কনকলতা-২০২২-(দিমালী ৰাজবংশী)
কনকলতাৰ পেটৰ বিষ। তাই বিদ্যালয়লৈ যাব খোজা নাই। মাকে বকি আছে। অসহ্য। খঙতে বহীখন তাই জোৰকৈ বেগত ভৰাই দুপদুপকৈ ওলাই গ’ল।
তাই বিদ্যালয় পোৱাৰ আগতেই প্ৰাতঃসভা আৰম্ভ হৈছিল। তাই গৈ এটা শাৰীৰ পিছফালে থিয় হ’ল।
বিদ্যালয়লৈ দুজন শিক্ষক আহিছে। বাকীসকল শিক্ষক এতিয়াও আহি পোৱাহি নাই। প্ৰায়েই বাকীসকল শিক্ষক প্ৰাতঃসভাৰ শেষলৈহে আহে। আহিও অৱশ্যে শিক্ষকসকলৰ কোঠালীতেই বহি থাকে।
মাজে মাজে প্ৰধান শিক্ষকে প্ৰাতঃসভাৰ মাজত বক্তব্য ৰাখে। বক্তব্য মানে ঘৰুৱা মাত কথা সদৃশ। “গৰু, গাহৰি, চুপ হ। চৰকাৰে এখান নোটিচ দিছে। ইবাৰ চবেই ঘৰে ঘৰে জাতীয় পতাকা উৰাবা লাগবো। ৰেলী কোৰবা লাগবো। বকুল ছাৰে তহঁতক ৰেলী কোৰাবো…”
প্ৰধান শিক্ষকৰ বক্তব্য শেষ হোৱা নাছিল। কনকলতা ঘামি গৈ থাকিল। ৩৭ ডিগ্ৰী উষ্ণতাত তাই শৰীৰৰ ভিতৰৰ সকলো পানী যেন ঘাম হৈ নিগৰি আহিল। তাইৰ অসহ্য লাগিল। তাই মূৰ ঘুৰাই পৰি গ’ল।
লগৰ ল’ৰা-ছোৱালীবোৰে তাইক বেঢ়ি ধৰিলে। বকুল নামৰ শিক্ষকজন দৌৰি আহি কনকলতাৰ কাষ পালে।প্ৰধান শিক্ষকে তেতিয়াও বক্তব্য দিয়েই থাকিল।
কনকলতাৰ মূৰত, চকুত পানী চটিয়াই দিয়া হ’ল। ফেনৰ তলত তাইক ভালেমান সময় বহুৱাই ৰাখিলে। এটা সময়ত তাই সুস্থ হ’ল আৰু শ্ৰেণীকোঠাত গৈ বহিল।
শ্ৰেণীকোঠাত দুখন ফেন। ১২৭ জন ছাত্ৰ-ছাত্ৰী। ছাত্ৰ-ছাত্ৰীসকলে বকুল ছাৰক প্ৰায়েই ওজৰ আপত্তি জনায়। বকুলৰ সামৰ্থ্য অনুযায়ী পৰালৈক সমস্যাবোৰ সমাধান কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ মুখবোৰলৈ চালে আৰু ক’লেঃ “তোমালোকে হেডছাৰক ক’বা মই এখন ফেন দিম আৰু এখন তেওঁ কিবা এটা ব্যবস্থা কৰি দিয়ক।” ছাত্ৰ-ছাত্ৰীসকলে ক’লেঃ “ছাৰ আপুনি ক’ব, ছাৰ আপুনি ক’ব। হেডছাৰে নিদিয়ে তেওঁ আপোনাৰ দৰে নহয়।”
বকুলে মন কৰিলে কনকলতা টোপনিত। টোপনিতেই নে অচেতন হৈছে তেওঁ ঠিক ধৰিব নোৱাৰিলে আৰু সন্দেহবশতঃ তাইৰ কাষলৈ গৈ তেওঁ তাইক জগালে। এইবাৰ তেওঁ এজনী ছাত্ৰীৰ আসনৰ সৈতে সলনি কৰি জোৰকৈ তাইক ফেনৰ তলৰ আসন এখনলৈ আনি বহুৱালে।
শ্ৰেণীৰ কিছুসময় পাঠদান হ’ল। এনেতে বিদ্যালয়ৰ মণ্ডল সমন্বয়কজনে এখন টমটমত দুটা বিকট চিঞৰৰ মাইক লৈ বিদ্যালয় পালেহি। মাইকত বাজি থাকিলঃ “হৰ ঘৰ তিৰংগা। প্ৰতি ঘৰে পতাকা। ঘৰে ঘৰে পতাকা।”
ল’ৰা-ছোৱালীবোৰে টমটমখন বেঢ়ি ধৰিলে। চি আৰ চি চি এ আৰু জোৰকৈ মাইকটো বজাবলৈ ল’লে। কিছুমানে কাণত হাত থ’বলৈ বাধ্য হ’ল।
কনকলতাৰ মূৰৰ বিষটো আকৌ বাঢ়িবলৈ ল’লে। সম্ভৱতঃ পেটটোতো তাইৰ কিবা এটা হৈছে। কিবা এটা অস্বস্তি পাইছে। বিষেই নে কি তাই যেন ধৰিব পৰা নাই।
প্ৰধান শিক্ষকে বেট এডালেৰে চিঞৰি চিঞৰি কাৰোবাৰ টপিনাত এচাট দুচাট দি ৰেলীৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক শাৰীবদ্ধ কৰাবলৈ যত্ন কৰিলে। নাই ল’ৰা-ছোৱালীবোৰ উৎসাহিত হোৱা নাই। ৰেলীলৈ যাবলৈ যেন বেছিভাগেই মন কৰা নাই।
বকুল ছাৰে বহুতকে বুজালে। ছাৰৰ বুজনিত ল’ৰা-ছোৱালীবোৰ শাৰীবদ্ধ হ’ল। কিছুমান অৱশ্যে পলালেই। বকুলে সিহঁতক দেখিও নেদেখিলে।
কনকলতাক বকুলে সুধিলেঃ “পাৰিবানে তুমি যাব?”
“পাৰিম ছাৰ।”— তাই ক’লে।
কনকলতা গৈ থাকিল।
কনকলতাৰ শৰীৰ অৱশ হৈ আহিল।
কনকলতাই “হৰ ঘৰ তিৰংগা” চিঞৰি থাকিল।
কনকলতাৰ পেটৰ যন্ত্ৰণা আৰু বাঢ়ি আহিল।
কনকলতাৰ ভৰিৰ চেণ্ডেল চিগিল।
কনকলতা বিদ্যালয়লৈ উভতি আহিল।
কনকলতাৰ পেটৰ বিষটো বাঢ়িবলৈ ল’লে। শ্ৰেণীকোঠাত গৈ তাই অলপ সময় বহি থাকিল। তাই অনুভৱ কৰিলে কৰঙনেৰে কিবা যেন জুলীয়া পদাৰ্থ বৈ আহিছে। তাইৰ চুৰিদাৰৰ পেণ্ট ভিজি গৈছে। তাই আজি অন্তৰ্বাস পিন্ধা নাই।
ৰেলীটো আধাঘন্টামান পিছত উভতি আহিল। ছাত্ৰ-ছাত্ৰীবোৰ লেবেজান। পিয়াহত পানী বিচাৰি হাহাকাৰ। পৰ্যাপ্ত পানী নাই বিদ্যালয়ত। শিক্ষকসকলৰ বাবে আছুতীয়াকৈ ৰখা ফিল্টাৰৰ পৰাই বকুল ছাৰে সিহঁতক পানী খাবলৈ দিছিল কিন্তু হেডছাৰে দেখি সিহঁতক ডবিয়াই খেদিলে।
লাহে লাহে ল’ৰা-ছোৱালীবোৰ মনে মনেই ঘৰলৈ যাবলৈ ল’লে। বাকী কাৰ্যসূচী আৰু শ্ৰেণীকোঠাত থকাৰো ধৈৰ্য যেন সিহঁত প্ৰায়ভাগৰে নাছিল।
বকুলে মন কৰিলে কনকলতাক বেঢ়ি আছে এগালমান ছোৱালীয়ে। কনকলতাই কান্দিছে। কি হৈছে? বকুল আগুৱাই গ’ল। বুজিবলৈ চেষ্টা কৰিলে। কোনোবা এজনীয়ে ক’লে— ছাৰ She is now 13.
বকুলে কি কৰিব ভাবি নোপোৱা হ’ল। মাইকটো তেতিয়া তীব্ৰতাৰে বাজিয়েই আছিল। কনকলতাৰ কঁকাল ঢাকিব পৰা কাপোৰ এখন তেওঁ বিচাৰি পোৱা নাছিল।
শোভানা নামৰ ছাত্ৰীগৰাকীয়ে তাইৰ উৰ্ণাখন ছাৰলৈ আগুৱাই দিলে। স্বাভাৱিকতে শোভানাৰ বক্ষ আছিল কিছু চকুত লগা। কৈশোৰৰ সৰল অথচ দুষ্ট চাৱনিবোৰে তাইৰ বক্ষলৈ গতি কৰিছিল। তাই বুজিছিল আৰু এটা সময়ত তাই টমটমৰ মাইকৰ কাষত ওলমি থকা জাতীয় পতাকা এখন সোলোকাই আনি গাত মেৰিয়াই লৈছিল।
হঠাতে মাইকত বাজি থকা “হৰ ঘৰ তিৰংগা” গানটো কিবা এক বিজুতিত বন্ধ হৈ গৈছিল।
শোভানাই গৈ কনকলতাৰ হাতত ধৰিছিল।
জাতীয় পতাকাখন তাইৰ বুকুতে আছিল।