কিশোৰ অপৰাধ প্ৰৱণতা:এক সামাজিক সমস্যা-(চয়নিকা ভূঞা)
শিশুৰ পৰা প্ৰাপ্তবয়স্কৰ মাজৰ সময়খিনিক কৈশোৰ কাল বুলি ধৰা হয়। বয়স হিচাপে ১২ বছৰৰ পৰা এই স্তৰ আৰম্ভ হৈ ১৯ বছৰ বয়সত শেষ হয়। কৈশোৰ অৱস্থা আৰম্ভ হোৱাৰ লগে লগে কিশোৰ এজনৰ মানসিক, বৌদ্ধিক, আৱেগিক আৰু সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হয়। এইখিনি সময়ত কিশোৰ এজন ঘৰুৱা গণ্ডীৰ পৰা ওলাই গৈ বন্ধু মহলত নিজৰ পৰিচয় দাঙি ধৰিব বিচাৰে। প্ৰখ্যাত মনোবিজ্ঞানী এৰিক এৰিকছনে (Erik Erikson) মানুহৰ মনোসামাজিক বিৱৰ্তন (Psychosocial Development)ক আঠটা স্তৰত ভাগ কৰিছে, যিটো শিশুৰ জন্মৰ পৰা বৃদ্ধলৈকে এক নিৰৱচ্ছিন্নধাৰা। কৈশোৰ অৱস্থাৰ এই স্তৰটো হৈছে পৰিচয় বনাম চৰিত্ৰ-ধুসৰতা (Identity versus role confusion) । প্ৰত্যেকটো স্তৰতে কিছুমান মানসিক বাধা আহে, যিয়ে এই বাধা সফলভাৱে অতিক্ৰম কৰিব পাৰে তেৱেঁ মানসিকভাৱে সুস্থ। এই বয়সত ব্যক্তি এজনে মনৰ বিভিন্ন দুৱাৰ খুলি দিয়ে- নিজকে কোনোবা বিশেষ ব্যক্তিৰ অনুগামী হিচাপে পৰিচয় দিব বিচাৰে (Role model ) । কিছুমান কিশোৰে এই অনুগামিত্বতে বিলীন হৈ যায়, নিজৰ পৰিচয় হেৰুৱায়। কিন্তু যিসকল কিশোৰৰ বন্ধু মহলত একাত্মতা আছে আৰু অন্যান্য কৰ্মত নিজকে নিয়োজিত কৰিব পাৰে, তেওঁলোক আদৰ্শ চৰিত্ৰত বিলীন হৈ নাযায়। তাৰ বিপৰীতে যিখিনি কিশোৰ বন্ধু মহলত সমাদৃত নহয়,আত্মপৰিচয় দাঙি ধৰাত বিফল হয়, এওঁলোক আৱেগজনিত সমস্যাত ভোগে আৰু ভৱিষ্যতে মানসিক চিকিৎসাৰ প্ৰয়োজনীয়তাৰ সম্ভাৱনা থাকে। এই বয়সত কিশোৰ এজনে নিজে কিছুমান আচাৰ-ব্যৱহাৰ বা ধৰণ-কৰণ বাচি লয়, কাপোৰ-কানি পিন্ধাৰ বা কথা-বতৰা কোৱাৰ বিশেষ ষ্টাইল গ্ৰহন কৰে, সাধাৰণতে নিজৰ বন্ধু মহলত এইখিনি গ্ৰহণযোগ্য হয়। কিশোৰ এজনৰ মনত প্ৰশ্ন জাগে-মই আচলতে কেনেকুৱা, কি হ’ব বিচাৰোঁ, মই কোন?তেনেদৰে তেওঁলোকৰ মনত সামাজিক আৰু ঘৰুৱা ৰীতি-নীতিৰ ওপৰত প্ৰশ্ন জাগি উঠে।মুকলিকৈ তেনে প্ৰশ্নৰ অৱতাৰণা কৰাৰ কাৰণে অভিভাৱক বা শিক্ষক-শিক্ষয়িত্ৰীৰ লগতো বহুত ক্ষেত্ৰত সংঘাত হয়।এই সময়ত কিশোৰ এজনে কাম-কাজ, চিন্তা-ধাৰাত স্বনিৰ্ভৰশীলতা বিচাৰে।এই সময়তে তেওঁলোকৰ চিন্তাধাৰাৰ বিকাশ ঘটে, বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পায়। নিজৰ পৰিয়ালতকৈ বন্ধুৰ সৈতে বেছি সময় পাৰ কৰে, পৰিয়ালৰ স্বীকৃতিতকৈ বন্ধু মহলৰ স্বীকৃতিয়ে আগস্থান পায়, দুৰ্বাৰ মনে কোনো বাধা মানিব নোখোজে, চিন্তাধাৰাত যুক্তিযুক্ততা বৃদ্ধি পায়। এইসমুহ পৰিৱৰ্তনৰ মাজেৰে গতি কৰি কিশোৰ এজনে এক স্বকীয় পৰিচয় লাভ কৰে, নিজা এক ব্যক্তিত্ব গঢ় দি প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰ ঘটে।
বৰ্তমান সময়ত সমাজত কিশোৰসকলৰ মাজত গা কৰি উঠা অপৰাধ প্ৰৱণতা এক মাৰাত্মক ব্যাধি ৰূপে দেখা দিছে।কৈশোৰ সময়ছোৱাত আৱেগিক অনুভুতি অন্তহীন।এই সময়ছোৱাত কিশোৰসকলৰ মন কেতিয়াবা আশা আৰু কেতিয়াবা নিৰাশাৰ দোমোজাত পৰে।আৰু সামাজিকভাৱে মিলিব নোৱাৰাৰ বাবেই বহুতো কিশোৰে পৰিচয় সংকটত ভোগে। সমাজখনৰ প্ৰতি নেতিবাচক ধাৰণা এটা মনত গঢ়ি উঠাৰ বাবে তেওঁলোকৰ মনত অপৰাধ প্ৰৱণতাই গা কৰি উঠে।এনে কিশোৰসমূহক বিশেষভাৱে মৰম আৰু তদাৰকীৰ প্ৰয়োজন।তেওঁলোকৰ প্ৰতি অমনোযোগিতাই তেওঁলোকক বেছি অপৰাধপ্ৰৱণ কৰি তুলিব পাৰে।
অসমৰ পুৰণি বা পৰম্পৰাগত সমাজ ব্যৱস্থাত কৈশোৰৰ অপৰাধ প্ৰৱণতাৰ ছবি বৰকৈ দেখিবলৈ পোৱা নাযায়। কেতিয়াবা ধেমালিতে সমনীয়াৰ লগত কাৰোবাৰ বাৰীৰ ফলমূল চুৰি কৰি খোৱা বা মাঘৰ বিহুৰ উৰুকাত জেওৰা,হাঁহ-পাৰ চুৰ কৰা আদিবোৰ কিশোৰ অপৰাধ প্ৰৱণতাত ধৰিব নোৱাৰি।কিন্তু বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ উন্নতি,গোলকীকৰণ,বিজ্ঞাপন,ইণ্টাৰনেট,আদিয়ে পৃথিৱীখন হাতৰ মুঠিত কৰি পেলোৱাৰ ফলত যেন ন ন ৰূপেৰে এইবোৰ বাঢ়িব ধৰিছে।
বৰ্তমান অসমত সংবাদ মাধ্যমত দৈনিক কৈশোৰ অপৰাধ প্ৰৱণতাৰ খবৰ শুনিবলৈ বা দেখিবলৈ পোৱা যায়।মদ,ভাং,ড্ৰাগচ সেৱন,ৰাগিয়াল দ্ৰৱ্য খাৱৰ বাবে ডকাইতি,ঘৰত অশান্তি, আদিবোৰতো একেবাৰে সাধাৰণ ,কেতিয়াবা বন্ধুমহলতে এনে বোৰ কথাৰ বাবে হতাহতি, মৃত্যু পৰ্য্যন্তও হোৱা দেখা যায়।সাধাৰণতে শিক্ষাৰ পোহৰ কম পৰা অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ বস্তি অঞ্চলৰ কিশোৰ সকলৰ মাজত অপৰাধ প্ৰৱণতাৰ হাৰ বেছি দেখিবলৈ পাঁও।চুৰি,ডকাইতি আদিত সিঁহত বেছিকৈ লিপ্ত হোৱা দেখা যায়।
অসমৰ প্ৰেক্ষাপটতে চাঁও যদি শেহতীয়া কেই দশক মানৰ পৰা অসমতো কিশোৰ অপৰাধ প্ৰৱণতা বেছি হোৱা দেখা গৈছে।যোৱা দুটা বছৰৰ তুলনামূলক অধ্যয়নৰ পৰা বহুকেইটা এনে ঘটনা চকুত পৰিল।তাৰ পৰা দুটামান উদাহৰণ তুলি ধৰিলো –
২৯ জুলাই ২০২০ চনত লক্ষীমপুৰৰ গহপুৰত সাত জন কিশোৰে এগৰাকী ন বছৰীয়া নাবালিকাক বলাৎকাৰ কৰি হত্যা কৰি হাবিৰ মাজত ওলোমাই থৈছিল।গোটেই কেইজন অভিযুক্তৰে বয়স ১৮ বছৰৰ কম আছিল।
তেনেদৰে ২০২১ চনতে বগীনদীত এজন কিশোৰে সামান্য তৰ্কাতৰ্কিতে তেওঁৰ এজন বন্ধুক হত্যা কৰিছিল।কেইবাদিনৰ পিছত পুলিচৰ জেৰাতহে এই তথ্য পোহৰলৈ আহিছিল।শেহতীয়াকৈ ২০২২ চনৰ মে মাহতে লখিমপুৰ জিলাত এখন অনলাইন লুডু খেলক লৈ হোৱা কাজিয়াৰ আলমতে এটা বিবাহ মণ্ডপৰ ভিতৰত ৰাইজৰ উপস্থিতিতে এজন কিশোৰে আনজনক চোকা অস্ত্ৰৰে হানি হত্যা কৰে।এই উদাহৰণকেইটা চালেই যেন ধৰিব পাৰি আজিৰ এই উঠি অহা কিশোৰচাম কাইলৈ প্ৰাপ্তবয়স্ক হ’ব কিন্তু মানৱীয় প্ৰমূল্যবোধৰ অভাৱে তেওঁলোকক কেতিয়াও সু নাগৰিক হিচাপে গঢ়ি নোতোলে।
আন এটা উদাহৰণ ল’ব পাৰি ১৬ জুলাই ২০২১ত তিতাবৰৰ কভিড কেয়াৰ চেণ্টাৰৰ পৰা বিভিন্ন অপৰাধত জুভেনাইল জেইলত কাৰাবাস খাটি থকা ৫ জন কিশোৰে পলায়ন কৰিছিল কভিড কেয়াৰ চেণ্টাৰৰ খিৰিকী ভাঙি।এই উদাহৰণ টো চালে ভালদৰেই ধৰিব পাৰি যে কাৰাগাৰতো তেওঁলোকৰ অপৰাধপ্ৰৱণ মানসিকতাৰ সংশোধন হোৱা নাছিল।সেইবাবে পুনৰ পলায়নৰ পন্থা হাতত ল’লে।
এয়া সামান্য উদাহৰণহে।আজিকালি দৈনিক এনে বিভিন্ন বাতৰি কাকত,টেলিভিচনৰ পৰ্দাত দেখিবলৈ পোৱা যায়।সাম্প্ৰতিক সমাজত সঘনে পৰিলক্ষিত হোৱা ব্যাধিবোৰৰ ভিতৰত এই কিশোৰ অপৰাধ প্ৰৱণতা অন্যতম।যাৰ ফলত সমাজখন বিভিন্ন উচ্ছৃংখলতাৰে ভৰি পৰা দেখা গৈছে। বয়সৰ চাপত পৰি কৰা বা ধেমালিতে কৰা অপৰাধমূলক কাৰ্য এটাই কিশোৰ এজনৰ জীৱনৰ বহু বেয়া প্ৰভাৱ পেলোৱা দেখা যায়।কিছুৱে এনে কাৰ্যৰ ফল সহ্য কৰিব নোৱাৰি আত্মহননৰ পথ বাচি লোৱাও দেখা যায়।কৈশোৰ অপৰাধ প্ৰৱণতাৰ কাৰণ বিচাৰিলে চকুত পৰা প্ৰধান কাৰণকেইটা এনেধৰণৰ:-
১) অভিভাৱকসকলৰ সন্তানৰ প্ৰতি হোৱা সময়ৰ আৰু মনোযোগিতাৰ অভাৱ।নিসংগতাই কিশোৰ এজনৰ মনোজগতত বাৰুকৈয়ে নেতিবাচক প্ৰভাৱ পেলাব পাৰে।পৰিয়ালত মৰমৰ অভাৱ অনুভৱ কৰি কেতিয়াবা কিছুমান কিশোৰে আত্মহত্যাৰ দৰে সিদ্ধান্তও লোৱা দেখা যায়।
২) সামাজিকীকৰণৰ অভাৱ।সমাজখন ব্যক্তিকেন্দ্ৰিক হৈ পৰাটোৱেও কৈশোৰসকলৰ মাজত পৰোক্ষভাৱে অপৰাধ প্ৰৱণতাৰ জন্ম দিয়ে।শিশু অৱস্থাৰ পৰাই কেৱল পঢ়াশুনা আদিত ব্যস্ত কৰি ঘৰৰ ভিতৰতে আৱদ্ধ কৰি আত্মকেন্দ্ৰিক হিচাপে গঢ়ি তুলিলে,সিঁহতৰ ভালপোৱা,বেয়াপোৱাক গুৰুত্ব নিদিলে মনত জেদ ভাৱ সৃষ্টি হৈ অপৰাধ প্ৰৱণতাৰ সৃষ্টি কৰিব পাৰে।
৩) আধুনিক বিলাসিতাপূৰ্ণ জীৱনৰ লগত ফেৰ মাৰিবলৈ গৈ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কিশোৰসকলে চুৰি আদি অনৈতিক কাৰ্যত লিপ্ত হোৱা দেখা যায়।
৪) বন্ধুমহলৰ প্ৰভাৱেও কিশোৰ এজনৰ মনত অপৰাধ প্ৰৱণতা জগাই তুলিব পাৰে।তেওঁ যদি সকলো সময়তে মদ ভাং আদি সেৱন কৰা অপৰাধ প্ৰৱণ মনৰ বন্ধুৰে পৰিৱেষ্টিত হৈ থাকে তেন্তে তেওঁৰ মানসিকতাও তেনে হোৱাটো স্বাভাৱিক।
৫) বৰ্তমান সকলোৰে হাতে হাতে থকা মোবাইল ফোনটোৰ সঠিক ব্যৱহাৰ নজনাৰ ফলতো কিশোৰ সকলৰ অপৰাধপ্ৰৱণ মানসিকতা বৃদ্ধি পাইছে।ইণ্টাৰনেটৰ জগতখনৰ ভাল বেয়া সকলো দিশ আছে।যিসকলে বেয়া দিশটো আকোঁৱালি লৈছে তেওঁলোক লাহে লাহে এখন নিসিদ্ধ পৃথিৱীত ভৰি দিএনে মানসিকতাৰ চিকাৰ হ’বলৈ আৰম্ভ কৰে।
৬) কেতিয়াবা অভিভাৱক সকলেও সন্তানৰ মূৰত অত্যাধিক প্ৰতিযোগিতামূলক বোজা জাপি দি সিঁহতক মানসিক ভাৱে অস্থিৰ কৰি তোলে।আৰু এনে এটি পৰিৱেশত কিশোৰ এজনৰ মন সহজেই অনৈতিক কাৰ্যৰ প্ৰতি ঢাল খাব পাৰে।
৭) কিশোৰ এজনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হ’ল মূল্যবোধৰ শিক্ষা। যাৰ অভাৱেও কিশোৰ এজনক অপৰাধ প্ৰৱণ কৰি তুলিব পাৰে।সেয়া শৈশৱতেই আৰম্ভ কৰিব লাগিব।
এই সমূহৰ ওপৰিও আৰু বহু কাৰণ ওলাব ভালকৈ বিশ্লেষণ কৰিলে।এই ব্যাধি দূৰ কৰিবলৈ আমি সকলোৱে সহযোগিতাৰ মনোভাৱেৰে আগুৱাই যাব লাগিব।কিশোৰ অপৰাধ প্ৰৱণতা দূৰ কৰিবৰ বাবে প্ৰথমৰ পৰাই অৰ্থাৎ শিশু অৱস্থাৰ পৰাই আমি কিশোৰগৰাকীক মূল্যবোধৰ শিক্ষা দি প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব।প্ৰথম দায়িত্ব অভিভাৱকসকলৰ। অভিভাৱক মানে পিতৃ- মাতৃৰ লগতে শিক্ষক –শিক্ষয়ত্ৰীকো সাঙুৰি লোৱা হৈছে।শিশু অৱস্থাৰ পৰাই মূল্যবোধৰ শিক্ষা দিয়াতো অতি জৰুৰী। মনোসামাজিক পৰিৱৰ্তন এক প্ৰাকৃতিক নিয়ম।ই এক নিৰৱচ্ছিন্ন ধাৰা। এক সুস্থ মানসিকতা গঢ়িবলৈ সুস্থ বাতাৱৰণৰ প্ৰয়োজন। কিশোৰ এজনৰ আত্মসন্মান, আত্মবিশ্বাস, সামাজিক প্ৰাণী হিচাপে নিজৰ কাৰণে আৰু অন্যৰ কাৰণে কৰণীয়, জ্যেষ্ঠজন,বন্ধু-বান্ধৱৰ লগত ব্যৱহাৰ আদি গঢ় দিয়াত অভিভাৱকৰ কৰণীয় যথেষ্ট থাকে। পিতৃ-মাতৃৰ ব্যৱহাৰ কতৃত্বশীল হোৱাৰ লগে লগে বন্ধুভাৱাপন্ন, সহযোগিতামুলকো হোৱা উচিত। এক নিৰ্দিষ্ট দুৰত্বলৈ তেওঁলোকক অকলে আগবাঢ়ি যাব দিব লাগে-কিন্তু লক্ষণৰেখা পাৰ হ’ব খুজিলে সকীয়াই দিব লাগে। তেওঁলোকৰ অসুবিধাসমুহৰ কথা মনোযোগসহকাৰে শুনিব লাগে। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ মতামত গুৰুত্বসহকাৰে শুনিব লাগে আৰু ভুল-ক্ৰটিবোৰ যুক্তিপুৰ্ণভাৱে বুজাই দিব লাগে-ইয়ে কিশোৰসকলৰ আত্মপ্ৰত্যয়, আত্মসন্মান বৃদ্ধি কৰে- যিয়ে ভৱিষ্যতে তেওঁলোকক সুস্থ মানসিকতাৰ একোজন প্ৰাপ্তবয়স্ক হোৱাত সহায় কৰে। কিশোৰসকলৰ এই বয়সত অসাধ্য কাম কৰিব বিচৰা, নিজকে প্ৰবল শক্তিমান বুলি ভবা , সামাজিক কাঠামো ভাঙিব বিচৰা, অত্যধিক আৱেগপ্ৰৱণতা এই বয়সৰ স্বাভাৱিক লক্ষণ। তদুপৰি এই সময়ত মদ,চিগাৰেটকে আদি কৰি অন্যান্য ৰাগিয়াল বস্তুৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে।মাৰপিট, খং,ঠাট্টা মস্কৰা কৰি জেদী কৰি তোলাতকৈ এইবিলাক কথা কিশোৰ এজনৰ লগত মুক্ত আৰু যুক্তিপুৰ্ণভাৱে আলোচনা কৰিব লাগে আৰু সেইবোৰ যে বেয়া অভ্যাস বুজাই দিব লাগে। শিশু অৱস্থাৰ পৰা আমি অভিভাৱকসকলে কেনেকুৱা মানসিক পুষ্টি যোগাইছোঁ, ইয়ে ব্যক্তি এজনৰ মানসিকতা নিৰ্ণয় কৰে।। আজিৰ প্ৰতিযোগিতাৰ যুগত শিশু এটি ছাত্ৰ হোৱাৰ পাছৰ পৰাই আজৰি সময় নোহোৱা হয়। ঘৰ,স্কুল,টিউচন বৃত্তএটাৰ ভিতৰতে ছাত্ৰ জীৱন ঘুৰ্ণীয়মান। যিখিনি সময় আজৰি পায়, সেইখিনি সময় অনলাইন ক্লাচ,ম’বাইল, টিভি অথবা লেপটপ লৈ ব্যস্ত থাকে। কিশোৰ এজনৰ মানসিক বিকাশত সামাজিকীকৰণৰ এক গুৰুত্বপুৰ্ণ ভুমিকা আছে।শিশু অৱস্থাতে পোৱা সামাজিক মুল্যবোধৰ শিক্ষাই কিশোৰ এজনক সুস্থিৰ জীৱন প্ৰণালী এটি উপহাৰ দিব পাৰে। অথচ এই বিষয়ে বেছিভাগ অভিভাৱকে আগ্ৰহ নেদেখুৱায়। অন্য ল’ৰা-ছোৱালীৰ লগ হ’লে নিজৰ ল’ৰা-ছোৱালী বিপথে যাব বুলি ভয় কৰে, খেলা-ধুলা কৰিলে ভাগৰ লাগিব, পঢ়াত লোকচান হ’ব, গতিকে ঘৰৰ ল’ৰা ঘৰতে থাকক –বেছিভাগ অভিভাৱকৰে সেয়াই কাম্য।কিন্তু ইয়াৰ ফল হিতে বিপৰীত হয়।বেছিভাগ অভিভাৱকেই চকু নিদিয়ে কিশোৰজনে মোবাইল বা লেপটপত অনবৰতে কি বিচাৰি থাকে।তেওঁ কোনো নিসিদ্ধ জগতৰ প্ৰতি আকৰ্ষিত হৈছে নেকি?কিশোৰ কালতে যিহেতু বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ আৰম্ভ হয়।এই সময়ছোৱাত যৌনতা, নীলা ছবি, আদি বিষয় আদিৰ ওপৰত বেছিকৈ আকৰ্ষণ বাঢ়িছে নেকি মন কৰিব লাগে।যাৰ নেতিবাচক ফল স্বৰূপে আপোনাৰ সন্তানৰ চাৰিত্ৰিক স্খলন ঘটিছে নেকি সেইবোৰ চকু দিয়াটো অভিভাৱকৰ কৰণীয়।এইসমূহৰ মাজত অত্যাধিক সোমাই পৰা কিশোৰে ধৰ্ষণ আদি অপৰাধমুলক কাৰ্য্যত লিপ্ত হয়।কিশোৰ মন চঞ্চল।এই সময়ত তেওঁলোকৰ অভিভাৱকৰ ওচৰত অভিযোগো বেছি থাকে।অভিভাৱকেও কিশোৰজনক সন্তুষ্ট কৰিবলৈ যিকোনো প্ৰকাৰে বিচৰা বস্তুটো হাতত তুলি দিয়া অনুচিত।বহু কিশোৰৰ মন যোগাই বহু পৰিয়াল সৰ্বস্ৰান্ত হোৱাৰ উদাহৰণো সমাজত দেখা যায়।তেওঁলোকৰ জেদসমূহ মৰমেৰে বুজাই ভাঙিবলৈ চেষ্টা কৰা উচিত।
শিক্ষক সকলেও বিদ্যালয়ত তীক্ষ্ণ মেধাৰ ছাত্ৰ ছাত্ৰী সকলৰ দৰে বাকীসকলকো সমানে গুৰুত্ব দিয়া উচিত।যাৰ ফলত কম মেধাৰ ছাত্ৰ ছাত্ৰী সকল হীনমন্যতাত নুভুগে।পৰিয়াল আৰু শিক্ষকৰ অমনোযোগীতাৰ বাবে বহু ছাত্ৰই আধাতে শিক্ষাজীৱন সামৰণি মাৰে।তেনে কিশোৰ সমূহৰ মাজত সহজেই অপৰাধ প্ৰৱণতাই গা কৰি উঠিব পাৰে।এজন শিক্ষকে সেই ছাত্ৰজনৰ অমনোযোগিতাৰ কাৰণ বা বিদ্যালয় ত্যাগৰ কাৰণ বিচাৰি উলিওৱাত ভুমিকা লৈ সৎপথলৈ ঘূৰাই আনিব পাৰে।সম্ভৱ হ’লে সেই কিশোৰ ছাত্ৰজনৰ সমস্যা সমাধানত সহায় কৰি তেওঁক পুনৰ বিদ্যালয়ৰ পৰিৱেশলৈ ঘূৰাই আনি এক সুস্থ জীৱন দিব পাৰে আনিব পাৰে।
আজিকালি বিদ্যালয়সমূহতো ক্ৰীয়া,যোগাসন আদি জীৱন প্ৰণালী সংশোধনৰ নানা ধৰণৰ বিষয় অন্তৰ্ভুক্ত হৈছেই ইতিমধ্যে।এই সমূহৰ প্ৰতি কিশোৰ সকলক শিশু অৱস্থাৰ পৰাই আগ্ৰহী কৰি তুলি এক সুস্থ জীৱন যাপনত শিক্ষকসকলে অৰিহণা যোগাব পাৰে।তেনেদৰে সমাজৰ জ্যেষ্ঠসকলৰো নৈতিক দায়িত্ব থাকে ভৱিষ্যৎ প্ৰজন্মৰ কিশোৰ সকলক বাট দেখুৱাই নিয়াত।ভাল ভাল কামবোৰৰ আলোচনা হ’ব লাগে।কৃষ্টি,সংস্কৃতিৰ চৰ্চা হ’ব লাগে।বিভিন্ন কৰ্মশালা আদিৰ দ্বাৰা কিশোৰসকলক ইতিবাচক কামৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে।নিশ্চয়কৈ এদিন অপৰাধ প্ৰৱণ হৈ উঠা কিশোৰবোৰকো সংশোধন কৰিব পৰা যাব।এটা সুস্থ প্ৰজন্মৰে এখন সুস্থ সমাজ গঢ়ি উঠিব।চৰকাৰেও কিশোৰ ন্যায় আইন ১৯৮৬ অনুসৰি শিশুগৃহ বা শিশু কাৰাগাৰত অপৰাধী কিশোৰ বিলাকৰ বিশেষ যত্ন লোৱা দেখা যায়। এই ঠাইত কিশোৰ অপৰাধী সকলৰ মানসিক আৰু বৌদ্ধিক উত্তৰণৰ বাবে যত্ন লোৱা হয় আৰু এক সুস্থ জীৱন যাপনৰ শিক্ষাও দিয়া হয়।বহুকিশোৰ সংশোধন হৈ পুনৰ সুস্থ বাতাবৰণলৈ ঘূৰি যায়।কিন্তু এচাম কিশোৰ মন সংশোধন নোহোৱাকৈয়ে ৰৈ যায়।পুনৰ অপৰাধত লিপ্ত হয়।আমি সকলোৱে তেওঁলোককো সমাজত মৰমেৰে আদৰি নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা দি সংশোধন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগিব ।সমাজৰ সকলোৱে মাৰ বান্ধি থিয় হ’লেহে সমাজৰ পৰা কিশোৰ অপৰাধ অপ্ৰৱণতা নিৰ্মূল সম্ভৱপৰ হ’ব।