কেন্দ্ৰীয় নিবন্ধ

কৰ্মফলবাদ সম্পৰ্কে কতিপয় টোকা (প্রসেনজিৎ চৌধুৰী)

(১)

আশৈশৱ কর্মফলৰ কথা শুনি শুনি আমিবোৰ ইমানেই অভ্যস্ত হৈ পৰিছোঁ যে এই ধর্মীয় ধাৰণাটোৰ সমস্যা তথা সত্যাসত্য বিচাৰ কৰি চোৱাৰ প্রয়োজন অনুভৱ নকৰা হৈছোঁ। এই অনীহাৰ গুৰিত নানা কাৰণ থাকিব পাৰে। এচাম মানুহে ভাবে যে শাস্ত্রোক্ত কর্মফল তত্ত্বক প্রশ্ন কৰাটো অক্ষমনীয় পাপ আৰু তেনে পাপকর্মৰ ফলস্বৰূপে মৰণোত্তৰ জীৱনত পোক-পৰুৱাৰ দেহাত পাপাত্মাৰ প্ৰৱেশ ঘটিব। ফঁহিয়াই চালে দেখা যায় যে কালৰ তিনিটা পর্যায়ৰ সৈতে কর্মফল তত্ত্ব সম্পৃক্ত: অতীত (পূর্বজন্ম), বর্তমান (ইহজন্ম) আৰু ভাবীকাল (পৰজন্ম)। কর্মফলবাদৰ মতে পূর্বজন্মৰ পাপ-পুণ্যই ইহজন্মৰ আৰু ইহজন্মৰ পাপ-পুণ্যই পৰজন্মৰ চেহেৰা-চৰিত্ৰ নিৰ্ধাৰণ কৰে। এই তত্ত্বৰ প্রভাৱ গভীৰ আৰু সুদূৰ প্ৰসাৰী। সাধাৰণ মানুহৰ কথা বাদেই, আনকি ৰামচন্দ্ৰৰ উক্তিতো ইয়াৰ উল্লেখ পোৱা যায়। মাৰাত্মক শক্তিশেলৰ আঘাতত লক্ষ্মণ অচেতন হৈ পৰোঁতে ভাতৃবৎসল ৰামচন্দ্ৰৰ বিচলিত মনৰ বিলাপ মন কৰিবলগীয়া: “নাজানো পূর্বজন্মত কি পাপ কৰিছোঁ যাৰ বাবে মোৰ ধার্মিক ভাই মৰি পৰি আছে”। সন্ধিৎসাতাড়িত সংশয়ী মনে প্রশ্ন কৰিব পাৰে, অৱতাৰপুৰুষে জানো পাপ কৰিব পাৰে? ভ্ৰাতাৰ সম্ভাৱ্য পাপৰ কাৰণে ‘ধার্মিক’ ভায়েকে শাস্তি পোৱাটো জানো ন্যায়সংগত? ভক্তি ভৰা মনলৈ অৱশ্যে এনে ভয়ংকৰ প্রশ্ন নাহে। আৰু কেতিয়াবা আহিলেও তাক ততালিকে মনৰ চৌহদৰ পৰা বহিষ্কাৰ কৰা হয়।

ভাগ্য, দৈৱ, নিয়তি, অদৃষ্ট, কর্মফল আদিক আমি সাধাৰণতে সমার্থক শব্দ হিচাপে ব্যৱহাৰ কৰোঁ। যুক্তিবাদী লেখকৰ ৰচনাতো ইয়াৰ নিদর্শন আছে। উল্লিখিত শব্দসমূহৰ এনে ব্যৱহাৰত আপত্তি কৰিবলগীয়া একো নাই। পিছে কর্মফলবাদৰ বিশিষ্টতা, তাৰ সামাজিক ভূমিকা আৰু মনস্তাত্ত্বিক পৰিনামৰ চৰিত্র অনুধাৱন কৰাৰ উদ্দেশ্যে আমি ইয়াৰ সৈতে অদৃষ্ট, ভাগ্য, নিয়তি আদিৰ পার্থক্যৰ প্ৰতিও চকু দিয়া সমীচীন হ’ব। কর্মফলবাদত ব্যক্তিৰ ভূমিকা আৰু দায়িত্বৰ স্বীকৃতি বিদ্যমান। এগৰাকী ব্যক্তিয়ে পাপকর্মৰ / পুণ্যকর্মৰ কাৰণে ইহজন্মত / পৰজন্মত শাস্তি ভোগ কৰে বা পুৰস্কৃত হয়। নিয়তিবাদত / অদৃষ্টবাদত ব্যক্তিৰ ভূমিকা উপেক্ষিতঃ “According to karma, the individual is responsible for what happens to him; with fate he is not responsible”। বিদূষী লেখিকা সুকুমাৰী ভট্টাচাৰ্যৰ মতে কর্মবাদ আৰু নিয়তিবাদ কেৱল পৰস্পৰ নিৰপেক্ষই নহয়, পৰস্পৰ-বিৰোধীও। তেওঁ আমাক জনাইছে যে  কোনো কোনো শাস্ত্ৰত নিয়তিক দেৱতাসকলৰ ওপৰত ঠাই দিয়া হৈছে। এইখিনিতে এটা চিত্তাকর্ষক তথ্য উল্লেখ কৰিব পাৰি। প্রাচীন ভাৰতৰ আজীবিক সম্প্রদায়ৰ ধৰ্ম গোশালৰ ভৰসাশূন্য ভাব-ৰাজ্যত অবিনশ্বৰ, অপ্রতিৰোধ্য নিয়তিৰ গুৰুত্ব ইমানেই বেছি যে ‘there could be no escape from the cycle of rebirths ….by eliminating one’s karma by whatever means”। ইয়াৰ অর্থ পৰিষ্কাৰ: পুণ্যকর্মৰ দ্বাৰা জন্ম-মৃত্যুৰ চক্ৰৰ পৰা উদ্ধাৰ পোৱাৰ উপায় নাই— জীৱনৰ গতি-প্রকৃতি পূর্ব নির্ধাৰিত। জন্মান্তৰভিত্তিক কর্মফলতত্ত্বত কিন্তু এই ধৰণৰ কথা নাই। আজীৱিকবাদত মানুহ এক নিয়তি-নিয়ন্ত্রিত প্রাণী— তেওঁৰ প্ৰয়াস-পুৰুষাৰ্থ অর্থহীন, বন্ধ্যা।

(২)

ব্যাখ্যাকামিতা মানৱমনৰ এক স্বকীয় বৈশিষ্ট্য। কোনো এটা ঘটনা বা অভিজ্ঞতাৰ আঁৰত কি ধৰণৰ প্রক্রিয়া সক্রিয় তাৰ আঁতি-গুৰি জানিবলৈ মানুহৰ মন সদা আগ্রহী। এই সহজাত সন্ধিৎসাৰ নিৰসনৰ কাৰণেই মানুহে অলেখ ধ্যান-ধাৰণাক প্রশ্রয় দিয়ে। জন্মান্তৰবাদৰ আধাৰত ৰচিত কর্মফলৰ যি তত্ত্ব সি অধিকাংশ ক্ষেত্ৰত ব্যাখ্যাকামী মানুহৰ উদ্বিগ্ন মনক কিছু সকাহ-সান্ত্বনা দিয়ে, প্রশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খোৱা মনটোৱে যেন উত্তৰ বিচাৰি পায়। এটা দৃষ্টান্ত দিলে কথাটো পৰিষ্কাৰ হ’ব। আমাৰ সমাজত চণ্ডালসকলে কি ধৰণৰ অনাদৰ, অৱমাননাৰ সন্মুখীন হ’বলগীয়া হয় তাৰ বৃত্তান্ত আমি সমাজ-বিজ্ঞানীৰ ৰচনা তথা ন্যায়াকাংক্ষী সমাজকৰ্মীৰ বক্তব্যত পাওঁ। এনে পীড়াদায়ক পৰিস্থিতিত এজন সংবেদনশীল চণ্ডালৰ চেতনালৈ আত্মজিজ্ঞাসাৰ ভাব আহিব পাৰে, সমাজত তেওঁৰ অৱস্থা কিয় ইমান শোচনীয়। সেই মৌলিক প্রশ্নটোৱে তেওঁক বিবুদ্ধি-বিব্রত কৰি তুলিব পাৰে। কোৱা বাহুল্য, যুগেযুগে এই জাতীয় স্বস্তিহানিকৰ প্ৰশ্নৰ উত্তৰ কৰ্মফলবাদে দি আহিছে। মনু-সংহিতাত কোৱা হৈছে, “শুভাশুভ ফল দিয়া কৰ্মৰ উৎপত্তি স্থান মন, বাণী আৰু দেহ”। মনুৰ মতানুসৰি মানসিক অপকর্ম বা দেহৰ কাৰণে মানুহে “চণ্ডাল আদিৰ জাতিত জন্ম ল’ব”। লক্ষণীয় যে মনু-কথিত মানসিক অপকৰ্মৰ এটা হ’ল— পিছৰ জন্মৰ বিষয়ে মিছা অভিমত। উত্তিটোৰ অৰ্থ স্পষ্ট। পৰজন্ম সমন্ধে শাস্ত্রীয় মত মানি নল’লে তথাকথিত নীচ জাতিত জন্ম ল’ব লাগিব।

জন-মানসত ধর্মীয় সাহিত্যৰ প্রগাঢ় প্রভাৱৰ কাৰণে যে বৈষম্যমূলক জাতব্যৱস্থা দৃঢ়প্রোথিত হৈছিল তাৰ কোনো সন্দেহ নাই। সুবিধাভোগী ৰক্ষণশীল মহলেও শাস্ত্রোক্তিবোৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰিছিল—স্বস্বার্থৰক্ষার্থে। অস্পৃশ্যতাৰ বিৰুদ্ধে মুকলিকৈ মাত মতা গান্ধীয়ে এবাৰ এটা মন্দিৰত তত্ত্বাৱধায়কক কৈছিল— “ৰাজহুৱা ৰাস্তাৰে অহিন্দু, অপৰাধী, অসৎ লোক যাব পাৰে, আনকি গৰু আৰু কুকুৰো যাব পাৰে, তেনে ক্ষেত্রত হিন্দু সমাজৰ একাংশক (অস্পৃশ্যসকলক) তেওঁলোকৰ তথাকথিত নিম্ন জন্মৰ বাবে বাধা দিয়াটো জানো ন্যায়সংগত?” উত্তৰত মন্দিৰ তত্ত্বাৱধায়কে নির্বিবেক অসহায়তা ব্যক্ত কৰি ক’লে—“অস্পৃশ্যসকলে পূর্বজন্মৰ কৰ্মফল ভোগ কৰিছে”। বিশেষভাৱে উল্লেখ কৰিবলগীয়া কথা হ’ল, কেৱল অস্পৃশ্য আৰু শূদ্ৰসকলৰ দুর্গতি-দুৰাৱস্থাৰ ব্যাখ্যা দাঙি ধৰিয়েই কর্মফলবাদ ক্ষান্ত নহয়। ই পীড়নৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ-নির্দেশনাও দিয়ে। মহাভাৰতত কোৱা হৈছে যে শূদ্রই ব্রাহ্মণ, ক্ষত্রিয় আৰু বৈশ্যক যদি যথোপযুক্তভাৱে সেৱা আগবঢ়ায় আৰু উক্ত ত্রিবর্ণ যদি প্রসন্ন হয় তেতিয়া “দেহাৱসানৰ পিছত শূদ্ৰৰ যন্ত্রণাৰ অৱসান ঘটে আৰু তেওঁ স্বর্গসুখ ভোগ কৰে”। কর্মফলবাদৰ ইয়াতকৈও স্পষ্ট দৃষ্টান্ত মনুসংহিতাত আছে। কোৱা হৈছে, আনুগত্য, আত্মসমর্পণৰ বিনিময়ত “শূদ্রই নিজতকৈ উৎকৃষ্ট জাতিত জন্ম লাভ কৰিব”। কেৱল ত্রাসেই নহয়, প্রলোভনো কর্মফলবাদৰ অচ্ছেদ্য অংগ।

(৩)

অন্যায়-অবিচাৰ-অনাচাৰ স্বৰূপ উচ্চ মার্গীয় উক্তিৰে নাৰীসকলক ঢাকি ৰখাৰ এক পুৰণি ধাৰণাগত ব্যৱস্থা হ’ল কর্মফলবাদ। আমাৰ সমাজত নাৰীক যিমানেই বন্দনা কৰা নহওক, বাস্তৱ জীৱনত কিন্তু বিবিধ অবিচাৰৰ আঁচোৰে নাৰীক আঘাত কৰে। এই আঁচোৰৰ মাত্ৰা আৰু ভংগী সকলো ক্ষেত্রতে সমধর্মী নহয়, যদিও ই প্রকটভাৱে পীড়নমূলক ৰূপ লোৱা দেখা যায় বহু ক্ষেত্রত। বহুচৰ্চিত গার্হস্থ্য হিংসা ইয়াৰ এটা ফট্‌ফটীয়া নমুনা। পিছে এনে কদাচাৰকো কেতিয়াবা কলংক মুক্ত কৰিবলৈ যত্ন কৰা হয় কর্মফলতত্ত্বৰ যুক্তিৰে। স্বামী ৰামসুখদাস নামৰ এগৰাকী পৰম্পৰাপন্থী লেখকে আদর্শ গার্হস্থ্য জীৱন সম্পর্কে লিখা এখন পুথিত দম্ভালি মৰা দমনপ্রিয় স্বামীৰ অত্যাচাৰৰ প্ৰসংগটো উত্থাপন কৰি নাৰীক উপদেশ দিছে এইদৰেঃ যদি স্বামীয়ে কষ্ট দিয়ে, মাৰ-ধৰ কৰে, তেনেহ’লে পীড়িত পত্নীয়ে নিজকে এই বুলি সান্ত্বনা দিয়া উচিত যে তেওঁৰ পূর্বজন্মৰ ঋণ এইভাৱে পৰিশোধ কৰা হৈছে আৰু ইয়াৰ ফলত তেওঁৰ ‘পূর্বকৃত’ পাপৰ ক্ষয় হৈছে—, তেওঁ ক্রমে শুদ্ধ হৈছে। যদি মানুহগৰাকীক স্বামীৰ উৎপীড়ণৰ পৰা উদ্ধাৰৰ উদ্দেশ্যে মাকৰ ঘৰৰ মানুহে লৈ যাবলৈ সন্মত হয় তেতিয়া আদর্শ পত্নীৰ কৰ্তব্য কি, সেই সন্দৰ্ভত স্বামী ৰামসুখদাসৰ উপদেশ খুব পোন আৰু পৰিষ্কাৰ—“স্বামীৰ মাৰ-কিল ধৈৰ্য্য ধৰি সহ্য কৰা উচিত। সহ্য কৰাৰ ফলত পাপ ক্ষয়প্রাপ্ত হ’ব আৰু স্বামীয়ে হয়তো আপোনা-আপুনি ভাল ব্যৱহাৰ কৰা আৰম্ভ কৰিব”। উল্লেখ্য যে স্বামী ৰামসুখদাসৰ পুথিখনৰ প্ৰকাশক গৌৰখপুৰৰ গীতা প্রেছ। ৰক্ষণশীল মত আৰু মনোভাৱৰ বহল প্রচাৰৰ ক্ষেত্ৰত এই প্রকাশন প্রতিষ্ঠানটোৰ ভূমিকা বহুজনবিদিত। গীতা প্ৰেছৰ এগৰাকী মুখিয়াল ব্যক্তিয়ে অকণো ইতস্ততঃ নকৰাকৈ গৱেষকক কোৱা এষাৰ কথা এই প্ৰসংগত উল্লেখ কৰিব পাৰি। তেওঁৰ মতে বৈধৱ্য আচলতে পূর্বজন্মৰ পাপৰ পৰিণাম। এই উক্তিৰ এক প্রচ্ছন্ন অর্থ হ’ল—পত্নীৰ পূর্বজন্মৰ অপকৰ্মৰ কাৰণে স্বামীয়ে মৃত্যুবৰণ কৰিবলগীয়া হয়। আশ্চৰ্যজনক কথা হ’ল, মতান্ধ মুখিয়ালগৰাকীয়ে বৈধৱ্যৰ উক্ত উদ্ভট ব্যাখ্যা দাঙি ধৰিছিল একৈশ শতিকাৰ দ্বিতীয় দশকৰ আদ্য পর্বত!

জাত-ব্যৱস্থা আৰু লিংগ-বৈষম্যৰ উপৰি ৰোগ-ব্যাধিৰ ব্যাখ্যাৰ বেলিকাও কর্মফলতত্ত্বৰ উল্লেখ পোৱা যায়। চৰক সংহিতাত কোৱা হৈছে যে যিবোৰ ব্যাধি পূর্বজন্মৰ কৰ্ম-প্রসূত সেইবোৰৰ চিকিৎসা সহজ নহয়, সিবিলাক সঞ্চিত পাপ। জন্মান্তৰ-বাদকর্মফলবাদৰ প্ৰসংগত কোৱা হৈছে যে জন্মত আৰু জীৱনত যি অৱস্থাৰ ভিন্নতা দেখা যায় তাৰ ব্যাখ্যা হিচাপে কর্মফলবাদৰ সূচনা। ভাৰতীয় দার্শনিকসকলৰ মতে “অকাৰণ সুখ বা দুখ ভোগৰ ব্যাখ্যা নিশ্চয় আছে”। কি এই ব্যাখ্যা? এই ব্যাখ্যা হ’ল—ইহজীৱনৰ সুখ বা দুখ নিষ্কাৰণ নহয়, ইয়াৰ কাৰণ নিশ্চয়কৈ নিহিত আছে মানুহৰ পূর্বজন্মত। তদুপৰি যদি কোৱা হয় যে জীৱনৰ বাস্তৱিক অৱস্থাৰ বিষমতা ঈশ্বৰেচ্ছাৰ অভিব্যক্তি, তেনেহ’লে “ঈশ্বৰক নিষ্ঠুৰ আৰু বিবেচনাহীন” বুলি স্বীকাৰ কৰিব লাগিব। তাৰমানে ঈশ্বৰৰ ঈশ্বৰত্বৰ ৰক্ষণাবেক্ষণৰ সৈতে কর্মফলতত্ত্বৰ উদ্ভৱ জড়িত। মানুহৰ বিপদ-বিপৰ্যয়-বঞ্চনাৰ গুৰিত কৰুণাময় ঈশ্বৰৰ ইচ্ছা নাই, আছে পূর্বজন্মৰ কুকর্মহে।

প্রথিতযথা পণ্ডিত ৰাহুল সাংকৃত্যায়ণৰ ৰচনাত আমি জন্মান্তৰবাদ-কর্মফলবাদৰ সন্দৰ্ভত কিছুমান চিন্তাকাৰী উক্তি পাওঁ। তেওঁৰ বহুপঠিত পুথি ‘মানৱ সমাজ’-ত সাংকৃত্যায়ণে লিখিছে যে বেদত পৰলোকৰ কল্পনা পোৱা যায় যদিও পুনর্জন্ম সমন্ধে বেদ নিমাত। বৈদিক বিচাৰ অনুযায়ী মানুহে এবাৰেই জন্ম গ্রহণ কৰে আৰু নিজৰ সুকর্ম বা দুষ্কর্ম অনুসাৰে স্বৰ্গ বা নৰকলৈ যায়। জন্মান্তৰবাদ-কর্মফলবাদৰ উৎপত্তি তথা প্ৰচাৰৰ আঁৰত থকা শ্রেণী-স্বাৰ্থৰ স্বৰূপ উদঙাই ৰাহুল সাংকৃত্যায়ণে কৈছে যে বৈদিক বক্তব্যত সমাজত বিদ্যমান অর্থনৈতিক অসাম্যৰ কোনো কাৰণ নির্ণয় কৰা হোৱা নাই। ফলস্বৰূপে এই কথাহে প্রমাণিত হয় যে ঈশ্বৰৰ সৃষ্টি পক্ষপাত দুষ্ট। সেইবাবে বৈষয়িক বৈষম্যক যুক্তিসম্মত ৰূপ দিয়াৰ উদ্দেশ্যে উপনিষদৰ ঋষিয়ে পুনৰ্জন্মৰ তত্ব আৱিষ্কাৰ কৰিলে। কোৱা হ’ল, পূর্বজন্মৰ দান-পুণ্যৰ বাবে মানুহ ধনাধ্য হয় আৰু দুষ্কৰ্মৰ বাবে মানুহ হয় দৰিদ্র। এই প্রসংগত ৰাহুল সাংকৃত্যায়ণৰ মন্তব্য তাৎপর্যপূর্ণঃ “এইভাৱে জন্মৰ পৌনঃপৌনিকতা আৱিষ্কাৰ কৰি শ্ৰেণীব্যৱস্থা ৰক্ষা কৰাত হিন্দুসকলেই পৃথিৱীত আটাইতকৈ বেছি কৃতিত্ব দেখুৱায়”।

প্রাচীন ভাৰতৰ বিজ্ঞান-বিজ্ঞতাক প্রতিনিধিত্ব কৰা চিকিৎসাশাস্ত্ৰত কর্মফল / অদৃষ্টৰ বিষয়টো কিয় সোমাই পৰিল তাৰ সম্ভাৱ্য মূল বিচাৰি প্রথিতযশা গৱেষক দেৱীপ্রসাদ চট্টোপাধ্যায়ে বস্তুনিষ্ঠ ব্যাখ্যা-বিশ্লেষণ আগবঢ়াইছে। তেওঁৰ পাণ্ডিত্যপূর্ণ পৰ্যালোচনাৰ সাৰমৰ্ম হ’ল— শাস্ত্ৰকাৰসকলৰ ৰোষদৃষ্টিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে চিকিৎসাশাস্ত্ৰৰ চৌহদৰ ভিতৰত অদৃষ্ট তথা কর্মফলৰ দৰে দুৰ্জ্ঞেয়বাদী ধাৰণাৰ অনুপ্রবেশ ঘটোৱা হৈছিল। অৱশ্যে এনে আত্মৰক্ষামূলক সংযোজনবোৰে চিকিৎসাশাস্ত্ৰৰ মূল চৰিত্ৰ নষ্ট কৰিব পৰা নাছিল। এইকথাও অনস্বীকার্য যে এনেধৰণৰ আত্মৰক্ষাৰ আগ্ৰহৰ কাৰণে বিভ্রান্তিকৰ স্ববিৰোধিতাৰো সৃষ্টি হৈছিল।

(৪)

সুপ্রাচীন কালৰে পৰা শাস্ত্ৰৰ বুকুত নিশ্চিত আৰু নিৰাপদ আশ্রয় লাভ কৰা ধর্মীয় ধাৰণাবোৰৰ জন্মেতিহাসৰ প্রতি সাধাৰণ মানুহৰ সন্ধিৎসা নাই। কর্মফলবাদৰ দৰে উদ্ভট তত্ত্ব এটাৰ জন্ম কিয় আৰু কেতিয়া হ’ল সেই প্রশ্নটোৱে তেওঁলোকক অকণো আমনি নকৰে। পিছে আধুনিক শিক্ষাৰ পোহৰ পোৱা মনে কেতবোৰ প্ৰশ্নৰ সমিধান বিচাৰে। আৰু এটা কথা, কর্মফলতত্ত্বৰ দার্শনিক গুঢ়াৰ্থ আৰু নৈতিক গুৰুত্বৰ মহিমা-কীর্তন কৰি উচ্ছসিত হোৱা ঐতিহ্যপ্রেমীসকলে ৰাহুল সাংকৃত্যায়ণৰ সমাজ বৈজ্ঞানিক ব্যাখ্যাৰ মাজত ন-চিন্তাৰ খোৰাক আৰু খবৰ বিচাৰি পাব। অৱশ্যে যিসকলৰ মনৰ দুৱাৰ-খিৰিকী একেবাৰেই বন্ধ তেওঁলোকে ন-চিন্তাই কঢ়িয়াই অনা পোহৰৰ সম্ভেদ পোৱাৰ আশা নাই।

(৫)

ধৰ্মৰ প্ৰভাৱ বহুমুখী। নৈতিকতা, সমাজনীতি, ৰাজনীতি, অর্থনীতি—সকলোতে ইয়াৰ উপস্থিতি অনুভৱ কৰিব পাৰি। অৱশ্যে এই প্রভাৱ সর্বগ্রাসী হ’লেও সর্বাংগসুন্দৰ নহয়। সাম্প্রতিক কালৰ ৰাজনীতিলৈ চকু দিলেই ইয়াৰ বিভৎস বিষময় চৰিত্ৰ ওলাই পৰে। পিছে কথনীয় বিষয় হ’ল, সমাজ-জীৱনৰ উল্লিখিত দিশ কেইটাৰ উপৰি ধর্মীয় প্রভাৱৰ আৰু এটা গূঢ় দিশ আছে। এই স্বল্পালোচিত দিশটো হ’ল, মানুহৰ মনোৰাজ্য। ধর্মীয় বিশ্বাস আৰু ধাৰণাবোৰে বিশ্বাসীসকলৰ মনোৰাজ্যত বিবিধ আৱেগৰ জন্ম দিয়ে— যেনে, বিতুষ্ট ঈশ্বৰৰ ক্ৰোধৰ কথা ভাবি মানুহ হয় ত্রস্ত, প্রার্থনা-পূজা-তীর্থভ্রমণ, দান-দক্ষিণা আদিয়ে মানুহৰ বিবশ মনত কিছু আশাৰ সঞ্চাৰ কৰে, পৰজন্মৰ কল্পনাই মৃত্যুভয় জয় কৰিবলৈ সাহস যোগায়, স্বর্গসুখৰ প্রলোভন আৰু নৰক যান্ত্রণাৰ আতংকই মানুহৰ ধর্মীয় আকাংক্ষাৰ গতি-প্রকৃতিৰ ওপৰত প্ৰভাৱ পেলায়। ধৰ্মৰ দীর্ঘায়ু তথা ব্যাপক আৱেদনৰ ৰহস্যোদ্ধাৰৰ ক্ষেত্ৰত এই মনস্তাত্ত্বিক দিশটোৱে যথেষ্ট সহায় কৰিব বুলি মনে ধৰে।

জন্মান্তৰবাদৰ গাত ভেজা দি গঢ় লৈ উঠা কর্মফলতত্ত্বত যিসকলে বিশ্বাস কৰে তেওঁলোকৰ মনস্তত্ত্ব হৈছে অধ্যয়নৰ এক আকর্ষণীয় ক্ষেত্র। তেওঁলোকৰ মনলৈ নিশ্চয় এই ধাৰণা আহে যে শাস্ত্রই সংজ্ঞা নিৰূপণ কৰা কুকর্ম কৰিলে পৰজন্মত কীট-পতংগ, জন্তু-জানোৱাৰ বা অস্পৃশ্য হৈ জন্ম লাভ কৰিব লাগিব। এইধৰণৰ ত্রাস-তাড়িত মানুহে পূজা-পাতল কৰি, দান-দক্ষিণ দি বা তীর্থস্থানলৈ গৈ পৰ্য্যাপ্ত পুণ্য অর্জন কৰিবলৈ আপ্রাণ চেষ্টা কৰাটো স্বাভাৱিক। বিবিধ ধর্মাচাৰণ পালন কৰি এওঁলোকে এক ধৰণৰ ‘religious catharsis’-ৰ সুখানুভূতি উপভোগ কৰে, সংশয়-শংকাৰ পৰা নিজকে মুক্ত কৰে— অন্ততঃ সাময়িকভাৱে। পৰকালভীতিগ্রস্ত মানুহৰ ক্রমবর্ধমান ধর্মাচৰণৰ ফলত ধর্ম-ব্যৱসায়ীসকলৰ বাবে জীৱিকাৰ এক জঞ্জালহীন বিশাল ক্ষেত্র তৈয়াৰ হৈ যায়। আনহাতে দৰিদ্ৰ আৰু দলিত মানুহৰ মনত কর্মফলবাদে এই ধাৰণা সুমুৱাই দিয়ে যে পূর্বজন্মৰ পাপকর্মহে তেওঁলোকৰ দুখ-দুর্গতিৰ বাবে জগৰীয়া। এই ধাৰণাটোৱে তেওঁলোকৰ মনত অপৰাধবোধৰ জন্ম দিয়ে আৰু ই হীনমন্যতাত ভোগা মানুহচামক ধৰ্মৰ ওপৰত অধিক নির্ভৰশীল কৰি তোলে (অৱশ্যে সুবিধাভোগী শ্রেণীটোৰ মুষ্টিমেয় যিকেইজন মানুহ কিছু পৰিমাণে বিবেকবান, তেওঁলোককো কর্মফলবাদে বিবেক দংশনৰ পৰা নিষ্কৃতি দিয়ে, কিয়নো তেওঁলোকে ভাৱে যে সুখ-বঞ্চিত মানুহৰ দুর্দশাৰ বাবে তেওঁলোক দায়ী নহয়)। আৰু এটা কথা এই প্রসংগত উল্লেখ্য। যিসকল লোক পীড়িত, প্রবঞ্চিত তেওঁলোকক এটা কথাই সকাহ-সান্ত্বনা দিয়ে। কথাটো হ’ল, নিপীড়ক যিমানেই শনাহী আৰু শক্তিমন্ত নহওক, পৰজন্মত তেওঁলোকে উচিত শাস্তি পাবই। কেৱল সেয়ে নহয়, একনিষ্ঠ ধর্মাচৰণৰ পুৰস্কাৰ হিচাপে পৰজন্মত তেওঁলোকেও উন্নত জীৱন লাভ কৰিব। অনুমান কৰিব পাৰি, কর্মফলবাদপ্রসূত এনে অলীক আশাবাদে সাধাৰণ বিশ্বাসীৰ মানস-মৰুভূমিত আশাৰ ক্ষীণ জলধাৰাৰ উন্মেষ ঘটায়। ধর্মীয় ধ্যান-ধাৰণাৰ আৱেদন তথা জনপ্রিয়তাৰ গুৰিত এই ধৰণৰ স্বস্তিদায়ক আশা-আকাংক্ষাৰ ভূমিকা অনস্বীকার্য।

ব্যৱহৃত গ্ৰন্থৰ তালিকা

(১) W. Doniger O’Flaherty, ed., ‘Karma and Rebirth in Classical Indian Tradition

(২) সুকুমাৰী ভট্টাচার্য, ‘নিয়তিবাদ : উদ্ভৱ ও বিকাশ’

(৩) ৰাহুল সংকৃত্যায়ণ, ‘মানৰ সমাজ’

(8) D. Chattopadhyaya, ‘Science and Society in Ancient India’

(৫) M Lindley, ‘The life and Times of Gora’

(৬) স্বামী ৰামসুখ দাস, ‘আদর্শ গার্হস্থ্য জীৱন’

(৭) ‘মনু সংহিতা’, অনুবাদ: প্রফুল্ল নাৰায়ণ বৰুৱা

(৮) A Dictionary of Believers and Non-Believers

(৯) হোমেন বৰগোহাঞি সম্পাদিত ‘ভাৰতীয় আৰু ইউৰোপীয় চিন্তাত মৃত্যু’

(১০) A. Mukul, Gita Press and the Making of Hindu India

(১১) হৰেন্দ্ৰ নাথ শর্মা ৰচনা সমগ্র (প্রথম খণ্ড)

(3) J. L. Brockington, ‘The Sacred Thread: A short History of Hinduism

(১৩) নৰেন্দ্ৰ নাথ ভট্টাচার্য, ‘ভাৰতীয় ধর্মেৰ ইতিহাস’

Leave a Reply

Your email address will not be published. Required fields are marked *