কি আচৰিত! অদ্ভুত নহয়নে?-(মূল: ফেৰদৌস আহমেদ, অনুবাদ: ৰিপুঞ্জয় গগৈ)
তেওঁলোকে চন্দ্ৰলৈ গৈ চাব পাৰে
তাত অক্সিজেন নাই ,
আমি খালী পেটেৰে তেওঁলোকৰ আশে পাশেই
ঘূৰি ফুৰোঁ
অথচ দেখা নাপায়
আমাৰ খালী পেট
অবুজন নে বুজননিৰ্গত তেওঁলোক?
আমিতো চন্দ্ৰলৈ যাব বিচৰা নাই
আচৰিত নহয়নে, নহয়নে অদ্ভুত ??
তেওঁলোকে মেচিন লৈ পেটৰ এধানমান পাথৰটো
দেখা পায়
দেখা পায় পেটৰ ভিতৰত সন্তান আছেনে নাই
সেইয়া ল’ৰা নে ছোৱালী?
আমি খালী পেটেৰে তেওঁলোকৰ সন্মুখেৰেই
অহা যোৱা কৰোঁ
কিন্তু তেওঁলোকে আমাৰ পেটৰ অৱস্থা নেদেখে
অথচ আমাৰ শুকান মুখ দেখিলেই ধৰিব পাৰে
আমি দুদিন ধৰি আছোঁ অনাহাৰে
আচৰিত নহয়নে?
তেওঁলোকে পৃথিবীৰ ক’ত বৰষুণ হ’ব পাৰে
তাক দুদিনৰ আগতেই যন্ত্ৰৰ দ্বাৰা জানে।
অথচ তেওঁলোকৰ সন্মুখতেই জঠৰৰ জ্বালাত
অবাৰিত ভাৱে আমাৰ চকুপানী নিগৰে
কিন্তু ইয়াক নেদেখে তেওঁলোকে!
তেওঁলোকৰ যন্ত্ৰবোৰে সকলো দেখে
নেদেখে মাথোন আমাৰ লঘোণীয়া পেট
আচৰিত নহয়নে!
তেওঁলোকৰ ঘৰৰ মুখত এৰাল দি থোৱা গৰু ছাগলী
অথবা বান্ধি থোৱা কুকুৰ মেকুৰী দেখি
তেওঁলোকে জানে সিহঁতৰ ভোকৰ কথা
অথচ আমি তেওঁলোকৰ পদুলিলৈ গৈ চিঞৰিছোঁ
“আমাক এমুঠি চাউল দিবানে, দিবানে এগৰাহ ভাত
আমি ভয়ংকৰভাৱে ভোকাতুৰ”
তেওঁলোকে আমাক অবাঞ্ছিত ভাৱি উপেক্ষা কৰে
আমাৰ লঘোণীয়া, ভোকাতুৰ কথাটো নাভাবে, নুবুজে
তেওঁলোকৰ পোহনীয়া জন্তুবোৰে নিবিচাৰিলেও পায় খাদ্য
অথচ আমি বিচাৰিলেও নাপাওঁ
কথাটো আচৰিত নহয়নে?
তেওঁলোকে মন্দিৰ, মছজিদ, গীৰ্জা, পেগোডাৰ
ক’ৰবাত অকণমান ৰং নষ্ট, বিবৰ্ণ হ’লেও দেখে
আমি ভোকাতুৰ হৈ লেবেজান দি বিবৰ্ণ চেহেৰাৰে
উপাসনালয়ৰ চৌপাশে ঘূৰি থাকোঁ
তেওঁলোকে আমাৰ আন্ধাৰ ক’লামুখ নেদেখে
শিল ইটাৰ থাপনাবোৰে মানুহৰ সেৱা পায়
পিছে আমি মানুহ হৈয়ো নাপাওঁ
কি আচৰিত, অদ্ভুত নহয়নে?
(সৌজন্য- মুস্তাফিজুৰ ৰহমান)
বৰ ভাল কবিতা । অনুবাদকক dhanyabad ।