্মৃতি আৰু সেই স্মৃতিৰে মেৰ খাই থকা এক দুখৰ বলয় । নিসংগতাৰ তিতা-মিঠা সোৱাদ এটা তেওঁৰ মন-মগজুৰে শিপাই যাব ধৰিছে আৰু আশা- নিৰাশাৰ এক দোদুল্যমান অৱস্থানত ৰৈছেগৈ। তেনেতে চহৰৰ কোনোবা এটা ষ্ট্ৰিটৰ ব্যস্ততাত তেওঁ লগ পাইছে তেওঁ‌ৰ জীয়েক আন্টিয়াৰ শৈশৱৰ বান্ধৱী বিয়াট্ৰিজক আৰু বিয়াট্ৰিজৰপৰাই জনিব পাৰিছে আন্টিয়া বৰ্তমানে তিনিটাকৈ সন্তানৰ মাক আৰু এতিয়া ছুইজাৰলেণ্ডৰ কোনোবা এখন ঠাইত থাকে। সেই ঘটনাৰ ফলস্বৰূপে জুলিয়েটাই পৰ্টুগাল ভ্ৰমণ স্থগিত ৰাখিছে আৰু ঠিক বাৰ বছৰ আগতে আন্টিয়াৰ সৈতে থকা এপাৰ্টমেন্টটোলৈ গুচি যোৱাৰ কথা ভাবিছে । কাৰণ সেইটোৱেই তেওঁৰ একমাত্ৰ ঠিকনা যিটো আন্টিয়াই জানে । স্বামীৰ মৃত্যুৰ পিছত আপোন বুলিবলৈ যি একমাত্ৰ জীয়েক আন্টিয়া, বাৰ বছৰ আগতেই সেই এপাৰ্টমেণ্টটোৰপৰাই গুচি গৈছে ঠিকনাবিহীন এক অজান ঠাইলৈ । উপায়বিহীনভাৱে জুলিয়েটাই এতিয়া মাড্ৰিডৰ সেই পুৰণি ঘৰটোতে অপেক্ষা কৰিছে জীয়েক আন্টিয়াৰপৰা এখন চিঠিৰ, য’ত লিখা থকিব আন্টিয়াৰ হেৰোৱা ঠিকনা ।

অপেক্ষা! অপেক্ষাই কিদৰে ধৰি ৰখিব পাৰে সময় । জীৱনৰ সকলো সুখ-দুখ, হাঁহি-কান্দোন, খং-অভিমান সামৰি অপেক্ষাই বৃহৎ আয়তনেৰে মন-মগজুত উত্তাল জোৱাৰ সৃষ্টি কৰি সময়বোৰক ব্যস্ত কৰি ৰাখিব খোজে । জুলিয়েটাৰ জীৱনত একমাত্ৰ আপোন বুলিবলৈ জীয়েক আন্টিয়া আৰু ঠিক বাৰ বছৰৰ আগেয়েই আন্টিয়াই তেওঁক এৰি থৈ গৈছে । এতিয়া একমাত্ৰ তাইক লগ পোৱাৰ এক হেঁপাহে জুলিয়েটাক পুহি ৰাখিব খুজিছে ।

‘জুলিয়েটা’ স্পেইনৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা পেড্ৰ’ এলম’ডভৰৰ বিংশতম চিনেমা । নোবেল বঁ‌টা বিজয়ী লেখক এলিচ মাৰ্নোৰ ‘ৰান-ৱে’ কিতাপখনৰ অন্তৰ্গত তিনিটা চুটিগল্পৰ আধাৰত নিৰ্মিত ‘জুলিয়েটা’ সমগ্ৰ বিশ্বতে বহুলভাৱে চৰ্চিত হোৱাৰ উপৰিও বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শিতানত অষ্কাৰৰ বাবে সম্প্ৰতি প্ৰতিযোগিতাৰ দৌৰত । স্পেইনত ‘লা মভিডা মাড্ৰিলেনা’ নামেৰে হোৱা সাংস্কৃতিক নৱজাগৰণৰ সময়ছোৱাই পেড্ৰ’ এলম’ডভৰক এগৰাকী চিত্ৰনাট্য লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আৱিষ্কাৰ কৰিছিল আৰু সেই চিনাকিৰে তেওঁ সৰ্বজনবিদিত আৰু বহুচৰ্চিত ব্যক্তি । সত্তৰ দশকৰ শেষৰফালে ‘ডাৰ্ক হেবিট’ আৰু ‘মেটাডৰ’ নামেৰে দুখন ছবিৰ যোগেদি এলম’ডভৰে চিনেমা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। এই ছবিবোৰত যৌনতা, হিংসা, ধৰ্ষণ, সমকামিতা, মাদক দ্ৰব্যৰ ব্যৱহাৰ, দাসত্ব, সামাজিক নিয়ম ভঙাৰ প্ৰৱণতা -এই বিষয়সমূহ বেছিকৈ প্ৰতিফলিত হোৱা দেখা গৈছিল । ১৯৯৮ চনত তেখেতৰ ‘ওমেন অন দ্য ভাৰ্জ অব এ নাৰ্ভাছ ব্ৰেকডাউন’ চিনেমাখনে বিদেশী ভাষাৰ চিনেমাৰ শিতানত অস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছিল আৰু তাৰ পিছৰ বছৰতে ‘অল এবাউট মাই মাডাৰ’ নামৰ আন এখন চিনেমাৰ তেওঁ সেই পুৰষ্কাৰ লাভ কৰিছিল। ‘ট্যক টু হাৰ’ নামৰ আন এখন চিনেমাৰ বাবে ২০০২ চনতো তেওঁ বেষ্ট অৰিজিনেল স্ক্ৰিনপ্লে এৱাৰ্ড লাভ কৰিছে ।

নাৰী চৰিত্ৰৰ সফল প্ৰতিফলন এলম’ডভৰৰ চিনেমাৰ এক চাৰিত্ৰিক বৈশিষ্ট। নাৰীৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আন্তৰিকতাৰে নাৰীৰ অন্তৰৰ মহিমাক তেওঁ বুজি উঠিছে আৰু সেয়া প্ৰতিফলিত হৈছে তেওঁৰ চিনেমাতো । এলম’ডভৰৰ চিনেমাবোৰক একপ্ৰকাৰে নাৰীভিত্তিক বুলিবও পাৰি । এগৰাকী মাতৃৰ একমাত্ৰ জীয়েকৰ সৈতে পুনৰ সম্পৰ্ক স্থাপনৰ দুৰ্বাৰ হাবিয়াসে ‘জুলিয়েটা’ চিনেমাখনক এক গতি প্ৰদান কৰিছে । ‘জুলিয়েটা’ত আছে কেৱল আশাত বন্দী হৈ থকা জীৱনৰ চাতুৰ্য, ইচ্ছাশক্তি আৰু সংশয়ৰ মাজৰ এক নিবিড় অনুভৱ ।

‘জুলিয়েটা’ত আছে হেৰুওৱাৰ বেদনা । কাৰণে-অকাৰণে, অজ্ঞানে-সজ্ঞানে আমি কিছুমান বস্তু হেৰুৱাব নিবিচাৰোঁ । জীৱনৰ বাটত হেৰুওৱাৰ ভয় এটাই আমাক অহৰহ চিন্তিত কৰি ৰাখিব খোজে আৰু খেদি ফুৰে । পিতৃক হেৰুওৱাৰ বেদনা এটাই আন্টিয়াক অভ্যন্তৰে আমনি কৰি থাকিব খুজিছিল আৰু জুলিয়েটাৰ ওপৰতে সকলো দোষ জাপি দি তাই গুচি গৈছে মাকৰপৰা বহু যোজন দূৰৰ কোনোবা এক অজান ঠাইলৈ । হেৰুওৱাতকৈ থাকিও নথকা বাস্তৱৰ সত্য এটাই মানুহৰ মন-প্ৰাণ সকলো নিৰ্বিৰোধে আগুৰি ধৰি অভ্যন্তৰে একো একোখন কুৰুক্ষেত্ৰ সৃষ্টি কৰি সকলো মহটিয়াই পেলাব খোজে । তেনে এক অসহনীয় তিক্ততাই জুলিয়েটাৰ সকলোখিনি সামৰি অন্তৰেৰে এক বিষাদৰ সুঁতি বৈ যাব ধৰিছে ।

আৰম্ভণিতে জুলিয়েটা চৰিত্ৰটো যে এক মৰ্মান্তিক বিষাদেৰে দগ্ধ সেইটোকে নিশ্চিত কৰি চিনেমাখন গতি কৰিব লাগিছে ফ্লেছবেকৰ এক ছিকুয়েন্সলৈ । যুৱতী জুলিয়েটা মাড্ৰিডলৈ যোৱা ট্ৰেইন এখনৰ কোঠালি এটাত অকলশৰে বহি যাত্ৰা কৰিছে জাৰকালিৰ এনিশা । কিতাপ এখনে নিজে মেল খাই তাইক অবিৰাম কথা কিছুমান কৈ যাব ধৰিছে । বাহিৰৰপৰা আহিব খোজা বতাহ আৰু বৰফ পৰা মৃদু শব্দই সেই নিসংগতাক সাবট মাৰি ধৰিছে । এইমাত্ৰ ৰোৱা ষ্টেচনত চচমা পৰিহিত আদহীয়া বয়সৰ এজন মানুহ ট্ৰেইনখনত উঠিছে আৰু জুলিয়েটাৰ সন্মুখৰ ছিটটোত বহিছেগৈ । চকুত উৎকণ্ঠা আৰু অলেখ কথাৰ ঢৌত ডুবি থকা মনটোৰে মানুহজনে প্ৰথমে দুই-এক কথাৰ আদান-প্ৰদানেৰে অনৰ্গল কথা কৈ যাব বিচাৰিছে । ঘটনাটোৱে স্বাভাৱিকভাৱে জুলিয়েটাক অতিষ্ঠ কৰি তুলিছে আৰু গোটেই বিৰক্তিখিনি নিঃসংকোচে তাইৰ মুখখনক পিন্ধি লৈছে । শেষত পৰিত্ৰাণৰ উপায় বিচাৰি তাই কোঠাটোৰ বাহিৰলৈ ওলাই আহিছে আৰু ক’তো ঠাই অকণো বিচাৰি নাপাই ডাইনিং কোঠাটোত সোমাইছে ।

ইমান কথাই বাস কৰি আছিল নে তেওঁৰ মনত, নিৰৱে । নাছিলনে ক’বলৈ কোনো কাষত, শুনিবলৈ । ইমানেই নিসংগ আছিলনে তেওঁ । নিসংগতাই কিদৰে হেঁচা মাৰি ধৰি থাকে মানুহক। কেতিয়াবা প্ৰথম চাৱনি বা প্ৰথম চিনাকিয়েই মানুহক আনৰ প্ৰতি সহৃদয় কৰি তুলিব পাৰে তথা আকৰ্ষণো গঢ়ি তুলিব পাৰে । যিজনী জুলিয়েটা এজন পুৰুষৰ আচৰণত অতিষ্ঠ হৈ নিজৰ স্থান এৰি গুচি আহিছে, সেইজনী জুলিয়েটা এতিয়া বহি পৰিছে সদ্যপৰিচিত আন এজন পুৰুষ জুৱানৰ সন্মুখত, এগিলাছ ৱাইনৰ ব্যৱধানত । দুয়োৰে কথাৰ মাত্ৰা ক্ৰমাৎ বাঢ়িব খোজোতেই হঠাৎ বিকট শব্দ কৰি ট্ৰেইনখনে ব্ৰেক মাৰিলে । এক দুৰ্ঘটনাৰ ইংগিতত সকলো স্তম্ভিত হৈ ৰ’ল । ট্ৰেইনৰ খুন্দাত এইমাত্ৰ প্ৰাণ হেৰুওৱা মানুহজন যে জুলিয়েটাৰ সন্মুখত বহি তাইক কিবাকিবি কৈ থাকিব বিচৰাজনেই তাই যেন বিশ্বাস কৰিবলৈকে টান পালে । কিহৰ আপাহত মানুহে বিচাৰি লয় আত্মহত্যাৰ পথ । হৈ পৰেনে জীৱন ইমান দুৰ্বোধ্য, অসহনীয় । যদি এয়া অন্য এক সন্ধানহে, তেন্তে কিহৰ । আছে নেকি ইয়াতে জড়িত হৈ মুক্তিৰ প্ৰশ্ন, এই মুক্তিয়েই বা কি । আগৰ কোঠাটোলৈ লৰালৰিকৈ আহি তাই দেখিলে সেই ছিটটোত মানুহজনে এৰি থৈ গৈছে এটি লেদাৰ বেগ ।

কেতিয়াবা সকলো থাকিও কিবা এক শূন্যতাই আমাক নিজৰ দুবাহুত মেৰিয়াই ৰাখিব খোজে । অথবা শূন্যতাৰ চাৰিসীমাকেই আমি পূৰ্ণতা বুলি ধৰি লওঁ, ন’হলে পূৰ্ণতাৰ মাজতো এক শূন্যতাক আৱিষ্কাৰ কৰোঁহক । মানুহজনে এৰি থৈ যোৱা বেগটোৰ চেইনডাল খুলি দি জুলিয়েটাই দেখিলে বেগটো সম্পূৰ্ণ খালি । কিয়, কি কাৰণত সেই মানুহজনে লগত এটা খালি বেগ লৈ ফুৰিছিল । বেগটোত ভৰাবলৈ নাছিলনে তেওঁৰ এপদো বস্তু ? নিসংগতাই তেওঁক ইমানকৈ একাত্ম কৰি লৈছিলনে ? হয়তো তেওঁ কিবা এটাৰ সন্ধান কৰি ফুৰিছিল । নহ’লে তেওঁ নিজকে মনাব খুজিছিল যে তেওঁক এই পৃথিৱীত আৰু একোৰে প্ৰয়োজন নাই, সকলো পৰিহাৰ কৰি তেওঁ নিজ বাটৰ পথিক । এই খালি বেগটোৰ কথা ভাবিলে এনেকুৱা আৰু বহুত কথাই মনলৈ আহি পৰিব । এতিয়া জুৱানৰ কথামতেই জুলিয়েটা পতিয়ন যাব বিচাৰিছে মানুহজনে আত্মহত্যাৰ কথা ভাবিয়েই ট্ৰেইনখনত উঠিছিল । যিকোনো পৰিস্থিতেই পূৰ্বনিৰ্ধাৰিতভাৱে তেওঁ আত্মহত্যা কৰিলেহেঁতেন, জুলিয়েটাই মানুহজনৰ লগত কথা নপতাটো এটা অজুহাত হ’ব নোৱাৰে ।

‘জুলিয়েটা’ত দেখিবলৈ পোৱা যায় আন্তৰিক সম্পৰ্কৰ আন্তঃগাঁথনি । ট্ৰেইনখনে মাড্ৰিড গৈ নোপোৱাৰ আগতেই জুলিয়েটা আৰু জুৱানক লৈ গৈছে ভৱিষ্যতৰ এক সম্পৰ্কৰ মাজলৈ । মানুহৰ জীৱনত নভবা-নজনাকৈয়ে কিছুমান সম্পৰ্ক গঢ় লৈ উঠে আৰু এই সম্পৰ্কবোৰে নিজে নিজেই মন আৰু মগজুত কিছুমান কোঠালিৰ সৃষ্টি কৰি চিৰদিনৰ বাবে থাকি যাব খোজে । নচিকেতাই এবাৰ গানৰ মাজতে কৈ উঠিছিল –“এই পৃথিৱীত কোনো সম্পৰ্কৰ শেষ নাই” । হয়, সকলো সম্পৰ্কই নিজ নিজ স্থানত নিজৰ মতে থাকি যায় । জুলিয়েটাৰ সৈতে জুৱানৰ সম্পৰ্ক, আভাৰ উপস্থিতি, জুৱানৰ মৃত্যু, মৃত্যুৰ কাৰণ, আন্টিয়া আৰু বিয়াট্ৰিজৰ বন্ধুত্ব – এই সকলোবোৰ পৰিঘটনাই মানৱীয় সম্পৰ্কৰ আন্তঃগাঁথনিসমূহকে চিহ্নিত কৰিছে । নিজ পিতৃক হেৰুওৱাৰ দুখ এটাই আন্টিয়াক যেনেকৈ এটা পদক্ষেপৰ বাবে সাজু কৰি তুলিলে, আন্টিয়াৰপৰা এটা খবৰৰ অপেক্ষাই জুলিয়েটাকো ব্যস্ত কৰি ৰাখিলে ।

মানৱ জীৱনৰ কেতবোৰ অনুভৱ আৰু আৱেগ-প্ৰৱণতা ‘জুলিয়েটা’ত সুন্দৰভাৱে প্ৰতিফলিত হৈছে । চিনেমাখনৰ আন এটা দিশ হৈছে অনুশোচনা । যেতিয়ালৈকে অনুৰূপ ঘটনা কিছুমান নিজৰ লগত নঘটে, জেদ আৰু গৰ্বৰে আমি আঁকোৰগোঁজভাৱে কিছুমান সিদ্ধান্তত অলৰ-অচৰ হৈ থকিব বিচাৰোঁ । নিজ সন্তানৰ মৃত্যুৰ বিষাদে আন্টিয়াক গভীৰলৈকে স্পৰ্শ কৰিছে আৰু হেৰুওৱাৰ একেই দুখ এটাই চৌদিশ আগুৰি ধৰিব খুজিছে । অৱশেষত তাই সিদ্ধান্ত লৈছে, বাৰ বছৰ আগতেই এৰি অহা মাকলৈ নিজৰ ঠিকনা উল্লেখ কৰি এখন চিঠি লিখিব ।

সেমেকা বতৰত পাহাৰীয়া ৰাস্তা এটাৰে জুলিয়েটা নিজ প্ৰেমিকৰ সৈতে কোনোবাফালে ঢাপলি মেলিব খুজিছে । গাড়ীত বাজি উঠিছে হিপহপ সংগীতৰ উল্লাস, জুলিয়েটাৰ চকু চলমল, ঘন উশাহ। সিমূৰে অধীৰ হৈ ৰৈ আছে আন্টিয়া। আমি আশা ৰখিম এই দূৰত্ব আৰু কমি আহক আৰু বাৰ বছৰৰ অপেক্ষাৰ অন্তত জুলিয়েটাই লগ পাওক নিজ সন্তান আন্টিয়াক।

Leave a Reply

Your email address will not be published. Required fields are marked *