বিজ্ঞান জগতৰ এটি ধ্ৰুৱ তৰা: কাৰ্ল লেণ্ডষ্টেইনাৰ (প্ৰত্যাশা জোনাক বৰুৱা আৰু পৰিণীতা খাৰঘৰীয়া)
নেলছন মেণ্ডেলাই এবাৰ কৈছিল, “It always seems impossible until it is done” আৰু এই কথাষাৰ যুগে যুগে প্ৰমাণ কৰি দেখুৱাই গৈছে বহুতো বিজ্ঞানীয়ে তেখেতসকলৰ নিজৰ মহান আৱিষ্কাৰ আৰু উদ্ভাৱনৰ দ্বাৰা। তেওঁলোকৰ তেনে অৱদানসমূহৰ ফলস্বৰূপেই বৰ্তমানৰ একবিংশ শতিকাত আমাৰ জীৱন অতি সহজ হৈ পৰিছে। তেনেধৰণৰ বহু অৱদান আগবঢ়াই বিজ্ঞান জগতত এটি ধ্ৰুৱ তৰা হৈ জিলিকি ৰোৱা এজন মহান বিজ্ঞানীয়েই হ’ল নোবেল পুৰস্কাৰেৰে বিভূষিত কাৰ্ল লেণ্ডষ্টেইনাৰ (Karl Landsteiner)।
প্ৰায় ১৫৫ বছৰ পূৰ্বে ১৮৬৮ চনৰ ১৪ জুন তাৰিখে অষ্ট্ৰ’-হাংগেৰীয়ান শাসিত ভিয়েনা চহৰৰ গাতে লাগি থকা বেডেন–বেই–য়ুইন নামে ঠাইত এক মধ্যবিত্ত পৰিয়ালত কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম হৈছিল। তেখেতৰ পিতৃ লিঅ’পল্ড লেণ্ডষ্টেইনাৰ পেছাত এজন ডাক্তৰ হোৱাৰ লগতে আছিল এজন নামজ্বলা সাংবাদিক। তদুপৰি তেখেতে দাই প্ৰেছ নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক আৰু প্ৰকাশকৰ ভূমিকা নিষ্ঠাৰে পালন কৰিছিল। মাতৃ ফেনি লেণ্ডষ্টেইনাৰ আছিল এগৰাকী গৃহিণী। কুমলীয়া বয়সতে পৃথিৱীৰ বুজ নৌ হওঁতেই কাৰ্ল লেণ্ডষ্টেইনাৰে দুৰ্ভাগ্যবশতঃ নিজৰ পিতৃক হেৰুৱাবলগীয়া হয়। সেই সময়ত মাতৃ ফেনি দিশহাৰা নহৈ সেই ছয় বছৰীয়া শিশুটিক অতি কষ্টৰে ডাঙৰ-দীঘল কৰি সমাজৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে গঢ় দিলে। মাতৃৰ সৈতে তেওঁৰ আছিল শ্ৰদ্ধাৰে পৰিপূৰ্ণ বন্ধুত্বৰ এক নিবিড় সম্পৰ্ক আৰু এই সম্পৰ্কৰ চিন স্বৰূপে মাতৃৰ চেহেৰাৰ এক প্ৰতিমূৰ্তি নিজৰ মৃত্যু পৰ্যন্ত তেওঁ সংৰক্ষিত কৰি ৰাখিছিল।
জন্ম স্থানতেই জীৱনৰ আদিপাঠ গ্ৰহণ কৰি ১২ বছৰ বয়সত তেখেতে লিন্জ নামে ঠাইত অৱস্থিত ষ্টেট গ্ৰামাৰ নামে বিদ্যালয়ত নামভৰ্তি কৰিছিল। বিদ্যায়তনিক শিক্ষা গ্ৰহণ কৰি ১৭ বছৰ বয়সত তেখেতে চিকিৎসা-বিজ্ঞানৰ ক্ষেত্ৰখনৰ দিশে মন মেলে আৰু সেইবাবে ইউনিভাৰ্ছিটি অফ ভিয়েনাত নাম ভৰ্তি কৰে। ডাক্তৰী শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে তেওঁ মাতৃ ফেনিৰ সৈতে ইহুদীৰ পৰা ৰোমান কেথলিকলৈ ধৰ্মান্তৰিত হয়।
সৰুৰে পৰাই তেওঁ বিজ্ঞানৰ বিভিন্ন দিশৰ প্ৰতি আকৃষ্ট হৈছিল যদিও পিয়ানো বজোৱা আৰু উপন্যাস পঢ়াটোও তেওঁৰ আছিল ৰুচি। তেওঁৰ বিজ্ঞানৰ প্ৰতি থকা আকৰ্ষণ প্ৰতিফলিত হয় ছাত্ৰ অৱস্থাতেই কৰা এক গৱেষণাৰ দ্বাৰা, যাৰ শিৰোনাম আছিল “তেজৰ ওপৰত বিভিন্ন খাদ্যৰ প্ৰভাৱ”। স্নাতক পৰ্যায়ৰ ছাত্ৰ হৈ থাকোতে তেওঁ জৈৱিক ৰসায়ন বিজ্ঞানৰ প্ৰতি বেছি আকৰ্ষিত হৈছিল আৰু সেইবাবেই ১৮৯১ চনত ডাক্তৰী ডিগ্ৰী লাভ কৰাৰ পাছত জৈৱ ৰসায়নৰ গৱেষণাৰ দিশে ধাৱমান হয়। ৫ টা বছৰ তেখেতে জাৰ্মানী আৰু চুইজাৰলেণ্ডৰ বিভিন্ন পৰীক্ষাগাৰত এমিল ফিচাৰৰ দৰে বহু বিখ্যাত বিজ্ঞানীৰ সান্নিধ্যত গৱেষণা কৰি অতিবাহিত কৰে। এনেদৰে জৈৱ ৰসায়নৰ ক্ষেত্ৰখনিত বহুমূলীয়া জ্ঞান অৰ্জন কৰি তেওঁ নিজ ঠাই ভিয়েনালৈ ঘূৰি আহি ভিয়েনা জেনেৰেল হস্পিতালত চিকিৎসা সেৱা আগবঢ়ায়। ১৮৯৮ চনৰ পৰা ১৯০৮ চনলৈ তেওঁ তাৰেই বিভাগ এটিত কৰ্মৰত আছিল, যাৰ মুৰব্বী আছিল অধ্যাপক এ. য়ুইচ্চছেলব’ম, যিগৰাকীয়ে তেওঁক অন্য লোকৰ সমালোচনাক গুৰুত্ব নিদি নিজ আগ্ৰহৰ দিশে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল।
১৯০০ চনত ৩২ বছৰীয়া লেণ্ডষ্টেইনাৰে এজন ব্যক্তিৰ লোহিত ৰক্ত কণিকা সংগ্ৰহ কৰি অন্য এজন ব্যক্তিৰ ছিৰামৰ লগত মিহলি কৰি তাৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিছিল। এই পৰীক্ষাৰ দ্বাৰা তেখেতে দেখা পাইছিল যে এনেধৰণৰ মিশ্রণে কেতিয়াবা ৰক্ত কণিকাৰ চপৰাৰ সৃষ্টি কৰে আৰু কেতিয়াবা নকৰে। বহু বিজ্ঞানীয়ে এই চপৰা সৃষ্টি হোৱাৰ মূলতে বেমাৰত আক্ৰান্ত ব্যক্তিৰ ৰক্ত ব্যৱহাৰ কৰা বুলি বিবেচনা কৰি তেওঁৰ গৱেষণাৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰিছিল। কিন্তু তেনে নেতিবাচক সমালোচনাই তেওঁক নিজৰ লক্ষ্যত উপনীত হোৱাৰ পৰা বঞ্চিত কৰিব পৰা নাছিল। এনেদৰেই গৱেষণা কৰি থাকি তেওঁ এদিন তিনিধৰণৰ তেজৰ গোট A , B আৰু C-ৰ আৱিষ্কাৰ কৰিলে, যাক বৰ্তমান A, B, O গোট হিচাপে শ্ৰেণীবিভক্ত কৰা যায়। উল্লেখনীয় যে ১৯০২ চনত লেণ্ডষ্টেইনাৰৰ সতীৰ্থসকলে তেওঁৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি এক চতুৰ্থ প্ৰকাৰৰ তেজৰ গোট AB-ৰ আৱিষ্কাৰ কৰিলে। এই আৱিষ্কাৰতে নিজকে সীমাবদ্ধ নাৰাখি তেওঁ সমান্তৰালভাৱে বিভিন্ন গৱেষণা কৰি থাকিল। ইয়াৰ ফলস্বৰূপেই ১৯০৫ চনত তেখেত বান্দৰৰ সংক্ৰান্ততো গৱেষণা কৰি এটি গুৰুত্ত্বপূৰ্ণ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল। ১৯০৮ চনত লেণ্ডষ্টেইনাৰে ভিয়েনা উইল হেলমিনা হস্পিতালত মানৱ ৰোগ বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত হৈ থাকোঁতে তেওঁৰ সহকাৰী এৰউইন পপাৰৰ সৈতে প্ৰমাণ কৰিলে যে পলিঅ’ মাইলাইতিছ এক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগ।
এই সকলোবোৰৰ মাজতে ১৯১৬ চনত লেণ্ডষ্টেইনাৰে লিঅ’পল্ডিন হেলেন ৱালাষ্টোৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। এবছৰৰ পাছত অৰ্থাৎ প্ৰথম বিশ্বযুদ্ধৰ কালছোৱাত তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়, যাৰ নাম তেওঁলোকে আৰ্নেষ্ট কাৰ্ল লেণ্ডষ্টেইনাৰ ৰাখে আৰু যি পাছলৈ এজন সুখ্যাত ডাক্তৰ হিচাপে নাম অৰ্জন কৰে। সেইসময়ত বিশ্বযুদ্ধৰ বাবে সমগ্ৰ পৃথিৱীতে দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল। নিজৰ পৰিয়ালৰ স্বাস্থ্যৰ কথা চিন্তা কৰি লেণ্ডষ্টেইনাৰে গাখীৰৰ যোগান ধৰিবলৈ এজনী ছাগলী কিনি আনি নিজেই প্ৰতিপালন কৰিছিল। সেইসময়ছোৱাত লেণ্ডষ্টেইনাৰে পৰিয়ালৰ সৈতে ভিয়েনাৰ কেন্দ্ৰৰ পৰা দহ মাইল দূৰত অৱস্থিত পাৰ্কাৰছদৰ্ফ নামে গাঁৱত বাস কৰিছিলগৈ; যি ঠাই বিশ্বযুদ্ধৰ সময়ত বসবাসৰ বাবে উপযুক্ত বুলি তেওঁ বিবেচনা কৰিছিল। তেখেতৰ আন এটি গুৰত্বপূৰ্ণ আৱিষ্কাৰ হ’ল হেপটেঞ্চ (Haptens)। ১৯১৯ চনত ৫১ বছৰ বয়সত লেণ্ডষ্টেইনাৰে হলেণ্ডৰ ৰাজধানী হেগ’লৈ প্ৰস্থান কৰে। ইয়াত তেওঁ এখন স্থানীয় হস্পিতালত কৰ্মৰত হৈ সেৱা আগবঢ়োৱাৰ লগত ১৯২১ চনত হেপটেঞ্চৰ আৱিষ্কাৰ কৰে। তেওঁ অতি ক্ষুদ্ৰ অণুক হেপটেঞ্চ নাম দিছিল, যিয়ে অকলে শৰীৰত কোনোধৰণৰ প্ৰতিৰোধ ক্ষমতাৰ উৎপন্ন নকৰে। কিন্তু যদি ইহঁতে প্ৰটিনৰ দৰে বৃহৎ বাহকৰ লগত সংলগ্ন হয়, তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি কৰে। লেণ্ডষ্টেইনাৰে প্ৰথমবাৰৰ বাবে কৃত্ৰিম হেপটেঞ্চ কৰি তাক প্ৰটিনৰ সৈতে ব্যৱহাৰ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰতিক্ৰিয়া উত্তেজিত কৰিছিল। এইদৰে তেওঁ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ৰসায়ন বিজ্ঞানৰ গৱেষণাত অমূল্য অৱদান আগ বঢ়াইছিল।
১৯২৭ চনত ফিলিপ লেভিনৰ সৈতে কাম কৰি লেণ্ডষ্টেইনাৰে M, N আৰু P নামেৰে নতুন তেজৰ গোটৰ আৱিষ্কাৰ কৰে। সেইসময়ত তেওঁক ৰকফেলৰ ইনষ্টিটিউট ফৰ মেডিকেল ৰিছাৰ্চত সৰ্বোচ্চ পদবী প্ৰদান কৰা হয়। ১৯২৯ চনত লেণ্ডষ্টেইনাৰ পত্নী আৰু পুত্ৰসহ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহি তাৰ বাসিন্দা হৈ পৰে।
Rh ফেক্টৰৰ সন্দৰ্ভত কৰা গৱেষণা লেণ্ডষ্টেইনাৰৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়। ১৯৩৭ চনত আলেকজেণ্ডাৰ এচ. ৱাইনাৰ সৈতে লেণ্ডষ্টেইনাৰে ৰিছাছ ফেক্টৰৰ আৱিষ্কাৰ কৰে; যাক বৰ্তমান Rh কাৰক বুলি জনা যায়। Rh কাৰক আৱিষ্কাৰৰ পাছত এজন ব্যক্তিৰ A, B, AB বা O-ৰ তেজৰ গোটৰ + বা – চিহ্ন যোগ কৰা হৈছিল। উদাহৰণস্বৰূপে, যিসকল লোকৰ তেজ এসময়ত ‘A’ হিচাপে চিনাক্ত কৰা হৈছিল তেওঁলোকৰ ‘A+’ বা ‘A-‘ হিচাপে শ্ৰেণীবিভাজন কৰা হয়। গতিকে Rh কাৰকৰ চিনাক্তকৰণে এই কথাকে বুজাই দিলে যে A, B, AB অথবা O সামঞ্জস্যপূৰ্ণ গোট থকা লোকৰ মাজত তেজৰ সঞ্চালনে কেতিয়াবা সমস্যাৰ সৃষ্টি কৰাৰ মূলতেই হ’ল অমিল Rh কাৰক।
কাৰ্ল লেণ্ডষ্টেইনাৰে কেইবাটাও অতি সন্মানীয় বঁটা আৰু সন্মান লাভ কৰে য’ত আছিল:
১) ১৯১১ – ফ্ৰেন্স লিজিয়ন অৱ অনাৰ চেভালিয়াৰ।
২) ১৯২৬ – মাইক্ৰ’বায়’লজী আৰু ইমিউন’লজীৰ কৃতিত্বৰ বাবে এৰনছন বঁটা।
৩) ১৯৩০ – শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।
৪) ১৯৩০ – পল এহৰলিচ পদক।
৫) ১৯৩২ – নেচনেল একাডেমী অৱ চাইঞ্চৰ সদস্য নিৰ্বাচিত।
৬) ১৯৩৩ – ডাচ্চ্ ৰেড ক্ৰছৰ পদক।
৭) ১৯৩৮ – কেমেৰন বঁটা।
৮) ১৯৪১ – ৰয়েল ছ’চাইটিৰ সন্মানীয় বিদেশী সদস্য নিৰ্বাচিত।
৯) ১৯৪৬ – এলবাৰ্ট লেস্কাৰ ক্লিনিকেল মেডিকেল ৰিচাৰ্চ এৱাৰ্ড।
১৯৩৯ চনত ৰকফেলাৰ ইনষ্টিটিউটত কৰ্মৰত হৈ থাকোঁতেই লেণ্ডষ্টেইনাৰৰ অৱসৰৰ সময় হয়। কিন্তু তেওঁ অৱসৰ লবলৈ অস্বীকাৰ কৰে আৰু পুনৰ এক নতুন উদ্যমেৰে কাম কৰি যাবলৈ সিদ্ধান্ত লয়। কেইবছৰমানৰ পাছত লেণ্ডষ্টেইনাৰৰ পত্নী লিঅ’পল্ডিন কৰ্কট ৰোগত আক্ৰান্ত হোৱাত তেখেতে নিজৰ পত্নীৰ জীৱন ৰক্ষাৰ উপায় বিচাৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু সেই গৱেষণা কৰি থকা অৱস্থাতেই ১৯৪৩ চনৰ ২৬ জুন তাৰিখে দুৰ্ভাগ্যবশতঃ হৃদযন্ত্ৰৰ বিকলতাৰ বাবে ৭৫ বছৰ বয়সত হাতত পিপেট লৈয়েই লেণ্ডষ্টেইনাৰে শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাৰ ছমাহৰ পাছতেই তেখেতৰ পত্নীয়েও ইহলীলা সম্বৰণ কৰে।
কাৰ্ল লেণ্ডষ্টেইনাৰে মৃত্যু পৰ্যন্ত নিজৰ জীৱনটো বিজ্ঞানৰ ক্ষেত্ৰখনলৈ উৎসৰ্গা কৰি মানৱ সমাজলৈ বৰঙণি আগবঢ়ায়। ইমিউনলজি আৰু হিষ্টলজিৰ জনকৰূপে সৰ্বজনীনভাৱে অভিহিত কাৰ্ল লেণ্ডষ্টেইনাৰৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম দিৱস অৰ্থাৎ ১৪ জুন তাৰিখটো “বিশ্ব ৰক্তদাতা দিৱস” হিচাপে পালন কৰা হয়। তদুপৰি তেওঁক সন্মান জনোৱাৰ অৰ্থে অষ্ট্ৰেলিয়াত তেওঁৰ মুখাৱয়ব সন্নিবিষ্ট কৰি নোট প্ৰকাশ কৰা হয়। আজি কায়িকভাৱে লেণ্ডষ্টেইনাৰ এই জগতত অনুপস্থিত যদিও তেওঁ আগবঢ়োৱা অভূতপূৰ্ব বৈজ্ঞানিক অৱদানৰ বাবে বিজ্ঞানৰ অনুৰাগীসকলৰ মাজত তেওঁ সদায় অমৰ হৈ ৰ’ব।