জ্যোতিষ কিয় বিজ্ঞান নহয়-(ড° পবন কুমাৰ চহৰীয়া)
আমি সকলোৱে জানো যে জ্যোতিষশাস্ত্ৰ (personal astrology) আৰম্ভ হয় এই প্ৰশ্নটোৰ উত্তৰেৰে : জন্মৰ সময়ত আকাশৰ গ্ৰহ নক্ষত্ৰৰ স্থানে মানুহৰ চৰিত্ৰ, ব্যক্তিগতভাবে মানুহৰ ভৱিষ্যত নিৰ্ণয় কৰে নে, মানুহৰ ওপৰত ব্যক্তিগতভাবে প্ৰভাৱ বিস্তাৰ কৰে নে? জ্যোতিষশাস্ত্ৰই কয়: কৰে। প্ৰাচ্য বা পাশ্চাত্য যৰেই নহওক, সমগ্ৰ জ্যোতিষশাস্ত্ৰ ঠিয় হৈ আছে এই এটা ভুল আৰু যুক্তিৰহিত প্ৰমেয়ৰ ওপৰত। জ্যোতিষে আৰম্ভণি কৰিছিল জ্যোতিৰ্বিজ্ঞানৰ পৰাই, কিন্তু গ্ৰহ-নক্ষত্ৰৰ ওপৰত দৈৱিক গুণ আৰোপ কৰি আৰু মানুহৰ ভাগ্যৰ লগত সাঙুৰি জ্যোতিষে বিজ্ঞানৰ চৰিত্ৰ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে। আদিম মানুহে আকাশত দেখা তাৰকামণ্ডলীৰ বিভিন্ন আকাৰ, আকাশত সেইবোৰৰ গতি, স্থান আদি সুন্দৰভাবে নিৰীক্ষণ কৰিব পাৰিছিল, কিন্তু সেই ঘটনাবোৰৰ কাৰণ ব্যাখ্যা কৰিবলৈ তেওঁলোক অপাৰগ আছিল। অন্যহাতে তেওঁলোকৰ কল্পনা কৰিব পৰা শক্তি আছিল আজিৰ আধুনিক মানুহৰ দৰেই। উদাহৰণ স্বৰূপে চন্দ্ৰৰ বিভিন্ন দশাবোৰ, পূৰ্ণিমাৰপৰা গৈ গৈ অমাৱস্যা হোৱাৰ সময় আদি তেওঁলোকে ভালদৰে নিৰীক্ষণ কৰিব পাৰিছিল, চন্দ্ৰগ্ৰহণ বা সুৰ্যগ্ৰহণৰো সময়ো ক’ব পাৰিছিল কিন্তু জোনবায়ে কিয় এনেকুৱা ৰূপ সলায়, চন্দ্ৰগ্ৰহণ, সূৰ্য্যগ্ৰহণ কিয় হয় তেওঁলোকে নাজানিছিল আৰু সেয়েহে কল্পনাৰ আশ্ৰয় লৈ তাত এক দৈবিক শক্তি আৰোপ কৰিছিল। মন কৰিবলগীয়া যে আৰম্ভণিতে জ্যোতিষচৰ্চা হৈছিল কেবল ৰাজদৰবাৰত। সম্ৰাট, ৰজা, দেশ অথবা ৰাজবংশৰ ভৱিষ্যত ক’বৰ কাৰণে ৰজা, মহাৰজাই ৰাজ-জ্যোতিষী নিয়োগ কৰিছিল। ৰজা মহাৰজাই নিয়োগ কৰা জ্যোতিষীৰ বাহিৰে বেলেগে কোনো ভৱিষ্যতবাণী কৰা নিষেধ আছিল আৰু বহুত দেশত এই অপৰাধৰ শাস্তি আছিল মৃত্যুদণ্ড। কিন্তু লাহে লাহে বুদ্ধিমান জ্যোতিষীসকলে সাধাৰণ মানুহৰ ব্যক্তিগত জীৱনলৈও ইয়াৰ প্ৰসাৰণ ঘটালে। ব্যক্তিগত জীৱনত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ অৰ্থাৎ যাক আমি ‘personal astrology’ বুলি কওঁ সেয়া সম্ভৱ আৰম্ভ হৈছিল আলেকজেণ্ডাৰৰ মিচৰত আৰু তাৰ পৰাই গ্ৰীছ আৰু ৰোমান সাম্ৰাজ্যৰ জৰিয়তে প্ৰায় ২০০০ তকৈও অধিক বছৰ আগতে প্ৰচাৰ হৈছিল আৰু তাৰ পৰাই আমাৰ দেশ ভাৰত পাইছিলহি। খ্ৰীষ্টাব্দ দ্বিতীয়-তৃতীয় শতিকাত বহুতো সংস্কৃত অনুবাদৰ জৰিয়তে এই ‘ব্যক্তিগত জ্যোতিষ’(personal astrology) গ্ৰীছৰ পৰা আহি আমাৰ দেশত সোমাইছিল। এই গ্ৰন্থসমূহৰ ভিতৰত বিশেষভাবে উল্লেখযোগ্য হৈছে ‘যৱনজাতক’, য’ত যৱন শব্দই গ্ৰীকসকলক বুজাইছিল। আমাৰ জ্যোতিষীসকলে তাত ভাৰতীয় দৰ্শন যেনে গ্ৰীছৰ চতুৰ্ভূতৰ বিপৰীতে ভাৰতীয় দৰ্শনৰ পঞ্চভূত, ইয়াৰ বৰ্ণ বিভাজন, আত্মাৰ অমৰত্ব, পুনৰজন্ম ইত্যাদি ধ্যান ধাৰণা সুমুৱাই ভাৰতীয়কৰণ কৰি লৈছিল। কিন্তু এইটো ঠিক যে এই জ্যোতিষৰ জন্ম ঠাই আমাৰ দেশ নহয়, ইয়াৰ জন্ম হৈছিল গ্ৰীছ বা মিচৰত। সেয়েহে বিখ্যাত জ্যোতিৰ্পদাৰ্থবিদ জয়ন্ত নাৰ্লিকাৰে জ্যোতিষক এক আমদানীকৃত অন্ধবিশ্বাস(imported superstition) বুলি কৈছে। ‘Scientific Edge’ নামৰ কিতাপখনত তেওঁ লিখিছে, “It is all the more ridiculous that by calling astrology Vedic, we are laying claims to an imported superstition. Astrology is neither Vedic nor it is Science. It is an imported superstition from the Greeks”.
জ্যোতিষ বিজ্ঞান নহয়, জ্যোতিষ অপবিজ্ঞান। জ্যোতিষে যিহেতু আদিম জ্যোতিৰ্বিজ্ঞানৰ তথ্য ব্যৱহাৰ কৰে, কিছু গণনা বা অংকও কৰে আৰু ইয়াত ধৰ্ম বা ঈশ্বৰৰ প্ৰলেপ সানি দিয়ে, গতিকে গ্ৰহ-নক্ষত্ৰবোৰ কি বস্তু, সেইবোৰ কি নিয়মত চলে সেই বিষয়ে অলপো জ্ঞান নথকা মানুহে জ্যোতিষক বিশ্বাস কৰে। বিখ্যাত লেখক আৰু বিজ্ঞানী কাৰ্ল চাগানে সেয়েহে ইয়াক এক ‘pious fraud’ অৰ্থাৎ ‘ধাৰ্মিক প্ৰতাৰণা’ বা ‘ধাৰ্মিক ঠগবাজি’ বুলি অভিহিত কৰিছে। জ্যোতিষক জ্যোতিষীয়ে যি বুলিয়েই নকওক, ই কিন্তু কেতিয়াও বিজ্ঞান হ’ব নোৱাৰে, ই বিজ্ঞান নহয়। নাৰ্লিকাৰৰ আন এষাৰ কথা আকৌ উল্লেখযোগ্য। জ্যোতিষীক উদ্দেশ্য কৰি তেওঁ কৈছিল, “Call it (Astrology) whatever you like, but don’t call it science.” জ্যোতিষশাস্ত্ৰত যে বিজ্ঞানৰ চৰিত্ৰ নাই, বৈজ্ঞানিক পদ্ধতিৰ যি সৰ্বজনগৃহীত পন্থা যে জ্যোতিষীয়ে গ্ৰহণ নকৰে বা কৰিব নোৱাৰে তাৰ সমৰ্থনত বহুত যুক্তি দিব পাৰি। আমি মাত্ৰ তাৰে মাত্ৰ কেইটামানহে ইয়াত উল্লেখ কৰিব খুজিছোঁ :
বিজ্ঞানৰ এক প্ৰধান বৈশিষ্ট্য হৈছে যে বিজ্ঞানৰ তত্বই কৰা ভৱিষ্যতবাণী খুব স্পষ্ট বা precise । এই ভৱিষ্যতবাণীবোৰ পৰীক্ষাৰদ্বাৰা নিখুতভাবে সঁচা বা মিছা বুলি প্ৰমাণ কৰিব পাৰি। কিন্তু জ্যোতিষীৰ ভৱিষ্যতবাণী সঁচা-মিছা প্ৰমাণ কৰাৰ কোনো উপায় নাথাকে। Astrological predictions are not testable. They are so vague that any outcome can be interpreted as their success. জ্যোতিষীৰ ভৱিষ্যদ্বাণী ইমান অস্পষ্ট আৰু ধুৱলী-কুঁৱলীময় যে সেইবোৰ ফলিয়ালেও জ্যোতিষ সঁচা আৰু নফলিয়ালেও জ্যোতিষ সঁচা বুলি প্ৰমাণ হয়। উদাহৰণস্বৰূপে আজি কিছুবছৰ আগতে গুজৰাটত গণতন্ত্ৰ দিৱসৰ দিনা হোৱা ভূমিকম্পৰ কথা উল্লেখ কৰিব পাৰি। এজন জ্যোতিষীয়ে কিছুদিন আগতে এষাৰ কথা কৈছিল, “The Govt may be taken by surprise on the Republic Day.” কি surpise. ৰাজনৈতিক নে আন কিবা দুৰ্ঘটনা নে কিবা ভাল কথাহে একো উল্লেখ নাছিল। কিন্তু যেতিয়া গণতন্ত্ৰ দিৱসৰ দিনা ভূমিকম্পটো ঘটিল তেতিয়া সেই জ্যোতিষীজনে কবলৈ ধৰিলে যে আমি আগতেই সকিয়াই দিছিলোঁ, আমি আগতেই জ্যোতিষৰদ্বাৰা ভৱিষ্যতবাণী কৰিছিলোঁ। কি হাস্যকৰ! তাতোনৈ হাস্যকৰ যে সেই জ্যোতিষীজনৰ দ্বাৰা নিজৰ ভৱিষ্যত নিৰ্ণয় কৰা গণ্য-মান্য ব্যক্তিৰ আমাৰ সমাজত অভাৱ নাই। ভালদৰে মন কৰিলে সকলোৱে দেখা পাব যে জ্যোতিষীৰ প্ৰায়বোৰ ভৱিষ্যদ্বাণীয়েই এনেকুৱা।
বিজ্ঞানৰ এটা hallmark হ’ল যে বৈজ্ঞানিক তত্বৰ ভৱিষ্যদ্বাণী হাজাৰবাৰ সঁচা বুলি প্ৰমাণ হ’লেও এবাৰ মাত্ৰ যদি মিছা বুলি প্ৰমাণ হয় তেনেহ’লেও সেই তত্ব হয় সংশোধন কৰিব লাগিব নতুবা বিসৰ্জন দিব লাগিব। আধুনিক বিজ্ঞানৰপৰা এটা মাত্ৰ উদাহৰণ দাঙি ধৰিছোঁ। আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদে ১৯০৫ চনৰপৰা হাজাৰ হাজাৰ পৰীক্ষাত সফল হৈছে। এই তত্বৰ এটা ভৱিষ্যত্বাণী আছিল যে ভৰ থকা কোনো বস্তুৱেই, কোনো কণিকাই কেতিয়াও শূন্যত পোহৰৰ বেগতকৈ বেছি বেগত যাব নোৱাৰে। তেনেকুৱা উদাহৰণ কোনেও এশবছৰ অতিক্ৰম কৰাৰ পিছততো পোৱা নাছিল। কিন্তু ২০১০ চনত চাৰ্ণত(CERN, European Center for Nuclear Research) আৰু ইটালীৰ গ্ৰেন চেচোত হোৱা এটা পৰীক্ষাৰ ফলাফল ঘোষণা কৰি এদল বিজ্ঞানীয়ে ক’লে যে নিউট্ৰিন’কণিকাই (যাৰ সামান্য ভৰ আছে বুলি ১৯৯৮ চনত প্ৰমাণ হৈছিল) পোহৰতকৈ বেছি বেগত গতি কৰিব পাৰে। এই মাত্ৰ এটা পৰীক্ষাৰ প্ৰকাশিত ফলে বিজ্ঞান জগতত বিশেষকৈ পদাৰ্থবিজ্ঞান জগতত যিটো হুলস্থূল লগাইছিল সেয়া আছিল এক প্ৰচণ্ড ধুমুহাৰ দৰে। কি হ’ব আইনষ্টাইনৰ সেই তত্বৰ ভৱিষ্যত? সংশোধন কৰিব লাগিব নেকি বিশেষ আপেক্ষিকতাৰ তত্ব? কিন্তু সৌভগ্যক্ৰমে পিছত বহুবাৰ সেই একেটা পৰীক্ষা কৰাৰ পিছত দেখা গ’ল যে পৰীক্ষাটোৰ ফলাফল হিচাব-নিকাচত এটা সামান্য ভুল হোৱা কাৰণেহে এইটো ঘটিছিল। নিউট্ৰিন’ই পোহৰতকৈ বেছি বেগত যোৱা নাছিল। কিন্তু জ্যোতিষীয়ে তেওঁলোকৰ ভৱিষ্যতবাণী নফলিয়ালেও, তেওঁলোকে ব্যৱহাৰ কৰা পদ্ধতি ভুল বুলি জানিলেও তাৰ কোনো সংশোধন কৰিব নিবিচাৰে। ইয়াৰ দুটামান উদাহৰণ হ’ল :
জ্যোতিষত এতিয়াও পৃথিৱীৰ চাৰিওফালে সূৰ্য আৰু বাকীবোৰ গ্ৰহ নক্ষত্ৰবোৰ ঘূৰে। আচলতে কপাৰ্নিকাছে যিদিনা সুৰ্যকেন্দ্ৰিক বিশ্বৰ ধাৰণা দিছিল সেইদিনাই জ্যোতিষৰ গণনা সংশোধন কৰিব লাগিছিল, কিন্তু নকৰিলে। দৰাচলতে কপাৰ্নিকাচৰ সুৰ্যকেন্দ্ৰিক বিশ্বৰ জন্মৰ দিনাই জ্যোতিষশাস্ত্ৰৰ মৃত্যু হৈছে।
জ্যোতিষত এতিয়াও ৰাহু, কেতু গ্ৰহ। ৰাহু, কেতু যে কোনো গ্ৰহ নহয়, ই সূৰ্য্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ ঘটনাহে , সেয়া আজিকালি হাইস্কুলৰ ছাত্ৰইও জানে। ইউৰেনাচ, নেপচুন আদিয়ে জ্যোতিষত কিয় স্থান লভা নাই? সেইবিলাকে কিয় মানুহৰ ওপৰত প্ৰভাৱ নেপেলায়? জ্যোতিষত এইবিলাক প্ৰশ্নৰ কোনো উত্তৰ নাই।
জ্যোতিষৰ হাজাৰ বছৰ চৰ্চাৰ পাছতো কোনো জ্যোতিষীয়ে হেলীৰ ধুমকেতুৰ প্ৰত্যাৱৰ্তন বা ইউৰেনাচ, নেপচুন গ্ৰহৰ অৱস্থিতিৰ বিষয়ে কোনো ভৱিষ্যতবাণী কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু নিউটনীয় বলবিজ্ঞানে প্ৰতিষ্ঠা লাভৰ কিছুদিন পাছতেই সঠিকভাৱে ভৱিষ্যতবাণী কৰিব পাৰিছিল।
বিজ্ঞানৰ বহুত তত্বত কিছুমান পূৰ্বানুমান (assumption) বা হাইপ’থেচিচ থাকে যিবোৰৰ সঠিক আৰু সকলোৰে গ্ৰহণযোগ্য ব্যাখ্যা বিজ্ঞানীয়ে দিয়ে। কিন্তু জ্যোতিষীয়ে জ্যোতিষত ধৰি লোৱা বহু ‘অনুমান’ বা assumption ৰ কোনো গ্ৰহণযোগ্য উত্তৰ দিব নোৱাৰে। উদাহৰণ হিচাবে ‘জডিয়াক’ বা ৰাশিচক্ৰত (সুৰ্যৰ আকাশত গতিপথৰ দুয়োফালে ৮ডিগ্ৰীৰ এডাল কাল্পনিক বেল্ট ) আচলতে ১৩ টা নক্ষত্ৰপুঞ্জ আছে। বৃশ্চিক বা Scorpio ৰ কাষত ‘অফিউকাচ’(Ophiuchus) নামে আন এক নক্ষত্ৰৰ গোট আছে। আচলতে সূৰ্যই বৃশ্চিকতকৈ বেছি সময় এই ‘অফিউকাচ’ ৰাশিত থাকে। তথাপিতো এইটোক কিয় স্বীকৃতি দিয়া নহয় তাৰ কোনো গ্ৰহণযোগ্য ব্যাখ্যা জ্যোতিষীৰ নাই। তাৰোপৰি International Astronomical Association এ আকাশত দেখা নক্ষত্ৰসমূহক ৮৮ টা থুপ বা constellation ত ভাগ কৰিছে। মানুহক মাত্ৰ ১২ টা নক্ষত্ৰৰ থুপ অৰ্থাৎ ৰাশিয়েহে প্ৰভাবিত কৰে, বাকীবোৰে কিয় নকৰে তাৰ ব্যাখ্যাও জ্যোতিষীৰ হাতত নাই।
জ্যোতিষৰ মতে গ্ৰহ-নক্ষত্ৰই জন্মৰ সময়ত শিশুৰ ওপৰত প্ৰভাৱ পেলায় আৰু গোটেই জীৱনজুৰি কাৰ কোনদিনা কিমান সময়ত জন্ম হৈছিল তাৰ হিচাবো ৰাখে। কি বলৰ জৰিয়তে এই প্ৰভাব পেলায় সেই বিষয়ে জ্যোতিষ কিন্তু নিমাত। আজি আমি সকলোৱে জানোঁ যে আমাৰ বিশ্বত মাত্ৰ চাৰিবিধ বল আছে, তাৰে দুবিধ পৰমাণুৰ নিউক্লিয়াছৰ ভিতৰতে সীমাবদ্ধ। বাকী দুবিধ হ’ল বিদ্যুৎ-চুম্বকীয় আৰু মহাকৰ্ষণিক। বিদ্যুৎ-চুম্বকীয় বলে প্ৰভাৱ বিস্তাৰ কৰিব লাগিলে মানুহ বিদ্যুৎ-আহিত হ’ব লাগিব, কিন্তু মানুহ যিহেতু সামগ্ৰিকভাবে আধানশূন্য গতিকে অকল মহাকৰ্ষণিক বলহে থাকিলগৈ। এতিয়া এটা নৱজাতকৰ ভৰ যদি ৩ কেজি বুলি ধৰা হয় তেনেহলে নিউটনৰ সূত্ৰ ব্যৱহাৰ কৰি দেখুৱাব পাৰি যে ওচৰতে থকা মংগল গ্ৰহই কেচুৱাটোৰ ওপৰত যিমান মহাকৰ্ষণিক বল দিব তাতকৈ হেজাৰগুণে বেছি মহাকৰ্ষণিক বল দিব ডাক্তৰ বা নাৰ্চজনীয়ে। গতিকে জন্মপত্ৰিকাত মংগল, শণি আদি গ্ৰহৰ সলনি ডাক্তৰ, নাৰ্চ আদিৰ প্ৰভাৱৰ কথাহে থাকিব লাগিছিল।
আকাশৰ গ্ৰহ, নক্ষত্ৰ, নক্ষত্ৰপুঞ্জ বা মহাকাশত ঘটা বিভিন্ন ঘটনা যেনে হঠাৎ ঘটা ধুমকেতুৰ আবিৰ্ভাৱ ইত্যাদিৰ প্ৰকৃত কাৰণ আদিম মানুহে নাজানিছিল আৰু তেতিয়া তেওঁলোকে এইবোৰক দৈৱিক ঘটনা বুলি ধৰি মানুহ, ৰাজপৰিয়াল বা দেশৰ ভৱিষ্যতৰ লগত সংলগ্ন কৰিছিল। আধুনিক বিজ্ঞানৰ আগৰ মানুহৰ এই মনস্তত্ব সহ্য কৰিব পাৰি। কিন্তু আশ্চৰ্যজনক কথা যে, আজি এই সকলোবোৰ ঘটনাৰ কাৰণ জনাৰ পাছতো, সূৰ্যটো কি, চন্দ্ৰটো কি, সুৰ্যৰপৰা শক্তি কিয় ওলায়, গ্ৰহবোৰ কিহেৰে গঠিত, ৰাহু-কেতু যে গ্ৰহ নহয় মাত্ৰ ঘটনাহে, নক্ষত্ৰবোৰ কিহেৰে গঠিত আৰু আমাৰপৰা সেইবোৰ যে অকল্পনীয় দূৰত্বত আছে সেইবোৰ জনাৰ পাছতো নিজকে বৈজ্ঞানিক যুগৰ মানুহ বুলি দাবী কৰা এচাম মানুহৰ মাজত জ্যোতিষ জনপ্ৰিয় হৈ আছে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে নতুন প্ৰজন্ম, যিসকলৰ মাজত বিজ্ঞান শিক্ষাৰে শিক্ষিতৰ হাৰ আটাইতকৈ বেছি, তেওঁলোকৰ মাজতো জ্যোতিষৰ প্ৰতি আকৰ্ষণ, জ্যোতিষীয়ে গণনা কৰি দিয়া পাথৰৰ প্ৰতি আকৰ্ষণ, শুভ দিন-বাৰ চোৱাৰ প্ৰৱণতা কমা নাই, বৰঞ্চ বাঢ়িছেহে। এইটো বৰ চিন্তনীয় বিষয়। এ পি জে আব্দুল কালাম ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ শপত লবলৈ কোনো শুভমুহূৰ্তৰ কথা ভাবিছে নেকি বুলি যেতিয়া এজন ৰাজনীতিবিদে সুধিছিল, তেতিয়া তেওঁ উত্তৰ দিছিল, “ Days and nights are formed by the rotation of the earth on its axis. So long as the earth rotates on its axis, 365 days a year and 7 days a week are auspicious for me.” এ পি জে কালামক নতুন প্ৰজন্মৰ বহুতে মিছাতেই প্ৰিয় ৰাষ্ট্ৰপতি বুলি কয়, নহ’লে তেওঁলোকে জ্যোতিষত ইমান আস্থা নাৰাখিলে হয়।
একৈশ শতিকাৰ তৃতীয় দশকত উপস্থিত হৈয়ো জন্মৰ সময়ত আকাশৰ গ্ৰহ, নক্ষত্ৰই মানুহৰ ভাগ্য, মানুহৰ চৰিত্ৰ নিৰ্ণয় কৰিব বুলি ভবাটো এক চূড়ান্ত অন্ধবিশ্বাসৰ বাহিৰে আন একোৱেই হ’ব নোৱাৰে। কেবাহাজাৰ বছৰ পুৰণি, স্থবিৰ আৰু মিথ্যা বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত জ্যোতিষশাস্ত্ৰক বিদায় দি গতিশীল,পৰিৱৰ্তনশীল আৰু মহাবিশ্ব সম্পৰ্কে আমাৰ আগত সদায় জ্ঞানৰ নতুন দিগন্ত উন্মোচিত কৰা জ্যোতিৰ্বিজ্ঞানক নতুন প্ৰজন্মই আকোৱালি লওক। বিজ্ঞান আমাৰ পাথেয় হওক, অপবিজ্ঞান নহয়।