কঁহুৱা ফুল (প্ৰশান্ত আচাৰ্য)
[প্ৰয়াত প্ৰশান্ত আচাৰ্য (১৯৫১-২০০৪) আছিল এগৰাকী প্ৰতিভাৱান গল্পকাৰ। ১৯৮৬ চনত তেখেতৰ “ক্ষোভ” নামৰ এখন গল্প-সংকলন প্ৰকাশ পাইছিল। তিনিটা মাত্ৰ গল্পৰ সংকলন, ৫৮ পৃষ্ঠাৰ। পৰিৱেশক আছিল “বনলতা”। তিনিওটা গল্পৰেই পটভূমি আছিল অসম আন্দোলন। পদাৰ্থ-বিজ্ঞানৰ এইগৰাকী যশোধৰ শিক্ষকৰ আদবয়সতে মৃত্যু হৈছিল। এই গল্পটো উক্ত গল্প-সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।—মুখ্য সম্পাদক]
মাঘমহীয়া ৰ’দৰ এক অদ্ভুত টান আছে। মনটো ভিতৰলৈ দোঁৱাই নিবপৰাকৈ এই ৰ’দৰ গাত মায়া আছে। এই মায়ালগা ৰ’দৰ জিলিঙণি আহি পৰিছিল পুহেশ্বৰহঁতৰ গাত।
পুহেশ্বৰ আৰু চকিদাৰ; দুয়োটাই কাঠৰ দীঘল বেঞ্চ এখনৰ মূৰত বহি মদ খাইছিল। চাউলধোৱা পানী ৰঙৰ তৰল পদার্থৰে ভৰা গিলাচ দুটা মাজে মাজে দুয়ো ওঁঠত লগায় আৰু মাজৰ অকর্মা সময়কণ খিৰিকিৰ বাহিৰৰ উজ্জ্বল ৰ’দলৈ পিৰিকা পিৰিককৈ চায়।
সৰু দোকানখনৰ সন্মুখত ওখ মথাউৰিটো পূবা-পশ্চিমাকৈ পৰি আছে অজগৰ এডালৰ দৰে। মথাউৰিৰ সিপাৰে লুইতৰ বিস্তৃত চৰ, উত্তৰলৈ লুইতে মথাউৰিৰ ভাঁজবোৰৰ লগত সংগতি ৰাখি ক্রমে পশ্চিমলৈ ঢাপলি মেলিছে। এইপাৰে শিলগুটি দিয়া ৰাষ্টাটোৰ সৈতে সৰু দোকানখন আগতলৈ বিস্তৃত গ্রামাঞ্চল।
দোকানৰ খিৰিকিয়েদি একাবেঁকা মথাউৰিটোৰ পশ্চিম প্রান্ত ৰিণিকি ৰিণিকি দেখি। পুহেশ্বৰ আৰু চকিদাৰে নিচাৰ উমান ল’বলৈ একোবাৰ সেই প্রান্তলৈ চায়। সিহঁতৰ নিচা তেতিয়াও আৰম্ভ হোৱা নাছিল। নিচা আৰম্ভ হোৱাৰ আগৰ ৰহস্যঘন বতাহকণ ভালদৰে ভোগ কৰি লোৱাৰ উদ্দেশ্যেৰে তেতিয়ালৈকে এটাইও কথা আৰম্ভ কৰা নাই। নিচা নৌ হওঁতেই কথা আৰম্ভ কৰিলে আৰম্ভ হোৱাৰ অমূল্য ক্ষণটো সিহঁতে ক’ব নোৱৰাকৈয়ে পাৰহৈ যাব পাৰে। এই শংকাত দুয়োটাই তেতিয়ালৈকে কথা উলিওৱা নাই।
ক্ষন্তেক আগেয়ে, উজনিলৈ যোৱা বাছৰ ধূলি নৌ মাৰ যাওঁতেই সিহঁত আহি দোকান সোমাইছিলহি। নামনিলৈ যোৱা বাছ আহিব গধূলি। মাজৰ এই দীঘলীয়া সময়জুৰি মথাউৰিৰ এই পাৰে নিশাৰ নিস্তব্ধতা বিৰাজ কৰে। এই নিস্তব্ধতাৰ ভেদ ভঙাৰ মানসেৰে দোকানখনলৈ পুহেশ্বৰহঁতৰ উপৰিও চৰৰপৰা আহে গফুৰ, ৰত্নেশ্বৰহঁত। এইপাৰৰ পুহেশ্বৰ আৰু চকিদাৰ নিয়মীয়াকৈ আহে। হাতত পইচা নেথাকিলেও আহে। দোকানলৈ অহা ভাগ্যবানকেইটাৰ লগত কোমলকৈ কথা পাতে। আজি কিন্তু সিহঁতৰ আগত পুৰা বটল। ইতিমধ্যে বটলৰ আধা শেষ হৈছিল। দূৰৈত ৰিণিকি ৰিণিকি দেখা মথাউৰিটোৰ পশ্চিমকোণটো, অলপ তল-ওপৰ, সোঁকাষ-বাওঁকাষ হোৱাটো প্রথমে লক্ষ্য কৰিলে চকিদাৰে। ডিঙি বেঁকা কৰি সি গুম মাৰি বহি থকা পুহেশ্বৰলৈ চালে। পুহেশ্বৰৰ চকুৰ আগৰ পৃথিৱীখন তেতিয়াও চঞ্চলা মেনকাজনী হোৱা নাছিল। সোঁকৰঙণত ফিচিকি যোৱা চুৰিয়াৰ ফাঁকেদি সোমাই অহা সূৰ্যৰশ্মিৰ তপত পিৰপিৰণিৰ সোৱাদকণ সি অনুভৱ কৰিল। গিলাচৰ তলিৰ তৰল পদার্থকণ ডিঙিত বাকি দি সি জুপুকা মাৰি ৰ’ল। মথাউৰিৰ ওপৰেদি বনুৱা মতা-মাইকী এহাল পাৰহৈ গ’ল। পুহেশ্বৰে আকৌ দূৰৈৰ মথাউৰিৰ ভাঁজটোলৈ চালে, ভাঁজটোৰপৰা হতাশা কিছুমান খেদি আহি তাৰ চকুত থিত ল’লেহি। কিন্তু নিজৰ দুৰ্বলতাৰ উমান পাই নিমিষতে সি হতাশাৰ ভাব জোকাৰি পেলালে আৰু নিচাখোৰৰ বেফিকিৰ কঠুৱা চাৱনিৰে দোকানখনৰ বয়বস্তুবোৰ পৰীক্ষা কৰিবলৈ ধৰিলে। এচুকত অঙঠা হৈ অহা জুইকুৰাৰ ওপৰত পানীৰ কেটলি এটাই তেতিয়াও চিঁ-চিঁয়াই আছিল। ভতুৱা কুকুৰ এটাই ওচৰতে পেট পেলাই নিশ্চিন্ত মনেৰে টোপনিয়াইছে। অধিক গ্রাহকৰ অনুপস্থিতিত দোকানিয়ে দুৱাৰমুখৰ টুলখনত বহি আমনজিমনকৈ পথ আৰু মথাউৰিৰ জোৰাটোলৈ চাই আছিল।
চকিদাৰৰ ঘৰ দোকানৰ গাতে লাগি থকা জাৰণিখনৰ এইমূৰত, জাৰণিৰ সিমূৰত পুহেশ্বৰৰ ঘৰ। এসময়ত দুয়োটাৰে আন মানুহৰ নিচিনাকৈ জীৱন বুলি কিবা এটা আছিল। এতিয়া ভেটি মাটিকণ আৰু মানুহ দুটা, এয়াই সিহঁতৰ জীৱন। এবাৰ চকিদাৰে নিজাকৈ নতুন জীৱন এটা আৰম্ভ কৰোঁগৈ বুলি এমাহকাল আঁতৰি আছিলগৈ। পিছে মাহেকৰ মূৰত টোকাৰী এখনেৰে সৈতে মানুহটো শুকান কাঠিহেনহৈ আকৌ গাঁও ওলালহি। নতুন জীৱনৰ সোৱাদ লৈ ঘূৰি আহিবৰ দিনা পূৰ্বৰ সংগীবোৰক প্রথমে সি টোকাৰী বজাই পদ গাই শুনালে। তাৰ পিচত কেনেকৈ চহৰৰ মাৰোৱাৰীৰ গোলা এখনত চকিদাৰ হৈ এমাহকাল আছিল তাৰ বিস্ময়কৰ কাহিনী শুনালে। চকিদাৰৰ এমহীয়া নতুন জীৱনৰ কাহিনী শুনি কোনেও হা-না একো নক’লে। সঁচা-মিচা প্রশ্নও নুতুলিলে। গাঁৱৰ মানুহৰ মুখত চকিদাৰ তেতিয়াৰ পৰা চিৰদিনৰ বাবেই “চকিদাৰ” হৈ পৰিল।
“কুকুৰৰ পিতেক মণ্ডলে নিচাকণতো এপুখুৰী পানী দিয়ে। ডিঙিটো কোনোমতে সুৰসুৰাইহে। তিনিটা পুতেকে তিনিফালেদি চৌ চৌ কৈ ধন আনিছেহে আনিছে তথাপি কিৰিপটোৰ আকল কমা নাই, কাইটি—”।
চকিদাৰৰ কথা শুনি পুহেশ্বৰে অনিচ্ছা সত্ত্বেও আৰু এবটল মদৰ অৰ্ডাৰ দিলে। দুয়োটাই মদ খাই খাই কথা পাতিবলৈ ধৰিলে। দুর্ভাগ্য নামৰ সাগৰত সৌভাগ্য নামৰ অকলশৰীয়া দ্বীপটোত হঠাতে নিজকে আৱিষ্কাৰ কৰি দুয়ো বিস্মৃত হ’ল। আনন্দত পুহেশ্বৰে পাঁচটকীয়া নোট থকা খোচনাৰ বিশেষ অঞ্চলটোত হাতখন এবাৰ বুলাই দিলে। পুহেশ্বৰে ডেকাকালতে গোৱা বিনানাম এফাকি ডাঙৰ ডাঙৰকৈ আওৰালে। বিহুগীতৰ শব্দত দোকানীয়ে ভুমূকিয়াই চোৱাত পুহেশ্বৰে ভোৰভোৰাই উঠিল,
“নিচাৰ নামত শুদ্ধপানী!”
“এই হেন মহঙা দিনত সেইকণেই যে পাইছ!”
দোকানীৰ উত্তৰে এইসময়ত সিহঁতে ভাবিবলৈ বেয়াপোৱা হা-হুতাশবোৰে চল পাই দুয়োকে আকৌ বেৰি ধৰিলেহি।
চকিদাৰে কীৰ্ত্তনৰ পদ এফাকি গুণগুণাবলৈ ধৰিলে। পুহেশ্বৰে পাহোৱাল ডেকাই খোলত বোল দিয়াৰ দৰে বেঞ্চত আঙুলিৰে আঘাত কৰি তাল ধৰি গ’ল।
এসময়ত দুয়ো মথাউৰিৰ ওপৰত উঠিলহি। বেলি তেতিয়া ভালেখিনি পশ্চিম পাইছিলগৈ। খোজ দিওঁতে চকিদাৰৰ ভৰি দুটাত পাক ধৰিছিল। সি জানে তাৰ ভৰিত পাক ধৰিব পৰাকৈ নিচা হোৱা নাই। কিন্তু নটা আধলিৰ বিনিময়ত যদি ভৰি দুটা অলপ পাকেই নেখায়, তেন্তে নিচাকৰা আৰু নকৰাৰ মাজত পার্থক্য থাকিল ক’ত?
সিহঁতৰ সোঁপিনে লুইতৰ বহল চৰ। বাওঁপিনে উকা ধাননি পথাৰ। খেতিৰ দিনত দুবছৰমান আগলৈকে সোঁপিনেও সেউজীয়া টুকুৰা কিছুমানে মূৰ দাঙি উঠিছিল, এতিয়া ঝাউ আৰু কঁহুৱাবনৰ মাজে মাজে ওলাই থকা বগা বালিৰ চৰ কিছুমানে সেইবোৰ ঠাই অধিকাৰ কৰিছে। আকাশ চুবলৈ বৃথা চেষ্টা কৰা চাপৰ বাঁহগছ কেইজোপামানৰ কাষৰে-পাজৰে অর্ধনির্মিত অৱস্থাত থকা কেইটামান জুপুৰি। বালিৰ ওপৰত বহি তিনিটা মানুহে কামি চাঁছিছে, অদূৰত সিঁচৰতি হৈ আছে আৰু কেইটামান জুপুৰি।
মথাউৰিৰ ভাঁজটো ঘূৰিয়েই পুহেশ্বৰ থমকি ৰ’ল। বিপৰীত পিনৰপৰা চিগাৰেট হুপি হুপি তিনিটা ভেমপুৰীয়া ডেকা আহি আছিল। ধুমুহাৰ দৰে তিনিওটা দুয়োৰে কাষেদি পাৰহৈ গ’ল।
“সুইত।”
ডেকাহঁতে এৰি যোৱা সুহুৰিৰ শব্দটোত উজুতি খাই চকিদাৰ ৰৈ গ’ল।
“পোহে, ক’লা বিতচকু পিন্ধাটো ৰজনী টেকেলাৰ চহৰত থকা নুমলীয়া পুতেকটো নহয়নে?”
“ওঁ”, পুহেশ্বৰে গোমোঠা মাতেৰে ক’লে।
“তাৰ কোবটো মন কৰিলি। আমাক সি ধূলিহেন জ্ঞান কৰিলে।”
“কৰক! সি আমাৰ কোনখন কাণ কাটি ভোৰতাল বজাব—!
লুইতৰে বালি বগী ঢকেঢকী কাচইনো কণী পাৰে ঐ লেখি—”
পুহেশ্বৰে বতাহত হাত দুখন চৰাইৰ ডেউকাৰ দৰে দুবাৰমান কোবাই বিহুনাম এফাকি গাবলৈ ধৰিলে। বেজাৰ মনেৰে পদ এফাকি গুণগুণাই চকিদাৰ মথাউৰিৰ সোঁপিনলৈ নামি গ’ল। ভিতৰৰ ‘মই’টোৰ খোচত ভৰি দুটাই পাক এৰি স্বাভাৱিক গতি ল’লে। পুহেশ্বৰো পিচে পিচে নামি গ’ল।
সিহঁত কাষেদি পাৰহৈ যাওঁতে আবেলিৰ গলাসোণ যেন ৰ’দ পৰি চৰৰ বালিবোৰ মুকুতামণিৰ দৰে চিকমিকাইছিল। কামি চাঁছি বহি থকা মানুহকেইটাই কাম বন্ধ কৰি পহুৰ দৰে দুয়োলৈ মূৰ দাঙি চালে। চকিদাৰৰ খোজ লেহেম হ’ল।
“এই কিটাই কেনেকৈ চাই অ’!”
“জানো আক! কাইটি, ইহঁতি যে বালিৰ চটখনতে ঘৰ বান্ধিলে, ইয়াত বছৰ চেৰেকলৈ মূৰত ভৰণ ল’বলৈকো একো নহ’বচোন!”
“হে’ৰ তেনেকৈ নক’বি। সিহঁতবোৰৰ কথাই দোচোৰা। তোৰ মোৰ কাৰণেহে এয়া বালি, সিহঁতলৈ পলস।”
সিহঁত গৈ ৰত্নেশ্বৰৰ ঘৰ ওলালগৈ। আবেলিৰ ৰ’দ মূৰতলৈ মানুহকেইটাই আকৌ নিবিষ্ট মনেৰে কামি চাঁছিবলৈ ধৰিলে। দুয়ো গৈ পাওঁতে ৰত্নেশ্বৰ একান্ত মনে ঘৰৰ কাষৰ ডোবাটোত বৰশি বাই আছিল। সিহঁতক দেখি সি ৰিং এটা মাৰি ঘৈণীয়েকক পীৰা দুখন আনিবলৈ ক’লে।
ৰত্নেশ্বৰ মানুহটো হটঙা। পিপা নোহোৱা মানুহৰ বৈশিষ্ট্যৰে দুচকুত তাৰ সন্ধানী দৃষ্টি এটা ওলমি থাকে। ৰ’দে পোৰা মুখৰ ভাঁজবোৰত থাকে হঠাতে আহিবপৰা আঘাতবোৰক প্ৰত্যাহ্বান জনোৱাৰ এটা ভংগী। যিবোৰ মানুহে জীৱনৰ প্ৰতিটো ঘাত-প্রতিঘাতৰ চিহ্ন পুতৌ লগাকৈ মুখত লৈ ফুৰে, যিবোৰ মানুহৰ মুখলৈ চালেই দয়ালু মানুহৰ মুখেদি ‘বেচেৰা’ শব্দটো অতর্কিতে ওলাই আহে, ৰত্নেশ্বৰ সেই শ্ৰেণীৰ মানুহ নহয়। এই স্বকীয়তাৰ বাবে পুহেশ্বৰ আৰু চকিদাৰে তাক সন্মান কৰে।
পাঁচ বছৰমান আগৰ কঁহুৱা ফুলা বতৰ এটাত ৰত্নেশ্বৰে চৰত থিতাপি লৈছিলহি।
ৰত্নেশ্বৰৰ উপস্থিতিয়ে লুইতৰ বহল চৰৰ একো পৰিৱৰ্তন নঘটালে। পৰিৱর্তন ঘটালে মণ্ডলৰ মদৰ দোকানত। তাৰ উপস্থিতিয়ে ঢেংঢেঙীয়া মদটোপাইও যে গা মূৰ ৰাইজাই কৰায় চকিদাৰ আৰু পুহেশ্বৰে সোনকালেই অনুভৱ কৰিলে। সি অহাৰ পিছৰপৰা দোকানৰ কথা বতৰাৰ বিষয়বস্তুৰ পৰিৱর্তন ঘটিল। ৰত্নেশ্বৰ বহু ঠাই ঘূৰা মানুহ। জীৱন নির্বাহৰ তাড়নাত সি বিভিন্ন মানুহৰ সংস্পর্শলৈ আহিছে। জীৱিকাৰ বিভিন্ন উপায়বোৰৰ লগত হোৱা প্ৰতিটো বৰ্ষণৰ দাগ তাৰ মুখত। সেয়ে ৰত্নেশ্বৰে যেতিয়া ন মাটি ভঙাৰ কাহিনী কয় বা বিহাৰী জালোৱাই জাকে জাকে শিলঘৰিয়া ধৰাৰ ৰোমাঞ্চকৰ কাহিনী কয়, পুহেশ্বৰহঁতৰ পুৰণি কথাবোৰৰ পাগ কমি যায়। আগেয়ে পুহেশ্বৰে যেতিয়া মঞ্চত বীৰৰ প্ৰৱেশৰ ছেও বজাই, চকিদাৰে প্রতিবাদ কৰি কয়—সেইটো বান্দৰ প্ৰৱেশৰ ছেওহে। আচল বীৰৰ প্ৰৱেশৰ ছেও হ’ল—ধেনিদাও ধেই, তাও তাও ধেই—। নতুবা মণ্ডলৰ বি.এ পাছ চাপনীটোৰ ভেমৰ মাত্ৰালৈ চাই চকিদাৰে তাক যেতিয়া “কোনোবা হাকিমৰ ল’ৰা হ’ব” বুলি সিদ্ধান্ত লয়, পুহেশ্বৰে “সি কোনোবা নিচ জাতৰ ল’ৰা হ’বই লাগিব” বুলি টানকৈ খুটি ধৰে। আজিকালি সিহঁতে ৰত্নেশ্বৰৰ কথাবোৰ নিচাগ্রস্ত মানুহৰ দৰে শুনে। অলক্ষিতে সিহঁত ৰত্নেশ্বৰৰ বহল পৃথিৱীখনত সোমাই পৰে আৰু সেইখন নতুন পৃথিৱীত সাঁতুৰি-নাদুৰি নতুনকৈ আকাশলৈ চায়। বহল আকাশখন আৰু বহল হৈ সিহঁতৰ চকুত ধৰা দিয়ে।
সন্ধিয়া নামি আহিছিল। পাতল বতাহ একো ছাটিত বাঁহগছৰ দীঘল দীঘল ছাঁবোৰ বগা বালিৰ ওপৰত মৃদু-মৃদুকৈ কঁপিছিল। দূৰৈৰ গাঁৱৰপৰা হাইউৰুমিৰ শব্দ কিছুমান উটি আহিছিল। চকিদাৰে দুআঁঠুৰ মাজৰপৰা মূৰ তুলি থিৰহৈ থকা পুঙাটোলৈ চালে। বাঁহ গছৰ ছাঁবোৰ দীঘলহৈ সিহঁতৰ গাৰ পিনে আহিবলৈ ধৰিছিল।
“ৰত্ন, জিলাৰ পৰা আহিছিলি নহয়, যুঁজখন কি হৈছেগৈ?” গুৰুত্বপূর্ণ প্রশ্নটো সুধি পুহেশ্বৰে ৰত্নেশ্বৰৰ মুখলৈ চালে।
“চহৰখন তেনেই কুৰুক্ষেত্ৰ ৰণথলি যেন হ’ল। ইফালে দেখিবি মানুহৰ জুম, সিফালে দেখিবি মানুহৰ জুম। পুলিচ, মেলিটেৰীবোৰে চাৰিওপিনে পিয়াপি দি ফুৰিছে।” ৰত্নেশ্বৰে দূৰৈৰ হাইউৰুমিবোৰলৈ কাণ উনাই ক’লে।
“ইয়াতো ডেকাহঁতৰ গাত তত নাই। এইবাৰ হেনো ভোট হ’বলৈ নিদিয়ে।” চকিদাৰে আঁঠুৰ মাজৰপৰা মূৰ উলিয়াই মাত দিলে।
সিহঁত বহুপৰ কিবা ভাবত তন্ময় হৈ ৰ’ল। সিহঁতৰ তন্ময়তাৰ সুযোগত অবিশ্রান্তভাৱে জাকে জাকে এন্ধাৰ নামিবলৈ ধৰিলে।
সেইনিশা পুহেশ্বৰ আৰু চকিদাৰ ৰত্নেশ্বৰৰ আলহি হ’ল। উমি উমি জ্বলি থকা জুই একুৰা মাজত লৈ তিনিটা প্রাণীয়ে আকৌ নতুনকৈ আকাশ আৰু মাটিৰ কথা আলোচনা কৰিলে, মন্তব্য দিলে, আৰু কাইলৈৰ কথা নেভাবি এসময়ত নিদ্রা দেৱীৰ কোলাত ঢলি পৰিল।
সেইদিনাই নিশা ন-মান বজাত মণ্ডলৰ দোকানত কেইবাখনো নতুন মুখৰ আবিৰ্ভাৱ ঘটিল। কেইখনমান মুখৰ গৰাকী অঞ্চলটোৰে বাসিন্দা, বাকীকেইখন অপৰিচিত মুখ। চেপা কথা-বতৰাৰ মাজৰপৰা ৰজনীটেকেলাৰ নুমলীয়া পুতেক প্ৰহ্লাদৰ মাত ভাহি আহিল।
“ভলৌ ঢোলটো পাহৰিলি! দৌৰ দে— দৌৰ—” এৰিয়া চাদৰেৰে সৰ্বাংগ আচ্ছাদিত মূর্তি এটা গাঁৱৰ পিনে দৌৰ দিলে।
“বেছিকৈ নদৌৰিবি ঐ, এতিয়াই গাটো গৰম হৈ গ’লে পিছলৈ আৰু—”
উৎকট কিৰিলি এটাত শুকান পথাৰখন উচপ খাই উঠিল। শুকান পথাৰখনে জোনাক মিহলি এন্ধাৰত লেটি লৈছিল। মাজে মাজে একোছাটি হাড় কঁপোৱা চেঁচা বতাহ বৈ যায়। ঝাউগছৰ মাজৰপৰা জিৰ্জিৰ্কৈ মিহি শব্দ এটা হয়। ইয়াৰ বাহিৰে কেউদিশ নিঃসাৰ। এক প্রহেলিকাময় নীৰৱতাৰ মাজেদি উটি আহে দূৰৈৰ গাঁৱৰপৰা অহা এটা কুকুৰৰ ভুকভুকনি। দোকানৰ ভিতৰত ক্রমে ওপৰলৈ উঠে চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী। প্রহ্লাদে পেণ্টৰ জেপৰপৰা চেপেটা বটল এটা উলিয়াই শশব্দে এবাৰ চুমা খালে। বটলটো সি জুইৰ কাষত বহি থকা গিৰীনক দিয়ে। ইহাত-সিহাতকৈ বাগৰি যায় চুটি ডিঙিৰ বটলটো। ক্ষন্তেক পিছত ভলৌ আহে, কান্ধত তাৰ এটা ঢোল।
ধুম-ধুম-ধুম-দুধুম
ভেউ-ভেউ-ভুউউ….
ঢোলৰ শব্দত প্রতিদ্বন্দ্বীৰ উমান পাই কুকুৰটোৱে উৎসাহেৰে ভুকিবলৈ ধৰে।
এই বিচিত্র ঐকতানত জুই শিখাটোৱে কঁপি কঁপি নাচে। চেঁচা বতাহ এজাক শুকান পৃথিৱীৰ ওপৰেদি নিঃশব্দে পাৰহৈ যায়।
“টাউনৰ কথা গম পাইছ নে নাই? কালি গধূলিৰে পৰা কাৰফু লগাই দিলে পৈয়েৰে! ষ্টেশ্যনৰ ওচৰত কালি লাগি গ’ল মাৰপিত, তিনিটা ঘাইল— বচ, কাৰফু!”
“আৰে প্রহ্লাদ, আমি এতিয়ালৈকে ইয়াতে ওঁঠ চেলাই বহি আছোঁ। সিহঁত এতিয়ালৈকে নাহিলেইচোন ঐ!”
“চালা, মাৰৰ পুতেক! পিত লাগে বুইচ, পিত লাগে, এনেয়ে বক্বকাই কি ফয়দা হ’ব! অই ভলৌ জোৰেৰে বজা—”
ধুম ধুম ধুম….
ভেউ ভেউ ভেউ….
দুৱাৰ মুখত হঠাতে কেইবাজনো মানুহ উপস্থিত হ’লহি। শকত আবত মানুহ এজনে মেকুৰীৰ দৰে তীক্ষ দৃষ্টিৰে সকলোলৈকে এবাৰ চালে। অচিনাকি মুখৰ এটাই থিয়হৈ ক’লে,
“ছাৰ, সকলো ৰেডি হৈ আছে। তাত অসমীয়া কেইঘৰমানো আছে বোলে।”
“দেশী-বিদেশী বছা আমাৰ কাম নহয়। চাফা কাম হ’ব লাগিব।”
শেষ নির্দেশ দি শকত মানুহজন গহীন খোজেৰে ওলাই গ’ল। কুকুৰটোৱে অবিৰামভাৱে ভুকি থাকিল।
মথাউৰিৰ দুয়োপাৰৰ সৰু সৰু পঁজাবোৰৰ বাসিন্দাহঁতৰ চকুত তেতিয়া টোপনিৰ আমেজ। বতাহ এজাকে ক’ৰবাৰপৰা অচিনাকি বনৰীয়া ফুলৰ সুবাস আনি পঁজাবোৰৰ মাজতে বিলাই দিছিলহি। সপ্তমীৰ জোন বুকুতলৈ কুঁৱলীভৰা আকাশখনে তলৰ ঘুমন্ত পৃথিৱীখনলৈ চাই আছিল। ৰত্নেশ্বৰৰ দুকোঠলীয়া পঁজাটোত ছাই হৈ যোৱা তুঁহ এসোপাক আবৰি তিনিটা মাটিৰ মানুহ জগা কাঠ পৰাদি পৰি আছিল। আনটো কোঠাৰপৰা ৰত্নেশ্বৰৰ ঘৈণীয়েকৰ শ্বাসপ্রশ্বাসে হুমুনিয়াহৰদৰে নিশাৰ এন্ধাৰক আঘাত কৰিছিল।
শেষ নিশাৰ তন্ময়তাক চঁক খুৱাই হঠাৎ লুইতৰ আকাশ উজলি উঠে। দীঘল জিভাৰ জুই শিখাবোৰে বতাহত চাবুকৰদৰে পট পট আঘাত হানে। জুইৰ ৰৌ-ৰৌৱনি আৰু মানুহৰ আৰ্তনাদত কুকুৰটোৰ মাত ক্রমে নিস্তেজ হৈ আহে। বাঁহৰ গাঁঠিবোৰ হিলৈ হৈ ফুটে।
ৰত্নেশ্বৰে সাৰ পাই দেখে চাৰিওপিনে জুই, ওপৰত চাল জ্বলিব লাগিছে। দুৱাৰৰ কাষৰ পৰা গাঁঠি থকা টাঙোনডাল আঁজুৰি আনি সি চিঞৰি উঠিল, “পোহে উঠ, ডকাইত!”
জুইৰ প্ৰাচীৰ ভাঙি ৰত্নেশ্বৰ হাইউৰুমিবোৰৰ পিনে দৌৰ দিলে। মুহূর্ততে পিছপিনৰপৰা অহা পূর্ণহতীয়া কোব এটাত সি সমুখলৈ কৰ্ফাল খাই পৰিল। আকাশলৈ উৰি যোৱা কুকুহাই তাৰ চকুৰ আগত থৈ থৈ নৃত্য কৰিব লাগিছে। গাৰ সমস্ত শক্তিৰে টাঙোনডাল খামোচ মাৰি ধৰিলে ৰত্নেশ্বৰে।
লুইতৰ চাপৰিত পিছদিনা আগৰদৰে আকৌ সূর্য উদয় হ’ল। পুলিচৰ ভয়ত স্তুপীকৃত ছাইৰ মাজত পৰি থকা আধাপোৰা মৃতদেহটো চিনাক্ত কৰিবলৈ কোনো আগ বাঢ়ি নাহিল। ছাইৰ দ’ম এটাৰ ওপৰত কান্দি থকা তিৰোতা এজনী আৰু আধাপোৰা লাচটোলৈ চকিদাৰ আৰু পুহেশ্বৰে ভেবা লাগি চাই ৰ’ল মাথোন।
দুদিন পিছত সন্ধিয়া মথাউৰিৰ ওপৰেদি দুজন মানুহক আকৌ পূবমুৱাহৈ গৈ থকা দেখা গ’ল। এজনৰ ভৰি দুটা মাদাহীৰদৰে প্রতিটো খোজতে পাক লয়, আৰু ইজনে সাৱধান কৰি দিয়ে, “কাইটি সোঁপিনে, কাইটি বাওঁপিনে।” সন্ধিয়াৰ আলো-এন্ধাৰত বগা বালিৰ দ’মৰ ওপৰত সিঁচৰতি হৈ থকা ক’লা ক’লা ছাইৰ দ’মবোৰ দেখি দুয়ো থমকি ৰয়। বিপৰীতফালৰ পৰা অহা বহল পেণ্ট পিন্ধা মানুহ দুটামান সিহঁতৰ গাৰ কাষেদিয়েই পাৰহৈ যায়; চিনাকি-অচিনাকি কেইখনমান মুখ, মুখকেইখনে সিহঁত দুয়োলৈ বেঁকাকৈ চাই হাঁহি গ’ল যেন।
“কাইটি, এইকেইটাই আমালৈ কেনেকৈ হেলনীয়াকৈ চাই গ’ল দেখিলানে!” এজনে আনজনক ক’লে।
“এৰা দেশৰ মানুহবোৰ ঠেঙা পিন্ধিবৰে পৰা এনে হ’ল পোহে।”
হুমুনিয়াহ এটা কাঢ়ি মানুহজনে গুণগুণকৈ পদ গাবলৈ ধৰিলে আৰু গভীৰ নিচাত থকা মানুহৰদৰে দুলি দুলি যাবলৈ ধৰিলে।
পুহেশ্বৰ কিন্তু তেতিয়াও গোজ এটাৰ দৰে থিয় হৈ থাকিল। ছাইৰ দ’মবোৰৰ পৰা চকু দুটা আঁজুৰি আনি সি বাওঁপিনৰ শুকান পথাৰখনৰ ওপৰত বহলকৈ মেলি দিলে। পথাৰখনত সি হয়তো ৰত্নেশ্বৰক বিচাৰিছিল।
পুহেশ্বৰ মথাউৰিৰ পৰা তললৈ নামি আহিল। ছাইৰ দ’মবোৰৰ ওচৰলৈ দৌৰি গৈ এমুঠি ছাইৰে সৈতে সি উৰ্দ্ধশ্বাসে আকৌ উলটি আহিল। সি বাওঁপিনৰ ধাননি পথাৰলৈ নামি গ’ল আৰু মুঠিৰ ছাইবোৰ পথাৰত ছটিয়াই দিলে।
মথাউৰিৰ ওপৰৰ পৰা পুহেশ্বৰ আৰু চকিদাৰে পথাৰলৈ আকৌ এবাৰ চালে। শুকান পথাৰখনে ৰত্নেশ্বৰক বুকুত সাবটি লৈছিল। নীৰৱতা ভাঙি পুহেশ্বৰে ক’লে, “ৰত্নে মৰিশালিখনতনো অকলে কেনেকৈ থাকিব, সি ইয়াতে ফুলহৈ ফুলি থাকক।”
চকিদাৰে একো নেমাতিলে। পূবমুৱাহৈ দুয়ো আকৌ বাট বুলিবলৈ ধৰিলে। দুয়োৰে খোজ স্বাভাৱিক। ছাইবোৰ সিহঁতৰ দেহৰ কোষে কোষে প্রৱেশ কৰিছিল।
(অংকন : ডেইজী দূৰ্বা চহৰীয়াৰ মূল চিত্ৰৰ পৰা)