কাৰ্ল মাৰ্ক্সৰ সোঁৱৰণত (অৰুণ কুমাৰ শৰ্মা)
সুবিশাল সেই মানুহজন
যদিও মগন চিৰনিদ্ৰাত
চিৰজাগ্ৰত তেওঁৰ অমৰ গ্ৰন্থ,
নিষ্পেষিত, শোষিতজনৰ জীৱন দৰ্শন
ডাচ্ কেপিটেল।
অতন্দ্ৰ প্ৰহৰীৰ দৰে শোষকৰ
বুকুত কঁপনি তুলি
জীয়াই আছে আজিও তেওঁ
মহামানৱৰ মহাসমুদ্ৰৰ মাজত
কালক অতিক্ৰমী
নিৰ্যাতিতজনৰ হৃদয়ৰ মণিকোঠাত৷
তেওঁ জীয়াই আছে এতিয়াও
শত শত কালিমাক হেলাৰঙে ওফৰাই
নিৰ্বিকাৰ ঢৌৰ গৰ্জনে গৰ্জনে
তোলপাৰ কৰি আকাশ-বতাহ
শ্ৰমিক-কৃষক, সৰ্বহাৰাৰ মাজত
নিনাদিত কৰি গ্ৰাম-গ্ৰামান্তৰ, চহৰ-নগৰ,
কল-কাৰখানা, পথাৰ-সমাৰ।
ডাচ্ কেপিটেল সৰ্বহাৰাৰ অমোঘ অস্ত্ৰ
য’ত প্ৰকাশিলে তেওঁ
উদ্বৃত মূল্য আৰু শোষণ-বঞ্চনাৰ কথা;
কিদৰে শোষকগোষ্ঠীয়ে জালিয়াতিৰে
শ্ৰম চুৰি কৰি সমস্ত সম্পদ কুক্ষিগত কৰি
গঢ়ি তোলে ধন-দৌলতৰ এদনীয়া বিশাল পাহাৰ;
কিদৰে নিপীড়িতজনক ধৰ্মৰ আফিং খুৱাই
যুগে যুগে মজবুত কৰে শোষণ-শাসনৰ
হাতিয়াৰ:
সমাজ বিবৰ্তনৰ অৱধাৰিত ধাৰাত কিদৰে
শ্ৰেণী-সংগ্ৰামৰ পাশুপাত অস্ত্ৰই
ত্বৰান্বিত কৰি মুক্তি আৰু স্বাধীনতাৰ
সেন্দূৰীয়া বাট আনি দিব পাৰে
এক শোষনণহীন সাম্যবাদী সমাজ।
লৌহ-কঠিন এই মানুহজনে
মহামতি এংগেলছৰ স’তে মিলি
“বিশ্বৰ শ্ৰমিক এক হওক” ধ্বনিৰে
কমিউনিষ্ট ইস্তাহাৰত
দেখুৱালে দিশ সৰ্বহাৰাক
প্ৰতিবাদৰ জ্বলন্ত ভাষাত
পুৰণিক ভাঙি নতুনক গঢ়াৰ
কালজয়ী গভীৰ প্ৰত্যাশাৰ:
দোহাৰিলে প্ৰত্যয়েৰে,
হে শ্ৰমিক, তোমাৰ হেৰুৱাবলে’ আছে মাথো বন্ধন শিকলি
পিছে জিনিবলে’ আছে সমগ্ৰ জগত
নিষ্কলংক এই মানুহজনক
নস্যাৎ কৰিবলৈ গৈ
ইতিহাসক বাৰে বাৰে কলংকিত কৰা
ভেৰোনীয়া অৰ্থনীতিবিদ, দাৰ্শনিক
সমণ্বিতে পৰজীৱী নিন্দুকসকল,
নিজৰ অলক্ষিতে সোমাই পৰে
এক অন্ধ গলিত;
আৰু তেওঁ জিলিকি থাকে
দীপ্তিমান সূৰুযৰ দৰে আলোকিত কৰি
নিপীড়িত নিৰ্যাতিতজনক
চিৰদিন চিৰতিকাল৷