নিবন্ধবিজ্ঞান-প্ৰযুক্তি

কম বয়সত হোৱা ডায়েবেটিছ ৰোগ ।। ডা: কুঞ্জন শইকীয়া

ডায়েবেটিছ ৰোগীৰ সংখ্যাৰ ক্ৰমবৰ্ধমান বৃদ্ধিৰ লগে লগে ইয়াৰ ৰেহ-ৰূপও বহু পৰিমাণে সলনি হৈছে। আগতে মধ্য বয়সত সাধাৰণতে প্রথম ধৰা পৰা এই ৰোগ এতিয়া আপেক্ষিকভাৱে কম বয়সৰ লোকৰ ক্ষেত্ৰতো ক্ৰমশঃ বেছিকৈ হ’বলৈ লৈছে। ৩৫ বছৰৰ তলৰ ডায়েবেটিছ ৰোগীক YOUNG ONSET DIABETES-ৰ শ্ৰেণীৰ ভিতৰত ৰখা হয়। এই ৰোগীসকল সকলো একেধৰণৰ নহয়। ইয়াৰে প্রায় ৪০% হ’ল TYPE 2, ৪০% হ’ল TYPE 1, ১৫% হ’ল FIBRO CALCULUS PANCREATIC DIABETES (FCPD), ২% হ’ল এবিধ জেনেটিক ডায়েবেটিছ যাৰ নাম MODY, ২% হ’ল আন এবিধ প্ৰকাৰৰ FLATBUSH DIABETES আৰু ১% হ’ল MITOCHONDRIAL DIABETES। সাধাৰণতে দেখা পোৱা যায় TYPE 1 আৰু TYPE 2, বাকীবিলাক কম লোকৰ ক্ষেত্ৰত দেখা যায় আৰু ডায়েগনছিছৰ বাবে যথেষ্ট অভিজ্ঞতা আৰু বিশেষধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হয়।
TYPE 1 ডায়েবেটিছৰ বিষয়ে আগতে অলপ কোৱা হৈছে। এই ৰোগত ইনচুলিনৰ উৎস অগ্নাশ্যয়ৰ বিটা কোষসমূহ এক প্রক্রিয়াত—যাক AUTOIMMUNE বুলি কোৱা হয়—তাৰ দ্বাৰা ধ্বংসপ্রাপ্ত হয়। এই ধ্বংসৰ ফলত ইনচুলিন দেহত সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰে আৰু প্ৰায়ে এনে ৰোগীয়ে হঠাৎ গ্লুকজৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত KETOACIDOSIS নামৰ এক গুৰুতৰ অৱস্থাত চিকিৎসকৰ কাষ চাপে। অতিমাত্রা পিয়াহ লগা, প্ৰস্ৰাৱ হোৱা, পেটৰ বিষ, বমি আৰু আনকি অজ্ঞান হৈও এনে ৰোগী হস্পিতালত ভৰ্তি হয়। অতিমাত্রা গ্লুকজক নিয়ন্ত্ৰণৰ বাবে তৎক্ষণাত ইনচুলিন দিয়া আৰু দেহৰ পৰা খৰচ হোৱা পানী ছেলাইনেৰে পুনৰ ঘূৰাই অনা আদি জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰিলেহে ৰোগী সুস্থ হৈ উঠে। এনে TYPE 1 ৰোগীৰ জীয়াই থাকিবৰ বাবে ইনচুলিন অপৰিহাৰ্য আৰু সমগ্ৰ জীৱন তেওঁলোকে ইনচুলিনৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব লাগে। তেওঁলোকৰ চিকিৎসাৰ বাবে অভিজ্ঞ চিকিৎসকৰ প্রয়োজন হয়। সঠিককৈ ইনচুলিন লোৱা, খাদ্যৰ কেলৰি আৰু গ্লুকজৰ ওপৰত বিভিন্ন খাদ্যৰ প্ৰভাৱৰ বিষয়ে ভালদৰে জ্ঞান থকা, খাদ্যৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ইনচুলিনৰ পৰিমাণ নিৰ্ণয় কৰা আদিৰ কৌশল ৰোগীয়ে আয়ত্ত কৰি ল’ব লাগিব। TYPE 2-ৰ তুলনাত TYPE 1 ৰোগীসকলে বেছিকৈ আত্মনিৰ্ভৰশীল হ’ব লগা হয়, কাৰণ তেওঁলোকৰ প্ৰত্যেকটো খাদ্যৰ পৰিমাণ, দেহত গ্লুকজৰ মাত্ৰা আৰু ইনচুলিনৰ সমতা ৰক্ষা কৰা প্ৰতিটো মুহূৰ্ততে প্ৰয়োজন হয়। TYPE 1 ৰোগীয়ে চিকিৎসকৰ লগত সঘনাই যোগাযোগ কৰাৰ প্ৰয়োজন হয় আৰু বহু চিকিৎসকে তেওঁলোকৰ বাবে আচুতীয়াকৈ বিশেষ ব্যৱস্থা কৰি থয় যাতে ততালিকে জৰুৰী অৱস্থাত চিকিৎসা দিব পৰা যায়। সকলো নিয়মৰ ভিতৰত চলি নিজৰ যতন ললে এনে ৰোগীয়ে স্বাভাৱিক জীৱন অতিবাহিত কৰিব পাৰে। বিখ্যাত ক্রিকেট খেলুৱৈ ৱাছিম আক্ৰম ইয়াৰ অতি সুন্দৰ উদাহৰণ। নিজে এজন TYPE 1-ৰ ৰোগী হৈও তেওঁ বিশ্ববিখ্যাত খেলুৱৈ আৰু অতি সু-স্বাস্থ্যৰ অধিকাৰী।
কম বয়সতে দেখা দিয়া ৰোগীৰ ডায়েবেটিছ বেছিভাগেই TYPE-1 শ্ৰেণীৰ। কিন্তু বৰ্তমান সময়ত সৰু ল’ৰা ছোৱালীৰ ক্ষেত্ৰতো ওজন বেছি হোৱা, দেহত চর্বী জমা হোৱা আদি বেছিকৈ হ’বলৈ লৈছে। প্রাপ্তবয়স্ক মানুহৰ হোৱা TYPE 2 ডায়েবেটিছ সেয়ে এতিয়া সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো দেখা গৈছে। TYPE 1 ডায়েবেটিছ ৫-ৰ পৰা ১৫ বছৰৰ ভিতৰত বেছিকৈ হয়। এতিয়া সেই বয়সৰ ল’ৰা-ছোৱালীৰ TYPE 2 শ্ৰেণীৰ মধুমেহ হোৱাও দেখা দিছে। এয়া এক চিন্তনীয় বিষয়, কাৰণ এনে কম বয়সত হোৱা বাবে জটিলতাসমূহ সোনকালে দেখা দিয়ে আৰু ডেকা বয়সতে একোজন ৰোগীৰ হৃদৰোগ আৰু বৃক্কৰ বিকলতা আদি দেখা দিয়ে। শিশু আৰু কিশোৰসকলে সেয়ে খেলা- ধূলা আৰু ব্যায়াম আদি শাৰীৰিক সঞ্চালন এঘণ্টা সময় দিনটোত কৰিব লাগে যাতে কম বয়সতে মেদবহুলতা দেখা নিদিয়ে। অভিভাৱকসকলে পঢ়া-শুনাৰ লগতে এই দিশটোৰ প্ৰতিও মন কৰিব লাগে।
TYPE 2, যি কম বয়সত দেখা দিয়ে অর্থাৎ ১৮ বছৰৰ তলত তেওঁলোকৰ চিকিৎসাও ইনচুলিনৰে হয়, কিন্তু আজিকালি নতুন নতুন তথ্যৰ ভিত্তিত সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত যি TYPE 2 হয় তেওঁলোকক টেবলেটৰ দ্বাৰাও চিকিৎসা কৰা হয়। চিকিৎসকসকলে ৰোগীৰ পৰীক্ষা কৰি ORAL ANTIDIABETIC DRUG (OAD) দিয়া বা নিদিয়া বা কোনবিধ নিৰাপদে দিয়া সম্ভৱ হ’ব সেই বিষয়ে সিদ্ধান্ত লয়।
TYPE 2-ৰ ক্ষেত্ৰত এটা সুবিধা এয়ে যে নিয়মীয়াকৈ শাৰীৰিক সঞ্চালন আদি কৰি, খোৱা-বোৱা যতনত ৰাখি চেষ্টা কৰিলে ইনচুলিন আৰু ঔষধৰ ব্যৱহাৰ ক্ৰমান্বয়ে কম কৰাও সম্ভৱ হয়। সেয়ে অভিভাৱকসকলৰ তত্ত্বাৱধানত এনে ল’ৰা-ছোৱালীৰ চিকিৎসাই আশাজনক ফল দেখুৱায়।
বহু সময়ত এনে কম বয়সীয়া মধুমেহ ৰোগীৰ ক্ষেত্ৰত মানসিক সমস্যাও দেখা দিয়ে। খঙাল হৈ পৰা, অভিভাৱকৰ কথা নুশুনা, ইনচুলিন বা ঔষধ ল’বলৈ মন নকৰা বা অগ্রাহ্য কৰা আদি ধৰণৰ সমস্যাও দেখা দিয়ে। এনে হ’লে ধৈৰ্য আৰু মৰমেৰে তেওঁলোকক বুজাব লাগে। অভিভাৱক আৰু চিকিৎসক সকলোৰে এয়া দায়িত্ব। প্রয়োজন সাপেক্ষে মানসিক ৰোগৰ চিকিৎসকৰ সহায় ল’ব লাগে। এয়া কৰা বৰ দৰকাৰী, কাৰণ চিকিৎসাৰ ক্ষেত্ৰত খেলিমেলিয়ে ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *